গল্প-কবিতা

দুটি কবিতা ।। উপাসনা বৰদলৈ

স্পৰ্শ
শাওনৰ ধলত স্থানু হৈ ৰয়
উশাহৰ ঘৰবোৰ,
মাহৰ পাছত মাহ।
উশাহবোৰ জাল এখনৰ দৰে দেখা যায়।
জী থকা ছাল এখন চুই চাবলৈ
উশাহবোৰে বাহৰ পাতে,
কোনোবাদিনা পথাৰৰ আলি গৰকি আগবাঢ়ে,
শিমলুতলত গুণগুণাই বহি ৰয়।

আহিনৰ দুপৰীয়া এটাত
জীয়া ছালখনে মেৰিয়াই ধৰিছিল উশাহবোৰক
ভৰ দুপৰীয়াটোক শোটোৰা ছালৰ বুঢ়া এজনৰ দৰে দেখা গৈছিল।
উশাহবোৰে জীয়া ছালখনৰ বিন্দু বিন্দু ঘামবোৰ গণিছিল,
এক, দুই, তিনি……।

কোনোবা এটা মাজনিশা
উশাহবোৰ আইৰ কাষ চাপে,
কুৰুকি কুৰুকি নিশাটোৰ গহ্বৰলৈ সোমাই যায়
তেতিয়া নিশাটোক বিনাই থকা কেতেকীজনীৰ দৰে দেখা যায়।
জিকাফুলৰ দৰে জীয়া ছালখনে বাৰু গণিছে নেকি—
কুকুৰাৰ ডাকবোৰ?
অথবা নঙঠা চহৰখনৰ উকিবোৰ?
উশাহবোৰে তেতিয়া আইৰ হৃদস্পন্দন গণে,
এক, দুই, তিনি,……।

জাৰৰ মালিতা
জাৰৰ দিনৰ পুৱাবোৰত
শ্বল এখন গাত মেৰিয়াই
মায়ে খোজ কাঢ়ে পদূলিত,
পিন্ধি থকা মোজাযোৰৰ
ঘূগুলা আঁতৰাই মিহি কৰিব খোজোঁ।

ৰ’দঘাই চোতালখনক সুমথিৰা এটাৰ দৰে দেখি,
আবেলিটোত মানুহবোৰ পুৰঠ হয়।
ৰঙা চাহৰ ফুৰফুৰিয়া গোন্ধত আৰু
এহালি চকুৰ ছায়াঘন গধূলিত
গাঁও এখন ওপঙি থাকে।

জুই একুৰাৰ চৌকাষে নিশাটো দুলি থাকে,
পোৰা আলুৰ চিকচিকিয়া ক’লা চামনিখন যেন
শেষনিশালৈকে জুইৰ কাষত বহি ৰোৱা ‘দূৰ্গা’!
প্ৰেতনীৰ দৰে দেখা দূৰ্গা!
‘গিৰিবালা’ক কেটেৰা-জেঙেৰা কৰা দূৰ্গা!

Leave a Reply

Your email address will not be published. Required fields are marked *