৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

লোকসঙ্গীতৰ পৰাণ কান্দে কিয়? জানিছিলে হেমাংগ বিশ্বাসে – (সিদ্ধার্থ লাহিড়ী)

“… তুমি বিদ্রুপ কৰি ক’বা/মই হ’লো বর্ণান্ধ, লাল মাতাল/ বন্ধু তুমি জানানে/কি দুখত চম্পা মোৰ/পলাশ হৈ গ’ল?” 

সোঁ-মধ্য-বাওঁ সকলো ৰাজনৈতিক দলে ‘আম আদমি’ৰ হকে কথা কয়। ধৰি লোৱা হয় যে, “আম আদমিয়ে নিজৰ কথা ভালদৰে সজাই পৰাই ক’ব নাজানে। কিন্তু, এই কথা ক’ব নজনা মানুহবোৰেই সঙ্গীতৰ মাধ্যমেৰে, সুৰ, স্বৰ আৰু ভংগীৰ অসাধাৰণ সমন্বয় সাধন কৰি, বিভিন্ন উৎপাদনশীল শ্রম-প্রক্রিয়াত আৱদ্ধ সমষ্টিজীৱনৰ অভিব্যক্তি’ প্রকাশ কৰিব জানে। লুইত আৰু গাঙ্গেয় উপত্যকাৰ ঘন জনবসতিৰ তৰপে তৰপে জমি থকা হুমুনিয়াহ-আনন্দ-বিষাদ-প্রত্যয় আৰু প্ৰতিবাদৰ বৈচিত্র্য পঢ়িব জনা এজন আন্তর্জাতিক লোকসঙ্গীত বিজ্ঞানী আছিল হেমাংগ বিশ্বাস। তেখেতে মাথোঁ লোকসঙ্গীতৰ হৃদস্পন্দন অনুভৱ কৰাই নহয়, ইয়াৰ অন্তৰাত্মাৰ লগত বিজ্ঞানভিত্তিক সংযোগ স্থাপন কৰিব পাৰিছিলে। এই লিখনিৰ সৰু পৰিসৰৰ মাজত আমি হেমাংগ বিশ্বাসৰ হাত ধৰি আলোচনাৰ বাবে বাছি লৈছো তিনিটা বিষয়।  -লোকসঙ্গীতৰ আৰ্থ ৰাজনৈতিক তাৎপর্য, গণসঙ্গীতৰ গণ বিচ্ছিন্নতা আৰু গণতান্ত্রিক বিপ্লৱ সু-নিশ্চিত কৰাৰ বাবে লোকসঙ্গীতৰ প্রয়োজনীয়তা।

ভাটিয়ালীৰ সুজন নাইয়া’ৰ ঘৰ ক’ত ?

সম্প্রতি দূৰদৰ্শনত প্ৰচাৰিত হৈ থকা প্রতিযোগিতাধর্মী গানৰ অনুষ্ঠানবিলাকত বিভিন্ন ৰীতি/ঘৰানা/জেনৰ (genre) ৰ লগত প্রতিযোগীৰ চিনাকি পৰীক্ষা কৰিবলৈ লোৱা প্রক্রিয়াত ‘সুজন নাইয়া’কো মাজে-মধ্যেই চামিল কৰোৱা দেখা যায়। সাজসজ্জা বিশেষজ্ঞই ‘সুজন নাইয়া’ক বিশেষভাৱে ডিজাইন কৰা বেশ ভূষাৰে সজাই পৰাই মঞ্চত তুলি দিয়ে। পালতৰা নকল নাও বাই এফাকি ভাটিয়ালী গাবলৈ কয় আৰু ৰঙা নীলা পোহৰৰ বিচ্চূৰণে যি মায়াজাল সৃষ্টি কৰে, তাৰ প্রতি সঁহাৰি জনাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিয়ে। হেমাংগ বিশ্বাস প্রশ্ন হ’ল – “ভাটিয়ালীৰ বিলম্বিত লয়ৰ সুজন নাইয়া’ক জানো তেনে দৃষ্টিৰে চিনি পোৱা যাব? … লৌহ কঠিন হাতেৰে ব’ঠা মাৰি মাৰি গঙা চিলনীৰ নিচিনাকৈ প্রচণ্ড ধুমুহাৰ সৈতে সংগ্রাম কৰা ‘সুজন’ক নেদেখিলে, মৰণৰ সৈতে যুঁজ কৰি নাও বাই সাৰিগান গোৱা সেই ছান্দসিক ‘সুজনক’ নেদেখিলে – অৱসৰ সময়ত শান্ত-সৌম্য ভটিয়নী সোঁতত নাও এৰি দি “লিলুৱা বতাহৰ মাদকতা সানি ভাটিয়ালী গাই যোৱা সুজন’ৰ ভাবালুতাক উপলব্ধি কৰাটো জানো সম্ভৱ? মুক্ত বজাৰ অৰ্থনীতিৰ বাবে ‘সুজন নাইয়া’ৰ ঘৰৰ ঠিকনা, ল’ৰা-ছোৱালীয়ে খাবলৈ, পিন্ধিবলৈ কি অহোপুৰুষাৰ্থ কৰিবলগীয়া হয়, সেইবিলাক জানিবলগীয়া বিষয় নহয়। যেতিয়া আন কিছুমান ভোগ্যপণ্যৰ নিচিনাকৈয়ে লোকসঙ্গীতকো এবিধ ‘চাপ্লাই কৰিবলগীয়া মাল’ বুলি বিৱেচনা কৰা হয়, আন কেতবোৰ সাংস্কৃতিক মাধ্যমৰ নিচিনাকৈয়ে ‘লোকসঙ্গীত’ৰ মাজতো বিভিন্ন ধৰণৰ বিকৃতিয়ে দেখা দিয়ে, আনহাতে এই বিকৃতিৰ পৰা ‘লোকসঙ্গীত’ক মুক্ত কৰাৰ বাসনাৰে এচাম যান্ত্রিক গৱেষকে যেতিয়া ‘লোকসঙ্গীত’ৰ বিশুদ্ধতা অনুসন্ধান কার্যত ব্রতী হয়, কার্যতঃ লোকসঙ্গীত, “… তেওঁলোকৰ চ’ৰাঘৰ (বৈঠকখানা)ত বিষ্ণুপুৰী পোৰামাটিৰ ঘোঁৰা” -ত পৰিণত হয়। হেমাংগ বিশ্বাসে শ্লেষ ব্যক্ত কৰি কৈছে যে, “আমাৰ আকাশবাণীৰ কর্মকর্তাসকলৰ ধাৰণা যে লোক-সংগীত সকলোৱেই গাব পৰা ধৰণৰ লঘু সংগীত। সেয়ে ইয়াৰ বাবে দিয়া মাননীও আটাইতকৈ কম।” লোক-সঙ্গীতৰ প্রতি সমাজৰ ‘এলিট’ আৰু প্রভুত্বশালী চামটোৰ সংকীর্ণ দৃষ্টিভঙ্গী ইচ্ছাকৃত নে অনভিপ্রেত, এইবোৰ বিতৰ্কৰ স্পষ্ট উত্তৰ পোৱা সম্ভৱ নহয়। কিন্তু ৰাষ্ট্ৰই যেতিয়া গম পায় যে, ‘সুজন নাইয়া’ৰ প্রকৃত ঘৰ নৈৰ পাৰত নহয়, নৈৰ মাজতহে তেতিয়া এই ব্যৱস্থাটোৰ ভিতৰত লোকসঙ্গীতে ভয়-মিশ্রিত এক অদ্ভুত কঁপনিৰ সৃষ্টি কৰে তাৰ কাৰণ হ’ল, লোকসঙ্গীত “গোৱাৰ ঢঙটো হ’ল মাটি-পানী-বতাহ কিম্বা পাহাৰ উপত্যকাৰ দ্বাৰা প্ৰভাৱান্বিত। গুৰু এজন নহয় – গণসমষ্টি।”

কিয় লোকসঙ্গীত গণবিচ্ছিন্ন হ’ব নোৱাৰে?

অতিপাত যান্ত্রিক, শ্লোগান সর্বস্ব ‘গণসঙ্গীত’ গণবিচ্ছিন্ন হৈ যাব পাৰে, কিন্তু লোকসঙ্গীত কেতিয়াও গণবিচ্ছিন্ন হ’ব নোৱাৰে। তাৰ অন্যতম কাৰণ হল, লোকসঙ্গীতত “সুৰৰ লহৰৰ তুলিকাৰে অঁকা সামগ্রিক সমষ্টিজীৱনৰ চিত্রপট থাকে চকুৰ আগত। এটাক বাদ দি আনটোক উপলব্ধি কৰিব নোৱাৰি।”

“ব্ৰহ্মপুত্ৰৰ ৰূপালী বালিচৰ, কহুঁৱা ফুলৰ টৌ, পাহাৰতলিৰ উপত্যকাৰ বুকুৰ সাতসৰী হাৰ; দিখৌ-দিচাং-ধনশিৰী-কপিলী নদীৰ পাৰত পথাৰত ধান ৰোৱা যুৱতী গৰাকী নাইবা চোতালৰ তাঁতশালত ফুল বছা মেখেলা পিন্ধা গাঁৱলীয়া কিশোৰী ছোৱালীজনীক যদি ভাল পাব নোৱাৰোঁ তেন্তে বিহুগীতৰ সম্যক আস্বাদন কিদৰে পাম?” গণ-সঙ্গীতৰ মাজত চিকিৎসকে দিয়া ঔষধৰ নিদানৰ নিচিনা (Prescriptive) উপাদানবোৰ অধিক মাত্রাত থাকে— শোষণৰ শিকলি চিঙিবলৈ, সাহসেৰে ৰাজপথলৈ ওলাই আহিবলৈ, শাসক শ্রেণীৰ ষড়যন্ত্রৰ বিৰুদ্ধে গৰ্জি উঠিবলৈ, ৰাইজৰ প্রতি আহ্বান জনোৱা হয়; আনহাতে, লোক-সঙ্গীতৰ চৰিত্ৰ বর্ণনাত্মক (Descriptive)। ৰাইজৰ মনৰ বুজ নোলোৱাকৈ যেতিয়া ৰাজনৈতিক নেতৃবৃন্দই আন্দোলন আৰম্ভ কৰি দিয়ে, বৈপ্লৱিক পৰিৱর্তনৰ প্রতিশ্রুতি থাকিলেও, ই ৰাইজক ভিতৰুৱাকৈ প্ৰভাৱিত নকৰে। গভীৰ নিষ্ঠাৰে লোকসঙ্গীত, লোক-সংস্কৃতিৰ বুজ নোলোৱাকৈয়ে যেতিয়া মাথোঁ তাৰুণ্যৰ উৎসাহক সম্বল কৰি গণ-সঙ্গীত ৰচনা কৰা হয়, তাত গভীৰভাৱে চিন্তা কৰিব খোজা ৰাইজক প্ৰভাৱিত কৰিব পৰা উপাদানৰ অভাৱ ঘটে। আনকি সাধাৰণ ৰাইজৰ অনুভূতিৰ মাজতো ই বিশেষ আলোড়ন সৃষ্টি কৰিব নোৱাৰে।। তথাকথিত ‘গণ সঙ্গীত’ তেতিয়া গণবিচ্ছিন্ন হৈ যাবলৈ বাধ্য। এজন সাংস্কৃতিক সংগঠক হিচাপে কথাটো গভীৰভাৱে উপলব্ধি কৰিব পাৰিছিলে হেমাংগ বিশ্বাসে। “.গণনাট্য আন্দোলনৰ এগৰাকী আদি উদ্যোক্তা হিচাপে মই স্বীকাৰ কৰিবই লাগিব যে আমি সেই সময়ত ঘনিষ্ঠভাৱে গণ সংযোগত থাকিলেও, লোক সংস্কৃতিৰ আৰু লৌকিক ঐতিহ্যৰ অধ্যয়নৰ বাবে যি নিষ্ঠা আৰু অধ্যৱসায়ৰ প্রয়োজন তাৰ বাবে তেতিয়া সময় আৰু সুবিধা নাছিল। জনসাধাৰণৰ সৈতে গভীৰভাৱে মিলিবৰ সুযোগ পালেও, তাৰ তুলনাত সংগ্রহ কৰিব পৰা নাছিলোঁ। ফলত আন্দোলনৰ ঢৌৱে যথেষ্ট পলস পেলাই থৈ যোৱা সত্ত্বেও সেইমতে আমি ফচল আহৰণ কৰিব নোৱাৰিলোঁ।”

গতিকে ‘গণ-সঙ্গীতে’ যেতিয়া লোকসঙ্গীতৰ মাজত জীণ যোৱাৰ ক্ষমতা অর্জন নকৰে, বৈপ্লৱিক ৰাজনীতিৰ গণভিত্তি সবল হৈছে বুলি ক’ব নোৱাৰি। ৰাজনৈতিক নেতৃবৃন্দৰ পৰিপক্কতা আৰু পেছাদাৰী দৃষ্টিভঙ্গীৰ স্তৰ নিৰ্ধাৰণ কৰিবৰ বাবেও ই এক গুৰুত্বপূর্ণ মাপকাঠী।

ব্য গণতান্ত্রিক বিপ্লৱৰ আশু প্রয়োজনীয়তা আৰু লোকসঙ্গীত সমীক্ষা

গীতা পঢ়াতকৈ ফুটবল খেলিলে স্বর্গ ওচৰ চাপি আহিব’ – স্বামী বিবেকানন্দৰ এই নিদানধর্মী উপলব্ধিৰ মাজত কিছু নির্ভেজাল সত্য লুকাই আছে। সমাজৰ বৈপ্লৱিক পৰিৱৰ্তনৰ সম্ভাৱনাক স্বাভাৱিক ভাৱে চাব নজনা, মধ্য বিত্তীয় চিন্তা ভাৱনাৰ সংকীর্ণ আৱৰ্তৰ মাজত নিৰন্তৰ পাক খাই থকা ‘বিপ্লৱী কর্মী’সকলৰ বাবে স্বামী বিৱেকানন্দৰ উল্লেখিত বাণী এনেকৈয়ো পঢ়িব পাৰি — ‘মার্ক্স পঢ়াতকৈ লোকসঙ্গীত চর্চা কৰিলে বিপ্লৱ ওচৰ চাপি আহিব।’ এই কথাষাৰৰ তাৎপর্য বুজি পাইছিলে হেমাংগ বিশ্বাসে। এক ব্যক্তিগত প্রতিবেদনত হীৰেন গোহাঁই চাৰে উল্লেখ কৰিছে যে, “লোকসঙ্গীতৰ প্রতি তেখেতৰ যি সহজাত অনুভূতি আছিল তাৰ জৰিয়তে তেখেতে বিচাৰি উলিয়াইছিলে প্ৰতিৰোধ আৰু সংগ্ৰামৰ সুৰটো।” তেখেতৰ মতানুসৰি, সেয়াই হ’ল লোকসংগীতৰ অবিকৃত চৰিত্র। আকৌ, য’তে তেখেতে আধ্যাত্মিক আত্মসমর্পণৰ ভাব লক্ষ্য কৰিছিলে, তেখেতৰ মন সতর্ক, সন্দিগ্ন হৈ উঠিছিল। অৱশ্যে দুই-এটা ঠাইত প্রবল অন্তর্দৃষ্টি প্রয়োগ কৰি আধ্যাত্মিক বিষাদৰ অন্তৰালত তেখেতে উলিয়াব পাৰিছিলে শাসক শ্রেণীৰ লগত অসহযোগ আৰু সিহঁতৰ বিৰুদ্ধে প্রতিৱাদৰ মনোভাৱ।”১০

লোকসংস্কৃতিৰ গভীৰ অন্তদৃষ্টি থকা সংগঠক হোৱা বাবে হেমাংগ বিশ্বাসে ভাৰতবৰ্ষৰ সমাজৰ অসম বিকাশ, এই অঞ্চলৰ লগত খাপ খোৱা বিধৰ গণতান্ত্রিক বিপ্লৱৰ আশু প্রয়োজনীয়তা মর্মে মর্মে অনুভৱ কৰিব পাৰিছিলে। কিন্তু এই বিপ্লৱৰ অর্থ কি? সামন্তবাদৰ লগত সংখ্যাগৰিষ্ঠ জনগণৰ দ্বন্দ্ব নিৰসন বুলি ক’লে কি বুজিব লাগিব? ভাৰতবৰ্ষৰ সমাজত সামন্তীয় সম্পর্কবোৰ মাথোঁ অৱশিষ্ট ৰূপতহে বর্তমান আছে নে? নব্য সাম্রাজ্যবাদী শক্তিৰ দপদপনি বৃদ্ধিৰ লগত সঙ্গতি ৰক্ষা কৰি সামন্তীয় সম্পর্ক বিলাকৰ নৱ সংস্কৰণে পোখা মেলা নাই নে? –এই কথাবোৰ আজি কোনে অস্বীকাৰ কৰিব পাৰিব? গোহাঁই চাৰে অত্যন্ত সঠিকভাৱে বুজি পাইছিলে যে,“হেমাংগ বিশ্বাসৰ ভূমিকা মাথোঁ গতানুগতিক ছক কাটা বাওঁপন্থী ক্রিয়াকাণ্ডৰ মাজতে সীমিত নাছিল।”১১

হেমাংগ বিশ্বাসে বুজি পাইছিলে — “মৃত্যুমুখী ধনতন্ত্রই (Moribund Capitalism) যি বিশ্বব্যাপী মন্দাৱস্থাৰ মাজত সোমাইছে, ই কোনো সৰু-সুৰা বেমাৰৰ বাবে নহয় ইয়াক মাথোঁ ‘Multiple organ failure’ -ৰ লগতহে ৰিজাব পৰা যায়। মৃত্যুৰ লক্ষণবিলাক যিমানে প্রকট হ’বলৈ ধৰিছে, ইয়াৰ হিংস্রতা, সর্বগ্রাসী বীভৎসতা, স্বেচ্ছাচাৰিতা আৰু আটাইতকৈ উদ্বেগজনক কথাটো হ’ল বৰ্বৰতাৰ মাত্রাই আগৰ সকলো অভিলেখ ভংগ কৰিছে। নব্য সাম্রাজ্যবাদী থলুৱা প্রতিনিধি বিলাকৰ আচাৰসংহিতাৰ মাজতো এই সংস্কৃতিৰ অনুপ্রৱেশ ঘটাৰ ফলত ৰাজহুৱা স্বার্থক অগ্রাধিকাৰ দিব খোজা সকলো সংগঠিত গণতান্ত্রিক প্ৰতিৰোধ আন্দোলনক ৰাষ্ট্ৰই আৰম্ভণিতে ধ্বংস কৰিব খোজে।”১২ গতিকে, “লোক সঙ্গীতৰ কেইটিমান আধুনিক সমস্যা নিবন্ধটোত হেমাংগ বিশ্বাসে স্পষ্টভাৱে ঘোষণা কৰিছে যে, “কৃষি নিৰ্ভৰ সমাজত ধনীকতন্ত্রী অর্থনীতিয়ে যি চৰম অব্যৱস্থাৰ সৃষ্টি কৰিছে, তাৰ ফলতেই লোক-সংগীতত অহৰহ বিকৃতিৰ অনুপ্রৱেশ ঘটিছে। তাত পৰিৱৰ্তনৰ তত্ত্ব অনুসন্ধান কৰাতকৈ আত্মৰক্ষাৰ প্রশ্নটোৱেই প্রধান হৈ পৰিছে।”১৩ অকল সেয়াই নহয়, তেখেতে আৰু কৈছে যে,“লোক-সংগীত স্থিতিশীল নহয়, বৰঞ্চ পৰিৱৰ্তনশীলহে। কিন্তু ইয়াৰ পৰিৱর্তনৰ এটা নিজস্ব প্রক্রিয়া আছে। বাহিৰৰ পৰা কোনোবাই সেই পৰিৱর্তন সাধিব গলেই সি বিচ্যুত আৰু বিকৃত হৈ পৰিব … বাহিৰৰ পৰা কোনো শিক্ষিত সুৰকাৰৰে নিজ খুচীমতে লোক-সংগীত সংস্কাৰ কৰিবৰ অধিকাৰ নাই।” ১৪

এজন যান্ত্রিক মার্ক্সবাদীৰ চকুত হেমাংগ বিশ্বাস সংৰক্ষণশীল দৃষ্টিভংগীৰ মানুহ যেন লাগিব পাৰে। কিন্তু নব্য ঔপনিৱেশিক নব্য সামন্তীয় সমাজত গণতান্ত্রিক প্রমূল্যক ৰক্ষা কৰাটো যিকোনো বৈপ্লৱিক কর্মকাণ্ডৰ এটি মৌলিক কর্তব্য। সাংস্কৃতিক ঐতিহ্যৰ কোনখিনি সম্পদ আৰু কোনখিনি জাবৰ এইবোৰ বুজি পাবলৈ গভীৰ নিষ্ঠাৰে অথচ স্বাভাৱিক ভঙ্গীত (সকলো ধৰণৰ ‘বিপ্লবীপনা’ পৰিহাৰ কৰি) অধ্যয়নৰ পৰিসৰ আৰু গভীৰতা বৃদ্ধি যিকোনো বিপ্লৱী কর্মী’ৰ প্রাথমিক কর্ম। অধ্যয়ন অবিহনে গা ধোৱা পাত্ৰৰ পানীৰ সৈতে স্বয়ং কেঁচুৱাটোকেই কোনোবাই দলিয়াই দিব পাৰে! লোকসংগীতৰ শিক্ষক-গৱেষক হেমাংগ বিশ্বাসে তেখেতৰ স্বভাৱসিদ্ধ সহজ ভংগিমাৰে কৈছিল –

“.. লোক সংগীত আয়ত্ত কৰিবলৈ হ’লে একাত্ম হ’ব লাগিব। সেইয়া হ’ল জীৱনত জীৱন যুঁজ কৰাৰ সমস্যা। উৎপাদক মেহনতী জনগণেই লোকগীতৰ স্রষ্টা। যি অন্নদাতা — সিয়েই সুৰদাতা। যি হাতেৰে নাঙলৰ মুঠি ধৰে, যি হাতেৰে নাওৰ ব’ঠা মাৰে, ৰচী টানে, যি হাতেৰে জাল গোঁঠে — সেই হাতেৰে দোতাঁৰা বনায় আকৌ সেই হাতেৰেই ঢোলৰ বোল উঠায়। সেই অবিচ্ছিন্ন জীৱনৰ পৰা সুৰক বিচ্ছিন্নভাৱে বিচাৰ কৰিলে নিশ্চয় ভুল কৰা হ’ব।”১৫

যিসকল কর্মীয়ে বিপ্লৱৰ বিমূৰ্ত্তত বিশ্বাস নকৰে তেওঁলোকৰ বাবে হেমাংগ বিশ্বাসৰ আদর্শ অনুধাৱন আৰু অনুশীলন কৰা খুবেই প্রয়োজন।

তথ্যসূত্র: –

(১) হেমাংগ বিশ্বাস, ১৯৫৩। ‘চিঠিৰ জবাব’ কবিতাৰ অংশ (মূলঃ

বাংলা)। সংবর্তক’ ৮(১), জানুৱাৰী, ২০১২ হেমাংগ বিশ্বাস বিশেষ সংখ্যা, পৃঃ ৩৩৫।

(২) হেমাংগ বিশ্বাস, ১৯৯০, অসম আৰু বঙ্গৰ লোকসঙ্গীত সমীক্ষা, জার্ণাল এম্পৰিয়াম, নলবাৰী, পৃঃ ১৬২।

(৩) ঐ, পৃঃ ১৩১-১৩১।

(৪) ঐ, পৃঃ ১৪০।

(৫) ঐ, পৃঃ ১৪১।

(৬) ঐ, পৃঃ ১৩০।

(৭) ঐ, পৃঃ ১৩০।

(৮) ঐ, পৃঃ ১৩১।

(৯) ঐ, পৃঃ ১৪০।

(১০) হীৰেন গোহাঁই, ১৯৮৮, হেমাংগ বিশ্বাস: এক ব্যক্তিগত প্রতিবেদন, ‘অনীক’ ফেব্ৰুৱাৰী-মার্চ, ১৯৮৮, পুনঃ প্রকাশিত ‘সংবর্তক’ ৮(১), জানুৱাৰী, ২০১২ হেমাংগ বিশ্বাস বিশেষ সংখ্যা, পৃঃ ২৯৯।

(১১) ঐ, পৃঃ ২৯২।

(১২) সিদ্ধার্থ লাহিড়ী, ২০১২, ইতিহাসৰ সংকট: বান্দৰৰ পৰা মানুহৰ বিৱর্তন সম্ভৱনে? ‘নতুন পদাতিক’ ১৫(৩), পৃঃ ৪২।

(১৩) তথ্যসূত্র ২, পৃঃ ১৪৯।

(১৪) ঐ, পৃঃ ১৪৯।

Leave a Reply

Your email address will not be published. Required fields are marked *