মে’ দিৱসৰ গানে গানে।। অচ্যুৎ মাধৱ দাস
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
ঊনবিংশ শতিকাৰ ঔপনিবেশিক দাসৰ দৰে মূল্য পোৱা এসকল শ্ৰমিকৰ জীৱন। ৪০-৫০ বছৰৰো অধিক সেৱা আগবঢ়োৱাৰ পাছতো অদ্যাপি যি সকলে শ্ৰমৰ উচিত মজুৰি, চাকৰিৰ সুনিশ্চয়তাৰ পৰা বঞ্চিত হৈ আছে। শ্ৰমজীৱীৰ স্বাভিমান তেওঁলোকৰ বাবে সপোনতো নেদেখা এক কথা। অথচ তেওঁলোক সেই কৰ্মস্থলীৰ এক অপৰিহাৰ্য অংগ—তেওঁলোকৰ অবিহনে সংস্থাটোত ক্ষণিকতে বিভিন্ন সংকট আহি পৰিব পাৰে।
আচৰিত কথা হ’ল—এই নিঃস্ব শ্ৰমিকসকলৰ চৌপাশেৰে বহু গুণী-জ্ঞানী-বিদ্বান আৰু সমাজক আলোকিত কৰিব পৰা ব্যক্তিয়ে কাম কৰি আছে, কিন্তু তেওঁলোকৰ সমস্যা আৰু অধিকাৰৰ প্ৰতি কাৰো দৃষ্টি নাই। ফলত এই শ্ৰমিকসকলে ভয় আৰু সংশয়ৰ তমসাবৃত অনিশ্চয়তাৰ মাজত দাসৰ দৰেই দিন-বছৰ-যুগ পাৰ কৰি আহিছে।
ঐতিহাসিক প্ৰসংগ
১৯৬৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপনৰ কালতেই বহুজন সম্প্ৰদায়ৰ কেইজন মান শ্ৰমিক কামৰ সন্ধানত ৰাজস্থানৰ পৰা আহি বিশ্ববিদ্যালয়ত সংস্থাপন হৈছিল। সেই তেতিয়াৰে পৰা তেওঁলোকে বিশ্ববিদ্যালয়ৰ চাফাইকে ধৰি বিভিন্ন নিম্ন বৰ্গৰ কামত নিয়োজিত হৈ আহিছে। দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়খন লৈ সেৱা আগবঢ়োৱা এই কৰ্মীসকলে বিশ্ববিদ্যালয়ৰ ভূমিৰ এচুকত অস্থায়ী বাসগৃহতেই কাল কটালে। কিন্তু অতদিন বাগৰাৰ পাছতো আজিলৈকে তেওঁলোকৰ কোনো ভূমিৰ অধিকাৰ নাই, আনকি চাকৰিও স্থায়ী নহ’ল। মাজতে মাত্ৰ দুই-এজনৰ চাকৰি স্থায়ীকৰণ কৰি প্ৰশাসনৰ ফালৰ পৰা বিভাজনৰ ৰাজনীতিহে চলোৱা হ’ল।
সচেতনতাৰ অভাৱ আৰু ভয়াৰ্ত অৱস্থা
নিম্ন বৰ্গৰ এই শ্ৰমিকসকল নিজৰ অধিকাৰ আৰু স্বাভিমানৰ প্ৰতি অসচেতন। তেওঁলোকৰ আলোচনা মাত্ৰ চাকৰি স্থায়ী হ’ল নে নহ’ল তাৰেই মাজত সীমাবদ্ধ। কিন্তু চকু মেলি চালেই দেখা পাম—আমাৰ সাধাৰণ মধ্যবিত্ততকৈ এই নিঃস্ব শ্ৰমিকসকল কিমান নাৰকীয় জীৱন যাপন কৰি আহিছে। এওঁলোকৰ মাজে-সময়ে ক্ষোভৰ বিস্ফোৰণ ঘটিলেও প্ৰশাসনে তাৰে দুজন-এজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰি বা স্থায়ী চাকৰি অস্থায়ী কৰি ভয়ৰ পৰিৱেশ সৃষ্টি কৰে। যেনেকৈ প্ৰভুৰ ওচৰত “দাসৰ” বাবে কোনো নিয়ম-কানুন নাথাকে, মালিকৰ যি মন লৈ আহে তাকেই কৰিব পাৰে, এই শ্ৰমিক সকলৰ ওপৰতো কৰ্তৃপক্ষই ঠিক তেনেকুৱাই ব্যৱহাৰ কৰে। ফলত এই শ্ৰমিক সকলে ভয় আৰু অনিশ্চয়তাৰ বাবে মুখেৰে এটা শব্দও অভিযোগৰ বাবে বাজ নকৰে।
মে’ দিৱসৰ উদ্যোগ

“সহযোদ্ধা- The P3” আৰু “যুৱ বিষ্ণু ৰাভা” নামৰ দুটা সংগঠনৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফ্ৰি থিংকাৰচ ছ’চাইটিৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় নিম্ন বৰ্গৰ সেই বহুজন শ্ৰমিক সকলৰ স’তে তেওঁলোকৰ কলনিত মে’ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লয়।
এই শ্ৰমিক দিৱস সাধাৰণ গতানুগতিকতাৰ বিপৰীতে কিছু বিকল্প চিন্তাৰে আগবঢ়া হৈছিল। দিৱসৰ নামত দিৱস উদযাপন, দিৱসৰ নামত অপ্ৰাসংগিক বিয়াগোম উৎসৱ, দিৱসৰ নামত বছেৰেকীয়া সবাহ, দিৱসৰ নামত কোনোৰকম আদৰ্শগত দায়িত্ব পালন কৰা- এইবোৰৰ বিপৰীতে ওপৰোক্ত দুই গোটে মিলি কিছু সঁচা অৰ্থত বিকল্প অনুসন্ধান কৰিছিল। তাৰেই এটা প্ৰতিফলন হ’ল- নিয়মমাফিক গতানুগতিকতাক এৰাই চলি মে’ দিৱসৰ অনুষ্ঠানত মুখ্য বক্তা হিচাপে কোনো বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ দিয়াৰ সলনি মুখ্য বক্তা হিচাপে প্ৰস্তুত কৰা হৈছিল বহুজন কলনিৰে কেইজনমান শ্ৰমিকক। যিসকলে সভাত তেওঁলোকৰ সমস্যাসমূহক নিজেই যাতে শৃংখলিত ৰূপত উপস্থাপন কৰে। তেওঁলোকৰ ওপৰত চলা ব্যৱস্থাগত শোষণৰ বিৰুদ্ধে ভৱিষ্যতৰ দিনত প্ৰতিৰোধ সংগ্ৰামত যাতে নিজকে যোগ্য কৰি তুলিব পাৰে।
এই উদ্যোগ কোনো “উদ্ধাৰ কাৰ্য্য” বা “মহৎ কাম”ৰে আত্মসন্তুষ্টি লোৱা জাতীয় নহয়—বৰঞ্চ শ্ৰমিকে শ্ৰমিকৰ প্ৰতি থকা সহমৰ্মিতা আৰু সহযোগিতাৰহে প্ৰকাশ। এই অনুষ্ঠান আয়োজন কৰা প্ৰতিজনেই সেই অনুভৱেৰেই আগবাঢ়িছিল— এই ব্যৱস্থাৰ দ্বাৰা তেওঁলোক কিবা নহয় কিবা প্ৰকাৰে পীড়িত, শোষিত। হয়তো কাৰোবাৰ ওপৰত পীড়ন অত্যন্ত তীক্ষ্ণ নিৰ্দয় ৰূপত চলাই আছে, আন কিছু তাতকৈ অলপ সুবিধাজনক অৱস্থানত আছে। এই অসন্তুষ্টি আৰু ক্ষোভৰ মাজেদিয়েই সকলো একগোট হৈ মে’ দিৱস উদযাপনলৈ আগবাঢ়িছিল।
এই দিৱস উদযাপনৰ স’তে দুয়োটা গোটে আৰু কিছু দিশ আৰু দৃষ্টিভংগীৰে আগবাঢ়িবলৈ চেষ্টা চলাইছিল— productive Outlook, consistency, আৰু তাৰ লগতে কিছু দৃঢ় সংকল্পৰ কথা।

বস্তুনিষ্ঠ বাস্তৱতা

বিশ্ববিদ্যালয়ৰ বহুজন কলনিৰ অহা-যোৱাৰ বাটটো এআঁঠু বোকা। ঘৰবোৰ ইমান ওচৰা-উচৰিকৈ সজা যে এঘৰৰ বেৰৰ বিন্ধাৰে আন ঘৰৰ ভিতৰ দেখা যায়। এঘৰত গল-হেঁকাৰি এটা মাৰিলেও আন ঘৰত শুনা যায়। তেওঁলোকক বিশ্ববিদ্যালয়ৰ এনে এক কোণত এঘৰীয়াকৈ আশ্ৰয় দিছে, যেনেকৈ আমাৰ ঘৰবোৰৰ পাছফালে থকা চুৱাপাতনিহে। সেই এআঁঠু বোকা বাটৰ কাষতে মাহ মাহ ধৰি পৰিষ্কাৰ নোহোৱা ডাষ্টবিনৰ দুৰ্গন্ধ যেন তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংশ।
তাৰ পিছতো এই নিঃস্ব শ্ৰমিক পৰিয়ালবোৰৰ কোনো বিশেষ ক্ষোভ নাই। ক্ষোভৰ উদগীৰণ হ’ব নোৱৰাকৈ, ক্ষোভবোৰ একোটা তেজাল প্ৰশ্ন হ’ব নোৱৰাকৈ এই শ্ৰমিক সকলক এনেকৈ বাওনা কৰি থোৱা হৈছে৷ যোৱা ৪০/৫০ বছৰে এওঁলোকৰ মাজত অধিকাংশই হাইস্কুল উত্তীৰ্ণ হোৱা নাই, বিশ্ববিদ্যালয়তো বহু দূৰৈৰ কথা।
তাৰ মাজতো তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰে ছবি আঁকি, গান গাই, কবিতা আবৃত্তি কৰি ভালপায়, আমাৰ শিশুবোৰৰ দৰেই সৃজনশীল হৈ থাকিব বিচাৰে।
সিন্ধুৰাৰ সপোন

বহুজন কলনিত বাস কৰা ষষ্ঠমান শ্ৰেণীৰ এগৰাকী ছাত্ৰী সিন্ধুৰা বাল্মীকি। তাইক সোধা হৈছিল— তুমি পঢ়াৰ বাহিৰেও কি কৰি ভাল পোৱা? তাই টপৰাই উত্তৰ দিছিল- নাচি ভাল পাওঁ। কিন্তু মাহেকীয়া ৮ হাজাৰ টকাৰ দৰমহা আৰু কাবুলিৰ সুতৰ ধাৰত জৰ্জৰ তাইৰ দেউতাকে তাইক স্কুললৈ পঠাবলৈকে সমস্যা, অন্য সৃজনীশীল শিক্ষা দিয়াতো দূৰৈৰ কথা। যুৱ বিষ্ণু ৰাভা গোটৰ দুগৰাকী কমৰেডে সিন্ধুৰাৰ আগ্ৰহ দেখি মে’ দিৱসৰ বাবে তাইক এটি জ্যোতি সংগীতত নৃত্য শিকোৱাৰ দায়িত্ব লয়।
মে’ দিৱসৰ দিনা সিন্ধুৰাই জ্যোতি সংগীতত সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিলে।
পিছে এই ঘটনাক্ৰমৰ আটাইতকৈ উচ্ছাসপূৰ্ণ হৈ উঠে তেতিয়া, যেতিয়া মে’ দিৱসৰ একেবাৰে সামৰণিত কমৰেড গোস্বামীয়ে সিন্ধুৰাক থিয় কৰাই সুধিলে— “কোৱা চোন সিদ্ধুৰা, ডাঙৰ হ’লে তোমাৰ কি হোৱাৰ সপোন আছে?”
সিন্ধুৰা থিয় হৈ টপৰাই উত্তৰ দিলে— “ডাক্তৰ হোৱাৰ সপোন আছে৷”
সভাত সকলোৱে উচ্ছাসত হাত চাপৰি দিলে। পিছে সৰলমনা সিন্ধুৰাই বুজি উঠা নাই- ডাক্তৰ হ’বলৈ তাইৰ সমুখত কি দৰে শ্ৰেণীগত অন্তৰায়বোৰ থিয় হৈ আছে, কি দৰে কোনখন প্ৰাইভেট হায়াৰ ছেকেণ্ডেৰীত পঢ়িলেহে ডাক্তৰ হ’ব পাৰি, কোনটো বিশেষ কোচিং চেণ্টাৰত কোচিং কৰিলেহে বাছনি পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰি! তথাপিও সিন্ধুৰাই সপোন দেখিছে, সিন্ধুৰাৰ দৰে হাজাৰ হাজাৰ অকণমানি সেই চৰম নিষ্ঠুৰ বাস্তৱতাৰ মাজত নিষ্পাপ সপোন দেখে।
ভৱিষ্যতৰ সংকল্প

মে’ দিৱসৰ উপলব্ধি হিচাপে সিন্ধুৰাৰ দৰে সপোন দেখা শিশুসকলক এই ব্যৱস্থাগত শোষণৰ পৰা উদ্ধাৰ কৰিবলৈ সহযোদ্ধা- The P3 আৰু যুৱ বিষ্ণু ৰাভাই সেই দিনা তেওঁলোকৰ কলনিতে এটি শিক্ষাদান প্ৰকল্প স্থাপন কৰাৰ সংকল্প লয়। য’ত হয়তো সিন্ধুৰা দৰে সপোন দেখা অকণমানিহঁতক ডাক্তৰ/ইঞ্জিনিয়াৰ কৰিব নোৱাৰিলেও অন্ততঃ তেওঁলোকক কৰা এই ব্যৱস্থাগত শোষণ বুজি উঠিব পৰাকৈ সক্ষম ব্যক্তি হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে এই মে’ দিৱসৰ উদযাপনৰ সাৰ্থক সমাপ্তি হয়।
(এই মে’ দিৱসৰ এটি অন্যতম সফল productive outcome হ’ল মে’ দিৱসৰ তাৎপৰ্য আৰু আজিৰ সময়ত ইয়াৰ ৰাজনৈতিক তত্ত্বগত দিশটোলৈ লক্ষ্য ৰাখি প্ৰকাশ কৰা “মুক্তিৰ ইস্তাহাৰ” নামৰ পুস্তিকাখন। পুস্তিকাখন সৰু কলেৱৰৰ মাত্ৰ ৫০.০০ টকা মূল্যৰ হ’লেও বহু কেইটা মৌলিক প্ৰৱন্ধ আৰু দুটামান শ্ৰমিক দিৱসৰ প্ৰাসংগিক ক্লাছিক লেখাৰ অনুবাদ প্ৰকাশ কৰা হৈছে। আগ্ৰহী সকলে তলৰ ফোন নম্বৰত যোগাযোগ কৰি পুস্তিকাখন সংগ্রহ কৰিব পাৰিব।)
°°°°°°°°
প্ৰতিবেদক-
অচ্যুৎ মাধৱ দাস, কাৰ্যবাহী সদস্য, সহযোদ্ধা- The P3
ফোন- ৬০০৩২৬২৭৬৬

