সংঘৰ্ষৰ স্তৱকবোৰ ।। হাৰকিউলিয়েন বৰ্মন
মুক্ত চিন্তা, ১০ম বছৰ, ৫ম সংখ্যা
প্ৰত্যাহ্বান
ৰৈ যায় কথাবোৰ …..
দীঘল বাটটোৰ কেঁকুৰিতে শেষ হৈ যায় সকলো
পৰীক্ষণৰ পৰত
তাতেই শেষ হৈ যায় প্ৰশ্নবোৰ …..
নতুন উছাহবোৰ
জোনটোৰ জেউতিলৈ ইমান অভিলাষ কিহৰ ?
বেলিটোৰ তাপলৈ শংকা কিহৰ !
**
আত্মসাৎ
চিন্তা আৰু কথা
আৰু সময়বোৰ
আত্মসাৎ হ’ল
দীঘলীয়া পৰিক্ৰমাটোৰ অন্তত
স্বচ্ছ হ’ল সকলোবোৰ
**
ধূসৰতা
মেঘবোৰ ঘূৰি ফুৰিছে চৌপাশে
অন্তঃসাৰহীন প্ৰহৰত
প্ৰাপ্তি এয়াই নেকি
মাথো আকুলতা প্ৰসিদ্ধিৰ
স্বপ্ন কি
লক্ষ্য কি
সকলো এতিয়া ধূসৰ
**
প্ৰত্যাশা
জিলমিল জোনালী নিশা
এটা চন্দ্ৰমা
আৰু অগণন তৰাবোৰে
দৰ্শক আৰু অনুগামী হৈ
চাই ৰয় অহৰ্নিশে তালৈ
স্থিৰ আৰু মৌন হৈ
আগ্ৰহেৰে
যদি প্ৰৱাহবোৰ প্ৰগতিবিমুখ হয়
প্ৰত্যাশা কিহলৈ ……