পাপৰি বৰ্মনৰ ‘পৰুৱা পোহনীয়া’-ত অসম আন্দোলনৰ বাঁওপন্থী চহিদসকল আৰু নলবেইৰা উপভাষাৰ যুগপৎ আত্মপ্রকাশ : প্রয়োজন নতুন ঐতিহাসিক-আভিধানিক দৃষ্টিভংগীৰ ।। দ০ দেৱব্ৰত শৰ্মা
‘মুক্ত চিন্তা’-ৰ পাঠকসকলক জনাওঁ যে, যোৰহাটৰ জাতীয় অভিধান পথত অৱস্থিত জাতীয় ভৱনত জাতীয় ইতিহাসৰ কাম চলি আছে; তাৰ ভিতৰত অসম আন্দোলনৰ সম্পূৰ্ণ ইতিহাসৰ কামো আছে। সেই ইতিহাসত কঠিন নির্মেদ তথ্যও যেনেকৈ স্থান পাব; সৃষ্টিশীল সাহিত্যয়ো তেনেকৈ স্থান পাব। অলপতে, আমাৰ হাতত আহি পৰিছে নলবাৰীৰ পাপৰি বৰ্মনৰ ‘পৰুৱা পোহনীয়া’ নামৰ গল্প সংকলন এখন। বিভিন্ন জ্বলন্ত সামাজিক বিষয়ৰ সম্পৰ্কে লিখা কিতাপখনৰ এটা গল্পৰ ওপৰত আমি আজি পোহৰ পেলাম। সেয়া হ’ল ‘লিলিৰ এদিন’। অসম আন্দোলনৰ সময়ত আন্দোলনকাৰীৰ হাতত নিহত কমৰেদ দীন কলিতাৰ চহিদীৰ বিষয়ে গল্পটো লিখিত হ’লেও ইয়াত অসম আন্দোলনৰ উগ্ৰজাতীয়তাবাদী জিঘাংসা, পৈশাচিকতাৰ তেজৰ ছিটিকনি পৰিছে। যথাঃ
“ছহিদ কমঃ দীন কলিতা। স্মৃতি স্তম্ভ। জন্মঃ ২৯-৪-৪৫, মৃত্যুঃ ২৭-৩-৮৩। বিদেশী বিতাড়ণ আন্দোলনৰ দুষ্কৃতিকাৰীৰ হাতত নিহত অমৰ ছহিদ। লাল চালাম। চিপিআই (এম), টিহু”।
টিহুৰ চকত থকা উক্ত চহিদস্তম্ভৰ কথাখিনিয়েই পাঠকক ঘটনাটোৰ ঐতিহাসিক পটভূমি জনাই দিয়ে। ইয়াত অসম আন্দোলনৰ তীব্ৰ বামপন্থী বিদ্বেষৰ প্ৰতিফলন ঘটাই গল্পটোৰ এটা নলবইৰা-কামৰূপী সংলাপত কোৱা হৈছে—
“আন্দোলন কৰা মানুহ গেলাই আমাক দেখবায়ে নৰা হৈছি। অৱনী, অনিল, মনোৰঞ্জনহঁতক আছুৰ ছলি কেটামান কেনকে মাৰছি। ৰাস্তাত একলাই পাই তাহাতোক; এছ এফ আই বেটাহাতোক মাৰ বুলি খেদি যায় গাল-মুখ ফাটে দিছি—” কথাৰ শেষ নহয় লিলিৰ।
‘জাওৱেটো আইছি মুখ-হাত ধুবা দি কিবা খাবা দি সেলা নাই। জগতৰ অমংগেইলা কথাগেলা কৈ কৈ বাপাৰ মাথাটো গৰম কৰবা আইছা”৷
বলোৱাৰ মদন ডেকাৰ বৰ্বৰ হত্যাকাণ্ডৰ কথা আমাক পুনৰ মনত পেলাই দি লেখিকাই কৈছে—
“বলোৱাৰ মদন ডেকা যি। গৌহাটীৰ প্ৰাগজ্যোতিষ কলেজত পঢ়ি আছিল হা। এছ এফ আই, এছ এফ আই বুলি তাক বোলে বহুদিন আছুই মাৰিম বুলি গৌহাটীত থাকোতে ভাবুকি দিছিল। কলেজ বন্ধ থাকাই বাছত উঠি সি মনে ঘৰৰ লেগিন গৌহাটীৰ পেৰাই পলে আইভা লাগা হৈছি। পাছে ঘৰত আহাৰ পিছতো বোলে মদনক তাহুন বিচৰি আহে ৷ দীনৰ চকুহালিত শংকা, দুঃচিন্তা”।একেদৰেই আন্দোলনকাৰীৰ নৃশংসতাও নিহত মাধৱ বৰ্মনৰ হত্যাৰ কথা আমি ইয়াত এনেকৈ পাওঁ—
“ৰাতি এপৰ হৈছিল। এখন বিশৃংখল গাঁও মাধৱৰ চকুৰ সন্মুখত জোল ৰান্ধিবলৈ মোটোকা মাৰি ধৰা পাৰ চৰাইজনীৰ দৰে ধপাই থাকিল। পাঁচফুটীয়া নিয়মীয়া গঢ়ৰ মাগুৰ বৰণীয়া মাধৱৰ কলিজাটোক বৰদৈচিলাজাকে যেন বিবস্ত্ৰ কৰি পেলাইছিল। গোৱালপাৰা জিলাৰ বেংতল হাইস্কুলত ল’ৰা-ছোৱালীক পঢ়ুৱা তেত্ৰিছ বছৰীয়া মাধৱ বৰ্মনৰ গলগলীয়া কণ্ঠতো বতাহত কোব খাই ফাটি যোৱা কলপাতখিলাৰ দৰে হৈ পৰিছিল”।
এয়া মদন-মাধৱৰ নিৰ্মম হত্যাৰ বিশ্বাস্ত বিৱৰণ—
১৯৮০ চনৰ ২ জুলাই। গোস্বামী ছাৰ, প্ৰতুলহঁতে বাধা দিয়া সত্বেও মাধৱে চাইকেলখন লৈ পাৰ্টিৰ অফিচৰ পৰা ওলাই গৈছিল। অকলে যোৱা মাধৱক দেখি মদনেও পিছ লৈছিল— ‘হৌ, মাধৱ দা। ৰবা হা। বাপা ঔ কম বল নাই দে তোমাৰ দেহাত ৷ ফাইফাই চাইকেল চালাবা পাৰ”৷ মাধৱে হুমটুম নামতে। ‘তুমি যতে য ময়ো যাম’অলপ দূৰ যোৱাৰ পিছত কেঁকুৰিটোৰ ভাঁজটো নাপাওঁতেই মদনৰ চাইকেলৰ চেইনডাল পৰে৷ মাধৱে নিজৰ চাইকেলখন ষ্টেণ্ড কৰি থৈ যাব খোজো যে থৈ মদনৰ ওচৰ চপাৰ লগা লগে বহুজন ছাত্ৰ সন্থাৰ ল’ৰাই দুয়োকে বেৰি ধৰে। প্ৰথমে তর্কাতর্কি। পিছলৈ মাৰামাৰি৷ দুয়োৰে ডিঙিত পঘা বান্ধি ‘বিদেশী বহিষ্কাৰ’ৰ কৰা বুলি দিয়া ধৰ্ণাৰে যেন এটা কাৰ্যসূচী। আৰু শিল দিয়া আলিবাটত পৰি পৰি গ’ল ডিঙিত পঘা বান্ধি চোঁচোৰাই নিয়া মদন-মাধৱৰ দেহৰ ছাল বাকলি! দেশৰ গণতন্ত্ৰ সিদিনা জোল ৰান্ধিবলৈ ছাল চেলাই পেলোৱা কুকুৰা চৰাই এজনীৰ দৰে ভীত, কম্পিত, বিহ্বল! জুইত সেকা ৰুটীৰ টুকুৰাবোৰৰ দৰে বাটৰুৱাবোৰ। চৌমাৰি উছিন্ন থপিয়াই নিবলৈ অহা এজাক কাউৰীৰ নিচিনা আকাশত ডাৱৰ!
জাগাৰা হাইস্কুলৰ সন্মুখৰ বকুলজোপাত হাত দুখন পিছলৈ নি বান্ধি থোৱা আধামৰা মদন-মাধৱ। তামোল গছত বগাই থকা সতিনী পৰুৱাৰ দৰে এজাক ছাত্ৰসন্থাৰ ল’ৰা। মদনৰ বাপেক দৰ্জী। ভৰিৰ খোজ থৰক-বৰক৷ দৃষ্টি পিছে তীক্ষ্ণ। বাপেকে দেখিলে ল’ৰা এজনৰ পেণ্টৰ পিছপিনে খুচি থোৱা আছে দাখন৷ ল’ৰাজনে দাখন টান মাৰি উলিয়াই অনাৰ ক্ষণতে মদনৰ বাপেকে সর্বশক্তিৰে ‘নাকাইবি’ বুলি মৰা আটাহটো যেন জোঙা ছুৰি এখনৰ আগতহে লাগি ৰ’ল। আৰু কোমোৰা এটা ঘপিয়াই দিয়াৰ দৰে আৱাজ এটা—’ঘাপ’।”
সেইদৰেই এচ.এফ.আই.ৰ সদস্য নিৰঞ্জন তালুকদাৰৰ পৈশাচিক হত্যাকাণ্ডৰ বৰ্ণনাও আমি ইয়াত পাওঁ—
“নিৰঞ্জনৰ মাকক দেখি দীনই ভাবিছিল আকাৰ বাঢ়ি গ’লে সকলো বস্তু সামৰি থোৱা নাযায়। কি দেহ, কি চিন্তা। নিৰঞ্জনে মাকৰ বুকুৰ মাজত সোমায়ো বাচিব নোৱাৰিলে৷ ইপিনে ইহঁতেও তাক আন্দোলনকাৰীসকলৰপৰা বচাব নোৱাৰিলে৷ আনকি শটোও বিচাৰি মাকক চমজাই দিব নোৱাৰিলে। বাৰীত কাম কৰি থকা বাপেকে চোতালত হুলস্থূল শুনি দৌৰি আহিছিল। ধৰ্মী মাক। হালাল কৰাৰ পিছত ছটফটাই থকা গৰু-ছাগলীৰ দৰে মাকে নিৰঞ্জনৰ শটো সৎকাৰ কৰিবলৈ বিচাৰি ফুৰিছিল। চুবুৰিৰ উপৰিও আশ-পাশৰ পুখুৰী, খাল, পিটনি, পথাৰ য’ৰ-ত’ৰ ওচৰত মাক-বাপেকহাল ৰৈ গৈছিল। জানোচা ক’ৰবাত মদন-মাধৱৰ জঁকাৰ দৰে ওলাই পৰে বস্তাত বান্ধি মেটেকাৰ তলত সুকুৱাই থোৱা নিৰঞ্জনৰ সৈতে তাৰ কাপোৰ-কানিখিনি। টুকুৰা-টুকুৰ হৈ গেলি-পচি যোৱা নিৰঞ্জন আৰু তাৰ কাপোৰ ক’ৰবাত পৰি থকা দেখে বুলি এজনী মাছৰোকা চৰাইৰ চকুৰ দৰে মাকে চকুৰ দৃষ্টি বঢ়াই লৈছিল”।
এজাক পিশাচৰ সমবেত আক্ৰমণত মৃতপ্রায় দীন কলিতাৰ বিষয়ে আমি ইয়াত পাওঁ—
“লিলিৰ চকুহালিত কৰুণা গচক পৰা ভেকুলীটোৰ দৰে জঁপিয়াই আছে— ‘সৈনিক হস্পিতালত নিচিয়ে। বশিষ্ঠৰ। আমাৰ সৰ্বাই আৰ্মিত কৰেনা। তাৰে হস্পিতালত। বাইচপোৱে দীনকা। বাচপো। চাবি। গইধলা পথৰত গৰু-ছাগালোৰ খুটি উঘৰিবা য মানুহগেলাই পইৰ থাকা কাকাক দেখি দাঙি লৈ গৈছি। উঠ এ মাই। উঠ। হৌ বৌ। কেনাই কৰা এ তুহুন দুটাই। এনা কৰলি মই ইতা কাকাকে চাও না তুহু দুটাকে। হৌ কাকা ঔ!ঔ মাই। আমাৰ কাকা বাচপা লাগবৌ ঔ! উঠ ও মাই!’কৰুণাৰ বিশৃংখল শব্দবোৰে গোটেই চুবুৰিটোকে মূৰ জোকাৰি খেদি অহা খঙাল ষাঁড়গৰু এটাৰ দৰে খেদি আহিছিল”!
