গ্রন্থ পৰিচয়বিবিধ চিন্তা

ডাঃ নীলাক্ষী চলিহা গগৈৰ “নী’’ : এক পৰ্যালোচনা ।। টুনুজ্যোতি গগৈ

মুক্ত চিন্তা।একাদশ বছৰ ।। তৃতীয় সংখ্যা
দীৰ্ঘদিন ধৰি নীৰৱে বাণীৰ সাধনাত ব্ৰতী হৈ অহা কবি-গল্পকাৰ-ঔপন্যাসিক ডাঃ নীলাক্ষী চলিহা গগৈৰ সৃষ্টিশীল সাহিত্য মানেই যেন অন্তহীন অস্থিৰতা আৰু ভংগুৰতাৰ মাজতো পৰিলক্ষিত হোৱা অদম্য জীৱনীশক্তিৰ দীপ্ত স্পন্দন, সমাজ-বাস্তৱৰ সূক্ষ্ম নিৰীক্ষণ আৰু মানৱীয় অনুভূতিৰ গভীৰ অনুসন্ধানৰ শৈল্পিক ৰসায়ন ! তেওঁৰ পৈণত কলমত মানৱ জীৱনৰ বহু বিচিত্ৰ আৰু জটিল সত্য, সমকালৰ আপাতদৃষ্টিত গুৰুত্বহীন অথচ গুৰুত্বপূৰ্ণ বিভিন্ন দিশ আৰু অন্তৰ্লোকৰ অলেখ নীৰৱ কোলাহল অনন্য ৰূপত উন্মোচিত হোৱা দেখা যায়। তেওঁ ব্যক্তিমানসৰ গভীৰ সংকট, মানৱীয় মূল্যবোধৰ অৱক্ষয় আৰু ব্যক্তি-সমাজৰ বিৰামহীন দ্বন্দ্বক সমালোচনামূলক দৃষ্টিভংগীৰে সৃষ্টিৰাজিত তুলি ধৰাৰ প্ৰয়াস কৰে। ভাষাৰ নদীময় সোঁত আৰু ভাব-চিন্তাৰ গভীৰতাৰ সমন্বয়ে তেওঁৰ কথনশৈলীক প্ৰদান কৰিছে এক স্বকীয় নন্দনতাত্ত্বিক ঔজ্জ্বল্য।
 
ডাঃ গগৈয়ে ‘মোৰ স্বপ্ন-দুঃস্বপ্নৰ মেডিকেল কলেজ’, ‘ডন ফাৰ্মাচীত দুপৰীয়া’, ‘মন্ত্ৰৰ দেৱতা’, ‘ডাৰ্ক চকলেট’, ‘গগৈদেউ-দগৈদেউ’ আদি কেইবাখনো উপন্যাসেৰে অসমীয়া উপন্যাস সাহিত্য জগতক সমৃদ্ধ কৰিছে। বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তু আৰু ব্যতিক্ৰমী উপস্থাপন শৈলীৰ বাবে তেওঁৰ পূৰ্বৰ উপন্যস কেইখনে বৌদ্ধিক সমাজত যথেষ্ট চৰ্চাও লাভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত তেওঁৰ আত্মজৈৱনিক উপন্যাস ‘নী’ত ব্যক্তিগত জীৱনৰ কেতবোৰ তিক্ত, অবাঞ্ছিত আৰু কষ্টকৰ অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ পৰিলক্ষিত হয়। এই ব্যক্তিগত অভিজ্ঞতাবোৰৰ শৈল্পিক ৰূপায়ণে উপন্যাসখনক কেৱল আত্মকথনৰ পৰিসীমাতে আৱদ্ধ কৰি নাৰাখি এক বিস্তৃত সামাজিক সত্যৰ অন্বেষণলৈ উন্নীত কৰিছে। ফলত, পুৰুষতান্ত্ৰিক সমাজ-সংৰচনাৰ বহুমুখী উৎপীড়ন ইয়াত নিৰ্মোহ আৰু নিৰ্ভীকভাৱে উন্মোচিত হৈছে।
 
প্ৰচলিত সমাজৰ স্থিৰ দৃষ্টিভংগীয়ে, বিশেষকৈ লিংগভিত্তিক বাধাসমূহে কম বয়সৰপৰাই কথকৰ মানসিক গঠনক এক বিশেষ ৰূপ দিছিল। সেই যে তেওঁ কিশোৰী কালতে ৰে’লযাত্ৰাত অবাঞ্ছিত স্পৰ্শৰ সন্মুখীন হৈছিল, শিক্ষানুষ্ঠানত নম্বৰ বঢ়োৱাৰ বিনিময়ত অধ্যাপকৰ অশালীন প্ৰস্তাৱ লাভ কৰিছিল, কৰ্মক্ষেত্ৰত সহকৰ্মীৰ মানসিক উৎপীড়নৰ সন্মুখীন হৈছিল, চিকিৎসা জগতৰ নৈতিক অবক্ষয়ৰ প্ৰত্যক্ষদৰ্শী হৈছিল, সৃষ্টিশীল জগতৰ তথাকথিত ‘সুন্দৰৰ পূজাৰী’ৰ নাৰী-দেহৰ প্ৰতি লোলুপ দৃষ্টি হজম কৰিছিল, মনোৰোগ বিশেষজ্ঞৰ ওচৰত লাঞ্চিত হৈছিল — সেই পৰিঘটনাসমূহ আচলতে কোনো বিচ্ছিন্ন পৰিঘটনা নহয়; বৰং সেইবোৰ একেধৰণৰ পুৰুষতান্ত্ৰিক ক্ষমতা-সংৰচনাৰ বহুমুখী প্ৰকাশ। উচ্চ শিক্ষানুষ্ঠান, চিকিৎসা ব্যৱস্থা, সাহিত্য জগত — এই সকলো ক্ষেত্ৰতেই ক্ষমতাৰ অপব্যৱহাৰে নাৰী-অস্তিত্বক বাৰে বাৰে আঘাত হনাৰ লগতে নাৰীক নীৰৱতাৰ কাৰগাৰলৈ প্ৰক্ষেপ কৰাৰ অপচেষ্টা চলাই আহিছে।
 
এই পৰিপ্ৰেক্ষিতত উপন্যাসৰ কথকগৰাকী অৰ্থাৎ ‘নী’ চৰিত্ৰটো সহস্ৰ নীৰৱ, নিপীড়িত আৰু অৱদমিত নাৰীৰ সমূহীয়া কণ্ঠস্বৰলৈ ৰূপান্তৰিত হয়। কথকৰ ব্যক্তিগত তিক্ত অভিজ্ঞতাবোৰৰ মাজেৰে নিনাদিত হৈ উঠে সমাজৰ বহু অনুচ্চাৰিত বৃত্তান্ত। এনে কাৰণতে উপন্যাসখন কেৱল আত্মজৈৱনিক আখ্যান হৈ থকা নাই; ই এক শক্তিশালী ‘সাক্ষ্য-ভিত্তিক সাহিত্য’ (Testimonial literature) হিচাবে প্ৰতিষ্ঠা লাভ কৰিছে।
 
এই প্ৰসংগতে মিচেল ফুকোৰ ‘শৰীৰ-ৰাজনীতি’ আৰু ‘জৈৱ-ক্ষমতা’ৰ তত্ত্বক বিশেষভাৱে স্মৰণ কৰিব পাৰি। ফুকোৰ মতে, আধুনিক সমাজত ক্ষমতাই দমনমূলক আচৰণ প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে মানুহৰ শৰীৰ, যৌন আচৰণ আৰু মনস্তত্ত্বক গভীৰভাৱে নিয়ন্ত্ৰণ কৰি এক তথাকথিত ‘স্বাভাৱিকতা’ৰ মান নিৰ্ণয় কৰে। কিন্তু, ‘নী’ৰ কথকে সেই ‘স্বাভাৱিকতা’ৰ সংজ্ঞাক ফালি-চিৰি পেলাইছে। তেওঁ নাৰীৰ ওপৰত সমাজে আৰোপ কৰা ‘লাজ’ বা ‘ভয়’ক দমনমূলক শক্তি হিচাবে গ্ৰহণ নকৰি সেইবোৰক প্ৰতিবাদৰ শক্তিশালী অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছে।
 
কথকে জীৱনৰ পদে পদে মানসিক যন্ত্ৰণা আৰু অবমূল্যায়নৰ সন্মুখীন হোৱা সত্ত্বেও কোনো পৰিস্থিতিতে আত্মসমৰ্পণ কৰা নাই। তেওঁ সংঘাত আৰু সংশয়ৰ মাজেৰে আগবাঢ়ি এসময়ত উপলব্ধি কৰিছে যে নীৰৱতাই কোনো সমাধান সূত্ৰ আৱিষ্কাৰ নকৰে, নিজৰ মতামত সাহসেৰে প্ৰকাশ কৰিব পাৰিলেহে আপোন অস্তিত্ব বৰ্তি ৰ’ব আৰু আত্মমুক্তিৰ পথ উন্মোচিত হ’ব। এইখিনিতে উপন্যাসখনত বৌদ্ধ দৰ্শনৰ ‘আত্মদীপো ভৱ’ বাণীৰ মৰ্ম অনুৰণিত হয়। কিন্তু, ইয়াত এই বাণীটোৱে এক নতুন তাৎপৰ্য লাভ কৰে। কথকে উপলব্ধি কৰে যে পোহৰৰ উপাসনা কৰিবলৈ হ’লে প্ৰথমে নিজৰ ভিতৰৰ অন্ধকাৰ, ক্ষত আৰু সমাজ নিৰ্মিত সংকটবোৰ জ্বলাই পুৰি পেলাব লাগিব।
 
উপন্যাসখনত বৃশ্চিক ৰাশিৰ প্ৰতীকৰ ব্যৱহাৰে এক বিশেষ তাৎপৰ্য বহন কৰিছে। আৰম্ভণিতে পোহৰৰ কোমল আভাৰে নিজক চিহ্নিত কৰিব খোজা কথকে সময়ৰ লগে লগে বুজি পায় যে সমাজত মূৰ দাঙি জীয়াই থাকিবলৈ হ’লে কোমলতাৰ লগতে বিষময় প্ৰতিৰোধো প্ৰয়োজন হয়। কথকৰ এই উপলব্ধিক এক আত্মৰক্ষামূলক চেতনা আৰু অন্তৰ্নিহিত শক্তিৰ প্ৰকাশ বুলি অভিহিত কৰিব পাৰি নিশ্চয়।
 
উপন্যাসখনৰ বৰ্ণনা আপাত দৃষ্টিত নৈৰ সোঁতৰ দৰে শান্ত আৰু সমাহিত, অথচ সেই সোঁতত নামিলেই পাঠক চিন্তাৰ পাকনৈয়াত সোমাই পৰে। কাব্যিকতা আৰু কঠোৰ বাস্তৱতাৰ সংমিশ্ৰণে উপন্যাসখনক দিছে এক অনন্য শিল্পমাত্ৰা।
 
উপন্যাসৰ শেষৰ ফালে ঔপন্যাসিকে আহ্বান জনাইছে — “Rise, women rise. No more shame. No muted tone. Your inner science is your own. Your hormonal truth is sovereignty.” এয়া কেৱল আৱেগিক উচ্চাৰণ নহয়; ই হ’ল নীৰৱতা ভংগ কৰি আত্মমুক্তি আৰু প্ৰতিবাদৰ পথ প্ৰশস্ত কৰিবলৈ জনোৱা সাহসী আৰু সময়োপযোগী আহ্বান।
 
শেষত নিৰ্দ্বিধাই ক’ব পাৰি যে ডাঃ নীলাক্ষী চলিহা গগৈয়ে যশ-খ্যাতিৰ মোহত কলম ধৰি থকা নাই। সাহিত্য চৰ্চা তেওঁৰ বাবে কোনো কৃত্ৰিম আৰু কষ্টকল্পিত নিৰ্মাণকাৰ্য নহয়। তেওঁ শব্দৰ সাধনাক আত্ম উন্মোচনৰ এক অনিবাৰ্য তাড়না আৰু সামাজিক মূল্যবোধৰ পুনৰ্নিৰ্মাণৰ এক আহিলা হিচাবে গ্ৰহণ কৰিছে বাবেই ‘নী’ উপন্যাসখনে স্নাতক পাঠকক স্মৰণীয় পঠন অভিজ্ঞতা প্ৰদান কৰাৰ লগতে নতুন চিন্তাৰ নতুন দুৱাৰ উন্মোচন কৰিবলৈ অনুপ্ৰাণিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *