জন লেননৰ “ইমাজিন” ।। দ্বীপেন শৰ্মা
১৯৭১ চনৰ ছেপ্টেম্বৰ মাহত জন লেননৰ কণ্ঠত মুক্তি লভা “ইমাজিন” নামৰ সাহসী গানটোৱে দেশৰ সীমাৰেখা ভেদি, ধৰ্ম আৰু ধৰ্মীয় সংঘাতবিহীন, লোভ আৰু ব্যক্তিগত সম্পত্তিবিহীন, যুদ্ধ আৰু হিংসাবিহীন এখন শান্তি আৰু সমতাৰ পৃথিৱীৰ সপোন দেখুৱায়।
জন লেননৰ সহজ-সৰল আৰু মৰ্মস্পৰ্শী পৰিৱেশনৰ এই গানটোৱে The Rolling Stone নামৰ বিশ্ববিখ্যাত সংগীত গোষ্ঠীয়ে ২০০৪ চনত বাছনি কৰা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৫০০-টা গানৰ ভিতৰত তৃতীয় স্থান লাভ কৰে।
ইয়াৰ আগেয়ে ১৯৬০ চনত লেনন আৰু পল মেকাৰ্টিনিয়ে আৰু দুজন সহযোগীৰে আৰম্ভ কৰা বীটল্চ (Beatles) নামৰ সংগীত গোষ্ঠীটোৱে দুই-তিনিবছৰতে জনপ্ৰিয়তা আৰু সন্মানৰ শীৰ্ষলৈ আৰোহণ কৰে। প্ৰধানকৈলেননে গীত ৰচনা কৰা এই বেণ্ডটোৰ সামাজিক প্ৰভাৱ ইমানেই গভীৰ আছিল যে ই “বীটল-মেনিয়া” নামৰ এক সামাজিক লক্ষণৰ সৃষ্টি কৰিছিল। তেনে প্ৰভাৱতেই ১৯৬৬ চনত লেননে এনেদৰে কৈ পেলালে, “আমি এতিয়া যীশুখ্ৰীষ্টতকৈও অধিক জনপ্ৰিয়। মই নাজানোঁ কোন প্ৰথম হ’ব—ৰক্ এণ্ড ৰ’ল নে খ্ৰীষ্টান ধৰ্ম”!
পিছে ১৯৬৯ চনত জন লেনন বীটল্চৰ পৰা আঁতৰি আহে আৰু ১৯৭০ চনত পল মেকাৰ্টিনিয়ে ইয়াক আনুষ্ঠানিকভাৱে ভংগ হোৱা বুলি ঘোষণা কৰে। ১৯৮০ চনত মাত্ৰ ৪০ বছৰ বয়সত আততায়ীৰ গুলিত জন লেননৰ মৃত্যু হয়।
জন লেননে “ইমাজিন” শীৰ্ষক গানটোক “শান্তিৰ হকে এক প্ৰচাৰ অভিযান” বুলি অভিহিত কৰিছিল। যোৱা শতিকাৰ ষষ্ঠ দশকত আৰম্ভ হোৱা প্ৰতি-সাংস্কৃতিক বিপ্লৱৰ সময়ত হাৰম্যান হেশ্বৰ “সিদ্ধাৰ্থ” নামৰ উপন্যাসখন জনপ্ৰিয় হৈ পৰাৰ দৰে কুখ্যাত ভিয়েটনাম যুদ্ধৰ সময়তে ১৯৭১ চনৰ মাৰ্চ মাহত লেননে লিখা এই ব্যতিক্ৰমী গানটো প্ৰতিবাদৰ এটি স্থায়ী গান আৰু বিশ্বজনীন আশাৰ এক প্ৰতীক হৈ পৰে।
“গ্ৰেমী হল অৱ ফেইম” সন্মান লাভ কৰা এই গানটোক ২০২৩ চনত আমেৰিকাৰ লাইব্ৰেৰী অৱ কংগ্ৰেছে জাতীয় তথ্যপঞ্জীত সংৰক্ষণ কৰিবলৈ নিৰ্বাচন কৰিছে “সাংস্কৃতিক, ঐতিহাসিক অথবা নান্দনিকভাৱে গুৰুত্বপূৰ্ণ” বাবে।
জন লেননৰ কালজয়ী গীতটি অসমীয়ালৈ এইদৰে ভাষান্তৰ কৰাৰ প্ৰয়াস কৰিলোঁ—
ভাবাচোন
ভাবাচোন একো নাই স্বৰ্গ বুলি
তেনেই সহজ যদি চোৱা চেষ্টা কৰি
তলতো নাই কোনো পাতাল আমাৰ
ওপৰত কেৱল আকাশ আমাৰ
ভাবাচোন সকলো মানুহ
আছে মাথো আজিৰ বাবে জীয়াই
ভাবাচোন দেশবোৰো নাই
ভাবিবলৈতো নহয় ইমান কঠিন
নাই প্ৰাণ ল’ব লগা অথবা দিবলৈ জীৱন
আৰু কোনো ধৰ্মও নাই
ভাবাচোন সকলো মানুহ
আছে শান্তিৰে জীৱন জীয়াই
হয়তো ক’বা তুমি এয়া মোৰ অলীক সপোন
পিছে নহয় যে মই অকলশৰীয়া
আশা কৰোঁ তুমিও আমাৰে যোগ দিবাহি এদিন
আৰু এখনেই যেন হ’ব পৃথিৱীখন
ভাবাচোন নিজা সম্পদবোৰো নাই
জাগি উঠে মন যদি তুমিও পাৰিলাহেঁতেন
নাই কোনো প্ৰয়োজন লোভত অথবা ভোকত
বুকুৱে বুকুৱে মানুহৰ মমতাবোধ।
ভাবাচোন মিলি মিলি সকলো মানুহ
ভগাই লৈছে গোটেই পৃথিৱীখন
হয়তো ক’বা তুমি
এয়া মোৰ অলীক সপোন
পিছে নহয় যে মই অকলশৰীয়া
আশাকৰোঁ তুমিও আমাৰে যোগ দিবাহি এদিন
আৰু হৈ মাথো এখন
জীয়াই থাকিব আমাৰ পৃথিৱীখন