গীতিকাৰ-সুৰকাৰ হিচাপে জুবিন গাৰ্গ ।। ভাৰ্গৱ বৰঠাকুৰ
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
নিজস্ব সৃষ্টিৰাজিৰে তথা স্বকীয় প্ৰকাশভংগীৰে সংগীতৰ কিংবদন্তিলৈ ৰূপান্তৰিত হোৱা জুবিন গাৰ্গৰ অসমীয়া সংগীত জগতলৈ অৱদান সম্পৰ্কে নতুনকৈ কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই। তথাপিও জুবিন গাৰ্গৰ সৃষ্টিৰাজিয়ে যিখিনি সন্মান পাব লাগিছিল সেইখিনিৰ সঠিক আলোচনা নেদেখাকৈ যেন তেওঁ গ’লগৈ! তিনি দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ ভঁৰাল চহকী কৰা জুবিন গাৰ্গৰ দৰে স্বনামধন্য সংগীত শিল্পী এজনক যেতিয়া কেৱল এজন “জনপ্ৰিয় গায়ক” হিচাপে প্ৰক্ষেপিত কৰি শিৰোনাম প্ৰকাশ কৰা হয় তেতিয়াই জুবিন গাৰ্গ সম্পৰ্কে মানুহৰ অজ্ঞতা কিমান পৰ্যায়ৰ তাক চিনিব পাৰি। জুবিন গাৰ্গে সংগীত জগতত কেৱল এজন গায়ক হিচাপেই আত্মপ্ৰকাশ কৰা নাছিল। “অনামিকা” শ্ৰব্য এলবামৰ যোগেদি এজন সফল গীতিকাৰ আৰু সুৰকাৰ হিচাপে নব্বৈৰ দশকতেই নিজৰ পৰিচয় দি থৈছে। নব্বৈৰ দশকত “বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা” বুলি ‘অনামিকা’ৰ প্ৰতি আৱেগিক প্ৰশ্ন কৰা সেই জুবিনৰ কলমৰ পৰা নিগৰিত হৈ ৰৈছিল অলেখ চিৰসেউজ গীতৰ কলি। এক কথাত জুবিন গাৰ্গ এজন পূৰ্ণাঙ্গ শিল্পী। গীত লিখাৰ পৰা সুৰ কৰালৈ, সংগীত ব্যৱস্থাপনাৰ পৰা ৰেকৰ্ডিঙলৈ, কবিতাৰ পৰা অভিনয়লৈ, জুবিন গাৰ্গৰ যি বহুমাত্ৰিক প্ৰতিভা, ই সঁচাকৈ খুব বিৰল।

জুবিন গাৰ্গৰ নিজস্ব সৃষ্টিৰাজিৰ এক সুকীয়া পৰিচয় আছে। বহু ক্ষেত্ৰত গীতৰ কথা, সুৰ, সংগীত শুনিলেই বুজিব পাৰি যে গীতটো জুবিন গাৰ্গৰ নিজস্ব সৃষ্টি। গীতিকাৰে বিশেষকৈ নিঃসংগতা, বিষণ্ণতা, গভীৰ উচ্চাকাংক্ষিতা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ অনুভৱবোৰক খুব বুদ্ধিদীপ্ততাৰে বিভিন্ন জনাৰত প্ৰকাশ কৰা দেখা যায়। শব্দ আৰু সুৰৰ বলিষ্ঠ প্ৰয়াস তেওঁৰ গীতবোৰত লক্ষ্য কৰা যায়। কেতিয়াবা যদি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত প্ৰেমৰ সন্ধান বিচাৰি “কঁকাল খামুচীয়া গাল গুলপীয়া/তুমি কোন সৰগৰ পৰী..”(শব্দ, ১৯৯৮)-ৰ দৰে গান লিখিছে কেতিয়াবা আকৌ সোণৰ অসম গঢ়াৰ সপোনটোক গীতৰ মাজেৰেই প্ৰতিফলিত কৰিছে!
এগৰাকী পুৰুষ গীতিকাৰৰ বাবে নিজকে গাভৰুৰূপে কল্পনা কৰি গীত লিখাটো কষ্টকৰ কাম। জুবিন গাৰ্গে ইয়াতো নিজৰ সৃষ্টিশীলতাক খুব সুন্দৰকৈ প্ৰকাশ কৰিছিল। নিজকে এগৰাকী গাঁৱৰ সাধাৰণ গাভৰু হিচাপে কল্পনা কৰি প্ৰেমৰ চেতনাক খুব সুন্দৰ আৰু সচেতনতাৰে প্ৰকাশ কৰিছে এনেধৰণৰ কিছুমান কোমল অনুভূতিপ্ৰৱণ প্ৰেমৰ গীতেৰে—১) ‘ফাগুন আহিলেই বৈ/সপোন আহিলেই বৈ/ হিয়াৰ দুটিপাৰ ওপচাই…” (শ্ৰব্যকেছেট: স্নিগ্ধ জোনাক, ১৯৯৮, কণ্ঠ: মহালক্ষ্মী আয়াৰ, সুৰ: দিগন্ত ভাৰতী)
২) ‘শালিকি পুৱাৰ ৰ’দালি দেখিলেই/তোমালৈয়ে মোৰ মনত পৰে….” (বোলছবি: গানে কি আনে, ২০১৬, কণ্ঠ: মহালক্ষ্মী আয়াৰ, কথা-সুৰ: জুবিন)
জুবিন গাৰ্গৰ গীতত অকল যে প্ৰেম ভালপোৱাৰ কথাই প্ৰকাশ পায় তেনে নহয়। প্ৰতি দুবছৰৰ মূৰে মূৰে ওলোৱা তেওঁৰ নিজা পৰিকল্পনাৰ (অৰ্থাৎ নিজস্ব কথা-সুৰ-সংগীত) এলবামবোৰত সন্ত্ৰাসবাদবিৰোধী আৰু স্বদেশ প্ৰেমমূলক গীতৰ উদাহৰণো দেখা যায়। বিভিন্ন সময়ত সন্ত্ৰাসবাদে সৃষ্টি কৰা অসমৰ অৰাজক পৰিস্থিতিক লৈ জুবিনে নিজৰ ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছিল এনে কিছুমান গীতৰ জৰিয়তে–
“শান্তি দিয়া/মুক্তি দিয়া/সোণৰ অসম ৰচিবলৈ/সেউজ দিয়া/ শস্য দিয়া/ চিৰকাল ফুলিবলৈ..” (শ্ৰব্যকেছেট: শিশু, ২০০২, কথা-সুৰ-সংগীত-কণ্ঠ: জুবিন)
কেতিয়াবা অসমী আইক সোণৰ লগত তুলনা কৰি আৱেগিক প্ৰশ্ন কৰিছে—
“সোণেৰে সজোৱা পঁজা জহি খহি যায়/ কোনে আজি সাজিবহি পাৰিব দুনাই…?”
শীৰ্ষ গীতটোৰ প্ৰথম অন্তৰাটোত সেই সময়ৰ অৰাজকতাৰ কথা খুব নিৰ্ভীকতাৰে প্ৰকাশ কৰিছে এনেদৰে—“বুঢ়ী আইৰ জুহালতে চকুলো শুকাই/দেউতাৰো একে দশা পদূলিলে’ চাই/ বহুদিন হ’ল সৰু বোপাৰ মুখ দেখা নাই/ চেনেহীৰ আকাশত আজি জোনতৰা নাই…” (মুক্তি-১৯৯৮, কথা-সুৰ-সংগীত-কণ্ঠ: জুবিন)
গীতৰ মাজেৰেই বিভিন্ন বিষয়কলৈ তেওঁ ক্ষোভ উজাৰিছে, প্ৰতিবাদ কৰিছে যদিও কিছুমান গীতত ভৱিষ্যতৰ আশা-আকাংক্ষা, উচ্চাকাংক্ষী মনৰ প্ৰকাশো ঘটিছে। সেয়েহে তেওঁ লিখিছে—
“জগত পোহৰ কৰি আহিব প্লাৱন/ আঁতৰাব অমানিশা বধিব ৰাৱণ/ নিকা হ’ব সমাজ/ শেষ হ’ব এই পাপ/ ফুলি ৰ’ব প্ৰেম শতদল…।” (শ্ৰব্যকেছেট: শব্দ, ১৯৯৮, কথা-সুৰ-সংগীত-কণ্ঠ: জুবিন)
অভিলাষী সপোনৰ লগতে জুবিনৰ অদম্য আশা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটিছে এনেবোৰ গানৰ জৰিয়তে – “পোহৰৰে চাকি গচি আমি জ্বলামেই এদিন জ্বলাম /সুৰে সুৰে গীত ৰচি আমি গানেৰেই জীৱন জোৰাম…” (বোলছবি: তুমি মোৰ মাথো মোৰ, ২০০০, সংগীত পৰিচালক: জুবিন)
এই বিশাল প্ৰতিভাক আমি জীয়াই থাকোঁতে কিমানে বুজি পাইছিলোঁ! কিমানে তেওঁৰ সৃষ্টিবোৰ উপলদ্ধি কৰিছিলোঁ!— আজি ই হয়তো এটা উত্তৰবিহীন প্ৰশ্ন!
শব্দৰ লগত জুবিন গাৰ্গে সঠিকভাৱে খেলিব জানিছিল। তেনে উৎকৃষ্ট উদাহৰণ আছিল ‘মা’ (২০১৯) এলবামৰ ‘কেতিয়াবা’ শীৰ্ষক গীতটো। জুবিন গাৰ্গে জীৱনৰ বিস্ময়কৰ সময়বোৰ, বিচিত্ৰ আৱেগ-অনুভূতিবোৰক প্ৰকৃতিৰ ৰ’দ-বৰষুণ, ফুলৰ লগত তুলনা কৰি, কবিতা কবিতা যেন লগা গীতটোক খুব সুন্দৰভাৱে সুৰেৰে সজাইছে এনেদৰে—
“কেতিয়াবা ফুল ফুলে/ কেতিয়াবা ফুল সৰে/কেতিয়াবা নিজানতো শব্দ হৈ কথা সৰে/ কেতিয়াবা শব্দতো নিজানৰো ৰাতি নামে/ কেতিয়াবা ৰ’দে মাতে/ কেতিয়াবা বৰষুণে….” গীতটোৰ অন্যতম আকৰ্ষণীয় দিশটো হ’ল গীতৰ কথাৰ লগত সুৰৰ যি ভিন্নতা। শব্দৰ সাংগীতিক লয়ৰ প্ৰতিও গীতিকাৰ সজাগ। অৱশ্যে জুবিন গাৰ্গৰ ‘কেতিয়াবা’—গীতটোৱেই এনেধৰণৰ প্ৰথম গীত নহয়। ১৯৯৮ চনতেই এনেধৰণৰ সফল পৰীক্ষামূলক সৃষ্টি আছিল ‘প্ৰতিটো প্ৰহৰ’ শীৰ্ষক গীতটো।
“প্ৰতিটো প্ৰহৰ প্ৰতিটো সময়/ প্ৰতিটো পলে চিঞৰে আজি/ প্ৰতিটো দুখৰ প্ৰতিটো শোকৰ/ প্ৰতিটো ক্ষোভৰ মূল্য সুঁৱৰি…” ‘মুক্তি’ এলবামৰ এই বিশেষ গীতটোত জুবিন গাৰ্গে “প্ৰতিটো” শব্দটোক যিদৰে ব্যৱহাৰ কৰি গীতটোৰ মাজৰেই মানুহৰ আশা-নিৰাশা, শূন্যতাবোধ, ক্ষোভ, উপলব্ধিৰ ৰহস্যময় জীৱনটোক প্ৰতিফলিত কৰিছে। ঠিক সেইদৰে, সুৰ তথা প্ৰকাশভংগী সম্পূৰ্ণ পৃথক হ’লেও ‘মা’ এলবামৰ ‘কেতিয়াবা’ শীৰ্ষক গীতটোৰ মাজেদি জীৱনৰ ৰহস্যময় সময়বোৰক যেন জুবিন গাৰ্গে আকৌ এবাৰ উপলব্ধি কৰিছে।
উল্লেখযোগ্য যে শেহতীয়াকৈ মুক্তি পোৱা ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ ‘মোৰ মন’ শীৰ্ষক গীতটো তেখেতৰ অন্তিমটো তেনে ধৰণৰ সৃষ্টি। অসমীয়া গীতি সাহিত্যত ই এক বিৰল কৃতিত্ব! ‘মা’ এলবামৰ প্ৰতিটো গীতৰে বিষয়বস্তু বেলেগ। ‘নিচুকনি’ শীৰ্ষক গীতটোত আকৌ এগৰাকী পীড়িত শিশু শ্ৰমিকৰ আকুল বিননিক গীতিকাৰে প্ৰকাশ কৰিছে এইদৰে- “নিচুকনি গীত মোৰ কেনিনো হেৰালে/ হৃদয় কোনত থানবান/ জ্বলি থকা জেউতি কেনিনো নুমালে/ সমীৰত ধুমুহা গান/ এন্ধাৰে সাৰ পায় হাঁহি মাৰি কয়/ তইহে মোৰ সন্তান”। ‘এন্ধাৰ’ক ইয়াত নিঃসংগতা, শূন্যতাবোধ, বিষাদৰ প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে। জুবিন গাৰ্গৰ গীত সমূহত ‘ফাগুন, বসন্ত, এন্ধাৰ, জোনাক আদি শব্দবোৰক এনেদৰে বিশেষ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰা দেখা যায়। জীৱনৰ প্ৰতি একধৰণৰ দাৰ্শনিক চিন্তা গীতটোৰ মাজেদি খুব সুন্দৰভাৱে প্ৰকাশ পাইছে। তদুপৰি গীতটোৰ হৃদয় জুৰোৱা সুৰ আৰু বাঁহীৰ দৰদী ধ্বনিয়ে গীতটোক আলংকাৰিক সৌন্দৰ্য প্ৰদান কৰিছে। নিজস্ব পৰিকল্পনা তথা গীতিকাৰ-সুৰকাৰ হিচাপে জুবিন গাৰ্গৰ শেষৰটো চিৰসেউজ এলবাম আছিল ‘চিলা’। য’ত অম্বিকাগিৰী ৰায় চৌধুৰীৰ দ্বাৰা ৰচিত ‘অগ্নিবীণাৰ টান’ শীৰ্ষক গীতটোক জুবিনৰ সুৰ আৰু সংগীতে এক অনন্য মাত্ৰা প্ৰদান কৰিছে। গীত এটা কেৱল কথাৰ জোৰত কেতিয়াও জনপ্ৰিয় বা চিৰস্থায়ী হ’ব নোৱাৰে যদিহে গীতটোৰ সুৰ আকৰ্ষণীয় নহয়। জুবিন গাৰ্গৰ গীতৰ আটাইতকৈ শক্তিশালী উপাদানটোৱে হৈছে গীতৰ সুৰ। জুবিনৰ যাদুকৰী গায়নশৈলীৰ লগতে গীতৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি তাৰ সুবিন্যস্ত কথা ভাগত অপূৰ্ব সুৰ সংযোজন কৰিব পৰা আছিল এক অনন্য ক্ষমতা। জুবিন গাৰ্গৰ সুৰত প্ৰকাশ পোৱা কাৰুণ্য বা বিষাদৰ ভাব তথা harmonisationৰ স্বকীয় প্ৰকাশভংগীৰ লগতে suspension chordৰ সুন্দৰ ব্যৱহাৰে গীতবোৰক অধিক আকৰ্ষণীয় কৰি তোলা যেন লাগে। সংগীত বিশেষজ্ঞসকলে জুবিন গাৰ্গ সুৰাৰোপিত বহু গীতত ভূপালী ৰাগৰ প্ৰভাৱ অধিক বুলি ক’ব বিচাৰে। অৱশ্যে এই বিষয়ে আৰু অধিক গৱেষণাৰো প্ৰয়োজন আছে। সুৰৰ আলোচনাত তালৰ বিশ্লেষণো দৰকাৰ। জুবিনৰ গীতত তালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জুবিন গাৰ্গ সকলো বাদ্যযন্ত্ৰতেই সিদ্ধহস্ত। যাৰ বাবে জুবিন গাৰ্গৰ নিজা সৃষ্টিত বাদ্যযন্ত্ৰৰ ব্যৱহাৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দেখা যায়। তাবলাত বিশাৰদ তথা সকলোধৰণৰ ‘percussion instrument’ত সিদ্ধহস্ত জুবিন গাৰ্গৰ গানবোৰত বিশেষকৈ Rhythm sectionটোৰ এক সুকীয়া দখল আছে। সুৰকাৰ জুবিন গাৰ্গৰ বেছিভাগ গানেই ৪/৪, ২/২, ৬/৮ তালত বন্ধা। তেওঁ ৪/৪ তালৰ বিচিত্ৰ ৰূপ ধৰি ৰাখিছে— ‘মায়াবিনী ৰাতিৰ বুকুত’ৰ (বোলছবি: দাগ, কথা-সুৰ-সংগীত: জুবিন) দৰে চিৰসেউজ গীতত, ঠিক সেইদৰে লেটিন সুৰ প্ৰভাৱিত গানৰ বাবে খাপ খুৱাকৈ বাছি লৈছে তালৰ বিদেশী পেটাৰ্ন। তেনেদৰে Blues শৈলীত বান্ধ খাইছে ‘গানে কি আনে’। ঠিক সেইদৰে ‘চুমা চুমা’ (মুখা: ২০০৬)-ৰ দৰে গীতত ‘ৰেগে’ (Raggae) তালৰো সফল প্ৰয়োগ দেখা যায়। জুবিন গাৰ্গৰ সুৰত লোকসংগীতৰ পৰা ৱেছটাৰ্ন মিউজিকৰ প্ৰভাৱ পৰা দেখা যায়। ৱেছটাৰ্ন প্ৰভাৱ থাকিলেও গীতবোৰত অসমৰ মাটিৰ গোন্ধ থাকে। “ভবা কথা নহয় সিদ্ধি/ বাটত আছে কণা বিধি” (এলবাম: শিশু, ২০০২, কথা-সুৰ-সংগীত: জুবিন) শীৰ্ষক গীতটোৰ সুৰত গোৱালপৰীয়া লোকগীতৰ প্ৰভাৱ দেখা যায়। ঠিক সেইদৰে ‘অমানিশা সাৰে আছে’ (এলবাম: ৰুমাল-২০০৮), ‘যাতনাৰে প্লাৱনে’ (বোলছবি: আণ্ডাৰৱৰ্ল্ড-২০১৭)-ৰ দৰে গীতৰ সুৰত আকৌ ‘ৱেছটাৰ্ন ফ্লেৱাৰ’ এটা পোৱা যায়।
জুবিন গাৰ্গৰ গীতত সংগীত ব্যৱস্থাপনাৰ (আজিকালি মিউজিক প্ৰডাকছন বুলি কোৱা হয়) দিশটো খুব গুৰুত্বপূৰ্ণ। গীতটোত কি ধৰণৰ বাদ্যযন্ত্ৰ বাজিব, কেনেকৈ বাজিব এই সকলোবোৰৰ দায়িত্ব সংগীত ব্যৱস্থাপকজনৰ। এজন অভিজ্ঞ বাদ্যযন্ত্ৰী হিচাপে জুবিন গাৰ্গে গীতবোৰত ৱেছটাৰ্ন বাদ্যযন্ত্ৰৰ লগত সংযোজিত কৰা বিভিন্ন ধৰণৰ থলুৱা বাদ্যযন্ত্ৰৰ প্ৰয়োগে এক সুকীয়া শ্ৰৱণানুভূতি দিয়ে। উদাহৰণস্বৰূপে চিলা এলবামৰ ‘পলিটিক্স নকৰিবা বন্ধু’ শীৰ্ষক গীতটোত ‘আনন্দ লহৰি’ৰ দৰে ভাৰতীয় লোকসংগীতৰ বাদ্যযন্ত্ৰসমূহৰ সু-সংমিশ্ৰণে গীতটোৰ সংগীত ব্যৱস্থাপনাত এক নতুনত্ব প্ৰদান কৰিছে। গীতটোৰ সুৰ খুব সৰল, সকলো মানুহেই গুণ গুণাব পৰা বিধৰ। গীতটোত মন্ত্ৰী, বিধায়কক পাপৰৰ লগত তুলনা কৰি সাধাৰণ খাটি খোৱা জনতাৰ লগত “পলিটিক্স” নকৰিবলৈ ব্যঙ্গাত্মক প্ৰকাশভংগীৰে সকীয়নি প্ৰদান কৰিছে। এবাৰ এটা ইণ্টাৰভিউত সোধা হৈছিল— জুবিন গাৰ্গে গানটো লিখি সুৰ কৰে নে সুৰ কৰি গানটো লিখে? সেই উত্তৰত তেওঁ কৈছিল এটা সুৰ যেতিয়া কৰি যায় তাৰ লগে লগে কথাখিনি লিখি যায় আৰু লগতে সংগীতৰ কামবোৰো একেলগে কৰি যায়। ‘নহ’লে পৰিচয় হিয়াৰে..’ (গীতিকাৰ: হেমন্ত দত্ত, সুৰ: জুবিন), ‘মায়াৱিনী ৰাতিৰ বুকুত…’ (কথা-সুৰ-সংগীত: জুবিন)-ৰ দৰে বহু চিৰযুগীয়া গীতৰ সৃষ্টি তেওঁ খুব কম সময়ৰ ভিতৰতে কৰিছিল বুলি জনা যায়। ইয়াৰ উপৰি কথা-সুৰ-সংগীতেই নহয়, আজিৰ প্ৰতিযোগিতামূলক জগতখনত তথা অত্যাধুনিক ছাউণ্ড ছিষ্টেমত শ্ৰোতাৰ মাজলৈ গীত এটা যাবলৈ প্ৰয়োজন হয় সঠিক ‘ছাউণ্ড ডিজাইন’ৰ। Stereo Recording ত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। জুবিন গাৰ্গ আছিল এই কাৰিকৰী বিষয়বোৰতো অত্যন্ত সচেতন। যাৰ বাবেই তেওঁৰ পুৰণিৰ পৰা নতুন সকলোবোৰ গীতৰ ছাউণ্ড ডিজাইন আছিল আকৰ্ষণীয়।
তদুপৰি জুবিন গাৰ্গ এনে এজন দক্ষ সুৰকাৰ যাৰ সুৰতেই কবিতায়ো প্ৰাণ পায় এটা গীতলৈ। কবিতাক গীতলৈ ৰূপান্তৰ কৰাটো সুৰকাৰ এজনৰ বাবে বহু কষ্টকৰ কাম। কাৰণ কবিতাৰ ক্ষেত্ৰত বহুখিনি বাধ্য-বাধকতা থাকে। সুৰকাৰে নিজৰ ইচ্ছামতেই শব্দৰ ইফাল সিফাল কৰিব নোৱাৰে। সুৰকাৰ হিচাপে জুবিন গাৰ্গ কিন্তু ইয়াতো সফল হৈছে। ‘কাঞ্চনজংঘা’ ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ’কাঞ্চনজংঘা’ শীৰ্ষক কবিতাটো খুব সুন্দৰকৈ সুৰেৰে সজাইছে। তদুপৰি জুবিন গাৰ্গে ‘গানে কি আনে’ (এলবাম— অনামিকা, ১৯৯২), ‘ফুলেৰে সঁজালো’ ( এলবাম— অনামিকা, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), ‘এন্ধাৰে এন্ধাৰে’ (বোলছবি—ৰ’দৰ চিঠি, ২০১৪), ‘বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে’ (এলবাম—ৰ’ক, ২০১২), ‘হেৰ’ বাঁহী’ (এলবাম—বাঁহী, ২০১০)-ৰ দৰে কেইবাটাও হীৰুদাৰ কবিতাক জনপ্ৰিয় গীতলৈ ৰূপান্তৰ কৰিছে। এই জনপ্ৰিয় গীতসমূহে হীৰেন ভট্টাচাৰ্য (হীৰুদা) আৰু জুবিন গাৰ্গৰ যুটিটোকো চিৰসেউজ কৰি ৰাখিছে। এটা কবিতাক চিৰসেউজ গীতলৈ কিদৰে ৰূপান্তৰিত কৰিব পাৰি তাৰ সফল উদাহৰণ হৈছে জুবিনৰ ‘বৰষুণ’ (২০০৬) নামৰ শ্ৰব্য এলবামটো। যতীন্দ্ৰ নাথ দুৱৰাৰ পৰা কেশৱ মহন্তলৈ কেইবাজনো স্বনামধন্য সাহিত্যিকৰ কথা/কবিতাক জুবিন গাৰ্গৰ সুৰ, কণ্ঠ আৰু সংগীতৰ যাদুকৰী পৰশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
সংগীত পৰিচালক হিচাপেও বাংলা আৰু অসমীয়া ছবি জগতত জুবিন গাৰ্গৰ এক সুকীয়া পৰিচয় আছিল। মুনীন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’ (২০০০) ছবিখনৰ যোগেদি সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গৰ সংগীতে অসমীয়া ছবিৰ বাণিজ্যিক দিশটোক বহুখিনি সহায় কৰিছিল। জুবিন গাৰ্গে প্ৰায় চল্লিশখনৰো অধিক অসমীয়া ছবিত সংগীত পৰিচালনা কৰি থৈ গৈছে। এই বোলছবিৰ সংগীত আৰু একক এলবামৰ সংগীতৰ মাজত কিছু পাৰ্থক্য আছে। বোলছবিৰ সংগীতত কাহিনীৰ ওপৰত ভিত্তি কৰি সংগীত পৰিচালকজনে গীত সৃষ্টি কৰে কিন্তু একক এলবামত তেনেধৰণৰ কথা বা বাধ্য-বাধকতা সমূহ নাথাকে। জুবিন গাৰ্গে এই দুয়োটা ধাৰাৰ সংগীতৰ ওপৰতেই সমান্তৰালভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবেই একে সময়তে এফালে ‘হিয়া দিয়া নিয়া’ৰ সংগীত আনফালে ‘পাখি’ (২০০০)-ৰ দৰে একক এলবামৰ সংগীতে অসমৰ আকাশ-বতাহ কঁপাই তুলিবলৈ সক্ষম হৈছিল। জুবিন গাৰ্গৰ সংগীতৰ ওপৰত আলোকপাত কৰিবলৈ গ’লে অৱধাৰিতভাৱেই আহি পৰে বিশিষ্ট গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতী আৰু মানস ৰবীনৰ নাম। ক’ৰবাত যদি দিগন্ত ভাৰতীয়ে লিখা গীত জুবিন গাৰ্গে সুৰ আৰু সংগীতেৰে সজাইছে (যেনে: দাগ বোলছবিৰ ‘মনলে উভতি আহে ল’ৰালি’, ‘বিচাৰিছোঁ কাষতে’ শীৰ্ষক গীত দুটি, কন্যাদান বোলছবিৰ ‘সোণ ৰূপেৰেও’ শীৰ্ষক গীতটি)। ক’ৰবাত আকৌ দিগন্ত ভাৰতীয়ে কথা-সুৰৰে সজোৱা গীতত জুবিন গাৰ্গে কণ্ঠ নিগৰাইছে। ঠিক সেইদৰে জুবিন-মানস ৰবীনৰ যুটিও অসমীয়া সংগীত জগতৰ বাবে এটা চিৰযুগমীয়া যুটি হৈ ৰ’ব। জুবিন-মানস ৰবিনৰ বহু চিৰসেউজ সৃষ্টিৰ ভিতৰত তেনে দুটা সৃষ্টি হৈছে- ‘উল গুঠিব জানেনে/ তাঁত লগাব জানেনে..’ (সুৰ-সংগীত: জুবিন, গীতিকাৰ: মানস ৰবিন, বোলছবি: কন্যাদান) শীৰ্ষক গীতটি। আৰু ‘নবৌ অ’ মোলৈ এজনী ছোৱালী চালি নে নাই’ ( কথা-সুৰ- মানস ৰবিন, কণ্ঠ: জুবিন)। সকলোখিনি লিখিবলৈ হ’লে লেখাটো অধিক দীঘল হোৱাৰ ভয়ত ইমানতেই সামৰিছোঁ। ঠিক সেইদৰে বৰ্তমান সময়ৰ জুবিনৰ গানবোৰ বিশ্লেষণ কৰিলে শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাৰ দৰে প্ৰতিভাৱান গীতিকাৰৰ নাম উল্লেখ কৰিবই লাগিব। গীতিকাৰ দুজনৰ কেইবাটাও সুমধুৰ গীত জুবিন গাৰ্গে সুৰ আৰু সংগীতেৰে সজাই জনপ্ৰিয় কৰি তুলিছিল। যেনে: ৰাহুল গৌতমে লিখা ‘মা’ এলবামৰ ‘পপীয়া তৰা’, ‘আখৰে’ শীৰ্ষক গান দুটা জুবিন গাৰ্গে খুব সুন্দৰকৈ সুৰ, সংগীতেৰে সজাইছে। ঠিক সেইদৰে উল্লেখ কৰিব পাৰি শশাংক সমীৰে লিখা আৰু জুবিনৰ সুৰ, সংগীত, কণ্ঠই প্ৰাণৱন্ত কৰি তোলা ‘ৰ’দৰ চিঠি’, ‘ধূলিকণা’, ‘প্ৰীতিভৰা’ আদিৰ দৰে বহু জনপ্ৰিয় গীতৰ কথা।
জীৱিত কালত মানৱদৰদী জুবিন গাৰ্গক বা তেওঁৰ সৃষ্টিৰাজিক বুজিবলৈ সময় নোহোৱা এচাম গোঁৱাৰ বুদ্ধিজীৱীয়ে জুবিন গাৰ্গক পুৰণি শিল্পীৰ লগত তুলনা কৰি কিছুমান তৰল সমালোচনা কৰা দেখা গৈছিল। সেইচাম তথাকথিত সমালোচকে কেইজনমান মুষ্টিমেয় অগ্ৰজ শিল্পীৰ সৃষ্টিৰাজিৰ বাহিৰে, ত্ৰিছ বছৰতকৈ অধিক সময় অসমৰ সংগীত জগতত দপদপাই থকা জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল। জীৱিত কালত সেইসকলৰ বাবে জুবিন গাৰ্গ আছিল বিতৰ্কত আৰু ফেচবুক ট্ৰু’লিঙত ব্যৱহাৰ কৰা মনোৰঞ্জনৰ আহিলা মাথোন। নতুনত্বক আদৰিবলৈ প্ৰস্তুত নোহোৱা তেনে গোঁৱাৰ সকলৰ বাবেই হয়তো জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতে কৈ গৈছিল– “ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে।” সেয়েহে আজি বহুতৰে প্ৰশ্ন— জীৱিত কালত সঠিক সন্মান জনাব নজনা জাতি নেকি আমি?
যি নহওক এয়া আমাৰ সীমিত জ্ঞানৰ পৰিধিয়ে ঢুকি পোৱা জুবিন গাৰ্গৰ গীত সম্পৰ্কত যৎকিঞ্চিৎ প্ৰয়াসহে মাথোঁ, অনাগত দিনত সংগীত সমালোচক-বিশেষজ্ঞ সকলৰ পৰা এই বিষয়ে সঠিক আলোচনা হ’ব বুলি আশা ৰাখিছোঁ। জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ সৃষ্টিৰাজি আমাৰ মাজত সদায় সজীৱ হৈ থাকিব আৰু ৰখাটো আমাৰ সকলোৰে দায়িত্ব।

