গল্প-কবিতা

যুদ্ধভূমিত বুদ্ধক বিচাৰি ।। কাকলি নেওগ

মুক্ত চিন্তা। একাদশ বছৰ।। ৩য় সংখ্যা

মুকলি আকাশখনৰ তলত ৰৈ বেনাজিৰৰ ভাগৰ লাগে। আকাশত এখনো চিলা নাই। কেৱল আজিয়ে নহয়। যোৱা এসপ্তাহে এখনো চিলা বেনাজিৰে আকাশত দেখিবলৈ পোৱা নাই। মনটো মেঘাচ্ছন্ন হৈ পৰে তাইৰ। 

ঃবেনাজিৰ, তাত অকলে অকলে কি কৰিছা? ভিতৰলৈ আহা। 

ঘৰৰ বাৰাণ্ডাৰ পৰা মাক নুৰে তাইক ৰিঙিয়াই মাতে। অনিচ্ছা সত্বেও উভতি আহে বেনাজিৰ। 

ঃআম্মী,আকাশৰ চিলাবোৰ ক’লৈ গ’ল নো?

বেনাজিৰৰ প্ৰশ্নত মাকৰ মুখেৰে এটা স্বতঃস্ফূৰ্ত হুমুনিয়াহ নিগৰি আহে। 

ঃকোৱানা,কোৱানা আম্মী চিলাবোৰ ক’ত গুছি গ’ল?

বেনাজিৰ উপৰ্যুপৰি প্ৰশ্নত নুৰে কি উত্তৰ দিব ভাবি নাপায়। মাত্ৰ আঠ বছৰীয়া জীয়েকে বুজি পাব জানো চিলাবোৰ অন্তৰ্ধান হোৱাৰ কাহিনী। তাইৰ অবোধ মনটোৱে যুদ্ধৰ ক’লা ধোঁৱাৰে আগুৰি ৰখা ইৰাণৰ আকাশত চিলাবোৰ বিচাৰি ফুৰে। জীয়েকক মনঃপুত উত্তৰ দিব নোৱৰা অক্ষমতাক ঢাকিবৰ বাবে বেনাজিৰৰ মনটো ঘূৰাবলৈ চেষ্টা কৰে নুৰে।

ঃআজি তোমালৈ মই এটা নতুন কুলফি বনাইছোঁ বেনাজিৰ। ব’লাচোন তুমি খাই চাবা। 

ঃনা,আব্বা ঘূৰি নহালৈকে মই কুলফি নাখাওঁ। 

ঠেহ পাতি দুপদুপাই দৌৰি সোমাই যায় বেনাজিৰ। নুৰে জানে এতিয়া তাই এপৰ পুতলাকেইটা লৈ বিচনাত দেউতাক নহালৈকে ওফোন্দ পাতি ৰ’ব। আলসুৱা বেনাজিৰক লৈ মাজে মাজে বৰ চিন্তিত হয় নুৰ। বহাকোঠাৰ খিৰিকীৰ পৰ্দাখন টানি নুৰে বাহিৰলৈ চাই ৰ’য়। ইমান নিশব্দ, নিসাৰ চাৰিওফালে। কিন্তু,এই নিস্তব্ধতাত অকণো যেন প্ৰশান্তি নাই। মুহূৰ্ততে এই নিস্তব্ধতা ভেদি আকাশ মাৰ্গত যুদ্ধৰ জাহাজবোৰৰ অহা-যোৱা চলিব। নুৰৰ ভাল লগা নিস্তব্ধতাবোৰ যে বহু যোজন দূৰত্বত তাইৰ মাতৃভূমি অসমত এৰি থৈ আহিছে। 

ঃএনেকৈ কিনো বেয়া নাৱাজ? মইতো এনেকৈয়ে সুখী। 

ঃতুমিহে সুখী নুৰ। কিন্তু,মোৰ আব্বা, আম্মী, আত্মীয়-স্বজন কোনো সুখী নহয়। হয়তো ক’ৰবাত ময়ো অসুখী। 

ঃতুমি?

ঃউম..মই। মোৰ দক্ষতা, পঢ়া-শুনাবোৰে যে ইয়াত বাট বিচাৰি পোৱা নাই। সকলোতে মাথো টকাৰ খেল। তোমালোকক এটা সুৰক্ষিত ভৱিষ্যত দিব বিচাৰোঁ মই। সেয়ে ভাবিছোঁ ব্ৰেইন ইন ড্ৰেইন হোৱাতকৈ ব্ৰেইন ড্ৰেইন হোৱাত আপত্তি ক’ত?

ঃকিন্তু, নাৱাজ বেনাজিৰ যে নিচেই সৰু হৈ আছে। পাৰিম জানো অচিনাকি দেশখনত তাইক লৈ জীৱন আৰম্ভ কৰিব?

ঃপাৰিব লাগিব নুৰ। বেনাজিৰৰ ভৱিষ্যতৰ বাবেই আমাৰ এই যাত্ৰা। 

বেনাজিৰৰ এবছৰ সম্পূৰ্ণ হওঁতেই এনেদৰে সপোনৰ এটা বিৰাট সমদল কঢ়িয়াই নুৰ আৰু নাৱাজে থিতাপি লৈছিল ইৰাণৰ বুকুত। ইৰাণৰ তৈলক্ষেত্ৰত নাৱাজে নিজ দক্ষতাৰে পাইছিল জিঅ’লজিষ্টৰ চাকৰিটো। বুকুত অপাৰ সাহ বান্ধি নুৰে আৰম্ভ কৰিছিল বিদেশৰ ভূমিত কণমানি বেনাজিৰৰ সৈতে সিহঁতৰ জীৱন। বাৰে বাৰে আওৰাইছিল তাই জেমছ কুৰকাপৰ সেই কবিতা

“Remember no men are strange, no men are foreign

Beneath all uniforms, a single body breathes….”

সঁচাকৈয়ে নাৱাজে আশা কৰাৰ দৰেই দিনবোৰ হৈছিল। নাৱাজহঁতৰ ঘৰখনলৈ আৰ্থিক স্বচ্ছলতা আহিল। সুখী হৈছিল মাক-দেউতাক, আত্মীয়-স্বজন। নতুন পৰিৱেশত নুৰও লাহে লাহে সহজ হৈছিল। ইৰাণৰ মৃদু শীতল বতাহজাক যেন তাইৰ অসমৰ বতাহজাকৰ সৈতে একে। বিশেষকৈ সেই ঠাইৰ ঐতিহাসিক আৰু প্ৰত্নতাত্বিক কীৰ্তিচিহ্নসমূহে ইতিহাসৰ ছাত্ৰী নুৰক বিশেষভাৱে আকৰ্ষিত কৰিছিল। লাহে লাহে বেনাজিৰ ডাঙৰ হৈ আহিছিল। বেনাজিৰ যেন নুৰৰ দ্বিতীয় এটি সংস্কৰণহে আছিল। নুৰৰ দৰেই মুকলি আকাশ চাই ভাল পাইছিল কণমানি বেনাজিৰে। কণমানি বেনাজিৰৰ সৈতে সিহঁতৰ আৱাসৰ সন্মুখৰ মুকলি পথাৰখনত আবেলি দুয়ো প্ৰাণভৰি আকাশ চাই ৰৈছিল। 

ঃআম্মী, নানীহঁত কোন টুকুৰা আকাশৰ তলত আছে?

ঃআমি থকা টুকুৰাৰ তলতেই সোণ। 

ঃকিন্তু ক’তা নানা-নানী ইয়াত নাইচোন। 

কণমানি চকুকেইটা বহলকৈ মেলি বেনজিৰে অবিশ্বাস্যভাৱে মাকলৈ চায়। 

ঃগোটেই পৃথিৱীখন একেখন আকাশৰ তলতেই থাকে সোণ। তুমি,আমি, নানা-নানী আমি সকলো ইয়াৰ তলতেই থাকোঁ। 

ঃতেতিয়া হ’লে সৌ চিলাখন নানীহঁতেও দেখিছে নেকি মা?

আকাশৰ বুকুত উৰি থকা চিলাখন আঙুলিয়াই বেনাজিৰে মাকক সুধিছিল। 

কিমান দিনৰনো কথা আছিল সেইবোৰ? খিৰিকীৰে বাহিৰত দৃষ্টি নিৱদ্ধ ৰাখি নুৰে ভাবে। বেনাজিৰ স্কুল যাবলৈ আৰম্ভ কৰিছিল। লাহে লাহে নুৰেও ইৰাণৰ বাট পথবোৰ অন্বেষণ কৰিবলৈ আৰম্ভ কৰিছিল। ইছলামীয় গণতন্ত্ৰৰ দেশ ইৰাণৰ বুকু যেন ভূতত্ত্বৰ আশীষ ধন্য আছিল। তাই আচৰিত হৈছিল বিশ্ব অৰ্থনীতিত এই দেশৰ ভূমিকা দেখি। যেন এডালি চেইনৰ দৰে সংলগ্ন কৰি ৰাখিছে দেশখনিয়ে নিজক পৃথিৱীৰ দেশসমূহৰ সৈতে। 

ঃ ইমান সম্ভাৱনা থকাৰ পাছতো দেশখনৰ যেন যিমান বিকাশ হ’ব লাগে হোৱা নাই। 

ঃবাঃ এই কেইদিনতে তুমি দেখিছোঁ বেছ অধ্যয়ন কৰি পেলালা। 

নাৱাজে নুৰৰ কথা শুনি ধেমালি কৰিছিল। 

ঃঅৱশ্যে, তোমাৰ অনুমান ভুল নহয় নুৰ। এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ মোৰো এনে লাগে। 

ঃকি হ’ব পাৰে বাৰু ইয়াৰ কাৰণ?

ঃ হয়তো হৈ যোৱা যুদ্ধসমূহ নাইবা কোনো অদৃশ্য হাতোৰা। 

ঃঅদৃশ্য হাতোৰা? মানে আমেৰিকাৰ কথা কৈছা?

ঃউম। ভাবাচোন ইৰাণৰ প্ৰচুৰ তৈলভাণ্ডাৰ থকাৰ পাছতো এয়া দেশখনৰ বিকাশত সঠিক ব্যৱহাৰ কিয় কৰিব পৰা নাই? ইৰাণৰ এই তৈলভাণ্ডাৰৰ বাবে আকৌ যে যুদ্ধ নহ’ব কি ঠিক?

ঃযুদ্ধৰ কথা নক’বা নাৱাজ। 

“Let us remember, whenever we are told

To hate our brothers, it is ourselves

That we shall dispossess, betray, condemn.

Remember, we who take arms against each other.”

কথাবোৰে গধুৰ কৰি পেলাইছিল নুৰ আৰু নাৱাজৰ ৰাতিবোৰ। 

ঃ ভাবিছোঁ বেনাজিৰৰ দহবছৰৰ জন্মদিনতে আমি অসমলৈ উভতি যাম। 

ঃসঁচা?

