গল্প-কবিতা

অৱক্ষয় ।। বৰ্ণালী ফুকন

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

সমাজ সচেতন গণ্যমান্য ব্যক্তি, আদৰ্শ শিক্ষক বুলি ক’লে যেনেকুৱা ছবি এখন আমাৰ মনলৈ আহে বিকাশ শইকীয়াৰ ব্যক্তিত্ব তাৰ সৈতে একেবাৰে মিলি পৰে। ঢকঢকীয়া বগলী পাখি হেন বগা অথবা কেতিয়াবা পাতল নীলাৰঙী কাঢ়া ইষ্ট্ৰি কৰা কুৰ্ট-পায়জামা, চকুত ক’লা ফ্ৰেমৰ চচমা, গহীন-গম্ভীৰ খোজ, মুঠতে সকলোফালৰে পৰা সমাজ সচেতন ব্যক্তিৰ সৈতে খাপখোৱা ব্যক্তিত্ব। স্থানীয় হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ পৰা দুবছৰমান পূৰ্বে অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিছে।

চাকৰি কৰি থকা অৱস্থাৰে পৰা তেওঁ কাকত-আলোচনীত লিখা-মেলা কৰে। স্থানীয় লেখক সন্থাৰ লগতো তেওঁ বহুবছৰৰ পৰা ওতপ্ৰোতভাৱে জড়িত। চাকৰি জীৱনত তেওঁ কৃতি শিক্ষকৰূপে সকলোৰে মাজত পৰিচিত আছিল। তেওঁৰ কেইবাজনো ছাত্ৰ উচ্চ পদত অধিষ্ঠিত হৈ বৰ্তমান সমাজত সন্মানীয় ব্যক্তিৰূপে প্ৰতিষ্ঠিত। সেয়া তেওঁৰ বাবে শিক্ষকৰূপে গৌৰৱৰ বিষয়।

সাংসাৰিক জীৱনতো তেওঁ সফল। একমাত্ৰ পুত্ৰ‌ই তেওঁ চাকৰি কৰি থকা অৱস্থাতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ল’ৰাটোতকৈ ৫ বছৰ সৰু তেওঁৰ অতি মৰমৰ একমাত্ৰ ছোৱালীজনী বাংগালোৰত ইতিহাসৰ স্নাতকোত্তৰ ডিগ্ৰীলৈ গৱেষণা কৰি আছে। সেইফালৰ পৰা চাবলৈ গ’লে তেওঁ সফল পিতৃ। কেৱল পৰিবাৰ ৫ বছৰ পূৰ্বে ঢুকোৱাৰ কথাটোৱেহে তেওঁৰ মনত দুখৰ ছাঁ পেলায়। কপালত বেলি হেন সেন্দুৰৰ ফোঁট এটা লৈ ওঁঠত পৃথিৱীৰ সমষ্ট সুখেৰে উজলি উঠা হাঁহিফুল ফুলা মানুহজনী যেন আছিল তেওঁৰ জীৱনৰ সকলো সুখৰ আকৰ। সকলোৱে ল’ৰা-ছোৱালী দুটা তেওঁৰ দৰে চোকা হৈছে বুলি কয় যদিও শ‌ইকীয়াই জানে, প্ৰকৃততে তেওঁৰ পৰিবাৰেহে ল’ৰা-ছোৱালী দুইটাকে সৰুৰে পৰা পঢ়া-শুনাৰ দায়িত্ব লৈছিল, সু-সংস্কাৰ দিছিল। তেওঁতো বেছিভাগ সময় স্কুলৰ দায়িত্ব লৈ, মেলে-মিটিঙে ঘূৰিয়ে পাৰ কৰিছিল। কিন্তু দুখৰ কথা যে মানুহজনীৰ জীৱনটো বৰ চুটি হ’ল। ল’ৰাই চাকৰি লাভ কৰাৰ এমাহৰ পিছতে হঠাতে এদিন তেওঁ চকু মুদে। তথাপিও এটা কথা ভাবিয়ে তেওঁ সন্তোষ লাভ কৰে যে অন্ততঃ ল’ৰাটো প্ৰতিষ্ঠিত হোৱা তেওঁৰ পৰিবাৰে দেখি গ’ল।

সকলোফালে দেখাত ভালেই যদিও যোৱা কিছুদিনৰ পৰা বিকাশ শ‌ইকীয়াই যেন অশান্তিত ভুগিছে। প্ৰকৃততেই তেওঁ এজন সমাজ সচেতন ব্যক্তি। চৌপাশে ঘটি থকা অন্যায়-অবিচাৰ ঘটনাবোৰক লৈ তেওঁ সততেই মাত মাতে, কেতিয়াবা কাকত-আলোচনীত প্ৰবন্ধ‌ও লিখে। কিন্তু যোৱা কিছুদিনৰ পৰা তেওঁৰ অতি কাষৰ মানুহখিনিৰ মাজতে যেন তেওঁ মানৱীয় প্ৰমূল্যবোধৰ অভাৱ অনুভৱ কৰিছে। সৌ-সিদিনালৈকে মেলে-মিটিঙে সমাজৰ যোগ্য ব্যক্তিক আগস্থান দিয়া হৈছিল। কিন্তু এতিয়া যিজনে অধিক বৰঙণি আগবঢ়াব‌ পাৰে তেওঁকেই আগস্থান দিয়া হয়। লাগিলে সেই মানুহজনে অসৎ উপায়েৰেই টকা উপাৰ্জন কৰিছে। কিন্তু তেওঁৰ দানৰ পৰিমাণ অধিক হ’লে তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাও হ’ব, দুআষাৰ ক’বলৈ মাইক্ৰফোন আগবঢ়াইও দিয়া হ’ব।

আজিকালিৰ পৃথিৱীত যেন টকাই সকলো। লাগিলে সেয়া সৎ পথেৰে উপাৰ্জিত‌ই হ‌ওক বা অসৎ পথেৰেই। টকাৰ পাহাৰ অৰ্জাই মানুহৰ জীৱনৰ বৰ্তমান মূল উদ্দেশ্য। যদি তোমাৰ হাতত প‌ইচা আছে তুমি সমাজত আগস্থান পাবা। মানুহৰ লোভ বৰ্তমান ইমানেই বাঢ়িছে যে টকাৰ আগত মানুহে নিজৰ পৰিয়াল-পৰিজনকো চিনি নাপায়।

আজি তেওঁ শিক্ষকতা কৰা স্কুলখনৰ খেলপথাৰতে সভা এখন অনুষ্ঠিত হৈছিল। তেওঁৰ ল’ৰা বিবেকো যিহেতু এজন বিষয়া বাবে মঞ্চত উপস্থিত আছিল। সভাখন অনুষ্ঠিত কৰাত তেওঁৰেই ভতিজাক মানসে সক্ৰিয় ভূমিকা লৈছিল। সভাখন চলি থাকোঁতেই অঞ্চলটোৰ নাম থকা ধনী ব্যক্তি, দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বিমল ঠিকাদাৰ আহি উপস্থিত হ’ল। তেওঁক দেখিয়েই সভাৰ কৰ্মকৰ্তাসকলৰ মাজত ব্যস্ততা আৰম্ভ হ’ল। হঠাতে মানসেই হাতত মাইক্ৰফোন লৈ বিমলক এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিকাশ শইকীয়াক অনুৰোধ কৰে। কিংকৰ্তব্যবিমূঢ় হৈ সমাজৰ মাজত কি কৰিব তেওঁ একো ঠিৰাং কৰিব নোৱাৰে। তেওঁ চকীৰ পৰা নুঠা দেখি ল’ৰা বিবেকেই উঠি গৈ বিমল ঠিকাদাৰক সম্বৰ্ধনা জনায় আৰু তেওঁৰ বহুমূলীয়া ভাষণ আগবঢ়াবলৈ মানসে মাইক্ৰফোন আগবঢ়াই দিয়ে। তেওঁ কি ভাষণ দিলে বিকাশ শ‌ইকীয়াৰ কাণত নোসোমাল।

এনেকুৱা এজন অসৎ চৰিত্ৰৰ মানুহক সমাজৰ মাজত তেওঁৰেই ল’ৰা আৰু ভতিজাই সম্বৰ্ধনা জনোৱা দেখি তেওঁ খঙত একো নাই হৈ পৰিছিল যদিও সেই সময়ত একো নক’লে। কিন্তু ঘৰ আহি পায়েই তেওঁ ল’ৰা-ভতিজা দুয়োৰে মুখামুখি হ’ল। “বিমল ঠিকাদাৰৰ নিচিনা ইমান অসৎ মানুহ এজনে এনে কি মহান কাম কৰিলে যে তহঁতে তাক সভাত গামোচাৰে সম্বৰ্ধনা জনালি? ৰাস্তা-ঘাট বনোৱা প‌ইচা আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ বাহিৰে সেই মানুহটোৱে কি কৰিছেনো জীৱনত?”

“কিন্তু বৰদেউতা, তেওঁৱেই আমাৰ সভাখনলৈ সবাতোকৈ বেছি প‌ইচা দিছে, তেওঁক সম্বৰ্ধনা নজনালে কেনেকৈ হ’ব? নহ’লে পিছলৈ তেওঁ দান-বৰঙণি কিয় দিব।”

“পইচা দিলেই যিকোনো মানুহকে সন্মান দিবি নেকি তহঁতি? প‌ইচাৰে সন্মান কিনিবলৈ যায়, তহঁতক সৰুৰে পৰা এই শিক্ষাই দিছিলোঁ নেকি? আমাক অতদিনে দেখা নাই নেকি নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিছোঁ, কোনোদিন দুৰ্নীতি কৰা নাই বাবে সমাজত মূৰ তুলি ঠিয় হৈ আছোঁ। আৰু সেই ঠিকাদাৰ, ৰাস্তা-ঘাটৰ একো এটা অৱস্থা নোহোৱা কৰে, তাৰ কাৰণেই গোটেই অঞ্চলটোৰ মানুহৰ যাতায়তৰ অসুবিধা। দেউতাকে দুৰ্নীতিৰে ঘটা টকা পুতেক-জীয়েকে বিলাসিতা কৰি উৰুৱায়। আমাৰ ঘৰৰ ল’ৰা হৈ সেইজন মানুহক তহঁতে সন্মান যাঁচ…!”

“বাদ দিয়াহে, অত বছৰে চাকৰি কৰি তুমিনো কি কৰিলা?” তেওঁৰ কথাৰ মাজতে বিবেকে চিঞৰি উঠিল। “তোমাৰ লগৰ কিমানে কি কৰিলে আৰু তুমি! না মাটি-বাৰী কিনিব পাৰিলা, না ভাল ঘৰ এটা। সকলো সম্পত্তি এতিয়া নিজে ঘটিব লগা হৈছে।”

পুতেকৰ এইষাৰ কথাই তেওঁক ভিতৰলৈকে জোকাৰি পেলালে। মুখৰ পৰা আৰু তেওঁৰ এষাৰ কথাও নোলাল। কোনোমতে থৰক-বৰক খোজেৰে তেওঁ শোৱনীকোঠালৈ সোমাই গ’ল।

এই আঘাতটোৰ পাছৰ পৰা তেওঁৰ বিবেকৰ সৈতে কথা-বাৰ্তা একেবাৰে কমি গ’ল। সিও অতি প্ৰয়োজন নহ’লে দিনটোত তেওঁৰ সৈতে এবাৰো মুখামুখি নহয়। কেইদিনমানৰ পাছতে পুতেকে চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজিবলৈ যো-জা কৰাৰ কথা তেওঁৰ কাণত পৰিল। চাকৰি হোৱাৰ ইমান কম দিনৰ ভিতৰতে কেৱল দৰমহাৰ টকাৰে সি ইমানখিনি কৰিব পাৰিছেনে? স্বাভাৱিকতে শইকীয়াৰ মনত এই প্ৰশ্নৰ উদয় হ’ল।