চহিদ অনিল পাঠক-কৈলাশ শৰ্মা
বজালী কলেজৰ সমুখত আন্দোলকাৰীয়ে দিনদুপৰতে দেগাৰ মাৰি হত্যা কৰা দুজন ছাত্র কমৰেদৰ কাহিনী এয়া—
“চাঙীত বান্ধি ৰাম ৰাম হৰি হৰি’ কৰি লৈ যোৱা শৰ যাত্ৰাটোৰ দৰে গুচি গৈছিল লিলিহঁতৰ জীৱনৰ একাল মূল্যৱান সময়! গিৰিয়েকৰ মৃত্যুৰ এমাহ নৌহওঁতেই ঘটা চুলিয়াপাৰাৰ অনিল পাঠক আৰু কৈলাশ শৰ্মাৰ মৃত্যুৰ কথা কৰুণাই তাইক যে কিমানবাৰ শুনাইছিল নহয়! ১৯৮৩ চনৰ ১৯ এপ্ৰিলত ছাত্ৰ-বৃত্তি আনিবলৈ যাওঁতেই বজালী কলেজৰ সন্মুখৰ ৰাজপথত উচ্চতৰ মাধ্যমিকৰ এই দুজন ছাত্ৰক ছাত্ৰসন্থাৰ ল’ৰাই ডেগাৰ মাৰি হত্যা কৰিছিল। টিহু হাইস্কুলত পঢ়া খলিহাগুৰিৰ পোন্ধৰ বছৰীয়া উদ্ধৱ পাঠকক এছ এফ আইৰ সক্ৰিয় কৰ্মী হোৱা বাবে আন্দোলনকাৰীয়ে ১৯৮৪ চনৰ জানুৱাৰীত নাথকুছি চ’কত ডেগাৰেৰে হানি হানি মাৰি পেলাইছিল। এই খবৰটোও কৰুণাই তাইক বাৰে বাৰে শুনাইছিল। শিশুক নিচুকাই ৰখা এইবোৰ খবৰে লিলিকো নিচুকাব বুলি কৰুণাই চাগে ভাবিছিল”।
আৰু এনেকৈয়ে এজন বাঁওপন্থী চহিদ কমৰেদ দীন কলিতাৰ পৰা আৰম্ভ কৰা গল্পটোৱে তেওঁৰ আন সতীর্থ মদন-মাধৱ-নিৰঞ্জন-অনিল-কৈলাশৰ তেজেৰে ৰঙা-ৰাঙলী হৈ আগবাঢ়ি যায়। উল্লেখ নাথাকিলেও গল্পটোৰ শৱ যাত্ৰাৰ মাজত আমি আমাৰ সতীৰ্থ নৃপেন-কমলাহঁতক দেখা পাওঁ।
এনেকৈয়ে পাপৰি বৰ্মনৰ ‘পৰুৱা পোহনীয়া’ৰ এটা গল্পৰ মাজেদিয়ে অসম আন্দোলনৰ উগ্ৰজাতীয়তাবাদী নৃশংসতা আৰু জিঘাংসাৰ স্বৰূপ উদঙাই দিছে আৰু আন্দোলনটোৰ বিকল্প ইতিহাসত সংযোজিত হোৱাৰ যোগ্যতা অৰ্জন কৰিছে। কিন্তু সংকলনখনৰ আন এটা দিশেও আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। সেয়া হ’ল ইয়াত ভাষা ব্যৱহাৰ৷ উদাহৰণস্বৰূপে ইয়াৰ ‘কাঠৰ বাকচ’ গল্পটোত বড়ো, আদিবাসীসকলৰ চাদ্ৰি, ৰাজবংশী, আন গল্পত মিঞা ভাষাৰ পয়োভৰ ঘটিছে।
জাতীয় অভিধানৰ বাবে নলবইৰা শব্দৰাজি
“মুক্ত চিন্তা”-ৰ পাঠকসকলক জনাওঁ যে আমি অবিৰতভাৱে অসমীয়া জাতীয় অভিধানৰ বাবে সংগ্ৰহ কৰি আছোঁ৷ এই কিতাপৰ পৰাও উবুৰাকটীয়া, আলাগ, হুমটুম, ভুখৰে, তে, বাইটাং বাইটাং, সেলা, গজমূৰা, ভিঠি ইঠা, মইনবেৰেৰ মেখলা পিন্ধা, পিতি, কাবাই, থৌগা, বৈৰী, কেওচা, দাইছে, দাগাপাখৰা, মাননাই মৰা, মাকচাই, আফলাই……. আদি।
সামৰণিত আছুৰ এজন স্থানীয় নেতাৰ বিষয়ে গল্পৰ গালি এষাৰ তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। যথা’ “দিগাম্বৰৰ ঘৰত, সপ্তাহত আর্মিয়ে কি বাল চুটাবা আইছিল এ? তাৰ লগত কাবাই লাগি পাট্টা পাব? সি ঘাগুমাল। আছু কৰলাক। আছুৰ কালত পুলিচৰ পেৰাই বাচপাৰ লেগিন সমখোৰ ঘৰত লুকাতে লুকাতে আকদিন যদি বাকৰ লেপত তলত সোমোই, আনদিনা বইনাকৰ। শেষত বইনাকটোৰ মাজ আইখখান ডাঙাৰ হতে উপায় নাপায় তিৰী কৰবা লাগা হলাক৷ দিগাম্বৰ গাঁইথাৰ গাঁঠিক গাঁঠি বুদ্ধি। বুটা যি সি”।
আমি ওপৰৰ কথাখিনি পাপৰি বৰ্মনৰ ‘পৰুৱা পোহনীয়া’ই সন্মাজনক মুনীন বৰকটকী বঁটা পোৱাৰ আগতেই লিখিছিলোঁ। বঁটা পালেও বা নাপালেও কথাখিনিৰ গুৰুত্ব একেই থাকিব। কিন্তু বঁটাটোৱে কিতাপখন অধিক আলোচনালৈ লৈ অনাৰ পৰিপ্ৰেক্ষিতত কওঁ, অসম আন্দোলন সম্পৰ্কে, তাৰ নৃশংসতা, তাৰ বাঁওপন্থী বিৰোধী জিঘাংসা সম্পর্কে পাপৰি বৰ্মনে লিখা আন এটা দীঘলীয়া গল্প ইতিমধ্যে আমাৰ হাতত পৰিছেহি। কোৱা বাহুল্য তাতো ব্যৱহাৰ হৈছে অসমীয়া ভাষাৰ নলবইবা উপভাষা, যি গল্পটোৰ জোৰ আৰু মেজাজ দুগুণে বঢ়াইছে। অসমৰ এখন প্ৰগতিশীল আলোচনীলৈ সেইটো প্ৰকাশৰ বাবে পঠোৱা বুলি লেখিকাই জনাইছে।
‘পৰুৱা পোহনীয়া’ৰ ‘লিলিৰ এদিন’ৰ লগত উক্ত অপ্রকাশিত গল্পটো যোগ দিলে আমি দেখা পাম দুটা কথা ৷ এক, সৃষ্টিশীল লেখকৰ মেজত অসম আন্দোলনৰ মৰণোত্তৰ পৰীক্ষাৰ ক্ষুৰধাৰ চুৰীখন চলিব লাগিছে। দুই, তথাকথিত মান্যতাৰ লক্ষণৰেখা চেৰাই উপভাষাবোৰ নিজকে সাব্যস্ত কৰা আৰম্ভ কৰিছে। নতুন ঐতিহাসিক-আভিধানিক দৃষ্টিভংগীৰে আমি এই দুয়ো ধাৰাৰে আদৰণি জনাওঁ।
(লেখক অসমীয়া জাতীয় অভিধান আৰু জাতীয় ইতিহাসৰ মুখ্য সম্পাদক)