বিশ্বাস-অবিশ্বাস

ইউৰোপৰ ধৰ্মীয় পৰিস্থিতি-(দীপক কুমাৰ শৰ্মা)

“পৃথিৱীখন সলনি কৰিবৰ বাবে আমি ব্যৱহাৰ কৰিব পৰা আটাইতকৈ শক্তিশালী অস্ত্ৰবিধ হ’ল শিক্ষা” –  নেলছন মেণ্ডেলা
সমাজ জীৱনত গভীৰভাবে প্ৰোথিত হৈ থকা কুসংস্কাৰৰ হাতোৰাৰ পৰা সমাজখনক মুক্ত কৰাৰ উপায় কি? ইয়াৰ বিৰুদ্ধে যুঁজ কৰা অত্যন্ত কঠিন। মানুহক জ্ঞানী আৰু চিন্তাশীল কৰিবলৈ সকলো ধৰণৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা বাধ্যতামূলক। এসময়ত আগশাৰীৰ দেশ ইউৰোপো অন্ধবিশ্বাস আৰু কুসংস্কাৰত নিমজ্জিত আছিল। বহু শতাব্দী আগতে কেইবাগৰাকী গ্ৰীক পণ্ডিতে কৈছিল যে পৃথিৱীৰ চাৰিওফালেহে সূৰ্যটো ঘূৰে। জ্যোতিৰ্বিজ্ঞানী কোপাৰনিকাছে (১৪৭৩-১৫৪৩) প্ৰথমে এই বিশ্বাসৰ বিৰুদ্ধে গৈ কৈছিল সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰেহে প্ৰদক্ষিণ কৰে। জিওদাৰ্নো ব্ৰুনোই (১৫৪৮-১৬০০) কোপাৰনিকাছৰ মতক সমৰ্থন দিয়াৰ বাবে তেওঁক বন্দী কৰি ৰাখিছিল। ১৬০০ চনত তেওঁক এবাৰ সুযোগ দিয়া হৈছিল নিজৰ মতবাদক ভুল বুলি স্বীকাৰ কৰিবলৈ। তেওঁ ৰাজী নোহোৱাত জীৱন্তে পুৰি মাৰে। এই অপৰাধত গেলিলিও গেলিলিকো বন্দী কৰি ৰখা হৈছিল। এইদৰে বহু সত্যসন্ধানীক ইউৰোপত শাস্তি বিহা হৈছিল। এওঁলোকৰ ত্যাগে ইউৰোপৰ সমাজখনক বিজ্ঞানমনস্ক আৰু যুক্তিবাদী কৰি তুলিলে। ফলত সমাজখনৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ লাহে লাহে কমিবলৈ লয়।
আমাৰ দেশত অন্ধবিশ্বাস বা কুসংস্কাৰৰ পৰা মুক্ত কৰিবলৈ ইউৰোপত ঘটাৰ দৰে কোনেও শাস্তি ভোগ কৰিব লগীয়া হোৱা নাই। পশ্চিমৰ পৰাই বিজ্ঞানসন্মত ধ্যান ধাৰণা পাইছোঁ। কিন্তু পাঠ্যপুথিত বিজ্ঞান পঢ়াৰ পাছতো একাংশ ব্যক্তি আজিও বিজ্ঞানমনস্ক হ’ব পৰা নাই। নহ’লেনো শিক্ষিত মানুহেও জণ্ডিছ হ’লে মালা পিন্ধেনে! বসন্ত ৰোগ হ’লে শীতলা পূজা কৰেনে! কুকুৰে কামুৰিলেও ওজাৰ দ্বাৰা জৰা ফুকা কৰেনে!
অমিতাভ বচ্চনে পুত্ৰৰ বিয়াৰ আগত ঐশ্বৰ্য ৰায়ৰ কোনোবা গ্ৰহৰ কোপদৃষ্টিৰ পৰা মুক্ত কৰিবলৈ দুবাৰ মান শিল আৰু এবাৰ গছৰ লগত বিয়া দিছিল। বিগ বিৰ এনে কাণ্ড কাৰখানা দেখি হতবাক হৈছিলোঁ। আমাৰ দেশৰ দুই এখন ৰাজ্যত বিজ্ঞানমনস্কতাৰ জনজাগৰণ হোৱা হেতুকে সেইবোৰ ঠাইৰ মানুহ কিছু পৰিমাণে বিজ্ঞানমনস্ক হৈছে। বিশেষকৈ গ্ৰামাঞ্চলৰ মানুহ বিজ্ঞানৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব পৰা নাই। বিজ্ঞানমনস্ক নোহোৱা বাবে একৈশ শতিকাতো আদিম যুগৰ ধ্যান ধাৰণাই বেৰি ৰাখিছে। উদাহৰণ স্বৰূপে–
১) গণেশৰ দুগ্ধপানৰ দৰে গছত গৰু উঠা ঘটনা বিশ্বত বিয়পাই গণেশ ভক্ত সকলক অধিক অন্ধবিশ্বাস কৰিলে।
২) টি ভিৰ যোগেদি জ্যোতিষী সকলৰ ব্যৱসায় অধিক ৰমৰমীয়া কৰিলে।
অলপতে ডঃ অনিমা গুহ বাইদেউৰ এটা লেখা পঢ়িলোঁ। ইউৰোপৰ গীৰ্জাবোৰ ধীৰে ধীৰে বিক্ৰী হৈ গৈ আছে। মই চক খাই উঠিলোঁ, এইটো আকৌ কেনেকুৱা খবৰ। কিছুদিন আগত ডঃ সুব্ৰমনিয়ম স্বামীয়ে কৈছিল মছজিদ, গীৰ্জা আদি ধৰ্মীয় স্থান নহয়, এইবোৰ তুলি দিয়াই ভাল। তেওঁ অৱশ্যে গেৰুৱা বাহিনীৰ ৰোষত পৰাৰ ভয়ত মন্দিৰৰ কথা নক’লে। ভাবি আচৰিত ‌হৈছিলোঁ যি ইউৰোপত ধৰ্ম বিৰোধী কথা কৈ ব্ৰুনো, গেলিলিওৰ নিচিনা ব্যক্তিয়ে হাৰাশাস্তি তথা প্ৰাণ বিসৰ্জন দিব লগা হৈছিল— সেই দেশত এতিয়া নাস্তিকৰ সংখ্যা সৰ্বাধিক। সমগ্ৰ ইউৰোপতে খ্ৰীষ্টান ধৰ্মৰ অনুগামীসকলৰ সংখ্যাও কমি গৈছে। আনহাতে ইছলামধৰ্মীৰ সংখ্যা কমা নাই। ফ্ৰান্সৰ বিখ্যাত এমানুয়েল মুনিয়াৰ, জৰ্জেছ বাৰ্নোন’ছ, ফ্ৰাছিয়া মাৰিয়াক, জেক মৰিটেইন আদি নাম থকা গীৰ্জাৰ ঠাইত মছজিদ, শ্বপিং মল, শ্বো-ৰুম গঢ় লৈ উঠিছে। দ্য অবজাৰভেটৰি ফৰ ৰিলিজিয়াচ হেৰিটেজ প্ৰতিষ্ঠানটোৱে জনায় প্ৰথমবাৰৰ বাবে খ্ৰীষ্টান উপাসনা গৃহবোৰ ভাঙি তাত পাৰ্কিং ব্যৱস্থা, বুটিক, বাগিচা আৰু ঘৰ দুৱাৰ নিৰ্মিত হৈ আছে।
ফ্ৰান্সৰ চিনেটে কৈছে দেশৰ ২৮০০ টা ধৰ্মীয়ভৱন উচ্ছেদ হোৱাৰ সম্ভাৱনাৰ কথা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সত আছিল ৪০০০০ জন যাজক। বৰ্তমান এই সংখ্যা কমি গৈ ৯০০০ জন হৈছে। বহু গীৰ্জাৰ ঠাইত নিৰ্মিত হৈছে মছজিদ। চেণ্ট ক্ৰিষ্টোফাৰৰ পুৰণি গীৰ্জা কুই মালাকফ নণ্টিছৰ ঠাইত গঢ় লৈ উঠিছে ফ’ৰকান মছজিদ। ইতিহাসবিদ ডিডিয়াৰ ৰিকনাৰে কৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই প্ৰথম গীৰ্জাবোৰ ভাঙি পেলোৱা হৈছে। কিছুমান অব্যৱহৃত গীৰ্জা জুমাৰ নামাজ পঢ়িবৰ কাৰণে ভাৰাৰ আবেদন কৰা হৈছে। জাৰ্মানীৰ ডাঙৰ ডাঙৰ গীৰ্জাবোৰ বিক্ৰী হৈ থকা বুলি জানিব পৰা গৈছে। ব্ৰাডেনবাৰ্গৰ ছেইণ্ট বাৰ্ণাড গীৰ্জাটোৰ দাম নিৰ্ধাৰিত হৈছে ১লাখ ২০ হাজাৰ ইউৰো। যোৱা দহ বছৰত এই এলেকাত এইটোকে লৈ পঁচিশটা গীৰ্জা বিক্ৰী হৈছে। ‘ঈশ্বৰ মৃত’ শ্ল’গান দি জাৰ্মানীৰ গীৰ্জাবোৰ বেচি দিয়া হৈছে।
সাপ্তাহিক আলোচনী স্পিৰিটৰ হিচাপ মতে অহা দুবছৰৰ ভিতৰত জাৰ্মানীৰ ৪৫ হেজাৰ গীৰ্জাৰ ১৫হেজাৰ উচ্ছেদ বা বিক্ৰী কৰা হ’ব। অৰ্থনৈতিক সমস্যাৰ কাৰণে নহয়, জাৰ্মানসকলে ক্ৰমে ধৰ্ম ত্যাগ কৰাৰ পৰিণতি। প্ৰতি ৭৫ ছেকেণ্ডত এজন জাৰ্মানে গীৰ্জালৈ যোৱা বন্ধ কৰি দিছে। জাৰ্মানীৰ ইভানজেলিকাৰ চাৰ্চ সম্প্ৰদায়ে ১৯৯০ চনৰ পৰা ২০১০ চনৰ ভিতৰত ৩৪০ টা গীৰ্জা বন্ধ কৰিছে। এতিয়া ইউৰোপত ধৰ্মৰ বিৰুদ্ধে কথা ক’বলৈ কোনেও ভয় নকৰা হ’ল। ইউৰোপত আধুনিক বিজ্ঞান আৰু আধুনিক চিন্তা চৰ্চাই মানুহৰ মন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি যুক্তিবাদী কৰি তুলিছে। জাৰ্মানীৰ প্ৰভাৱশালী দ্য স্পাইজেল সাময়িকীয়ে প্ৰকাশ কৰিছে স্পানদাউত চেণ্টা ৰাফায়েল গীৰ্জাক গেলামালৰ দোকানলৈ ৰূপান্তৰিত কৰিছে। কাৰ্ল মাৰ্ক্সৰ চহৰত এটা গীৰ্জা জিমত পৰিণত হৈছে। কোলন চহৰৰ এটা গীৰ্জাক বিলাসবহুল বাসভৱন কৰা হৈছে। ফ্ৰাংকফুৰ্টত যোৱা শতিকাৰ ৫০ৰ দশকত প্ৰোটেষ্টানৰ সংখ্যা আছিল ৪ লাখ ৬০হাজাৰ। এতিয়া কমি হৈছেগৈ ১ লাখ ১০ হাজাৰ।
নেদাৰলেণ্ডতো প্ৰতি সপ্তাহে দুটাকৈ খ্ৰীষ্টান ধৰ্মীয় ভৱন বন্ধ হৈ গৈছে। যাজক জন ষ্টুইটে কৈছে— এই খন দেশত প্ৰতি দেওবাৰে গীৰ্জাত কেথলিকৰ উপস্থিতি আছিল ইউৰোপৰ ভিতৰত আটাইতকৈ বেছি— ৯০ শতাংশ। বৰ্তমান উপস্থিতিৰ সংখ্যা ১০ শতাংশ লৈ নামি আহিছে। প্ৰতি বছৰে নেদাৰলেণ্ডত ৬০ টাকৈ উপাসনা গৃহ বন্ধ, উচ্ছেদ বা বিক্ৰী হৈ যায়। ১৯৭০ চনৰ পৰা ২০০৮ চনৰ ভিতৰত ২০৫ টা গীৰ্জা উচ্ছেদ কৰা হৈছে। তাৰে ১৪৮টাত পাতিছে লাইব্ৰেৰী, ৰেস্তোৰা, জিম, এপাৰ্টমেণ্ট আৰু মছজিদ। আমষ্টাৰডামৰ এটা গীৰ্জাত গঢ় লৈ উঠিছে ফিটকামি মছজিদ। এই চহৰৰ প্ৰোটেষ্টাণ্ট গীৰ্জা বোৰৰ সংখ্যা প্ৰতিবছৰে ৬০,০০০ টাকৈ কমিছে। এই হাৰত কমিলে ২০৫০ চনত চহৰখনত কোনো প্ৰোটেষ্টাণ্ট খ্ৰীষ্টান নাথাকিব। সম্প্ৰতি ইউট্ৰেষ্টট আৰু আমষ্টাৰডামৰ দুটা গীৰ্জা মছজিদলৈ ৰূপান্তৰিত হৈছে। পশ্চিমত এইয়ে হৈছে বৰ্তমান ধৰ্মীয় পৰিস্থিতি। তছলিমা নাছৰিনে গীৰ্জাসমূহৰ এই পৰিণতিলৈ চায়ে স্বতঃস্ফূৰ্তভাৱে কৈছিল— মছজিদ বোৰৰ ঠাইত হস্পিতেল, লাইব্ৰেৰী আদি সকলোৰে লাগতিয়াল প্ৰতিষ্ঠান হোৱা উচিত।
ইউৰোপৰ মানুহৰ চিন্তাচেতনালৈ পৰিবৰ্তন আনিছে বিজ্ঞানে আৰু আধুনিক শিক্ষাই। আমাৰ দেশত প্ৰচলিত শিক্ষাই সকলো পৰম্পৰা বুলি মানি ল’বলৈ শিকাইছে। প্ৰশ্ন কৰিবলৈ শিকোৱা নাই।
(প্ৰৱন্ধটো ডঃ অনিমা গুহৰ “ইউৰোপত ঈশ্বৰৰ মৃত্যু ঘটিল” প্ৰৱন্ধৰ আলম লৈ লিখা— লেখক)
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *