বিবিধ চিন্তা

কমৰেড ভগতলৈ এখন মুকলি চিঠি‌।‌। অভিৰাজ দত্ত

কমৰেড ভগৎ,

সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিবা।
ভাবিলোঁ, তোমাক দেশৰ কিছু কথা বৰ্ণনা কৰি এখন চিঠিকে লিখোঁ।স্বাধীনতাৰ পূৰ্বে তুমি এদিন কৈছিলা, “যদি ভাৰতত সমাজবাদ প্ৰতিষ্ঠা নহয় ভাৰত বৃটিছৰ পৰা স্বাধীন হ’লেও এছাম পুঁজিপতিৰ পৰা নহ’ব। দেশৰ ক্ষমতাৰ বাঘজৰীডাল বগা বৃটিছে এৰি দিব কিন্তু সেইডাল আকৌ ক’লা বৃটিছে (পুঁজিপতি) ল’ব।”
তুমি ১০০ বছৰৰ আগতেই কৰা এই ভৱিষ্যতবাণী আজি সম্পূৰ্ণকৈয়ে ফলিয়াইছে। আজি দেশখনৰ ক্ষমতাৰ বাঘজৰীডাল সেই পুঁজিপতিবোৰৰ হাতত ন্যস্ত। আজি তোমাৰ দেশত খেতিয়ক,শ্ৰমিক, দিন-দৰিদ্ৰ, নাৰী সকলো ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে নিযাৰ্তিত। দেশত পুঁজিপতিয়ে আজি হাজাৰ কোটি টকা খৰছ কৰি বিয়া পাতিছে। অথচ সেইখন দেশতে ১৬%ত কৈ অধিক লোকে দৈনিক খালি পেটেৰে থাকে।

ভগৎ, ১৯২৭ চনৰ জুন মাহৰ কৃতি আলোচনীত তুমি “COMMUNAL RIOTS AND THEIR SOLUTIONS” নামৰ এটা নিবন্ধ লিখিছিলা। সেইসময়ৰ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট, সাংবাদিকতা, মাৰ্ক্সবাদ, পুঁজিবাদ এই সকলোবোৰক সাঙুৰি লিখা লেখাটো মই ভাবোঁ, তুমি আজিলৈকে লিখা লেখাসমূহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ লেখা। তাত তুমি কৈছিলা, “দুখীয়া মানুহ, শ্ৰমিক আৰু কৃষকসকলক স্পষ্টকৈ শিকাব লাগিব যে তেওঁলোকৰ প্ৰকৃত শত্ৰু হৈছে পুঁজিপতি। গতিকে, আপুনি তেওঁলোকৰ কূটনীতিৰ প্ৰতি সাৱধান হোৱা উচিত আৰু তেওঁঁলোকক অন্ধভাৱে অনুসৰণ কৰা উচিত নহয়। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পৃথিৱীৰ দুখীয়া, ধনী সকলোৰে একে অধিকাৰ আছে। গতিকে ধৰ্ম, জাতি, আঞ্চলিকতাবাদৰ ভেদাভেদ এৰি একত্ৰিত হৈ চৰকাৰৰ ক্ষমতা নিজৰ হাতত ল’বলৈ চেষ্টা কৰক।”

তুমি দিয়া এই পৰামৰ্শ আজি কিছু কৃষক-শ্ৰমিকে আদৰ্শৰূপে লৈছে যদিও সৰহসংখ্যকে নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ এতিয়াও অপাৰগ। যিসকল কৃষকে নিজৰ অধিকাৰৰ বাবে মাত মাতি গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিছিল, তেওঁলোকক দিল্লীৰ ৰাজপথত সন্ত্ৰাসবাদীৰ দৰে মৃত্যুদণ্ড দিয়া হ’ল। বহুতক খালিস্তানী আখ্যা দিয়া হ’ল। আজিও তোমাৰ দেশত কৃষকে নিজৰ অধিকাৰৰ বাবে বছৰ-বছৰ ধৰি দিল্লীৰ ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে, নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে। এয়াই বিশ্বৰ সবাতোকৈ ডাঙৰ গণতান্ত্ৰিক দেশৰ বৰ্তমানৰ পৰিস্থিতি।

ভগৎ, তুমি সেই একেটা লেখাতে শিখ, হিন্দু আৰু মুছলমানৰ মাজৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু বাতৰি কাকত সম্পৰ্কে কৈছিলা, “আজি ভাৰতৰ ভৱিষ্যত অতি অন্ধকাৰময় যেন লাগিছে। এই ধৰ্মসমূহে ভাৰতক ধ্বংস কৰি পেলাইছে আৰু এই সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ভাৰত কেতিয়া মুক্ত হ’ব কোনেও নাজানে। এই সংঘৰ্ষবোৰে বিশ্বৰ মঞ্চত ভাৰতক লজ্জিত কৰি তুলিছে আৰু আমি দেখিছো যে সকলোৱে অন্ধবিশ্বাসৰ বানপানীত নিজকে উটুৱাই লৈ গৈছে……”

“সাম্প্ৰদায়িক হিংসাৰ উচটনি দিয়াৰ আনটো আহিলা হ’ল ৰাইজৰ বাবে লিখা বাতৰি কাকত। এসময়ত সাংবাদিকতাৰ বৃত্তিটোক সন্মানজনক বুলি গণ্য কৰা হৈছিল যদিও আজি ই এক লেতেৰা বৃত্তিত পৰিণত হৈছে। এই লোকসকলে আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ শিৰোনামেৰে লিখে যিয়ে সম্প্ৰদায়সমূহৰ মাজত ঘৃণা আৰু শত্ৰুতা বঢ়াই তোলে। ই কোনো মিছা অভিযোগ নহয়, অসংখ্য উদাহৰণ দিব পাৰি য’ত এই বাতৰি কাকতসমূহত লিখা লেখাৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছে।”

ভগৎ, বৰ্তমানৰ পৰিস্থিতি তুমি তেতিয়া লিখাতকৈও অধিক ভয়াৱহ। আজি এছাম হিন্দুৱে নিজৰ প্ৰতিপত্তি দেখুওৱালৈ মছজিদৰ সন্মুখত গৈ “জয় শ্ৰী ৰাম” ধ্বনি দিয়েগৈ। মোনাত গৰু মাংস নিয়াৰ অভিযোগ তুলি বৃদ্ধ মুছলমান ব্যক্তিক ৰাস্তাতে মাৰ-পিট কৰা হয়। এছামে হিন্দুৰাষ্ট্ৰৰ দাবীও কৰে।

আকৌ,কোনো হিন্দুৱে যদি মুছলমানৰ পূজনীয় মহস্মদ অথবা আল্লাৰ বিষয়ত কোনো অশোভনীয় মন্তব্য কৰে, তেন্তে মুছলমানে তাৰ প্ৰত্যুত্তৰ দিয়ে হিন্দুক মাৰি-কাটি।

মুঠৰ ওপৰত দেশখনত সাম্প্ৰদায়িকতাৰ এক বিষবাম্প বিয়পি পৰিছে। অধিকাংশ সাংবাদ মাধ্যমে ইয়াত ঘিঁউ ঢালি নিজৰ ৰুটি সেকিছে।

ভগৎ, সংবাদ মাধ্যম এতিয়া চৰকাৰৰ কোলাত (গোডীত) বহি লৈছেগৈ। চৰকাৰৰ বিপক্ষে টু-শব্দ এটা ক’বলৈকো অথবা লিখিবলৈ এওঁলোকৰ সাহস নাই। যি দুই-এজন সাংবাদিকে চৰকাৰৰ বিপক্ষে লিখে তেওঁলোকৰ পিঠিত “এণ্টি-ইণ্ডিয়ান” ৰ ষ্টাম্প এটা মাৰি দিয়া হয়।

ভগৎ , তুমি জানো নাস্তিক নাছিলা!!
“Why i am an atheist” শীৰ্ষক ৰচনাত তুমি যিদৰে ঈশ্বৰৰ অস্তিত্বক নাকচ কৰিছিলা আজি সেই কথা ভাৱিলেও আচৰিত লাগে। যিসময়ত দেশত শিক্ষাৰ পোহৰেই পৰা নাছিল, ধৰ্ম-জাত-পাত ইত্যাদিক লৈ দেশখন ব্যস্ত আছিল, তেনে এক সময়তে তুমি অকাট্য যুক্তি প্ৰদৰ্শন কৰি ঈশ্বৰৰ অস্তিত্বক নাকচ কৰি দিছিলা।

কিন্তু ভগৎ , আজি দেশত শিক্ষাৰ পোহৰ পৰাৰ পাছতো, বিজ্ঞান-প্ৰযুক্তিয়ে চাৰিওফালে দপদপাই থকাৰ পাছতো, দেশত কিন্তু ঈশ্বৰৰ নামত বেপাৰ চলিয়েই আছে। ২১-২২ বছৰীয়া ডেকা ল’ৰাই আজিকালি ধৰ্মৰ পাঠ পঢ়ুৱায় আৰু তাকে শুনিবলৈ হাজাৰ-হাজাৰ মানুহ ঢপলিয়াই যায়।এইবোৰ দেখি-শুনি খুব দুখ লাগে জানা ভগৎ !! যি বয়সত তুমি ফাঁচীৰ জৰী ডিঙিত লগাই দেশৰ বাবে আত্মবলিদান দিছিলা,এতিয়া সেই একে বয়সৰ যুৱক ধৰ্মৰ কানি খাই মতলীয়া।

