গল্প-কবিতা

কৰ্ৰেগুট্টাৰ চিতাবোৰৰ পৰা ওলাই অহা তেজৰঙী জুইকুৰা ।। মণিকংকনা বৰবৰা

মুক্ত চিন্তা। একাদশ বছৰ।। ৩য় সংখ্যা

চৌকাত জুই নাই। ঝুমকা মুৰ্মূয়ে জুহালত চুঙা ফুঁকিছেগৈ। চৌকাৰ পৰা চালৰ বিন্ধা সৰকি ওলাই যোৱা কেঁচা খৰিৰ ধোঁৱাই গোটেই ঘৰখন মেৰাই ধৰিছে। লৰালৰিকৈ ঝুমকা মুৰ্মূয়ে বাৰীঢাপৰ পৰা ঘচ্ ঘচকৈ কাটি আনিছেগৈ শুকান বাঁহৰ খৰি এমুঠা।

চোতালৰ চুক এটাত পাৰি থোৱা শেলাই বন্ধা তক্তা এখনলৈ নি চৰীয়া এটাত তিয়াই থোৱা কাপোৰ দুখন থুকুছি থুকুছি ধুইছেগৈ। চোতালৰ সিমূৰে খুটা দুটাত দুয়োটা মূৰে বান্ধি থোৱা বাঁহৰ দীঘল ডাং ডালত ধোৱা কাপোৰখিনি মেলি দিয়েই ঝুমকা মুৰ্মূ গোহালিটোৰ ওচৰ পালেগৈ। শুকান গোবৰ এপাচি দাঙি আনি শাকনি ডৰাত সিঁচি থকা দেখি ন-কৈ খোলা ভঙা কুকুৰা পোৱালিৰ জাকটো মাকৰ পিছ লৈ তিতিয়াঁই আহিল। ঝুমকা মুৰ্মূয়ে সিহঁতৰ বাবে পাকঘৰৰ পৰা চাউল এমুঠি আনি চোতাললৈ ছটিয়াই দিলে। 

“ৰঙা পতাকা লৈ কমৰেড আগবাঢ়ি যাম…”

গীত-শ্লোগান, হাই-উৰুমিবোৰ কাণৰ কাষ চাপি অহাত ঝুমকা মুৰ্মূয়ে ঘৰৰ ভিতৰলৈ গৈ কাঠৰ বাকচটো খুলি কাপোৰৰ টোপোলা এটা উলিয়াই আনিলেগৈ।

“ৰঙা পতাকা লৈ কমৰেড আগবাঢ়ি যাম

তুমি নাই এই বেদনা আমাৰ আছে

তথাপি আমি যুঁজি যাম..”

ঝুমকা মুৰ্মূৰ সাহিয়াল ল’ৰাটোৰ জীউহীন শৰীৰটো কান্ধত তুলি সুকমা গাঁৱৰ দিশে আহি আছে এটা সমদল। গাঁৱৰ মানুহবোৰৰ বাবে ভাল দিন আনিবলৈ ওলাই যোৱা দিন ধৰি ল’ৰাটোৰ এয়াই প্ৰথম আৰু শেষবাৰৰ বাবে তাৰ নিজৰ গাঁওখনলৈ আৰু নিজৰ ঘৰখনলৈ বুলি ওভতনি যাত্ৰা।

“কিমান বছৰ দেখা নাই পুতেকৰ মুখ?”

সন্তোষৰ মাক। মানুহ এগৰাকী, কিন্তু জীৱনত মুখামুখি হ’ব লগা হৈছে হেজাৰটা প্ৰশ্নৰ।

সন্তোষ এক-ডেৰ বছৰীয়া হোৱা সময়খিনিতে তাৰ ককাকক পুলিচে ধৰি নি জেইলত দিছিল। নতুনকৈ অহা সেনাবোৰে ছাউনী পাতিবলৈ পকিবলৈ ধৰা ধাননি কেইডৰা নষ্ট কৰি পেলোৱা দেখি তাৰ ককাক আৰু গাঁৱৰ দুজনমান খেতিয়কে গৈ সেনাবোৰক উভতি ধৰাত ককাক আৰু লগত যোৱা কেওজনকে সেনাই আধামৰা কৰি জেইলত দিলে। তাকো ৰে’ল বা বাছেৰে দুদিনতো গৈ নোপোৱা দূৰণিবটীয়া জেইল। তিনিটামান বছৰৰ পিছত সন্তোষৰ মাক আৰু আইতাকলৈ খবৰ আহিছিল জেইলৰ ভিতৰত অচিন ৰোগে পোৱা সন্তোষৰ ককাক আৰু এই দুনীয়াত নাই। শোকে দহি নিয়া সন্তোষৰ আইতাকজনীও নাখাই-নবৈ কোনোমতেহে দুটা বছৰ জীয়ালে। এটামান বছৰৰ পিছত জেইলৰ পৰা ওলাই অহা একেখন গাঁৱৰে পূৰ্বাৰ পুতেকটোৱে কৈছিল ঝুমকাৰ দেউতাক অচিন ৰোগত নহয়, জেইলত খাবলৈ দিয়া পচা খাদ্য খাইহে শৌচ-বমি কৰি মৰিছিল। ঔষধ এটা পোৱা হ’লেই কিজানি বাচি গ’লহেতেঁন। গাঁওখনক শোকৰ নদীত ডুবাই থৈ দুমাহমানৰ পিছত পূৰ্বাৰ একমাত্ৰ ল’ৰাটোও আপোনঘাতী হ’ল। এসময়ত ফুটবল খেলত তাৰ ভৰি দুখনৰ গতি আছিল দুৰন্ত ঈগল চৰাইটোৰ নিচিনা। তাকে দেখি এদিন পুলিচ বাহিনী এটাই ফুটবল খেলি থকা ঠাইৰ পৰাই তাক উঠাই লৈ গ’ল। ফুটবল খেলি ভালপোৱা ল’ৰাটোৱে জীৱনত অৱশ্যে কেতিয়াও বন্দুক চলাম বুলি ভবা নাছিল। ভাল খেলুৱৈ এজন হোৱাৰহে সপোন আছিল তাৰ। এদিন জেইলৰ পৰা মুকলি হৈ ঘৰলৈ আহিয়েই সি গাঁৱৰ খেলপথাৰলৈ গৈ বলটো ধৰি দেখিলে যে, তাৰ সোঁভৰিৰ হাড়ডাল ভগা। পুলিচৰ জিম্মাত থকাৰ সময়তে সি বিকলাংগ হৈছিল। দীঘলীয়া বন্দীত্বই তাক ইমান হতাশ কৰি পেলাইছিল যে হাড়ভঙা ভৰি এখন লৈ ফুটবল খেলিব নোৱাৰাৰ দুখতে সি আৰু জীয়াই থকাৰ মনৰ বলখিনি ঘূৰাই আনিব নোৱাৰিলে। তাৰ মাক পূৰ্বা তেতিয়াৰ পৰাই মনৰ থানথিত নোহোৱা মানুহৰ দৰে হ’ল।

গাঁওখন ঘূৰি-পকি পূৰ্বা প্ৰায়েই ঝুমকা মুৰ্মূৰ ওচৰ ওলাইহি। ঝুমকা মুৰ্মূৰ ওচৰত এখন্তেক বহিবলৈ পালে তাই কিবা এক সুখ আৰু নিৰাপদ অনুভৱ কৰে। বুকুত শৰ একোপাতৰ দৰে খুঁচি থকা কথাবোৰ ঝুমকাৰ আগত খুলি দিয়াৰ পাছত বহুদিনলৈ তাই শান্ত আৰু নিমাত হৈ পৰে।

… চৰকাৰে চলোৱা উচ্ছেদত ঘৰে-মানুহে জ্বলি ছাই হৈ যোৱা গিৰিয়েকৰ দেহফলা চিঞৰটো কাণত বাজিলে পূৰ্বাৰ এতিয়াও শৰীৰটো ঠক্ ঠককৈ কঁপে। ডিঙি শুকায়। চকুৰ টোপনি হেৰায়। বুকুৰ আমঠু বুলি আশালৈ জী থকা পুতেকেও তাইক অকলশৰীয়া কৰি গুচি গ’ল। প্ৰায়ে ঝুমকা মুৰ্মূক তাই সোধে –

“এতিয়া মই কাৰ বাবে জীয়াই থাকিম ন ঝুমকা? কৈ দেছোন তয়েই। এই সংসাৰত মোৰ দেখোন আৰু কোনো-কিছু নাই অ’!”

উচুপি উচুপি কান্দি থকা পূৰ্বাক ঝুমকা মুৰ্মূয়ে সান্ত্বনা দিয়ে-

“নাকান্দিবি বাই! মই আছোঁ নহয় তোৰ লগত।“

পূৰ্বাৰ দুয়োগালে দুধাৰি কুহুমীয়া চকুলো বৈ আহে।

কি যে অমাতৰ মাত এইষাৰ। কোনোবাই লগত আছোঁ বোলা কথাষাৰ দেখোন জীৱনৰ সঞ্জীৱনী সুধাৰ দৰে। ঝুমকাৰ মৰমৰ মাতষাৰত পূৰ্বাৰ অকলশৰীয়া ভাবটো তৎক্ষণাৎ মনৰ পৰা উৰি গুচি নাইকিয়া হয়। নিতাল মাৰি কাণপাতি থকা মানুহজনীৰ ওচৰত পূৰ্বাই বহুপৰ ধৰি এফালৰ পৰা যি মন যায় তাকে কৈ কৈ মনৰ বোজা পাতল কৰি এটা সময়ত ঘৰলৈ বুলি খোজ লয়।

ঝুমকা মুৰ্মূহঁতৰ গাঁৱত মিলিটেৰীয়ে চোতাল খান্দিলেই বন্দুক-বাৰুদ ওলায়। ভগা বেৰত ওলমি থকা ফটা কাপোৰৰ টোপোলা ফালি টকাৰ বাণ্ডিল উলিয়ায় আনে। নিষিদ্ধ সংগঠনৰ নামৰ কাগজ-পত্ৰ কিছুমান ওলায়। তাৰপিছত একো উৱাদিহ নোপোৱা মানুহবোৰক মিলিটেৰীয়ে কেম্পলৈ টানি চোঁচৰাই লৈ যায়। ঝুমকা মুৰ্মূহঁতৰ গাঁৱত চলি থকা এই কাহিনীবোৰ এতিয়া সাধাৰণ হ’ল। এনেকুৱা কাহিনীবোৰ চলাই থাকিলে কাৰ কি লাভ হয় মানুহবোৰে জানে যদিও জীয়াই থকা আপাহত নজনাৰ ভাও ধৰি জেইললৈ যোৱা শাস্তিটোকে বৰণ কৰি লয়।

মাক-দেউতাকক হেৰুওৱাৰ পাছত ঝুমকা মুৰ্মূৰ জীৱনত যেন বনজুইহে লাগিল। আশে-পাশে অতবোৰ মানুহ থকাৰ পাছত তাই ভাবিছিল জীৱনটো সহজ হৈ থাকিব। পিছে তাই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে ভীৰৰ মাজত থাকিলেও দেখোন মাইকী মানুহবোৰ অকলশৰীয়া হয়। মতা মানুহৰ বাবে সহজ হৈ থাকিলেও সমাজৰ কিছুমান নিয়ম মাইকী মানুহৰ বাবে নৰজে।

ঝুমকাইয়ো প্ৰতিখোজে উজুটি খাবলৈ ধৰিলে। যাৰ লগতেই দুই এষাৰ কথা পাতে গাঁৱৰ মানুহৰ মুখত সিয়েই হৈ পৰে ঝুমকাৰ জীৱনৰ নায়ক। গাঁৱৰ বয়সীয়াল কেইজনমানে ঝুমকা মুৰ্মূক দেখিলে আলিৰ সিটোপাৰে মুখখন ঘূৰাই দিয়ে। পূৰ্বাৰ বাদে গাঁৱৰ আন মানুহবোৰে লাহে লাহে তাইৰ ঘৰলৈ আহ-যাহ কমাই দিলে। তায়ো অনুভৱ কৰে, বৰহমথুৰি কোঁহ যেন ওঁঠহালি, নিয়ৰৰ টোপালত ভিজি থকা যেন চকুহাললৈ চাই থৰ লগা চকুবোৰ যেন চকু নহয় একো একোটা কঁদু বৰলহে।

কেইটামান বছৰৰ পাছত যেতিয়া ঝুমকা মুৰ্মূৰ নোদোকা শৰীৰটোৰ পৰা ওলাই অহা হাড়কেইডাল এডাল এডালকৈ গণনা কৰিব পৰা হ’ল, তেতিয়া আগৰদৰে গাঁৱৰ মানুহে শাহু-শহুৰেকৰ ঘৰৰ কথা, পুতেকৰ দেউতাকটোৰ কথাও তাইক নোসোধা হ’ল।

লাহে লাহে সন্তোষে বয়সন্ধি কাল চুইছিল। মাকৰ দুখ-কষ্টবোৰো বুজি পোৱা হৈ উঠিছিল। সি দেখিছিল, গাঁৱৰ সকলো মানুহে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো ভাত এসাঁজৰ বাদে জীৱনৰ বাবে প্ৰয়োজনীয় আন একো বস্তুৰে যোগাৰ কৰা সম্ভৱ নহয়। তাৰ মাকৰ দৰে গাঁৱৰ আন মহিলা সকলৰো শাৰিৰীক-মানসিক শ্ৰম পুৰুষ সকলতকৈয়ো বেছি। কিন্তু গাঁৱৰ পুৰুষবোৰে ভাবে মহিলাবোৰৰ কোনো কাম নাই। সেয়ে দিনটো হাজিৰাৰ বাবে ওলাই গৈ গধূলি ঘৰলৈ উভতি আহি মহুৱাৰ ৰস খাই সিহঁতৰ জীৱনৰ সমস্ত দুখ-কষ্টৰ কাৰণ ঘৰৰ ঘৈণীজনীয়েই বুলি গালি-গালাজ, মাৰপিট কৰে।

গধূলিটো হয় কি নহয়, সন্তোষহঁতৰ গাঁৱৰ সকলোৰে ঘৰৰ টিপচাকিবোৰ বৰ সোনকালে নুমুৱাই দিয়া হয়। অনিচ্ছা সত্বেও আন্ধাৰত বুৰ যায় গাঁওখন।

সন্তোষহঁতৰ গাঁৱত ৰাতিপুৱাবোৰো কোনো সুখৰ বাৰ্তা বাহক নহয়। কোনোবা নহয় কোনোবা এঘৰত ৰাতিতেই কিবা এক ঘটনা ঘটি পুৱাটোত দুঃখবৰ হৈ বিয়পি পৰে। অথবা চুবুৰীয়া গাঁওবোৰৰ পৰা হ’লেও পুৱাতে কিবা নহয় কিবা এক খবৰ আহেই।

এইবোৰ দেখি-শুনিয়েই সন্তোষ বয়সতকৈ অধিক গহীন মানুহ এটা হৈ পৰিছিল ।

ঝুমকা মুৰ্মূহঁতে জীৱনত পঢ়াশালিৰ মুখ নেদেখিলে। অংগনবাড়ী বোলা দুই এটা ঘৰ সজা হৈছে যদিও তাতকৈ ওখখাপৰ পঢ়াশালি গাঁওবোৰত এতিয়াও নাই।

সন্তোষেই গাঁৱৰ একমাত্ৰ ল’ৰা যাৰ মন অহৰহ পঢ়া-শুনাৰ হেঁপাহে উদ্বাউল কৰি তুলিছিল। গাঁৱৰ পৰা ওলাই গৈ ঘূৰি-পকি নিজৰ বাবে পঢ়াশালি এখনো সি নিজেই সন্ধান কৰি লৈছিল। প্ৰতিদিনাই বেলি সাৰ নাপাওঁতেই সি ঘৰৰ পৰা ওলাই যায় আৰু জোন-তৰাই আকাশ তিৰবিৰোৱা সময়ত সি ঘৰলৈ বুলি ওভতি আহে।

দুটামান বছৰৰ পাছত কাহি কাহি অৱশ হোৱা মাকজনীক যক্ষ্মাৰোগে ধৰাৰ পাছত সন্তোষৰ দূৰৈৰ পঢ়াশালিলৈ যোৱা আৰু নহ’ল। তথাপি সি পঢ়িছিল। নিয়মিত পঢ়াশালিলৈ যাব নোৱাৰিলেও কিবা প্ৰকাৰে দুই এখন কিতাপ গোটাই লৈছিল। ঘৰতে থাকি আজৰি সময়ত চুবুৰীয়া ল’ৰা-ছোৱালীবোৰক মাতি আনি নিজে যি পাৰে তাকে সিহঁতক পঢ়াবলৈ আৰম্ভ কৰাত সন্তোষ গোটেই গাঁওখনৰ ডাঙৰ-সৰু সৱৰে মাজত আপোন হৈ পৰিল।

কমৰেডৰ মাক হ’ব পৰাটো হেনো কমৰেড হৈ উঠিবলৈ চেষ্টা কৰা কামটোতকৈয়ো কঠিন।

-“তোৰ বেটা কেতিয়া আহিছিল ঘৰলৈ? কোনখন জংঘলৰ নাম কৈছিল? আৰু কোন আহিছিল? টকা কিমান দি গৈছে তোৰ হাতত?”

বুটজোতাৰ গিৰিহনিত ঝুমকা মুৰ্মূৰ পুৰণি কাঠৰ বাকছটোৰ খিলিডাল ছিগি যায়। দলিয়াই গচকি-মোহাৰি থৈ যোৱা কাপোৰ কেইখন ঝুমকা মুৰ্মূয়ে সযতনে আকৌ বাকছটোতে ভৰাই দিয়ে। সাঁচি ৰখা পুতেকৰ সৰুকালৰ পুৰণি চোলা দুখন বহু সময়লৈ বুকুত সাৱটি মনটো আকৌ অলপমান ডাঠ কৰি লয়।

পুৱাতে ভাত ৰন্ধা যতনবোৰ শিলগুটিৰে টং টংকৈ কোবাই পোনাই থকা দেখিলে চুবুৰীয়াই তৎক্ষণাৎ বুজি পায় যে আগৰাতি ঝুমকা মুৰ্মূৰ ঘৰলৈ সন্তোষক বিচাৰি মিলিটেৰী আহিছিল। শব্দ শুনি পূৰ্বাও ক’ৰবাৰ পৰা ঝুমকা মুৰ্মূৰ ওচৰত দৌৰি অহাদি ওলাইহি।

সিহঁতে ছিঙি থৈ যায়, ঝুমকা মুৰ্মূয়ে পূৰ্বাৰ লগলাগি আকৌ টানিটুনি লগাই দিয়ে বাকছৰ পৰা এৰা খোৱা খিলিডাল। সিহঁতে ভৰিৰে লঠিয়াই মাটি খহাই থৈ যোৱা ঘৰৰ বেৰখন আকৌ এবাৰ লেপি-মচি আগৰ দৰে কৰি লয়।

ঝুমকা মুৰ্মূৰ জীৱনত দুটা দশক ধৰি চলি থকা কাহিনী এইবোৰ। এনে লাগিছিল, এপাল মঙহ খোৱা বাঘৰ মাজত ঝুমকা মুৰ্মূ আছিল এজনী অকলশৰীয়া হৰিণী।

অনেকবাৰ চেষ্টা কৰিও বন্দুকৰ কুন্দাই খুন্দি বিষালি কৰিথৈ যোৱা কঁকালটো ঝুমকা মুৰ্মূয়ে আগৰদৰে ঠিক কৰি ল’ব নোৱাৰিলে। গুৰিতে ছিগা খোৱা দুকোচাকৈ চুলি নতুনকৈ গজাই ল’ব নোৱাৰিলে। পুতেকৰ ঠিকনা দিব নোৱাৰাত দুয়োহাত বান্ধি এখন এখনকৈ আটাইবোৰ কাপোৰ গাৰ পৰা টানি-আঁজুৰি উলংগ কৰি যোৱা সেই নিৰ্দয় ৰাতিবোৰকো মনৰ পৰা মচি পেলাব নোৱাৰিলে। এন্ধাৰতো চক্ চকাই উঠা বিষধৰ দাঁতবোৰে এৰি যোৱা বিষবোৰ এতিয়াও ঝুমকা মুৰ্মূৰ শৰীৰটোত পিয়াপি দি ফুৰে।

বহুপৰ হ’ল। পিৰালিৰ দাঁতিতে লাগি থকা ধনীয়া ডৰাৰ মাজতে সোমাই আছে ঝুমকা মুৰ্মূ। জাপ পাতি ফুলিছে ধনীয়া গছৰ ফুল। ঝুমকা মুৰ্মূ যেন ধনীয়া ফুলৰ পাহিত ৰ’দ পাই জিলিকা, বতাহ পাই নাচি উঠা এপাহি নিয়ৰৰ ফুল।

চোতাল-পদূলি ভৰি পৰা মানুহবোৰে খৰখেদা লগোৱাত বগা-পাতল বেঙুনীয়া ফুটুকী ধনীয়া ফুল এমুঠি শিপাই সৈতে তুলি লৈ ঝুমকা মুৰ্মূ তাৰ পৰা ওলাই আহিল। কাৰোলৈকে মূৰ তুলি চোৱা নাই। মুখত ফুটি উঠা নাই এটিও শব্দ।

“ঝুমকা অ’ কি ফুলে শুৱাব তোক

মহুৱা নে কদম …..”

সৌখন ইন্দ্ৰাৱতী নৈ। এদিনাখন ইন্দ্ৰদেৱতা আৰু ইন্দ্ৰানী দেৱীৰ সৰগৰ পৰা মাটিলৈ নামি আহিবলৈ মন গ’ল। মাটিৰ বুকুত চম্পা আৰু চন্দনেৰে সাঁজি-কাচি থকা অৰণ্যখনে দুয়োৰে মন কাঢ়ি নিলে। তাতেই তেওঁলোকৰ কিছুদিন বিনোদন চলিল। এদিন গাঁও এখনলৈ ওলাই গৈ উদন্তী নামৰ এগৰাকী যুৱতীত ইন্দ্ৰদেৱতা মোহ গ’ল। মাটিলৈ নামি আহি ইন্দ্ৰই কৰা বিশ্বাসঘাটকতা ইন্দ্ৰানীয়ে সহ্য কৰিব নোৱাৰিলে। ক্ৰোধিত ইন্দ্ৰানী ইন্দ্ৰাৱতী হ’ল যাতে ইন্দ্ৰ আৰু উদন্তিৰ কোনো কালেই মিলন হ’ব নোৱাৰে। তেতিয়াৰে পৰা ইন্দ্ৰাৱতী অগনণ মানুহৰ এখন জীৱনদায়িনী নৈ হ’ল। নৈবোৰ যে গছ, ফুল-ফল-লতা সৱাৰে প্ৰাণ। ইন্দ্ৰাৱতীও। মানুহৰ অপাৰ ভালপোৱাত ইন্দ্ৰাৱতীৰ বুকুৰ শোক-ক্ষোভ, বিৰহৰ জাঁজি কাহানিবাতে উটি-ভাঙি গ’ল। দুয়োটি পাৰৰ মানুহৰ অনেক অকথ্য কাহিনীৰ ইতিহাস বুকুত বান্ধি এতিয়াৰ ইন্দ্ৰাৱতী ধীৰ, গভীৰ,শান্ত।

চৰাই ঘুমটি মৰা ৰাতি এটাত কোনোবা গাঁৱৰ তেজাল ডেকা এটা সংগোপনে এই ইন্দ্ৰাৱতী নৈখন সাঁতুৰি পাৰ হৈ ঝুমকাহঁতৰ গাঁওখনলৈ আহিছিল। জ্ঞাতিৰ ডেকা। ঝুমকাও খৰি লুৰি খাব পৰা হৈছিল। সেয়ে মাক-দেউতাকেও এই কালপোতনিৰ পৰা ছোৱালীজনী বহুদূৰলৈ ওলাই গুচি যাওক বুলি ভাবিলে। ঝুমকা ওপজা দিনাৰ পৰাই মাক-দেউতাকক ভয়-শংকাই হাবিজুইৰ পৰা ওলোৱা ধোঁৱা এসোপাৰ দৰে মেৰাই ধৰিছিল। এইখন ঠাইৰ কুঁহিপাত যেন ছোৱালীবোৰ কোনদিনা কোনৰাতি কাৰ বলিভোজ হৈ যাব লগা হয় ঠিক ঠিকনা নাথাকে। সেয়ে যিফুল পিন্ধালেও শুৱাব বুলি হয়ভৰ দিয়াত ৰাতি এটাতে ঝুমকা গাঁৱৰ পৰা অদৃশ্য হ’ল। পিছদিনা পুৱাতে চোতালৰ এচুকত ঝুমকাই সমনীয়াৰ স’তে ধূলি-বালি খেলা নাৰিকলৰ কোৰোকা, গছপাতৰ বাচন-বৰ্তন কেইটা দেখিহে মাকে হিয়া ঢাকুৰি কান্দিলে। ঝুমকাৰ মাকৰ কান্দোন শুনি গাঁওখন উবুৰি খাই পৰিলহি। মাইকী মানুহবোৰে হায়ৈ-বিয়ৈ কৰি কান্দিবলৈ ধৰিলে।

“সিহঁতে ঝুমকাকো ধৰি নি খালেগৈ অ’!”

প্ৰায়েই দুপৰ নিশাবোৰত অসহনীয় যাতনাত কাতৰ চিঞৰ কিছুমান দূৰৈৰ পৰা ভাঁহি আহে। তেনেকুৱা ক্ষণত জী আছোঁনে বুলি মানুহবোৰে নিজৰ গাৰ ছালখন চিকুট মাৰি চায়। সৱৰে চকু-কাণত প্ৰতিটো চিঞৰৰ হিচাপ থাকি যায়। লাচৰ ঠিকনাও একেই। মাছে খুটিওৱা উলংগ লাচবোৰ বহুদিনলৈ নদীৰ জাঁজিত লাগি থাকে। তাতো নাথাকিলে জংঘলৰ জোপোহানি অথবা সেনাৰ কেম্প কেইটাৰ ওচৰত নতুনকৈ মৰা কোৰৰ চাব কেইটাৰ তলত বিচাৰিলেই ওলায়।

ঝুমকাৰ কপালৰ লিখন ভাল বুলি সকলোৱে জানিব পৰাত আনন্দতে ঝুমকাহঁতৰ ঘৰত মানুহবোৰে সেইদিনা হেঁপাহ পূৰাই মহুৱাৰ ৰস খাই ঘৰাঘৰি হ’ল।

বৰ তীখা মহুৱাৰ নিচা। পাহাৰ-পৰ্বত, নৈ, জংঘল সৱ মহতিয়াই নিয়ায়। মহুৱাৰ নিচা বাঢ়ি যোৱাত এদিন মৰদৰ মনৰ কথাবোৰ উলট-পালট খালে। ঝুমকা নিমাত। পুলিচ-মিলিটেৰীয়ে গিজগিজাই থকা গাঁৱৰ ছোৱালীবোৰ হেনো আন এখন গাঁৱত নিমাত হৈ থকাটোয়েই নিয়ম। ঝুমকাই ভাবিছিল কলিজাৰ ফুলপাহ শুকাই মৰহিল যদিও তাই নিজক চেপি-খুন্দি হ’লেও মৰদক ভালপোৱা দি যাব। দুনীয়াৰ সকলো বস্তুৱেই এদিন সলনি হয়, নতুন হয় যেতিয়া তায়ো কিছুদিন বাট চাব।

মাকে দিয়া বচন – মৰদে হাই-হাল্লা কৰিলে ধৈৰ্য ধৰিব লাগিব তাই। আইতাকে ধৈৰ্য ধৰিছিল, মাকে ধৰিছিল, গতিকে তায়ো ধৈৰ্য ধৰিব লাগিব। পিছে ককাক আৰু দেউতাকে পৰিয়ালৰ হাই-হুল্লাত কোনোদিনেই ধৈৰ্য ধৰা দেখা নাছিল তাই।

অৱশেষত ঝুমকাইয়ো ধৈৰ্য ধৰিব নোৱাৰিলে। ফলত কেইটামান মাহৰ পাছত ঘৰৰ ছোৱালী ঘৰলৈকে উলটি আহিব লগা হ’ল। আহোঁতে গৰ্ভত ফুলি আহিল একলা ৰ’দফুল। কোনোমতে ইন্দ্ৰাৱতী নৈখন পাৰ হৈ আহি ঘৰ গৈ সোমোৱাগৈ মানে ধনীয়া ফুলৰ ডৰাটোতে গৰ্ভ ফালি ছিটিকি পৰিছিল ঝুমকাৰ কুমলীয়া গৰ্ভৰ ৰ’দৰ ফুলপাহ। সিদিনাই কৈছিল মানুহবোৰে-

“ঝুমকাৰ পুতেক বৰ সাহীয়াল হ’ব।“

“সোণ তোক বাৰু কি ফুলে শুৱাব

ৰ’দফুল নে জোনফুল?”

ৰাতিপুৱাৰ কোমল ৰ’দজাকত শুৱাই লৈ সৰিয়হৰ তেলেৰে মালিচ কৰা থুপথুপীয়া বোকাহেন কোমল গা এইটো। পুতেকৰ খাল-বিল শুৱনি ভেঁটফুলীয়া হাঁহিটো আছিল ঝুমকাৰ বুকুৰ উশাহ। আইতাকে নাতিয়েকটোক বোকোচাত বান্ধিলৈ সুৰ লগাই লগাই গোৱা গানটো ঝুমকা মুৰ্মূৰ কাণত বৰকৈ বাজিবলৈ ধৰিলে।

“সোণ তোক কি ফুলে শুৱাব

বেলিফুল চিঙিম নে ধানফুল চিঙিম?”

ধূলিতে লেপেটা খাই বহি ৰ’ল ঝুমকা মুৰ্মূ। ইমান পৰে কাৰোলৈকে মূৰ তুলি নোচোৱা মাকজনীয়ে থৰ লাগি চাই আছে বহুকেইটা বছৰ ধৰি মুখখনৰ ছাঁটোকে নেদেখা বুকুৰ ধনটোলৈ।

বন্দুকৰ গুলী আৰু বেয়নেটৰে হনা-খোঁচা কৰা এটা ক্ষত-বিক্ষত শৰীৰ। আধা মুদা চকুৰ পতাত দীঘল দিনৰ ভাগৰৰ চাপ। গাল-মুখ থেটেলিওৱা ঔটেঙাটোৰ নিচিনা হৈ আছে। পেটটো ঢুমচাটো হেন হৈ ফুলি থকা দেখি কোনোবা এজনে আহি পেটত মেৰাই থোৱা কাপোৰখন আঁতৰাই দিলে । ঘুকুটিয়াই পেলোৱা নাড়ী-ভূৰুবোৰ টানি-টুনি কাপোৰৰে মেৰাই বন্ধা ডাঙৰ গাঁঠি এটা ওলাই পৰিল।

দেশৰ বাতৰিৰ শিৰোনাম হৈ পৰিছে ঝুমকা মুৰ্মূ। অতখিনি মানুহ শোকৰ খবৰটোত ডুব গৈছে কিন্তু ঝুমকা মুৰ্মূ সদাই দেখাৰ দৰেই অবিচল।

মুখত এটা কান্দোনৰ শব্দ নাই। চকুত এটোপাল পানী নাই।

চোতাল, ঘৰ ভৰি থকা মানুহবোৰে নিজৰ নিজৰ মাজতে কথা পাতিছে – জীৱনভৰ শোকৰ নদীতেই ডুব খাই আছিল মানুহজনী।

ধাৰ নিছিগাকৈ চকুলো বোৱাই থকা চকুবোৰ পাছলৈ খৰাং হৈ যায়েই।

কেতিয়াবা উত্তৰহীন হাহাকাৰবোৰ ঢাকি ৰাখিবলৈকো মানুহে নিজকে অকলশৰীয়া কৰি পেলাই জীৱনৰ আটাইবোৰ বৈচিত্ৰ্যৰ পৰা!

কমৰেডৰ মাক ঝুমকা মুৰ্মূ। ঝুমকা মুৰ্মূৰ সমুখত এইখন প্ৰাণহীন নে এখন প্ৰাণময় পৃথিৱী কোৱাটো সঁচাকৈয়ে টান। আচলতে সৰলৰ পৰা জটিললৈ গতি কৰা জীৱনক বুজি উঠা ইমান সহজ নহয়। হয়তোবা আটাইবোৰ জটিলতাক তেনেই সৰল কৰি তুলিব পৰা সাৰ্থক মানুহ গৰাকী হৈ পৰিছে ঝুমকা মুৰ্মূ!

মানুহগৰাকীৰ গাত এঠা খাই ধৰিছে অগণন চকু। অগণন কেমেৰা। কিজানিবা টপকৈ মাটিলৈ বাগৰি পৰিব এটোপাল নিমখীয়া চকুলো! কিজানিবা পুতেকৰ শোকত বুকুফলা চিঞৰ এটা মাৰি ক’ব – “এনেকৈ গুচি যাব নোৱাৰ তই সোণ!”

পুতেক ছহীদ হ’ল। ৰঙা অভিবাদনত উজ্বলি উঠিছে ঝুমকা মুৰ্মূৰ পুতেকৰ নাম। তাহানি জেইললৈ যোৱাৰ সময়ত ঝুমকাহঁতক দেউতাকে কৈছিল –

“তহঁতে মন নেভাঙিবি। সৌভাগ্যৱানজনেহে দেশ আৰু দহৰ হকে ছহীদ হোৱাৰ সুবিধা পায়!”

বাঁহৰ কাঠি এডালত বননিত পৰি থকা কঁঠাল গছৰ পাত এটা খুচিলৈ নাঙঠ শিশু এটাই বতাহ বিচাৰি ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে। দুপৰীয়াৰ ৰ’দজাকৰ স’তে একাকাৰ হৈ পৰিছে তাৰ চকু-মুখৰ ৰং। ভীৰৰ মাজত হেৰাই যোৱাৰ ভয়ত মাকজনীয়ে দৌৰি গৈ শিশুটিক কোলাত তুলি ল’লেহি।‌ শিশুটিৰ হাতৰ বাঁহৰ কাঠি ডালৰ কঁঠাল গছৰ পাতটো কাঢ়ি বতাহে বহুদূৰলৈ উৰুৱাই লৈ গুচি গ’ল। কঁঠাল পাতৰ চকৰীটো হেৰুৱাই কণমানিটোৱে বহু সময়লৈকে উচুপি উচুপি কান্দি থাকিল।

ঝুমকা মুৰ্মূৰ চোতালখন বিবিধ ৰঙৰ ফুলৰ থোপাৰে ভৰি পৰিছে। নিথৰ দেহটোৰ ওপৰত টগবগাই আছে মাকৰ চকুত ফুলা ৰং ধনীয়া ফুলৰ মুঠাটো।

“চিতাত তুলি দিয়া সময় হৈছে!”

বুকু কঁপি যোৱাকৈ বাজিছে ঢুমচা। নিচিগা সোঁতৰ দৰে ঢুমচাৰ বিসৰ্জনৰ চেৱত গছ-মাটি-নৈ-পাহাৰ, মন-শৰীৰ একেলগে কঁপিবলৈ ধৰিলে।

ঢুমচাৰ চেৱে চেৱে মানুহবোৰে গাইছে – আজি আন্ধাৰে মাৰি পেলোৱা বেলিটো কাইলৈ আকৌ জী উঠিব। তাৰ গাৰ ৰং হ’ব টিকটিকিয়া ৰঙা। ৰক্তবীজৰ দৰে সি চৌদিশে সিঁচি দিব তাৰ অস্তিত্ব। জাতিৰ বিশ্বাস, ঢুমচাৰ মাত কোনোকালে শেষ নহয়। ঢুমচাৰ আৱাহনী চেৱত আজিৰ বুকু খুন্দা মাৰি ধৰা শোকবোৰ কাইলৈ উছাহলৈ সলনি হ’ব। আজিৰ চকুলোবোৰ কাইলৈ হাঁহিৰ মুকুতা হেন হৈ জিলিকিব।

ঝুমকা মুৰ্মূ নৈখনৰ দিশে খৰকৈ ওলাই গ’ল। ইন্দ্ৰাৱতী নদীৰ বুকুত ধীৰে ধীৰে বিলীন হৈ যাব ধৰিছে আবেলিৰ বেলিটো। সেমেকা বেলিৰ ৰাঙল পানীখিনিত বুৰ এটা মাৰি ভিজা গাৰেই ঝুমকা মুৰ্মূ লৰাঢৰাকৈ আকৌ ঘৰৰ চোতালখন পালেহি।

ঝুমকা মুৰ্মূ বয়সে তলাব পৰা মানুহ নহয়। ককাঁলটো অলপমান হাউলিলেও আজিও নিজেই কোৰ-কটাৰী মাৰি খেতি কৰি খাই আছে। এতিয়াও গছ বগাই ফল চিঙি আনিব পাৰে। অকলেই নৈত টঙী জাল মেলি মাছ ধৰি আনি খায়। আজিকালি ঝুমকা মুৰ্মূৰ বাবে চুবুৰীয়া মানুহৰ সহায়ৰ হাতখনৰ অভাৱ নহয়। তথাপি কাকোৱেই আমনি দিব নুখুজি ঝুমকা মুৰ্মূয়ে পৰাখিনি কাম অকলেই কৰে আৰু নিজম পৰি থাকিলেও ঘৰখনত অকলশৰেই থাকে। ঝুমকা মুৰ্মূৰ চকুত দিন-ৰাতিৰ তফাৎ নাই। পুতেক অহাৰ আশাত ঘৰৰ দুৱাৰখন সদায় খোলা। এন্ধাৰ কোঠালীত পিয়াপি দি ফুৰা জোনাকী পৰুৱা এটা দেখিলেও ঝুমকা মুৰ্মূৰ মনৰ আশা দুগুণ হয়। খোলা দুৱাৰেদি চোৰ-ডকাইত সোমাই নাহে যদিও নিয়মীয়াকৈ পুলিচ-মিলিটেৰী সোমায় আহে। মনে বিচাৰি হেজাৰ হাহাকাৰ কৰিলেও সাৰে থকা ৰাতিবোৰত পুতেক নাহে। তথাপি ঝুমকা মুৰ্মূ আশাহত হোৱা মানুহ নহয়।

সৰুতে ডাল-পাত বগাই ফলমূল,মৌ পাৰি খোৱা পুতেকৰ পেটৰ ভোকটো চিনি প্ৰতিসাঁজ ভাত সিজাঁওতে এমুঠি চাউল বেছিকৈ দিয়ে। পুতেক নাহিলেও ভাতমুঠি পেলনি নাযায়। পিছদিনা পূৰ্বাৰ ভাগত পৰে নহ’লেবা কেতিয়াবা চৰাই-চিৰিকটিয়ে পায়। ঝুমকা মুৰ্মূ তাতেই সন্তুষ্ট হয় ।

কেতিয়াবা নিজম ৰাতি টোপনিৰ পৰা সাৰপাই উঠা মানুহৰ কাণত পৰে, সন্তোষৰ মাকৰ সুৰীয়া মাতৰ নিচুকনি গীত।

“হায়ৰে! হায়ৰে ! বাছা মেৰা,

কেতে লালা ৰে?

অইৰে চৰাই, অইৰে চৰাই,

কাৰ বাৰীৰ চৰাই?

মোৰ বাৰীৰ চৰাই,

মোৰ চৰাই, ঘূৰি আহ!”

চিতাখন ওখকৈ সজা হৈছে। ঝুমকা মুৰ্মূৰ শৰীৰটোতকৈয়ো ওখ। ওখকৈ সজা চিতাখনত তুলি দিয়া পুতেকৰ মুখখন মাকে আৰু এবাৰ চাবলৈ নাপালে।

মানুহবোৰে তভক লাগি চাই আছে কমৰেডৰ জ্বলি থকা চিতাখন আৰু কমৰেডৰ মাকজনীলৈ।

ঝুমকা মুৰ্মূৰ দোৰুণ ফুলৰ বৰণ লোৱা চুলিকোচাৰ আটি বন্ধা এটা নাহৰৰ গুটি যেন খোপা। চকুজুৰিত ডালিম ফুলৰ ৰং। গাত পূৰৈশাকৰ ৰঙৰ দৰে উজ্বল এটা চোলা আৰু কঁকালৰ পৰা কোনোমতে আঁঠু ঢকা এডুখৰি পাৰপখীয়া কামিয়াল মানুহৰ কাপোৰ। মাজে মাজে দুয়োহাতৰ অপৰাজিতা ফুলহেন ডাঠ নীল বৰণীয়া চিচাঁখাৰু দুজোঁতাৰ ঝুনুক ঝুনুক শব্দ।

গাঁৱৰ সকলোৱে কয়- ঝুমকা মুৰ্মূৰ চকুৰ চাৱনিটোহে কোমল, মনটো পিছে কৰ্ৰেগুট্টা পাহাৰটোৰ নিচিনা কঠিন।

গভীৰ অৰণ্যৰে ভৰপূৰ কৰ্ৰেগুট্টা এটা বিশাল পাহাৰ। এতিয়া কৰ্ৰেগুট্টাৰ গাত আগৰ মজবুতি নাই। লো,  কয়লা, চূণশিলৰ দৰে অনেক দুৰ্লভ সম্পদেৰে চহকী কৰ্ৰেগুট্টাক কাহানিবাতে বিদেশী বণিক গোষ্ঠীয়ে তলি উদংকৈ খান্দি নিলে। ‘কৰ্ৰেগুট্টা অপাৰেশ্যন’ৰ পিছত এতিয়া ই অৰণ্য-পাহাৰ একো নহয়। এখন জুয়ে গিলি পেলোৱা মৰুভূমি যেন হ’ল। বাৰুদৰ টুকুৰাৰে শালি পেলোৱা জীয়া শৰীৰ, গছ, বন,পহু-পক্ষী আটাইবোৰ কৰ্ৰেগুট্টাৰ বুকুত একেলগে জ্বলি জাহ গ’ল। জ্বলি অঙঠা হ’ল। কোনোটোহঁত অঙঠা কেতিয়াবা এতিয়াও কোনোৱে ভমককৈ জ্বলি উঠা দেখে।

সন্তোষহঁতক বিচাৰি এটা মাহ একেৰাহে কৰ্ৰেগুট্টা পাহাৰত অভিযান চলিল। ইন্দ্ৰাৱতী নদীৰ পাৰৰ গাঁওবোৰো হাৰি নগ’ল।

খবৰ লঁওতা কোনো নাই। বোলে জংলীবোৰহে মৰিছে, মৰি যাওক। পাহাৰীবোৰহে মৰিছে, মৰি যাওক। নৈপৰীয়াবোৰহে মৰিছে,বোলে মৰি হজম হৈ যাওক।

এতিয়া পেটৰ ভোকো মানুহখিনিৰ বাবে শতৰু। আগৰ দৰে জংঘলত খৰি লুৰিবগৈ নোৱাৰে, শাক এমুঠি বুটলি আনিব নোৱাৰে। ঝাৰুবন অথবা বেত-বাঁহ কাটিবগৈ নোৱাৰে, বনৰীয়া আলু-কচু খান্দি আনিবগৈ নোৱাৰে। আনকি চকুৰ আগেদি বৈ থকা নৈখনত নামি মাছ-পুঠি এটাও ধৰি খাব নোৱাৰে। মানুহখিনিৰ মাজত এতিয়া বাঁহৰ গাজ এডোখৰৰো আকাল চলে।

আনফালে মৰণসম যুঁজ এখন দি হ’লেও গাঁওবোৰলৈ ভাল দিন আনিম বুলি ঘৰ এৰি ওলাই যোৱা সকলৰ অকাল মৰণৰ খবৰবোৰ প্ৰত্যেক দিনাই আহিয়েই থাকিবলৈ ধৰিছে। ওচৰৰে গাঁও এখনৰ ৰেণুকাজনীও গুচি গ’ল বুলি পোৱা খবৰটো প্ৰথমে মানুহবোৰে মানি ল’ব পৰা নাছিল। সন্তোষৰ সমনীয়া ৰেণুকাক ঝুমকা মুৰ্মূয়েও বৰ মৰম কৰিছিল। মাক-দেউতাকৰ লগত সৰুতেই চহৰলৈ ওলাই যোৱা ৰেণুকাই নিজৰ মজদুৰিৰ টকাৰে ওপৰৰ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিল। ইচ্ছা কৰা হ’লে তাই হেনো দেশৰ যিকোনো এখন চহৰত থাকি ওকালতি কৰি জীৱন কটাব পাৰিলেহেঁতেন। পিচে নিজৰ ঠাইখনৰ আপোন মানুহৰ দুখভৰা জীৱনে তাইক নিজৰ বাবে সুকীয়াকৈ ভবাৰ থল নিদিলে। ৰেণুকা আছিল যুদ্ধথলীত জীৱন সংগীক হেৰুৱায়ো তিলমানো বিচলিত নোহোৱাকৈ অকলেই যুঁজি জিকি অহা নিপুণ ৰণুৱা । কিছুদিন আগৰ পৰা অসুখে চেপি ধৰা ৰেণুকাই কেইটামান দিনৰ বাবে জিৰণি লৈছিল। যদিওবা মুখামুখি সংঘৰ্ষৰ কথা কোৱা হৈছে, গাঁৱৰ মানুহে জানে, এই খবৰ সঁচা নহয়। দীৰ্ঘদিন ধৰি অসুখত ভুগি থকা ৰেণুকাৰ গাত প্ৰতিপক্ষৰ সৈতে মুখামুখি হোৱাৰ শক্তিয়েই হেনো নাছিল। মানুহক প্ৰাণভৰি ভালপোৱা মৰমীয়াল ছোৱালীজনীক জুয়ে গিলিবলৈ ধৰা সময়ত গাঁওবাসীয়ে দেখিছিল – চিতাৰ পৰা মাটিলৈ ওলমি পৰা তাইৰ হাড় ভগা  হাত দুখন ।

যোৱাটো মাহত একেলগে কেইবাগৰাকী গুচি গ’ল। লগত আছিল তেওঁলোকৰ সংগঠনৰ মুখ্য সচিবজনো। সন্ত্ৰাসৰ বিৰূদ্ধে চলাই থকা সামৰিক অভিযানৰ এয়া এক বৃহৎ জয় বুলি উৎফুল্লিত দেশৰ গৃহমন্ত্ৰীৰ ভাষ্য শুনি সংবাদ মাধ্যমবোৰৰ গাত উথপথপ্ লাগিল। পৰিচয় বিচাৰি সন্ধানত নমা সাংবাদিকৰ কেমেৰাৰে দেশবাসীয়ে প্ৰথমবাৰলৈ দেখিছিল উন্নয়নে ঢুকি নোপোৱা গাঁওবোৰৰ দুৰৱস্থাৰ ছবিখন। ঘৰৰ নামত একো একোটা উৱঁলি যোৱা পঁজা। ঘৰে ঘৰে ভোকে-অভাৱে হাড়ে-ছালে লগা কটঙা শৰীৰ। যুঁজলৈ ওলাই যোৱা জনক হেৰুওৱা শোক কিন্তু তেওঁলোকৰ পৰিয়ালৰ কাৰোৱেই চকুত ধৰা নাই দিয়া। তাৰ বিপৰীতে চকু-মুখত ফুটি আছে অলপমান হ’লেও গৌৰৱৰ ভাব। দূৰদৰ্শনৰ সাংবাদিক এজনে দৰ্শকলৈ চাই কৈছিল – “ছহীদ শব্দটো এই সকল মানুহৰ বাবে বৰ সন্মানৰ শব্দ।”

আপোন মানুহবোৰে বাটকুৰি বাই গৈ নিথৰ দেহবোৰ ঘৰলৈ নিবলৈ পুলিচ-মিলিটেৰীক কাবৌ-কাকুতি কৰিছিল যদিও নিদিলে।

পিছে কোন আছিল তেওঁলোক?

সাংবাদিক এজনে চলাথ কৰিছে তথ্যৰ। কোন আছিল তেওঁলোক?

জীউহীন দেহবোৰ আপোন ঘৰখনলৈ আনিবলৈ সক্ষম নোহোৱা আত্মীয়ৰ উত্তৰ –

“আমাৰ ওপজা মাটিত সোণ আছে, হীৰা-মুকুতা আছে। আমাৰ সেই হীৰা, মণি-মুকুতাৰ দেশৰ ল’ৰা-ছোৱালী আছিল সিহঁতবোৰ।“

তেইশ বছৰীয়া ভূমিকাৰ মাক নাচোৰবোন্দা। এই হাড় কপোঁৱা জাৰত তাই বৰকৈ চেঁচা পাব। সেয়ে তাইক গৰম কাপোৰ এখন দি যাবই লাগিব। পুলিচ এজনৰ হাতত কাকুতি-মিনতি কৰি কম্বল এখন জীয়েকৰ কবৰত দিবলৈ বুলি মাকে দি আহিছে।

তিনি-চাৰি দিনলৈ মাটিত পেলাই থোৱা শৰীৰকেইটাৰ পৰা দুৰ্গন্ধ ওলাইছিল। মৰা তেজ আৰু পচা মঙহৰ লোভত লেউ লেউ পোকে শৰীৰকেইটা জপটিয়াই ধৰিছিল।

বাপুজীৰ অহিংস বাণীৰে জাতিটোলৈ সেৱা আগবঢ়াই অহা সমাজকৰ্মী সুনীতা ছোৰীয়ে মনৰ ক্ষোভ সামৰিব নোৱাৰি কান্দি কান্দি কৈছে – 

“দেশৰ হকে ছহীদ হোৱা সেনাক ৰাষ্ট্ৰীয় পতাকাৰে সন্মান জনোৱা হয়। মোৰ এইসকল ভাই-ভনীয়ো নিজৰ জমীন-জঙ্গলৰ হকে যুঁজি ছহীদ হ’ল। কিন্তু এওঁলোকক মেৰিয়াই খায় পোক-পৰুৱাই।”

পাঁচোটামান দিন যোৱাৰ পাছত মানুহবোৰে দেখিলে, গেলিব ধৰা দেহ কেইটা গিলানে গিলানে ঢলা পেট্ৰল, কেৰাচিন তেলৰ জুইত জ্বলি জ্বলি ছাই হৈ গ’ল।  ইন্দ্ৰাৱতী নদীৰ বুকুলৈ নামি ভূমিকাহঁতৰ মাক আৰু আইতাকহঁতে ইনাই বিনাই শোকৰ গীত গালে – 

“ইন্দ্ৰাৱতীয়ে আজীৱন বোৱাই থাকিব তহঁতৰ অমৰ জীৱনকাহিনী। তহঁতৰ সাহস আৰু ত্যাগৰ কাহিনী। স্বাভিমানৰ কাহিনী। আমাৰ সৰু সৰু ল’ৰা-ছোৱালীকেইটা কণী ফুটি চৰাই হ’ব। গছ হ’ব, ফুল হ’ব। চৌপাশে কঢ়িয়াই লৈ যাব ওপজা মাটিৰ গান আৰু গোন্ধ।”

বহুদিন ধৰি মানুহবোৰৰ মন-আকাশ গোমা। যুঁজা আৰু জীওৱাৰ সাহস হেৰাই যাব ধৰা মানুহখিনিৰ মাজত ৰ’জিতাৰ দেউতাকজন বতাহে দোলাই থকা ৰঙা পতাকা এখনৰ দৰে থিয় হ’ল।

বয়সত মাত্ৰ একুৰি পাঁচটা বছৰ গৰকা ৰ’জিতাৰ শৰীৰটো চিতাৰ ওপৰত তুলি দিয়া হৈছে। বহুদূৰলৈকে শুনা গৈছে ধুমধামকৈ ফুটা কেঁচা কাঠ-বাঁহৰ শব্দ। গাঁওবাসীৰ মতে চিতাৰ পৰা ওলাই অহা শব্দবোৰ কিজানি ৰ’জিতাৰেই মনৰ ভিতৰৰ দুখ, ক্ষোভ। হয়তোবা জীৱনক জয় কৰি যোৱা আনন্দ! 

সমুখত একুৰা ৰঙা জুই হৈ জ্বলি আছে নিজৰ একমাত্ৰ সন্তান। চিতাৰ ছাইবোৰে উৰি গৈ দেউতাকৰ শুকুলা চুলিবোৰ আলফুলে চুইছেগৈ। লাহে লাহে ওপৰলৈ তুলি লোৱা ৰ’জিতাৰ দেউতাকৰ মুষ্টিবদ্ধ হাতখন কঠোৰ হৈ পৰিছে। প্ৰাণ খুলি চিঞৰি উঠিছে তেওঁ –

“বিপ্লৱ দীৰ্ঘজীৱি হওক।”

চৌকাশৰ সমবেত লোকেও ৰ’জিতাক জনালে অন্তিমটো অভিবাদন – 

“বিপ্লৱ?

পৃথিৱীৰ সৰ্বহাৰা মানুহ জী উঠাৰ কণ্ঠ।

বিপ্লৱ? 

পৃথিৱীৰ সৰ্বহাৰা মানুহ এক হোৱাৰ শক্তি।

ৰ’জিতাহঁতৰ চিতাবোৰৰ তেজৰঙী জুইকুৰাৰ নাম? 

বিপ্লৱ। বিপ্লৱ।”

কলিজাৰ টুকুৰা,চেনেহৰ জীয়ৰীজনী 

জ্বলি ছাই হৈ যোৱালৈকে দেউতাকে চিঞৰি থাকিল – “ইনক্লাৱ জিন্দাবাদ ! 

           ৰ’জিতা অমৰ হওক !”

কি অতুলনীয় এই দৃশ্য !

মুখে মুখে বিয়পি পৰিল এই বিৰল বীৰত্বৰ কাহিনী।

মানুহবোৰ ধৈৰ্যৰে ৰৈ থাকিব নোৱাৰিলে। দুটা দিন ধৰি পেলাই থোৱা ঝুমকা মুৰ্মূৰ পুতেকৰ শৱদেহটো গাঁৱৰ মানুহবোৰে জুম বান্ধি গৈ মিলিটেৰী কেম্পৰ পৰা আঁজুৰি লৈ আহিল।

            *****   *****   *****   *****

বেলিয়ে পৃথিৱীলৈ আহি গজালি মেলিবলৈ বেছিপৰ নাই। তৰাফুটা ৰাতিটোত ঝুমকা মুৰ্মূৰ চোতালত মেল পতা ডেকা-গাভৰুৰ জাকটোৰ এজনে আনজনৰ পৰা বিদায় লোৱাৰ সময় হ’ল। নেতৃত্বৰ ভাৰ লোৱা বালিকা নামৰ গাভৰু গৰাকীয়ে সতীৰ্থ সকলক আলোচনাৰ শেষৰটো পৰামৰ্শ প্ৰদান কৰিলে।

“আজিৰ পৰা তোমালোক আমাৰ কমৰেড হ’লা। মনত ৰাখিবা, একোটা আদৰ্শক কোনোবাই ভালপাবলৈ বা গ্ৰহণ কৰিবলৈ হ’লে সেই আদৰ্শৰ প্ৰতিফলন দেখা পাব লাগিব একোজন ব্যক্তিৰ জীৱনৰ কাম-কাজৰ মাজত আৰু ব্যক্তি গৰাকীৰ চিন্তাত। ব্যক্তিয়েহে একোটা মহৎ আদৰ্শক প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বহন কৰি নিয়ে। আমাৰ ঝুমকা দাদীৰ ল’ৰাই তাৰ উদাহৰণ।”

চাৰিওফালে বলিবলৈ ধৰিছে উশাহ চেপি ধৰা তপত বতাহ। ক’তো একো গজি উঠা ফুলি উঠাৰ আশা নাই। তথাপি ঝুমকা মুৰ্মূৰ চকুত ইহঁতজাক যেন নতুনকৈ ৰঙা কুঁহিপাত মেলিব ধৰা কণ কণ বনৰীয়া ফুল। 

লাহে লাহে তপতিবলৈ ধৰা ৰ’দে ঝুমকা মুৰ্মূৰ চোতালখন উমাল কৰি পেলাইছেহি। বেলিৰঙা চোলা এটা পিন্ধি এবাৰ চোতাল, এবাৰ বাৰী, এবাৰ নৈ পাৰলৈ বুলি অহা-যোৱা কৰি থকা ঝুমকা মুৰ্মূক দূৰৈৰ পৰা বতাহে উৰুৱাই থকা ৰঙা পতাকা এখনৰ দৰে লাগিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *