গল্প-কবিতা

হুৰাইদে হুৰাইদে ।। কনকলতা দত্ত

ফাগুনৰ পচোৱাই বাউলী কৰাৰ পাচত
তুমি সম্ভাৱনাৰ নতুন কুঁহি
বাটে পদূলিয়ে
কুলিৰ মাতত আইয়ে এৰি যায়
এবুকু বাঁহিসুৰীয়া দুখ,
সুতুলিৰ সুৰত শোষিতৰ সপোন
ঋণগ্ৰস্তাৰ বেদনাৰ কণ্ঠত
যোজনাত গগণাৰ জেতুকাবুলীয়া আশা
সিৰলুত পিতায়ে এৰি আহে
এমোনীয়া ভোকৰ হুৰালী চেও,
খেনোক দেখি ৰান্ধে বাঢ়ে
খেনোক দেখি দুৱাৰ মাৰে
মুগা ৰিহাৰ সাজৰ ভাঁজত
অৰুণোদয়ৰ লাজ
বাকৰিতে নাচ
থাওক নালাগে গীনিজ বুকত নাম,
মাদলতো আঙুলিৰ যন্ত্ৰণীৰ চাব
লালপাৰিৰ ঝুমইৰ নাচ
দুপাততে তল পৰিল
ৰ’দেপোৰা বুধুৱাৰ হাজিৰা কিমান
পাতাতোলা মিনিয়ে টুকুৰিতে ঢাকে
কলম জিনাৰ ঘৰ্মালু পণ,
দীঘলতী দীঘল পাত
মাখি মাৰো জাক জাক
পথাৰে কাঠনিয়ে বাঢ়ি যায় বনিয়াৰ জাত
চোৰাতৰ পাতে বিজবিজাই কেতেকীৰ গা,
চোতালে চোতালে বিনিয়োগৰ নেগেৰা বাজে
সাঁচতীয়া ধনৰ জালিয়াতি
আখৈ ফুটাৰ দৰে অনুদানতে ঢাকে
বিলাসী ৰজাই বিহুৱান পঠিয়াইছে
বান্ধি থ অৱসৰী দিনৰ বিপন্ন বিননি,
নোটবন্দী কণ্ঠবন্দীৰ পাছত
বিদেশত দেশবন্দীৰ বিৰাট বন্দনা
বিহুৱাককাই, জাতিৰ ভেটিত পাৰ যদি
আঁতি আঁতি বান্ধিল টঙালি
ম’হৰ শিঙৰ পেঁপাটো ৰণশিঙা হৈ বাজক
হুৰাইদে হুৰাইদে, বজাওক হুৰালী চেও
ধনশিৰি পাৰহৈ ঢপলিয়াই যাম।

Leave a Reply

Your email address will not be published. Required fields are marked *