গল্প-কবিতা

পামিৰত গজা ঢেঁকীয়াবোৰ ।। মুনমী দত্ত হাজৰিকা

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

হাবিচুক ৰাজ্যৰ নৃপতিয়ে প্ৰজাক ধৰি ৰখাৰ কিটিপটো জানে। আচলতে কিবা নহয় কিবা এটা সপোন দেখুৱাই একাংশ প্ৰজাক চুম্বকৰ নিজৰ ফালেদৰে টানি থাকে। তেওঁ ৰাজসিংহাসনতে বহি থাকিও হাবিচুকৰ চুকে -কোনে থকা ৰাইজক হাতৰ মুঠিতে ৰাখিব বিচাৰে।

ৰজাই নিজৰ আস্তাবলত ৰখা ঘোঁৰাবোৰৰ কপালত শুৱলা নাম একোটা দি সময়ে অসময়ে খুলি দিয়ে। সিহঁতে মনৰ ইচ্ছাৰে হাবিচুক তহিলং কৰি ফুৰে।অৰ্থাৎ গতি কৰে।ৰজাৰ ভাষাত সেয়াকে প্ৰগতি বোলে। প্ৰগতিৰ নামত কৰা সেই গতিত ঘোঁৰাৰ ধূলিবোৰ অৰণ্যৰ গছবোৰৰ পাতত লাগে। পাতবোৰ অচিনা হৈ পৰে। বনআদাজোপা বনচোম হৈ তথ্য তালিকাত নাম লিখোৱায়। তাতকৈয়ো ডাঙৰ ঘটনাটো তেতিয়াহে ঘটে যেতিয়া ৰাজ্যলৈ অতিথি অভ্যাগত আহি ঢেঁকীয়াৰ পাতবোৰ বিহলঙনি বুলি ভুল কৰে। বিহলঙনিবোৰকে ঢেঁকীয়া বুলি তুলি নিব খোজে। অসহায় হৈ তৃণবোৰে বৃক্ষবোৰলৈ চাই থাকে। ঘোঁৰাৰ ধূলিবোৰে ঢুকি নোপোৱা ওখ পুৰণি বৃক্ষবোৰে সেইবোৰ দেখি বৰ দুখ পায়। বিশেষকৈ হোলোঙজোপাই। চকুৰ সন্মুখতে নিজৰ পৰিচয়ৰ সংকট আৰু জাতিটোৰ অৱক্ষয় দেখি হিয়া-মূৰ ধুনে।

ৰজাই সেই ইননি -বিননি কৰি থকা ডাঙৰ গছবোৰক চকু পাৰি দেখিব নোৱাৰে। বয়স হৈছে! শৰীৰত ধ্যান দে, সমাজত কিয় দিব লাগে!

ৰজাই লতা শ্ৰেণীক ভাল পায়। যিকোনো কাম কৰিবলৈ ইহঁতৰ লগতে ভাল। মোকো দিয়ক ময়ো দিম ধৰণৰ। ৰজাৰ কথা পুৰুষ-মহিলা উভয় ধৰণৰ লতাই আখৰে আখৰে পালন কৰে। ৰজাৰ বাবে দিন-ৰাত এক কৰি শ্ৰম কৰে। ৰজাক লতাবোৰে প্ৰতি নিয়ত প্ৰদক্ষিণ কৰি থাকে। ঘোঁৰাবোৰকো লতাবোৰেই চোৱাচিতা কৰে।

আচলতে ৰজাই ঘোঁৰাবোৰ দৌৰোৱাৰ পৰিকল্পনাও লতাৰ পৰামৰ্শমতেই কৰে। লতাৰ কথামতেই ঘোঁৰাবোৰৰ গাত নানা ৰং দিয়ে। লেকামত বান্ধি দিয়ে ধনাগমন মন্ত্ৰ লিখা ৰঙীন পানী বেলুন। সকলোবোৰ ঘোঁৰা সকলোৰে বাবে নহয়। কিছুমান যদি ৰজাৰ ভগ্নীসম হাবিচুকৰ গুল্মবোৰৰ বাবে,কিছুমান ভাগিনস্বৰূপ তৃণবোৰৰ বাবে। কিছুমান বায়বীয় বোৰৰ বাবে। সুকীয়া সুকীয়া ধনাগমন মন্ত্ৰ। ইয়াৰ জোৰতে লতাশ্ৰেণীৰ তৰফৰ পৰা ৰজালৈও আগমন ঘটে কিছুমান উপাধিৰ। প্ৰজাহিতৈষী, দৰদীৰাজন ,দক্ষ ৰত্ন,দানবীৰ সম্ৰাট আদি বিশেষণেৰে বিভূসিত হৈ তেৰাই নিজকে ‘চক্ৰৱৰ্তী ৰজা’ বুলিয়ে ভাৱে।

এনেদৰে ভবাটোও ভুল নহয়। ধূলা লাগি লাগি ৰজাৰ ৰাজমুকুট ডাঠ হৈ পৰে। লতাবোৰৰ পৰিয়াল পৰিজনকে ধৰি একাংশ প্ৰজাই সেইবাবে ৰজাক ওখ দেখে। বৰ ওখ। ৰজাই ধূলিৰ চামনিৰে সৈতে নতুন ৰূপত প্ৰজাৰ মাজত নিজক প্ৰতিষ্ঠা কৰে। সেইবোৰ প্ৰজাই প্ৰিয় ৰজাৰ গাত নতুন নতুন গুণ বিচাৰি পায়। তেওঁলোকে দাবী কৰে-

“আগতে কোনো ৰজা ইমান ভাল নাছিল। ” ” হাবিচুকলৈ এই ৰজাইহে প্ৰগতি আনিব পাৰিছে।”

“হাবিচুকৰ মাত -কথা,মাটিকথা আৰু মন জুৰোৱা সম্পদবোৰৰ প্ৰতি এই ৰজাৰ যিমান প্ৰেম আছে ,আগৰ কোনো ৰজাৰ নাছিল।”

“ৰজাৰ বুকুৰ সেই প্ৰেম জুখিলে পামিৰৰ সমান উচ্চতাৰ হ’ব।”

শুনাজনে চক খাই উঠে। পামিৰ? পৃথিৱীৰ মূধচৰ সমান?

“হয় পামিৰ।”

লতাশ্ৰেণীয়ে সজোৰে দাবী কৰে।

“উচ্চতম মালভূমি পামিৰৰ সমানেই ওখ হ’ব ৰজাৰ স্বদেশপ্ৰেম। নহ’লেনো অত বছৰে নোহোৱা প্ৰগতি এই ৰজাৰ দিনত সম্ভৱ হয়নে? এইজন ৰজাই প্ৰজাৰ বাবে কৰা নাই কি? পঢ়া-পঢ়োৱা,পূজন, নমন, উৰণ সকলোতে জানো হাবিচুক প্ৰথম স্থানকেইটাতে থকা নাই?”

” কোনোবাই আখৰেই চিনি নাপায়…ক’ৰবাত মেডিকেল কলেজৰ নামত ঘৰটোহে…”শ্ৰোতাজনে মুখ পাতি ধৰিব খোজে। কিন্তু লতাশ্ৰেণীয়ে একোকে শুনিব নোখোজে।

“সেইবোৰ মনেসজা কথা বিশ্বাসত ল’ব পাৰিনে? পৰিসাংখ্যিক তথ্যই জানো দাপোণ হৈ ৰাজ্যক জিলিকাই ৰখা নাই?ল’ব যদি খুজিছা ভালটো লোৱা।”

সেই বিশেষ প্ৰজাশ্ৰেণীৰ উৎসাহৰ জোৱাৰত ৰজাই পাহৰি থাকে যে ফুল সৰিবলৈহে বতাহ লাগে। ফুলিবলৈ কিন্তু বৰষুণহে লাগে।

অৱশ্যে তেওঁ সেইবোৰ সৰু কথাত মূৰ নঘমায়।মিঠাতেলত পানী ঢালি দি জলমলাই থকা বৰণটো চাই আমোদ লয়।

ৰাজ্যখনৰ সকলো ঘটনা পৰিঘটনাক পৰিবৰ্তন নাম দি থোৱা ৰজাই লতাশ্ৰেণীৰ সহযোগিতাত মাজে মাজে ‘চিৰনতুন উৎসৱ’ পাতে। সেই উৎসৱত আগৰে পৰা হাবিচুকত প্ৰচলিত কাম-কাজ কিছুমান নতুনকৈ পাতে। নতুন মানে উৎসৱ পতা চন -তাৰিখটোহে নতুন। বাকী সকলোখিনি আগৰে পৰা থকাখিনিয়ে। তালৈ হাবিচুকৰ শতকৰা সত্তৰ ভাগ প্ৰজাক টানি আনে। ৰয়গৈ যদি ঘন চালনিত ৰৈ যোৱা মলখু কেইটাৰ দৰে বৃদ্ধ,গহীন বৃক্ষকেইজোপাহে ৰয়গৈ।

এনেবোৰ কাম -কাজেৰে হাবি হেন্দোলাই পাঁচবছৰ পাৰ কৰে। এই পাঁচবছৰত লতাবোৰ বেছ বাঢ়ে। সতেজ হৈ পৰে। কথাই কথাই তৃণ আৰু গুল্মবোৰৰ উন্নতিৰ উদাহৰণ দি বৃক্ষৰ সৈতে ক্ষণে ক্ষণে যুঁজ কৰে। বৃক্ষই দূৰদৰ্শী চিন্তাৰে কিবা বুজাব খোজে-

“একালৰ বৃন্দাবন,একালত পৰে চন। গমি পিতি কাম নকৰিলে এনে হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।”

ডেমকেয়াৰ লতাই বৃক্ষৰ উপদেশ নুশুনে। বৃক্ষই হতাশ হৈ ভোৰভোৰায়।

“এই পাবত গজাবোৰে ক্ষণিকৰ সুখহে চিনি পায়। কেৱল নিজৰ সুবিধাৰ কথা নাভাবি যদি গোটেই হাবিচুকখনৰ ভবিষ্যৎৰ কথা ভাবিলেহেতেঁন। ঘোঁৰা দৌৰাই দৌৰাই যে ৰজাই হাবিখন নেফানেফ কৰিছে তাত পুণৰাই খেতি হ’বনে বুলি এবাৰ যদি ভাবিলেহেতেঁন। খেতিলৈ মন ঘূৰিবনে? মনৰ মিল নাই বুলিয়েই যে গছবোৰ কাটিলে ৰাজ্যত আগৰদৰে বৰষুণ হ’বনে? প্ৰজাই শাওনীয়া পথাৰত কাম কৰিব পৰা দিন আহিবনে?”

ৰজাৰ অভিধানত আকৌ ‘চন’ শব্দটো নায়েই। চন নহয়,হ’লে পৰিবৰ্তন হ’ব। সকলো পৰিবৰ্তন ভালৰ বাবেই। মুঠতে মানি ল’ব লাগে। কোনেও ক’তো প্ৰতিবাদ কৰিব নালাগে। প্ৰতিবাদ আৰু আন্দোলনে ৰাজ্যক পিছুৱাই (?)নিব নালাগে।

লতাশ্ৰেণীয়ে পুণৰ শলাগে। জয়ধ্বনি দিয়ে-

পামিৰ! পামিৰ!

সামাজিক মাধ্যমত ৰাজ-বন্দনা চলে। ৰাজকীয় লাইভে লাইক বোটলে।ৰজাৰ তথ্য কোষৰ শেনচোৱাৰীয়ে প্ৰজাক নিৰীক্ষণ কৰে।কিছু সামাজিক মাধ্যমৰ একাউন্টত প্ৰজাৰ আঙুলি,জিভা,ওঠ নিয়ন্ত্ৰনৰ কামো সেই শেনচোৱাৰীয়ে কৰে।তেওঁলোকৰ এটাই মূলমন্ত্ৰ- ‘যদি নহয় ৰাজ বন্দনা , তেন্তে তুমি পাবা ভৎসনা’।

মিহি ৰাজআলিত থিয় হৈ চেলফি লোৱা প্ৰজাশ্ৰেণীটোৱে উপৰ্যূপৰি ফিল্টাৰেৰে নোহোৱা কৰি দিয়ে কাষৰ শুকান অচিন গছপাতবোৰ।

ৰজাই নিজৰ কামত ব্যস্ত হয়। কামেৰে সকলোকে দৌৰাব খোজে। ভিন ভিন ৰকমেৰে দৌৰাব খোজে। কেতিয়াবা নাচি,কেতিয়াবা গাই,কেতিয়াবা ফুলজাৰি মাৰি,কেতিয়াবা সাতুৰি-সাতুৰিও দৌৰিবলৈ শিকায়। মুঠতে গতি ল,প্ৰগতি বোল। তাত কোনোবাই ঢেঁকীয়াৰ চিন পাহৰি বিহলঙনি বুটলিছে যদি ভুল কাৰো গাত নাই। মানুহে পৰিবৰ্তন বিচাৰে। সেয়াও ৰুচি পৰিবৰ্তনৰে চিন।

মাঘ শেষ হওঁ হওঁ। চ’তত ৰজাই পাঁচবছৰীয়া ‘সিংহাসন দিৱস’ পাতিব। চ’তৰ বিহুতকৈ বেছি ধুমধামেৰে হাবিখনে এইবাৰ দিৱস পাতিবলৈ বাধ্য। সেইবাবে লতাৰ মেৰপাক মতে ঘোঁৰাৰ দৌৰাদৌৰিও বেছি হৈছে। ধূলিও বেছি উৰিছে। একোকে নমনি।

হাবিচুক আগতে ক’ত আছিল?

গতি কৰি কৰি ক’ত পালেগৈ একো উৱাদিহ নোপোৱা হ’ল। হাবিচুকত নিজা বুলিবলৈ কি কি আছিল তাৰো চিনচাব নোহোৱা হ’ল। ৰজাৰ তথ্যতালিকাত ওখ ওখ হৈ জিলিকি থকাবোৰ ৰাজ্যত বিচাৰি পাবলৈ নাইকিয়া হ’ল।

ধূৱলি -কুঁৱলি ৰাজ্যত অতদিনে চকু কাণ মুদি মন্ত্ৰ আওৰাই থকা ধনবৰ আৰু মনবৰ নামৰ প্ৰজাই দৌৰি দৌৰি ফোপনি উঠাত বৃক্ষৰ তলতে জিৰালেগৈ। বহি বহি কথা পাতি থাকোতে দুয়ো অনুভৱ কৰিলে যে তেওঁলোকৰ মূৰত অত্যন্ত গধুৰ বোজা আহি পৰিছে। ঘোঁৰাই দিয়া ধনাগমন মন্ত্ৰই দেখোন বছৰত এবাৰহে কাম দিয়ে। তাৰ পিছতে কামত নহা হ’য়। তিনিশ পয়ষষ্ঠি দিনৰ ভিতৰত এটা মাহো এই মন্ত্ৰই ভালদৰে চলাব নোৱাৰে। বাকী দিনবোৰত মিহি বাটত খোজ কাঢ়িও প্ৰজাই খালী পেট আৰু কুঁজা কান্ধৰ যাতনাত উজুতি খাই পৰিব খোজে। ঘোঁৰাৰ ভেলেকীবাজিলৈ বছৰটো খপি থকাতকৈ হাতৰ বন হাতত লোৱাই ভাল।

পিছে ইমান দিনৰ মূৰত কাম কৰিবলৈ লৈ দুয়োকে পৰুৱাই পালে। ঘূৰি পকি ক’তো সিহঁতৰ খেতি-খোলাবোৰ বিচাৰি নাপালে। বহু পুৰণি বাৰীৰখীয়া এজনলৈ মনত পৰি দুয়ো তেওঁৰ ওচৰলৈ ঢাপলি মেলিলে। আধি কৰিবলৈ খেতিমাটি এডোখৰ খুজিলে। বাৰীৰখীয়াই একেডোখৰ মাটিকে দুজনৰ মাজত ভগাই কেনেকৈ?

তেখেতে একো উত্তৰ নিদি সময় বিচাৰিলে কিন্তু ধনবৰ-মনবৰে চুপে-চাপে সুযোগৰ সদব্যৱহাৰ কৰাৰ কথা ভাবিলে। খেতিৰ বাবে আটকীয়া হৈ পৰা পথাৰখনৰ শুকান জাবৰবোৰ পুৰি দুয়ো নিজৰ নিজৰ বাবে খেতি খোলাত ঠাই ৰখোৱাৰ কথা ভাবিলে। যিজনে আগতীয়াকৈ জাবৰ পুৰিব সেইজনেই মাটিডোখৰত খেতি কৰিবলৈ পোৱাটো খাটাং। দুয়ো মনৰ মাজতে প্ৰতিযোগিতা কৰিলে। বেলি পৰা পাছত ইজনে সিজনক গম নিদিয়াকৈ দুফালে জাবৰত জুই দিলে।

মাঘৰ সন্ধ্যা মজলীয়া বতাহত জুইকুৰা সংহাৰী হৈ সৰ্বনাশ কাণ্ড এটা হৈ উঠিল। বনে বনে বনজুই বিয়পিল। মুকলি পথাৰ একোখন বনজুইয়ে মুহূৰ্ততে ছাই কৰি পেলালে।

সাজ লগা পৰত পথাৰবোৰ দূৰৈৰ পৰা ৰঙা ৰঙা দেখা গ’ল। দিন আৰু ৰাতিৰ সন্ধিক্ষণত সেয়া যেন পাপ পুণ্যৰ মাজৰ বিছেদ্দক হে! যুগে যুগে প্ৰচলিত ত্যাগৰ ধাৰনা যেন এইবাৰো পুণৰাবৃত্তি ঘটিল। কিন্তু, বনজুইত পথাৰৰ গাতে লাগি থকা কাঠনিত জ্বলি উঠিল কোনোবা খাটিখোৱা প্ৰজাই নিৰৱচিন্নভাৱে গঢ়ি তোলা এটা সপোন। সেই সপোন ৰজাই দেখা সপোনত কৈ বহু পৃথক আছিল। লতাবোৰে দেখা সপোনতকৈ বহু নিলগত। তাত আছিল দুবেলা-দুসাজৰ নেওতা, এবুকু বিশুদ্ধ অম্লজানৰ বাসনা আৰু বৰষুণকামী আধাৰশিলা। জ্বলি উঠিল এখন উদিত অৰণ্য।

জুইকুৰা নুমাবলৈ দেৰি লাগিল। চ’তৰ উৎসৱৰ বাবে কামত ব্যস্ত হৈ থকা ৰাজবিষয়াই আহি জুই নুমুৱালৈ হাবিচুকবাসী ৰৈ নাথাকিল। যিয়ে যেনেকৈয়ে পাৰে পানী ঢালিলে। উৎসৱত মতলীয়া, আজল মঠালি আৰু ধোদৰ পচলাবোৰকো গোটাই আনি পানী কঢ়িয়াবলৈ দিলে। সেই মুহূৰ্তত সৰহ সংখ্যক প্ৰজাক ৰজাৰ বিপৰীত দিশত অৱস্থান কৰা দেখি সিহঁতো সেইফালেই থাকিল।

দুজোপামান লতাই খন্তেক তভক মাৰি ৰ’ল। তাৰ পিছত সামাজিক মাধ্যমত জুই জলাৰ কাৰণ সবিস্তাৰে বিশ্লেষণ কৰিলে। ৰজাৰ বুকুৰ পামিৰসম জাতীয়তাৰ উমেৰে প্ৰজাক সাহস দিব খুজিলে। তাকে দেখি কাঠনিৰ একোণত থকা বাঁহকেইজোপাৰ এইবাৰ বৰ খং উঠিল। বাঁহকেইজোপাৰ গা গছ অংশৰ কিছু তললৈ বনজুয়ে অলপ পুৰিছিল। বাহিৰৰ পাতবোৰ পুৰি ক’লা পেলোৱাৰ পিছতো ভিতৰৰ অংশ সেউজীয়া হৈয়ে আছিল। পহিলা মাঘত এইজোপা বাঁহতে গৃহস্থই মাটি চপাইছিল। এতিয়া বাঁহজোপাই মনৰ জোৰতে তিকি থাকিব পাৰিলেহেঁতেন। কিন্তু বাঁহজোপাই মুখা এখন খোলাৰ বাবেহে মনৰ জোৰখিনি সদব্যৱহাৰ কৰাৰ কথা ভাবিলে। আধাপোৰা অংশতে ভাগি দীঘে দীঘে বাঁহডাল সিংহাসনত বহি থকা ৰজাৰ গাতে পৰাকৈ ভাগি পৰিল।

ধমহ!

চাৰিওফালে দৌৰাদৌৰি। চাইৰেণ।পে পু পাঁ পাঁ।

কি হ’ল? কেনেকৈ হ’ল?

লতাবোৰে গোটেই পৰিস্থিতিটো ভিডিঅ’ কৰিবলৈ লাগিলে।

বৃক্ষবোৰ দূৰৈত আছে যদিও সকলো লক্ষ্য কৰি আছে। বাঁহজোপাক শলাগিছে। মুখেৰে বিৰবিৰাইছে—

দেখঃ শুনঃ নিৰন্তৰে হৰি বোল!

দুখৰ মাজতে হাবিচুকৰ প্ৰজাবোৰ সিংহাসনৰ ওচৰত থুপ খালেহি।

:মহাৰাজ ক’লৈ গ’ল?

ৰজা হেৰাল! কি আচৰিত!

কাৰো চকুত পৰা নাইযে!

চেকুৰিবলৈ যোৱা ঘোঁৰাবোৰো আদবাটৰ পৰা ঘূৰি আহিল। লতাবোৰেও ভাবি পোৱা নাই। ইমান ওখ সম্ৰাটজন হঠাত নোহোৱা হৈ গ’ল কেনেকৈ?

:ক’ত হেৰাল মহাৰাজ?

ঘোঁৰাৰ ডিঙিৰ পৰা পানীবেলুন লোৱা গুল্মবোৰক নিজৰ সন্তানে আঙুলিয়াই সুধিলে-

:এইবোৰ কি?

গোট খোৱা প্ৰজাসকলে মনোযোগেৰে চালে। অতদিনে ওখ কৈ দেখি থকা মহাৰাজৰ ঠাইত এয়া দেখোন মাটি হে। কেৱল মাটি।

বাঁহডাল পৰি যোৱাত মহাৰাজ খন্তেকতে যহি খহি অস্তিত্বহীন হৈ পৰিল। জাতীয়তাবাদৰ মুকুট পিন্ধি অতদিনে হাবিচুকত ওখ হৈ থকা মহাৰাজৰ সলনি দেখোন এয়া উঁইয়ে তোলা মাটিহে। অপ্ৰয়োজনীয় মাটি। সিংহাসনৰ মহাৰাজ তাৰমানে উঁই হাফলুহে আছিল নেকি?

প্ৰজাবোৰে পাতি থাকিল। অতদিনে উঁই হাফলুটো সাৱটি থকা লতাবোৰ লতিয়না হৈ বৃক্ষবোৰৰ ফালে আগুৱাই আহিল।

বৃক্ষবোৰে গহীন ৰূপটো কিছু সময়লৈ এৰি হালি জালি উঠিল। গুল্মবোৰ আৰু তৃণবোৰকো বতাহ বোৱাবলৈ নিৰ্দেশ দিলে। ৰাতিলৈ এই ৰাজ্যলৈ বৰষুণ নমাই আনিবই লাগিব।

বৃক্ষই গুণগুণাই থাকিল-

জগত পোহৰ কৰি আহিব প্লাবন…

Leave a Reply

Your email address will not be published. Required fields are marked *