বিবিধ চিন্তা

মই মৰিবলৈ অস্বীকাৰ কৰিছিলোঁ ।। মূল : প্ৰফেছৰ সাইবাবা; অনুবাদ : অৰুণ কুমাৰ শৰ্মা

মই মৰিবলৈ অস্বীকাৰ কৰাত
মোৰ শিকলিবোৰ সুলকি পৰিছিল
মই ওলাই আহিছিলোঁ হাঁহি হাঁহি
আহলবহল ঘাহঁনিডৰালৈ
মোৰ হাঁহি  সহিব নোৱাৰি
সিহঁতে মোক আকৌ শৃংখলিত কৰিছিল
তিক্তবিৰক্ত হৈয়ো
পুনৰাই মই মৰিবলৈ অস্বীকাৰ কৰাত সিহঁতে মোক মুকলি কৰি দিছিল
মই ওলাই আহিছিলোঁ হাঁহি হাঁহি
ৰ’দৰ পোহৰত ৰংমনে মূৰ দুপিয়াই থকা ঘাঁহবোৰৰ মাজলৈ
মোৰ মুখত সততে লাগি থকা অক্ষয়
হাঁহিটো দেখি
সিহঁতে মোক আকৌ কাৰাৰুদ্ধ কৰিছিল
দুখৰ কথা যে
এইবাৰো মই গোঁৱাৰৰ দৰে মৰিবলৈ
অস্বীকাৰ কৰাত
সিহঁত বৰ বিপাঙত পৰিছিল
কাৰণ মই গজি থকা ঘাঁহৰ শব্দ শুনি
শুনি ইমানেই বিভোৰ হৈছিলোঁ যে
মোক কেনেকৈ মাৰিব সেই লৈ উৱাদিহ নোপোৱা হৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *