গল্প-কবিতা

টি. আৰ. পি. ।। পৰিস্মিতা বৰদলৈ

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

প্ৰথম দৃশ্যঃ

তীব্ৰবেগেৰে বুলেট এখন ৰ’লহি বিল্ডিংটোৰ তলত৷ বুট এযোৰ নামিল বুলেটৰ পৰা আৰু প্ৰায় দৌৰি যোৱা দি চিৰিৰে উঠি গ’ল বুটযোৰ৷ সাতমহলীয়া বিল্ডিংটোৰ ছাদৰপৰা কিবা এটা পৰাৰ দৰে শব্দ হ’ল আৰু তৎক্ষণাত এটা জুমৰ সৃষ্টি হ’ল৷ কিছুপৰ আগতে ৰখাই থোৱা বুলেটখনৰ কাষত তেতিয়ালৈ এডোঙা তেজত ডুবি আছিল বুটযোৰে ধাৰণ কৰি অহা মূৰটো৷

তেজত লুতুৰি-পুতুৰি হোৱা মূৰটোক লৈ এতিয়া এজুম মানুহৰ গৱেষণা চলিল ৷ প্ৰত্যেকেই নিজৰ ধৰণেৰে নিজৰ মাজতে একোটা কাহিনীৰ তৈয়াৰ কৰি ল’বলৈ ধৰিলে ৷ পৃথিৱীত যদি আটাইতকৈ সহজ কাম কিবা আছে তেনেহ’লে সেয়াই হ’ল ‘কাহিনী তৈয়াৰ কৰা কামটো৷ কিবা এটা ‘ক্লু’ পাবহে লাগে ঘুনুক-ঘানাককৈ৷ বচ আৰম্ভ হৈ যায় কাহিনী ৰচাৰ প্ৰক্ৰিয়া ৷ অৱশ্যে কাহিনী এটাৰ তৈয়াৰ আৰু সৃষ্টিৰ মাজত তফাৎ নিশ্চয়কৈ আছে ৷ সেয়ে হয়তো কাহিনী তৈয়াৰ কৰিলেই হৈ যাব নোৱাৰি একো একোজন কাহিনীকাৰ৷ কিন্তু কাহিনীকাৰনো হ’ব বিচাৰে কোনে! প্ৰত্যেকৰে লক্ষ্য মাথোঁ অলপমান সময়ৰ কাৰছাজি,এখন্তেক গুজৱ কৰাৰ ৷

তেজত লুতুৰি-পুতুৰি হোৱা মূৰটোৰ কাহিনীবোৰ:

কাহিনী-১

সম্ভৱতঃ একোখন গধুৰ মাৰ্কশ্বিটেৰে ওফন্দি থকা এটা ‘এডুকেশ্যনেল ফাইল’ তাৰো আছিল৷ হয়তো ভালেকেইটা পৰীক্ষাৰ বাবে ৰাতিক দিন কৰি পঢ়াশুনাও কৰিছিল সি৷ হয়তো ভালমান পৰীক্ষাত ইতিমধ্যে অৱতীৰ্ণ হৈছিল সি। কিন্তু ৰিজাল্টতহে দুই-এক নম্বৰৰ বাবেই সি অনিৰ্বাচিত হৈ ৰয় বাৰে বাৰেই৷ নতুবা এনেকুৱাও হ’ব পাৰে লিখিত পৰীক্ষাবোৰত কোনোদিনেই অনুত্তীৰ্ণ হৈ নোপোৱা ল’ৰাটোৱে বাৰে বাৰে উত্তীৰ্ণ হ’বলৈ অসমৰ্থ হৈ ৰয় মৌখিক পৰীক্ষাত৷ নাইবা আন এটা কথাত হোৱাৰো আশংকা থাকিব পাৰে, লিখিত আৰু মৌখিক পৰীক্ষাৰ দেওনা পাৰ হৈয়ো কিজানি গধুৰ মাৰ্কশ্বিটখনতকৈ গধুৰ মানিবেগ এটাৰ অভাৱতে তাৰ হ’বলগীয়া চাকৰিটো হাতৰ পৰা গুচি যায়৷ হয়তো চিষ্টেমৰ ওপৰতেই ভৰসা আঁতৰি যোৱা ল’ৰাটোক ঘৰত মাক-বাপেকহালৰ শুকান মুখকেইখনে পীড়া দিবলৈ ধৰে, সেইবাবেই মূৰটোৱে কাম নকৰা হৈ সি এই কাণ্ডটো কৰি পেলায়।

এক নং কাহিনীটো শুনি কোনো কোনোৱে হয়ভৰ দিয়ে যদিও বেছিভাগেই যেন পতিয়ন নাযায়৷ প্ৰত্যেকেই খুঁত উলিয়াবলৈ চেষ্টা কৰে কাহিনীটোৰ ৷ এচামৰ মতে গধুৰ মানিবেগ নহ’লে এনেকুৱা গধুৰ মটৰচাইকেল এখন থকাটো কিদৰে সম্ভৱ! মাক-বাপেকৰ জেপ গধুৰ হ’লেহে পুতেকক মোটা অংক ব্যয় কৰি এনেকুৱা মটৰচাইকেল কিনি দিব পাৰে! গতিকে ল’ৰাটোৱে টকাৰে চাকৰি কিনিব নোৱাৰি মৰিবলৈ অহা কাহিনীটো বিশ্বাসযোগ্য হ’ব নোৱাৰে৷ এক নং কাহিনীটো সজা মানুহখিনিক বাদ দি জুমটোৰ প্ৰায় সকলোৱে কথাটোত হয়ভৰ দিয়ে৷ এতিয়া জুমটোৰ পৰা আন এটা কাহিনী মেৰামতি কৰাত ব্যস্ত হয় আন এচাম লোকে৷

কাহিনী নং ২-

লাগ বুলিলেই হাততে সকলো পোৱা ল’ৰাটোৱে নিশ্চয়কৈ অভাৱ কি বুজিয়েই নাপালে ৷ দুইহাতে নিজ খুচিমতে উৰাবলৈকে এগাল ধন পালে বুলিয়েই সি হয়তো চিকাৰ হ’ল মদ,জুৱা,ভাং আদি নানানটা বদ অভ্যাসৰ ৷ ডিঙিলৈকে গিলি ৰাতি ৰাতি ঘৰ সোমোৱা ল’ৰাটোৰ বাবে ঘৰখনো হয়তো ঘৰ হৈ নাথাকিল৷ অসুখীয়া মাকজনী তাৰ টেনচনতে সিফলীয়া হ’ল৷ বাপেককো আজি ইটো,কাইলৈ সিটোকৈ বেমাৰবোৰে লগ নেৰা হ’ল৷ লাহে লাহে তাক পইছা দিবলৈকো বাপেকে হাতৰ মুঠি টান কৰা হ’ল৷ দেৰিকৈ হ’লেও বাপেকে নিশ্চয় বুজি পালে যে ভাল হওক ভাবি পুতেকলৈ কালহে চপাই অনা হ’ল৷ বিলাসী বেপৰোৱা জীৱনত অভ্যস্ত ল’ৰাটোৱে বাপেকৰ পৰা টকা নাপাই এইবাৰ ঋণ ল’বলৈ ধৰিলে আৰু তাত ডিঙিলৈকে ডুব গৈ তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি নাপায় এই পথ বাছি ল’লে৷ এইবাৰ কাহিনীটো প্ৰায়ভাগৰে পচন্দ হ’ল আৰু ‘হয় হয়’ বুলি শলাগিবলৈ ধৰিলে৷ পাছে এইবাৰো জুমটোৰ মাজৰে কাহিনী তৈয়াৰ কৰিবলৈ তৎপৰ হৈ থকা আন দুজনমানে এইটো কাহিনীৰো বিৰোধ কৰি উঠিল। তেওঁলোকৰ মতে যিটো ল’ৰাৰ স্বভাৱ মাকৰ মৃত্যু আৰু বাপেকৰ অসুখীয়া অৱস্থায়ো শুধৰাব নোৱাৰে,তেনে ল’ৰাই অনুশোচনাত ভূগি আত্মহত্যা কৰিবলৈ নাযায়। লাগিলে বাপেক থকালৈকে বাপেকৰ ধন চুঁচি চুঁচি খাব , তথাপি মৰাৰ কথা নাভাবে। নিশ্চয় কিবা প্ৰেম-পিৰিতিৰ ঘটনাহে এয়া,যাৰ চৰম পৰিণতি হিচাপে বাছি ল’লে এই পথ৷ কোনো কোনোৱে কথাটোত হয়ভৰ,কোনো কোনোৱে হা না একো নকৈ আন এটা কাহিনী শুনিবলৈ কাণ উনাই থাকিল৷

কাহিনী নং ৩-

দেখাত হৃষ্টপুষ্ট,দেখনিয়াৰ ল’ৰাটোৰ বাবে ছোৱালী পটোৱাটো বাঁওহাতৰ খেল৷ টিলিকিতে ধুনীয়া ধুনীয়া ছোৱালীবোৰক প্ৰেমৰ জালত ফচাই আকৌ আমনি লাগিলে এৰি দিয়ে ৷ এনেকৈয়ে জীৱন চলি আছিল তাৰ৷ ভাবিছিল জীৱনটো খেলহে,ফূৰ্তি কৰি শেষ কৰাই মূল কথা৷ প্ৰেম-ত্ৰেম বুলি কোনো কথা নাই৷ কিন্তু প্ৰেমক খেল বুলি আৰু ছোৱালীবোৰক খেলনা বুলি ভবা ল’ৰাটোৰে দুৰ্বাৰ প্ৰেম হ’ল এইবাৰ ৷ কলেজৰ আটাইতকৈ অমায়িক আৰু নম্ৰ যেন লগা ছোৱালীজনীৰ প্ৰেমত সি হাবুডুবু খালে৷ ভালপোৱা কি বুজি উঠিলে সি। একপ্ৰকাৰ তাইক লৈ সপোনৰ কাৰেং এখনেই ৰচি পেলালে সি ৷ কিন্তু ভবামতেই কেতিয়াবা ক’তনো হয় কথাবোৰ! লাহে লাহে সি গম পালে তাইৰ হেনো ঘৰত বেলেগ ল’ৰাৰ লগত বিয়া ঠিক কৰিছে,কলেজৰ শেষ পৰীক্ষাটো দিয়াৰ পাছতেই বিয়া৷ কলেজ পাছ কৰি মাত্ৰ উঠা তাৰ দৰে বেৰোজগাৰ এটাৰ ক’ত ইমান সাহস যে এই বিয়াৰ বিৰোধ কৰিব! উপায়হীন হৈ সি জীৱনটোৰেই বিৰোধিতা কৰিবলৈ ঠিক কৰিলে আৰু কেৱলং ঠিক কৰাইনে! জীৱনটোকে শেষ কৰি পেলালে সি৷ এইবাৰো কাহিনীটো পচন্দ হ’ল বেছিভাগৰে, কিন্তু আগৰ কেইবাৰৰ দৰেই বহুতৰে মনত প্ৰশ্নও থাকি গ’ল ৷ কাৰোবাৰ মতে ইমান ধনী ঘৰৰ ল’ৰাই এই সাধাৰণ কথাটোৰ কাৰণেই মৰি যাবনে! ছোৱালীৰনো কি আকাল! অথবা কোনো কোনোৱে আন এটা কাহিনীৰ আঁত ধৰি ক’বলৈ ধৰিলে নিশ্চয় সি ছোৱালীৰ লগত কিবা লাফৰা কৰি ফঁচিলে নিজে আৰু তাৰপৰা ওলাব নোৱাৰিয়েই ল’লে এই চৰম পন্থা৷

প্ৰত্যেকেই নিজা নিজা ধৰণেৰে কাহিনীবোৰ তৈয়াৰ কৰি লোৱাৰ পাছত পুনৰ ভুন্‌ভুননিৰ সৃষ্টি হ’ল। কাহিনীৰ ধামখুমীয়াত বাস্তৱতনো কি ঘটিছিল কোনেও উমঘামেই নাপালে ৷

নিজৰ মাজতে প্ৰত্যেকেই নিজৰ ধৰণেৰে কাহিনীবোৰ সজাই-পৰাই থাকোঁতেই চাইৰেণ বজাই পুলিচৰ গাড়ী এখন আহিল ৷ মানুহৰ ভীৰ ঠেলি পুলিচৰ গাড়ীখন আহি থাকিল আৰু একোবত ৰ’লহি ৷ গাড়ীখনৰ পৰা নামি আহিল এটা প্ৰকাণ্ড কুকুৰ ৷ হাবিলদাৰজনৰ হাতৰ মুঠিৰ পৰা যেন শিকলি ছিঙিহে গুচি যাব তেনেকুৱা কৰিবলৈ ধৰিলে সি ৷ তাৰ ভৌ ভৌ চিঞৰত থুপ খোৱা কাহিনীবোৰৰ ভুনভুননিবোৰ অ’ত-ত’ত ছিটিকি পৰিল ৷ ছিটিকি পৰা টুকুৰাবোৰ এখন কাগজ হ’ল আৰু ৰক্তাক্ত মূৰটোৱে পৰিধান কৰা পেণ্টটোৰ পকেটৰ পৰা কাগজখন মুখেৰে টানি উলিয়াই আনিলে প্ৰকাণ্ড কুকুৰটোৱে ৷ এতিয়া কাগজৰ টুকুৰাটোৱে বেলেগ এটা কাহিনী ক’বলৈ উদ্যত হ’ল ৷

যাক লৈ অতবোৰ কাহিনীৰ সৃষ্টি হ’ল,সিয়ো আচলতে আছিল এজন কাহিনীকাৰ,লেখক৷ এৰা! তাৰ জেপৰ ভিতৰৰপৰা উদ্ধাৰ হোৱা কাগজখনেতো তাৰেই ইংগিত বহন কৰে ৷ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ল কাগজখন ৷ কাগজখননো আচলতে কি আছিল,তাক জানিবলৈ আকৌ কেতবোৰ কাহিনীৰ সৃষ্টি হ’ল ৷

কাগজখন হেনো আচলতে এখন চিঠি আছিল ৷ প্ৰেয়সীলৈ লিখা!

অথবা এখন প্ৰেচক্ৰিপচন আছিল ,য’ত লিখি থোৱা দৰৱকেইটা যোগাৰ কৰিব নোৱাৰাৰ বাবেই সি…ঢুলঢুলীয়া চকুৰ বৃদ্ধ বাপেকে আশাৰে তালৈ দৰৱ লিখি থোৱা কাগজখন আগদিনাখন আগবঢ়াই দিছিল নে তেওঁ গাৰুৰ তলত লুকুৱাই থৈছিল! কিজানিবা মাকে তাৰ হাতত তুলি দি কৈছিল,”বোপা বাপেৰৰ দৰৱকেইটা আনি দিবি পাৰ যদি। তেখেতে নিজে নকয় তোক৷” বাপেকেনো কেনেকৈ ক’ব! তেওঁৰ মূৰত ঋণৰ বোজা,পুতেকক বুলেট কিনি দিয়াৰ পৰা ঘৰ বান্ধিবলৈ লোৱা লোণৰ কিস্তিলৈকে ৷ তেওঁ নিবিচাৰে এই বোজাৰ ভৰ পুতেকেও বহন কৰক। তথাপি …এইটো কাহিনীও কিবা মনঃপুত নহয় ৷ মৃত্যুৰ বাবেই ইমানবোৰ কাহিনী ৰচা যায়নে! জীয়াই থকাৰ বাবে একা!

ফৰেনছিকৰ পৰা অহা ৰিপ’ৰ্টৰ বাবে বাট চাবলৈ ধৈৰ্য নাই কাৰো। এইবাৰ কাগজখনক ডায়েৰীৰ এটা পৃষ্ঠা বুলি ভাবিবলৈ লয় ৰাইজে,য’ত নেকি ল’ৰাজনে লিখি থৈছিল কিবাকিবি ৷ওঁহো সেয়া প্ৰেয়সীলৈ বুলি লিখা চিঠি নহয় ৷ চিঠি প্ৰাপক সদায়ে প্ৰেয়সী বা প্ৰেমাস্পদেই হ’ব লাগিব বুলিতো কোনো ধৰাবন্ধা নিয়ম নাই৷

ডায়েৰীৰ পৃষ্ঠা অথবা এখন চিঠি:

সমীপেষু তোমাৰ

চিঠি এখন লিখিবলৈ বুলি বহিছোঁ বহুদিনৰ মূৰত৷ চিঠি জীৱনত অলেখ লিখিলোঁ৷ পাছে তোমালৈ বুলি এইখনেই মোৰ প্ৰথম চিঠি৷ হয়তো অন্তিমো৷ ‘মৰমৰ’ বুলি সম্বোধিব বিচৰা নাই, আচলতে বিচাৰিমনো কিয়! তুমিতো মোৰ চেনেহৰ নহয়৷ মোৰ বুলিয়েই নহয় এই চৰাচৰ জগতৰ কাৰোৰেই তুমি চেনেহৰ নোহোৱা, নোহোৱা প্ৰিয়৷ তথাপি! তথাপি কিয় জানো বাৰে বাৰে মোৰ প্ৰিয় কোনোবা নহয় কোনোবাই ততালিকে তোমাক আকোঁৱালি ল’বলৈ মন কৰে৷ আচৰিত নহয়নে! ভালো পায় বুলি অংগীকাৰ কৰে মোক আৰু কাষ চাপে তোমাৰ৷ হাঁহি উঠি যায় জানা?

এন্ধাৰৰ অতল গহ্বৰৰপৰা পোহৰ এধানিমানৰ সন্ধানত ব্যস্ত কোনোবাই নিঃসন্দেহে মোক ভাল পায়৷ পাছে সেই পোহৰকণ বিচাৰি নাপালেই তোমাৰ অন্বেষণত ব্যস্ত হৈ পৰে৷ অৱচেতন মনত কঢ়িয়াই ফুৰে তোমাক৷ যেন সংসাৰৰ সমস্ত পীড়াই পিষ্ট কৰি অনাৰ পাছত কেৱল তোমাৰ আগমনেই মুহূৰ্তত নিঃচিহ্ন কৰি পেলাব সমস্ত যাতনা কিম্বা শোক-তাপ৷ একপ্ৰকাৰ মুক্তি বিচাৰি তোমাৰ শৰণাপন্ন হ’বলৈ মন মেলে মোৰ প্ৰিয়তম সকলোৱে৷ আটাইতকৈ মজাৰ কথাটো কি জানা? কোনো কোনোৱে কয় তুমি হেনো খুব সুন্দৰ,শীতল,শান্ত৷ মোৰ কিন্তু মুঠেই মানি ল’বৰ মন নাযায় জানা? সুন্দৰটো দূৰৰে কথা, মোক যদি কোনোবাই তোমাক অভিহিত কৰাৰ সুযোগ দিয়ে মই ক’ম আটাইতকৈ ভয়ংকৰ যদি কিবা আছে সেয়াই তুমি৷ ৰ’বা ৰ’বা বিনাকাৰণত দোষাৰোপ কৰাৰ অভ্যাস মোৰ একেবাৰে নাই৷ তোমাক ভয়ংকৰ বুলি কোৱাৰ আঁৰত নিশ্চয়কৈ মোৰ অসৎ অভিপ্ৰায় একো নাই৷ এনে বহুতো কাহিনী আছে যি প্ৰতিপন্ন কৰিবলৈ বাধ্য যে তুমি ভয়ংকৰ৷

সেইযে নিষ্পাপ ফুলৰ পাপৰি হেন দেৱকন্যাটি যি মাথোঁ কেইটিমান বছৰপূৰ্বে মোক লগ পাইছিল৷ আৰম্ভ হৈছিলহে মোৰ সৈতে যাত্ৰাটো৷ পিঠিত স্কুলৰ বেগটো,ডিঙিত ওলোমাই নিয়া পুতলা অঁকা পানী বটলটো আৰু দুডলীয়া বেণীৰে স্কুলবাছলৈ বুলি ৰৈ আছিল৷ কিমান যে হাঁহিছিল তাই, কিমান যে কথা পাতিছিল৷ খেলিছিল,দৌৰিছিল আৰু চকু দুটাই কেৱল পোহৰেই বিলাই থাকিছিল৷ সেই ছোৱালীটিয়ে মোৰ সংগ উপভোগ কৰাৰ আৰম্ভ কৰিছিলহে মাথোঁ৷ কিন্তু এদিন এটা প্ৰচণ্ড জোকাৰণি হ’ল৷ পলকতে ৰাজপথত এখন তেজৰ নৈ ব’ল,ছিটিকি পৰি গ’ল কণমানি জোতা এপাট,ক’ৰবাত পোতোকা পৰি ৰ’ল পুতলা থকা নীলা পানী বটলটো৷ তুমি আপোন কৰি ল’লা মোৰপৰা কাঢ়ি নি তাইক৷ সেইযে মাকজনীৰ গগনফলা চিঞৰ আৰু মূৰ্চা যোৱা দেউতাকৰ অৱয়বটো,এই সকলোবোৰতকৈ আৰু কি প্ৰমাণ লাগে তুমি যে ভয়ংকৰ তাক বুজাবলৈ৷

মানি ল’লো মোৰ উপস্থিতি মানেই তোমাৰ আগমনো অৱশ্যম্ভাৱী৷ কিন্তু মোৰ উপস্থিতিকো অগ্ৰাহ্য কৰি,মোৰ অস্তিত্ব সম্পূৰ্ণ উপেক্ষা কৰি কিয় জানো মোক ধাৰণ কৰা এচামে তোমাৰ বাবেই অনন্ত প্ৰতীক্ষাত পাৰ কৰে দিন আৰু ৰাতি৷ তথাপি জানা আৰু এচাম আছে যি পলে পলে তোমাৰ হাতবাউলকো নস্যাৎ কৰি কেৱল মোক প্ৰতিনিয়ত উপাসনা কৰে৷ উদ্‌যাপন কৰে জানা? শৰীৰত অসহ্য যাতনা লৈ,মনত সহ্যাতীত বেদনা লৈয়ো কণ্টকাকীৰ্ণ পথেৰে খোজকাঢ়ি ৰক্তাক্ত ভৰিৰ পতা চোঁচৰাই চোঁচৰাই তপত বলুকাৰাশিৰ ওপৰেৰে কৰা যাত্ৰাৰ অন্ততো এক আশাতীত গন্তব্যৰ কামনাত মগ্ন হয়৷ সেইসকল মোৰ কিমান যে প্ৰিয়৷ তুমি বাৰে বাৰে আহা, তেওঁলোকক হাতৰ ঠাৰত নচুৱাই ভালপোৱা তুমি৷ তোমাৰ লহলহকৈ মেলি থোৱা জিভাৰপৰা বিষ নিগৰোৱাৰ প্ৰচেষ্টাত ৰত হৈ কি জানো আসুৰিক তৃপ্তি লভা তুমি৷ নতুবা অঙঠা হেন তোমাৰ চকুৰপৰা ছিটিকি পৰা ফিৰিঙতিয়ে যেন পুৰিহে নিব মোৰ আখৰাত মত্ত এচাম উদ্যমীক৷ কিন্তু মই এটা কথাতেই আশ্বস্ত হওঁ৷ কি জানা? মোক ধাৰণ কৰি লোৱা প্ৰত্যেকেই পোহৰ পিয়াসী৷ তেওঁলোকে এন্ধাৰৰ গহ্বৰক নেওচা দি যাব পাৰে৷ মই প্ৰায়ে শুনোঁ তোমাৰ আৰু মোৰ অৱচেতন মনৰ প্ৰতিভূ স্বৰূপ এন্ধাৰ আৰু পোহৰৰ কথোপকথন৷

এন্ধাৰে কয়, “দেখিছানে মোলৈ সকলোৱে ভয় কৰে৷ কিমান ক্ষমতা দেখিছা মোৰ?”

পোহৰে প্ৰত্যুত্তৰত কয়, “মোৰ অৱস্থিতিয়ে যিকোনো ভয়কে নস্যাৎ কৰে৷”

এনেকৈয়ে চলি থাকে যুঁজখন৷ আচলতে মোক এখন যুদ্ধক্ষেত্ৰ বুলি বহুত গুণীজ্ঞানী মানুহে কৈয়ে আহিছে৷ মোক পৰাভূত কৰিব পাৰিলেহে তোমাক আমন্ত্ৰণ জনাব পৰা যায়৷ হয়তো আৱাহনী মন্ত্ৰ গাই সুস্থিৰে তোমাক কোনেও আমন্ত্ৰণ জনাবলৈ ভাল নাপায়৷ তথাপি কেতিয়াবা কোনোবাই পৰিপূৰ্ণ হৈয়ো শূন্যতাহে বিচাৰি পায় সকলোতে,তেতিয়াই স্বইচ্ছাই তোমাক আদৰণি যোগায়৷ কি কাপুৰুষালি! কাৰোবাৰ সহমৰ্মিতা নে কাৰোবাৰ আগত নিজকে নায়ক সজোৱাৰ প্ৰচেষ্টাত তোমাক আকোঁৱালি লয় সেয়া মই নাজানো৷ তথাপি মোৰ খং উঠে,অভিমান জাগে৷ তোমাক কি ফেণ্টাচী বুলি ভাবে নেকি এচামে নে বাকীবোৰ ট্ৰেণ্ডৰ দৰেই ইয়ো এক ট্ৰেণ্ড যে ইয়াতেই সকলো উটি-ভাহি যাব লাগিছে৷

তোমাৰ প্ৰতি ক্ষোভ জন্মে জানা? হাঁহি থকা আকাশ চুব বিচৰা ল’ৰাজনে যেতিয়া ওলমি ৰয় ঘৰৰ চিলিঙত,মৰমলগা ছোৱালীজনীৰ দেহটো মুহূৰ্ততেই যেতিয়া খণ্ড-বিখণ্ড হৈ পৰি ৰয় ৰেলৰ চিৰিৰ আশে পাশে, যেতিয়া ভৰা সংসাৰ এখনক ফুটুকাৰ ফেন বুলি ভাবি পাছফালৰ পুখুৰীত ওপঙি ৰয় এটা শৰীৰ৷ অদ্ভুত খং উঠে এনেকুৱাবোৰ কৰি তোমাক আকোঁৱালি লোৱা সকলোলৈকে৷ মই কি ইমানেই মূল্যহীন! ইমানেই অনাদৃত! তথাপি এই সকলো ক্ষোভ অথবা ক্ৰোধৰ পাছতো মই সেইসকলৰ ওচৰত কৃতজ্ঞ যি ভুলবোৰক জলাঞ্জলি দি ফুল ফুলাবৰ চেষ্টাত ক্ৰুটি কৰা নাই৷ তেওঁলোকৰ কোনো কোনোৱে মোক অনুপম বুলি কয় আৰু কোনোবাই কয় মই হেনো জিন্দাবাদ আৰু মোক ভালপাওঁ বুলি সততে কেৱল কোৱাই নহয়, মোৰ অৰ্থ প্ৰতি ক্ষণত উপলব্ধি কৰি নিজকে মহীয়ান কৰি তোলে৷ সেয়ে তুমি যিমানেই নিষ্ঠুৰ,অহংকাৰী বা ভয়ংকৰ নোহোৱা কিয় মই মোক ভালপোৱা সকলৰ বাবেই তোমাতকৈ বেছি বলীয়ান৷

বহুত লিখিলো দিয়া৷ আজিলৈ সামৰোঁ৷ এইখন চিঠি হয়তো তোমালৈ পঠিওৱাৰ ঠিকনা মই নাজানো আৰু জানিবও নিবিচাৰো কিয়নো তোমাৰ ঠিকনাতেই যে মোৰো অৱসান ঘটিব৷

(উপসংহাৰঃ চিঠিখন কোনে কালৈ লিখিছে সেয়া ক’ব লাগিব জানো আপোনালোকক৷ নকওঁ দিয়ক৷ মাত্ৰ এটা ইংগিত দিছো৷ টেঁৱা টেঁৱা মাত এটাৰে যাৰ আৰম্ভ সিয়েই চিঠিখনৰ লিখক আৰু যাৰ আগমনত মাত এটা চিৰদিনৰ কাৰণে নিমাত হৈ পৰে তালৈকে চিঠিখন লিখা হৈছে৷ দুয়ো দুয়োৰ অনোন্যক)

পাছদিনাৰ বাতৰিকাকতৰ শিৰোনামত গোটেই বাতৰিটোৰ বিৱৰণৰ লগত গাঁথি দিয়া আছিল উক্ত কাগজখন ৷ কাহিনী তৈয়াৰ কৰা মানুহবোৰৰ ভুল তেতিয়াহে ভাগিছিল , দৰাচলতে জীৱন-মৃত্যুৰ মাজত সংঘাত এখন অহৰহ চলিয়েই থাকে ৷ কেৱল মানুহে বিবেকৰ দগাপাল্লাত জুখিব নোৱাৰে কোনটো দগাৰ ওজন বেছি,জীৱনৰ নে মৃত্যুৰ৷ জুখিব নাজানিয়েই মানুহে হয়তো বাছি লয় এন্ধাৰৰ এটা বাট ৷

এখন নিজম পৰা ঘৰ আৰু একুৰা উমি উমি জ্বলি থকা জুই:

চোতালখনৰ এটা অংশ চাৰিওপিনে সূতা এডালেৰে ঘেৰি থোৱা আছে। তাৰে এটা চুকত মৰহি যোৱা এটা তুলসীৰ পুলি ৷ ঘৰখন নিজম পৰি আছে ৷ বাৰাণ্ডাত সজাই থোৱা আছে দুখনমান প্লাষ্টিকৰ চকী ৷ চ’ৰাঘৰৰ মজিয়াতে ৰিক্ত চকুৰে উদাস উদাস এজন মানুহ ৷ হয়তো বাপেক ৷ অকণমান ভিতৰলৈ শোৱনিকোঠাৰ বিচনাৰ দাঁতিৰ পাটীখনতে অৰ্দ্ধমূৰ্চ্চিত এজনী মানুহ৷হয়তো মাক৷ কেমেৰাৰে ফ’কাচ কৰি কৰি আহি থকা হৈছে , প্ৰতিটো কোঠাকে ক’ভাৰ কৰা হৈছে৷ বাপেকক সোধা হৈছে পুতেকৰ মৃত্যুৰ কাৰণ৷ মাকৰ অৰ্দ্ধমূৰ্চ্চিত ৰূপটো বাৰে বাৰে দেখুৱাই থকা হৈছে,আন আন কোঠালিৰ পৰা অহা আত্মীয়-স্ৰজনৰ কান্দোনৰ ৰোল ৰেকৰ্ডিং কৰা হৈছে ৷ সকলোবোৰ কৰাৰ পাছতেই কেমেৰাটো এইবাৰ আগবাঢ়িছে পাছবাৰীৰ চোতাললৈ ৷ চিতা সজাই থোৱা হৈছে তাত ৷ লাহে লাহে খৰিবোৰ জ্বলি উঠিছে,ফট-ফটকৈ ফুটিছে ৷ তাৰ সমান্তৰালকৈ উমি উমি জ্বলি আছে ঘৰৰ ভিতৰতো দুকুৰা জুই,দুখন নিথৰুৱা বুকুত ৷

পাৰফেক্ট! পাৰফেক্ট! সকলোখিনি পাৰফেক্ট হৈছে ৷ কাইলৈ পৰ্টেলবোৰত নিউজটো বাজি থাকিব লাগিব কিন্তু ৷ কাৰোবাৰ ইমপাৰফেক্ট জীৱন এটাৰে কেনেকৈ মৃত্যুৰ ইমান পাৰফেক্ট প্ৰেজেণ্টেছন কৰিব পাৰি দেখিছা? সংবাদগোষ্ঠীৰ মুখ্য সঞ্চালকৰ চৰিত্ৰ ৰূপায়ণ কৰা ব্যক্তিজনে সদম্ভে কোৱা কথাষাৰৰ পাছতেই পৰ্দাত জিলিকি উঠিছে এটা শব্দ ‘সমাপ্ত’। তাৰপাছতেই আৰু এটা বাক্য

টি.আৰ.পি.__এ ফিল্ম স্ক্ৰীপটেড বাই …

Leave a Reply

Your email address will not be published. Required fields are marked *