ড॰ খগেশ সেন ডেকা: এটি শ্ৰদ্ধাঞ্জলি ।। ড॰ বিমল মজুমদাৰ
মুক্ত চিনতা, ১০ম বৰ্ষ, ৫ম সংখ্যা
জন্মিলে মৰিব লাগে এয়াই জীৱনৰ শেষ সত্য৷ মানুহ মৰণশীল, জীৱ দেহৰ মৃত্যু অনিবাৰ্য৷ ই যেন সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৰেই বাস্তৱ৷ এই কথা জানিও আপোনজনৰ মৃত্যুৱে আমাক ব্যথিত কৰি তোলে৷ প্ৰকৃতিৰ নিয়ম মতেই চলিত মাৰ্চ মাহৰ ১৯ তাৰিখ বুধবাৰে অসমৰ এগৰাকী বিশিষ্ট ভাষাবিদ ড॰ খগেশ সেন ডেকাই ইহ সংসাৰ ত্যাগ কৰে। ক’ভিড মহামাৰীৰ পাছত অসমৰ কেইবা গৰাকীও ভাষাবিদে এই ধৰাধাম এৰি অজান মুলুকলৈ গতি কৰে৷ ৰমেশ পাঠক, ফণীন্দ্ৰনাথ দত্ত বৰুৱা, দেৱেন দত্ত আৰু শেহতীয়াভাৱে খগেশ সেন ডেকা৷ এই চাৰি গৰাকীৰ মৃত্যুৱে অসমৰ ভাষা চৰ্চাৰ পথাৰখন প্ৰায় উকা কৰি তুলিলে৷ ৷
ভাষা বিশেষকৈ ব্যাকৰণ চৰ্চা খগেশ সেন ডেকাৰ প্ৰিয় বিচৰণ ক্ষেত্ৰ আছিল৷ তেওঁ গৱেষণা কৰা বিষয়ো আছিল ব্যাকৰণ৷ ড॰ ৰমেশ পাঠকৰ তত্ত্বাৱধানত ‘অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশ ঃ এটি বিশ্লেষণাত্মক অধ্যয়ন’ শীৰ্ষক গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় পিএইচ. ডি উপাধি প্ৰদান কৰিছিল৷ অসমীয়া ভাষাৰ ব্যাকৰণ-পুথি ভালেমান ৰচনা হৈছে কিন্তু ব্যাকৰণ সম্পৰ্কীয় গৱেষণা আৰু চৰ্চাৰ পুথি আঙুলিৰ মূৰত লেখিব পৰা৷ ব্যাকৰণ সম্পৰ্কীয় আলোচনা অবিহনে ভাষা একোটাৰ গঠন-ৰীতি সম্পৰ্কে অৱগত হোৱা সম্ভৱপৰ নহয়৷ ব্যাকৰণ প্ৰণয়ন আৰু ব্যাকৰণ সম্পৰ্কীয় আলোচনা এই দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে৷ অৱশ্যে দুয়ো ক্ষেত্ৰতে লেখকৰ ভাষা জ্ঞান থকাটো নিতান্ত প্ৰয়োজন৷ সুখৰ বিষয় যে প্ৰয়াত ডেকাৰ এই দুই ক্ষেত্ৰতে গভীৰ অনুৰাগ তথা জ্ঞান আছিল৷ মানৱ সভ্যতাৰ অগ্ৰগতিত ভাষাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ভাষা অবিহনে মানৱ সভ্যতাৰ গতি নিৰ্ধাৰণ কৰা টান৷ ডেকাই ভাষা বিষয়ক তিনিখন মৌলিক আৰু চাৰিখন সম্পাদিত গ্ৰন্থ আমাক উপহাৰ দি থৈ গৈছে৷ মৌলিক গ্ৰন্থকেইখন হ’ল – ব্যাকৰণ : প্ৰাচ্য আৰু পাশ্চাত্য [২০০১], ভাষা-চিন্তাৰ ৰেঙনি [২০১৬], ব্যাকৰণ : তত্ত্ব আৰু তাত্ত্বিক [২০১৭]৷ ডেকাৰ ব্যাকৰণ: প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থত প্ৰাচ্য আৰু পাশ্চাত্যৰ ব্যাকৰণ চৰ্চাৰ ইতিহাসৰ বিস্তৃত আলোচনা আগ বঢ়াইছে৷ এনে ধৰণৰ গ্ৰন্থ অসমীয়া ভাষাত এইখনেই প্ৰথম৷ সংস্কৃত ব্যাকৰণ পৰম্পৰাৰ আলোচনাত প্ৰাক পাণিনীয় ধাৰাৰ পৰা আৰম্ভ কৰি পাণিনীয় ধাৰাৰ অন্তৰ্গত পাণিনী, পতঞ্জলি, ভৰ্তৃহৰি আদিৰ ব্যাকৰণ চিন্তা সম্বন্ধে বিশ্লেষণ কৰাৰ উপৰিও পৰৱৰ্তী ধাৰা সমূহৰো বিৱৰণ আছে৷ মুঠতে ভাৰতত ব্যাকৰণ ৰচনাৰ সুদীৰ্ঘ পৰম্পৰাৰ এক সূকঞ্জষ্ম বিশ্লেষণ ইয়াত সন্নিৱিষ্ট হৈছে৷ একেদৰে পছিমীয়া ব্যাকৰণৰ ক্ৰমবিকাশৰ ধাৰাটোৰো সবিশেষ তথ্য এই গ্ৰন্থখনত আছে৷ গ্ৰীচ দেশত আৰম্ভ হোৱা পৰম্পৰাগত ব্যাকৰণৰ পৰা বৰ্তমান কালৰ টিজি তত্ত্ব পৰ্যন্ত ভাষাৰ চৰ্চা কেনেদৰে ঢাপে ঢাপে আগ বাঢ়ি বৰ্তমান অৱস্থা পাইছে তাৰ শৃঙ্খলাবদ্ধ অধ্যয়ন আছে৷
ড॰ খগেশ সেন ডেকাৰ ভাষা চিন্তাৰ ৰেঙনি ভাষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ এখনি গৱেষণামূলক গ্ৰন্থ৷ ভাষাৰ মূল ভেটি সদৃশ লোকভাষা, গুপ্তভাষা আৰু আমাৰ থলুৱা ভাষাবোৰ বিশ্বায়নৰ ধামখুমীয়াত পৰি কেনেদৰে সংকটৰ সম্মুখীন হৈছে সেইকথা তেওঁ বৰ দুখেৰে ব্যক্ত কৰিছে৷ বিপদমুক্ত ভাষা, সংকটগ্ৰস্ত ভাষা বিলুপ্ত ভাষা আৰু মৃতপ্ৰায় ভাষা আদিৰ বিষয়ে এই গ্ৰন্থখনিত তাত্ত্বিক দৃষ্টিৰে খৰচি মাৰি আলোচনা কৰি অদূৰ ভৱিষ্যতে প্ৰাদেশিক ভাষাবোৰলৈ নামি অহিব ধৰা দুৰ্যোগ আৰু প্ৰত্যাহ্বান সম্পৰ্কত তেওঁৰ মতামত প্ৰকাশ কৰিছে৷ তেওঁৰ মতে ইংৰাজী ভাষাতকৈ হিন্দী ভাষাই অসমীয়া ভাষাৰ অধিক ক্ষতি কৰিছে৷ ডেকাৰ মতে ভাষা বিলুপ্তিৰ প্ৰথম ঢাপটো আৰম্ভ হয় বৈয়াকৰণ বিকৃতিৰে৷ অসমীয়া ভাষাৰ ভালেমান খাচ বিশেষত্ব এতিয়া বিলুপ্তিৰ গৰ্ভত৷ একালত অৰুণাচল, মেঘালয়, মণিপুৰ আদি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সংযোগী ভাষা আছিল অসমীয়া৷ এতিয়া তাৰ ঠাই লৈছে হিন্দীয়ে৷ চহৰাঞ্চলৰ সৰু সৰু লৰা-ছোৱালীয়ে অসমীয়াৰ সলনি আজিকালি অসমীয়া-হিন্দী মিহলি ভাষাত কথা পাতিবলৈ লোৱা দেখা গৈছে৷ কিছুদিন পাছত ই গ্ৰাম্য জীৱনলৈ সম্প্ৰসাৰিত হ’ব৷ আইৰ মুখৰ ভাষাটোৰ প্ৰতি ডেকা বৰ সচেতন আৰু দায়বদ্ধ আছিল৷ ভাষাৰ বিষয়ে কৰা চৰ্চাই সেই কথা প্ৰমাণ কৰে৷
ডেকাৰ ব্যাকৰণ : তত্ত্ব আৰু তাত্ত্বিক আন এখনি মৌলিক গ্ৰন্থ৷ ব্যাকৰণ প্ৰকৃততে কেনে হ’ব লাগে, ব্যাকৰণ বিষয়টো সাধাৰণ পঢ়ুৱৈৰ বাবে কিয় নীৰস, ব্যাকৰণ মানুহে কিয় পঢ়িবলগীয়া বিষয় বুলি নাভাবে সেই কথাও তেওঁ ফঁহিয়াই দেখুৱাইছে৷ আখৰ-জোঁটনি অসমীয়া ভাষাৰ এটা সমাধান নোহোৱা সমস্যাত পৰিণত হৈছে৷ লিখন ৰীতিত হোৱা ভুল, সেই ভুলৰ কাৰণ, ভুলবোৰৰ শুধৰণি আৰু নিৰাময়ৰ কেতবোৰ সূত্ৰ তেওঁ উদ্ভাৱন কৰি উলিয়াইছে৷ এই সমাধান সূত্ৰবোৰে অসমীয়া বানান প্ৰকৰণত আৰু ভাষাটো ব্যৱহাৰকাৰীক নিশ্চিতভাৱে উপকৃত কৰিব৷ ব্যাকৰণৰ তত্ত্ব আৰু ব্যাকৰণৰ ন-পুৰণি ধাৰাসমূহৰ মাজত থকা প্ৰভেদসমূহো এই গ্ৰন্থখনিয়ে স্পষ্ট কৰি তুলিছে৷ গ্ৰন্থখনিৰ দ্বিতীয় ভাগটো সাত গৰাকী ভাষা-মনীষীৰ জীৱন আৰু তেওঁলোকৰ কীৰ্তি সম্পৰ্কীয় আলোচনা৷ উইলিয়াম ৰবিনছন, যাদুৰাম ডেকাবৰুৱা, নাথান ব্ৰাউন, মাইলচ ব্ৰন্সন, হেমচন্দ্ৰ বৰুৱা, বাণীকান্ত কাকতি, কালিৰাম মেধিৰ অসমীয়া ভাষা আৰু ব্যাকৰণ চৰ্চালৈ দি থৈ যোৱা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ উপৰি তেওঁলোকৰ সুকীয়া সুকীয়া দৃষ্টিভঙ্গীবোৰক পোহৰলৈ আনিছে৷ মুঠতে অসমীয়া ভাষা আৰু ব্যাকৰণ চৰ্চা ডেকাৰ বাবে আছিল এক জীৱনজোৰা সাধনা৷ এই সাধনা তেওঁ জীৱনৰ অন্তিম দিনটোলৈ বৰ্তাই ৰাখিছিল৷
এই তিনিখন মৌলিক গ্ৰন্থৰ উপৰিও অসমীয়া বানান সমস্যা, ভাষা চিন্তা বিচিত্ৰা, Grammar of Assamese Language William Robinson Nathan Brown Nicholl, পাতিদৰং অঞ্চলৰ বৌদ্ধিক পটভূমি আৰু অধ্যক্ষ তৰুণ চন্দ্ৰ ডেকা, অসমীয়া ভাষা সাহিত্য সংস্কৃতি বীথিকা আদি গ্ৰন্থ ব্যক্তিগত তথা যুটীয়াভাৱে সম্পাদিত ৰূপত প্ৰকাশ পাইছে৷ এইবোৰৰ যোগেদিও ডেকাৰ অধ্যয়নশীল তথা পৰিশ্ৰমী মনটোৰ উমান পোৱা যায়৷ লগতে বিভিন্ন বাতৰি কাকত, আলোচনীত তেওঁ ভাষা আৰু ব্যাকৰণৰ বিষয়ে, অসমীয়া ভাষাৰ বানান পদ্ধতিৰ বিষয়ে, ভাষাটো লেখোঁতে সততে কৰা ভুলবোৰৰ বিষয়ে আৰু সেই ভুল প্ৰয়োগবোৰ দেখুৱাই দি অসমীয়া ভাষাৰ বিশুদ্ধ ৰূপটো ৰক্ষাৰ বাবে এগৰাকী সতৰ্ক প্ৰহৰীৰ ৰূপত অৱৰ্তীৰ্ণ হৈছিল৷ বাতৰি কাকতবোৰে অসমীয়া ভাষাৰ বানানকে ধৰি বাক্যৰ গঠন প্ৰণালীটোৰ ভুল প্ৰয়োগ কৰি ভাষাটোৰ প্ৰতি কিমান অবিচাৰ কৰি আহিছে সেই কথাও তেওঁ বিভিন্ন মাধ্যমৰ যোগেদি উদ্বেগ প্ৰকাশ কৰি আহিছিল৷ এইবোৰৰ মূলতে আছিল অসমীয়া ভাষাটোৰ প্ৰতি তেওঁৰ চৰ্তহীন ভালপোৱা৷ মনকৰিবলগীয়া যে এনে মাতৃভাষাপ্ৰেমী লোকৰ সংখ্যা আমাৰ ৰাজ্যখনত শোচনীয়ভাৱে কমি আহিছে৷
ভাষা আৰু ব্যাকৰণ চৰ্চাৰ উপৰি ড॰ খগেশ সেন ডেকাৰ আন এক ৰুচি আছিল বৌদ্ধ ধৰ্ম আৰু সাহিত্যৰ অধ্যয়ন৷ অৱশ্যে তেওঁ কোনো বিশেষ ধৰ্মৰ প্ৰতি একান্ত অনুৰাগ নাছিল৷ ভাৰতীয় দৰ্শনৰ নটা ভাগৰ শ্চ সাংখ্য, যোগ, মিমাংসা, ন্যায়, বৈশেষিক, বৌদ্ধ, জৈন আৰু চাৰ্বাক) ভিতৰত তেওঁৰ বৌদ্ধ মতবাদৰ প্ৰতি দুৰ্বলতা আছিল৷ ইয়াৰ কাৰণো তেওঁ উল্লেখ কৰি গৈছে৷ ডেকাই বুদ্ধক এগৰাকী বিপ্লৱী মনীষা বুলি অভিহিত কৰি গৈছে৷ বুদ্ধই বিশ্বৰ প্ৰথম গৰাকী বিপ্লৱী, যিয়ে বৈদিক পৰম্পৰাৰ বিৰুদ্ধে বাস্তৱ চিন্তা সম্বলিত এক নতুন জাগৰণ আনিছিল৷ আনহাতে বুদ্ধৰ মতবাদ আছিল সেই সময়ৰ আন মতৰ তুলনাত অধিক সক্ৰিয় আৰু সমাজমুখী৷ এই মতবাদত পূজা-পাতল, যাগ-যজ্ঞ, বলি-বিধান, ঈশ্বৰ বিশ্বাস আদিৰ ওপৰত আস্থা নাই৷ মানবতাবাদী দৃষ্টিহে ইয়াৰ মূল কথা৷ ধৰ্মৰ জৰিয়তে কৰা প্ৰৱঞ্চনাৰ পৰা মুক্ত কৰিবলৈ স্বৰ্গ, পৰলোক আদিৰ বিপৰীতে ইহ জীৱন তথা বাস্তৱ জগতৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল৷ বুদ্ধই দেখুওৱা পথ ভোগৰ নহয়, বৰং ত্যাগৰ পথ৷ পৰিশীলিত জীৱন যাপনৰ ওপৰত বুদ্ধই গুৰুত্ব আৰোপ কৰিছিল৷ এনেবোৰ কাৰণতে ডেকাই বৌদ্ধ মতবাদক আন মতবাদতকৈ উচ্ছ স্থান দিছে৷ ৰাধাকৃষ্ণণনৰ উদ্ধৃতি দি ডেকাই আৰু এখোপ আগলৈ গৈ কৈছে- ভাৰতীয় সমাজ বুদ্ধৰ পথেৰে চলা হেতেঁন আমি এখন শ্ৰেষ্ঠ মানৱ সমাজ পালোহেতেঁন৷ এই মানসিকতাৰ পৰা সহজে অনুভৱ কৰিব পাৰি ড॰ ডেকাৰ ধৰ্মীয় জীৱনৰ দৰ্শন কেনে পৰ্যায়ৰ আছিল৷ ডেকাৰ মাক্সৰ্বাদৰ প্ৰতিও অসীম শ্ৰদ্ধা আছিল৷ সেইবাবে তেওঁ এঠাইত উল্লেখ কৰিছে- “মাক্সৰ্বাদ মোৰ জীৱন বীক্ষা”৷ এই বীক্ষাই ড॰ খগেশ সেন ডেকাৰ ব্যক্তিত্বক অন্য ধৰণে গI. দিছিল৷ ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ মাক্সৰ্ৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল৷ অৱশ্যে তেওঁ কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগত হলি-গলি কৰা নাছিল৷ ৰাজনৈতিক দলৰ পৰা সাত হাত দূৰত আছিল৷ ৰাজনৈতিক হলি-গলি তেওঁৰ বাবে অছিল স্বভাৱ বিৰুদ্ধ কথা৷ বৌদ্ধ আৰু মাক্সৰ্বাদ এই দুই দৰ্শনে ডেকাৰ মন মগজুক পৰিচালিত কৰিছিল কাৰণে বোধকৰোঁ তেওঁৰ চিন্তাৰ ধৰণবোৰ কিছু ব্যতিক্ৰমধৰ্মী আছিল৷
সৰ্বোপৰি তেওঁ আছিল এটা আধুনিক মনৰ অধিকাৰী৷ তেওঁৰ বয়সৰ আনকি বহু অনুজ সহকৰ্মীয়ে যেতিয়া কম্পিউটাৰ, ইণ্টাৰনেট, লেপটপ, সামাজিক মাধ্যমৰ আদিৰ ব্যৱহাৰ নাজানিছিল বা এইবোৰ অত্যাধুনিক ব্যৱস্থাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা নাছিল, সেই সময়তে খগেশ সেন ডেকা কিন্তু সময়ৰ লগত খোজ মিলাই আগুৱাই গৈ আছিল৷ আধুনিক প্ৰযুক্তিক তেওঁ জীৱন যাপনৰ সঙ্গী কৰি লৈছিল৷ কিতাপ, মোবাইল আৰু লেপটপটো তেওঁৰ পৰা প্ৰায় অভিন্ন হৈ পৰিছিল৷