জলমলাই উঠিছিল নুৰৰ দুচকু। নাৱাজৰ বুকুত কুৰুকি কুৰুকি সোমাই তাই বিৰবিৰাইছিল। 

ঃআমি আকৌ উভতি যাম নাৱাজ। 

হঠাৎ আকাশমাৰ্গেৰে সশব্দে উৰি যোৱা উৰাজাহাজৰ শব্দত নুৰ সচকিত হৈ উঠে। খকমকাই বেনাজিৰ শুই থকা কোঠালৈ দৌৰি যায় তাই। তাইৰ প্ৰিয় বাৰ্বী পুতলাটো সাৱটি বেনাজিৰ শুই আছে। আলফুলে বেনাজিৰৰ কপালত চুমা এটি খায় নুৰে। তাইতো নাজানে বাহিৰৰ অশান্ত পৃথিৱীখনৰ কথা। তাই কিয় এই দেশৰ হয়তো কোনো শিশুৱে বুজিব পৰা নাই কিয় অকস্মাতে স্কুল বোৰ বন্ধ হৈ গ’ল, কিয় সিহঁতৰ খেলা-ধূলাবোৰ নাইকিয়া হৈ গ’ল। 

নাৱাজে আশংকা কৰাৰ দৰেই এদিন সেই অনাকাংক্ষিত দিনবোৰ ঘূৰি আহিল। নুৰ আৰু নাৱাজৰ ঘৰৰ পৰা ঘনাই আহিছিল উদ্বিগ্নতাৰে ভৰা বাৰ্তাবোৰ। 

ঃভালে আছা নে তোমালোক? বেনাজিৰ, বেনাজিৰ কেনে আছে?

ঃআমি কুশলে আছোঁ। তোমালোক ইমান চিন্তিত নহ’বা। 

নাৱাজে তেওঁলোকক অভয় দিয়াৰ চেষ্টা কৰে। 

ঃতহঁতৰ তাত হোৱা যুদ্ধই আমাকো জোকাৰিছে নাৱাজ। 

ঃ আচৰিত !

দেউতাকৰ কথাত উদ্বিগ্ন হৈ উঠে নাৱাজ। 

ঃবজাৰত গেছৰ চিলিণ্ডাৰৰ নাটনি। অসাধু এচামে তাৰে সুবিধা লৈ চিলিণ্ডাৰৰ দাম আকাশলংঘী কৰিছে। এয়া হ’বই। যুদ্ধই কাকো শান্তি নিদিয়ে। 

ঃতোমালোক ভালদৰে থাকিবা। হয়তো কিছুদিনৰ পাছত আমাৰ সৈতে সঘন যোগাযোগ নহ’ব। অৱশ্যে বৰ্তমানলৈকে আমাৰ আৱাসিক অঞ্চলটো সুৰক্ষিত হৈয়ে আছে। 

ঃযুদ্ধ শেষ হ’লেই ঘৰলৈ ঘূৰি আহিবি। আমাৰে ভুল হ’ল। 

ঃতেনেদৰে নক’বা আব্বা। যুদ্ধই ভৌগোলিক সীমা নামানে। ভালে থাকিবা। 

তাৰ পাছৰে পৰা নাৱাজহঁতৰ পৰিয়ালৰ সৈতে কোনো সংযোগ হোৱা নাই। কৰ্তব্যৰ খাতিৰত নিৰাপত্তাৰক্ষীৰ সহযোগত নাৱাজ মাজে মাজে কৰ্মক্ষেত্ৰলৈ যায়। এই সমগ্ৰ সময়চোৱা সংশয়ত ডুবি থাকে নুৰ। 

ড’ৰবেলটোৰ শব্দত সাৰ পাই উঠে বেনাজিৰ। হয়তো নাৱাজ ঘূৰি আহিছে। খিৰিকীৰ পৰ্দা টানি নুৰে দেখা পায় নাৱাজৰ উদ্বিগ্ন মুখ। 

ঃখোমেইনিৰ হত্যা হ’ল নুৰ। 

খপজপাই সোমাই আহি চোফাখনত বহি কৈ উঠে নাৱাজে। 

ঃআয়াতুল্লা খোমেইনি?

ঃহুম। আহিব লগীয়া দিনবোৰ আৰু ভয়াৱহ হ’ব নুৰ। 

হুমুনিয়াহ এটা নিৰ্গত হৈ আহে নুৰৰ মুখেৰে। সদায় তাইক সাহস দিয়া নাৱাজৰ মুখখন যে আজি ভাগৰুৱা। 

ঃআব্বা, মই তোমাক বেয়া পাইছোঁ। 

নুৰৰ কোলাৰ পৰা নামি বেনাজিৰ দেউতাকৰ কোচত সোমাই পৰে। 

ঃকিয় মোৰ সোণ?

ভাগৰুৱা দেহ আৰু মনেৰে নাৱাজে আকোঁৱালি লয় বেনাজিৰক। 

ঃতুমি ইমান দেৰি কৰিছা। মায়ে মোক চিলাবোৰ চাবলৈ দিয়া নাই জানা। 

ঃচিলাবোৰ কিছুদিন আকাশত উৰা দেখা নাপাবা বেনাজিৰ। 

ঃকিয়নো?

ঃচিলাবোৰ অলপ বেয়া হৈছে সোণ। সেয়া মেৰামতি কৰিবলৈ দিছে। 

ঃহয় নেকি? তেতিয়া হ’লে নানীহঁতৰ ঘৰৰ আকাশৰ চিলাবোৰো বেয়া হৈছে নেকি?

ঃহয়তো হৈছে। বাৰু,এতিয়া তুমি খেলাগৈ যোৱা। 

বেনাজিৰৰ নিষ্পাপ প্ৰশ্নটোৱে নুৰ আৰু নাৱাজক জোকাৰি যায়। 

ঃনাৱাজ, যুদ্ধ শাম কাটিলেই আমি অসমলৈ ঘূৰি যাম। বেনাজিৰৰ ভৱিষ্যত ইয়াত সুৰক্ষিত নহয়। 

ঃবুজিছোঁ নুৰ। যুদ্ধ বিধ্বস্ত এই ভূমিত যে কোনো শিশুৰ ভৱিষ্যত নাই। 

ঃযুদ্ধবোৰ কিয় হয় নাৱাজ? নিৰীহৰ তেজৰ ফাকুৰে ইতিহাস লিখা হয় জানো?

ঃএই প্ৰশ্নবোৰ কোনে কাক কৰিব নুৰ? যুদ্ধৰ ভূমিত বুদ্ধৰ প্ৰজ্ঞা বিচৰাৰ দৰে কথা এয়া। 

ঃকিন্তু, এনে ধ্বংসলীলাৰেই লাডানে নিজৰ কবৰ খন্দা নাছিল জানো?

ঃআমি জীৱশ্ৰেষ্ঠই নিজৰ কবৰ নিজেই খান্দিছোঁ নুৰ। 

নুৰৰ চিন্তাক্লিষ্ট মুখখনলৈ চাই মমতা উপজে নাৱাজৰ। সস্নেহেৰে তাইক আকোঁৱালি লয় সি। 

ঃইমান নাভাৱিবা নুৰ। প্ৰাৰ্থনা কৰা এই যুদ্ধৰ বিভীষিকা সোনকালে শেষ হওঁক। 

নাৱাজৰ বুকুত কুচিমুচি সোমাই পৰে নুৰ। এৰা! সিহঁতে এতিয়া মাথো প্ৰাৰ্থনা কৰিব পাৰে। নিপাত যাওক যুদ্ধ পিয়াসী মানবোৰ। তাৰ ঠাইত পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে শিপাই উঠক বুদ্ধৰ প্ৰজ্ঞা। 

“It is the human earth that we defile.

Our hells of fire and dust outrage the innocence

Of air that is everywhere our own,

Remember, no men are foreign, and no countries strange.”

(টুনুজ্যোতি গগৈৰ ‘যুদ্ধ আৰু বুদ্ধ’ কবিতাটিৰ আধাৰত)

 

Leave a Reply

Your email address will not be published. Required fields are marked *