গল্প-কবিতা

শল‍্য।। বিতোপন ৰাজবংশী

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

য’ত য’ত মানুহ আছে, তাত অস্পৃশ‍্যতা আছে। বৈপৰীত‍্য সৃষ্টি আৰু অস্তিত্বৰ আধাৰ। ঘৃণা আৰু শূদ্ৰ নাথাকিলে ৰজাও নাথাকিলহেঁতেন। ইতিহাস নহ’লহেঁতেন। শ্ৰেণী-বৰ্ণৰ বিভাজনেই দেশ ধৰি ৰাখিছিল, নহ’লেনো মেটৰ হ’বলৈ কোনোবাই ইচ্ছা কৰেনে! নিজেই ভাবক, সকলো সমান হোৱাহেতেন অশ্বমেধৰ যজ্ঞৰ সলনি গাধমেধৰ যজ্ঞ পাতি আপুনিওতো সিদ্ধ হ’লহেতেন! মুঠতে বিদ্বেষৰ নীতিয়ে সমাজ ধৰি ৰাখিছিল বাবেই সেই সমাজৰ পুৰাতন ঐতিহ‍্য আছে। সমতা থকাহেতেন সভ‍্যতা গঢ় লোৱাতো অসম্ভৱ।

ফেঁহু কোচ খাই পৰি আছে। লুটি বাগৰ মাৰি মাৰি বংশ শেষ হৈ যোৱা মানুহৰ দৰেই তায়ো যেন কেতিয়াও মূৰ ডাঙি উঠিব নোৱাৰিব, পোৱালী ছাগলী এটা আনি কোনোবাই মুখৰ আগত গুজি নিদিয়ালৈকে অভিমানৰ উম এৰি গুছি নাযাব- ঠিক তেনেকুৱা ভাব এটাতেই তাই পৰি আছে।

ফেঁহুৰ আচলতে ভোক লাগিছে।

মহাদেৱৰ ভোক।

যি ভোকৰ বাবদ তাই জন্মেজয় হ’ব পাৰে, যি ভোকৰ বাবে তাইৰ আকাংক্ষিত খাদ‍্যৰ তালিকাত বায়ু, মাটি, পানী আৰু জীৱক বাদ দি সকলো থাকিব পাৰে তেনেকুৱা ভোক এটাই তাইক আটিলকৈ সাৱটি ধৰিছে। মাজে মাজে তাই জিভাখন উলিয়াই অৰণ‍্যৰ পৰা সমস্ত উপাসনা শক্তি শুহি আনিছে। সেয়া শিৱ আৰাধনা। ভোলে নাথ। ভোলে ভোলে নাথ। ফেঁহুৰ পিঠিৰ আঁকবাঁকবোৰো কৈলাশৰ দৰে। বিস্ময়কৰ। অথচ ধুনীয়া। তেনেকুৱা গাঢ় ৰৈখিক ৰং পাবলৈ বাকী অজগৰবোৰৰ কিমানযে হুঁতাহ! অথচ যিমান ধুনীয়া হ’লেও মানুহৰ বাবে সৰ্পভয় বৰ্ণতাতীত। তাতেও বৈপৰীত‍্য। অমিলে সম্পূৰ্ণকে ধৰি ৰাখিছে পৃথিৱী-জহন্নাম।

মুঠতে শিৱ নামি আহিব।

কাঁচিজোন সী থোৱা একাদশীৰ আকাশৰ পৰা ব‍্যাঘ্ৰবস্ত্ৰ পৰিহিত অপৰূপ কায়া এটা আহি তাইৰ তপস‍্যা সফল কৰিব। তাইক হয়তো আভোক আৰু মাংসৰ ভঁৰাল এটা উপহাৰ দিব। তাই আৰু বালিত চুঁচৰি চুঁচৰি হৰিণা খেদিব নালাগে। সংৰক্ষিত বনাঞ্চলৰ মাজেৰে তাই শহা পোৱালি খেদি পাৰ হৈ যাওঁতে এনিমেল ক’ৰিড’ৰৰে পাৰ হোৱা মানুহৰ চেপাত মৰাৰ ভয়ো নাথাকে। মুঠতে মূৰত সূৰ্য‍্যমণ্ডল কঢ়িয়াই ফুৰা শম্ভূই আহি ফেঁহুক আশীৰ্বাদ দিব!

ফেঁহু অজগৰ জাতিস্মৰ হ’ব।

ফেঁহুই তৃপ্তিৰে হৰিণা খাব।

আস! ফেঁহুই আনন্দত লৰচৰ কৰি উঠে। আৰু লৰচৰ মানেই স্পপ্নভংগ। কল্পনাহূত! আৰু সেয়াই হ’ল। ফেঁহুৰ তপস‍্যা ভাঙিল!

অসম্ভৱ। অবিশ‍্বাস‍্যকৰ। ফেঁহুৰ গাটো ধৰফৰাই উঠে। পিঠিৰ গেৰুৱা ক’লা ৰেখাবোৰ ফাটি চিৰাচিৰ হ’ব খোজে। এটা শীতৰ আৰু এটা দিনৰ দুটা প্ৰহৰলৈ চলা তপস‍্যা এতিয়া অথলে গ’ল। তাই যি মাটি পৰিত‍্যাগ কৰিবলৈ তপত বহিছিল, সেই মাটিকে থিতাতে কাটি ভিতৰলৈ সোমাই যাব খোজাৰ প্ৰবল তাড়না এটাই তাইৰ ফণাখন চেপি ধৰিছে। আৰু তেনেতেই, উত্তৰৰ আমচাং পাহাৰৰ কোণৰ পৰা নামি আহিছিল সদাশিৱ। মূৰত সূৰ্য‍্য পিন্ধা স্বল্পবস্ত্ৰ ভোলেনাথ শম্ভূ।

উদ্বিগ্নতাত আত্মহাৰা হোৱা ফেঁহুৰ ধেলা চকু প্ৰোজ্বল হৈ উঠিছে। মূৰৰ আগফালেও, মহাদেৱৰ জঁটাত লাগি থকা গংগা ভেদি ওলাই আহিছে শশধৰ এটা। ইমান পোহৰ! ইমান পোহৰ!

ফেঁহুৰ মনত পৰিছে, তাই সংকল্প লওঁতে মাটি, পানী আৰু বায়ুৰ পৰাহে বিচ্ছিন্ন হ’ব খুজিছিল। বাদ পৰি ৰৈছিল পোহৰ! আৰু সেয়েই, অস্পষ্ট সংকল্পৰ কোনটো বৰ দিবলৈ শিৱ নামি আহিছে তাই বুজিব পৰা নাই। তাই আলাসতে ভৰপূৰ খাদ‍্য বিচাৰিছিল। পাহৰি গৈছিল, আমিতো পোহৰো খাওঁ আওপকীয়াকৈ।

এতিয়া শিৱৰ মূৰৰ পাছফালেও পোহৰ। সূৰ্য‍্যৰ।

শিৱৰ মূৰৰ আগফালেও পোহৰ। জোনৰ।

তাই এতিয়া হেঁপাহ পলুৱাই পোহৰ আৰু মাংস খাব। ছায়াভস্ম কপালত সানি ৰখা শম্ভূই হাত ডাঙি তাইক আশীৰ্বাদ দিলেই তাইৰ তপস‍্যা সিদ্ধি হৈ যাব। শিৱ আগুৱাই আহিছে ফেঁহুৰ দিশে। ফেঁহু উল্লাসত অচেতন হওঁ হওঁ।

পোৰা পোৰা গোন্ধ এটা আহি নাকত লাগোতে, ফেঁহুৰ অকস্মাত নিচা ফটা যেন হৈছে। যদি তাই আশীৰ্বাদ পাই যাই, বাকী অজগৰ আৰু তাইৰ মাজত বৃহৎ পাৰ্থক‍্য এটা হ’ব। সিহঁতে যেতিয়া যুদ্ধত মৰা অস্পৃশ‍্য সেনাৰ মৃতদেহবোৰ খাব, ফেঁহুই তেতিয়া নেজ জোকাৰিয়েই কোমল সুস্বাদু ছাগলী আলাসতে খাবলৈ পাব। পাৰ্থক‍্যৰ প্ৰ‍য়োজন আছে। বৈপৰীত‍্যতেই পৃথিৱীৰ শক্তি। বিভাজনৰ প্ৰয়োজন আছে। শিৱই আহি তাইৰ ৰঙচুৱা পিঠিখনত হাত ফুৰাই দিয়াৰ সময়তো তাই বিচৰণ কৰিছে ভাৱৰ অন‍্য এখন অৰণ‍্যত।

আচলতে পৃথিৱীত মানুহ আৰু ৰজাবোৰৰ মাজতো তাইৰ পিঠিৰ আঁচবোৰৰ নিচিনাই পাৰ্থক‍্য আছে। ক’লা ৰেখাডালৰ এফালৰ খিনি হালধীয়া অথবা শ্বেত মানুহ। সিহঁত ধনী হেতুকেই পৰিষ্কাৰ পোহৰ খায়।আনফালৰ খিনি গেৰুৱা অথবা নিচলা নিগ্ৰো। সিহঁতে খাই প্ৰদূষিত পোহৰ। বিভাজনৰ প্ৰাকৃতিক নীতি সেয়া। তাই ভাবি শেষ কৰিব নোৱাৰে, তাইৰ দৰে বৈসাদৃশ‍্যৰ উপাসকবোৰ যদি অকস্মাৎ মানুহৰ মাজৰ পৰা নাইকীয়া হৈ যায়, সমতাৰ পৃথিৱীত বাৰু কোনে কাক মানিব? ৰাষ্ট্ৰযন্ত্ৰ কেনেকৈ চলিব? সমাজ ভাঙি চিঙি পৰিব। এতেকে তাইক আশীৰ্বাদ নালাগে, পৃথিৱীত তাইৰ দৰকাৰ আছে। অৰণ‍্যত আলাসত থাকিলে, যুদ্ধত মৰা সেনাবোৰৰ দ’মে বায়ু অধিক দূষিত কৰিব। তেতিয়া শিৱই জানো কৈলাশ এৰি আমচাংলৈ আহিব?

