অনুবাদপ্ৰবন্ধ

মই নিজ চকুৰে দেখিছোঁ নিৰস্ত্ৰ ছাত্ৰ-ছাত্ৰী আৰু জনতাৰ শক্তি ।। মূল: তিতাস ৰায় বৰ্মন, অনুবাদ: কিশোৰ শৰ্মা

(ফাৰ্জানা ৱাহিদ ছায়ানৰ সৈতে তিতাস ৰায় বৰ্মনে লোৱা এই সাক্ষাৎকাৰটি প্ৰকাশ হৈছিল ‘প্ৰতিদিন ৰোববাৰ ইন’ত। উক্ত কাকততসাক্ষ্যৎকাৰটোৰ সম্বন্ধে দিয়া টোকা: –

বাংলাদেশৰ বিদ্ৰোহৰ সময়ত তেওঁ ৰাস্তাত থিয় হৈছিল। ছাত্ৰ-ছাত্ৰীক হত্যা কৰাৰ বিৰুদ্ধে চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজি যেতিয়া দেশৰ জনসাধাৰণে স্বৈৰাচাৰৰ বিৰুদ্ধে জয়লাভ কৰিছে, তেতিয়া তেওঁ কল্পনা চাকমাৰ নিৰুদ্দেশৰ বিষয়লৈ ঘূৰি গৈছে। এটা প্ৰতিবাদৰ পৰা আন এটা প্ৰতিবাদলৈ তেওঁৰ যাত্ৰা । বাংলাদেশৰ গণ অভ্যুত্থানৰ পিছত স্পষ্টবাদী, বাকপটু ফাৰ্জানা ৱাহিদ ছায়ানৰ সৈতে ‘ৰোববাৰ ইন’ৰ কথোপকথোন। বহুতে তেওঁৰ মন্তব্য জানিব বিচাৰিছে, কিন্ত তেওঁ আপাতত অন্তৰত এই আন্দোলনক অনুশীলনৰ দ্বাৰা আহৰণ কৰিছে ।)

প্ৰথমতে, আমি বাংলাদেশৰ এই ‘বান পৰিস্থিতি’ক লৈ শোকাহত আৰু চিন্তিতও। বাংলাদেশৰ অৱস্থা এতিয়া কেনেকুৱা?

☑️ আমাৰ কেইবাখনো জিলা ‘বান আক্ৰান্ত’। অৱশ্যে, ফেনীৰ ফালে পানী হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। অসংখ্য ঘৰ-বাৰি ভাহি গৈছে। বহু মানুহ সন্ধানহীন। অৱশ্যে সমানে সমানে উদ্ধাৰ অভিযানও অব্যাহত আছে। স্বেচ্ছাসেৱকসকলে অভূতপূৰ্ব কাম কৰিছে। এই মুহূৰ্তত, আমি এক বিশৃংখল ৰাষ্ট্ৰব্যৱস্থাৰ মাজত আছোঁ, সাধাৰণ মানুহৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ বিশেষকৈ শিক্ষাৰ্থীসকলে জঁপিয়াই পৰাৰ কাৰণে অন্তৱৰ্তীকালীন চৰকাৰখনৰ ‘বান নিয়ন্ত্ৰণ’ কৰাৰ দক্ষতা আছে নে নাই সেইটো আমি বুজিব পৰা নাই।

মই বাংলাদেশৰ গণ বিদ্রোহত ছাত্ৰ-ছাত্ৰী আৰু জনতাৰ শক্তি দেখিছোঁ। মই আজি বানপানীৰ পৰিস্থিতিও দেখিছোঁ। ছাত্ৰ-ছাত্ৰী আৰু জনতাৰ এই ঐক্যৰ নেপথ্যত অভ্যুত্থানৰ সফলতা আছেনে?

☑️ অৱশ্যেই দুয়োটাৰ মাজত সম্পৰ্ক আছে। আমাৰ বাংলাদেশত ইমান দিন ধৰি শিক্ষাৰ্থী আৰু জনসাধাৰণৰ এটা দুৰ্নাম আছিল যে তেওঁলোক অতি ‘অ-ৰাজনৈতিক’। ৰাজনীতিত আগ্ৰহহীন এটা পৰিৱেশ তৈয়াৰ হৈছিল। কাৰণ ৰাজনীতি বুলিলে আমি দলীয় পতাকাৰ কাৰ্যকলাপকে বুজি পাইছিলোঁ। কিছু অংশগ্ৰহণ নিশ্চয় আছিল, কিন্তু সেয়া পৰ্যাপ্ত নাছিল। এইবাৰ যিটো দেখিছোঁ, সেইটো এটা জোৱাৰ। মূহুৰ্ততে জনতা আৰু শিক্ষাৰ্থীসকলৰ মাজত মানৱতা আৰু দেশপ্ৰেমৰ ভাৱনাই শিখৰত উপনীত হৈছে। মই স্বীকাৰ কৰিব লাগিব যে আজিৰ শিক্ষাৰ্থী আৰু জনতাৰ ঐক্য গণ বিদ্ৰোহৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত।

এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কিমান সময় লাগিব?

☑️ দৰাচলতে বানপানী হ্ৰাস পালেও পুনৰ্বাসনত সময় লাগে। আমাৰ সেনাবাহিনীয়ে কাম কৰি আছে, শিক্ষাৰ্থী আৰু জনতাতো আছেই। কাম কাজ কিদৰে আগবঢ়াই নিব তাৰ কাঠামো নিজাববীয়াকৈ তৈয়াৰ কৰিছে। বিভিন্ন দলত তেওঁলোকে ভাগ ভাগ হৈছে। মই আশাবাদী।

যেতিয়া মানুহে প্ৰতিবাদ কৰিবলৈ পাহৰি গৈছিল, যেতিয়া তেওঁলোকে স্বৈৰাচাৰ সহ্য কৰিছিল, তেতিয়া হঠাতে আমাৰ উপমহাদেশত গণজাগৰণ হ’ল, হৈয়ে আছে। ইয়াৰ কাৰণ কি?

 ☑️ হয়, এইটো খুব জৰুৰী প্ৰশ্ন। আমাৰ উপমহাদেশত প্ৰতিবাদৰ এটা জোৱাৰ আহিছে। দীৰ্ঘদিন ধৰি আমি এই প্ৰতিবাদহীন সময়ছোৱাত জীয়াই থাকি থাকি হতাশ হৈ গৈছিলোঁ। কিন্তু আজি যি হৈছে, এনে লাগিছে যেন মানুহৰ যুগ পুনৰ ঘূৰি আহিছে। মই এইটো বিশ্বাস কৰিছোঁ। কাৰণ মই নিজ চকুৰে নিৰস্ত্ৰ শিক্ষাৰ্থী আৰু জনতাৰ ক্ষমতা দেখিছোঁ। এদিন আমাৰ ল’ৰা ছোৱালীবোৰে সিদ্ধান্ত ল’লে যে তেওঁলোকে এই অসম্মানজনক, এই অপমানজনক জীৱন যাপন নকৰিব। তাতকৈ মৰি যোৱাই ভাল। যেতিয়া ল’ৰা-ছোৱালীবোৰে সেই শক্তি, সেই লক্ষ্যৰে ৰাস্তাত থিয় হ’ল, সেইটোৱেই সকলো পৰিকল্পনাকে পাল্টাই দিলে। ইমান বেছি সশস্ত্ৰ বাহিনী আছিল, আৰু ক’ত কি যে হোৱাৰ সম্ভাৱনা আছিল! মই এটা মৃত্যুও তুচ্ছ কৰিব নিবিচাৰোঁ, কিন্তু শিক্ষাৰ্থীসকলৰ যি দৃপ্ত শ্লোগান ‘আমি মৰিবলৈ ভয় নকৰো’, ইয়াৰ কাৰণেই কিন্তু সশস্ত্ৰ বাহিনী পিছুৱাই গৈছিল। এইটোৱেই প্ৰতিবাদৰ শক্তি। কফিনৰ কাপোৰ গাত মেৰিয়াই যি সকল ল’ৰা-ছোৱালী ওলাই আহিল, সেই সকলক প্ৰতিৰোধ কৰিব কোনে? তেওঁলোকে পিতৃ-মাতৃক কৈ আহিছিল যে তেওঁলোক ঘূৰি নাযাব। মোৰ দুচকুৱেও এই ল’ৰা-ছোৱালীৰ লক্ষ্যকে দেখিছে। ইয়াৰ পাছত আৰু আমি ঘৰত বহি থকাৰ অৰ্থ থাকিব নোৱাৰে। আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই  আহিছো আমাৰ ল’ৰা-ছোৱালীৰ সাহসত। মানুহে যেতিয়া জাগি উঠে, তেওঁলোকৰ সন্মুখত কোনো শক্তি টিকি থাকিব নোৱাৰে- আমি সৰু থাকোঁতে কিতাপত পঢ়িছিলোঁ। সেইটোৱেই পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিলোঁ এইবাৰ। আমেৰিকাতো দেখিলোঁ শিক্ষাৰ্থী আৰু জনতাই পেলেষ্টাইনৰ সমৰ্থনত কিমান যে সংগ্ৰাম কৰিলে। এটাই আহ্বান যুদ্ধ বন্ধ হওক। সমগ্ৰ বিশ্বতে এতিয়া প্ৰতিবাদৰ জোৱাৰ বিয়পি পৰিছে। এইটো হৈছে অস্ত্ৰৰ বিৰুদ্ধে, দমন-উৎপীড়ণৰ বিৰুদ্ধে জনসাধাৰণৰ আহ্বান। মুনাফাৰ দুনিয়াত মানুহ এদিন জাগি উঠেই। পৃথিৱীৰ সকলো মুনাফালোভী চৰকাৰ একত্ৰিত হৈছে, পুঁজিবাদী শক্তি একত্ৰিত হৈছে, তেনেহ’লে সকলো দেশৰ জনসাধাৰণ একেলগে জাগি নুঠিব কিয়? এখন দেশৰ চৰকাৰক যি মুহূৰ্ততে বৰ্জন কৰিছে, সেই মুহূৰ্ততে সেই দেশৰ নিপীড়িত মানুহৰ বন্ধু হৈছোঁ। সমগ্ৰ বিশ্বৰ মানুহ একত্ৰিত হৈছে। পাকিস্তানৰ সৈতে আমাৰ এক ইতিহাস আছে, আজি তেওঁলোকৰ মিছিলত শুনিবলৈ পোৱা যায়-‘তুমি কোন, মই কোন, বাঙালী বাঙালী’।” ব্ৰিটেইনৰ এখন ঠাইত দেখিলোঁ পাকিস্তানৰ পতাকা উৰুৱাই  তেওঁলোকে জন গণ মন গাইছে। এয়া হৈছে মানুহৰ ক্ষমতা, এইটো হৈছে অস্ত্ৰৰ বিৰুদ্ধে মানুহৰ আটাইতকৈ ডাঙৰ বিজয়। এই ল’ৰা-ছোৱালীবোৰ যে অতি ইতিহাস সচেতন প্ৰজন্ম, সেইটো মই নক‌ওঁ। তেওঁলোকে এই মুহূৰ্তত মাটিৰ পৰা ভালপোৱাৰ গল্প কৈছে, মই তেওঁলোকৰ পৰা সেইটোৱে শিকিব বিচাৰোঁ।

বাংলাদেশৰ অভ্যুত্থানে এক ধৰণৰ প্ৰতিবাদৰ নিশান দেখুৱাইছে। প্ৰতিবাদৰ এই ধৰণটো কেনেদৰে ফলপ্ৰসূ হ’ল?

☑️ প্ৰকৃততে গণজাগৰণৰ কোনো প্ৰেসক্ৰিপশন নহয়। নিষ্পেষিত মানুহ কেতিয়া কিদৰে জাগি উঠিব, সেইটো আগতীয়াকৈ কোনোৱে কৈ দিব নোৱাৰে। বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণৰ নিপীড়ন, তাৰ পৰা প্ৰতিৰোধৰ সৃষ্টি হ’ব। আন্দোলনৰ আৰম্ভণিতে আমাৰ বিজ্ঞজনেও পৰিচিত  গতানুগতিক পথ প্ৰস্তাৱ কৰিছিল। সেইটো কাৰ্যকৰী নহ’ল। মাটিৰ আভ্যন্তৰীণৰ পৰা সৰ্বস্তৰৰ জাগৰণৰ আহ্বান আহিল। সকলো ধৰণৰ মানুহে জীৱনৰ বাজি ৰাখি সেই আহ্বানৰ প্ৰতি  সঁহাৰি জনালে। এইটো আগতীয়াকৈ কৈ মিলি হিচাপ গণনা নহয়। যি অঞ্চলৰ সংগ্ৰাম যি ধৰণৰ, সেইধৰণে তৈয়াৰ হ’ব সেই অঞ্চলৰ প্ৰতিবাদৰ নক্সা। প্ৰাচীৰত পিঠি ঠেকা খালে মানুহ পথত নামিব। এইটো পৰিকল্পনা অনুসৰি নহ’ব।

‘অ-ৰাজনৈতিক’ শব্দটো বৰ্তমান যথেষ্ট চৰ্চাত আছে। আপোনাৰ বাবে ইয়াৰ অৰ্থ কি?

☑️ সকলোৱে পথলৈ ওলাই আহিব নোৱাৰে। নাৰী পুৰুষৰ ঘৰুৱা সংঘাতত ল’ৰাটোৰ মাতৃয়ে যেতিয়া ছোৱালীজনীৰ পক্ষ লয়, ই ৰাজনৈতিক হৈ যায়। তেতিয়া তেওঁ যুঁজ কৰিছে পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে। এই ক্ষেত্ৰত মই এটা কথা ক’ম, যিকোনো ৰাজনৈতিক দলেই ক্ষমতালৈ নাহক কিয়, ছোৱালীবোৰৰ অৱস্থাৰ সলনি নহয়। এতিয়াও বৈষম্য আৰু নিপীড়নক পৃথক পৃথকভাৱে চোৱাৰ অৱকাশ আমাৰ আছে জানো?  ‘অৰাজনৈতিক’ শব্দটো সেই কাৰণে অমূলক। মই যাৰ ৰিক্সাত উঠিছোঁ, তেওঁ কোৱা সৰু কথাটোও ৰাজনীতি। ফুলৰ ব্যৱসায়ী সকলৰ কথা ৰাজনৈতিক। আমি যিখন সমাজত থাকোঁ, তাত আৰু এই বুলি কোৱাৰ কোনো অৱকাশ নাই যে আমি ৰাজনীতিত সোমোৱা নাই। কেনে ৰাজনীতি কৰিম, সেয়া কেৱল আমাৰ হাতত আছে। ক্ষমতাক স্পৰ্ধা কৰিম নে প্ৰণিপাত কৰিম- সেইটো নিৰ্বাচন কৰিব লাগিব।

এই বংগত সংঘটিত হোৱা নাৰকীয় ধৰ্ষণৰ বিৰুদ্ধে ‘এই মেয়ে শোন’ গানটিৰ মাধ্যমেৰে আপুনি প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনাৰ গীতটো এই বংগত এটা শ্লোগান হৈ পৰিছে। এই প্ৰতিবাদৰ ৰেশ বাংলাদেশলৈ বিয়পি পৰিছে। আপুনি এই গীতটো কেতিয়া লিখিছিল?

☑️ আর. জি. কৰ সমস্যাৰ সৈতে মোৰ একাত্মবোধৰ প্ৰকাশ-এয়া মোৰ নিজৰ ধৰ্মবোধ। মোৰ জীৱনত বহুতো সহজ ধৰ্ম মই পালন কৰোঁ৷ তাৰ ভিতৰত এক নম্বৰটো হ’ল, যে প্ৰকৃতিয়ে মোক নাৰী ৰূপে সৃষ্টি কৰিছে, সেইটো যেতিয়া আৱিষ্কাৰ কৰিবলৈ যাওঁ, দেখোঁ পৃথিৱীৰ প্ৰতিগৰাকী নাৰী প্ৰতিটো মুহূৰ্ততে অপমানিত আৰু অসম্মানিত। নাৰীৰ এই যন্ত্ৰণা বাংলাদেশত যি, ভাৰততো সেই, আমেৰিকা যুক্তৰাষ্ট্ৰতো, জাপানতো একেই। আৰু নাৰীৰ প্ৰতি অসম্মানৰ প্ৰতিবাদ মই কৰিব লাগিব, জ্বলি উঠিমেই মই। আর. জি. কৰৰ নিৰ্যাতিতাৰ হকে পশ্চিম বংগৰ ছোৱালীবোৰে যি ’রাত দখল’ কাৰ্যসূচী লৈছিল সেইটো জানি মই বৰ অস্থিৰ হৈছিলোঁ। ছটফটাইছিলোঁ৷ মই উপলব্ধি কৰিলোঁ যে মই পশ্চিম বংগৰ ছোৱালীবোৰৰ সৈতে একাত্ম হ’ব বিচাৰোঁ। ২০১৭-১৮ ৰ সময়ত বাংলাদেশতো একেধৰণৰ ঘটনা ঘটিছিল। স্কুটাৰ চলাই ছোৱালী এজনীয়ে কামৰ পিছত ঘৰলৈ উভতি আহিছিল। পুৰুষৰ এটা দলে তেওঁক ৰাস্তাৰ মাজত ৰখাই সুধিছিল- তেওঁ কিয় ৰাতি ইমান দেৰিকৈ ঘৰলৈ উভতিছে। ছোৱালীজনীৰ লগত কথাৰ কটাকটি হৈছিল, কিন্তু ইঙ্গিতটো আছিল যে ভাল ছোৱালীবোৰ কেতিয়াও ৰাতি বাহিৰলৈ নোলায়। ছোৱালীবোৰৰ বাবে ৰাতিটো নিষিদ্ধ কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে মই এই গীতটো ৰচনা কৰিছিলোঁ। সহজকৈ বুজিবলৈ হ’লে, আমি ৰাতিবোৰ দখল কৰিব লাগিব, ছোৱালীবোৰে, প্রান্তিক যৌনতাৰ মানুহসকলে৷ গীতটো ২০১৭ চনত লিখা হৈছিল যদিও গানটোৰ ৰেকৰ্ডিং এতিয়া চলি আছে। প্ৰকৃততে কি হয় যেতিয়া এটা ঘটনা ঘটে, তেতিয়া তাৰ আঘাতৰ ফলশ্ৰুতিত এটা গীত লিখা হয়, কিন্তু আনুষ্ঠানিকভাৱে ৰেকৰ্ড কৰি মুকলি কৰা হয় বহু বছৰ পিছত, হয়তো দহ বা বাৰ বছৰ লাগে। এইটোৱেই মোৰ কামৰ প্ৰণালী। গীতবোৰ প্ৰতিদিনেতো মুকলি কৰিব নোৱাৰি, কিন্তু প্ৰতিবাদতো জীৱন যাত্ৰাৰ অংশ, সেইটোতো কৰি যাব‌ই লাগিব। ‘এই মেয়ে শুন’ গানটোৰ ৰেকৰ্ডিং আৰম্ভ হৈছে। হয়তো মই এইটো এটা মাহৰ ভিতৰত প্ৰকাশ কৰিম।

আপুনি সকলোৱে জনা এজনী নাৰীবাদী। ধৰ্ষকৰ জল্লাদৰ মঞ্চত এগৰাকী নাৰীৰ প্ৰতিবাদ কেনেকুৱা হোৱা উচিত?

☑️ কালি ৰাতি মই এখন প্ৰতিবাদী সভাত আছিলো। বুজিছিলোঁ যে যি ৰাষ্ট্ৰই ধৰ্ষক, যি ৰাষ্ট্ৰই ধৰ্ষণৰ পৰা মুনাফা আদায় কৰে, তাতে এদিনতে কোনো সলনি নহ’ব। কেৱল প্ৰতিবাদ, মিছিল কৰিলে নহ’ব। আমি কাৰ পৰা ন্যায় বিচাৰিম, যি ৰাষ্ট্ৰই ধৰ্ষণকাৰীৰ পৃষ্ঠপোষকতা কৰে, সেই ৰাষ্ট্ৰৰ পৰা? আমি এক সংস্কাৰমূলক যাত্ৰাৰ মাজেৰে যাব লাগিব। প্ৰতিবাৰ এটা ধৰ্ষণৰ ঘটনা ঘটে, আমি কেৱল সেই ঘটনাটোৰ ন্যায় বিচাৰো। কিন্তু তাৰ দ্বাৰা ধৰ্ষণ-সংস্কৃতিৰ কোনো পৰিৱৰ্তন নহ’ব। আমি আৰম্ভণিৰে পৰাই ভাবিব লাগিব। জীৱনব্যৱস্থা, সমাজব্যৱস্থা পৰিৱৰ্তনৰ বাবে কাৰ্যকৰী ভূমিকা ল’ব লাগিব। পুৰুষ চৰিত্ৰৰ আস্ফালন আমি সৰু সৰু ল’ৰাৰ মাজতো দেখিবলৈ পাওঁ, আমি সৰু-ডাঙৰ সকলোৰে মাজত ফালি-ছিৰি খোৱা দানবৰ চৰিত্ৰ লক্ষ্য কৰোঁ, এইধৰণৰ পুৰুষৰ আগ্ৰাসন ক’ত নাই! গতিকে আমি ঘৰে ঘৰে সংস্কাৰ কৰিব লাগিব। আমি বৈষম্য দূৰ কৰাৰ কথা কওঁ, আমি শ্ৰেণীহীন সংগ্ৰামৰ কথা চিন্তা কৰোঁ, কিন্তু আমি নাৰীৰ প্ৰশ্ন হৃদয়ঙ্গম কৰিব নোৱাৰোঁ।!

আপোনাৰ গীতে মানুহৰ দৈনন্দিন জীৱনৰ যন্ত্ৰণাৰ কথা কয়। যিটো অস্বস্তিকৰ৷ আপুনি এই অস্বস্তিৰ সৈতে কেনেদৰে মোকাবিলা কৰে?

☑️ মোৰ গীতত যি অস্বস্তি প্ৰকাশ পাই, সেইবোৰতো মানুহৰেই কষ্ট-যন্ত্ৰণা। মই কি দৰেনো ইয়াক পৰিহাৰ কৰিম? অনেকে হয়তো এই অস্বস্তিবোৰ শুনিব নিবিচাৰে, কিন্তু সেইটোওতো স্বাভাৱিক। মই যি জীৱনব্যৱস্থাৰ মাজত থাকোঁ, আশে-পাশে ঘটা ঘটনাবোৰক উপেক্ষা কৰি জীয়াই থকাটো সম্ভৱ নহয়। জীয়াই থাকিমে বা কিয়? কিছুমানৰ অস্বস্তি বেছি, কিছুমানৰ কম, কিছুমানে যুঁজিবলৈ শিকিছে, কিছুমানে শিকা নাই, কিছুমানে এৰাই চলে, কিছুমানে এৰাই চলিব নিবিচাৰে। এইবোৰৰ ভিতৰতে আমাৰ বসবাস৷ এটা ঘটনা যেতিয়া ঘটে, নিজৰ ভিতৰতে সেই ঘটনাটোক আত্মস্থ কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হয়। সেই প্ৰক্ৰিয়াটো হ’ল গীত লিখা। গানৰ মাধ্যমেৰে প্ৰতিবাদ কৰিছোঁ, আকৌ  ঘটনাটোক অন্তৰেৰে স্বীকাৰ কৰিছোঁ। যেতিয়া নিজৰ ভিতৰত এই অস্বস্তিৰ বাবে ঠাই উলিয়াই দিওঁ, তেতিয়া প্ৰকৃততে মই সমগ্ৰ পৃথিৱীখনকে মোৰ ভিতৰলৈ লৈ গৈছোঁ। গীতটো মূলতঃ মোৰ নিজৰ সৈতে হোৱা কথোপকথন। এই পৃথিৱীখনতো সহনীয় নহয়। আমি যিমান আশা কৰোঁ, তাৰ লগত বিস্তৰ পাৰ্থক্য আছে বাস্তৱৰ। এই পাৰ্থক্যৰ সৈতে মোকাবিলা কৰিবলৈ, মোৰ গীত লিখা, প্ৰতিবাদ কৰা। মই কি বিচাৰোঁ, সেইটো মই সকলোকে জনাব বিচাৰোঁ। হয়তো বিচাৰিলেই পোৱা নাযায়, কিন্তু নিবিচাৰিলেতো বিচৰাৰ দিশে কোনোদিনেও আগুৱাই যোৱা নহ’ব।

আপুনি সদায় সতৰ্ক হৈ থাকে। আপোনাৰ চকুৰ পৰা কোনো ৰাষ্ট্ৰ অপৰাধ সৰকি যোৱা নাই। আপুনি এই সজাগ চকু কেনেকৈ পালে? ইমান সজাগতা প্ৰত্যেকৰে কিয় নাই?

 ☑️ মই এই প্ৰশ্নটো আন এটা প্ৰশ্নৰ লগত সাঙুৰি দিম। সাধাৰণ মানুহ আৰু মোৰ মাজত যি বিভাজন কৰা হৈছে, সেই বিভাজনটোক মই অস্বীকাৰ কৰোঁ।  মই যদি সাধাৰণ হ’ব নোৱাৰো, সাধাৰণ জীৱন যাপন কৰিব নোৱাৰো, তেন্তে সেয়া এজন বিচ্ছিন্ন মানুহ, মাটিৰ পৰা বিচ্ছিন্ন, জীৱনৰ পৰা বিচ্ছিন্ন, বাস্তৱিকতাৰ পৰা বিচ্ছিন্ন, মানৱতাৰ পৰা বিচ্ছিন্ন। পৃথিৱীখন যে মোৰ আৰু আমাৰ, ইয়াৰ  মাজত মই যি শান্তি পাইছোঁ সেইটো আৰু ক’ত? আমিতো আমাৰ কাষৰ মানুহৰ, পৰিয়ালটোৰ খেয়াল ৰাখো, নহয়নে? সেইভাৱে যদি এই পৰিয়ালটোক ডাঙৰ কৰা যায়, তেতিয়াই বহুত সলনি কৰা হয়। মই যে ভাত খাওঁ, কোনো কৃষকৰ কিমান টোপাল ঘাম পেলোৱাৰ পিছত এই ফচল উৎপাদন হ’ল, মই যিটো থালত খাইছো সেইটো কোনে তৈয়াৰ কৰিলে- এই প্ৰশ্নবোৰে মই কৰোঁ। বুজিবলৈ অসুবিধা নাই, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে একোজন মানুহ আছে। যদি এইটোৱে পৰিয়াল হয়, আৰু যদি পৰিয়ালটোৰ ওপৰত কোনো আঘাত হয়, মই সেই খবৰটো পাম‌ই। বেলেগকৈ সজাগহৈ থাকিব নালাগে। এনেকুৱাতো নহয় মই সকলোতে প্ৰতিবাদ কৰিব পাৰোঁ। মই একো কৰিব নোৱাৰো। একোৱেই কৰিব পৰা নাই, তিতাস। ইয়াৰ বাবে কোনো ধৰণৰ অনুগ্ৰহ বিচৰা নাই। মোৰ পক্ষে সকলো অন্যায় জনাটো অসম্ভৱ, সকলোতে প্ৰতিবাদ কৰাটোও অসম্ভৱ। কিন্তু মই ক’ব পাৰো যে এটা হতাশা আহে, যে মই নাজানিলোঁ। ইয়াৰ আন এটা অতি ভাল কাৰণো আছে। আৰু এটা খুব স্বাৰ্থপৰ কাৰণ আছে, সেইটোও মই কবলৈ বিচাৰিছোঁ। মানুহ যেতিয়া নিজৰ মাজতে বন্দী হৈ থাকে, তেতিয়া তেওঁৰ দুখবোৰ প্ৰকট হৈ উঠে। মোৰ কি হ’ল, মোৰ পৰিয়ালৰ কি হ’ল, মোৰ মনৰ মানুহৰ কি হ’ল এনেকুৱা দুখৰে মোৰ হৃদয় যদি ভৰাই ৰাখো, তেন্তে কেনেকৈ মই পৃথিৱীৰ দুখ সহ্য কৰিব পাৰিম? যদি পৃথিৱীৰ দুখটো ভিতৰলৈ টানি আনিব পাৰি, তেন্তে জীৱনটো অতি সহনীয় হৈ পৰে। সৰু সৰু দুখবোৰে জীৱনটো বিষাদময় কৰি ৰাখে। যদি মই হৃদয়ৰ দুৱাৰ খুলি দিওঁ, যেতিয়া পৃথিৱীৰ সকলো দুখ তাত প্ৰৱেশ কৰিব, তেতিয়া সেই ব্যক্তিগত দুখটো ইমান তুচ্ছ ভাব হয়, ভাব হয় যেন মই মুক্ত হ’লো। সকলো দুখ তেতিয়া সৰুহৈ যায়, আৰু সকলো দুখ ডাঙৰোহৈ যায়। দুখৰ সৈতে এটা বন্ধুত্ব হয়। দুখক আমন্ত্ৰণ জনোৱাটোৱেই হৈছে সুখৰ পথ।

সেইকাৰণেই আপুনি নিজকে ‘আমজনতাপন্থী’ বুলি কয় নেকি? যি কোনো পতাকাৰ তলত নাই।

☑️ ‘আমজনতান্থী’ মানে যি ক্ষমতাৰ পৰা আঁতৰি থকে। যিজনে ক্ষমতালৈ যায়, তাৰেই আমজনতাক ঠগোৱাৰ প্ৰৱণতা আহে। তেওঁ যি দৰ্শনৰেই মানুহ নহ‌ওক কিয়। সেয়েহে মোৰ ৰাজনৈতিক দৰ্শন ক্ষমতাৰ পৰা দূৰৈত। এইটোতেই মোৰ আৰাম। এটা দলত থাকিয়ে যে ৰাজনীতি কৰিব লাগে – এই ধাৰণাক মই প্ৰশ্ন কৰিব বিচাৰোঁ। মোক যেন কোনেও বাধ্যকতাত ৰাখিব নোৱাৰে। শিল্পী হিচাপে মোৰ ৰাজনীতি আছে, নাৰী হিচাপে মোৰ ৰাজনীতি আছে, মানুহ হিচাপে মোৰ ৰাজনীতি আছে।

এজন শিল্পীৰ মূল কাম কি?

☑️ এজন শিল্পী কেনে হ’ব লাগে,তাৰ কোনো ব্যাকৰণ মই নামানো। শিল্পীটো প্ৰথমে এটা প্ৰকাশ, তাৰ প্ৰকাশৰ ধৰণ কোনে নিৰ্ণয় কৰি দিব? মই প্ৰতিবাদ কৰিছোঁ, সেয়েহে মই মহান, যিজনে কৰা নাই তেওঁ নিকৃষ্ট- এইটো কেনেধৰণৰ কথা। শিল্পী মাত্ৰেই প্ৰতিবাদ কৰা উচিত, সেইটোওতো আৰোপিত কথা । পপ শিল্পী, শাস্ত্ৰীয় সংগীতজ্ঞসকলে নিজৰ ধৰণে জীৱন যাপন কৰিব পাৰে, কাৰো অমঙ্গল নকৰে, তেওঁলোকক কিয় দোষ দিম? বজাৰৰ মূল্য বৃদ্ধি হোৱাৰ বাবে তুমি কিয় মিছিল কৰা নাই বুলি মইতো এটা চৰাইক দোষাৰোপ কৰা নাই। বেয়া লাগে ক্ষমতাৰ সোৱাদ লোৱা, শিল্পী হিচাপে সুবিধা আদায় কৰা, অন্যায়ক প্ৰশ্ৰয় দিয়া।

  আপুনি বাৰে বাৰে কৈছে যে আপুনি মহান নহয়, আপোনাক যেন কোনোৱে মহান বুলি নাভাবে। মহত্ত্বৰ প্ৰতি আপোনাৰ কিয় এই দৃপ্ত সমালোচনা?

☑️ আপুনি ঠিকেই ধৰিছে। মহত্ত্বৰ প্ৰতি মোৰ এটা এলাৰ্জি আছে। ইয়াৰ মূল কাৰণ হ’ল মহত্ত্বৰ জৰিয়তে মানুহৰ যি অসীম ক্ষমতা, তাক হ্ৰাস কৰা হয়। প্ৰতিজন মানুহে আচলতে অসীম প্ৰেমৰ ক্ষমতাৰে বলিয়ান। এজন শিল্পী বা এজন খেলুৱৈয়ে নিজৰ সামৰ্থ্য অনুসৰি এটা ভাল কাম কৰিলে, যিটো এনেই সাধাৰণ মানুহেও কৰিব পাৰে, কিন্তু  সেইটো কৰাৰ বাবে আমি যদি তেওঁক মহান কৰি তোলোঁ, তেন্তে মানুহকেই সৰু কৰা হয়। মানুহে যি কৰে সেইটো সেইটো অতিমানৱীয় নহয়। মানৱীয়তাই তাকে কয়। ইয়াত মহত্ত্বৰ সুযোগ ক’ত ? দায়িত্ব লৈ যুদ্ধলৈ যোৱা, প্ৰতিবাদলৈ যোৱা মানুহে একো নাপায় নেকি? শেষ পৰ্যন্ত এজন ব্যক্তিয়ে নিজৰ বাবেই মিছিললৈ যায়। আচল কথা হ’ল,  মোৰ মানৱতাৰ ময়ে অনুশীলন কৰিব লাগিব। প্ৰতিজন মানুহে নিজৰ জোখাৰে মঙ্গল সাধন কৰে। মহত্ত্বৰ জৰিয়তে কি হয় কোৱাছোন-ব্যক্তিপূজা। ব্যক্তিক তুলি অনাৰ দৰকাৰ নাই, তেওঁ ব্যতিক্ৰম নহয়, তেওঁ সকলোৰে দৰে। বৰং মাটিৰ সৈতে দূৰত্ব সৃষ্টি হ’লে,  ব্যক্তি মানুহৰ ক্ষতি। আনক মহান কৰিবলৈ একো নাই, নিজকে মহান বুলি ভাবাৰ সুযোগতো আৰু নাই।

আপুনি নিয়মিতভাৱে আপোনাৰ কথা, গীত, মতাদৰ্শ সামাজিক মাধ্যমত দৰ্শকৰ আগত প্ৰকাশ কৰে। আপুনি এটা ‘কমিউনিটি’ তৈয়াৰ কৰিছে। আপোনাক আমি কাষৰ পৰা দেখিছোঁ। এইটো আপোনাৰ সচেতন সিদ্ধান্ত নেকি?

☑️ প্ৰথমতে এটা প্ৰয়োজনৰ পৰা তৈয়াৰ হৈছিল। ’মেইনষ্ট্ৰিম মিডিয়া’ত মই আৰু কাম কৰিব পৰা নাছিলোঁ। টেলিভিছন জগতৰ সৈতে মোৰ ৰাজনৈতিক বিৰোধ আৰম্ভ হৈছিল। তেওঁলোকে যিদৰে কয় সেই অনুসৰি কাম কৰা সম্ভৱ নহৈছিল। ঠিক কৰিলোঁ মই অকলে অকলে কৰিম। সেই সময়ত ইউটিউব বা ফেচবুক সিমান বেছি ব্যৱহাৰ কৰা নাছিলোঁ। কিন্তু যেতিয়া মই অকলে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, মই তেতিয়াও ভবা নাছিলো যে মই এটা ‘কমিউনিটি’ সৃষ্টি কৰিব পাৰিম। ভাবিছিলো, যিটো কৰিব বিচাৰোঁ, আপাতত  সৰু গণ্ডীৰ ভিতৰত আৰম্ভ কৰোঁ। কিন্তু ছ’চিয়েল মিডিয়া বা ইউটিউবলৈ অহাৰ পিছত মই বহুতো দিশ বিচাৰি পাইছিলোঁ। মানুহৰ সৈতে যোগাযোগ সম্ভৱ হোৱাৰ পিছত মই উপলব্ধি কৰিলোঁ যে তেওঁলোক এটা অপেক্ষাত আছে, আৰু মোৰ আছে এটা দায়িত্ব। এজন শিল্পীৰ যি ভূমিকা সেইটোতো মানুহৰ সৈতেই। মানুহৰ কাষে কাষে থকাৰ মোৰো এটা হেঁপাহ আছে। আগতে বিভিন্ন পত্ৰ-পত্ৰিকাত মোৰ সাক্ষাৎকাৰ ওলালে দেখিছিলোঁ যে তেওঁলোকে মোৰ ভাষা সলনি কৰি দিছে। মই যি ক’ব বিচাৰিছোঁ, যি ধৰণে ক’ব বিচাৰিছোঁ, সেয়া প্ৰকাশ হোৱা নাই। যেতিয়া মই পোনপটীয়াকৈ কথা ক’বলৈ আৰম্ভ কৰিলোঁ, দৰ্শকে মোক দেখিলে, মই কি শব্দ কেনেদৰে ব্যৱহাৰ কৰিছোঁ সেইটো স্পষ্ট হ’ল। যোগাযোগো তীব্ৰ হ’ল। আৰু এটা কথা হ’ল, দূৰে দূৰে থকাৰ কোনো যুক্তি নাই, আচলতে শিল্পী হৈ দূৰত্বত থকা মানে উজুটি খোৱা। ৰাজপথত মিছিল ওলালে মই তাত উপস্থিত হ’ব লাগিব। আপুনি জানে, ভৱিষ্যতৰ শিল্পীসকল আৰু অধিক মানব-বন্ধু হ’ব। খেলপথাৰৰ পৰা বাহিৰত থকাৰ সময় আৰু নাই। আমি দুৰ্নাম কৰোঁ যে ফেচবুক আহি মানুহক মানুহৰ পৰা আঁতৰাই দিছে, মই তাৰ ওলোটাটোহে বুলি ভাবো। ওচৰ চাপি অহাৰ সুযোগ আৰু বৃদ্ধি পাইছে। মই স্ব বিদ্যমান হৈ থাকোঁ আৰু যোগাযোগত থাকোঁ।

মই ব্যক্তিগত ভাৱে ভাবোঁ আপোনাৰ গানে খুব সহজ কিছু কথা কয়। যিটো বুজিবলৈ অসুবিধা নহয়। আপুনি সহজ ভাবে কথা কোৱাৰ শিক্ষা ক’ৰ পৰা পালে? বহুতে সহজ গানক গুৰুত্বপূৰ্ণ বুলি নাভাবে। এই সন্দৰ্ভত আপোনাৰ কি মত?

☑️ মই যেতিয়া লিখোঁ, তেতিয়া মই নিজকে বুজাই বুজাই লিখোঁ। যিটো নিজকে বুজাও সেইটোৱে লিখোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে, মই ভাষাটোৰ অলংকাৰ বা কাঠিন্যক বৰ্জন কৰিছোঁ। বাংলা ভাষা প্ৰকৃততে অতি সুন্দৰ, এনে এটা চহকী ভাষাৰ অলংকাৰ যিমান পাৰি ব্যৱহাৰ কৰা উচিত। গতিকে বেলেগকৈ কঠিন শব্দ নিৰ্বাচন কৰাৰ দৰকাৰ নাই। যি ভাৱে কথা ক’লে মই নিজে বুজি পাওঁ, সেইটোৱে মোৰ ভাষা। আন এটা বিষয় হ’ল, যিসকল শিক্ষাৰ পৰা বঞ্চিত মানুহ, তেওঁলোকে কি মোক বুজিব পাৰিছেনে? এইবোৰ কিন্তু মই পিছত ভাবিছোঁ। মই নিজে কঠিন ভাষা বুজিও নাপাওঁ, কব‌ওঁ নোৱাৰোঁ। কোনো কথা বুজাবলৈ হ’লেও মই সেইটো নিজৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰাই ক‌ওঁ। তেওঁ মোৰ কথা বন্ধুৰ দৰে শুনিব, তেওঁ জানিব যে মোৰ জীৱনত কি ঘটিছিল। ‘সহজ’ৰ সুবিধা মই বুজি পাইছোঁ। আৰু সততা ৰাখি ক’বলৈ গ’লে মই এনেকুৱাই। ইয়াৰ বাবে মোৰ দুৰ্নামো আছে। বহুতে মোক কৈছে মোৰ গানত কাব্যিকতাৰ অভাৱ। তেওঁলোকৰ বিচাৰত হয়তো সেইটোৱে সত্য। যদিও মই নিজকে এজন স্বঘোষিত কবি বুলি কওঁ। এইটো আকৌ মই দাবী কৰোঁ। (হাঁহি)

তেনেহ’লে মোৰ পৰৱৰ্তী প্ৰশ্নটো হ’ব, আপোনাৰ প্ৰথম পৰিচয় কি? কবি, সংগীতশিল্পী, মানসিক স্বাস্থ্যকৰ্মী, লেখক, প্ৰতিবাদী জনতা?

☑️ এতিয়া সামাজিকভাৱে  সুস্পষ্ট পৰিচয় দিওঁ সংগীতশিল্পী বুলি। কিন্তু আপুনি যিকেইটা পৰিচয় দিলে আচলতে সকলোকেইটাই মই বা সেইবিলাক লৈয়ে মই। আপুনি জানেনে মই লিখিবলৈ খুব ভালপাওঁ। আকৌ কবিতা লিখাৰ পিছত, বহুতে কয় যে ইয়াক এটা গান বনাওক। যিমানখিনি লিখা হয়, সিমানলৈ সুৰ নাহে। ইয়াকে লৈ মোৰ এটা হতাশাও আছে। মই পূৰ্বতে মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰিছোঁ, মানুহৰ মনৰ যাত্ৰা অতি স্পৰ্শকাতৰ। মনটোক যে কিমান অৱহেলা কৰা হয়, এই বিষয়ে কিমান সচেতনতা সৃষ্টি কৰিব লাগে সেয়া বুজি পোৱাটো প্ৰয়োজনীয়। এই কোণত পৰি থকা মনটোক উদ্ধাৰ কৰা, তাক আদৰ কৰা- এইটো মোৰ নিজৰ যাত্ৰা, মোৰ কৰ্মস্থলী।

আপোনাৰ ভিডিঅ’ত আমি পেলেষ্টাইনৰ পতাকা দেখিছোঁ। আপুনি দীৰ্ঘদিন ধৰি পেলেষ্টাইনৰ স্বাধীনতাৰ কথা কৈ আহিছে। এই সাম্ৰাজ্যবাদী সময়খিনি কেনেকৈ প্ৰতিৰোধ কৰা যায়?

☑️ মোৰ ঘৰত পেলেষ্টাইনৰ পতাকা ৰখাটোৰ মানে প্ৰকৃততে নিজকে ৰিমাইণ্ড কৰি থকা। মই যেন পাহৰি নাযাওঁ পৃথিৱীৰ এটা কোণত পেলেষ্টাইনীসকলে কেনেদৰে সংগ্ৰাম কৰি আছে, আৰু মই কিমান সুবিধা উপভোগ কৰি আছোঁ। মুক্তি যুদ্ধৰ জৰিয়তে আমাৰ যি পৰিচয় প্ৰতিষ্ঠা হৈছে, এইটো যেনদৰে স্বীকাৰ কৰোঁ, একেলগে এইটো ক’ম, মোৰ দেশৰ পাহাৰত যি সকলে বসবাস কৰি আছে তেওঁলোকৰ ওপৰত ‘বাঙালিয়ানা’ আৰোপ কৰাৰ মই বিৰোধী। পাহাৰবোৰত সামৰিক শাসন চলি আছে, তাত বহুতো আদিবাসী মানুহৰ বসবাস। সেই সংগ্ৰাম তেওঁলোকৰ এতিয়াও চলি আছে, মুক্তিযুদ্ধ শেষ হোৱা নাই। মোৰ এই কথাটো দেশদ্রোহৰ পৰ্যায়ত ব্যাখ্যা কৰা হয়। তেওঁৰ চেহেৰাটোৱে কৈ আছে তেওঁ চাকমা বুলি, কিন্তু তেওঁক ক’বলৈ কোৱা হৈছে তেওঁ এজন বাঙালী বুলি। পেলেষ্টাইনীসকল হৈছে সেই যুদ্ধ কৰা জাতি যিয়ে পৃথিৱীৰ পৰা নিশ্চিহ্ন নহ’বলৈ যুদ্ধ কৰি গৈছে। সেয়েহে মই ঘোষণা কৰোঁ যে মোৰ শৰীৰটো এটুকুৰা পেলেষ্টাইন। এটা জাতিক পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন কৰি দিব গাৰ বলত, অস্ত্ৰৰ বলত এইটো মই স্বীকাৰ কৰিব নোৱাৰো। সেই ভূখণ্ডৰ মানুহক বিলীন কৰি দিলে সমগ্ৰ পৃথিৱীতে টুকুৰা টুকুৰাকৈ পেলেষ্টাইন গজাব। মই তেওঁলোকৰ ভিতৰৰ এজন। মই লিখিছিলোঁ “আমাৰ দেশের বাড়ি পেলেষ্টাইন”। এই যন্ত্ৰণা, এই ব্যৰ্থতা মোৰ লগত থাকিব, যিমান দিনলৈ মই জীয়াই থাকিম। এয়া মোৰ দৈনন্দিন জীৱনৰ বাস্তৱ। মই পেলেষ্টাইনীসকলক কেতিয়াও পাহৰিব নিবিচাৰোঁ। এখন দেশক নিশ্চিহ্ন কৰা হ’ব, মানুহক হত্যা কৰা হ’ব, শিশুসকলক খাদ্যৰ যোগান বন্ধ কৰা হ’ব-এই মানৱতাক লৈ ইমান অহংকাৰ কৰাটো মানি ল’ব নোৱাৰি। এই ব্যৰ্থতাই মোৰ অলংকাৰ।

প্ৰায় ২৫ বছৰ ধৰি আমি কল্পনা চাকমাৰ সম্ভেদ পোৱা নাই। বেছিভাগ মানুহে তেওঁক পাহৰি গৈছে। কিন্তু আপোনাৰ স্মৃতিত সেইটো অটুট আছে। স্মৃতি কিমান জৰুৰী?

☑️ স্মৃতি অতি জৰুৰী। এনেতো নহয় যে আমাৰ উৎসৱ, আমি ভালে ভালে থকা সকলো বন্ধ কৰি দিব লাগিব। আমি জীয়াই থাকিবলৈ পাহৰি নাযাম। কিন্তু যদি আমাৰ জীৱনত এই লোকসকল থাকে, ই স্বাভাৱিকভাৱেই আমাৰ জীৱনশৈলী সলনি কৰিব। শৈশৱত মই কল্পনা চাকমাৰ নামটো জানিছিলোঁ, ঘটনা একোৱে নাজানিছিলোঁ। ১৯৯৬ চনত তেওঁক উঠাই নিয়া হয়, আৰু নিৰুদ্দেশ  হয়। আমাৰ দেশত এনে ধৰণৰ ঘটনা কল্পনাৰ পৰাই আৰম্ভ হয়। ডাঙৰ হোৱাত কাণত পৰিল-‘কল্পনা চকমা ক’ত, কল্পনা চকমা ক’ত।’ পুৰুষতন্ত্ৰ, সনাতনী জীৱন পদ্ধতিয়ে যেতিয়া নাৰীৰ কথা ক’বলৈ অনুমতি দিয়া নাছিল, সেইসময়ত পাহাৰৰ সেনা শাসনৰ বিৰুদ্ধে কৈছিল এগৰাকী ছোৱালীয়ে। ১৯৯৬ চনত। তেওঁ ভয় কৰা নাছিল। এয়া অবিশ্বাস্য।  ‘এটা কল্পনা চাকমার গান’ যেতিয়া লিখা হৈছিল তেতিয়া তেওঁৰ গোচৰটো খাৰিজ হৈ গৈছিল। সেয়েহে শেষত মই প্ৰাৰ্থনা কৰিলোঁ যে পৃথিৱীয়ে যাতে কল্পনাক পাহৰিব নোৱাৰে। বিচাৰ পায় বা নাপায় সেইটো অন্ততঃ মনত ৰাখিব পাৰোঁ। এটা অন্যায় হৈছিল, এইটোকে কৈ অন্ততঃ অস্বস্তি এটা তৈয়াৰ কৰিব পাৰি। মই পাহৰি যাব‌ও পাৰোঁ, মই নীৰৱে থাকিব‌ও পাৰোঁ, মই গানো গাব‌ পাৰোঁ, মই গান গোৱাটোক বাছি ল’লো। ম‌ই স্মৰণ কৰাটোক বাছি ল’লো। কল্পনা চাকমা মোৰ বাবে বিশেষ, কাৰণ তেওঁ এগৰাকী নাৰী। তেওঁ সংখ্যালঘু। তেওঁক বিচাৰি নোপোৱাৰ বেদনাটোক  মই মোৰ লগত ৰাখিম। শিল্পী হিচাপে এয়া মোৰ কাম, ছোৱালী হিচাপে মোৰ কাম।

আপোনাৰ সংগীত জীৱন আৰু ৰাজনৈতিক জীৱন কেনেকৈ এটা বিন্দুত আহি মিলিত হ’ল ?

 ☑️ সংগীত জীৱন আৰু ৰাজনৈতিক জীৱনক ক’তোৱে পৃথক কৰিব নোৱাৰি। মোৰ চেতনাত ৰাজনীতিত প্ৰৱেশ কৰাৰ সুযোগ হৈছিল। গতিকে এইটো মই নেৰিম। মোৰ প্ৰেম ৰাজনীতি বা ৰাজনীতি মোৰ প্ৰেম। দুয়োটা একেই সত্ত্বা।

ঘৰত গানৰ পৰিৱেশ কেনেকুৱা আছিল?

☑️ এইটো মোৰ খুব প্ৰিয় প্ৰশ্ন। যিটো অৱশ্যেই জনাব বিচাৰিম, মোৰ পিতৃ এজন পেছাদাৰী গায়ক আছিল। মোৰ খুৰা, খুৰাৰ সকলো ভাই-ভনী সংগীতৰ লগত জড়িত, আধুনিক বাংলা সংগীত। আনহাতে মোৰ মায়ে সংগীত শিকাইছিল। মই মোৰ মাৰ সৈতে ডাঙৰ-দীঘল হৈছিলোঁ। পাঁচ বছৰ বয়সৰ পৰা এগৰাকী একক মাতৃৰ জীৱনে আমাক এক বিশেষ অভিজ্ঞতা প্ৰদান কৰিছে। সেইটোৱে কিন্তু মোৰ গান লেখাৰ অনুপ্ৰেৰণা। মোৰ ঘৰত যি গানৰ চৰ্চা আছিল, তাত ‘লিৰিকৰ’ কোনো প্ৰাধান্য নাছিল। মোৰ মায়ে বহি বহি সংগীত শিকাইছিল, মই এগৰাকী অকলশৰীয়া মাতৃৰ সংগ্ৰাম দেখিছিলোঁ, সেই জীৱনবোধ আৰু অভিজ্ঞতাই মোৰ সংগীতৰ গুৰু। যিহেতু পুৰুষতান্ত্ৰিক সমাজ, সেয়েহে বাৰে বাৰে মোৰ পিতৃৰ পৰিচয়ৰ জৰিয়তে মোৰ চিনাকি হয়, মাতৃৰ পৰিচয় সন্মুখলৈ নাহে। সেই কাৰণে মোৰ মাৰ কথা বেছি বেছিকৈ ক’বলগীয়া হয়। মই উচ্চ স্বৰত ক’বলগীয়া হয়, মই  মাৰ কন্যা।

আপোনাৰ সুৰ খুব বাঙালী সুৰ। কিন্তু আকৌ লোকসুৰো নহয়। এই সুৰ আপুনি পালে ক’ৰ পৰা?

☑️ এইটো একেবাৰে জীৱনৰ সুৰ। নাগৰিক জীৱনৰ সুৰে মোৰ গান চুই যায়। এই সুৰ পাশ্চাত্যৰ নহয় আকৌ মাটিৰ সৰু পথ, সেউজীয়া ধানখেতিৰো নহয়। কিন্তু বাংলাবিচ্ছিন্ন‌ও নহয়। আন এটা কথা, মই আধুনিক বাংলা সংগীত শুনি ডাঙৰ হৈছোঁ। হেমন্ত, প্ৰতিমা, কিশোৰ কুমাৰ, লতা মংগেশকাৰ- এওঁলোকৰ সুৰে মোৰ শৈশৱক প্ৰভাৱিত কৰিছিল। তাৰ পিছত লাহে লাহে বাংলা লিৰিকেল গীতবোৰ আহিছিল। ফলস্বৰূপে, মোৰ নিজৰ সুৰত বহু লোকৰ প্ৰভাৱ আহিছে। মই সকলোকে গ্ৰহণ কৰিছো, কাকো এৰি দিয়া নাই।

শেষ প্ৰশ্ন, আপোনাক কেতিয়াবা কোনোবাই বব ডিলানৰ সৈতে তুলনা কৰিছে নেকি?

☑️ (হাঁহি) মই বব ডিলানৰ সৈতে তুলনা কৰা শুনিছোঁ। শুনি কেতিয়াও বেয়া লগা নাই, ভালেই লাগিছে। (হাঁহি)

উৎস: https://robbar.in/interviews/an-exclusive-interview-of-farzana-wahid-shayan-by-titas-roy-barman/

Leave a Reply

Your email address will not be published. Required fields are marked *