পণ্ডিতা ৰমাবাঈৰ ‘দ্য হাইকাষ্ট হিন্দু ৱমেন’ ।। ড০ সন্ধ্যা দেৱী
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
ব্ৰিটিছ ৰাজত্বকালত বহুতো ঘাত-প্রতিঘাত আৰু প্ৰভাৱ-প্ৰতিক্ৰিয়াৰ ফলত ভাৰতীয় নৱজাগৰণৰ উন্মেষ ঘটিছিল। ই কেৱল ঊনবিংশ শতিকাৰ বংগতেই নহয়, সুদূৰ মহাৰাষ্ট্ৰতো ইয়াৰ সূচনা হয়। সেই কালৰ বংগৰ স্বনামধন্য সংস্কাৰক ৰামমোহন, বিদ্যাসাগৰৰ দৰে মহাৰাষ্ট্ৰতো এচাম উদাৰনৈতিক, যুক্তিবাদী আৰু মানৱতাবোধসম্পন্ন বিদ্বান আৰু উদাৰমনা ব্যক্তিৰ মাজতো নৱজাগৰণৰ চেতনাই এক অভূতপূর্ব জোকাৰণি তুলিলে। এই আলোকপ্রাপ্ত লোকসকলৰ মাজত আছিল সমাজ-হিতৈষী বাল জাম্বেকাৰ, পাণ্ডুৰাং তখাণ্ডকাৰ, লোকহিতবাদী গোপালহৰি দেশমুখ, ৰানাডে, আগাৰকাৰৰ দৰে বিশিষ্ট কিছু ব্যক্তি। এই খ্যাতনামা পুৰুষসকলৰ মাজত আমি এগৰাকী নাৰীৰ নামো ল’ব পাৰোঁ। এওঁৰ নাম ৰমাবাঈ— যাৰ গুৰুত্ব আৰু ভূমিকা কেইবাটাও দিশৰ পৰা উল্লেখযোগ্য। ১৮৫৮ চনত জন্মগ্ৰহণ কৰা ৰমাবাঈৰ অগাধ পাণ্ডিত্য আৰু মেধাৰ বাবে তৎকালীন কলিকতাৰ বিদ্বৎসমাজে তেওঁক ‘পণ্ডিতা’ ‘সৰস্বতী’ উপাধিৰে বিভূষিত কৰিছিল। ৰমাবাঈৰ কেৱল প্ৰগাঢ় পাণ্ডিত্যই নাছিল, তেওঁৰ ব্যক্তিত্ব, সাহস, স্পষ্টবাদিতা, আদর্শনিষ্ঠা— এইবিলাক মহৎ মূল্যবোধৰ বাবেও তেওঁ এক স্বনামধন্য ব্যক্তি হিচাপে চিৰস্মৰণীয় হৈ ৰ’ল। এই মূল্যবোধবোৰ তেওঁ আহৰণ কৰিছিল কঠিন বাস্তৱৰ পৰা, যাৰ একাধিক দৃষ্টান্ত আমি তেওঁৰ জীৱনী পঢ়িলে পাওঁ। পৰম্পৰাগত হিন্দু বাতাৱৰণত ডাঙৰ-দীঘল হ’লেও তেওঁ অৱশেষত খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হয়। ইয়াৰ পূৰ্বে তেওঁ ব্ৰাহ্মধৰ্মৰ প্রতিও আকৰ্ষিত হৈছিল। আধ্যাত্মিক ক্ষুধাৰ বাবে তেওঁ ধৰ্মৰ গণ্ডীৰ পৰা ওলাই আহিব পৰা নাছিল। কিন্তু তেওঁৰ আছিল নাৰীৰ সমস্যা আৰু তাৰ সমাধানৰ প্ৰতি তীব্র আগ্রহ। নাৰীৰ প্ৰশ্নটোৰ বিষয়ে চিন্তাচর্চা কৰি স্পষ্ট আৰু বলিষ্ঠভাৱে নাৰীৰ হকে মাত মতাৰ বাবে তেওঁক ‘a pioneer in women’s education and rebel champion of women’s rights’ বুলি ফবছে যথাযোগ্য স্বীকৃতি দিছে। (Geraldine Forbes: Women in Modern India, Cambridge, 1998 P.48) আমি অৱশ্যে আমাৰ এই লেখাটোত ৰমাবাঈৰ চিন্তা আৰু কাম-কাজৰ সামগ্রিক পৰিচয় দাঙি ধৰিবলৈ বিচৰা নাই। অন্য এটা লেখাত আমি এই বিষয়ে কিছু আভাস দিছোঁ। (দ্রঃ সন্ধ্যা দেৱী : নাৰী আৰু নৱজাগৰণ, ২০১৪, পৃঃ ১৭৫-১৯২) আমাৰ মূল বিষয়টো হ’ল ৰমাবাঈৰ এখন পুথি— The High Caste Hindu Women (উচ্চবৰ্ণৰ হিন্দু-নাৰী)। মহিলাৰ কথা বাদেই, কোনো পুৰুষেও সম্ভৱতঃ ঊনবিংশ শতিকাত এনে এখন ব্যতিক্ৰমী আৰু মৌলিক গ্রন্থ লিখিবলৈ সাহ কৰা নাছিল। গ্রন্থখন পঢ়িলে বুজা যায় যে ৰমাবাঈৰ আছিল অসীম মনোবল আৰু উদ্যমসম্পন্না আধুনিকমনা নাৰী— যি পুৰণি পৰম্পৰা আৰু শাস্ত্ৰবচনক প্ৰশ্ন কৰিবলৈ ভয় কৰা নাছিল।
The High Caste Hindu Women লিখাৰ মূল উদ্দেশ্য আছিল ভাৰতীয় নাৰীৰ বৈষম্যপীড়িত জীৱনৰ এক মর্মস্পর্শী ছবি পশ্চিমীয়া সমাজৰ আগত দাঙি ধৰা। কিতাপখন উৎসৰ্গা কৰা হৈছে ৰমাবাঈৰ মাতৃ লক্ষ্মীবাঈ ডংগ্ৰে আৰু তেওঁৰ দূৰ-সম্পৰ্কীয় ভগ্নী আনন্দীবাঈ যোশীক— যি দুগৰাকী নাৰীয়ে পুৰুষতান্ত্রিক ঐতিহ্যৰ ভিতৰত নিজকে আৱদ্ধ ৰাখিবলৈ অস্বীকাৰ কৰিছিল। বহুতে হয়তো ভাবিব যে ধৰ্মান্তৰিত হোৱাৰ ফলতহে ৰমাবায়ে ভাৰতীয় পুৰুষতান্ত্রিক ঐতিহ্যক সমালোচনা কৰিছিল। কিন্তু সেয়া সঁচা নহয়। গভীৰভাৱে শাস্ত্ৰজ্ঞান অৰ্জন কৰাৰ পিছতহে ৰমাবাঈৰ পুৰুষতান্ত্রিক ঐতিহ্যৰ প্ৰতি মোহভংগ ঘটিছিল। তেওঁ কলিকতাত বাস কৰা সময়ত তাৰ বিদ্বৎসমাজৰ অনুৰোধক্রমে তেওঁলোকৰ অন্দমহলৰ নাৰীসকলক শাস্ত্ৰৰ নিৰ্দেশ আৰু নাৰীৰ কৰ্তব্যৰ বিষয়ে জ্ঞান দিবলৈ যাওঁতে ৰমাবায়ে হিন্দুশাস্ত্রবিলাক বিশদভাৱে পঢ়িবলৈ ধৰিলে। কিন্তু হিন্দুশাস্ত্ৰবিলাকৰ স্ব-বিৰোধিতা আৰু বিসংগতি দেখি তেওঁ কিছু হতাশ হ’ল। লগতে তেওঁ মন কৰিলে যে হিন্দুশাস্ত্রই দিয়া নিৰ্দেশ অনুযায়ী নাৰীৰ অৱস্থা শোচনীয়— মান-মর্যাদাৰ পৰা তেওঁলোক বঞ্চিত। পুৰুষৰ দৰে নাৰীসকলৰ মোক্ষলাভৰ কোনো পথ নাই। (Meera Kosambi edited Pandita Ramabai: Through Her own Words, (Selected Works), Oxford, New Delhi, 2000, P. 302, পৰৱৰ্তী প্ৰসংগবোৰত পৃষ্ঠাসংখ্যাৰ উল্লেখ থাকিব।) তেওঁৰ প্ৰভু স্বামীহে—ঈশ্বৰ নহয়। যুগ যুগ ধৰি পুৰুষৰ বশ্যতা স্বীকাৰ কৰিলেহে তেওঁলোকে মুক্তি পাব। ‘She is to workship him with whole- hearted devotion as the only God; to know and see no other pleasure in life except in the most degraded slavery to him, (P. 302)। এনে কথাবিলাকে তেওঁক মৰ্মাহত কৰিলে আৰু তেওঁৰ নিজৰ স্থিতিৰ বিষয়েও সজাগ হ’ল।
১৮৮২ চনত ৰমাবাঈৰ স্ত্ৰীধৰ্ম নীতি প্ৰকাশ পায়। স্ত্রীধর্ম নীতিত দেখা যায় ভাৰতীয় পৰম্পৰা আৰু ঐতিহ্যৰ প্ৰতি ৰমাবাঈৰ অগাধ শ্রদ্ধা। ইয়াত তেওঁ সীতা, সাৱিত্ৰী, লোপামুদ্ৰাৰ দৰে আত্মত্যাগী নাৰীৰ পদানুকৰণ কৰিবলৈ নাৰীসকলক পৰামৰ্শ আগবঢ়াইছে। নাৰীসকলৰ লক্ষ্য হ’ব লাগে পতিব্রতা স্ত্ৰীৰূপে নিজকে গঢ়ি তোলা, কাৰণ স্বামী হ’লগৈ তেওঁৰ প্ৰভু আৰু নিজৰ জীৱনৰ দৰেই প্ৰিয় — ‘He is worthy of trust, venerable like a god, and dear as your own life’ (P. 71) স্ত্ৰী সদায়েই স্বামীৰ আজ্ঞাধীন হোৱাটো বাঞ্ছনীয়—’Whatever work he tells you to do at a certain time, should be done without fail … ( P. 71) তেওঁ স্বামীৰ বিপক্ষে কেতিয়াও যাব নালাগে ।
স্ত্ৰীসকলক স্বামীসকলৰ বশ্যতা স্বীকাৰ কৰিবলৈ ক’লেও সূক্ষ্ম অনুভূতি আৰু সজাগ দৃষ্টিৰে শাস্ত্ৰবিলাক অনুধাৱন কৰাৰ বাবে ৰমাবায়ে পুৰুষসকলৰ হাতত স্ত্ৰীৰ লাঞ্ছনা আৰু নিৰ্যাতিত অৱস্থাৰ কথাও উল্লেখ কৰিবলৈ পাহৰা নাই। উন্নাসিক মনোভাব লৈ পুৰুষসকলে ইচ্ছা মতে নাৰীসকলৰ ওপৰত নিৰ্বিকাৰচিত্তে ক্ষমতা প্ৰদৰ্শনৰ প্ৰৱণতাক তেওঁ কটাক্ষ কৰিছে প্ৰত্যক্ষভাৱে— ‘with a feeling of superiority, [men] exercise power over women as they like.'(P.91) পুৰুষতান্ত্রিক সমাজৰ দ্বৈত মান উদঙাই দি পুৰুষসকলৰ নিষ্ঠুৰতা আৰু লম্পট্যৰ নিদৰ্শন তেওঁ দাঙি ধৰিছে বিনাদ্বিধাই। (P.70) ধৰ্মীয় আদেশ বুলি নাৰীসকলে বশ্যতা মানি লৈছে ঠিকেই, কিন্তু ৰমাবাঈৰ অৰ্থপূৰ্ণ ইংগিত হ’ল—ধর্মশাস্ত্ৰবিলাক হ’ল পুৰুষসকলৰ স্বাৰ্থক বৈধতা প্রদান কৰাৰ উপায়— ‘with this in mind, they have a written the dharma Sastras, which favour the self-interest of men (P.90) আমি নিঃসন্দেহে ক’ব পাৰোঁ যে তৎকালীন সমাজত এনে ধৰণৰ নিৰ্ভীক শাস্ত্ৰ-সমালোচনাৰ নমুনা বিৰল। ইয়াত প্ৰতিফলিত হৈছে ৰমাবাঈৰ আধুনিক আৰু বৈপ্লৱিক চিন্তাৰ বৈশিষ্ট্য।
স্ত্রীধর্ম নীতি বিক্ৰী কৰি পোৱা ধনেৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত ১৮৮৩ চনত ডাক্তৰী বিদ্যা আয়ত্ত কৰাৰ উদ্দেশ্যে ৰমাবাঈ ইংলেণ্ডলৈ যাত্ৰা কৰে। ইংলেণ্ডত ভৰি দিয়েই তেওঁ লিখি উলিয়ালে The Cry of Indian Women. উদ্দেশ্য আছিল বিধৱাসকলৰ বাবে পুনেত সেৱাশ্ৰম প্ৰতিষ্ঠাৰ উদ্দেশ্যে ধন সংগ্ৰহ কৰা। (P. 112 ) ইংলেণ্ডৰ সমাজ মুক্ত পৰিৱেশ, নাৰীসকলৰ স্বাধীনতা আৰু তাৰ নাৰী সংগঠনবিলাকৰ কাৰ্যকলাপে সম্ভৱতঃ ৰমাবাঈৰ চেতনালৈ উল্লেখযোগ্য পৰিৱৰ্তন আনিছিল। ৰমাবায়ে হয়তো তুলনা কৰি নিজৰ দেশৰ নাৰীৰ শোচনীয় অৱস্থাৰ কথা বেছিকৈ উপলব্ধি কৰিছিল। সম্ভৱতঃ এনে ধৰণৰ অভিজ্ঞতাই ৰমাবাঈক The Cry of Indian Womenখন লিখাত প্ৰেৰণা যোগালে। এই লেখাটোত এক তাৎপর্যপূর্ণ মন্তব্য পাওঁ — ‘I think that the condition of women in India is not better than that of animals in hell.’ (P.106) হিন্দু বিধৱাসকলৰ দাসীসুলভ হীনাৱস্থাৰ উল্লেখো এই সমালোচনামূলক লেখাটোত আছে— ‘It is considered to be a widow’s duty to be working all day and night like a female slave.’ (P. 109) ইংলেণ্ডত থকাৰ সময়তেই তেওঁ Wantage Sistersসকলৰ লগত পতিতা আশ্ৰম দৰ্শন কৰিবলৈ যাওঁতে আশ্রমবাসিনীসকলৰ প্ৰতি ছিষ্টাৰসকলৰ সেৱা আৰু দৰদী মনোভাব দেখি তেওঁ চেতনাত এক তীব্ৰ জোকাৰণিৰ সৃষ্টি হ’ল । কাৰণ হিন্দুসকলৰ মতে পতিতাসকল পাপী, বিপথগামিনী আৰু অস্পৃশ্য। তেওঁলোকক নিৰ্মমভাৱে সমাজচ্যুত কৰা হয়। ইতিমধ্যে তেওঁ বাইবেলখনো পঢ়াৰ সুবিধা লাভ কৰে। খ্ৰীষ্টানসকলৰ উদাৰ সমাজব্যৱস্থা, সেৱাপৰায়ণতা আৰু মানৱতাবোধে তেওঁক গভীৰভাৱে আকৃষ্ট কৰে আৰু অৱশেষত ১৮৮৩ চনৰ শেষৰ ফালে তেওঁ খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হয়। জাতপ্রথাৰ প্ৰাধান্য থকা হিন্দুধৰ্মৰ তুলনাত খ্ৰীষ্টান ধৰ্মত জন্মগত সামাজিক বৈষম্যৰ প্রাবল্য নাই। নাৰী-পুৰুষৰ সম্পৰ্ক আৰু মৰ্যাদাৰ প্ৰশ্নটোত উচ্চবৰ্ণৰ হিন্দুৰ দৰে খ্ৰীষ্টানসকলৰ ধৰ্মীয় অনুশাসন নিমৰ্ম আৰু কঠোৰ নহয়। ৰক্ষণশীল পৰিৱেশত ডাঙৰ-দীঘল হৈ শাস্ত্ৰ অধ্যয়নত মনোনিৱেশ কৰা ৰমাবাঈৰ চকুত নিশ্চয় এই পার্থক্যবোৰ ধৰা পৰিছিল। গতিকে আমি ক’ব পাৰোঁ যে হিন্দুশাস্ত্ৰৰ উগ্ৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ আৰু নাৰীৰ প্ৰতি নির্মমতাই যে ৰমাবাঈক ধৰ্মান্তৰিত হোৱাত উদ্গনি দিছিল সেইটো নিঃসন্দেহ। সেয়ে আমি সহজেই অনুমান কৰিব পাৰোঁ যে ইতিমধ্যে কিছু নাৰীবাদী সজাগতা আহৰণ কৰা ৰমাবাঈ ধৰ্মান্তকৰণৰ মূলতে আছিল হিন্দুধৰ্মৰ থকা নাৰী-বৈষম্যৰ বিৰুদ্ধে এক প্ৰতিবাদ।
ইংলেণ্ডত থকা কালতেই ১৮৮৭ চনত ৰমাবাঈ The High Caste Hindu Women প্রকাশ পায়। উচ্চবৰ্ণৰ হিন্দু মহিলাৰ অন্ধকাৰচ্ছন্ন-অৱৰুদ্ধ জীৱনৰ বিষয়ে লিখাৰ উদ্দেশ্য আছিল যদিও কিতাপখন লিখাৰ আঁৰত আন এটা লক্ষ্যও আছিল। সেইটো হৈছে— কিছু পুঁজি সংগ্ৰহ কৰা। ৰমাবাঈ ইংলেণ্ডৰ পৰা আমেৰিকালৈ গৈ পোৱাৰ পূৰ্বেই গ্ৰন্থখন প্ৰায় দহ হেজাৰ কপি বিক্রী হয় (Forbes : Women in Modern India, P. 47) ইয়াৰ আগতে ভাৰতত তেওঁ স্ত্রীধৰ্ম নীতি প্রকাশ কৰি ইংলেণ্ডত ডাক্তৰী পঢ়াৰ বাবে অর্থ যোগাৰ কৰি স্বাৱলম্বী হৈছিল। কিতাপখন পৰম্পৰাবিৰোধী নাছিল বাবেই হয়তো ভাৰতীয় সমাজে তাক আদৰি ল’লে। সম্ভৱতঃ তেৱেঁই আছিল ঊনবিংশ শতিকাৰ প্ৰথম জনাজাত মহিলা, যি নিজৰ জীৱিকাৰ বাবে হাতত কলম তুলি লৈছিল—’She was probably one of the first known women who wrote and lectured for a living in the nineteenth century.’ (Uma Chakravati : Rewriting History: The Life and Times of Ramabai :New Delhi, 2000, P.316)। আর্থিকভাৱে নিঃস্ব বা দুৰ্বল হ’লেও তেওঁৰ মনোবল আৰু আত্মবিশ্বাস আছিল অসীম।
ভাৰতৰ উচ্চবৰ্ণ সমাজৰ সাংস্কৃতিক ঐতিহ্যৰ যি বৈষম্যমূলক পুৰুষতান্ত্রিক চৰিত্ৰ সেই ছবিখন The High Caste Hindu Women গ্ৰন্থখনত স্পষ্ট। কেৱল বিশাল শাস্ত্রজ্ঞানেই নহয়, অভিজ্ঞতা আৰু পৰ্যবেক্ষণকো ৰমাবায়ে নিজৰ বক্তব্যৰ আধাৰৰূপে ব্যৱহাৰ কৰা দেখা যায়। উল্লেখ্য যে নিজৰ কৰ্মসূচীৰ ক্ষেত্ৰতো ৰমাবায়ে অভিজ্ঞতাৰ পৰা প্ৰয়োজনীয় প্ৰেৰণা লাভ কৰিছিল। ৫ বছৰত বিবাহ আৰু ১২ বছৰত বিধৱা হোৱা এগৰাকী নাবালিকাই স্বামীৰ ঘৰত পোৱা লাঞ্ছনা আৰু কষ্টকৰ জীৱনৰ চাক্ষুষ অভিজ্ঞতাই ৰমাবাঈক বিধৱা আশ্রম খোলাৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰিছিল। তেওঁ লিখিছে—As I looked on that little figure, my vague thought about doing something for my sisters in a similar condition began to take shape… I began to place a plan for starting a home for Hindu widows before my countryman and to ask for their help. For six months or more I tried my best to get help but could not…’ (Uma Chakravarty : Rewrting History, P. 315)
সি যি কি নহওক, মূল বিষয় ৰমাবাঈ The High Caste Hindu Women প্ৰসংগলৈ যোৱা যাওক। তাৰ আগতে অৱশ্যে ঐতিহ্যৰ বিশেষ এটা দিশলৈ চকু দিয়া উচিত হ’ব। ৰমাবাঈৰ মতে ভাৰতীয় ঐতিহ্যৰ আলোচনাত সাধাৰণতে মাতৃ-বন্দনাৰ সগর্ব উল্লেখ পোৱা যায়। ধর্মশাস্ত্ৰ, পুৰাণ, স্মৃতি আদি সকলোতেই মাতৃবন্দনাই ভুমুকি মাৰে। কোৱা হৈছে— মাতৃক এক সন্মানীয় স্থানত অধিষ্ঠিত কৰাৰ পৰম্পৰা আধুনিক যুগলৈকে অব্যাহত হৈ আছে। বিবেকানন্দই কৈছে—
‘The ideal of womanhood in India is motherhood- that marvelous unselfish, all suffering, ever forgiving mother, (Swami Vivekananda : Women of India, Madras P. 12 ) কেৱল বিবেকানন্দই নহয়, আল্টেকাৰৰ দৰে যশস্বী পণ্ডিতেও ভাৰতীয় ঐতিহ্যৰ মাতৃ-বন্দনাক অকুণ্ঠভাৱে প্ৰশংসা কৰা দেখা যায় (Dr. A. S. Altekar : The Position of Women in Hindu Civilization, New Delhi, 1959, P. 101) অৱশ্যে এই প্ৰকাৰ প্ৰশস্তিৰ বিপৰীতে আমি তাৎপর্যপূর্ণ বিসম্বাদৰ সাক্ষ্যও পাওঁ। এইধৰণৰ বিসম্বাদে নাৰীৰ সামাজিক অৱস্থাৰ পটভূমিত মাতৃ-বন্দনাৰ প্ৰকৃত স্বৰূপ বিচাৰ কৰিবলৈ চেষ্টা কৰে। উদাহৰণ হিচাপে সুকুমাৰী ভট্টাচাৰ্যই ঐতিহ্যৰ প্ৰশংসাসূচক মূল্যায়ন খণ্ডন কৰিছে দৃঢ়ভাৱে। তেওঁ মতে— “But apotheosis may not reflect the actuality of women’s status, it may be compensatory; seeking to recompense society’s indifference to the mother.” (Sukumari Bhattacherji, Women and Society in Ancient India, Calcutta, 1994, P. 16) এই উক্তিত বিবেকানন্দৰ উচ্ছ্বাস নাই ।
The High Caste Hindu Womenত ৰমাবায়ে উল্লিখিত প্রায় পৰস্পৰবিৰোধী মতামত দুটাৰ মাজত এটা বিশেষ স্থিতি লৈছে। তেওঁ কৈছে— আর্য হিন্দুৱে নাৰীক সন্মান কৰিছিল আৰু এতিয়াও সেই সন্মানৰ অলপ ভাগ নাৰীয়ে পায়। তেওঁৰ স্পষ্ট মত— আন কোনো দেশত ভাৰতৰ দৰে মাতৃক সন্মান কৰা নহয়। (P. 150) কিন্তু ৰমাবাঈৰ এই প্ৰশংসাতেই বক্তব্য শেষ হোৱা নাই আৰু ইয়াতেই তেওঁৰ চিন্তাৰ নিৰ্মোহ চৰিত্ৰ তথা নাৰীসুলভ সংবেদনশীলতাৰ পৰিচয় পোৱা যায়। মাতৃ-বন্দনাক প্ৰশংসা কৰিয়েই তেওঁ কৈছে— “But there is a reverse side to the shield that should not be left unobserved.’ (P. 151 ) এইক্ষেত্ৰত মনুৰ উক্তিবিলাক এক জ্বলন্ত উদাহৰণ। ৰমাবায়ে নাৰী-বন্দনাৰ reverse sideৰ নমুনা হিচাপে মনুৰ শাস্ত্ৰৰ পৰা কেইবাটাও উদ্ধৃতি দিছে। প্ৰফুল্ল নাৰায়ণ বৰুৱাই কৰা মনুসংহিতাৰ অসমীয়া অনুবাদৰ সহায়ত আমি ৰমাবাঈৰ সমালোচনাৰ মৰ্ম বুজিবলৈ যত্ন কৰিব পাৰোঁ। ৰমাবায়ে উল্লেখ কৰা দুটামান শ্লোক এই ধৰণৰ— ‘পুৰুষে নিজৰ স্ত্ৰীক অহৰ্নিশে স্বতন্ত্রতা দিব নালাগে’ বা ‘স্ত্রী কেতিয়াও স্বাধীনতাৰ যোগ্য নহয়’ অথবা ‘পুৰুষক দুষিত কৰাটো তিৰোতাৰ স্বভাৱ।’(মনুসংহিতা, অসমীয়া অনুবাদ ডাঃ প্রফুল্ল নাৰায়ণ বৰুৱা’, ডিব্ৰুগড়, পৃঃ ২৩৭) গুৰুত্বপূৰ্ণ কথা হ’ল, মনুৰ নিন্দাই সকলো নাৰীকে সাঙুৰি লৈছে, মাতৃসকলেও আনকি ইয়াৰ পৰা অব্যাহতি পোৱা নাই। শাস্ত্ৰকাৰসকলৰ মাতৃ-বন্দনাৰ ঘাই উদ্দেশ্য হ’ল নাৰী-নিন্দাৰ কদৰ্য ৰূপ আকৰ্ষণীয় আৱৰণেৰে ঢাকি ৰখা। হয়তো এনে বন্দনাই এচাম শাস্ত্ৰকাৰৰ অপৰাধবোধৰ তীব্ৰতাও হ্ৰাস কৰে। সি যি কি নহওক, শাস্ত্ৰীয় নাৰী-নিন্দাই যে শাস্ত্ৰ-বিশ্বাসী পুৰুষৰ মনোভাৱক প্ৰদূষিত কৰে তাৰ আভাস দিবলৈ ৰমাবায়ে হেলা কৰা নাই— ‘Such is the opinion of Manu concerning all women; and all men with more or less faith in the law regard women, even though they be their own mothers, as impure as falsehood itself.’ (P. 151) বুজিবলৈ অসুবিধা নহয় যে পুৰুষতান্ত্রিক শাস্ত্ৰীয় ঐতিহ্যৰ নাৰীবিদ্বেষী চৰিত্ৰ অনুধাৱন কৰাত ৰমাবাঈ সম্পূৰ্ণ সফল হৈছিল।
ৰমাবায়ে The High Caste Hindu Womenত এক গুৰুত্বপূৰ্ণ তথ্য আমাৰ আগত দাঙি ধৰিছে। ধৰ্মশাস্ত্ৰৰ সহায় লৈ ঐতিহ্যপন্থীসকলে নাৰী স্বভাৱগতভাৱে নীচ আৰু কামুক বুলি এক বদ্ধমূল ধাৰণা গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ঘাইকৈ এনে নেতিবাচক ধাৰণাৰ ফলত ক্ৰমশঃ নাৰীসকল অন্তেষপুৰৰ বাসিন্দা হৈ পৰিল। কিছু লোকৰ ধাৰণা মুছলমান আক্ৰমণৰ পিছৰ পৰাই এই প্ৰথাৰ উদ্ভৱ। ৰমাবাঈৰ ৰচনাত আমি আন ধৰণৰ তথ্য পাওঁ। মুছলমানৰ আগমনৰ পিছত অৱৰোধ প্ৰথা অধিক পীড়নমূলক হৈ পৰিল বুলি উল্লেখ কৰিলেও খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰাই এই অনিষ্টকৰ প্ৰথাৰ প্ৰচলন আছিল বুলি তেওঁ পৰিষ্কাৰকৈ কৈছে— ‘that it existed from about the sixth century B.C. can not be denied.’ (P. 152)। উল্লেখ্য, বাল্যবিবাহ ব্যাপক হোৱাৰ প্ৰসংগতো ৰমাবায়ে দ্বাদশ শতিকাত হোৱা মুছলমান আক্ৰমণকাৰীৰ নীতিহীন স্বভাৱক দোষাৰোপ কৰিছে। (P. 142)। লক্ষণীয় যে অৱৰোধ প্ৰথাৰ দৰে বাল্যবিবাহৰ ক্ষেত্ৰতো তেওঁ মুছলমানসকলক জগৰীয়া কৰি ঐতিহ্যক নিকা ৰূপ দিবলৈ যত্ন কৰা নাই। তেওঁ কৈছে যে বাল্যবিবাহ ভাৰতৰ প্ৰাচীন প্রথা নহ’লেও মনুৰ দিনৰ পৰাই ইয়াৰ প্ৰচলন আছিল। মনুৱে উচ্চবৰ্ণৰ বালিকাসকলৰ বিবাহ ৮ বছৰৰ পৰা ১২ বছৰৰ ভিতৰত হোৱা উচিত বুলি বিধান দিছে। (PP. 141 142 )
The High Caste Hindu Women পঢ়িলে আমি লক্ষ্য কৰোঁ যে ৰমাবায়ে নাৰী-দমনৰ বিষয়ে লিখোঁতে তেওঁৰ বক্তব্যৰ সমৰ্থনত অধিকাংশ ক্ষেত্ৰত মনুৰ পৰা উদ্ধৃতি দিছে। ধৰ্মীয় অনুশাসনৰ আৱৰণ দি নাৰী-শোষণৰ বৈধতা প্ৰদান কৰি মনুৱে যুগ যুগ ধৰি নাৰীসকলক এক গৃহ-কাৰাগাৰত বন্দী কৰি থৈ গ’ল। তেওঁৰ অজস্ৰ নাৰী-নিন্দাৰ উক্তিয়ে নাৰীক অৱহেলা আৰু অবিশ্বাসৰ পাত্ৰী কৰিলে। ৰমাবাঈৰ চকুত ই নিশ্চয় আছিল এক অক্ষমণীয় অপৰাধ, কাৰণ এই দমন-নীতিয়ে ভাৰতীয় নাৰীসকলক এক অৱৰুদ্ধ, সন্মানহীন আৰু দাসীসুলভ জীৱন যাপন কৰিবলৈ বাধ্য কৰিলে। এই সন্দৰ্ভত ৰমাবাঈৰ মতামত হ’ল— ‘Those who diligently and impartially read Sanskrit literature in the original cannot fail to recognize the law-giver Manu as one of those hundreds who have done their best to make women a hateful being in the world’s eye.’ (P. 152)ত শাস্ত্ৰত নাৰী সম্পর্কে দুই-এটা প্রশস্তিমূলক উক্তি পোৱা যায় ঠিকেই, কিন্তু ৰমাবাঈৰ মতে সি হৈছেগৈ নির্দয় পৰিহাসহে— ‘True, they contain here and there a kind word about them, but such words, seem to me a heartless mockery after having charged them, as a class, with crime and evil deeds.(P. 152 )নাৰী-দৃষ্টিকোণৰ পৰা স্পষ্টভাৱে আৰু নিৰ্ভীক ভংগীৰে বহুজনশ্ৰদ্ধেয় শাস্ত্রীয় ঐতিহ্যক আঘাত কৰিছিল বাবেই হয়তো The High Caste Hindu Womenক মীৰা কোশ্বাম্বীয়ে ‘feminist manifesto’ বুলি অভিহিত কৰিছে। (Meera Kosambi: Crossing Threshold. Feminist Essays in Social History, Ranikhet, 2007, P.43)। ইয়াৰ আগতে ১৮৮৩ চনত আন এগৰাকী আত্মসচেতন আৰু তীব্ৰ সংবেদনশীল নাৰীৰ লেখাতো মনুৰ দৰে শাস্ত্ৰসকলৰ বিৰুদ্ধে চোকা সমালোচনা পাওঁ। তেওঁ আছিল ১৯৫০ চনত জন্মগ্ৰহণ কৰা তাৰাবাঈ সিন্ধে। তেওঁ স্পষ্টবাদিতাৰ প্ৰমাণ দি এইদৰে লিখিছিল— ‘স্ত্রীধৰ্মৰ দোহাই দি সাধাৰণতে দাম্পত্য জীৱন দৃঢ় আৰু স্থায়ী কৰা হয়। কিন্তু বাস্তৱ জীৱনৰ স্ত্ৰী হৈ পৰে এক মুক্ত দাসী।’ (Rosaland O Hanlon : Comparison between Women and Men: Tarabai Shinde and the Critique of Gender Relations in Colonial India, O.U.P. 1994, P. 79) ৰমাবাঈ সমসাময়িক ৰখমাবাঈৰো আছিল একেই ক্ষোভ। তেওঁৰ মতে ঐশ্বৰিক অধিকাৰসম্পন্ন শাস্ত্ৰকাৰসকল পুৰুষ হোৱাৰ হেতুকে পুৰুষে এনে এক নৈতিক ৰাজ্য সৃষ্টি কৰিছে— যাৰ সহায়ত নাৰীক হেয় জ্ঞান কৰি তেওঁলোকে ইচ্ছামতে নাৰীৰ প্ৰতি যিকোনো ধৰণৰ মনোভাব প্রকাশ কৰিব পাৰে— ‘Our law givers (i.e. the writers of Shastras) being men… who by right divine can treat or maltreat us at his sweet will.’ (Meera Kosambi, Crossing Thresholds… P. 26) কিছু বছৰৰ পাছত মহাৰাষ্ট্ৰৰ কাশীবাঈ কানিট্কাৰেও একে ধৰণৰ ক্ষুব্ধ মতামত দিছে। (Ibid, P. 26)কোৱা বাহুল্য যে এইসকল নাৰীয়ে তেতিয়া গঢ় লৈ উঠা জাতীয়তাবাদী চেতনাৰ জনপ্ৰিয়তা সত্ত্বেও ঐতিহ্যক সমালোচনাৰ পৰা ৰেহাই দিয়া নাছিল।
হিন্দু নাৰীয়ে জীৱনৰ সার্থকতা লাভ কৰে পুত্ৰৰ জননীৰূপে। ধৰ্মীয় অনুশাসনৰ মতে পুত্ৰৰ অবিহনে পিতৃয়ে স্বৰ্গ লাভ কৰিব নোৱাৰে। সেয়েহে পুত্ৰৰ প্ৰতি হাবিয়াস— এইক্ষেত্ৰত কন্যা অবাঞ্ছনীয়। তদুপৰি পৰিয়ালৰ প্ৰয়োজন, সমাজৰ ৰক্ষণাবেক্ষণ আৰু যুদ্ধ-বিগ্ৰহত আছিল পুত্ৰ-শক্তিৰ প্ৰয়োজন। কেৱল ৰক্ষাকৰ্তা হিচাপেই নহয়, পিতৃৰ সম্পদৰ উত্তৰাধিকাৰী হিচাপেও পুত্ৰ প্ৰয়োজন আছিল। অৰ্থাৎ বল আৰু বিত্ত— দুয়োৰে লগত পুত্ৰ সংযুক্ত হৈ আছিল বাবেই পুত্ৰ লাভৰ আকাংক্ষা বা কামনা ইমান তীব্ৰ। পুত্ৰ কামনাৰ অজস্ৰ উদাহৰণ বৈদিক যুগৰ পৰাই আছে। ভগৱানৰ ওচৰত পুত্ৰ কামনাৰ প্ৰাৰ্থনা অৰ্থবেদত এইদৰে উচ্চাৰিত হৈছে— ‘এই নাৰীক তুমি উৎকৃষ্ট পুত্ৰৱতী আৰু সৌভাগ্যৱতী কৰা, এই গৰ্ভত দহ পুত্ৰৰ সংস্থাপন কৰা, পতিক লৈ একাদশ ব্যক্তি কৰা।’ (কল্যাণী বন্দ্যোপাধ্যায় ধর্ম ও নাৰী : সেকাল ও একাল, কলিকতা, ১৯৯৮, পৃঃ৮৪) পিতৃতান্ত্রিক সংস্কৃতিৰ এই পুত্ৰপ্ৰীতিৰ আলোচনা আমি বিশদভাৱে The High Caste Hindu Women পাঁও। এই পুত্ৰ-কামনা চৰিতাৰ্থ কৰিবলৈ গৈ বলিৰ পঠা হয় সন্তানসম্ভৱা মাতৃগৰাকী। উদ্বেগ আৰু আতংকৰ বাবে তেওঁৰ জীৱন হৈ উঠে দুর্বিসহ মানসিকভাৱে যন্ত্রণাক্লিষ্ট। কাৰণ কন্যা সন্তানে লৈ আনে ঘৃণা, অৱজ্ঞাৰ বোজা আৰু মৰ্যাদাৰ স্ফলন। এই সন্দৰ্ভৰ নাৰীসুলভ সহমর্মিতাৰে ৰমাবায়ে লিখিছে— ‘In no other country is the mother, so laden with care and anxiety on the approach of childbirth as in India. In most cases her hope of winning her husband to herself hangs solely on her bearing son.’ বহুক্ষেত্ৰত মাতৃগৰাকী পুত্ৰৱতী হ’লেহে স্বামীৰ মন জয় কৰিব পাৰে। (P. 136) কন্যা সন্তানৰ আদৰ পৰিয়ালত নাই। ৰমাবাঈৰ মতে মনুৰ শাস্ত্ৰখন ফঁহিয়াই চালে আমি মাত্র এটি শ্লোকহে কন্যাৰ পক্ষে পাওঁ— ‘A daughter is equal to son.’ কন্যা পুত্ৰৰ সমপৰ্যায়ৰ সেইটো ঠিক, কিন্তু পুত্ৰ বিনে পিতৃৰ স্বৰ্গপ্রাপ্তি হ’ব নোৱাৰে। সেয়েহে সকলো পিতৃৰ পুত্ৰহে কাম্য, কন্যা নহয়। কন্যা আন এজনৰ ‘সম্পত্তি’, সেয়েহে পিতৃগৃহত তেওঁ সদায়েই অৱহেলাৰ পাত্ৰী। এই ধর্মীয় অনুশাসনতেই পৰিয়াল, সমাজ আৰু সংস্কাৰৰ আন্তঃসম্পর্ক জড়িত হৈ থাকে বাবে কন্যা সন্তান হৈ পৰে গৌণ আৰু প্ৰায় অস্তিত্বহীন। কন্যা সমাদৃত নহয় বাবে কন্যা সন্তানৰ জন্মও সমাদৃত নহয়। কন্যাদায়গ্রস্ত পিতৃৰ অৱস্থা আৰু শোচনীয়, কিয়নো কন্যাৰ বিবাহ মানে পিতৃ অর্থনৈতিকভাৱে বিধ্বস্ত হোৱা। যদি দুগৰাকীতকৈ বেছি কন্যা থাকে তেতিয়া হ’লে তেওঁৰ সৰ্বনাশ, তেওঁ সৌভাগ্যহীন আৰু পুতৌৰ পাত্ৰ । কাৰণ কন্যাদানৰ চিন্তাত তেওঁ উদ্বেগপীড়িত। সেয়েহে ক্ষত্ৰিয় ৰাজপুত্ৰসকলে শিশু কন্যা বধ কৰে— যি আমানুষিক প্রথা সমাজিকভাৱে স্বীকৃত। ইংৰাজে ইয়াৰ বিৰুদ্ধে আইন প্রণয়ন কৰিছে যদিও কাৰ্যকৰী কৰাত বিফল হৈছে। ১৮৭০ চনৰ লোকগণনাৰ পৰা জনা যায় যে এবছৰৰ ভিতৰত অমৃতসৰ চহৰৰ পৰা তিনি শিশু নিখোজ হৈছিল কুকুৰনেচীয়া বাঘৰ বাবে আৰু তাৎপৰ্যপূৰ্ণভাৱে সকলো শিশু আছিল ছোৱালী— ‘The Census of 1870 revealed the curious fact that three hundred children were stolen in one year by wolves from within the city of Umritzer (Amritsar), all the children being girls, and this under the very nose of the English government.’ (P. 141) মন কৰিবলগীয়া কথা যে নাৰীজীৱনৰ প্ৰতি উন্মাসিক মনোভাবাৰ কাৰণে ৰমাবায়ে চৰকাৰক সমালোচনা কৰিবলৈ দ্বিধাবোধ কৰা নাছিল। ১৮৮৭ চনত বোম্বেৰ গৱর্ৰণক কৰা চোকা আৰু সাহসী সমালোচনাতো আমি একেই বলিষ্ঠ ভাবধাৰাৰ প্ৰকাশ পাওঁ।
The High Caste Womenত ৰমাবায়ে পর্যবেক্ষণ আৰু পাণ্ডিত্যৰ ভিত্তিত ভাৰতীয় বিবাহৰ ৰীতি-নীতি সম্পৰ্কেও তেওঁৰ নিজৰ মতামত দিছে। তেওঁ কিন্তু ভাৰতীয় বিবাহ-প্ৰণালীক সম্পূর্ণভাৱে ধিক্কাৰ দিয়া বা নাকচ কৰা নাই। তেওঁৰ মতে প্ৰাচীন ভাৰতীয় ব্যৱস্থাত এনে কিছু বিধি আছে, য’ত ধৰ্মীয় অনুশাসনৰ ভূমিকা নাই আৰু সাক্ষীৰো প্ৰয়োজন নাই। এনে বিবাহৰ এটা নমুনা হ’ল–প্ৰেমিক-প্ৰেমিকাৰ স্ব-ইচ্ছাৰে অনুষ্ঠিত বিবাহ— য’ত পৰস্পৰৰ মাজত আনুগত্যই মূল মন্ত্ৰ।(P. 142) গুৰুত্বপূৰ্ণ কথা হ’ল, এনে ৰীতিত কন্যাই প্রথমে মনৰ ইচ্ছা ব্যক্ত কৰিও নিজৰ পছন্দৰ কথা সদৰী কৰিব পাৰে— ‘Women as well as men were quite free to choose their own spouses. ‘ ( P. 142 ) উল্লেখযোগ্য যে স্বয়ম্বৰ প্ৰথা ভাৰতত একাদশ শতিকালৈকে দেখা গৈছিল। কন্যাসকলে নিজৰ সংগী বাছি নিজেই প্রথম পদক্ষেপ লোৱাৰ এনে প্ৰথা ইউৰোপ বা আমেৰিকাৰ দেশসমূহতো নাছিল। (P. 142) ৰমাবায়ে অৱশ্যে নাৰীৰ দাম্পত্য জীৱনৰ পীড়াদায়ক দিশটোক আওকাণ কৰা নাই। এই সন্দৰ্ভত তেওঁৰ ব্যতিক্রমী মত মন কৰিবলগীয়া। তেওঁৰ মতে ভাৰতত কন্যাবিলাকৰ শৈশৱৰ আনন্দময় মুক্ত দিনবিলাক হঠাৎ ৰুদ্ধ হয় বিবাহ নামৰ চৰম বিপর্যয়ৰ বাবে – ‘Then lo, all at once the ban of marriage is pronounced and the yoke put on her neck forever.’ (P. 147 ) ৰমাবায়ে ইয়াত প্ৰয়োগ কৰা দুটা শব্দ চিন্তা কৰিবলগীয়া— ‘Yoke’ আৰু ‘forever’ অর্থাৎ নাবালিকাগৰাকী নাঙল টনা বলধৰ দৰে জীৱনব্যাপী এই অত্যাচাৰ আৰু পীড়ন ভুগিব লাগিব। এই শব্দ দুটাৰ জৰিয়তে তেওঁ প্ৰকাশ কৰিছে তেওঁৰ অনুকম্পা আৰু ক্ষোভমিহলি প্ৰতিক্ৰিয়া। ৰমাবাঈৰ মতে সুখী আৰু প্ৰীতিপূর্ণ দম্পতী নিশ্চয় আছে, য’ত পত্নীসকলৰ কোনো অভিযোগ নাই, কিন্তু তাত চিন্তা, কৰ্ম বা আচৰণৰ সুযোগ পত্নীগৰাকীৰ নাথাকে। কথা হ’ল, স্ত্ৰীসকলে নিজেই স্বাধীনতাৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰে, সেয়ে তেওঁলোক বৈবাহিক জীৱনৰ বন্দিত্বক লৈ সন্তুষ্ট since wives have never known from the beginning what freedom is, they are generally well content to remain in bondage.’ (P. 149)।
শাস্ত্রীয় নির্দেশক্রমে স্ত্ৰী সদায় স্বামীৰ অধীন। স্বামীৰ সকলো নিয়ম-নিৰ্দেশ মূক দাসীৰ দৰে স্ত্ৰীয়ে মানিবলৈ বাধ্য, কাৰণ মনুৰ মতে স্ত্ৰীসকল হ’ল স্বামীসকলৰ সম্পত্তিসদৃশ— ‘The wife is declared to be the marital property of her husband, and is classed with ‘Cows, mares, female camels, slave- girls, buffalo cows, she goats and ewes (Manu ix 48-51) ৰমাবাঈৰ মতে এই আধুনিক যুগতো এই চৰিত্ৰৰ কোনে পৰিৱৰ্তন হোৱা নাই। আনকি প্ৰতাপী ব্ৰিটিছ শাসকসকলো তেওঁলোকৰ কঠোৰ আইনৰ জৰিয়তে ইয়াক সলনি কৰা নাই। আইন আৰু ঐতিহ্য অনুসৰি পত্নী কেনেকৈ স্বামীৰ অধীন হৈ পৰে তাৰ দৃষ্টান্তৰূপে ৰমাবায়ে ৰখমাবাঈ মোকৰ্দমাৰ বিষয়ে উল্লেখ কৰিছে। শিশু অৱস্থাতে বিবাহ হোৱা সুশিক্ষিতা কুৰি বছৰীয়া ৰখমাবাঈ বিয়াৰ ৯ বছৰৰ পিছত লম্পট আৰু অসৎ চৰিত্ৰ স্বামী দাদাজী ভিখাজীৰ ঘৰলৈ যাবলৈ অমান্তি হয় আৰু পুৰুষতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে প্রতিবাদ কৰে। ফলত দাদাজীয়ে ১৮৮৪ চনত ৰখমাবাঈৰ বিৰুদ্ধে আদালতত গোচৰ দিয়ে। ইংৰাজ বিচাৰপতিয়ে ৰখমাবাঈৰ বিৰুদ্ধে ৰায় দিয়ে, কাৰণ “A denial of conjugal rights was made punishable by imprisonment (Uma Chakravarty: Rewriting History. P. 139)’ অর্থাৎ দাদাজীয়ে চৰকাৰৰ পূৰ্ণ সমর্থন পালে। ব্ৰিটিছ চৰকাৰৰ এনে অনুদাৰ ভূমিকাত ৰমাবাঈ ক্ষুণ্ণ হ’ল। তেওঁ হৃদয়ংগম কৰিব পাৰিলে ভাৰতীয় পুৰুষতান্ত্রিক ঐতিহ্যৰ প্ৰতি ব্ৰিটিছ পুৰুষতান্ত্রিক আইনৰ সহমর্মিতা আৰু সমর্থন। সুসভ্য বুলি জনাজাত ইংৰাজসকলেও এইক্ষেত্ৰত নাৰীৰ পক্ষে অৱদমনমূলক প্রথাবোৰ বিলোপ কৰিবলৈ অপাৰগ। ই অৱশ্যে পুৰুষতান্ত্ৰিক প্ৰথাৰেই চৰিত্ৰ। এই ঐতিহ্যৰ প্ৰতি ৰমাবাঈৰ চোকা, স্পষ্ট আৰু বলিষ্ঠ সমালোচনা আছিল এনেধৰণৰ—’We cannot blame the English government for not defending a helpless women; it is only fulfilling its agreement made with the male population of India… Should England serve God by protecting a helpless woman against the powers and principalities of ancient institutions, Mammon would surely by displeased, and British profit and rule in India might be endangered thereby. Let us wish it success, no matter if that success be achieved at the sacrifice of the rights and the comfort of over one hundred million women.'(P. 158) বিভিন্ন দেশৰ পুৰুষতন্ত্ৰৰ মাজত সাংস্কৃতিক বা অন্য ধৰণৰ পাৰ্থক্য থাকিলেও পুৰুষৰ স্বাৰ্থৰক্ষাৰ ক্ষেত্ৰত বিবিধ পুৰুষতন্ত্র যে ঐক্যবদ্ধ হ’ব পাৰে সেই সত্যৰ সম্ভেদ ৰমাবায়ে পাইছিল।
ৰখমাবাঈৰ প্ৰসংগত ৰমাবায়ে ব্ৰিটিছ চৰকাৰকো দোষাৰোপ কৰিছে। কাৰণ ঔপনিৱেশিক শাসকসকলৰ মূল উদ্দেশ্য আছিল দৃঢ় শাসন আৰু অৰ্থনৈতিক লুণ্ঠন। ব্ৰিটিছ চৰকাৰে এই উদ্দেশ্যেৰে ভাৰতীয় ধৰ্মব্যৱস্থাৰ বিপক্ষে সাধাৰণতে যোৱা নাছিল, কাৰণ সেইটো কৰিলে তেওঁলোকৰ স্বার্থসিদ্ধিৰ পথত বাধা আহিব পাৰে৷ চিপাহী বিদ্ৰোহৰ পিছত এই আপোছকামী মনোভাব অধিক স্পষ্ট হ’বলৈ ধৰে। লক্ষ্যণীয় যে প্রতাপী ঔপনিৱেশিক শক্তিক ৰমাবায়ে ৰেহাই দিয়া নাই। আমি নিঃসন্দেহে ক’ব পাৰোঁ যে এনে তিক্ত সমালোচনাৰ আঁৰত আছিল ৰমাবাঈৰ গভীৰ নাৰী-দৰদৰ উপৰি জাতীয় চেতনাৰ উদ্গনি। তৎকালীন বিদেশী চৰকাৰৰ বিপক্ষে এনে ৰুঢ় আৰু ব্যংগাত্মক মন্তব্যৰ বাবে একাংশ মধ্যশ্রেণী শিক্ষিত জাতীয়তাবাদীৰ পৰা তেওঁ হয়তো কিছু পৰোক্ষ সমর্থন লাভ কৰিছিল। কাৰণ ঊনবিংশ শতিকাৰ শেষৰ ফালে ভাৰতীয়সকল ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিতুষ্ট হৈছিল তেওঁলোকৰ নানা প্রতিকূল অভিজ্ঞতাৰ বাবে। ইয়াৰ প্ৰভাৱ ৰমাবাঈ চেতনাত পৰিছিল বুলি অনুমান কৰিব পাৰি ।
উচ্চবৰ্ণ নাৰীৰ মাজত সকলোতকৈ ভয়াৱহ জীৱন যাপন কৰে বিধৱাসকলে। ভাৰতীয় ঐতিহ্যৰ মতে বৈধ এক ঈশ্বৰপ্ৰদত্ত অভিশাপ, য’ত নিহিত আছে পূর্বজন্মৰ পাপকার্য। বৈধক পূর্বজন্মৰ পাপৰ সৈতে জড়িত কৰাৰ ফলত বিধৱাসকলৰ প্রতি সমাজৰ মনোভাব নেতিবাচক হৈ পৰাটোৱেই স্বাভাৱিক। আনহাতে বিধৱাসকলৰ দ্বিতীয় বিবাহো নিষিদ্ধ। মনুৰ মতে সতী তিৰোতাৰ দ্বিতীয় বিবাহৰ কথা ক’তো কোৱা হোৱা নাই। (পৃঃ ১৬০) বৈধ দশাক তিৰোতা-জীৱনৰ ‘worst and most dreaded period’ (পৃঃ ১৫৯) অৰ্থাৎ জঘন্যতম আৰু আতংকজনক কাল বুলিয়েই ৰমাবায়ে অভিহিত কৰিছে। দুখ আৰু লাঞ্ছনাৰে পীড়িত এওঁলোকৰ দুৰৱস্থা বৰ্ণনাতীত। নক’লেও হ’ব, নিঃসন্তান বিধৱা যুৱতী আৰু বাল বিধৱাৰ অৱস্থা আৰু শোচনীয়। এওঁলোক সমাজৰ চকুত ‘greatest criminal’ (পৃঃ ১৫৯) আৰু এই ‘অপৰাধী’ আখ্যাৰ বাবে তেওঁলোক সমাজৰ ঘৃণা আৰু তাচ্ছিল্যৰ পাত্ৰী। নিৰ্মম শাস্তিৰ বোজা লৈ এনে এগৰাকী বিধৱা হৈ পৰে ঘৰুৱা দাসী (পৃঃ ১৬৭)। অপমান আৰু তিৰস্কাৰেই হৈ পৰে তেওঁলোকৰ নিত্যসংগী। তেওঁৰ মুখত অনাহাৰ আৰু মৃত্যুৰ ছাঁ, মন নিৰাশাৰে ভৰা। (পৃঃ ১৬৬) কম বয়সীয়া বিধৱাসকলৰ মুখখন গভীৰ বিষাদে ছানি ধৰে। তেওঁলোকে বুজি নাপায় কিয় তেওঁলোকে ভালপোৱা বস্তুবোৰৰ পৰা বঞ্চিত হৈছে। (পৃঃ ১৬৪) বিধৱাসকলক অশুভৰ প্ৰতিভূ বুলিও গণ্য কৰা হয় (পৃঃ ১৬৫) নিকৃষ্টৰ প্ৰতীক, তেওঁলোকক ‘ৰাণ্ড’ বোলা হয়, যিটো শব্দ বাঈজী বা বেশ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য। (পৃঃ ১৬৫)
বিধৱাৰ এই যন্ত্ৰণাময় জীৱনৰ বিষয়ে চৰ্চা কৰোঁতে ৰমাবায়ে আমাক এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ইংগিত দিছে। তেওঁ কৈছে— সুদূৰ অতীতত বিধৱাসকলে পুনৰ বিবাহ কৰিব পাৰিছিল। কিন্তু মনুসংহিতাৰ ৰচনাৰ পাছত আৰু পুৰোহিতসকলে বেদৰ শ্লোক বিকৃত কৰাৰ পিছত বিধৱা বিপর্যয় আৰম্ভ হয়। ‘In ancient times, when the code of Manu was yet in the dark future and when the priesthood had not yet mutiliated the original reading of a Vedic text concerning widows, a custom of remarriage was in existence. (P. 159) সতীদাহৰ দৰে অমানৱীয় প্ৰথা পিছৰ কালতহে বিধৱাসকলৰ ওপৰত আৰোপ কৰা হয়। উল্লেখনীয় যে আত্মজাহ প্রথা মনুসংহিতাত পোৱা নাযায়। পুনর্বিবাহৰ কথা নক’লেও মনুৱে বিধৱাসকলক স্বামীৰ চিতাগ্নিলৈ ঠেলি পঠিওৱা নাছিল। তেওঁ বিধৱাসকলৰ ওপৰত জাপি দিছিল কঠোৰ কৃচ্ছসাধনাৰ বোজা— ‘Until death let her be patient of hardships, self-conrolled, and chaste, and strive to fulfil the most excellent duly which is prescribed for wives who have one husband only. (Manu V, 157-58) (P. 160) ‘Until death’ এই কথাটো বেছ তাৎপর্যপূর্ণ। সেয়ে শাস্ত্ৰজ্ঞ ৰমাবায়ে ডাঠি কৈছে যে সতীদাহ হ’ল মনুসংহিতা ৰচনাৰ পিছত পুৰোহিতসকলে উদ্ভাৱন কৰা প্ৰথা। (পৃঃ ১৬১) মনুৱে এই প্রথা অনুমোদন নকৰা কথাটো ৰমাবায়ে গুৰুত্বসহকাৰে আমাক সকীয়াই দিছে। (পৃঃ ১৬১) বেদৰ মূল ভাষ্য বিকৃত কৰা কথাটো ৰমাবায়ে মেক্স মুলাৰৰ সহায় লৈ সুন্দৰভাৱে ফঁহিয়াই দেখুৱাইছে। (পৃঃ ১৬৩-১৬৪) বেদৰ মূল পাঠত সতীদাহৰ কোনো তথ্য নাই। তাত সদ্যবিধৱা নাৰীগৰাকীক জীৱন্ত মানুহৰ পৃথিৱীলৈ আহিবলৈ আহ্বান জনোৱা হৈছে, কিন্তু ৰমাবাঈৰ ভাষাত— ‘It was falsifying a single syllable that the unscrupulous priests managed to change entirely the meaning of the whole verse. ( P. 164)
সতীয়ে আত্মজাহ সম্পূৰ্ণ স্ব-ইচ্ছাৰে দিয়ে বুলি এটা জনমত আছে। ইয়াৰ সত্যতাও সন্দেহজনক। কাৰণ প্ৰভাৱশালী চতুৰ পুৰোহিতসকলে বিধৱাসকলৰ মন-মেজাজক প্ৰভাৱিত কৰিছিল নানা প্ৰকাৰে, বিভিন্ন প্রলোভনেৰে তেওঁলোকৰ বিচাৰ-বুদ্ধিক নিষ্ক্রিয় কৰি পেলাইছিল। এই কৌশলবোৰৰ কিছুমান হ’ল সতীত্বৰ মহিমাৰ বন্দনা, স্বৰ্গসুখ প্রাপ্তিৰ লোভনীয় আশ্বাস, পৰিয়ালৰ সাতপুৰুষলৈকে পাপ মোচন, মৃত স্বামীৰ লগত স্বৰ্গত পুনৰ সহবাস আৰু স্বৰ্গসুখ উপভোগৰ প্রলোভন। ধুৰন্ধৰ পুৰোহিতৰ কৌশলৰ উপৰি বিধৱাৰ মানসিক দশাৰ প্ৰতি চকু দিবলৈও ৰমাবায়ে পাহৰা নাই। কেতিয়াবা মুহূৰ্তৰ আৱেগ (momentary impluse)তে শোকবিহ্বলা বিধৱাই মৃত্যুক আকোঁৱালি লৈছিল। (পৃঃ ১৬২) আনহাতে বৈধ দশাৰ জীৱনজোৰা বঞ্চনা আৰু তিক্ত অভিজ্ঞতাৰ পৰা মুক্তি পাবলৈকো জ্বলা জুইৰ খন্তেকৰ শ্বাসৰুদ্ধ কষ্টকো আদৰণীয় গণ্য কৰি হয়তো এচাম বিধৱাই আত্মজাহৰ পথ বাছি লৈছিল। (পৃঃ ১৬১) বিধৱাৰ পুনর্বিবাহ সম্পৰ্কে ৰমাবাঈৰ স্বকীয় কিছু মতামত The High Caste Hindu Womenত পাওঁ। সংস্কাৰকসকলে বিধৱা বিবাহৰ সমৰ্থনত বহুল প্ৰচাৰ চলাইছিল যদিও ইয়াৰ সাফল্য সম্পৰ্কে ৰমাবাঈ বৰ বেছি আশাবাদী নাছিল। তদুপৰি তেওঁৰ মতে, শিশু বিধৱাৰ ক্ষেত্ৰত বিধৱা বিবাহ সুফলদায়ক হ’লেও ই তেওঁলোকৰ সকলো সমস্যা দূৰ কৰিব বুলি তেওঁ ভবা নাছিল। (পৃঃ ১৬৮) ৰমাবায়ে সংস্কাৰকসকলৰ আশাবাদ সম্পর্কে সংশয় প্রকাশ কৰাৰ কাৰণ দুটাৰ এটা হ’ল— উচ্চবর্ণই সোনকালে ইয়াক গ্ৰহণ নকৰে, কাৰণ চিৰবৈধব্যৰ পৰম্পৰা মনত গভীৰভাৱে শিপাই গৈছে; দ্বিতীয় কাৰণ হ’ল— বিধৱাই আগ্রহ দেখুৱালেও খুব কমসংখ্যক পুৰুষে বিধৱাক বিয়া কৰাবলৈ সাহসেৰে আগবাঢ়ি আহিব। কাৰণ পুৰুষে এনে বিবাহ সম্পন্ন কৰাৰ সাহস দেখুৱাবৰ সম্ভাৱনা নাই— ‘It is one thing to talk about doing things contrary to the approved custom, but to practise. (it) is quite another matter.’ (P. 168) ৰমাবাঈৰ আশংকা যে মিছা নহয়, তাৰ সাক্ষ্য আমাৰ সমাজৰ ইতিহাসতেই বিদ্যমান। বহু চেষ্টা কৰিও বিদ্যাসাগৰে বিধৱা বিবাহ প্রচলন কৰাব নোৱাৰিলে। তেওঁ আক্ষেপভৰা উক্তিতেই ইয়াৰ প্ৰমাণ পোৱা যায়। কুসংস্কাৰচ্ছন্ন প্রথাবদ্ধ সমাজক বিদ্যাসাগৰে তীব্র ভর্ৎসনা কৰি কৈছিল—‘আমাদেৰ দেশেৰ লোকে এতো অসাৰ ও অপদার্থ বলিয়া পূর্বে জানিলে আমি কখনই বিধৱা বিবাহ বিষয় হস্তক্ষেপ কৰতাম না।’ (বিনয় ঘোষ, বিদ্যাসাগৰ ও বাঙালী সমাজ,কলিকতা, ১৯৭৩, পৃঃ ২৭৭৬)। ৰমাবায়ে পৰোক্ষভাৱে আমাক বিদ্যাসাগৰৰ কথাফাঁকিয়েই যেন সোঁৱৰাই দিছে। ৰমাবাঈৰ সংশয় আচলতে তেওঁৰ গভীৰ পৰ্যবেক্ষণ, সূক্ষ্ম মনন আৰু নিৰ্ভীক স্পষ্টবাদিতাৰেই প্ৰমাণ।
ঊনবিংশ শতিকাৰ শেষৰ পিনে ভাৰতত সাংস্কৃতিক জাতীয়তাবাদে গা কৰি উঠিছিল। উত্থানে আনিলে দেশপ্রেমমূলক গৌৰৱবোধৰ জোৱাৰ। এই প্রবল জোৱাৰে জাতীয় ঐতিহ্যৰ গুণ-গৰিমা গোৱাত সংস্কাৰকসকলক উদ্বুদ্ধ কৰিলে। নিজৰ প্ৰাচীন সভ্যতা-সংস্কৃতিৰ ভিত্তিতে ভাৰতীয়ত্বৰ প্ৰচাৰ দেখা গ’ল। এনে দেশানুৰাগী ভাবধাৰা ৰমাবাঈৰ লেখাতো বিদ্যমান। ৰমাবাঈৰ ঐতিহ্যপ্রীতি সন্দৰ্ভত মীৰা কোশম্বীৰ উক্তি মন কৰিবলগীয়া — ‘The valorization of Sanskrit language and literature emerged most strongly in the writings of Pandita Ramabai, an acknowledged Sanskrit scholars. (Meera Kosambi, Crossing Thresholds, P. 220) অর্থাৎ পাশ্চাত্য ধ্যান-ধাৰণাই তেওঁক প্ৰভাৱান্বিত কৰিলেও তেওঁ নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা দেখুৱাবলৈ পাহৰা নাছিল। সংস্কৃত ভাষাৰ প্ৰতি গভীৰ আনুগত্য থকাৰ বাবেই তেওঁ দাবী কৰিছিল যে ভাৰতীয় খ্ৰীষ্টানসকলৰ ক্ৰছ চিনত লেটিন আখৰৰ পৰিৱৰ্তে সংস্কৃতহে থাকিব লাগে, কাৰণ সংস্কৃত হ’লগৈ ‘the most beautiful, the oldest language of my native land. (Ibid, P.320)। জাতীয় চেতনাৰ এই লক্ষণ The High Caste Hindu Womenৰ আন দুই-এঠাইতো দেখা যায়। কিন্তু ভাৰতীয় সংস্কৃতিৰ পিতৃতান্ত্ৰিক চৰিত্ৰৰ সমালোচনাৰ ক্ষেত্ৰত ৰমাবায়ে অন্ধ ঐতিহ্যপ্রীতিৰ পৰিচয় দিয়া নাই। অনিবার্যভাৱে ইয়াৰ বাবে তেওঁ বিবেকানন্দ বা তিলকৰ দৰে সংস্কাৰকসকলৰ ক্ষোভ আৰু সমালোচনাৰ লক্ষ্য হৈ পৰিছিল। ব্যক্তিগত জীৱনতো তেওঁ অন্ধভাৱে পৰম্পৰাক মানি লোৱা নাছিল। ব্ৰাহ্মণ বিধৱা হৈও তেওঁ ৰাজহুৱা জীৱনত ভাগ লৈছিল, বৈধৱ্যৰ সংস্কাৰ নতশিৰে মানি লোৱা নাছিল, সভা-সমিতিত নিঃসংকোচ আৰু মুকলিভাৱে ভাষণ দিছিল। ৰমাবাঈৰ বিয়াখন আছিল অগতানুগতিক, কাৰণ ব্ৰাহ্মণ হৈও তেওঁ শূদ্ৰ এজনৰ লগতহে বিয়া হৈছিল আৰু ব্ৰাহ্মণ কন্যা হিচাপে তেওঁ বিবাহ ৯ বছৰত হোৱা নাছিল— হৈছিল ২২ বছৰতহে। উল্লেখ্য তেওঁৰ বিবাহো পৰম্পৰাগত হিন্দু আনুষ্ঠানিকতা মতে হোৱা নাছিল।
কেৱল পুৰুষতান্ত্রিক দেশীয় ঐতিহ্যক সমালোচনা কৰাৰ কাৰণেই নহয়, ব্ৰাহ্মণ বিধৱা ৰমাবায়ে ধৰ্মান্তৰিত হোৱাৰ বাবেও তেওঁ এচাম সংস্কাৰকৰ ক্ষোভ তিৰস্কাৰৰ লক্ষ্য হৈ পৰিছিল। এইখিনিতে আমি উল্লেখ কৰিব পাৰোঁ যে ৰমাবাঈৰ আমেৰিকা যাত্ৰাৰ মূল উদ্দেশ্য আছিল বিধৱাসকলৰ বাবে পুঁজি সংগ্ৰহ কৰা। বিবেকানন্দৰ আমেৰিকা ভ্ৰমণৰ সময়ত আমি অন্য এখন ছবি দেখোঁ। ৰমাবায়ে মুকলিভাৱে বিধৱাসকলৰ দুৰ্ভোগৰ কথা কৈছিল যদিও বিবেকানন্দই সেইটো কৰা নাছিল— বৰঞ্চ বৈধ যাতনাৰ কথা অস্বীকাৰ কৰিছিল দুগুণ উৎসাহেৰে। বিবেকানন্দৰ মতে ভাৰতীয় বিধৱাসকল লাঞ্ছিতা নহয়, তেওঁলোকৰ পুনর্বিবাহ নোহোৱাৰ কাৰণ হ’ল পুৰুষৰ অভাৱ— ‘Vivekananda was reiterating that widows were not oppressed, if they did not marry it was because there was a scarcity of men.’ (Uma Chakravarty, P. 334) দেশীয় ঐতিহ্যত নাৰীৰ প্ৰতি ৰক্ষণশীল মনোভাবৰ চৰিত্ৰ ঢাকিবলৈ বিবেকানন্দই সত্যৰ অপলাপ কৰিছিল। অৱশ্যে তেওঁৰ আন এটা উদ্দেশ্য থকাটো সম্ভৱ। সেই উদ্দেশ্যটো হ’ল— বৈধব্য সম্পৰ্কে ৰমাবায়ে বিদেশত চলোৱা প্ৰচাৰৰ মৰ্ম নাকচ কৰা। অপ্রাসংগিক যেন লাগিলেও উল্লেখ কৰিব পাৰি যে ৰবীন্দ্ৰনাথেও তেওঁৰ এটি লেখাত ৰমাবাঈৰ প্ৰতিবাদী মনোভাব আৰু কাৰ্যৰ বাবে মুক্তকণ্ঠে ধিক্কাৰ দিছে। ৰমাবাঈ ভাষণ সম্পর্কে তেওঁ লিখিছিল— ‘আজকাল পুৰুষাশ্রয়েৰে বিৰুদ্ধে একটা কোলাহল উঠেছে, সেটা আমাৰ অসংগত এবং অমংগলজনক মনে হয়।’ (ৰবীন্দ্ৰ ৰচনাৱলী (ষষ্ঠ খণ্ড), কলিকতা ১৩৯৫, পৃঃ ৬৮০) সুৰুচিসম্পন্ন কবিয়ে ৰমাবাঈৰ নাৰীবাদী স্থিতিক সমালোচনা কৰিয়েই ক্ষান্ত আছিল। কিন্তু ৰমাবাঈৰ ব্যতিক্রমী সত্তাৰ বিৰুদ্ধে সংস্কাৰক তিলকৰ আক্ৰমণ আছিল যথেষ্ট ৰুচিবিৰুদ্ধ— ‘A deceitful tigress in a sheep’s clothing’ (এজনী ভেড়াৰ চৰ্ম পৰিহিতা কপটাচাৰী বাঘিনী)। (Meera Kosambi, Crossing Thresholds, P. 14) ৰমাবাঈৰ প্ৰতি তিলকৰ এই বিদ্বেষ অস্বাভাৱিক নহয়। কাৰণ ব্ৰিটিছবিৰোধী জাতীয়তাবাদী হিচাপে শ্রদ্ধেয় হ’লেও তেওঁ আছিল দেশীয় পুৰুষতান্ত্রিক ঐতিহ্যৰ সমৰ্থক ।
পুৰুষতান্ত্রিক শাস্ত্ৰীয় ঐতিহ্যই নাৰীৰ মানসত গভীৰ সাঁচ বহুৱায়। ধর্মীয় নীতি অনুসৰি নাৰীৰ স্বাধীন জীৱন যাপনৰ কোনো অধিকাৰ নাই। শৈশৱতে পিতৃৰ, যৌৱনত স্বামীৰ আৰু প্রৌঢ় অৱস্থাত পুত্ৰৰ অধীনত থাকি বশ্যতা স্বীকাৰ কৰাটোৱেই নাৰীৰ কৰ্তব্য। ৰমাবাঈৰ ভাষাত যুগে যুগে এই নিৰ্দেশ শিৰোধাৰ্য কৰি ভাৰতীয় নাৰীয়ে নিজৰ জীৱনক গঢ় দিয়ে। ফলত তেওঁলোক পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হয়। নিজৰ স্বকীয় সত্তা সম্পূর্ণ বিসর্জন দি তেওঁলোক হৈ পৰে শাৰীৰিক আৰু মানসিকভাৱে দাসী— ৰমাবাঈৰ ভাষাত ‘slavery loving creatures. (P. 171 ) মাতৃৰ দাসত্বই সন্তানসকলকো গভীৰভাৱে প্ৰভাৱিত কৰে। মাতৃৰ ব্যক্তিত্বহীনতা আৰু পৰনিৰ্ভৰশীলতাই সন্তানসকলক কৰি তোলে আত্মবিশ্বাসহীন। ফলত গঢ় লয় এনে এক পুৰুষ সম্প্রদায়, যি নিজৰ দেশ আৰু সমাজৰ হিত বা সুৰক্ষাৰ হকে কাম কৰিবলৈ অক্ষম। এনে এক পুৰুষজাতিয়েই আন এখন দেশৰ সাহায্যৰ বাবে শৰণাপন্ন হ’বলৈ বাধ্য হয়—’They are glad to lean upon any one and be altogether dependent, and thus it has come to pass that their sons as a race desire to depend upon some other nation and not upon themselves.’ (P. 171) ৰমাবায়ে এই বক্তব্যৰ জৰিয়তে কৌশলেৰে ভাৰতীয় পৰাধীনতাৰ লগত পুৰুষতান্ত্ৰিক সংস্কৃতিৰ পৰোক্ষ সম্পৰ্ক থকাৰ ইংগিত দিছে, আলোচ্য পুথিখনৰ এঠাইত আছে আন এক তাৎপর্যপূর্ণ উক্তি—শিক্ষাবিহীন আৰু সমাজচেতনাবিহীন নাৰীয়ে এখন দেশক অনিবার্য পতনৰ দিশে লৈ যায়, কাৰণ অজ্ঞ, দেশপ্রীতিহীন, স্বাৰ্থপৰ, অশিক্ষিত নাৰীয়ে পুৰুষক অতল গহ্বৰলৈ টানি নিয়ে— য’ত আশা আৰু উচ্চাকাংক্ষাৰ চিনমোকাম পাবলৈ নাই, নাই সমাজৰ বাবে কিবা কৰাৰ হাবিয়াস ‘Ignorant, unpatriotic, selfish and uncultivated, they drag the man down with them into the dark abyss where they dwell together without hope, without ambition to be something or do something in the world.’ (P. 173) এনে চোকা সমালোচনাৰ আঁৰত আমি ৰমাবাঈৰ গভীৰ জাতীয় চেতনাৰ সাক্ষ্য পাওঁ। লগতে এই সত্যৰো আভাস পাওঁ যে ভাৰতীয় পুৰুষতন্ত্রই কেৱল নাৰীৰেই নহয়, সমগ্ৰ দেশৰ আৰু জাতিৰো অনিষ্ট সাধন কৰিছে।
The High Caste Hindu Womenত লিখা হৈছিল পশ্চিমৰ মহিলাক উদ্দেশ্য কৰি, যাতে তেওঁলোকে তেওঁলোক ‘Oriental sisters’ৰ অৱস্থা সম্পৰ্কে অৱগত হ’ব পাৰে। (P. 171) বহুতো চিন্তাচর্চা, পর্যবেক্ষণ, অনুশীলন আৰু গভীৰ অধ্যয়নেৰে লেখা তেওঁৰ এই গ্ৰন্থৰ ৰচনাশৈলী আৰু উপস্থাপনেই আমাক অভিভূত কৰে। কিন্তু আমি মন কৰা উচিত যে তেওঁ কেৱল পৰ্যালোচনা আৰু সমালোচনাতেই ক্ষান্ত থকা নাই। তেওঁ ভাৰতীয় নাৰীৰ প্ৰধান প্ৰয়োজনৰ কথাও জনাবলৈ বিচাৰিছে। এই সন্দৰ্ভত তেওঁৰ বক্তব্য স্পষ্ট। তেওঁৰ মতে উচ্চবৰ্ণ নাৰীৰ প্ৰয়োজন হৈছে আত্মনিৰ্ভৰশীলতা, শিক্ষা আৰু দেশীয় শিক্ষয়িত্রী— ‘The chief needs of high caste Hindu women are first Self Reliance, second Education, and third Native Women Teacher’s ‘ (P. 171) কিন্তু এইখিনিতে পঢ়ুৱৈৰ মনত এটা প্ৰশ্নই ভুমুকি মাৰিব পাৰে। তেওঁ কেৱল উচ্চবৰ্ণ মহিলাৰ কথাহে কৈছে— আন ধৰ্মৰ নাৰীৰ কথা বাদেই, আনকি হিন্দু সমাজৰো সকলো নাৰীক পুথিখনৰ বিষয়বস্তুৱে চুই যোৱা নাই। পুথিখনৰ নামতেই এই সামাজিক সীমাৱদ্ধতাৰ ইংগিত পাঁও। ৰমাবাঈৰ মতে খাটিখোৱা নাৰীৰ অৱস্থা উচ্চবৰ্ণৰ নাৰী সম্প্রদায়তকৈ ভাল । বহু ক্ষেত্ৰত তেওঁলোক আত্মনিৰ্ভৰশীল। নিজৰ জীৱিকাৰ ক্ষেত্ৰত স্বনিৰ্ভৰ বাবে তেওঁলোকৰ মনত আত্মপ্রত্যয় গঢ়ি উঠে আৰু তাৰ বাবে লাভ কৰে আপেক্ষিকভাৱে কিছু স্বাধীনতা— এই পর্যবেক্ষণ সঠিক আৰু সত্য । কিন্তু সত্য হ’লেও এই কথাও সমানেই সত্য যে যি তিনিটা উপায়ৰ সহায়ত ৰমাবায়ে উচ্চবৰ্ণ নাৰীৰ উন্নতি সম্ভৱ বুলি কৈছে সেই উপায় তিনিটা সকলো নাৰীৰ অগ্ৰগতিৰ বাবেই অত্যন্ত আৱশ্যকীয়।
(টোকা ১ : ঋগবেদৰ সহমৰণ বিষয়ক শ্লোকৰ বিকৃতি সন্দৰ্ভত পণ্ডিত ৰমেশচন্দ্ৰ দত্তৰ মন্তব্য প্রণিধানযোগ্য— “There is not a word in the above relating to the burning of widows. But a word in it Agre was altered into Agne, and the text was then mistranslated and misapplied to Bengal to justify the modern custom of the burning of widows’ (স্বপন বসু, সতী, কলকতা, ১৯৮২, পৃঃ ৪.৫) অর্থাৎ ‘আগ্রে’ শব্দটো ‘অগ্নে’ কৰি শাস্ত্ৰৰ চতুৰ ব্যাখ্যাকাৰসকলে সতীদাহ বেদসম্মত বুলি প্ৰচাৰ কৰিছিল।)

