বেউলাৰ ভেল।। পিংকু কলিতা
মুক্ত চিন্তা। একাদশ বছৰ।। তয় সংখ্যা
১
ফুটংগিৰী মানুহবোৰৰ দৰে জুইকুৰায়ো লখাই বুঢ়াক পাত্তা দিব খোজা নাই। যেন জুইকুৰায়ো বুঢ়াৰ সামৰ্থ্যৰ পৰিধি বুজি উঠি “নজ্বলোঁ যা কি কৰা কৰ” বুলি ফেপেৰি পাতিছে। বুঢ়াই চাইদ বিচাৰিলে সিহঁতেও শাৰীৰিক ভাষাৰে প্ৰত্যুত্তৰ দিছিল- “নিদিও যা চাইদ, কি কৰা কৰ!” লখাই বুঢ়াইনো কি কৰিব পাৰে- মাত্ৰ ঠেলাখনৰ হেণ্ডেলডালত দুহাতেৰে টান কৈ ধৰি খংটোক লেকাম দি সিহঁত পাৰ হৈ যোৱালৈকে বাট চাইছিল।
ধোঁৱাই কাণ-ভঙা ডেকচিটোক আগুৰি ধৰিছিল। লখাই বুঢ়াই বাঁহৰ চুঙাটোৰ এটা মূৰ ডেকচিটোৰ তলত সুমুৱাই আনটো মূৰত সৰ্বশক্তিৰে ফুঁক মাৰিছিল। বুঢাৰ ফুঁকত দম নাই। ফোঁ-ফোঁ আৱাজ মাত্ৰ; ফুঁকে প্ৰতি কাঁহ। পিঁয়াজ, নহৰুৰে মাংস ভজাৰ গোন্ধ এটা বিয়পি পৰিছিল চোতালখনত। পাকঘৰৰ পৰা কঁকাল চিধা কৰি বুঢ়ী ওলাই আহিছিল- “ব’ৰেৰ পুৱাই পুৱাই খাবা জীবা নাপাৱা মাখাই মৰা শ ৰান্ধবা লাগছি; পেট-মূৰ ফিকে ধ’ৰবো মোৰ। শান্তিত থাকবা নৰা হছু।” বুঢ়ীৰ গালিয়ে সীমাৰ ওখ বিল্ডিংটোৰ কিচেনৰ ‘ক্লিয়াৰষ্টোৰি উইণ্ডো’ ঢুকি নাপায়; কামছেঙা পৰা জেপজেপীয়া চোতালখনতে চটফটায়। বুঢ়ীৰ খং উঠাৰ কাৰণ বহুত; লখাই বুঢ়াই বুজে। দুমাহ আগতে গুণৰাম মাষ্টৰৰ সকামত মাংসৰ জুতি লোৱা বুঢ়ীক গোন্ধটোৱে মনত পেলাই দিছে মাংসৰ সোৱাদ। মনে মনে লখাই বুঢ়াই মাংসৰ যোগাৰৰ অংক এটা নকৰা নহয়।
লখাই বুঢ়াৰ নামেৰেই সকলোৱে বুঢ়ীক বেউলা বুলি মাতে। টাউনত বেউলা-লখাই বুলিলেহে সকলোৱে চিনে। বেউলাই ঠেলি দিয়ে, লখাই টানি নিয়ে ঠেলাখন। মানুহবোৰে কয় ‘বেউলাৰ ভেল’। বাঁহৰ চুঙাটো বুঢ়াৰ হাতৰ পৰা কাঢ়ি লৈ বেউলাই দুই ফুঁক মাৰিলে; জুইকুৰা জ্বলি উঠিল। কাষতে বহি থকা দিলীপ বাবুৰ চাফা চোলাটোতহে ফুঁকত উৰি আহি ফুত ছাই পৰিল। দিলীপ বাবু থিয় হৈ কাপোৰ-কানি জাৰি-জোকাৰি ল’লে।
:“তহঁতে পিছে মিটিঙলৈ যোৱাটো খাটাং ন!” দিলীপ বাবুৰ প্ৰশ্নত লখাই বেউলালৈ চাইছিল।
:“ফলচ্ কনচিয়াচনেচ; তহঁতৰ প্ৰতি দেখুওৱা সিঁহতৰ এই ভালপোৱা, গুৰুত্ব এই আধাপোৰা খৰিডালৰ দৰে।” দিলীপ বাবুৰ কথাখিনিৰ মাজতেই বেউলাই কাণভঙা ডেকচিটো আঁতৰাই খৰিডাল চৌকাৰ পৰা উলিয়াই আনিছিল। অলপ আগলৈকে জ্বলি থকা খৰিডালত পানী ঢালি দিয়াৰ লগে লগে খঙাল সাপ এটাৰ দৰে ফচকৈ শব্দ কৰি লাহে লাহে ঠাণ্ডা হৈছিল।
ভাতৰ লগত গিলা শিল হজম হ’লেও বেউলাৰ হজম নহয় এই দিলীপ বাবুৰ কথা। বেউলাৰ মতে বুঢ়াৰ মাঠা খোৱা মস্ত আপদ এটা। পুৱাই-পুৱাই মগজ গৰম হৈ খংটো উঠাৰ এই মানুহজনৰ উপস্থিতিও এটা কাৰণ। বেউলাই কাৰো হাক নুশুনে; কিয়নো নাযাব! দস্তুৰমত যাব। লখাই বুঢ়াই হেহোঁ-নেহোঁ কৰিলেও বেউলাই মন বান্ধিছে, যাবয়েই।
:“বেমাৰৰ দিনত এটাও সুধাঙতা মানুহ নাই। মানহু নাহা ঘৰখানক পলমকে হ’লিও বাচাহাঁত আইহছি; খবৰ সুধছি। ঠেলা চলে কষ্ট কৰি খাৱা মানহু বুলি কিবা এটা দিবা খুজে; তহনাইনু কিয়া মানা কৰাহে? দুটা মানহু কেনকে চলচু আমিহে জানচু।” পাণ পাৰিবলৈ টঙিজালৰ টনি এটাত আধা ভঙা ব্লেড লগাই থকা বেউলাৰ মাতটো লাহে লাহে সৰুৰ পৰা ডাঙৰ হৈছিল। চুটি টনিটোৰে বেউলাই ওখ গছত বগোৱা পাণ ঢুকি পোৱা নাছিল। বেউলাই পাণ ছিঙাৰ উপায় বিচাৰি ফুৰিছিল। সীমাৰ ঘৰৰ বিল্ডিংটোৰ কিচেনৰ তলৰ মহলাৰ খিৰিকীখনেৰে ওলাই অহা হাত এখনে বৰ সহজেৰে সীমাৰ তামোলজোপাত বগোৱা পাণ ছিঙিছিল। লখাই বুঢ়াৰ গছৰ পাণেৰে মাংস খোৱা মুখ শুদ্ধি কৰিছিল।
:“সিহঁতে আমাৰ উন্নতি কেতিয়াও সহ্য কৰিব নোৱাৰে। নিজৰ মুক্তিৰ বাবে আমি নিজেই সচেতন, সংগঠিত আৰু শক্তিশালী হৈ থাকিব লাগিব।” দিলীপ বাবুই আৰু কিবা ক’ব বিচাৰিছিল। পথটোৰ পৰা ঘোষণা এটি ভাহি আহিছিল। মাইকত দিয়া ঘোষণাটোৱে দিলীপ বাবুৰ মাতটো সৰু আৰু অস্পষ্ট কৰি গিলি পেলাইছিল।
“শ্ৰদ্ধেয় ৰাইজ। আজি দিনজোৰা কাৰ্য্যসূচীৰে দীনজান হাইস্কুল খেলপথাৰত আয়োজন কৰা হৈছে সমাজৰ দৰিদ্ৰ অথচ কৰ্মঠ ব্যক্তি সকলোক বঁটা তথা আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান। দুখীয়া লোকসকলৰ বাবে সদায়েই সহায়ৰ হাত হৈ অহা এইখন চৰকাৰে এই অনুষ্ঠানতে প্ৰদান কৰিব….গতিকে এই অনুষ্ঠানত ৰাইজৰ দলে-বলে উপস্থিতি কামনা কৰিলো।” বেউলাই নঙলামুখলৈ গৈ ঘোষণাটি আকৌ এবাৰ শুনি ল’লে। ঘোষণা দিয়া অ’টোখনে বেউলাৰ মনটোক আকৌ এবাৰ নচুৱাই গাঁওখনৰ আনটো মূৰলৈ গতি কৰিলে।
(২)
লখাই বুঢ়াৰ বুকু-পিঠি হান মাৰি মাৰি ধৰে।
কেইদিনমান ঘৰতে গ্যাস্ট্রিকৰ পিল খায়ো ভাল নপোৱা বেমাৰটোক বুঢ়ীয়ে জোৰ দি ধৰি মেডিকেলৰ মুখ দেখুৱাইছিল। চৰকাৰী মেডিকেল; সপ্তাহটোৰ দুদিনহে জ্যোতিৰূপা বাইদেউ আহে। আন ডাক্তৰো থাকে; কিন্তু দেখুৱাই লাভ নাই, বেমাৰ চিনি নাপায় বুলি সকলোৱে কয়। চিনিব পৰালৈ বেমাৰৰ শিপা গজে বুলি সকলোৰে ভয়। ৰোগীৰ মন চিনিব নোৱাৰা ডাক্তৰে বেমাৰনো কি চিনিব; জ্যোতিৰূপা বাইদেউয়ে খা-খবৰ সোধে, সাহস দিয়ে। মেডিকেললৈ অহা প্ৰতিজন ৰোগীয়ে বাইদেউৰ অপেক্ষাত থাকে। বাইদেউৰ হাত লাগিলেই বেমাৰ ভাল হয়।
লখাই বুঢ়াৰ পিছে হাত দিলেই ভাল হোৱা বেমাৰ নাছিল। যোৱাবাৰ দেখুৱাওতেই পৰীক্ষা কেইটামান লিখিছিল। তিনিটা তেজৰ পৰীক্ষা আৰু বহুত কিবা। তিনিটাৰ ভিতৰত এটাহে মেডিকেলতে হ’ব; বিনামূলীয়া। অৱশ্যে বাকী দুটাৰ দায়িত্বও লেবৰেটৰীৰ ল’ৰাটোৱেই লৈছে; মাত্ৰ তাক পইচাটো দিলেই হ’ব। একেলগেই তেজৰ নমুনা ল’ব; বাহিৰৰ বেলেগতকৈ এশ টকা কমেকৈয়ে দিলে হ’ব। ই. চি. জি খন কৰিবলৈ মেডিকেলতে সুবিধা আছিল যদিও এক সপ্তাহৰ বাবে খালী নাই। এপইন্টমেন্ট পোৱা নাই। দুটা সপ্তাহৰ পাছতেই কৰিম বুলি নামটো লিখাইছিল।
ই. চি. জি ত একো নাহিলে ‘ইকো’ কৰিব লাগিব। ইমানবোৰ খৰচৰ পৰীক্ষা তাকো বাহিৰৰ লেবৰেটৰীত। পইচাৰ চিন্তাতে বেমাৰৰ চিন্তাই লগ এৰিছিল লখাই বুঢ়াক। কেইদিনমান চলিবলৈ পিলকে দিবলৈ অনুৰোধ কৰিছিল। বাইদেৱে টেবলেটৰ নাম লিখা কাগজখন হাতত তুলি দি মেডিকেলতে পাব পাৰে বুলি খবৰ কৰিবলৈ কৈছিল।
“চাপ্লাই নাই, বাইহৰৰ ফাৰ্মাচিত খবৰ কৰবো।” চৰকাৰী ফাৰ্মাচিষ্টজনে প্ৰেছক্ৰিপচনখন ওভোতাই দি সন্মুখৰ ফাৰ্মাচিখনলৈ আঙুলি পোনাইছিল। লগে লগে ফাৰ্মাচিখনৰ সন্মুখত ৰৈ থকা মানুহজনে চালাকি হাঁহি এটাৰে লখাই-বেউলাক সম্ভাষণ জনাইছিল।
৩
মন্ত্ৰী অহাৰ সময়খিনিত সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি আনিব। শোভাযাত্ৰাত ভাগ ল’ব অঞ্চলটোৰ চৈতালী নাম, ওজাপালি, আয়তি সকলে; আগতীয়া পৰিকল্পনা অনুসৰি বিভিন্ন বেশ-ভূষাৰে সাজি-কাচি ওলাব বহুজন। ৰিক্সা চালক সকলক নিজৰ নিজৰ ৰিক্সাখন, ঠেলা চালকক ঠেলাখন, হালোৱাজনক গৰুহাল লৈ শোভাযাত্ৰাত ভাগ লোৱাৰ বাবে ল’ৰাহঁতে আগতীয়াকৈ জনাই গৈছিল। বেউলা-লখাইৰ ঠেলাখনে বহুদিন বজাৰ দেখা নাই। লখাইৰ বেমাৰৰ বাবেই ঠেলা চলোৱা কামটো এৰিছিল। তথাপিও ল’ৰাহঁতে কৈছে যেতিয়া হাউলি পৰা দেহাটোৰে লাহে লাহে ঠেলাখন চলাই নিবলৈ সাজু হৈছিল।
মন্ত্ৰীক আদৰিবলৈ যথাসময়ত এদল মানুহ সাজু হৈছিল। মঞ্চত উঠি পুৰস্কাৰ লোৱাৰ ক্ষণিক হুতাহটোৱে লখাই বুঢ়াক এজন অক্লান্ত নাগৰিকৰ ৰূপ দিছিল; ঠেলাখনৰ পাছে পাছে প্ৰতি ক্ষণে লগত থকা বেউলা। মন্ত্ৰী আহিছিল; মানুহৰ সমাগম আৰু সাংস্কৃতিক অনুষ্ঠানৰ ৰঙীন কোলাহলে পুৱাৰ ভাগৰ শান্ত পৰিৱেশটো পাছবেলালৈ হুলস্থূলীয়া কৰি তুলিছিল। হুলস্থূলীয়া পৰিৱেশত লখাই বুঢ়াই অশান্তি পায়। মঞ্চৰ পাছফালে সুকীয়া এটুকুৰা ঠাই বিচাৰি লৈ মাটিতে বহিছিল; শোভাযাত্ৰাৰ বাবে লগত অনা ঠেলাখনো কাষতে থৈছিল।
অত্যাধুনিক ইলেক্ট্রিকেল কাৰচাজিৰে সভাতলি পোহৰাই ৰাখিলেও দূৰৰ আকাশত পোহৰ লাহে লাহে ম্লান হৈ আহিছিল। কৃত্রিম পোহৰে চুব নোৱৰা ঠাইবোৰৰক নীৰৱ সন্ধ্যাই ইতিমধ্যে ঢাকি ধৰিছিল। মঞ্চত এটাৰ পাছত আনটো ধাৰাবাহিক সাংস্কৃতিক অনুষ্ঠান। মঞ্চতে জিকমিকাই আছিল সোণালী-ৰূপালী বৰণীয়া ট্ৰফীবোৰ আৰু জিলিকা কাগজত মেৰিয়াই থোৱা উপহাৰৰ টোপলা কেইটা। বেউলাৰ চকু বাৰে বাৰে উপহাৰৰ টোপলা কেইটালৈ গৈছিল। যেন টোপলা খুলি উদ্ধাৰ কৰিব নিজৰ ভাল লগা এপদ এপদ বস্তু কিম্বা এসাজ মাংস আৰু কেইদিনমানৰ ভাতৰ যোগাৰ হোৱকৈ কেইটামান টকা।
মাংসৰ কথাটো মনলৈ অহাৰ লগে লগে পানীৰ পৰা তৰলৈকে উজাই অহা ঢোৰা সাপডালৰ দৰে বেউলাৰ ভোকটো উজাই আহিল। পুৱা দিলীপ বাবু যোৱাৰ পাছতেই বুঢ়া-বুঢ়ীয়ে ভাত কেইটামান খাই মিটিঙলৈ বুলি সাজু হৈছিল। সভাযাত্ৰাত ভাগ লোৱা মানুহখিনিক খাবলৈ দিয়া বুন্দিয়া-ভুজিয়া কেইটাৰে অতদেৰি থাকিব পৰা নাযায়। “মস্ত ভখ লাগবা লাগছি চুন এ।” বেউলাৰ ভোকৰ কথা মনলৈ আহিছিলহে লখাই মাত লগাইছিল। “মিটিঙখান আৰম্ভ হোবএ বোধয় ৰহ হা আৰ। পুৰস্কাৰটো লৈ ঘৰতে যাই খাম ৰহ।” বেউলাই সান্তনা দিছিল।
বহিবলৈ পাৰি লোৱা নৰাবোৰ নিয়ৰত ভিজি জেপজেপীয়া হৈছিল। অদূৰৰ গছজোপাত ফেঁচাই তৃতীয় প্ৰহৰৰ সংকেত দিছিল। ঠাণ্ডা আৰু ভোকে বেউলা-লখাইক আগুৰি ধৰিছিল; লখাইৰ কঁপনি উঠা দাঁত আৰু ওঠৰ শব্দইও তাৰেই ইংগিত দিছিল। গাত লৈ থকা চলখনেৰে লখাইকো আগুৰি পাগ দিয়াৰ চেষ্টা কৰিছিল বেউলাই। লখাইৰ খৰ গতিত কৰা বুকুৰ ধপধপনিখিনি বেউলাই অনুমান কৰিছিল। লখাই বুঢ়াই দুবাৰমান কাঁহিছিল। “পিঠিখান পিহি দি এ একবাৰ, বুকে-পিঠি হান মাৰি ধচ্ছি চুন।” বেউলাই পিঠিখন পিহি দিছিল, লখাই আৰাম পাইছিল।
বেউলা-লখাই মঞ্চত তেওঁলোকৰ নাম উচ্চাৰিত হোৱাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছিল। বেউলা-লখাইৰ নাম মাতিছিল; খপ-জপকৈ সিহঁতে মঞ্চলৈ উঠি গৈছিল। হাতচাপৰিৰে গুঞ্জৰিত হৈছিল; জীৱনত প্ৰথমবাৰৰ বাবে ক্ষণিকৰ বাবে হ’লেও দৈন্যতাক পাহৰি পেলাইছে সিহঁতহালে। প্ৰতিটো হাতচাপৰিয়ে যেন মচি পেলাইছিল দুচকুত অহৰহ কঢ়িয়াই ফুৰা অভাবৰ ছবিখন। অতদিনে কেৱল শ্ৰম, দুখ-দৈন্যতাত পাৰ কৰা লখাইৰ বুকু হাতচাপৰিবোৰৰ উষ্ম স্পৰ্শই গধুৰ কৰিছিল। হাতত টোপলা আৰু ট্ৰফীটো তুলি দি এজনে সিহঁতক কাণে-কাণে কৈছিল- “অলপ সময় ৰৈ দিবি হা, মিটিং শেষ হ’লেহে টকাটো দিব।” মঞ্চৰ পৰা নামি অহাৰ সময়খিনিতে হাতচাপৰিয়ে গধুৰ কৰা লখাই বুঢ়াৰ বুকুখন বিষাইছিল। কোনোমতেই আহি সিহঁত আগৰ ঠাইখিনিত ৰৈছিল। লাহে লাহে লখাইৰ বিষটো বাঢ়িছিল। বেউলাই ভয় খাইছিল। বেউলাই আতাহ্ পাৰি মানুহ মাতিব ওলাইছিল। লখাই বাধা দিছিল। “কাকো নামাতবি; কিবা এটা হয় যদি গোটাই ৰাইজখান চুৱা যাব। তোক বধ দিছু কাকো চুৱা নকৰবি”। লখাইৰ শব্দবোৰ ক্ষোভ, হতাশা, নে দায়িত্বৰ একো বুজিব পৰা নাযায়। বেউলাই যিমান পাৰি ভৰি-হাত মাালিচ কৰি দিয়াৰ চেষ্টা কৰিছিল।
দিনটোৰ ব্যস্ততা আৰু কঢ়িয়াই ফুৰা পাছদিনাৰ দায়িত্বৰ বাবেই কম সময়ৰ ভিতৰতে সভাতলি জনশূন্য হৈছিল। হয়তো ৰাতি পুৱাবলৈ আৰু বেছি পৰ নাছিল। বেউলাৰ কোলাত শুই থকা লখাইৰ বুকুত ধপধপনিবোৰ নাই; লখাই নিদ্ৰাৰত, যি নিদ্ৰাত কোনো সপোন নাথাকে; যি নিদ্ৰা অন্তহীন। বেউলাৰ কোলাত পৰি আছিল লখাইৰ চেঁচা শৰীৰ। ধপধপকৈ ডেউকা কোবাই উৰি গৈছিল গছৰ ডালৰ ফেঁচা।
বেউলাৰ চকুপানীবোৰে বিদ্ৰোহ কৰিছিল; ভেটা দি সলাই লৈছিল নিজৰ পথ। মঞ্চৰ পিছফালৰ ঠাইটুকুৰাত ৰাইজক চুৱা নেখেদোৱাকৈয়ে লখাই গ’লগৈ। সহায়ৰ বাবেও নাই কোনো। চৌদিশ শূন্য। সকলোৱে হয়তো ঘৰা-ঘৰি গৈ নিদ্ৰাত। লখাইৰ জঠৰ দেহাটো কোলাৰ পৰা বেউলাই লাহেকৈ নমাই থলে। কাষতে থকা ঠেলাখন আৰু অলপ ওচৰলৈ আনিলে বেউলাই। শিল হোৱা লখাইক ঠেলাত তুলিবলৈ চেষ্টা কৰিলে। অন্তিম স্বীকৃতিৰ ট্ৰফীটো আৰু জিলিকা কাগজৰে মেৰিয়াই থোৱা পেকেটটো নিটোল শিশু এটাৰ দৰে লখাাইৰ বুকুৰ মাজত।
মানুহে কেৱল নাম দিয়া বেউলাৰ ভেলখন আজি সঁচাকৈয়ে বেউলাৰ ভেল হৈছিল। যাত্ৰাৰ বাবে সাজু হৈছিল বেউলাৰ ভেল। এই যাত্ৰা কেৱল ঘৰমুৱা যাত্ৰা নহয়, জীৱনৰ পৃষ্ঠাবোৰ ওলোটাকৈ লুটিয়াই যোৱাৰ যাত্ৰা। এই যাত্ৰাত বেউলাৰ ভেলখন বৰলুইতৰ বুকুয়েদি উটি-ভাঁহি ফুৰিব। প্ৰতিটো ঘাটত লগ পোৱা মানুহক সুধিবলৈ বেউলাৰ বুকুত হাজাৰ প্ৰশ্ন। হয়তো বিচাৰি উলিয়াব ন-নৈৰ ঘাটত ৰৈ থকা নেতাই ধুবুনীক আৰু নোৱাৰে বুলি জানিও প্ৰশ্ন কৰিব পাৰিব জানো জীয়াই তুলিব মোৰ প্ৰাণৰ লখাইক!
“ভয় আৰু লোভ দেখুৱাই পূজা পাবলৈ বিচৰা মনসাক চিনি নাপালা বেউলা। প্ৰতিবাদ কৰা; চান্দ সদাগৰক দিয়া প্ৰতিটো আঘাত তেওঁ বুকু পাতি লৈছিল; আজিও পূজাৰ নামত চলে আনুগত্যৰ ৰাজনীতি; আশীর্বাদৰ নামত চলি থাকে নীৰৱতাৰ কিনা-বেচা। সদাগৰ হাৰিছিল কিন্তু মূৰ দোৱাই নহয়।” চান্দ সদাগৰৰ কথা সোঁৱৰাই দিয়া দূৰত সেইজন দিলীপ বাবু; স্বাভিমানী শব্দৰে গভীৰতালৈ ঠেলি দিয়াৰ চেষ্টা কৰিছে বেউলাৰ ভেলখন। লাহে লাহে ঘন কুঁৱলীৰ বুকুত বিলীন হৈ আগুৱাই গৈ থাকিল বেউলাৰ ভেলখন।