পিছদিনা ৰাতিপুৱা ভাতকেইটামান খাই আগবেলাতেই তেওঁ কাম এটাত ওলাই গৈছিল। ঘূৰি আহি দোকান এখনৰ পৰা তামোল এখন খাবলৈ বুলি ল‌ওঁতেই বিমল ঠিকাদাৰৰ ভায়েক কমলে তেওঁক মাত লগালে, “ছাৰ ভালনে?”

“অ’ ভালেই তোমাৰ কেনেকুৱা?” বিমল-কমল দুইজনেই তেওঁৰে ছাত্ৰ আছিল, কোনোমতে দুইজনে চুচৰি-বাগৰি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল। আজিকালি পিছে দুয়ো ককায়েক ভায়েকে দুইহাতে আৰ্জে।

“মোৰ ভালেই ছাৰ। আজি বিবেকে সাজিবলৈ লোৱা ঘৰটো চাবলৈ গৈছিলোঁ। আপুনি কিন্তু বৰ কামৰ ল’ৰা তুলিলে দেই। আজিৰ দিনত চাকৰিৰ দৰমহাৰে এনেকুৱা সম্পত্তি এটা কৰাটো সহজ কথা নহয়। জনাইহে জানে আৰু কেনেকৈ টকা মেনেজ কৰিছে!” হাঁহি হাঁহি কমলে কোৱা কথাষাৰত তেওঁৰ শৰীৰৰ সমস্ত তেজ যেন মুখমণ্ডলত গোট খালেহি। অঞ্চলটোৰ ৰাস্তা-ঘাট বনাওঁতে ঠিকাদাৰে কৰা অনিয়মৰ কথা তেওঁৱেই সাংবাদিকৰ হতুৱাই বাতৰি কাগজত প্ৰকাশ কৰোৱাইছিল আৰু সেই ঠিকাদাৰৰ ভায়েকেই তেওঁক আজি এনেকৈ কথা ক’বৰ সাহস কৰিলে! তাকো এসময়ৰ নিজৰ শিক্ষাগুৰুক? দোকানত থকা বাকী মানুহবোৰেও যেন তেওঁকেই প্ৰশ্নবোধক দৃষ্টিৰে লক্ষ্য কৰিছে তেওঁৰ এনে ভাব হ’ল। দুপৰৰ চৌফলীয়া ৰ’দ মূৰত লৈ কোনোমতে তেওঁ আহি ঘৰ পালেহি।

ৰাতিলৈ তেওঁ সেইদিনা বিবেকৰ মুখামুখি হ’ল। কিন্তু পুতেকে তেওঁৰ প্ৰশ্নলৈ কেৰেপেই নকৰিলে। “নিজেতো জীৱনত একো এটা কৰিব নোৱাৰিলাই, আমাক একো এটা বিলাসিতা দিবই নোৱাৰিলা, এতিয়া ম‌ই কিবা এটা কৰিলে তোমাৰ অসুবিধাটো ক’ত? ম‌ই কেনেকৈ টকা মেনেজ কৰিছোঁ মোৰ কথা।”

তাৰ বেপেৰোৱা উত্তৰত শইকীয়াৰ সমস্ত তেজ উঠলি উঠিল, “মোৰ সততাক হাঁহিবলৈ ত‌ই ক’ত সাহস পালি? আৰু তোৰ এইবোৰ অসৎ কামৰ কাৰণে মানুহে আমাৰ কথা কেনেকে কোৱা আৰম্ভ কৰিছে তই জাননে?”

“প্লিজ দেউতা, তোমাৰ সেই সততাৰ পুৰাণখন নেমেলিবা, তোমাৰ দৰে চুক ভেকুলী হৈ থকাৰ মোৰ কোনো ইচ্ছা নাই। আৰু মানুহে কি কয় মোৰ কোনো দৰকাৰ নাই, মোক মানুহে নুখুৱাইহি। এইবোৰ কথাত মই কাণ নিদিওঁ আৰু তুমিও নুশুনিলেই হ’ল।” এইবুলি গপগপাই ওলাই যোৱা পুতেকলৈ চাই তেওঁ ঠাইতে বহি পৰিল। সেইদিনা আৰু পিছদিনাও তেওঁৰ পেটলৈ খুদকণ এটাও নগ’ল।

পৰিবাৰ মণিমালাৰ ফটোখনৰ আগত ৰৈ তেওঁ দুদিন চকুলো টুকিলে, মাজে মাজে ফটোখনকে প্ৰশ্ন কৰিলে, “ইহঁতক বাৰু ম‌ই সু-সংস্কাৰ দিব নোৱাৰিলোঁ নেকি মালা? ম‌ই বাৰু ইহঁতক সৰুকালত ইমান সময় দিব পৰা নাছিলোঁ। কিন্তু তুমি? তুমিতো ইহঁতৰ লালন-পালন অশেষ যত্নৰে কৰিছিলা। তেনেহ’লে সি কিয় এনেকুৱা হ’ল?”

যোৱা দুদিনমানৰ পৰা বিকাশ শ‌ইকীয়াই কাণেৰে ভালকে শুনা নাই। বনকৰা ল’ৰাটোৱে পুতেকক কথাটো কোৱাত সি বাৰু ততাতৈয়াকৈয়ে দেউতাকক চহৰৰ নাম থকা চিকিৎসালয়খনলৈ লৈ গ’ল। ডাক্তৰৰ ওচৰতো তেওঁ ক’লে দুদিনমান আগতে তেওঁ গা ধোওঁতে কাণত পানী সোমাই কাণখন অলপ গধুৰ লগা বুলি। ডাক্তৰে তেওঁক দৰব দুবিধমান দিলে যদিও তেওঁৰ শ্ৰৱণশক্তি‌ আগৰদৰে নহ’ল। ভালদৰে শুনিবলৈ মেচিন এটাও বিবেকে কিনি আনি দিছিলে যদিও এই বয়সতনো এইবোৰ কি পিন্ধিম বুলি তেওঁ বৰকৈ পিন্ধিবলৈ মন নকৰিলে।

বিবেকৰ বিয়াৰ বয়স হৈছে। ভাল চাকৰি কৰা ল’ৰা যিহেতু বহু ঠাইৰ পৰা ছোৱালীৰ প্ৰস্তাৱো আহিছে। কিন্তু বহু ভাল‌ ভাল পৰিয়ালৰ ছোৱালীকো সি পছন্দ নকৰিলে। সি হেনো কলেজত পঢ়া দিনৰে পৰা ছোৱালী এজনী ঠিক কৰি থৈছিলে। ধনী ঘৰৰ জীয়ৰী, তাতে বিষয়া ভাবীজোঁৱাই পাই শহুৰৰ ব্যৱসায়ত বহুতো সুবিধাও হৈছে, বহুকেইটা নতুন কামো পাইছে। বিবেকৰ খুৰীয়েকৰ মুখেৰেই সি বিমল ঠিকাদাৰৰ একমাত্ৰ জীয়ৰীক পছন্দ কৰাৰ খবৰটো পালে।

শ‌ইকীয়াই আজিকালি বৰকৈ লিখামেলা নকৰে। মাজে মধ্যেহে কলম তুলি লয় আৰু একান্তমনে কিবাকিবি লিখি থাকে। পিছে দুদিনমানৰ পৰা হঠাতে তেওঁক হাতৰ বিষ আৰু কঁপনি এটাই লগ ল’লে। কিনো হৈছে ডাক্তৰেও একো উৱাদিহ উলিয়াব পৰা নাই। তেওঁৰ হাতৰ কঁপনি ভাল নহ’ল, কেইবাটাও মূল্যবান লিখনি আধালিখা হৈয়ে ৰ’ল।

ককায়েকৰ বিয়া বুলি এইকেইদিন জীয়েক বন্দনাও ঘৰলৈ আহিছে। তাইৰো বয়স কম হৈ থকা নাই। সেয়ে খুৰীয়েকে চেগ বুজি তাইৰো বিয়াৰ কথা উলিয়াইছিল, কাৰোবাক পছন্দ কৰি থৈছে নেকি শুধিছিলে। তাই কিন্তু “প্লিজ এইবোৰ বৰিং কথা নুলিয়াবাচোন, এতিয়া লাইফ এনজয় কৰাৰ সময়” বুলি ফালৰি কাটি গ’ল। দুদিনমান তাইৰ চালচলন কথা-বতৰা তথা ফোনকল শুনি গম পালে যে তাই সহপাঠী এজনৰ লগত লিভ ইনত আছে। সিহঁতৰ ভাষাত এয়া সিহঁতৰ এনজয়মেণ্টৰ বয়স। বিয়া-বাৰুৰ দায়িত্বত সোমাই এতিয়াই অশান্তি চপাই লয় কিয়!

পিছদিনা হঠাতে শুই উঠাৰ পৰাই বিকাশ শ‌ইকীয়াই চকুৰে দেখা পোৱা নাই। কোনোমতে খেপিয়াই খেপিয়াই বাথৰুমলৈ গ’ল কিন্তু পাকঘৰত খাবলৈ যাওঁতেই উজুটি খাই পৰিল। গতি বিষম দেখি বিবেকলৈ বাট নাচাই বনকৰা ল’ৰা জিণ্টুৱেই তেওঁক চিকিৎসালয়লৈ লৈ গ’ল। চকু বিশেষজ্ঞ তেওঁৰে এসময়ৰ অন্যতম প্ৰিয় মেধাৱী ছাত্ৰ। ডাক্তৰে তেওঁক বৰ ভালকৈ বহু সময় জুৰি পৰীক্ষা কৰিলে।

এবাৰ তেওঁৰ কাষতে বহি ডাক্তৰে সৰুকৈ সুধিলে, “চকুৰে নেদেখা হ’লত দৈনন্দিন কামবোৰত বৰ অসুবিধা হৈছে চাগৈ ছাৰ?”

“এহ অসুবিধানো আৰু কি! এই বয়সত শুই বহি থকাৰ বাহিৰে বেলেগনো কি কাম”।

“আপুনি দেখোন কাণেৰেও কম শুনে, তথাপিও ম‌ই সোধোঁতে শুনিলে, অলপ আগতে পিচলিব খোজোতে কাষৰ মেজখনত খামুচিও ধৰিলে। কিয় ছাৰ, আপুনি এনেকুৱা কিয় কৰিলে?”

ক’লা চচমাজোৰ খুলি শ‌ইকীয়াই ডাক্তৰলৈ মাথো চলচলীয়া চকুৰে চাই তেওঁৰ হাতদুখন খামুচি ধৰিলে।

সময় আগুৱাই গৈ থাকিল। বিবেকৰ বিয়া-বাৰু কৰাই সংসাৰ আগবাঢ়িল, সম্পত্তিৰ পৰিমাণো বাঢ়ি গৈ থাকিল। ছোৱালী বন্দনাও বিদেশলৈ গ’ল, ইজনৰ পিছত সিজন সংগী সলাই লাহ-বিলাহেৰে জীৱন উপভোগ কৰি গৈ থাকিল। শ‌ইকীয়াৰ এবাৰ সোঁভৰিখন, এবাৰ বাওঁভৰিখন, এবাৰ গোটেই সোঁফালটো অসাৰ হৈ ক্ৰমাৎ বিকলাংগ হৈ গৈ থাকিল।

Leave a Reply

Your email address will not be published. Required fields are marked *