গল্প-কবিতা

চিলিকনৰ কাউৰী ‌।। অশ্বিনী কলিতা

চিলিকন সভ্যতাৰ চিলিকনৰ কাউৰীজাক ভীষণ উৎপতীয়া!
আমাৰ আত্মিক সহৃদয়তাত
ক্ৰমশঃ হেঙাৰ হৈ থিয় দিয়ে চিলিকনৰ কাউৰী।

সিহঁতে জাকি মাৰি উৰি ঢাকি ধৰে
ৰ’দৰ ঠিকনা, জোনাকৰ আলপনা।
বৰ নিৰ্মমতাৰে চিলিকনৰ কাউৰীয়জাকে মহতিয়াই যায়
শৈশৱ-কৈশোৰৰ অনুভৱৰ বকুল বন, যৌবনৰ সৃষ্টিৰ মৌবন।

চিলিকনৰ কাউৰীজাকৰ কৰ্কশ কোৰ্হালত মোলান পৰে
চিনাকী গাঁওখনিৰ পাহুৱাল ডেকাজাকৰ উদাত্ত সুহুৰিবোৰ,
বান্ধৈ বাঁহীৰ সুৰৰ মিতালীত বাঙ্ময় সেই বাখৰুৱা আলাপবোৰ।

চিলিকনৰ কাউৰীয়ে বুকুৰ উমেৰে লালন কৰে ডিজিটেল মকৰাবোৰক।
চিলিকনৰ কাউৰীজাকৰ বাবেই গাঁওবোৰৰ বকুল-বন্দুলীৰ ডালত
ডিজিটেল মকৰাৰ অলেখ অদেখা জাল,
য’ত মৃতদেহ হৈ ওলমি থাকে
সুৱাগমণি গাঁওবোৰ, মকুৱাফুলা বিলৰ পানী যুঁৱলিত
শেলুক বুটলা ল’ৰালিবোৰ।

আমাৰ চেতনাৰ ফেৰঙণিতো
ডিজিটেল মকৰাই তৰা অলেখ চিতিকা,
যাৰ তেজষ্ক্ৰীয় দংশনত আমি ক্ৰমশঃ ৰব’মেন।

Leave a Reply

Your email address will not be published. Required fields are marked *