কালান্তৰৰ গদ্য ।। দ্বীপেন শৰ্মা
প্ৰতিদিনেই আৰম্ভ হয় একোটা নতুন বছৰ
ভঙা-গঢ়াৰ যুগ-যুগান্তৰ, ইতিহাসৰ নিলিখা আখৰ
কলঘৰৰ চকৰিৰ দৰে ঘূৰে মহাকালৰ ঘড়ী
ঘাটে ঘাটে দিনলিপি লিখি বৈ থাকে অঘৰী নৈ
ভোকে-উগাৰে শেতেলিত ঢলি পৰে গধূলিৰ বেলি
এআকাশ তৰাৰ জোনে বোকোচাত লৈ নিচুকায় ভাগৰুৱা সময়
দুখৰ সাগৰত মাতাল হ’বলৈ নাহে একত্ৰিছ ডিছেম্বৰৰ ৰাতি
সুখৰ উদ্গীৰণতো নুঠে উঠলি বছৰৰ প্ৰথমটো পুৱা
কলীয়া শকতিৰ মায়াজালে গোপনে ৰচে ভাগ্যৰ সংবিধান
একান্ত বাধ্য নাগৰিকৰ দৰে কক্ষপথত পৃথিৱীয়ে নাচে নিৰন্তৰ
পখীৰ সুৰত ছেও দি উঠে কেলেণ্ডাৰত বন্দী প্ৰহৰ
দিনৰ পোহৰেই ওফৰায় ৰাহু-কেতুৰ নাটক, আঁতৰায় ৰাতিৰ এন্ধাৰ
চৌপাশে অজগৰৰ দৰে চোপ লৈ থাকে কৃষ্ণ গহ্বৰ
আলোকবৰ্ষৰ দূৰত্ব ভেদি তথাপিতো সন্ধান নতুন জীৱনৰ
কাৰোবাৰ বাবে
প্ৰতিটো দিনেই আৰম্ভ হয় জমা-খৰচৰ শূন্য খতিয়ান
কণা-গোঁসাইক পিঠি দি বাট মেলে একোটা নতুন বছৰ ।