“এয়ে মোৰ শেষ গান” : বিষ্ণু ৰাভাৰ আত্মউপলব্ধিৰ বিদায় সংগীত ।। শ্বব্নম শ্ববু
মুক্ত চিন্তা। একাদশ বৰ্ষ।। ৫ম সংখ্যা
২০ জুন তাৰিখে অসমৰ চুকে-কোণে বিষ্ণু ৰাভা দিৱস উদযাপন হৈ গ’ল। অতি আগ্ৰহ, আন্তৰিকতা আৰু শ্ৰদ্ধাৰে বহু মানুহে বিষ্ণু ৰাভাদেৱৰ সৃষ্টি কৰা গীত গালে, শুনিলে আৰু মহান শিল্পীজনক স্মৰণ কৰিলে। এই স্মৰণৰ মাজতে এটা কথা বিশেষভাৱে লক্ষনীয় যে ৰাভাদেৱৰ বিপ্লৱী চেতনাৰে উজ্জীৱিত গীতসমূহৰ চৰ্চা তুলনামূলকভাৱে কম দেখা গ’ল। তাৰ বিপৰীতে তেওঁৰ আন বহু গীতে সামাজিক মাধ্যম আৰু জনমানসত অধিক স্থান লাভ কৰিলে। এই চৰ্চিত গীতসমূহৰ ভিতৰত অন্যতম হৈছে—“পৰ জনমৰ শুভ লগনত”। ইয়াৰ লগতে বিশেষভাৱে উল্লেখ কৰিব লাগিব ৰাভাদেৱৰ জীৱনৰ অন্তিম সময়ত সৃষ্টি হোৱা এক গভীৰ জীৱন দৰ্শন পৰিস্ফূট কৰা গীত—“এয়ে মোৰ শেষ গান”।
আজিৰ এই লেখাৰ বিষয় সেই শেষ গীতটোক কেন্দ্ৰ কৰিয়েই।
সমাজত যেতিয়া অন্যায়, অবিচাৰ অথবা কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া এজন সমাজ সচেতন মানুহে কেৱল নীৰৱ দৰ্শকৰ ভূমিকা পালন নকৰে। তেওঁ অন্যায়ৰ বিৰুদ্ধে নিজৰ কণ্ঠ উজাৰি দিয়ে আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰে। ঠিক সেইদৰে কোনো মহান সৃষ্টিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ হ’লে সেই সৃষ্টিৰ মূল ভাৱ, উদ্দেশ্য আৰু দৰ্শনৰ প্ৰতি ন্যায় প্ৰদৰ্শন কৰাটোও প্ৰয়োজন।
বিশেষকৈ যুগান্তকাৰী অথবা চিন্তা উদ্ৰেককাৰী গীতৰ ক্ষেত্ৰত কেৱল শব্দ আৰু সুৰ আয়ত্ত কৰিলেই যথেষ্ট নহয়। সেই গীতৰ অন্তৰ্নিহিত দৰ্শন, সৃষ্টিৰ সময়ৰ প্ৰেক্ষাপট আৰু গীতিকাৰৰ অনুভৱৰ সৈতে একাত্ম হ’ব পাৰিলেহে গীতটোৰ প্ৰকৃত মৰ্যাদা অক্ষুণ্ণ থাকে। কাৰণ এনে গীত কেৱল মনোৰঞ্জনৰ বাবে সৃষ্টি হোৱা শব্দ আৰু সুৰৰ সমষ্টি নহয়; চিন্তাৰ প্ৰকাশ আৰু এক গভীৰ জীৱনবোধৰ প্ৰতিফলন।
যেতিয়া কোনো গীত পৰিৱেশন কৰাৰ সময়ত সেই গীতৰ অন্তৰাত্মাক উপেক্ষা কৰি কেৱল বাহ্যিক সৌন্দৰ্য, সুৰৰ মাধুৰ্য অথবা জনপ্ৰিয়তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়, তেতিয়া অজানিতে হ’লেও সেই সৃষ্টিৰ প্ৰতি অন্যায় কৰা হয়। সেয়ে এনে গীত গোৱাৰ আগতে প্ৰতিজন শিল্পীয়ে গীতটোৰ অৰ্থ, সৃষ্টিৰ সময়, সামাজিক-মানসিক প্ৰেক্ষাপট আৰু গীতিকাৰৰ ভাৱনাক বুজিবলৈ চেষ্টা কৰা উচিত।
“এয়ে মোৰ শেষ গান” গীতটো সামাজিক মাধ্যমত বহুতে গোৱা দেখিলো, শুনিলোঁ। শ্ৰোতা হিচাপে মোৰ অনুভৱ হৈছে—এই গীতটো বিৰহমূলক হ’লেও মূলতঃ ই কেৱল বিৰহৰ গীত নহয়। জীৱনৰ অন্তিম পৰ্যায়ত আহি থিয় দিয়া এজন জীৱন নাটৰ ভাৱৰীয়াই যেন মঞ্চ আৰু দৰ্শকৰ পৰা এক দাৰ্শনিক বিদায় গীত জুৰিছে। এই বিদায় বিননিৰ নহয়; বৰং ই এক গভীৰ আত্মউপলব্ধিৰ প্ৰকাশ।
জীৱন-সংগ্ৰামৰ বহু সুখ-দুখ, ক্ষোভ-যন্ত্ৰণা আৰু অভিজ্ঞতাৰে পৰিপুষ্ট এক আত্মঅৱলোকন এই গীতটোৰ মাজত অনুভৱ হয়। ক্ষণস্থায়ী জীৱনৰ সমুখত হতাশাৰ বিপৰীতে আছে সাহসেৰে গ্ৰহণ কৰা এক ধীৰ, গম্ভীৰ আৰু শান্ত আত্মসমৰ্পণ। ৰাভাদেৱে জীৱন সংগ্ৰামক এখন নাট বা ভাওনাৰ সৈতে তুলনা কৰিছে, য’ত জীৱনৰ শেষ দৃশ্যত শিল্পীয়ে নিজৰ ভূমিকা শেষ কৰি মঞ্চ ত্যাগ কৰে।
এই গীতত থকা বিৰহৰো এক বিস্তৃত দাৰ্শনিক ৰূপ আছে। এই বিৰহ কোনো প্ৰিয়জনৰ বিচ্ছেদ, প্ৰেমৰ বেদনা বা মিলনৰ আকাংক্ষাৰ পৰা সৃষ্টি হোৱা বিৰহ নহয়; ই জীৱনৰ গভীৰ অৰ্থ বিচাৰি কৰা এক অস্তিত্বৰ সন্ধান। ই মঞ্চ এৰি দৰ্শকৰ পৰা আঁতৰি যোৱাৰ অনুভৱ, এক সমাপ্তিৰ বেদনা।
গীতটোৰ সুৰৰ ক্ষেত্ৰতো এক গম্ভীৰ, ধীৰ আৰু অন্তৰ্মুখী ভাৱ প্ৰকাশ পাইছে। সুৰৰ গতি তীব্ৰ নহয়; বৰং লাহে লাহে আগবাঢ়ি গৈ যেন গম্ভীৰতাৰ পৰা শান্তিৰ দিশলৈ গতি কৰিছে। ইয়াতেই যেন একাংশ নতুন গায়কৰ পৰিৱেশনৰ ক্ষেত্ৰত মূল ভাবৰ পৰা কিছু বিচ্যুতি ঘটে। কিছুমান নতুন প্ৰজন্মৰ গায়কৰ পৰিৱেশনত এনে অনুভৱ হয় যেন গীতটো আৰম্ভণিৰ পৰাই এক স্থিৰ শান্ত অৱস্থাত আছে, যাৰ ফলত জীৱন-সংগ্ৰামৰ মাজেৰে আহি পোৱা সেই গভীৰ উপলব্ধিৰ যাত্ৰাটো সম্পূৰ্ণ ৰূপে প্ৰকাশ নাপায়।
ইয়াৰ বিপৰীতে মূল গীতটোত গায়ক আৰু সুৰকাৰ খগেন মহন্তই নিজৰ অসাধাৰণ প্ৰতিভাৰে ৰাভাদেৱৰ অনুভূতিক সুৰৰ মাজত ধৰি ৰাখিবলৈ সক্ষম হৈছে। গম্ভীৰ আৰম্ভণি, কোমল বিষাদময় সুৰৰ প্ৰয়োগ, দীঘলীয়া টান আৰু মৃদু উঠা-নমাৰ মাজেৰে গীতটোৰ দৰ্শন প্ৰকাশ পাইছে। ‘শেষ’, ‘অৱসান’, ‘নুমাই যোৱা’ আদি শব্দত সুৰ অধিক কোমল হৈ পৰে। ইয়াত সুৰে কেৱল শব্দক অনুসৰণ কৰা নাই; শব্দৰ অন্তৰ্নিহিত অৰ্থকো প্ৰকাশ কৰিছে।
সংগীত আয়োজনৰ ক্ষেত্ৰতো গীতটোত এক বিশেষ সংযম দেখা যায়। অতিমাত্ৰা ছন্দ বা বাদ্যৰ জোৰ নাই; গীতৰ ভাৱকেই আগ স্থান দিয়া হৈছে। মৃদু তানপুৰাৰ ব্যৱহাৰে এক গভীৰ অনুভৱৰ সৃষ্টি কৰিছে। সীমিত আৰু মাৰ্জিত বাদ্য ব্যৱহাৰে কণ্ঠ আৰু বাণীক মুখ্য কৰি তুলিছে। মাজে মাজে বাঁহীৰ সুৰে শান্তিৰ অনুভৱ কঢ়িয়াই আনে আৰু বেহেলাৰ কোমল সুৰে এক মৃদু বিষাদৰ অনুভূতি জগাই অতীত স্মৃতিক তীব্ৰ কৰি তুলি।
মোৰ শ্ৰোতা মনত আন এটা অনুভৱো জাগে—গীতটোৰ আৰম্ভণিত ব্যৱহৃত বাগুৰুম্বা সুৰটোৱে যেন ৰাভাদেৱৰ জনজাতীয় সমাজৰ পৰা আৰম্ভ হোৱা সৰ্বহাৰাৰ মুক্তি আৰু সংগ্ৰামৰ যাত্ৰাক স্মৰণ কৰাই দিয়ে। তাৰ পিছত ভাওনাৰ খোলৰ সুৰ যেন জীৱন-নাটৰ এক বৃহৎ পৰিসৰ, অসমৰ সকলো জাতি-জনজাতিক লগত লৈ কৰা সংগ্ৰাম আৰু শেষত আত্ম উপলব্ধিৰ প্ৰতীক হৈ উঠে।
ৰাভাদেৱৰ এই গীতত খগেন মহন্তই কেৱল সুৰ সৃষ্টি কৰা নাই; তেওঁ গীতটোৰ দৰ্শনক নিজৰ সংগীত সাধনাৰে এক পূৰ্ণ ৰূপ দিছে। প্ৰতিটো সুৰ, প্ৰতিটো বাদ্য আৰু প্ৰতিটো কণ্ঠ প্ৰয়োগে যেন গীতৰ অন্তৰ্নিহিত ভাবক আমাৰ সন্মুখত জীৱন্ত কৰি তোলে।
এনে গীত পৰিৱেশন কৰাৰ সময়ত গীতটো, গীতিকাৰ আৰু সুৰকাৰৰ ভাৱনাৰ প্ৰতি যাতে অন্যায় নহয়—এই কামনাৰে এজন সাধাৰণ শ্ৰোতা আৰু গান অনুৰাগী হিচাপে নিজৰ অনুভৱ ব্যক্ত কৰিলোঁ।

