নিবন্ধবিজ্ঞান-প্ৰযুক্তি

বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্ৰত ডায়েবেটিছ ।। ডা: কুঞ্জন শইকীয়া

যিসকল বয়োজ্যেষ্ঠ লোকৰ বয়স ৬৫ বছৰৰ ওপৰৰ তেওঁলোকৰ কিছুমান বিশেষ সমস্যা থাকে, যেনে—
(ক) আন আন বিভিন্ন ৰোগত তেওঁলোক ভুগি থাকে, উদাহৰণস্বৰূপে পক্ষাঘাত, ডিমেনছিয়া অর্থাৎ স্মৃতিশক্তি লোপ পোৱা বা কম হৈ যোৱা, চকুৰ কেটেৰেক্ট বা ৰশ্মি কমি যোৱা, কাণৰ শ্ৰৱণ শক্তি কম হৈ পৰা, হৃদৰোগ, হজম শক্তি হ্ৰাস, স্নায়ুৰ দুৰ্বলতা, মাংসপেশীসমূহ দুৰ্বল হৈ পৰা, দেহৰ ভাৰসাম্য নোহোৱা হোৱা ইত্যাদি।
(খ) তেওঁলোকে সেয়ে বহু ক্ষেত্ৰত নিজৰ যতন নিজে ল’ব নোৱাৰা হয়। ঔষধসমূহৰ নিয়মিত গ্ৰহণত খেলি-মেলি লগোৱা, দৰৱ খাবলৈ পাহৰি যোৱা, ইনচুলিন লৈ খাবলৈ পাহৰি যোৱা আৰু গুৰুতৰভাৱে গ্লুকজ কমি যোৱা, ইনচুলিন সঠিক পৰিমাণে ল’ব নোৱাৰা ইত্যাদি সমস্যাবোৰ হয়। পৰিয়ালৰ লোকৰ যতন এই সময়ত অতি প্রয়োজনীয় হয়। যিসকল বয়সীয়া লোক অকলে থাকে তেওঁলোকৰ বাবে নিজৰ ৰোগৰ চিকিৎসা ডাঙৰ সমস্যা হৈ দেখা দিব পাৰে।
(গ) ৬৫ বছৰৰ ওপৰৰ সকলো বয়স্ক লোকৰে স্মৃতিশক্তিৰ পৰীক্ষা এজন অভিজ্ঞ নিউলজিষ্ট বা মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা কৰাটো প্রয়োজন। ইয়াৰ বাবে ৰোগীসকলে নিজে বা তেওঁলোকৰ পৰিয়ালৰ লোকে আগবাঢ়ি যাব লাগে। বয়সীয়া লোকৰ স্মৃতিশক্তি লোপ পোৱাআলজাইমাৰ অসুখ বা আন তেনেধৰণৰ ৰোগ বেছিকৈ হয়। সোনকালে এয়া ধৰা পৰিলে তাৰ বাবে ঔষধ আৰম্ভ কৰিব পাৰি আৰু মধুমেহ ৰোগৰ চিকিৎসাৰ পদ্ধতিত বিভিন্ন সালসলনি কৰিব পাৰি।
(ঘ) ৰোগী আৰু পৰিয়ালৰ লোকে এই বিষয়ে জানিব লাগিব যে ডেকা মানুহৰ ক্ষেত্ৰত যেনেদৰে এটা কটকটীয়া গ্লুকজৰ মাত্ৰাক চিকিৎসাৰ লক্ষ্য হিচাপে লোৱা হয়, তেনেদৰে বয়স্ক মানুহৰ ক্ষেত্ৰত কৰানহয়। আপেক্ষিকভাৱে যিসকল ৰোগীৰ জটিলতা কম তেওঁলোকৰ বাবে গ্লাইকছেলেটেড হিম’গ্লবিনৰ পৰিমাণ ৭-৭.৫% ৰখা হয়। কিন্তু যিসকলৰ হৃদৰোগ, বৃক্কৰ বিকলতা আদি বিভিন্ন জটিলতা আছে আৰু যাৰ স্মৃতিশক্তি কমি গৈ ডিমেনছিয়াত ভুগি আছে বা অকলশৰীয়াকৈ থাকে তেওঁলোকৰ বাবে গ্লাইকছেলেটেড হিমগ্লবিন ৮% ৰ আশে-পাশে থাকিলেও যথেষ্ট হয়। এয়া এই বাবেই কৰা হয় কাৰণ খুউব আদর্শ গ্লুকজৰ মাত্ৰা এটা লক্ষ্য হিচাপে ল’লে হাইপগ্লাইছেমিয়াৰ সম্ভাৱনা বাঢ়ি যায় আৰু বয়সীয়া লোকৰ বাবে এনে গ্লুকজৰ মাত্ৰা বেছিকৈ কম হোৱা বিপজ্জনক কথা হ’ব পাৰে।
(ঙ) চিকিৎসকে এনে বয়সীয়া লোকৰ চিকিৎসা প্রণালী যিমান পৰা যায় সৰল কৰিবলৈ বিচাৰে যাতে ঔষধ আৰু ইনচুলিন অতি বেছি হৈ নপৰে। কাৰণ কেইবাবিধো ঔষধ খোৱাটো ৰোগীৰ বাবে কষ্টকৰ হ’ব পাৰে আৰু বহু সময়ত তেওঁলোকে এই বিষয়ে মনত ৰখাৰ অসুবিধা দেখা দিয়ে। সেয়ে কম সংখ্যক ঔষধেৰে সৰল চিকিৎসা পদ্ধতি এটা ল’বলৈ চিকিৎসকসকলে চেষ্টা কৰে।
(চ) সকলো বয়স্ক লোকেই তেওঁলোকৰ সক্ষমতা অনুযায়ী শাৰীৰিক ব্যায়ামৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। তাৰ বাবে প্ৰয়োজন হ’লে ব্যায়ামৰ বিশেষজ্ঞৰ লগতো অনুশীলন কৰিব লাগে। বয়স বঢ়াৰ লগে লগে মাংসপেশী আৰু স্নায়ুতন্ত্ৰৰ যি অৱশ্যম্ভাৱী ক্ষয় হয়ষ তাৰ মোকাবিলা কৰাৰ বাবে উপযুক্ত ব্যায়ামৰ প্ৰয়োজন হয়। আজিকালি খোজ কঢ়া, লাহে লাহে দৌৰা আদিৰ লগতে বাৰবেল, ডাম্বেল আদিৰেঅনুশীলন কৰা ৰোগীৰ বাবে দৰকাৰী বুলি কোৱা হৈছে। এলে কৰিলে গ্লুকজৰ নিয়ন্ত্ৰণ ভাল হোৱাৰ লগতে মাংসপেশীসমূহ শক্তিশালী হয়। ফলত বয়সৰ লগে লগে যি ভাৰসাম্য হেৰুৱা আৰু সঘনাই পৰি যোৱা, বহাৰ পৰা থিয় হ’ব নোৱাৰা আদি যি দুৰ্বলতাসমূহে দেখা দিয়ে, তাক দূৰত ৰাখিব পৰা যায়। খাদ্যৰ প্ৰতিও সেইদৰে চকু ৰাখিব লাগে। বয়সীয়া ৰোগীয়ে যাতে যথেষ্ট পৰিমাণে প্ৰটিন খাদ্যত পায়ষ সেয়া লক্ষ্য কৰা উচিত। লগতে বিভিন্ন ভিটামিনযুক্ত শাক-পাচলি আৰু ফলমূলসমূহ উচিত পৰিমাণে খাব লাগে। এনেদৰে নিয়ম মানি চলিলে সকলো মধুমেহৰ ৰোগীয়ে পিছৰ বযসতো সুস্থ হৈ সুন্দৰ জীৱন-যাপন কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *