সামাজিক দায়বদ্ধতা আৰু সততা : এটি চমু টোকা ।। নৱজ্যোতি বড়া
মানুহ সামাজিক জীৱ। সমাজ এখন পাতি জীয়াই আছোঁ যেতিয়া সামাজিক দায়বদ্ধতা আৰু সততা নামৰ এই চিনাকি মূল্যবোধৰ লগত আমি চিৰপৰিচিত। সামাজিক দায়বদ্ধতা মানে কোনো ব্যক্তিবিশেষ বা অনুষ্ঠান-প্রতিষ্ঠানে সমাজৰ উপকাৰ আৰু আনৰ মংগলৰ প্ৰতি সন্মান জনাই কৰা কামৰ কথাকে বুজায়। আনহাতে, সামাজিক দায়বদ্ধতাৰ এক আৱশ্যকীয় মৌলিক উপাদান হ’ল সততা। সামাজিক দায়বদ্ধতাৰ বাবে সততা আটাইতকৈ প্রয়োজনীয় বস্তু। সততাই এজনে আনজনৰ মাজত বিশ্বাস গঢ়ি তুলি সামাজিক সু-সম্পর্ক বর্তাই ৰখাত সহায় কৰে। সামাজিক দায়বদ্ধতা থকা ব্যক্তি এজনৰ সততা থাকিবও পাৰে অথবা নাথাকিবও পাৰে। আজিৰ সামাজিক ব্যৱস্থাত কিছু কিছু ক্ষেত্রত ধন-ঐশ্বর্য, সামাজিক-বৌদ্ধিক আধিপত্য বিস্তাৰৰ প্ৰদৰ্শনকামিতাৰ হাৰ বৃদ্ধিৰ সমান্তৰালভাৱে সততা আৰু নৈতিকতাবোধৰ পৰিমাণ ক্রমে নিম্নগামী হোৱা দেখিবলৈ পোৱা গৈছে। এয়া নিশ্চয় শুভলক্ষণ নহয়। দিন-হাজিৰা কৰি পৰিশ্ৰম কৰা এজন ব্যক্তিৰ ঠগ-প্রবঞ্চনা আদি অসৎ মনোবৃত্তি নাথাকিবও পাৰে। কিন্তু আর্থিকভাৱে স্বচ্ছল প্রতিষ্ঠিত ব্যক্তিয়ে সততা-নৈতিকতাবোধৰ মূল্যবোধক বিসর্জন দিবও পাৰে। উচ্চ শিক্ষাৰে শিক্ষিত, নিজৰ কৰ্মত পাৰ্গত হ’লেই কোনো ব্যক্তিৰ যে সততা আৰু নৈতিকতাবোধ থাকিব সেয়া বিশ্বাস কৰাটো কঠিন।
সামাজিক দায়বদ্ধতাৰ লগত আমাৰ কাৰ্য আৰু ইয়াৰ প্রভাৱ আনৰ ওচৰত জবাবদিহি হোৱাটো জড়িত হৈ থাকে। আস্থা আৰু সম্মানৰ ভেটি সততাৰ লগত আমাৰ কথা-কামৰ স্বচ্ছতা আৰু আন্তৰিকতাও সংমিশ্রিত হৈ থাকে। সেয়ে সমাজ আৰু সুস্থ বাতাবৰণৰ স্বাৰ্থত আমাৰ সকলো পাৰস্পৰিক ক্রিয়া-কলাপত সত্য আৰু স্বচ্ছ (নিকা) হোৱাৰ যত্ন কৰিব লাগে। ঈর্ষা, হিংসা-কপটতাৰ পৰিৱৰ্তে ব্যক্তিৰ কাম-কাজত সততা, দয়া, সহানুভূতি, সহযোগিতা আদি মানৱীয় গুণবোৰৰ আত্মপ্রকাশ কৰিবলৈ চেষ্টা চলাব লাগে। এনে মূল্যবোধক আঁকোৱালি লৈ আমি এনে এখন সমাজ গঢ়াৰ আখৰা কৰিব পাৰোঁ, যি পূর্বতকৈ সকলোৰে বাবে অধিক ন্যায়সংগত, সমতাপূর্ণ আৰু বহনক্ষম।