নিবন্ধবিবিধ চিন্তা

মিঞা বিদ্বেষ কিমান দিনলৈ? ।। নীহাৰিকা গোস্বামী

মুক্ত চিন্তা। একাদশ বৰ্ষ।। ৫ম সংখ্যা

একাধিক জ্বলন্ত সমস্যাৰে অসমীয়া আজি ভাৰাক্ৰান্ত৷ কিন্তু অসমীয়াৰ বাবে সকলো সমস্যাৰ উৰ্ধৰ সমস্যাটো হ’ল মিঞা৷ অসমীয়াৰ এই মিঞা-বিদ্বেষৰ ইতিহাস বৰ চমু নহয়৷ অথচ এই মিঞাসকলক অনা হৈছিল একমাত্ৰ শোষণৰ উদ্যেশ্যৰে৷ সেয়া লাগে নিয়মীয়াকৈ কৰ সংগ্ৰহ কৰিয়েই হওঁক বা অতিৰিক্ত শ্ৰম আদায় কৰিয়েই হওঁক৷  ব্ৰিটিছ-আমোলতে অনা আজিৰ সমাজৰ আটাইতকৈ উপেক্ষিত, নিষ্পেষিত তথা অসম আৰু অসমীয়াৰ উন্নতিৰ মূল বাধা বুলি চিহ্নিত কৰিব খোজা মিঞাসকলে যোৱা দুশ বছৰত কম যন্ত্ৰনা ভোগ কৰিব লগা হোৱা নাই—যদিও সেয়া তেওঁলোকৰ একমাত্ৰ প্ৰাপ্য নাছিল৷ বগা বঙালৰ দিনত হোৱা শোষণৰ কথা বাদ, স্বাধীনতা-উত্তৰ ভাৰততো মিঞাসকল কম শোষণ-বঞ্চনাৰ চিকাৰ হোৱা নাই৷ যাৰ বাবে তেওঁলোকৰ মাজত ক্ষোভ-অভিমান বাঢ়িছে৷ বহু সময়ত তেওঁলোকে আওবাটেৰে বাট বুলিছে৷ প্ৰয়োজনীয় আন্তঃগাঁথনি তথা ৰাজনৈতিক অৱহেলাৰ বাবে তেওঁলোকৰ মাজতো অপৰাধ প্ৰৱণতা বাঢ়িছে৷ কিন্তু তাৰ পিছতো তেওঁলোক হৈছে বহুজনৰ উন্নতিৰ জখলা৷ তেওঁলোক হৈছে অসমৰ ৰাজনীতিৰ অন্ততঃ ছটা দশকৰ অন্যতম চৰ্চিত বিষয়৷ মিঞাৰ গাত ভেজা দিয়েই একাধিক ৰাজনৈতিক দলে নিজৰ ভেটি মজবুত কৰিছে, ক্ষমতাৰ গাদী দখল কৰিছে অথবা ক্ষমতাৰ গাদী দখল কৰাৰ সপোন দেখিছে৷ মিঞাৰ বাবে বহু সুবিধাবাদী নেতা হৈছে, মিঞাৰ বাবে বহু স্বাৰ্থান্বেষীয়ে অমৰত্ব লাভ কৰিছে৷ কেৱল সেয়াই নহয়, একমাত্ৰ মিঞাৰ বাবেই বহু ভিকহু শ শ কোটি টকাৰ গৰাকী হৈছে৷ কিন্তু পৰিতাপৰ কথাটো হ’ল—মাৰ্কিন যুক্তৰাষ্ট্ৰত আজিও যিদৰে প্ৰতিটো অপৰাধমূলক কৰ্মৰ সৈতে কৃষ্ণাংগসকল যুক্ত হ’ব লগা হোৱা পৰিৱেশ ৰচনা কৰি থোৱা হৈছে, অসম মুলুকতো তাৰ হীনদেড়ি হোৱা নাই৷ বৰঞ্চ বহু সময়ত এই জালখন বহলাই দিয়া হৈছে৷

গুৰুত্বপূৰ্ণ বিষয় যে ৰাজনৈতিক সুবিধা আদায় অথবা গাদী দখলৰ ক্ষেত্ৰত “মিঞা ৰাজনীতি” ইমানেই লাভজনক যে “মুছলমান মানেই মিঞা”-ৰ দৰে এক বিপজ্জনক বাগধাৰা অতি কৌশলেৰে সমাজত বিয়পাই দিয়া হৈছে আৰু এইক্ষেত্ৰত শোষকগোষ্ঠীয়ে অভাৱনীয়-ঈৰ্ষনীয় সফলতা লাভ কৰিছে৷ পৰিস্থিতি এনেকুৱা হৈছেগৈ যে, বহুসময়ত মিঞাৰ প্ৰতি ঘৃণা-বিদ্বেষৰ ভাব প্ৰকট হ’লেহে ভাল অসমীয়া হ’ব পাৰি জাতীয় এক ধাৰণাই গঢ় লৈছে৷ এয়া নিঃসন্দেহে অতি বিপজ্জনক উগ্ৰ জাতীয়তাবাদী চিন্তা তথা ই জাতিটোৰ উপকাৰ কৰক চাৰি ভীষণ অপকাৰ কৰিব৷ এই সন্দৰ্ভত বহুজনে বহুসময়ত সকীয়াই গৈছে বা সকীয়াই আছে৷ উদাহৰণ বিচাৰি বহুদূৰলৈ যাব নালাগে, বহুজনে “উগ্ৰ জাতীয়তাবাদী” আখ্যা দিয়া বিশুদ্ধ অসমীয়া তথা অসম-অসমীয়াৰ পৰম শুভাকাঙ্খী অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়েই তাৰ জ্বলন্ত উদাহৰণ৷  ৰায়চৌধুৰীৰ মোল নুবুজা একাংশ সুবিধাবাদীয়ে “উগ্ৰ জাতীয়তাবাদী” হিচাপে আখ্যা দি তেওঁক ঠেক গণ্ডীত আৱদ্ধ কৰি ৰাখিব বিচাৰে যদিও তেওঁ সম্পাদিত “চেতনা” আৰু “ডেকা অসম”ৰ জৰিয়তে ৰায়চৌধুৰীয়ে জনোৱা আহ্বান, বিভিন্ন লেখা-মেলাই সেই আখ্যা পোনচাতেই নাকচ কৰে। ড° পৰমানন্দ মজুমদাৰে সম্পাদনা কৰা “ডেকা-অসম”-ৰ পাত লুটিয়ালে অম্বিকাগিৰীৰ অসম আৰু অসমীয়াৰ প্ৰতি থকা আন্তৰিক টানৰ সমান্তৰালকৈ ন-অসমীয়াসকলৰ প্ৰতি থকা মনোভাৱ স্পষ্ট হয় ৷ বহুসময়ত যে অম্বিকাগিৰীৰ কথাৰ অপব্যাখ্যা হ’ল সেয়াও পৰিস্ফুট হৈ পৰে৷ আনকি বিহংগম দৃষ্টিভংগীৰে কোৱা “অসম কেৱল অসমীয়াৰ বাবে” ৰায়চৌধুৰীৰ উক্তিৰ অপব্যাখ্যা কৰা হ’ল (মহাৰাষ্ট্ৰ যদি কেৱল মাৰাঠীৰ বাবে বুলি কোৱাত আপত্তি থাকিব নোৱাৰে, অসম কেৱল অসমীয়াৰ বুলি কোৱাত আপত্তি ক’ত?)৷ তাত হাত উজান দিলে জাতীয়তাবাদৰ “জ”-টোৱো নজনা পাবত গজা একাংশ তথাকথিত জাতীয়তাবাদীয়ে৷ যিদৰে অসম আন্দোলনৰ সময়ত হীৰুদাৰ “দেশ বুলিলে নালাগে আদেশ“ৰ  অপব্যাখ্যা কৰি একাংশ ফাগুনীয়া বিপ্লৱীয়ে অসম ৰক্তাক্ত কৰাত হাত উজান দিছিল, তেনেদৰে অম্বিকাগিৰিৰ স্বাভিমান ভৰা উক্তিৰো অপব্যাখ্যা কৰা হ’ল৷

“ডেকা-অসম”ত তেওঁ অসমীয়াৰ সংজ্ঞা দাঙি ধৰিছে এইদৰে, “ ‘ডেকা-অসমে’ অসমীয়া মানে বুজে অসমত জন্মগ্ৰহণ কৰা আৰু অসমত স্থায়ীভাৱে বসতি কৰাসকলক৷ ইয়াৰ ভিতৰত কোনোজনে অসমীয়াৰ অনিষ্ট সাধন কৰিব খোজে, তেওঁ অসমীয়া বিভীষণ…”৷ ইয়াৰ লগতে বাহিৰৰ পৰা আহি বিভিন্ন প্ৰয়োজনত অসমত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰা বঙালী, মাৰোৱাৰী, বিহাৰী, উড়িয়া, পাঞ্জাৱী, শিখ, নেপালী, চাহ-বাগিচাৰ লোকসকলৰ লগতে পমুৱা মুছলমানসকলকো তেওঁ “ভাই” সম্বোধনেৰে অসমৰ মাটি-পানী-বতাহৰ সৈতে জীন যাবলৈ আহ্বান জনাইছিল। মন কৰিবলগীয়া যে প্ৰাক স্বাধীন কালত অৰ্থাৎ ১৯৩৫ চনত “ডেকা অসম” প্ৰকাশ পাইছিল আৰু সেই তেতিয়াই অম্বিকাগিৰীয়ে হিন্দু-বঙালীৰ জাতীয় চেতনাৰ উমান পাইছিল আৰু তাৰ কুপ্ৰভাৱ আমাৰ জাতিটোৰ ওপৰত পৰাৰ আশংকা ব্যক্ত কৰিছিল৷ যি আশংকা এতিয়াও দেখিবলৈ পোৱা যায় যুক্তিবাদী অসমীয়াৰ চিন্তাত৷ যাৰ বাবেই সংবিধানবিৰোধী, জাতিধ্বংসী “কা”-ৰ বিৰুদ্ধাচৰণ কৰা হৈছিল। একাংশ বিবেকবান অসমীয়াই কৰাৰ নিচিনাকৈ অম্বিকাগিৰীয়েও পমুৱা মুছলমানখিনিৰ দ্বাৰা জাতিটোৰ কোনো হানি-বিঘিনি হোৱাৰ আশংকা প্ৰকাশ কৰা নাই৷ তেনে কোনো দৃষ্টিভংগী তেওঁৰ কোনো লেখনিত দেখা পোৱা হোৱা নাই৷ যদিওবা আজিৰ জাতীয়তাবাদীসকলে অসমৰ প্ৰব্ৰজন তথা প্ৰব্ৰজিত লোকসকলক হেয়ৰ দৃষ্টিৰে চায়, কিন্তু জাতিক ভালপোৱাৰ ক্ষেত্ৰত তিলমানো সন্দেহ নথকা ৰায়চৌধুৰীয়ে এই প্ৰব্ৰজন প্ৰক্ৰিয়াক এটা জাতিৰ গঠন বা বিকাশৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলায় বুলিহে আশা ব্যক্ত কৰিছিল৷ ৰায়চৌধুৰীৰ দ্বাৰা সম্পাদিত “চেতনা”-ৰ প্ৰথম বছৰৰ চতুৰ্থ সংখ্যাত তেওঁ লিখিছিল, “আজি কেইবছৰমান ক্ৰমে বংগদেশৰ ময়মনসিং আদি জিলাৰ পৰা যিবিলাক বঙালী মুছলমান আহি আসামৰ ঠায়ে ঠায়ে বসতি স্থাপন কৰিছে, তেওঁলোকক অসমীয়া ভাষাৰ দ্বাৰা শিক্ষিত কৰি অসমীয়া কৰি লৈ অসমীয়া জাতীয়তাক শক্তিশালী কৰি তুলিবৰ মহৎ কৰ্তব্য আজি অসমীয়া মুছলমান ভাইসকলৰ হাতত বেছি পৰিমাণে পৰিছে৷ জাতীয়তাৰ আকুল আহ্বান আৰু জন্মভূমি মাতৃ আজ্ঞাৰ বিধানে মুছলমান ভাইসকলৰ হাতত এই মহৎ কৰ্তব্য সম্পাদনৰ ভাৰ দিছে…”৷ একেখিনি আহ্বান পৰৱৰ্তী সময়ত আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসকে আদি কৰি প্ৰগতিশীল চামটোৱে কৰি অহা দেখা গৈছে। আমাৰ প্ৰাণৰ শিল্পী তথা অসম অসমীয়াক গোৱাৰৰ দৰে ভালপোৱা প্ৰয়াত ভূপেন হাজৰিকাদেৱেও গানেৰে অসমীয়াক আহ্বান জনাইছিল, “প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি, লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ’ল, নতুন ৰূপৰ অসমীয়া, আমি সেই ভাবে থাকিলেই হ’ব…”৷ ইমানৰ পাছতো সেই বিশেষ শ্ৰেণীটোক লৈ জাত্যভিমানী অসমীয়াৰ ইমান সমস্যা কিয় সেয়া ভাবিবলগীয়া৷

অম্বিকাগিৰিয়ে ওচৰ চপাই লোৱাৰ কথা কোৱা পমুৱা মুছলমানখিনিক ৰাজ্যৰ পৰা বাহিৰ কৰিবলৈ ৰাজ্যত চলা বিভিন্ন কাৰ্যপন্থাৰ ভিতৰত অন্যতম আছিল ৬ বছৰ জুৰি চলা অসম আন্দোলন৷ আছু, গণ সংগ্ৰাম পৰিষদ আদিকে ধৰি একাধিক ছাত্ৰ সংগঠনৰ নেতৃত্বত চলা এই আন্দোলনটোৰ লক্ষ্য আছিল বিদেশী বিতাড়ন (যদিও প্ৰথম অৱস্থাত আন্দোলনকাৰীৰ লক্ষ্য আছিল বহিৰাগত বিতাড়ন!)। এটা সময়ত ৰাজ্যৰ প্ৰগতিশীল মহলে ভিত্তি বৰ্ষ ১৯৭১ কৰাৰ দাবী তুলিছিল যদিও আন্দোলনকাৰী তথা আন্দোলনৰ গইনালৈ সাত পুৰুষে খাই শেষ কৰিব নোৱাৰাকৈ সম্পত্তি গোটোৱাৰ ফন্দি ৰচনা কৰি থকাসকলে চালে-বেৰে কোবোৱা যুক্তিৰে ভিত্তি বৰ্ষ ১৯৫১ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ যাৰ ফলশ্ৰুতিত আন্দোলন অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া হ’ল আৰু ৰাজ্যৰ প্ৰগতিশীল চামটোৱে অবৰ্ণনীয় যাতনা ভুগিলে৷ পৰৱৰ্তী সময়ত প্ৰগতিশীল মহলৰ দাবীয়ে ৰজিল যদিও যুক্তি-বিচাৰৰ পৰিৱেশ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল৷ পমুৱা মুছলমানৰ অস্তিত্ব, স্বীকৃতি, অধিকাৰক লৈ সদা সচেতন তথা মাত মাতি অহা ৰাজ্যৰ বাঁও চিন্তাত বিশ্বাসী লোকসকলৰ পিঠিত আন্দোলনকাৰীয়ে চিৰদিনলৈ লগাই দিলে বিশেষ কেইটামান টেগ—“মিঞাপ্ৰেমী”, “জাতিদ্ৰোহী” আদি৷

৮ জুনৰ (২০২৬) দিনা বিদেশী খেদা আন্দোলনে ৪৭ বছৰ অতিক্ৰম কৰিলে৷ বিদেশী খেদাৰ দাবীত আন্দোলন কৰাসকল পৰৱৰ্তী সময়ত বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ শাসনৰ গাদীত বহিল৷ কিন্তু কেইজন বিদেশী বিতাড়ন কৰা হ’ল সেয়া আমি সকলোৱেই দেখিলোঁ৷ ৮৫৫-জন তেজাল অসমীয়াৰ জীৱনৰ বিনিময়ত হোৱা অসম চুক্তিও “কা” গৃহীত হোৱাৰ পিছত অপ্ৰাসংগিক হৈ পৰিল ৷ “কা”-ই হিন্দু বাংলাদেশী বিতাড়ন কাৰ্যত অসম্ভৱ কৰি তুলিলে৷ এনআৰচি সম্পূৰ্ণ হোৱাৰ পিছত মিঞা-পমুৱা-বাংলাদেশী বিষয়টোৰ চিৰস্থায়ী নিস্পত্তি হ’ব লাগিছিল যদিও, ৰাজনীতিৰ স্বাৰ্থত ইয়াক জীয়াই ৰাখিব খোজা হৈছে৷ শেষত কোনো দূৰ দিগন্তৰ বিশ্ববিশ্ৰুত মহামানৱৰ কথা উদ্ধৃত নকৰি বুকুৰ আপোন জুবিন গাৰ্গৰ কথাৰেই কওঁ, “কিতাপ নপঢ়া জাতি এটাক কেৱল গামোচাই বচাব নোৱাৰে”৷ শত্ৰু-মিত্ৰ চিনোতে অধ্যয়নবিমুখ জাতি এটাই সদায় ভুল কৰে৷ অসমীয়াইও কৰিছে৷ অতীতত কৰা ভুলৰ পৰা যদি আজিৰ অসমীয়াই শিক্ষা নলয়, অসমীয়াৰ দুখ নকমে৷

Leave a Reply

Your email address will not be published. Required fields are marked *