ভগ্নস্তুপত বুৰ যোৱা নাও ।। বিমল কুমাৰ শৰ্মা
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও।
বনজুইৰ লেলিহান শিখাই
কক্ষচ্যুত কৰা কোনো বৰ্ষাৰণ্যৰ
অদম্য বন্যৰাজৰ
ধূসৰ দুচকুৰ বিহ্বল চাৱনিত
যেতিয়া স্ফটিকৰ
দৰে ভাহে
আতংকৰ সোণালী দু:স্বপ্ন।
ঠিক তেনেকুৱাই
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও
জৰাগ্ৰস্ত পিতৃ-মাতৃৰ আশ্ৰয়
কোনোবা ভাতৃহীনা
ৰিক্ত গাভৰুৰ
বাৰিষাৰ প্ৰলয় নিশাৰ
সোণালী স্বপ্ন;
যি স্ফটিকৰ দৰে গোট খায়
জাপ খাবলৈ পাহৰা
দুচকুৰ কোণত।
মানি ল’বানে তুমি
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও!
যেতিয়া ছোমালিয়াৰ বধ্যভূমিত
নি:স্ব মাতৃৰ
দুহাতৰ দুই তৰ্জনীত
দুলি থাকে
অনাহাৰী শিশুৰ ভাগ্য;
সন্মুখত বহু বাট।
কথাটো তেনেকুৱাই
ছেইণ্ট হেলেনাত নিৰ্বাসিত
নেপোলিয়নৰ দুচকুৰ পশ্চিমত
যেতিয়া বুৰ যায়
বহু প্ৰত্যাশিত
এটি অকণমানি ৰঙা বেলি।
ছাহজাহানৰ হৃদয়তো
বুৰ যায়
মমতাজ মহল;
মোৰ দেশৰ হাজাৰ ডেকাই
প্ৰতিদিনে গঢ়ে
তেনেকুৱা লক্ষ সৌধ
উচ্ছল আৰু বিৰামহীন।
আশাবোৰো আমাৰ
এখনি ভগ্নস্তুপত বুৰ যোৱা নাও
ঠিক যেন,
সামুদ্ৰিক ঘূৰ্ণীৰ আগত
বলুকাৰ ৰাজকাৰেং;
পদব্ৰজে বাটবুলি হেৰাই যোৱা
ভগনীয়া শ্ৰমিকৰ দল
মৰুভূমি পাৰ হৈ
যিদৰে ধীৰে ধীৰে
অস্তমিত সূৰুযত জাহ যায়
অঘৰী বেদুইনৰ জাক।