মৌচুমী ভট্টাচাৰ্য‍্য খাৰাংখাছ তিৰোতা। য়ুনিভাৰ্চিটীত চ’চিয়োল’জী পঢ়ায়। পুতেক এটা আছে, কুয়েৰ। মানে গে। ফেঁহু নামৰ অজগৰৰ পৌৰাণিক কাহিনীটোত সাপডালৰ পিঠিত যেনেকুৱা বিবিধ ৰং আছিল, তেনেকুৱা ৰং-বিৰঙী কাপোৰ পিন্ধি সি নে তাই, বৰ ভাল পায়। ল’ৰা হৈও ছোৱালীৰ আও-ভাওত থাকে যিহেতু, গৌৰী কন্‌ফিজউড হৈ যায়। সি বুলি ক’ব নে তাই বুলি ক’ব, দাদা বুলি মাতিব নে বাইদেউ বুলি ক’ব, সাংঘাটিক দিগ্‌দাৰী। সেয়ে বেছিভাগ তাই “এইকণ খোৱা, ভাত হৈছে আহা, কাপোৰ ধুবলৈ আছে নেকি” জাতীয় সম্বোধনহীন কথাৰেই চলাই নিয়ে। কি ঠিক, দাদা বুলি ক’লে বেয়াই পাই যদি!

গৌৰী হায়াৰ ছেকোণ্ডেৰীলৈ পঢ়া ছোৱালী। লিখা পঢ়া কৰা ছোৱালী বাবেই তাইৰ পৃথিৱীৰ সম‍্যক জ্ঞান আছে। ৰাজাবাৰীৰ জমিদাৰৰ ঘৰত আলপৈচান ধৰা আয়াৰ ছোৱালী তাই। চিন্তা-চৰ্চাবোৰ অলপ সংকীৰ্ণ। অলপো ঠিক নহয়, বহুত। জমিদাৰহঁত ৰক্ষণশীল মানুহ। হোজা খেতিয়ক বা আধি খোৱা মানুহৰ লগত সহজে নিমিলা মনৰ মানুহ। অৱশ‍্যে তাৰ কাৰণ নথকাও নহ‍য়। দুয়ো শ্ৰেণীৰ মানুহৰ মাজত আছে আৰ্থিক পাৰ্থক‍্য। বিভাজন বাঞ্চনীয়। পাৰ্থক‍্য নথকাহেঁতেন জমিদাৰৰ শ শ বিঘা মাটিত কোনেনো খেতি কৰিলেহেঁতেন? ৰাজাবাৰীৰ চিন্তাবোৰো কৈলাশপুৰৰ চিন্তাতকৈ ভালেখিনি পৃথক। যি নহওক, তেনেকুৱা সংকীৰ্ণ মাটিত ডাঙৰ হোৱা ছোৱালী যিহেতু, চিন্তাবোৰো আজিতকৈ অলপ বেলেগ।

আমচাংখন পুঁজিপতিয়ে অধিগ্ৰহণ কৰোঁতেও হ’বলগীয়া ধৰণৰ প্ৰতিবাদ নহ’ল। মৌচুমী মেমে টিভিত অধিগ্ৰহণ সমৰ্থন কৰি কথা কোৱা তাইৰ মনত আছে। মুঠতে, আজিকালি কথাবোৰ ভালেখিনি সলনি হ’ল। নতুন চিন্তা আৰু নতুন আপদবোৰ নৈমিত্তিক ওলায়েই থাকে। ডাঙৰ কথা নহয়। উশাহ ল’ব নোৱাৰা প্ৰদূষণে সমস্ত ঘেৰি ৰাখিছে, চুই যোৱা নাই মাথো এটাই বস্তু। প্ৰাণ। জীউ।

কথা হ’ল এতিয়া প্ৰায় আদহীয়া হ’ব খোজা গৌৰী কেনে ভাগ‍্যৰ চক্ৰত পৰি লোকৰ ঘৰৰ হেল্পিং হেণ্ড হ’ল সেয়া দীঘল কাহিনী। ফেঁহু অজগৰৰ কাহিনীটোত শিৱই যেনেকৈ ফেঁহুক বৰ দি কষ্টৰ পৰা সকাহ দিবলৈ কৈলাশৰ পৰা নামি আহিছিল, ঠিক তেনেকৈয়ে তাই ধুবুৰীৰ পৰা বনকৰা মানুহ হৈ আহি আমচাং পালেহি। ঠিকনা লিখিবলৈ হ’লে, আচল জেগাটুকুৰা কৈলাশপুৰ। দাৰিদ্ৰই শুহি খোৱা তাইৰ পৰিয়ালৰ কাহিনী নেদেখিলে মানিবলৈ টান। এতিয়া তাই আৰু মৌচুমী মেমহঁতৰ মাজত মৰ্যাদা আৰু স্থানৰ ভালেখিনি পাৰ্থক‍্য আছে। সকলো মানুহৰ টকা থকাহেঁতেন সমতাই পৃথিৱীখন পোনতে অস্থিৰ আৰু পাছলৈ ধ্বংস কৰিলেহেঁতেন। অসমতাই পাৰস্পৰিক স্থিৰতা আনে। বুজিবলৈ টান। ধৰা হওক, মৌচুমী মেমৰ হাতখনত এলাৰ্জি ইচ্ছ‍্যু এটা আছে, বেছিপৰ পানী চুই থাকিব নোৱাৰে। এতেকে বাচন ধোৱা, ঘৰ মচা, কাপোৰ তিওৱা- সমস্ত কামবন কৰিবলৈ নিম্নস্তৰৰ বা দুখীয়া মানুহ এজন লাগিবই। সেইজনেই গৌৰী। আৰু যদি সমতাৰ সূত্ৰ মানিবলৈ হ‍য়, সকলো মানুহ ধনী হ’লে কষ্টৰ কামবোৰ কোনে কৰিলেহেঁতেন? সকলো মানুহ দুখীয়া হ’লে, জ‍্যোতিষে দুখীয়াক বস্ত্ৰ অথবা খাদ‍্যদান কৰিবলৈ উপদেশ কাক দিলেহেঁতেন? জমিদাৰ নাথাকি সকলো খেতিয়ক হ’লে, কোনে কাক ধান-পাচলি বিকিলেহেঁতেন? মুঠতে সমতা মানেই স্থিতাৱস্থা। শুনাত অৰ্থহীন যেন লাগিলেও এইবোৰ সঁচা কথা। কিতাপত নোকোৱা কথা। ‘সমতাই সমাজৰ ভেঁটি’ৰ দৰে শ্ৰেণীৰ কথাবোৰ প্ৰসংগ সংগতি লগাই ব‍্যাখ‍্যা কৰাৰ বাদে ক’তো খটুৱাব নোৱাৰি।

গৌৰীয়ে এইবোৰ বুজি পায়। তেহৰাণৰ কোঠাটো পৰিষ্কাৰ কৰি আঁজৰি হোৱালৈকে তাই একেখিনি কথাকেই পাগুলি থাকে। তেহৰাণৰ অ’চিডি আছে। কোঠাৰ সকলো বস্তু ৰৈখিকভাৱে সৰল আৰু সমান্তৰাল ঠাঁচত বা এটা নিৰ্দিষ্ট আৰ্হিত সজাই পৰাই নাৰাখিলে তাৰ এনজাইটি হয়। গৌৰীৰ বাবে সেয়াও নতুন দিনৰ নতুন বেমাৰ। ৰূমৰ পৰা ওলাই অহাৰ সময়ত তাই এয়াৰ পিউৰিফায়াৰটো অন কৰি থৈ আহে। তাই আকৌ একেখিনি কথাকেই ভাবে, দিনকাল সঁচাকৈয়ে বদলিল। ৰাজাবাৰীৰ ফালে এবাৰ এটা কিন্নৰ জন্ম হওঁতে মাক দেউতাকে হেনো নিজহাতে মাৰি পেলাইছিল। বহুদিন আগতে শুনা কথা হ’লেও তাইৰ স্পষ্টকৈ মনত আছে। আজিকালি লিংগীয় বিকৰ্ষণত ভোগা মানুহবোৰেও মুকলিকৈ জীৱন জীয়াব পৰা হ’ল। তেহৰাণৰ বহু বন্ধু ঘৰলৈ আহে। শাড়ী পিন্ধা অথচ পাতলীয়া ডাড়ি থকা মানুহ এটাৰ লগত সি সঘনে ওলাই যায়। মৌচুমী অথবা প্ৰহ্লাদৰ পুতেকৰ যৌন পছন্দক লৈ কোনো আপত্তি নাই। তেহৰাণে কাৰ লগত নৈশ যাপন কৰিছে, নাতি এটাও নহ’লে সিহঁতৰ ভৱিষ‍্যত প্ৰজন্ম বুলি কিবা চিন চাব থাকিবনে নাই ধৰণৰ কোনো চিন্তাই গৌৰীয়ে ছাৰ-মেমৰ মুখত নেদেখে।

কিন্তু এই যে ফেঁহু অজগৰৰ পৌৰাণিক সাধুটোত পৃথকতা আৰু বিভেদতাই সুস্থিৰ সমাজৰ ভেঁটি বুলি কৈছিল, তেহৰাণৰ দৰে জৈৱসন্ধিবোৰে সেই পাৰ্থক‍্যখিনি লাহে লাহে নাইকীয়া কৰি আনি মানুহৰেই ভৱিষ‍্যতক শংকাত পেলোৱা নাইনে?

গৌৰীয়ে নিজেই নিজক সোধে।

যিদৰে ধনী-দুখীয়া, শাসক-শাসিত,গান্ধী-হিট্‌লাৰ, ঘৃণা আৰু প্ৰেমৰ মাজত স্পষ্ট পাৰ্থক‍্য আছে, তেনেদৰে পুৰুষ আৰু মহিলাৰ মাজতো থাকিব লাগিব। নহ’লে জীৱৰ সৃষ্টিৰ কোনো প্ৰাসংগিকতা বাকী নাথাকিব। লিংগ আৰু যৌন অভীপ্সাই ভাগ ভাগ কৰি ৰাখিবই লাগিব মানুহক। ক্লীৱ হুতাহৰ নায‍্যতা থকাহেঁতেন মৌচুমী আৰু প্ৰহ্লাদৰ বিয়াও অপ্ৰয়োজনীয় সম্বন্ধ।

এতেকে তেহৰাণৰ অস্তিত্ব মূল‍্যহীন।

তেহৰাণে মাথো এয়াৰ পিউৰিফায়াৰৰ বিশুদ্ধ বতাহ খাই পৃথিৱীলৈ মুকলি কৰি দিছে অৰ্থহীন বিষাক্ত বতাহৰ বাট।

: তই যে এতিয়াও সেইখিনিতে ৰৈ আছ’? -মৌচুমী মেমৰ মাতত খপ্‌জপ্ কৰি তন্দ্ৰাভংগ হয় গৌৰীৰ। মাহেকৰ শেষত কামবোৰত গুৰুত্ব কমিলে মালিকনীৰ খং উঠে। হিচাপৰ পইচাকিটা দিয়াৰ সময়ত কিবাকিবি কথা শুনায়। গৌৰীয়ে তৎক্ষণাত দুৱাৰ বন্ধ কৰি অপৰাধবোধ এটাৰ ভাৱেৰে তলৰ মহলালৈ নামি যায়।

বেলকনীত তেতিয়া ৰ’দ পৰিছে। প্ৰহ্লাদে ট্ৰিবিউনখন মেলি লৈছিল যদিও পাতল ৰ’দৰ আলিংগনত ঘুমতিৰ ভাৱ এটাই তাক আমনি কৰিছিল। যদিও আজিকালি কথা-চিন্তাবোৰ দৈনিক সলনি হৈছে, নতুন বাতৰি একো এটা নাই। তৃতীয় এদিনীয়াত ভাৰতৰ পৰাজয়বৰণ, তিনিচুকীয়াত দুজন আলফা গ্ৰেপ্তাৰ, দিল্লীৰ এয়াৰ কুৱালিটী আকৌ নিম্নগামী ইত‍্যাদি একঘেয়ামী বাতৰি। মাত্ৰ ইণ্ডোনেছিয়াত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ বাতৰিটোৰ তলত সাপডালৰ যিখন ফটো দেখুওৱা হৈছে, সেই ফটোখনে প্ৰহ্লাদক সন্মোহিত কৰিছিল। তাৰ পিঠিৰ ক’লাপেটীডালৰ দুয়োফালৰ গেৰুৱা-হালধীয়াখিনি পোহৰত চক্‌মক্ কৰিছে।

প্ৰহ্লাদক সাপডালৰ সৌন্দৰ্যই টানি নিছিল পুৰণা দিন এটাৰ মাজলৈ। সি যেতিয়া ডিগ্ৰীত ফিজিক্স পঢ়িছিল, এদিন পোহৰ প্ৰদূষণৰ পাঠ পঢ়াই থাকোঁতে তেনেকুৱা সাপ এডাল ছেকেণ্ড ছেমিষ্টাৰৰ ৰূমটোলৈ সোমাই আহিছিল। সকলোৱে হুৰমুৰকৈ চিঞৰি ওলাই যোৱাৰ পৰত সি একঠিৰে সাপডাললৈ তন্ময় হৈ চাইছিল। সাপো ইমান ধুনীয়া হ’ব পাৰেনে? হয়তো সি কোনো সৰ্পসিন্ধু ঈশ্বৰৰ বিশেষ আশীৰ্বাদ পাইছিল!

ডাঠ ফ্ৰেমৰ চছ্‌মা পিন্ধা ফিজিক্সৰ মাষ্টৰটোৱে তাক পিছত কৈছিল, ছায়েন্সৰ ছাত্ৰ হৈ ঈশ্বৰ বিশ্বাস কৰানে? গোটেই ক্লাছটো হাঁহিত গিজ্‌গিজাই উঠিছিল।

চেনী নিদিয়া, অকল আদা চেপি দিয়া লালচাহ একাপ লৈ গৌৰী বেলকনীলৈ উঠি আহোতে দ্বিতীয়বাৰৰ বাবে প্ৰহ্লাদৰ তন্দ্ৰা ভাঙিছিল। অলপ সময়ৰ বাবে তেওঁ যেন পৌৰাণিক সাধু এটাৰ ভিতৰলৈ সোমাই গৈ তপস‍্যাত বহিছিল। প্ৰহ্লাদৰ নিজৰ ওপৰতে হাঁহি উঠি গ’ল। ইণ্ডোনেছিয়াৰ পৰা কৈলাশপুৰলৈ কিমানদূৰ বাট?

উফ!

যিটো কথা মই আপোনালোকক কোৱা নাই, সেইটো বিজ্ঞানৰ। আমাৰ পৌৰাণিক ইতিহাস অংক, শল‍্য, জ‍্যোতিৰ্বিদ‍্যা, চিকিৎসা, মনোশাস্ত্ৰ- সকলোতে আগৰণুৱা আছিল। ভূ-মণ্ডলে ভূ পোৱাৰ বহু আগতেই আমাৰ সভ‍্যতাই বিজ্ঞান জানিছিল। এই ধৰক ফেঁহু অজগৰৰ কাহিনীটো, ফেঁহুই তপস‍্যা সংকল্প লওঁতে বায়ু, পানী, মাটিক বাদ দি সকলো খাম বুলি আশীৰ্বাদ পুষ্ট হ’বলৈ মহাদেৱ আৰাধনা কৰিছিল। কিন্তু বাদ পৰি ৰৈছিল পোহৰ। কাৰণ তেতিয়াৰ দিনত পোহৰ প্ৰদূষিত হোৱা নাছিল। মহাদেৱৰ কান্তিৰ পৰা বাহিৰ হৈছিল দুই উপাস‍্যৰ পোহৰ। পাছফালে সূৰ্য‍্যদেৱ, আগফালে শশধৰ। তেনে সংযোজন ত্ৰিলোকত দ্বিতীয়টো নাই। কিন্তু, বিজ্ঞানীয়ে গৱেষণা কৰি পাইছে, এতিয়া হেনো পোহৰো প্ৰদূষিত হ’ল! দিন কাল বহুখিনি সলনি হ’ল।

গৌৰীয়ে এই কথাও দেখিছে। আগতে পূৰ্ণিমাৰ ৰাতি উজ্বল জোনৰ পোহৰে গোটেইখন যিদৰে আলোকিত কৰি সাৱটি ধৰিছিল, আজিকালি তেনে পোহৰ নাই। ক’তোৱেই নাই। আগতে আহিনৰ দূপৰীয়াবোৰত স্নিগ্ধ ৰ’দত বহি থকাৰ আমেজটো আজিকালি পাবলৈ নাই। এপ্ৰিলটো নাই, হেমন্তটো নাই, আঘোনটো নাই। ৰ’দজাকৰ কিবা এটা হৈছে। জোনে ওফোন্দ মাৰি ধৰিছে। তাৰমানে সঁচাকৈয়ে, পোহৰো প্ৰদূষিত হৈছে। আমচাংৰ পাহাৰ এখনৰ কোণৰ পৰা শিৱ ভোলেনাথ ওলাই আহোঁতে প্ৰশান্তিৰ যেনেকুৱা পোহৰ পাৰ হৈছিল, তেনে পোহৰ আজিকালি ক’তোৱেই নোলায়।

: আচ্ছা বাইদেউ, এয়াৰ পিউৰিফায়াৰটোৰ দৰে এদিন বাৰু লাইট পিউৰিফায়াৰো ওলাব নেকি?

গৌৰীয়ে মৌচুমী মেমক সুধিছিল। মৌচুমীয়ে ধেক্‌ধেকাই হাঁহি তাইৰ ফালে বিদ্ৰপৰ ভাৱ এটাৰে চাই আঁতৰ হৈছিল।

: কি যে উল্টা-পুল্টা কথাবোৰ সুধি থাক’ তই।

গৌৰীয়ে পুনৰ কামত ধৰিছিল। অৱশ‍্যে তাই গম পোৱা নাছিল যে মৌচুমী ভট্টাচাৰ্যই ৰাতি কম্পিউটাৰ খুচৰি আৱিষ্কাৰ কৰিছিল একেই ধ্ৰূৱসত‍্য। আজিকালি পোহৰো প্ৰদূষিত হৈছে।

‘য়েছ তেহৰাণ! ইভেন লাইট ইজ পলিউটেড্ নাউ!’

সামান‍্য লিপগ্ল’ছ লগাই পিছফালখন ভাঁজ লগাকৈ শুই থকা তেহৰাণে কৈছিল, ‘মাম্মা প্লিজ! যা-টা বকি নাথাকিবা!’ হিপ্ন’টাইজড মিউজিক এটা লগাই সি শুবলৈ চেষ্টা কৰিছিল। গৌৰীয়ে কল্পনা কৰিব খুজিছিল, মাক-দেউতাকৰ এক্স ৱাই ক্ৰ’ম’জ’মৰ কেনেকুৱা বিসংগতিৰ ফলত বাৰু তেহৰাণ এনেকুৱা হৈ জন্মিল! বিজ্ঞানেতো দুটা লিংগকহে স্বীকৃতি দিছে।

তৃতীয় লিংগ সামাজিক সৃষ্টি। নতুন দিনৰ ধাৰণা। এইটো ঠিক যে তৃতীয় লিংগ বুৰঞ্জীগত ভাৱেও প্ৰমাণিত। থাকে। আছে। অশুভ বা অস্বাভাৱিক নহ‍য়। তথাপি, কিন্তু এটা থাকি যায়।

যদি আমি বিজ্ঞান মানো, তেহৰাণকো মানি ল’ব লাগিব।

যদি আমি বুৰঞ্জী মানো, মহাদেৱকো মানি ল’ব লাগিব।

কিন্তু, বিজ্ঞানে মহাদেৱক নামানে। পুৰাণে পোহৰৰ ক্ৰমবিকাশ মানিছে, ইতিহাসে বিজ্ঞান মানিছে। তেন্তে সন্ধিটো ক’ত? ভুলটো ক’ত? সমস‍্যাটো ক’ত? পাৰ্থক‍্যৰ বাবেই পৃথিৱী জীয়াই আছে তাই বহুবাৰ কৈছে। সামাজিক ভেদাভেদৰ বাবেই জীৱ-যন্ত্ৰ বৰ্ত্তি আছে বুলি তাই বাৰে বাৰে মানি লৈছে। তেন্তে পাৰ্থক‍্যবোৰ লাহে লাহে নোহোৱা হৈ আহিছে কিয়? ফেঁহু অজগৰৰ বিপৰীতে, পাৰ্থক‍্যৰ বলি হৈ তেহ্‌ৰাণৰ দৰে সামাজিকভাৱে নিন্দিত হোৱা মানুহবোৰ বাৰু কোনোবা অবৈজ্ঞানিক ঈশ্বৰৰ আশীৰ্বাদপুষ্ট নেকি?

সন্ধিয়ালৈ, তেহৰাণক কফি দিবলৈ গৈ গৌৰীয়ে আৱিষ্কাৰ কৰিছিল এটা নতুন বস্তু। তেহৰাণৰ লেপটপক ৱালপেপাৰখনত লাগি আছিল সদাপৰিছিত সদাশিৱৰ এটা বিস্ময়কৰ ৰূপ। অৰ্ধনাৰীশ্বৰ। আধা পুৰুষ, আধা নাৰী।

গৌৰী থতমৎ খাই উঠিছিল। তাইৰ স্নায়ুবোৰ অৱশ হৈ আহিছিল। মুদ খাই অহা চকুহালে শিৱৰ ডিঙিৰ পৰা এডাল সাপ নামি অহা দেখিছিল। সেয়া ফেঁহু অজগৰ নাছিল। ফণা মেলি আসুন্দৰ ৰজাফেঁটিয়ে গৌৰীৰ চৌপাশে চটিয়াই দিছিল প্ৰদূষিত পোহৰ, ওৰফে আন্ধাৰ। ঘোপমৰা আন্ধাৰ।

মই গৌৰী।

ধৰ্ম-বুৰঞ্জীৰ জ্ঞান আছে যদি জানিব, মই আছিলো শিৱৰ অৰ্ধাংগিনী। আছিলোঁ বুলি এইকাৰণেই কৈছোঁ, কাৰণ মানুহক মই দেখিছোঁ। তেহ্‌ৰাণ নামৰ ল’ৰাটোৰ কথাও মই জানো, যাক ক্লীৱ হোৱা বাবেই ঘৰুৱা বনকৰা মহিলাজনীয়ে কিমান ঘৃণা কৰিছিল। তাই বাৰু তেহৰাণ সপৌৰুষ হোঁৱাহেঁতেন তাৰ স’তে কোনো স্বাৰ্থৰ বাবে যৌনাভিলাস কৰিব বিছাৰিছিল নেকি! সেইবাবেই মহাভাৰতত শিখণ্ডীয়ে মহাবীৰ ভীস্মক হত‍্যা কৰোৱাইছিল নেকি? মই নাজানোঁ।

মই যি জানো, ময়েই গৌৰী। অৰ্ধনাৰীশ্বৰো অৰ্ধাংগিনী। বিস্ময়কৰ নহয়নে! ভাবি চাওঁক, মোৰ স্বামীৰ আধাহে পুৰুষ বুলি জানিলে ত্ৰিলোকে জানো আমাক পূজা দিব? মানি ল’বনে প্ৰেমৰ প্ৰতীক বুলি? দৈৱিক পুৰোধা অথবা প্ৰাতঃস্মৰণীয় বুলি?

এতেকেই, এতেকেই মোৰ স্বামী সদাশিৱৰ ৰূপতে থাকে। ভাঙ খাই তাণ্ডৱ নাছে। মোৰ কথা ভাবি চাওঁক, আজিলৈকে কোনোৱে ভবা নাই হয়তো, ইমান উপাস‍্য দেৱতা যাক পাবলৈ মানুহ-সাপ সকলো উত্ৰাৱল হৈ থাকে, তেনে সৰ্বগুণসত্বা মোৰ স্বামীৰ এক অৱতাৰকো আপুনি স্বীকৃতি নাই দিয়া। বিজ্ঞানে আমাক মানি নাই লোৱা! আপুনি মোক বাৰু পুতৌৰ দৃষ্টিৰে চাই নেকি? চা চা- গৌৰীৰ গিৰীয়েক আধাহে পুৰুষ। আধা নাৰী! দক্ষই বাৰু লাজত পোৱা নাইনে! মৰি যোৱা নাইনে ৰাজাবাৰীৰ কিন্নৰ শিশুটোৰ দৰে! নে দক্ষ, প্ৰহ্লাদ ভট্টৰ দৰেই আৱেগিক মুৰ্খ? যি হ’লেও পোনা মোৰ, জোৱাই মোৰ – মানুহ! অথবা ঈশ্বৰ!

আপুনি লম্বোদৰৰ কথা কি বুলি কৈছে? ক্লীৱ আৰু প্ৰকৃতিৰ মাজৰ মিলন বাবেই সি হাতীমূৰীয়া হ’ল? আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে? আপুনি তাৰ কাহিনী নেজানে পুৰাণ পঢ়ক। বিজ্ঞানহে মানে যদি শল‍্য চিকিৎসা পঢ়ক। সকলো সম্ভৱ। আপুনি মোৰ পোনাটোক এৰি দিয়ক কাবৌ কৰিছোঁ, মই গৌৰীয়ে সমস্ত ত‍্যাগ কৰিছোঁ। এতিয়া মাথোঁ দেহত‍্যাগলৈ বাকী!

আপুনিতো বুজিয়েই নাপায় তেহৰাণৰ মানসিক অন্তৰ্দ্বন্দ? কুয়েৰ অভীধাই তাক যে প্ৰতিদিনেই কষ্ট দিয়ে? বুজিয়েই নাপায় আপুনি পোহৰ প্ৰদূষণ। সকলো ধনী মানুহৰ চখ যেন ভাবে। মানুহে মাথোঁ আলাসতে খাই বহি জীৱন জীয়াব খোজে, ঠিক ফেঁহু অজগৰৰ দৰেই। সেয়েহে মানুহে আৰু কেতিয়াও, কোনো ঈশ্বৰৰ পৰা একো আশীৰ্বাদ নাপায়। প্ৰদূষিত হ’বলৈ ৰৈছে মাথো জীৱপ্ৰাণ- আত্মা। তাৰ পিছত- এটা মহাজাগতিক মুহূৰ্ত আৰু সকলো শেষ!

মূৰ্চ্ছা গৈ পৰি থকা গৌৰীৰ আগত কথাখিনি কৈ মহাদেৱ-পত্নী গুছি গ’ল। খপ্‌জপাই সাৰ পাই উঠিল গৌৰী। ইস্ ! কি যে বিস্ময়! এতিয়া ঈশ্বৰেও পাৰ্থক‍্য নোহোৱা কৰাৰ কথা কৈছে। পুৰুষ আৰু মহিলাৰ! ধনী আৰু দুখীয়াৰ! ঘৃণা আৰু ভালপোৱাৰ! শাসিত আৰু শাসকৰ! তাৰমানে কি সভ‍্যতাৰো শেষ?

মৌচুমী ভট্টই ক্লাছত নতুন থিয়’ৰী পঢ়াইছে। অথৰ্ব বেদক কিয় প্ৰাক্ ভাৰতীয় নিৰাময় শাস্ত্ৰ আৰু আয়ুৰ্বেদৰ ভেঁটি বুলি কয় তাৰ টান টান সূত্ৰবোৰ সৰলকৈ বুজাবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছে। দ্বিতীয় মহলাত থকা শ্ৰেণীকোঠাটোৰ জলঙাৰে এচকা ৰ’দ সোমাইছে। ৰ’দৰ পোন ৰশ্মিডালৰ মাজত বায়ুত উৰি থকা ধূলিৰ কণিকাবোৰ খালী চকুৰে সহজেই দেখি। অৱশ‍্যে সেয়া বায়ু প্ৰদূষণ নে পোহৰ প্ৰদূষণ সেয়া কাষত থকা ছাত্ৰজনে ধৰিব পৰা নাই। সি মাথোঁ ফেঁহু অজগৰৰ পৌৰাণিক কাহিনীটোৰ লগত শেষৰ ষাণ্মাসিকত পঢ়াৰ ‘পত্নীৰ দৃষ্টিয়েদি অৰ্ধনাৰীশ্বৰ’ পাঠটো জুকীয়াই চাবলৈ যত্ন কৰিছে। ধূসৰ হুমুনিয়াহ এটাই তাক হেঁচুকি ধৰিছে। সঁচাকৈ চ’চিয়’লজী এটা বৰিং চাবজেক্ট।

পাঠৰ মাজতেই কোনোবাই চিঞৰি দিলে, কাষৰ বেৰেৰে বগুৱাই অজগৰৰ পোৱালী এটা সোমাই শ্ৰেণীকোঠাৰ ভিতৰ পাইছেহি। সি প্ৰথমে ডিঙা মেলি অস্পষ্টকৈ, আৰু ভীতছাত্ৰবোৰ আঁতৰি যোৱাৰ পাছত ওচৰৰ পৰা স্পষ্টভাৱে সাপডাল দেখিলে। তাৰ গাটো পাতল হালধীয়া। ৰৈখিক আঁকবাঁকবোৰ আছে, কিন্তু দূৰৈৰ পৰা দৃশ‍্যমান নহয়। দেখিলে মিতভাষৰ আলসুৱা শ্লোক এটা যেন লাগে, ঠিক কিতাপত পঢ়া আগৰ দিনৰ ৰ’দজাকৰ দৰে। সি একেঠিৰে সাপডালৰ গাৰ ৰংটোলৈ চাই থাকিল। সঁচাকৈ, কিবা এটা সন্মোহন আছে। অসম্ভৱ সুন্দৰ। কোঁচত লৈ থাকিও হেঁপাহ নপলোৱা মৰমলগা সদ‍্যোজাত শিশু এটাৰ দৰে. গাৰ মাটিবোৰ এৰুৱাই পখালি দিলে সিও এলিজাবেথৰ কেৰুত খঁচোৱা মণিটুকুৰা এটাৰ দৰেই জিলিকিব। সি মুহূৰ্ততে অন‍্য

ভাৱ এটাৰ মাজলৈ সোমাই পৰিল।

আৰম্ভণিতে পাৰ্থক‍্যবোৰ নাথাকে, আমিয়েই গঢ় দিওঁ।

সাপডালেও জন্মতে ক’লাৰঙে দূৰ কৰি থোৱা দুভাগ ৰং লৈ নাই অহা। সময়েহে তাৰ গাত ৰং ঘঁহি দিছে।

তাহানিতে প্ৰদূষণো নাছিল, এতিয়া পোহৰকণো বাদ নপৰিল।

আদিতে অৰ্ধনাৰীশ্বৰ, শিখণ্ডীও আছিল। এতিয়া তেহৰাণক কষ্ট দিয়ে কোনে? -বিজ্ঞান পঢ়া মানুহে।

সলনি হৈছে কথাবোৰ। গৌৰীৰ প্ৰশ্নবোৰৰো আয়ুস টুটি আহিছে। আমচাংৰ মহাদেৱ কৈলাশলৈ মহাদেৱ ওভটি গৈছে। লগত লৈ গৈছে শেতা পোহৰৰ অলপ হুমুনিয়াহ।

প্ৰহ্লাদে বাতৰিখন লৈ বেলকনীত বহিছিল। ‘ইণ্ডোনেছিয়াত এজন লেডী-বয়ক মৰিয়াই হত‍্যা।’ ‘পোহৰ প্ৰদূষণক লৈ গৱেষণা কৰা চুইডেনৰ বিজ্ঞানীলৈ পদাৰ্থবিজ্ঞানৰ নোবেল।’ ‘সাপৰ বোধনশক্তি হ’ব পাৰে মানুহতকৈ বেছিঃ চীনা বিজ্ঞানীৰ দাবী’।

বিভিন্ন খবৰ। গৌৰীয়ে বাতৰি পঢ়াহ’লে গম পালেহেঁতেন, ৰাজধানীলৈ নতুন শল‍্য চিকিৎসক আহিছে। তেও থেৰাপী আৰু অস্ত্ৰোপচাৰৰে মানুহক সলনি কৰি দিব পাৰে। যিটো তাই কামনা নকৰে।

মানুহবোৰ প্ৰাচীন হৈয়েই থাকক।

Leave a Reply

Your email address will not be published. Required fields are marked *