ঈশ্বৰৰ দূত বুলি কোৱা স্বয়ম্ভু বাবাবোৰেও দেশৰ শিক্ষিত মানুহক এনেদৰে “Brain Wash” কৰিলে যে স্বয়ম্ভু বাবাৰ বিষয়ে সমালোচনাত্মক মন্তব্য কৰিলেই তেওঁলোক জাঙুৰ খাই উঠে। ধৰ্ষণৰ অভিযোগত অভিযুক্ত আশাৰাম, ৰাম-ৰহিমক ন্যায়লয়ে শাস্তি বিহাৰ পাছতো তেওঁলোকক নিৰপৰাধী বুলি ভবা অন্ধ অনুগামী ভক্তও এই দেশতে অসংখ্য আছে। আজি নিজকে কোনোবাই নাস্তিক বুলি কোৱা মাত্ৰকে এইখন দেশত কওঁতাজন হিন্দু হ’লে এণ্টি-হিন্দু , মুছলমান হ”লে, এণ্টি মুছলিম নাম পায়। আন ধৰ্মৰ ক্ষেত্ৰতো একেই।

আজি এনে পৰিস্থিতিত তোমাৰ দৰে এজন যুক্তিবান নাস্তিকৰ প্ৰয়োজনীয়তা ভাৰতবৰ্ষই মৰ্মে মৰ্মে উপলব্ধি কৰিছে।

ভগৎ তুমি হেনো মাৰ্ক্সবাদত বিশ্বাসী আছিলা। তুমি বিচাৰিছিলা যে ডাঙৰ ব্যৱসায়ৰ পৰা নিবনুৱালৈকে, পুঁজিপতিৰ পৰা কৃষক-শ্ৰমিক সকলোৱে সমান অধিকাৰ পায় আৰু এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠিত হয়। কিন্তু ভগৎ তুমি কল্পনা কৰা সেই সাম্যবাদী ভাৰতখন আজি তোমাৰ কল্পনাৰ পৰা বহু দূৰত।
আজি ভাৰতৰ পৰিস্থিতি তুমি ভবাতকৈ সম্পূৰ্ণ ওলোটা। আজি দেশৰ সকলোবোৰ সম্পত্তি-সম্পদ পুঁজিপতিৰ হাতত ন্যস্ত। কৃষক-শ্ৰমিকে আজি তোমাৰ স্বাধীন দেশত শ্ৰমৰ মূল্য নাপায়। ঋণত পোত গৈ আজি দেশৰ প্ৰান্তে-প্ৰান্তে বছৰি হাজাৰজন কৃষকে আত্মহত্যা কৰিছে। নিজৰ পাবলগীয়া মূল্যৰ বাবে তেওঁলোকে হাহাকাৰ কৰি ফুৰিছে। নাৰীয়ে নিজৰ অধিকাৰৰ বাবে ন্যায়লয়ৰ দুৱাৰে-দুৱাৰে টুকুৰিয়াছে।

আজি বহুত কথাই তোমাক ক’লো ভগৎ। হয়তো,কথা খিনি পঢ়ি তোমাৰ বেয়া লাগিছে। কিন্তু বৰ্তমানৰ ভাৰতবৰ্ষৰ ছবি থুলমূলকৈ এইখনেই।

ভগৎ , শেষত তোমাৰ আদৰ্শৰ অনুসৰণকাৰী হিচাপে তোমাৰ ওচৰত ক্ষমা খোজাৰ বাহিৰে আমাৰ যেন আন একো গত্যন্তৰ নাই। ক্ষমা কৰিবা, তোমাৰ সপোনৰ সেই সমাজবাদী আৰু সাম্যবাদী ভাৰতবৰ্ষখন আমি গঢ়িব নোৱাৰিলোঁ।

ইতি,
তোমাৰ বন্ধু,
কমৰেডসকল।

সহায়ক উৎসঃ

1/COMMUNAL RIOTS AND THEIR SOLUTIONS:Bhagat Singh

2/Why i am an Atheist :Bhagat Singh

Leave a Reply

Your email address will not be published. Required fields are marked *