বিবিধ চিন্তা

বাতৰি কাকতত শিৰোনামা নোপোৱা কুলখুড়া  টুনীৰাম বৰা ।। মণিকংকনা বৰবৰা

শ্ৰদ্ধাৰ্ঘ্য

যিকোনো এটা গণ আন্দোলন,গণবিদ্ৰোহৰ সফলতাত যে সুদক্ষ নেতৃত্বৰ অতি নিপুণ কলা-কৌশলেৰে পৰিপূৰ্ণ শক্তিশালী পৰিচালনাৰ ভূমিকা থাকে সেয়া অনস্বীকাৰ্য। ইতিহাসৰ পাততো আমি তেনে নেতৃত্বৰ গুণ-গৰিমা, বীৰগাথা পঢ়িবলৈ পাওঁ। অৱশ্যে সময়ৰ গতিত জনমানসত নেতৃত্বৰ আদৰ্শক বৰ্ণনা কৰিবলৈ গৈ এটা সময়ত ই এক বীৰপূজাতেই পৰিণত হোৱাও দেখা যায়। এনেস্থলত এটা সফল গণসংগ্ৰামৰ আঁৰৰ সাধাৰণ জনতাৰ মাজত থকা অনেকজন যুঁজাৰুৰ অদমনীয় শক্তি, সাহস আৰু আত্মত্যাগৰ উদাহৰণবোৰ প্ৰায়েই অদৃশ্য হৈ থাকে। কেতিয়াবা আকৌ জানি-বুজিয়েই অদৃশ্য ৰখা হয় বাবে তেওঁলোকৰ নাম সময়ৰ বুকুত জাহ গুচি যোৱাৰ দৰে হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি বিশ্বাস কৰোঁ যে এক নতুন গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ধাৱমান হ’বলৈ যাওঁতে সমাজৰ উত্থান-পতনৰ ইতিহাসক অতি গভীৰ আৰু সূক্ষ্ম ৰূপত অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰি চাবই লাগিব। কাৰণ ইয়াৰে অনেক সংগ্ৰাম, গণবিদ্ৰোহৰ মাজৰ পৰা সমাজৰ চকুলৈ ওলাই নহা বহুসংখ্যক মৃত্যুঞ্জয়ী যোদ্ধাৰ সাহস আৰু আত্মত্যাগৰ জীয়া কাহিনীয়েও ভৱিষ্যতৰ দিনৰ জনগণৰ অধিকাৰ সংগ্ৰাম একোখনৰ বাবে অফুৰন্ত প্ৰেৰণা যোগাব পাৰে বুলি আমাৰ আছে অগাধ বিশ্বাস।

অসমৰ গোলাঘাট জিলাৰ টেঙানিৰ ২০০২ চনৰ  উচ্ছেদবিৰোধী সংগ্ৰামখন সমগ্ৰ অসমৰ বাবে অপৰিচিত নহয়। ৰাষ্ট্ৰীয় পৰ্যায়তো শোষিত-পীড়িত মানুহৰ বাবে টেঙানিৰ উচ্ছেদবিৰোধী গণসংগ্ৰাম এটা অনুপ্ৰেৰণা আৰু সাহস যোগোৱা নাম। কাৰণ, ৪২ খন গাঁৱৰ টেঙানি অঞ্চলৰ জনতাই কেৱল উচ্ছেদবিৰোধীতাকে আন্দোলনৰ লক্ষ্য নকৰি ইয়াক টেঙানিৰ মানুহৰ অৰ্থনৈতিক, শৈক্ষিক, সাহিত্য-সাংস্কৃতিক, সামাজিক জীৱনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছিল বাবে ই এক গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে বৰ্তমানৰ সময়ছোৱাত সাংগঠনিক মতাদৰ্শগত সংঘাত, অনুশীলনহীনতা আদি বিভিন্ন কাৰণত টেঙানিখন তাহানিৰ দৰে পোহৰময়ী সন্ধানৰ থলী এখন হৈ ৰ’বগৈ পৰা নাই যদিও টেঙানিৰ কিছুসংখ্যক সংগ্ৰামী লোকৰ আদৰ্শগত সবল স্থিতি আৰু কৰ্মই সদায়েই একোগৰাকী প্ৰকৃত সংগ্ৰামীৰ চিন্তা-চেতনাক প্ৰতিফলিত কৰি আহিছে। টেঙানিৰ এনে এগৰাকী সংগ্ৰামী ব্যক্তি আছিল সত্তৰ দশকতে আহি দুহেজাৰ দুই বর্ষলৈকে চৰকাৰৰ উপৰ্যুপৰি উচ্ছেদৰ বলি হোৱা টুনীৰাম বৰা। সেই সময়ছোৱাত টেঙানিত লুংলুঙীয়া হাবি-বননিহে আছিল যদিও ধনশিৰী নৈৰ সিটো পাৰে নিচেই কাষতে লাগি থকা নামবৰ বনাঞ্চলৰ পৰা হাতী-বাঘ তালৈ ওলাই আহিছিল। ভূমিহীন লগতে আৰ্থিক সংকটে জুৰুলা কৰাত গহপুৰৰ কৃষিপাম নিগমৰ পৰা আহি টেঙানিত থাকিবলৈ লোৱা টুনীৰাম বৰা এদিনাখন কোনোমতেহে বাঘৰ আক্ৰমণৰ পৰা বাচিল যদিও সোঁহাতখন সেইদিনা বাঘে ছিঙি লৈ গ’ল। তেতিয়াৰ পৰা কামিয়াল মানুহজনৰ শাৰীৰিক কষ্ট দুগুণে চৰিল। এখন হাতেৰে হাল-কোৰ বাই পৰিয়াল পোহপাল দিবলৈ অপাৰগ হোৱাত তিনিবছৰ ধৰি আনৰ ঘৰত ধান-চাউল খুজি-মাগি কোনোমতে পৰিয়ালটোৰ সৈতে জী থাকিল। মানুহৰ গঞ্জনা-অপমান অসহ্য হৈ অহাত তেখেতে খুজি-মাগি খোৱা বাদ দি এখন হাতেৰেই পুনৰ খেতি-বাতি কৰাত লাগিল।

২০০২ বৰ্ষত টেঙানিত চলা উচ্ছেদ আছিল আন আটাইকেইটা উচ্ছেদতকৈয়ো অতি ভয়াবহ। ক’বলৈ গ’লে এই উচ্ছেদকাৰ্য আছিল মানৱতাবোধৰ সীমা চেৰাই যোৱাকৈ অবৰ্ণনীয়। এই ভয়াবহ উচ্ছেদৰ বিৰুদ্ধে সংঘবদ্ধ ৰূপত টেঙানিবাসীয়ে যি প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল তাত এইগৰাকী টুনীৰাম বৰাও থমকি নৰৈছিল। মহা উদ্যমেৰে এখন হাতেৰেই চাইকেল চলাই প্রতিখন সভা, প্রতিটো আন্দোলনত ভাগ লৈ গৈছিল।

ৰাইজে এক হলে কোনে বলে পাৰে

ৰাইজে বল দিলে পাহাৰ খহি পৰে” বুলি তপ্ত সূৰুযৰ দৰে ডগমগাবলৈ ধৰা উচ্ছেদপীড়িত টেঙানিৰ জনতাৰ বিজয়ৰ ঢৌ অসমৰ চাৰিওফালে বৈ যাবলৈ ধৰিছিল। সেয়া আছিল ২০০৫ চনৰ ২০ জুনৰ কথা। পৰিয়ালৰ হকা-বধা স্বত্ত্বেও এখন হাতেৰেই সদৌ অসম জুৰি হ’বলগা চাইকেল যাত্ৰাত টুনীৰাম বৰায়েও ভাগ ল’লে। উল্লেখ্য যে অসমজুৰি হোৱা চাইকেল যাত্ৰাত তেখেতে এখন হাতেৰেই চাইকেল চলাই ৰচি পেলাইছিল অনন্য ইতিহাস।উচ্ছাসেৰে, উদ্যমেৰে টুনীৰাম বৰাহঁতৰ দৰে ব্যক্তিৰ অভিনৱ সংগ্ৰামী কৰ্মসূচী চাইকেল যাত্ৰাৰ অন্ততে গঠন হ’ল অসমৰ এটা সংগঠন “সদৌ অসম কৃষক মুক্তি সংগ্ৰাম সমিতি।”

সময়ৰ গতিত এইদৰে টেঙানিৰ উচ্ছেদবিৰোধী সংগ্ৰামখনৰ পৰা নতুন দল-সংগঠনৰ জন্ম হ’ল, নতুন নেতৃত্বৰ সৃষ্টি হ’ল, নেতৃত্বৰ জীৱন-যাপন সলনি হ’ল, সভা-অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে আয়োজনৰ নতুন ধাৰণা-পৰিৱেশৰ সৃষ্টি হ’ল। সংগ্ৰামখনৰ এনে আটাইবোৰ পৰিৱৰ্তন আৰু পৰিণতি টুনীৰাম বৰাহঁতৰ কল্পনাত আছিলনে নাই জনা নাযায় যদিও এই পৰিৱৰ্তনবোৰৰ আঁৰত টুনীৰাম বৰাহঁতৰ দৰে শক্তিশালী মানুহৰ অশেষ ত্যাগ, কষ্ট যে আছিল সেয়া টেঙানিৰ প্ৰতিগৰাকী মানুহেই স্বীকাৰ কৰে।

টেঙানিৰ আন এগৰাকী সংগ্ৰামী তথা টেঙানিৰ ভূমি আন্দোলনৰ সময়ছোৱাত সাতোটা দিন আন চাৰিগৰাকী ব্যক্তিৰ সৈতে ‘আমৰণ অনশন’ৰ দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজিও নিজৰ সংগ্ৰামী স্থিতি আৰু দৃঢ়তা  অটুত ৰখা লাৱণ্য গগৈয়ে কৈছে –

  সেই যে হাঁহিমুখীয়া মুখখন.. আমাৰ টুনীৰাম দেউতা, বাঘৰ হাতত এখন হাত হেৰুৱাই আনখন হাতেৰেই চাইকেল চলাই উচ্ছেদবিৰোধী সভাবোৰলৈ আহে। তেখেত থাকিলে ৰাইজৰ মনৰ উচ্ছাস বাঢ়ি যায়। অখিল গগৈহঁতে কয় আমাৰ টুনীৰাম দেউতাক চাওক ৰাইজ ! এওঁৰ দৰে মানুহেই আমাৰ সংগঠনৰ সাহস আৰু আচল শক্তি।

টুনীৰাম বৰাই সভাত প্ৰদান কৰা বক্তব্যও আছিল সকলোৰে মন চুই যোৱা –

আমাৰ বৃহত্তৰ টেঙানি উন্নয়ন সংগ্ৰাম সমিতিখন সকলো ফালৰ পৰা সবল হৈ উঠিব লাগিব ৰাইজ! উচ্ছেদ বন্ধ হব লাগিব। পিছপৰি থকা টেঙানিখন শৈক্ষিক,অৰ্থনৈতিক ফালৰ পৰাও উন্নত হৈ উঠিব লাগিব..!

এখন হাতেৰেই বাৰীত কোৰ-কটাৰী মাৰি কোনোমতে পেটৰ ভাতমুঠি মোকলোৱা এইগৰাকী টুনীৰাম বৰাৰ মানুহৰ প্ৰতি থকা আন্তৰিক ভাবৰ নিদৰ্শন প্ৰকাশ কৰি জীৱনসংগী পুতলী বৰাই কৈছে নিজৰ ঘৰ-বাৰী এৰি, চাকৰি-বাকৰিৰ মোহ এৰি টেঙানিৰ ৰাইজক উদ্ধাৰ কৰিবলৈ ওলাই অহা ল’ৰাকেইটালৈ তেখেতৰ বৰ মৰম আছিল। বাৰীৰ ঢাপৰ পকা ডাঙৰ মাটিকঁঠালটো, পকা অমিতাটো ল’ৰাকেইটালৈ বুলি সাঁচি থৈছিল। আনকি পুতলী বৰাই নিজেও মাকৰ মমতাৰে তেওঁলোকলৈ টেকেলিত দৈ অকণ সাঁচি থয়।

পুহমহীয়া হাড় কপোঁৱা জাৰত গাঁৱে-গাঁৱে মিটিং কৰি মাজৰাতি কেনেবাকৈ ল’ৰাকেইটা শুবলৈ বুলি ওলালেহি টুনীৰাম বৰাই হেনো পুৱালৈকে জুহালত জুইৰ উম লৈ বহি থাকেগৈ। কাৰণ গৰম কাপোৰ বুলিবলৈ একমাত্ৰ ফটা কেথাখন ভাগৰুৱা ল’ৰাকেইটাক গাত ল’বলৈ এৰি দিব লাগিব।

সচাঁ অৰ্থত টুনীৰাম বৰাহঁতৰ ঘৰৰ চোতালবোৰ আছিল ‘কুলখুড়াৰ চোতাল।‘এইগৰাকী টুনীৰাম বৰাৰ তেজ উদ্বেলিত কৰা সংগ্ৰামী জীৱনৰ আদৰ্শ, কথাবোৰ এতিয়া সাধুকথা একোটা যেন লাগে। কিয়নো, চৰম দৰিদ্ৰতাৰে, অভাৱেৰে, ভোক-পিয়াহেৰে, অসুখৰ অসহনীয় পীড়নেৰে জীৱন অতিবাহিত কৰি টেঙানিৰ এইগৰাকী আশী উৰ্ধৰ সংগ্ৰামী  ৰক্তচাপৰ ষ্ট্ৰোকত এটা মাহৰো অধিক নৰিয়া পাটীত বিনা চিকিৎসাৰেই পৰি থাকিল। গাঁৱৰ ৰাইজে বৰঙণি সংগ্ৰহেৰে চিকিৎসালয়লৈ নিয়াৰ যো-জা চলাইছিল যদিও পৰ্যাপ্ত টকা গোট নোখোৱাৰ বাবে নিব নোৱাৰিলে। অতি বিড়ম্বনাৰ কথা যে, টুনীৰাম বৰাৰ দৰে টেঙানিৰ অনেক গৰাকী সংগ্ৰামী যিসকলৰ অসীম ত্যাগ, কষ্টৰ অৱদানৰ ফলস্বৰূপেই টেঙানি সংগ্ৰামৰ নেতৃত্বই এক উল্লেখনীয় গতি লাভ কৰিবলৈ সক্ষম হ’ল। ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ নাম উজ্বলাই Shanmugam Manjunath Integrity Award, National Right to Information ৰ দৰে বঁটা পালে, বিধায়ক হ’ল, দুখীয়া ৰাইজৰ আৰ্থিক স্বচ্ছলতাৰ নাম দি কাজিৰঙাত ‘জাতীয় অৰ্কিড পাৰ্ক’ পৰ্যন্ত সংগঠনৰ অৰ্থনৈতিক সবলতাৰ ভেটি স্থাপন কৰিলে। নেতৃত্বৰ এই সফলতাৰ বাতৰি শুনি হেনো টুনীৰাম বৰাই মনত প্ৰাপ্তিৰ অনাবিল সুখ লাভ কৰিছিল। সেইগৰাকী সংগ্ৰামী টুনীৰাম বৰাই পিছে জীৱনৰ বিয়লি বেলাত বিনা চিকিৎসাৰেই অসহনীয় যন্ত্ৰণা ভোগ কৰি পৃথিৱীৰ পৰা বিদায় মাগিব লগাটো অতি দূৰ্ভাগ্যজনক কথা। দুটামান বছৰৰ আগেয়ে টেঙানি সংগ্ৰামৰ আন এগৰাকী সবল যোদ্ধা আশী উৰ্ধৰ বাপুৰাম শইকীয়া, যিগৰাকীয়ে লাখুটীত ভৰ দি, ভোকত মোনাত লৈ ফুৰা ভীমকল খাই খায়েই টেঙানিৰ সংগ্ৰামখনক দুৰন্ত গতি দিছিল সেই গৰাকী সংগ্ৰামী বাপুৰাম শইকীয়াইয়ো চৰম দৰিদ্ৰতা আৰু শাৰীৰিক অসুখৰ যন্ত্ৰণা ভোগ কৰি কৰিয়েই আমাৰ মাজৰ পৰা চিৰবিদায় ল’লে।

এনেকৈয়ে এখিনি যুঁজাৰু মানুহ আমাৰ মাজৰ পৰা নোহোৱা হৈ যায়। কেতিয়াবা কোনেও নজনাকৈ তেওঁলোকৰ অৱদানৰ কথা, তেওঁলোক নোহোৱা হৈ যোৱা খবৰবোৰ বতাহৰ দৰে নাইকিয়া হৈ যায়। হয়তো এনে অগণন সংগ্ৰামী লোক নেতৃত্বত থকা সকলৰ দৰে সমাজৰ সমুখলৈ আহি থকা মুখ হৈ নাথাকে অথবা কেমেৰাত, সংবাদ মাধ্যমৰ প্ৰচাৰত চেলিব্ৰিটী হোৱাৰ প্ৰৱণতা তেওঁলোক নিজৰ মাজতো কোনোদিনেই নাই বাবেই তেওঁলোকৰ জীয়া-মৰা খবৰবোৰ খবৰ হৈ নাথাকে। খবৰ হৈ নোলায়।

মূৰৰ ঘাম মাটিত পেলাই এখন হাতেৰেই কটহা মাটি ভাঙি শস্যৰ হাঁহি ফুলাই জীৱন জীওৱাৰ গান গোৱা চিৰসংগ্ৰামী টুনীৰাম বৰায়ো যোৱা ১৯ জানুৱাৰীৰ দিনা পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে। এখন হাতেৰেই চাইকেল চলাই চলাই চিৰকালৰ বাবেই গুচি গ’ল মানুহজন। ঠিক গণশিল্পী হেমাঙ্গ বিশ্বাসৰ বিখ্যাত ৰচনা কুলখুড়াৰ দৰেই – 

   …কুলখুড়া নাই

       বাতৰি কাকতত খবৰ নোলাল

       আজিৰ বাতৰিত শিৰোনামা নাপায় খুড়াই

       কুলখুড়া সপ্তাহৰ মানুহ যে নহয়

       নহয় বছৰৰ

       কুলখুড়া শত-শতিকাৰ..

অদমনীয় সংগ্ৰামী শক্তিৰ গৰাকী টুনীৰাম বৰালৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি।জনগণৰ অধিকাৰৰ হকে, মুক্তিৰ হকে তেখেতৰ অশেষ কষ্ট আৰু ত্যাগক আমি জনাও শতবাৰ ৰক্তিম অভিবাদন। পৃথিৱীত যেতিয়ালৈকে মানুহৰ মুক্তি, সমতা, প্ৰাপ্য আৰু অধিকাৰৰ সংগ্ৰাম চলি থাকিব, তেতিয়ালৈকে তেখেতৰ সংগ্ৰামী জীৱনৰ আদৰ্শ ৰঙা সূৰ্যটোৰ দৰে প্ৰখৰ আৰু উজ্জ্বল ৰূপত অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *