গল্প-কবিতা

শতাব্দীৰ গান‌।‌। বিমল কুমাৰ শৰ্মা

শোণিতৰ সেন্দূৰীয়া আলিয়ে
চৌপাশ জঁয়াল কৰে
ৰেডক্লিফ গাঢ় হয়
বাৰুদৰ ঘ্ৰাণত
চেতনা জাগ্ৰত হয়
কাৰাগাৰত আহত সৈনিকৰ
জিজ্ঞাসাই উন্মাদ কৰে কুৰুক্ষেত্ৰ
বিপৰ্য্যস্ত বাপুজীৰ শীৰ্ণ
দেহ নিথৰ হয়,
মাতাল অনুৰাগত ৰংঙচুৱা
স্বদেশৰ খণ্ডিত শৌৰ্য্য
পদদলিত, পক্ষাঘাতাক্ৰান্ত।

ইতিহাস উপেক্ষিত,
পাৰস্য আৰু আফগানৰ
সভ্যতা নতুবা বৰ্বৰতা,
মহাদেশীয় ক্ৰুৰতাই কঢ়িয়াই
ৱাশ্বিংটনৰ ক্ষেপনাস্ত্ৰ
ভূপতিত কোৰিয়ান উপকূলত।
জ্বলি থাকে বহ্নিশিখা
শৰণাৰ্থী শিশুৰ ছিৰিয়া,
ভাগ্য, দুৰ্ভিক্ষৰ গ্ৰাসত।

সপোন হেৰায়,
লেবাননী গাভৰুৰ
নীলাভ নয়নত হতাশাৰ অশ্ৰু
উপেক্ষিত হয় চে গুৱেভাৰা,
ইথাৰত আজিও ভাহে
ফেচীবাদী হিটলাৰৰ গান
নস্যাৎ হয় নৱপ্ৰভাত
জেৰুজালেম নাইবা পেলেষ্টাইনৰ।

কৃ্ষ্ণাংগী কিশোৰীৰ আহ্বানত
প্ৰাণ পাই আমাজানে,
বন্দিত মেণ্ডেলাই দেখুৱাই
সহস্ৰাব্দৰ সপোন –
লুণ্ঠিত মানৱতাৰ নতুন গান বাজে
জোহান্সবাৰ্গত…।

জাগ্ৰত চিলিয়ে নিলিখে
নেৰুদাৰ কবিতা…
মেলি নিদিয়ে দুহাত
দিগন্ত প্ৰসাৰী;
উটি যায় জীৱন
ভাহি আহে আকাশ
বাজি থাকে একেই গান
নেপথ্যত চলি থাকে
উদ্দাম চাকিৰাৰ দৃশ্যায়ণ।

হেজাৰ নিশাৰ চিৎকাৰত
ৰঙীণ হয় বেলুচিস্তানৰ হৰতাল
ধৃতৰাষ্ট্ৰৰ অভিনয়ৰ আখৰা চলে,
ৰাষ্ট্ৰসংঘ, জেনেভা অথবা হোৱাইট হাউচত।
ঘূৰি নাহে সোণালী ইতিহাসৰ
স্পেনিছ আৰ্মাডা,
শেষ হয় জাভি, ইনিয়েষ্টাৰ
সোণালী শিল্প,
গ্ৰাছক’ৰ্টত মৰীচিকা খেদে নাডালে,
সংঘবদ্ধ কাটালনিয়াৰ হৰ্ষোল্লাসত
কঁপি উঠে মাদ্ৰিড।

সাগৰৰ অশান্ত বক্ষত
সংগ্ৰামী বৃদ্ধই নাগায় জীৱনৰ গান
জীৰ্ণ শৈশৱ, শীৰ্ণ কৈশোৰে পাহৰাই
হেমিংৱেৰ সাঁচিপাতৰ ৰূপোৱালী অক্ষৰ।

সংগ্ৰামে সুঁতি সলায়;
হাঙৰৰ চোকা দাঁতে
বিদীৰ্ণ কৰে সংগ্ৰামী সত্তা।
উন্মোচিত হয় সংকীৰ্ণ বিপ্লৱৰ
জঘন্য ট্ৰেজেডি।

অথৰ্ব মানৱে লিখে
ধ্বংসৰ শ্লোগান…
পৰি ৰয় অজস্ৰ,
হৃদয়ৰ গান….
দিঠকৰ গান….
প্ৰণয়ৰ গান….
সপোনৰ গান…..।

Leave a Reply

Your email address will not be published. Required fields are marked *