সাধু ।। প্রিয়ংকা দাস
আমাৰ ডেউকাবোৰৰ উষ্ণতা জুখিবলৈ বৰগছজোপা এইখিনিতে থাকে।
মাজে সময়ে ভীষণ ৰ’দ
অথবা
মিচিক্মাচাক্ বৰষুণৰ টোপালতো
আমি বৰগছৰ তলেৰে
আহোঁতে
যাওঁতে
বৰগছৰ অক্ষিপটত
উতলে খোজৰ চিত্ৰায়ন
মোৰ
মাৰ
আইতাৰ
আমাৰ
কাৰ আছিল ডেউকাত তাপ?
কাৰ নাছিল খোজৰ হিচাপ?
আমাৰ ডেউকাবোৰৰ উষ্ণতা জুখিবলৈ বৰগছজোপা এইখিনিতে থাকে।
কথাবোৰ সন্তুষ্টিৰ গল্পৰ নিচিনাই।
সেউজ উপত্যকা এখনত আমি খিলখিলাই হাঁহো
চিঞৰি চিঞৰি মুক্তিৰ আখৰাৰে
শ্লোগানত ছৱি আঁকো
উদন্যা জিভাৰে মাটি চেলেকো
তাৰপাছত
দীঘলীয়া এঘুমটিৰ পৰা
আখৈ ফুটাৰ শব্দত সাৰ পাই
ভাবোঁ
আৰু
ভাবোঁ
আইতাই মাক
মাই মোক
কোঁচত লৈ হিকটিয়াই কন্দাৰ পৰত
বৰগছে জুখিছিল বুকুত গজা ডেউকাৰ তাপ?
সেই তাপত গজিছিল বৰগছৰ শিপা
আৰু
গজি মৰিছিল শিপাৰ সাহ
ডালে ডালে কাৰুণ্যৰ ঋতু ওলমা সময়ত
আমি কল্পনা কৰিমনে ডেউকা নভগাৰ চিত্ৰ?
দশকজুৰি
শোষণ
সংঘৰ্ষ
আৰু
সহাৱস্থানৰ বৈপৰীত্যত
ডেউকাবোৰ চোকা ৰ’দত সেকিবলৈ আমি বৰগছৰ ডালে ডালে বগাওঁ।
আমাৰ ডেউকাবোৰৰ উষ্ণতা জুখিবলৈ বৰগছজোপা এইখিনিতে থাকে।
ডেউকাবোৰ ৰ’দত সেকিবলৈ আমি বৰগছৰ ডালে ডালে বগাওঁ।
ডেউকাবোৰ ৰ’দত সেকিবলৈ আমি বৰগছৰ ডালে ডালে বগাওঁ।