বিশ্বাস-অবিশ্বাস

লোকবিশ্বাস নে অন্ধবিশ্বাস-(মানস জ্যোতি নিৰ্মলীয়া)

নিসন্দেহে লোকবিশ্বাসসমূহে একোটা জাতিৰ সামাজিক জীৱন শৈলীক প্ৰতিফলিত কৰে। আদিম অৱস্থাৰ পৰা বিবৰ্তনৰ গতিপথত আৰ্জিত অভিজ্ঞতাৰ ভিত্তিত গঢ় লোৱা বহু লোকবিশ্বাসৰ আঁৰত বিভিন্ন বৈজ্ঞানিক কাৰণ নিহিত হৈ থকাটো অস্বাভাবিক নহয়। কিন্তু অজ্ঞতাৰ ফলত উদ্ভূত বহু লোক বিশ্বাসৰ বিশেষ কোনো বৈজ্ঞানিক কাৰক নাথাকে‌। পৰম্পাৰগতভাবে পায়-নাপায়, মঙ্গল-অমঙ্গল আদিৰ ভিত্তিতহে গঢ়ি উঠে। এই লোকবিশ্বাসবোৰ জীৱ-জন্তু, মানুহৰ জন্ম-মৃত্যু-বিবাহ  সম্পৰ্কীয়, ধৰ্মীয় আদি বিভিন্ন দিশত দেখিবলৈ পোৱা যায়। পৰম্পৰাগতভাৱে প্ৰচলন হৈ অহা লোকবিশ্বাসবোৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে কোনো এখন সমাজৰ বাবে প্ৰয়োজনীয় নহবও পাৰে। সাধাৰণতে লোকবিশ্বাসবোৰ মানুহে সমাজৰ কল্যাণৰ অৰ্থত অথবা তেওঁলোকে সমাজত প্ৰত্যক্ষ কৰা সমস্যাবোৰৰ আধাৰত গঢ়ি তুলিছিল। আদিম কালত মানুহে প্ৰকৃতিক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল। সেয়েহে বিভিন্ন জীৱ-জন্তুকেন্দ্ৰিক লোকবিশ্বাসৰো সৃষ্টি হৈছিল। ওপৰত কোৱাৰ দৰে এই লোকবিশ্বাসবোৰৰ বহুসংখ্যকৰে আঁৰত বৈজ্ঞানিক কাৰণ নিহিত হৈ আছে। অৱশ্যে বহুসংখ্যক লোকবিশ্বাসৰ বিজ্ঞানসন্মত ভিত্তি নাই। কেৱল পৰম্পৰাৰ সুবিধা লৈ বহুতো লোকে সমাজত অৰাজকতাৰ সৃষ্টি কৰি আহিছে।  সময়ৰ পৰিৱতৰ্নৰ লগে লগে মানুহে কিছুমান পৰম্পৰাৰ বিজ্ঞানসন্মত ভিত্তি বা যুক্তিযুক্ততা বিচাৰ কৰি পৰিহাৰ কৰিব লাগে। যিবোৰে কাৰো উপকাৰ নকৰে বৰঞ্চ ক্ষতিহে কৰে। তেনেধৰণৰ বিশ্বাস পৰিহাৰ কৰাটোৱে শ্ৰেয়। এনেধৰণৰ বহুতো উদাহৰণ আমি দেখিবলৈ পাওঁ। সাধাৰণতে মানুহৰ আই বা বসন্ত ৰোগ হলে এতিয়াও মানুহে কোনো দেৱ-দেৱীৰ ৰোষৰ বাবে এনে ৰোগ হয় বুলি বিশ্বাস কৰি কোনো ধৰ্মীয় কাজৰ আয়োজন কৰে, যত কেইবাজনো সৰু লৰা-ছোৱালীক মাতি আনি ভোগ দিয়া হয়। চিকিত্সা বিজ্ঞানে এইটো প্ৰমাণ কৰিছে যে সাধাৰণতে বসন্ত ৰোগ ভাইৰাছৰ পৰাহে হয়। কোনো দেৱ-দেৱীৰ কাৰণে নহয়। এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি একগোট হলে ভাইৰাছ বিয়পাৰ অধিক আশংকা থাকে। গতিকে এনেধৰণৰ বিশ্বাস কিমান যুক্তিসংগত ভাবিবৰ থল আছে।

ইয়াৰ উপৰিও সপোন সম্পৰ্কীয় লোকবিশ্বাস আমাৰ সমাজত এতিয়াও প্ৰচলিত। মানুহ এতিয়াও এনেধৰণৰ বিশ্বাসৰ পৰা ওলাই আহিব পৰা নাই। কোনো লোকে সপোনত কোনো ৰোগৰ ঔষধ দেখিলে, কোনো দেৱ-দেৱী দেখিলে বুলি যিবোৰ কাৰ্যকলাপ কৰে, সি আমাৰ সকলোৰে জ্ঞাত। কিন্তু সেইবোৰৰ প্ৰতি আমাৰ মানুহৰ বিশ্বাস এতিয়াও হ্ৰাস পোৱা নাই, মানুহে বুজা উচিত যে সপোনৰ কোনো বাস্তৱিক ভিত্তি নাই। ইয়াক অৰ্ধসেচতন অৱস্থাতহে দেখা যায়। গতিকে এইধৰণৰ বিশ্বাসৰ কোনো ভিত্তি নাই। এইধৰণৰ বিশ্বাসৰ সুবিধা এচাম মানুহে গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা যায়।

তদুপৰি আমাৰ মানুহ এতিয়াও যাদু-মন্ত্ৰ সম্পৰ্কীয় বিশ্বাসত বিশ্বাসী। বহু লোকে এতিয়াও ৰোগ-নিৰাময়ৰ বাবে এই যাদু-মন্ত্ৰৰ আশ্ৰয় লয়। কোনো অচিন ৰোগে দেখা দিলে চিকিতসকৰ ওচৰলৈ নগৈ পোনে পোনে আমি কবিৰাজ বা বেজৰ ওচৰলৈ যোৱা দেখিবলৈ পাওঁ। যি বিভিন্ন ধৰণৰ পূজা-পাতলৰ জৰিয়তে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বিধান দিয়ে।

 বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবে বিভিন্ন ধৰণৰ বেমাৰ, যেনে-ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি ৰোগ হয়। এইবোৰ ৰোগৰ উপশমৰ বাবে চিকিৎসা বিজ্ঞানৰ বিভিন্ন উপায় আছে। কোনো ধৰণৰ জৰা-ফুকা, যাদু-মন্ত্ৰই এইধৰণৰ ৰোগ সৃষ্টি কৰিব নোৱাৰে আৰু ৰোগ নিৰাময় কৰিব নোৱাৰে। কিন্তু বহুসংখ্যকে এতিয়াও এইবোৰ ৰোগ ডাক্তৰে নিৰাময় কৰিব নোৱাৰে বুলি ভাবি কবিৰাজৰ ওচৰলৈ গৈ নিজৰ জীৱনলৈ ভাবুকি নমাই আনে। এইধৰণৰ বিশ্বাসৰ অচিলা লৈ কোনো দুষ্ট চক্ৰই সমাজৰ কোনো লোকক ডাইনী সজাই অত্যাচাৰ কৰি হত্যা কৰে। গতিকে এই ধৰণৰ বিশ্বাস কিমান যুক্তিসংগত।

সেইদৰে তিৰোতা মানুহৰ মাহেকীয়া হোৱাৰ অন্তৰালতো যিবোৰ বিশ্বাস আছে, যিবোৰ বিশ্বাসৰ বাবে এগৰাকী মহিলাই বিভিন্ন ধৰণে নিৰ্যাতিতা হৈ আহিছে। দৰাচলতে তিৰোতা মানুহৰ মাহেকীয়া কোনো ৰোগ নহয়, ইয়াৰ লগত কোনো বীজাণু নাথাকে। ই এক স্বাভাৱিক প্ৰক্ৰিয়া। এই কাৰণবোৰ নজনাৰ বাবে এতিয়াও তেনে তিৰোতাক সমাজত অস্বাভাৱিক আচৰণ কৰা দেখিবলৈ পোৱা যায়। তেনে তিৰোতাই দৈনিন্দন কাম-কাজ কৰি থাকিব পাৰে। মাত্ৰ দৌৰা, ঢেকী দিয়াৰ দৰে টান কাম কৰিব নালাগে। কিন্তু গাঁৱে-ভূঁঞে মাহেকীয়া হোৱা তিৰোতাক পাকঘৰৰ পৰা আঁতৰাই টান কামহে কৰিবলৈ দিয়া হয়। সেমেকা মজিয়াত কম কাপোৰৰ বিছনাত শুবলৈ দি বেমাৰহে মাতি আনিবলৈ বাধ্য কৰোৱা হয়।

জীৱ-জন্তু সম্পৰ্কীয় বিশ্বাসৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে যাত্ৰাপথত মেকুৰীয়ে আগেভেটি ধৰিলে বা মেকুৰী আগেৰে পাৰ হলে অমঙ্গল হয়, সেয়ে বহু লোকে তেনে মেকুৰীক মাৰি পেলোৱাও পৰিলক্ষিত হয়। সাধাৰণতে সকলো জীৱই পাৰ হৈ যাব পাৰে, কিন্তু মেকুৰী পাৰ হলেহে অমঙ্গল ই বিবেচনীয়। সেইদৰে ফেঁচাই নিউ নিউ কৰিলে মানুহ মৰে বা অমঙ্গল হয়-এনেধৰণৰ লোকবিশ্বাসবোৰ সমাজ এখনৰ উন্নয়নত কিমান প্ৰয়োজনীয় ই বিবেচনীয়।

কোনো লোকক সাপে খুঁটিলে ডাক্তৰৰ চিকিতসাৰ সলনি বেজ বা কবিৰাজৰ যাদু-মন্ত্ৰৰ সহায় লোৱা প্ৰায়ে সমাজত দেখিবলৈ পোৱা যায়। যত এনে বিশ্বাসৰ বশৱৰ্তী হৈ মানুহ মৃত্যুমুখত পৰে। আনকি বহু ঠাইত এতিয়াও সাপে খুঁটা মানুহক সতকাৰ নকৰি কলগছেৰে নিৰ্মিত ভুঁত উটাই দিয়া হয়। এনেধৰণৰ লোকবিশ্বাস এইখন অসমতেই আজিও প্ৰচলিত।

কোনো লোকৰ হাতত গৰু মৃত্যু হব নাপায়, তেনে হলে পাপ লাগে বুলি লোকবিশ্বাস প্ৰচলিত আছে। এনে বিশ্বাসৰ বশৱৰ্তী হৈ সমাজত বহু সময়ত সমাজৰ দ্বাৰা বহু লোকে নৰক-যন্ত্ৰণা লাভ কৰা দেখিবলৈ পোৱা যায়। যিজন লোকৰ অসাৱধানতাৰ বাবে গৰু মৃত্যু হয়, সেইজনে সাতৰ পৰা পোন্ধৰ দিন পৰ্যন্ত গৰুৰ দৰে ডিঙিত পঘা লৈ মানুহৰ ঘৰে ঘৰে যাব লাগে আৰু শেষত ব্ৰাহ্মণ মাতি আনি ঊদ্ধাৰ হব লাগে।এনেধৰণৰ বিশ্বাসৰ নামত বহুতো শোষণ চলি থকা দেখিবলৈ পোৱা যায়। গৰু হিন্দু ধৰ্মৰ পবিত্ৰ জন্তু। মানুহে গো মাতা বুলি পূজা কৰে। কিন্তু একোটা গৰুৰ অস্বাভাৱিক মৃত্যু হলে গৃহস্থই ইমানিখিনি যন্ত্ৰণা সহ্য কৰাটো কিমান যুক্তিসংগত।

মানুহৰ মৃত্যু সম্পৰ্কীয় লোকবিশ্বাস কিছুমানতো বিজ্ঞানসন্মত কাৰণ দেখিবলৈ পোৱা নাযায়।সাধাৰণতে বহু সমাজত মানুহৰ মৃত্যু হলে তিলনীৰ দিনা পিণ্ড দান আৰু দহ দিনৰ দিনা পিণ্ড দান দিয়া হয়। এই পিণ্ডত বিভিন্ন খাদ্যৰ সামগ্ৰী ভৰাই দিয়া হয় যাতে মৃতকৰ আত্মাই খাবহি পাৰে। মৃতকৰ আত্মাই খাবলৈ অহাটো কিমান যুক্তিপূৰ্ণ, ইও বিবেচনা কৰিবলগীয়া। ইমান ব্যয়বহুলভাৱে এনে কাৰ্য কৰাতকৈ জীয়াই থাকোঁতে এনে বস্তু প্ৰদান নকৰি মৃত্যুৰ পিচত এইবোৰ দি কি লাভ হব।গতিকে ইয়াত ধৰ্মীয় বিশ্বাসৰ বাহিৰে কি যুক্তি আছে ভাৱিবলগীয়া।

ইয়াৰ উপৰিও আমি সাধাৰণতে কোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে বিভিন্ন লোকবিশ্বাসৰ সন্মুখীন হওঁ। প্ৰায়ে শুনিবলৈ পাওঁ যে শনিবাৰে, মঙ্গলবাৰে চুলি কাটিব নাপায়, বৃহস্পতি, সোমবাৰে ঘৰ লব পাৰিলে ভাল- ইত্যাদি বিভিন্ন বিশ্বাস সমাজত প্ৰচলন আছে। চাব গলে এই দিন, বাৰ, বছৰ এইবোৰ মানুহে সময় জুখিবৰ বাবে তৈয়াৰ কৰি লোৱা কিছুমান একক। গতিকে বাৰ অনুসৰি নিষেধাজ্ঞা আৰোপ কৰাটো অযুক্তিকৰ।

ৰাতি ধান-চাউল, টকা-পইচা, হালধি দিব নাপায়। কোনো লোকে বিপদত পৰি ৰাতি টকা বিচাৰি আহিলেও বহু সমাজৰ লোকে ককৰ্থনা কৰি পঠাই দিয়ে। এইবোৰ লোকবিশ্বাস পৰম্পৰাগতভাৱে চলি আহিছে, ইয়াৰ অন্তৰালতনো কি বৈজ্ঞানিক কাৰণ জড়িত হৈ আছে তাক নুবুজি কেৱল ধৰ্মীয় প্ৰলেপ সানে। ৰাতি বস্তু দিব নাপায়, অমঙ্গল হয়। অমঙ্গল কি কাৰণে হব পাৰে যে ৰাতিৰ অন্ধকাৰত কিবা বস্তু দিলে মূল্যৱান সম্পদ হেৰাই যাব পাৰে।ই পূৰ্বাপৰ চলি অহা বিশ্বাস। আগেয়ে বিজুলী বাতিৰ ব্যৱস্থা নাছিল, সেয়ে ৰাতি বস্তু দিলে আন বস্তু হেৰাব পাৰে, তেনে বিশ্বাস আছিল কিন্তু আজিৰ দিনত এনে সমস্যা বহু কমি গৈছে। গতিকে এনে বিশ্বাসৰ ভিত্তি বিচাৰ কৰিবলগীয়া।

বিবাহৰ ক্ষেত্ৰতো আমি বহু নিয়ম পালন কৰা দেখিবলৈ পাওঁ। সাধাৰণতে উচ্চ বংশৰ লৰাই নিম্ন জাতিৰ ছোৱালী বিয়া কৰাব নাপায়, তেনে কৰিলে বংশৰ মৰ্যাদা হেৰায়, সেয়ে ইয়াৰ পৰা ৰক্ষা পাবলৈ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰি পুৰোহিত মাতি আনি ছোৱালীজনীক জাতত তুলি লোৱা হয়। এইধৰণৰ কিছুমান লোকবিশ্বাস বা লোকাচাৰৰ বাবেই সমাজত জাত-পাত, বৰ্ণ-বৈষম্য আজিও প্ৰবাহিত হৈ আছে।

বহু জনগোষ্ঠীয় সমাজত বিভিন্ন লোকবিশ্বাসৰ প্ৰচলন হৈ আছে, যিবোৰৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই। এইেক্ষত্ৰত মিচিং জনগোষ্ঠীৰ পৰা এটা উদাৰহণ লব পাৰি যিটো ক্ষেত্ৰ অধ্যয়নৰ আধাৰত পোৱা গৈছে।মিচিং সমাজত এতিয়াও এনে এবিধ ৰোগ আছে যি ৰোগ কেৱল মিচিং জনগোষ্ঠীৰ মাজতহে প্ৰচলিত। এইবিধ বেমাৰৰ নাম য়ৌনৌ।এইবিধ বেমাৰ বংশানুক্ৰমিক। যদিহে কোনো পৰিয়ালত এইধৰণৰ ৰোগ হয়, সেই পৰিয়ালৰ কোনো লৰা-ছোৱালীক আন পৰিয়ালে বিয়া নকৰায়, যদিহে তেনে কৰে তেন্তে তেওঁক ঘৰৰ পৰা বা সমাজৰ পৰা বৰ্জন কৰা হয়। তদুপৰি যদিহে তেনে কৰে ভৱিষ্যতে সেই পৰিয়ালৰ নতুন প্ৰজন্মৰ তেনে বেমাৰ হোৱাটো স্বাভাৱিক। এই ৰোগ হলে কোনো লোক শুকাই-ক্ষীণাই উঠিব নোৱৰা হৈ মৃত্যুমুখত পৰে। এই ৰোগ কোনো চিকিতসাই ভাল কৰিব নোৱাৰে। গতিকে তেনে ৰোগী থকা ঘৰখনৰ লগতে পৰিয়ালে মানসিক অসন্তুষ্টিত জীৱন যাপন কৰিবলগীয়া হয়। চিকিতসা বিজ্ঞানৰ ইমান উন্নতিৰ পিচতো এনে কি বংশানুক্ৰমিক বেমাৰ আছে ই আলোচনা কৰিবলগীয়া। যদিহে এনে বেমাৰ আছে তেন্তে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা উলিওৱাটো প্ৰয়োজনীয়। নে ই লোকবিশ্বাসৰ আধাৰত প্ৰচলিত হৈ থকা পৰম্পৰাগত ৰোগ, ইও আলোচনা কৰিবলগীয়া।

উল্লিখিত বিশ্বাসবোৰৰ বাহিৰেও বহু লোকবিশ্বাস আছে যিবোৰৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই। শেষত এটা কথা কব পাৰি যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে লোকবিশ্বাসবোৰৰো পৰিৱৰ্তন কৰিব লাগে বা ইয়াৰ যুক্তিযুক্ততা বিচাৰ কৰিব লাগে, দীনেশ চন্দ্ৰ গোস্বামীদেৱে কোৱাৰ দৰে- যেনেদৰে বিজ্ঞানৰ নতুন তথ্যই পুৰণি তথ্যৰ ভুল প্ৰমাণ কৰে, পুৰণি তথ্যৰ বা সূত্ৰৰ কোনো স্থিতি নোহাৱা হৈ পৰে বা কোনোৱে গ্ৰহণ নকৰে তদ্ৰূপ এই লোকবিশ্বসবোৰৰো সত্যতা প্ৰমাণ কৰি যিবোৰ লোকবিশ্বাস সমাজৰ বাবে ক্ষতিকাৰক সেইবোৰক বৰ্জন কৰিব লাগে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সাধাৰণতে এখন সমাজত বাস কৰিবলৈ বিভিন্ন নীতি-নিয়ম মানি চলিব লাগিব।এখন সমাজত বিভিন্ন লোকাচাৰ পালন কৰিবই লাগিব। লোকাচাৰবোৰেই মানুহক সামাজিক কৰে। কিন্তু এই লোকাচাৰবোৰৰো যুক্তিযুক্ততা বিচাৰ কৰি সামাজিক কল্যাণৰ দিশলৈ চাই তাক পালন কৰিলেহে এখন সুস্থ সমাজ গঠন হব। সাধাৰণতে জাত-পাতৰ সমস্যাই বতৰ্মান সমাজখন কলুষিত কৰি পেলাইছে।প্ৰায়বোৰ সমাজতেই দেখোঁ বেলেগ জাতিৰ মানুহক চোতালতহে বহিব দিব লাগে, ঘৰত সোমাব দিব নালাগে, যদিহে কিবা কাৰণত সোমায় যায়, শান্তিয়নি পানী ছটিয়াই কোঠাটো পবিত্ৰ কৰিব লাগে। এনে লোকো আছে যি নিজৰ ঘৰটো আন জাতিৰ লোকৰ হাতেৰে নিৰ্মাণ কৰুৱাইছে কিন্তু ঘৰটো সম্পূৰ্ণ হোৱাত যেতিয়া মিস্ত্ৰীয়ে স্বইচ্ছাৰে চাবলৈ ঘৰটোত সোমাইছে, তেতিয়া তেওঁক ঘৰৰ বাহিৰৰ চোতালত স্থান দিয়া মানুহৰ উদাহৰণ এইখন অসমতেই আছে। এইবোৰ লোকবিশ্বাস নে অন্ধবিশ্বাস। বিবেচনীয়।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *