নিবন্ধবিজ্ঞান-প্ৰযুক্তি

সৌৰজগতৰ সৰ্ববৃহৎ উপগ্ৰহ গেনিমেড আৰু নাছাৰ জুনো অভিযান-(পংকজ বৰুৱা)

আমি সকলোৱে জানো ২০১১ চনত আমেৰিকাৰ মহাকাশ সংস্থা নাছাই সৌৰজগতৰ আটাইতকৈ বিশাল ত্ৰাণকৰ্তা স্বৰূপ বৃহস্পতিৰ অভিমুখে এক মহাকাশ যান প্ৰেৰণ কৰিছিল৷ এই যানৰ উদ্দেশ্য আছিল সৌৰজগতৰ বিশাল গেছীয় দানৱ বৃহস্পতি আৰু ইয়াৰ উপগ্ৰহসমূহৰ বিষয়ে অধ্যয়ন কৰা। এই মহাকাশ যানে বৃহস্পতি গ্ৰহত অক্সিজেন আৰু হাইড্ৰজেন গেছৰ উপস্থিতি, এই গ্ৰহ সম্পূৰ্ণ গেছীয় নে ইয়াৰ কেন্দ্ৰত ভূত্বক আছে, ইয়াৰ বায়ুমণ্ডলত পানীৰ অৱস্থিতি, চৌম্বক্ষেত্ৰ আদিৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰাই মুখ্য লক্ষ্য আছিল৷ ২০১১ চনৰ ৫ আগষ্ট তাৰিখে নিক্ষেপ কৰা জুনো মহাকাশ যানে প্ৰায় পাঁচবছৰ যাত্ৰা কৰাৰ পাছত ৫ জুলাই ২০১৬ চনত বৃহস্পতিৰ কক্ষপথত প্ৰবেশ কৰি পৰিভ্ৰমণ কৰিবলৈ লয় আৰু সেই গ্ৰহৰ বিষয়ে অধ্যয়ন কৰি তাৰ তথ্য পৃথিৱীলৈ সফলতাৰে প্ৰেৰণ কৰে আৰু আজিও কৰি আছে।

পোন প্ৰথমে জুনো অভিযানে ফ্ৰেব্ৰুৱাৰী ২০১৮ চনলৈকে ৩৭ বাৰ বৃহস্পতি গ্ৰহৰ পৰিক্ৰমা কৰি অধ্যয়ন কৰাৰ পাছত এই মহাকাশ যানক বৃহস্পতিৰ বুকুত বিলীন কৰোৱাৰ কথা আছিল৷ কিন্তু নাছাৰ বৈজ্ঞানিকসকলে তেনে নকৰি এই অভিযান আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এতিয়াও এই মহাকাশ যানে বৃহস্পতিক পৰিক্ৰমা কৰি আছে আৰু ২০২৫ চনলৈকে আৰু ৪২ বাৰ পৰিভ্ৰমণ কৰিব৷

এই মহাকাশ অভিযানৰ নাম গ্ৰীক ৰোমান লোক কথাত প্ৰচলিত এগৰাকী দেৱী জুনোৰ নামেৰে নামাকৰণ কৰা হয়৷ জুনো আছিল দেৱতা বৃহস্পতিৰ পত্নী৷ বৃহস্পতিয়ে নিজৰ মুখমণ্ডল সদায় ধোঁৱা আৰু ডাৱৰে আৱৰি ৰাখিছিল৷ তেওঁৰ পত্নী জুনোৱেহে তেওঁৰ মুখ সেই ডাৱৰ আঁতৰাই চাব পাৰিছিল৷ নাছাৰ এই মহাকাশ অভিযানেও বৃহস্পতিৰ পত্নী জুনোৰ দৰেই বৃহস্পতি গ্ৰহৰ গেছীয় অবয়ৱ আঁতৰাই ইয়াৰ কেন্দ্ৰীয় ভাগ ইয়াৰ ভৌগোলিক সংৰচনাক চাব পাৰিব বুলি আশা কৰিয়েই এই নাম দিয়া হৈছিল৷

ইতিমধ্যে জুনো মহাকাশ অভিযানে ইয়াৰ প্ৰাৰম্ভিক লক্ষ্য আৰু উদ্দেশ্য সফলতাৰে সম্পূৰ্ণ কৰিছে৷ জুনো মহাকাশ যানেই বৃহস্পতিৰ বুকুত “দা গ্ৰেট স্পট’’ক আৱিষ্কাৰ কৰিছিল যিটো এক বিশাল আকৃতিৰ ঘূৰ্ণিবতাহ৷ জুনো মহাকাশযানে এই কথাও স্পষ্ট কৰে যে বৃহস্পতিৰ কেন্দ্ৰভাগো অতি বিশাল আৰু ই সিচঁৰতি হৈ আছে। জুনো অভিযানৰ প্ৰথমে নিৰ্ধাৰণ কৰা লক্ষ্য সমাপ্ত হোৱাৰ পাছত নাছাৰ বৈজ্ঞানিকসকলে এই মহাকাশ যানক ২০২৫ চনলৈকে বৰ্তাই ৰখাৰ সিদ্ধান্ত লয়। এই সময়ছোৱাত এই মহাকাশ অভিযানে বৃহস্পতি গ্ৰহৰ অধ্যয়নৰ লগতে দুবাৰকৈ সৌৰজগতৰ আটাইতকৈ বিশাল উপগ্ৰহ গেনিমেডৰ কাষেৰে পাৰ হৈ যাব৷ ইয়াৰ উপৰিও বৃহস্পতিৰ মূঠ ৭৯ টা উপগ্ৰহৰ ভিতৰত ডাঙৰ আয়’ আৰু ইউৰুপাৰ বিষয়ে অধ্যয়ন কৰি পৃথিৱীলৈ তথ্য আৰু প্ৰতিচ্ছবি প্ৰেৰণ কৰিব৷

জুনো মহাকাশ অভিযানৰ লগত জড়িত তথা তথ্য বিশ্লেষক স্কট ব’ল্টনে কয় যে, “আমাৰ বাবে ই এক অতিকৈ সৌভাগ্যৰ কথা যে জুনো মহাকাশ যানে এতিয়াও সুচাৰুৰূপে কাম কৰি আছে আৰু সম্পূৰ্ণ সুস্থ সবল অৱস্থাত আছে৷ বিগত কেইবা বছৰত এই মহাকাশ যানে বহু সুন্দৰ প্ৰতিচ্ছবি আৰু তথ্য আমালৈ প্ৰেৰণ কৰিছে, ২০২৫ চনলৈকে আমি একেই আশা কৰোঁ৷’’ তেওঁ আৰু কয় যে, ”যদি সকলো সুকলমে থাকে আৰু কোনো উল্কাপিণ্ড বা মহাকাশীয় কোনো বস্তুৱে এই যানত খুন্দা নামাৰে তেন্তে ই অতি সুন্দৰভাৱে কাম কৰি থাকিব৷’’ ৭ জুন, ২০২১ তাৰিখে জুনো মহাকাশযানে সৌৰজগতৰ আটাইতকৈ বিশাল উপগ্ৰহ গেনিমেডৰ পৰা ১,০৩৮ কিঃমিঃ দূৰত্বেৰে মানে নিচেই কাষেৰে পাৰ হৈ যায়৷ এই সময়ছোৱাত এই মহাকাশ যানে এই উপগ্ৰহৰ বহু কেইখন স্পষ্ট প্ৰতিচ্ছবি পৃথিৱীলৈ প্ৰেৰণ কৰে৷ ২০০০ চনৰ পাছত এইয়াই প্ৰথম যি কোনো মহাকাশ যান এই উপগ্ৰহৰ কাষেৰে পাৰ হৈ গৈছে৷ ২০০০ চনত এই উপগ্ৰহৰ কাষেৰে নাছাৰ আন এক মহাকাশযান গেলিলিও পাৰহৈ গৈছিল৷ দূৰত্ব বেছি আছিল বাবে সেই মহাকাশ যানে এই উপগ্ৰহৰ ইমান স্পষ্ট প্ৰতিচ্ছবি ল’ব পৰা নাছিল৷

গেনিমেডৰ আকাৰ আমাৰ সৌৰজগতৰ বুধ গ্ৰহৰ আকাৰতকৈ ডাঙৰ৷ গেনিমেডৰ ব্যাস ৫,১৪৯ কিঃমিঃ৷ আনহাতে বুধগ্ৰহৰ ব্যাস ৪,৮৭৯ কিঃমিঃ৷ গেনিমেডেই আমাৰ সৌৰজগতৰ একমাত্ৰ এনেকুৱা উপগ্ৰহ যি তাৰ বিশাল আকাৰৰ বাবে ইয়াৰ নিজস্ব বিদ্যুতচৌম্বকীয় ক্ষেত্ৰ আছে যি সূৰ্য্য তথা মহাকাশৰ পৰা অহা তেজস্ক্ৰিয় প্ৰবাহ বা সৌৰ-ধুমুহাক তাৰ বুকুত প্ৰবেশ কৰাত বাধা দি আঁতৰাই পঠাব পাৰে৷ এই মহাকাশ যানে বৃহস্পতিৰ উত্তৰ মেৰুত আৰোৰা দেখা পায়৷ এই আৰোৰা সৃষ্টি হয় সূৰ্য্যৰ পৰা অহা সৌৰবতাহে বৃহস্পতিৰ প্ৰবল চৌম্বকীয় ক্ষেত্ৰত খুন্দা মৰাৰ ফলত৷ এনে আৰোৰা পৃথিৱীৰ মেৰু অঞ্চলতো দেখিবলৈ পোৱা যায়৷ সৌৰ প্লাজমাই বৃহস্পতিৰ চৌম্বকীয় ক্ষেত্ৰৰ পৰিসীমাত বৃহস্পতিৰ প্লাজমাৰ লগত আন্তঃক্ৰিয়া কৰে যাৰ বাবে হয়তো বৃহস্পতিৰ চাৰিওফালে ৰিঙৰ দৰে সংৰচনা দেখিবলৈ পোৱা যায় যাক কেলভিন হেল্ম’ল্টজ অস্থিৰতা বোলা হয়। বৃহস্পতিৰ আৰোৰাৰ বিষয়ে আজিও ভালদৰে জানিব পৰা হোৱা নাই৷

নাছাই এতিয়ালৈকে জুনো মহাকাশযানে প্ৰেৰণ কৰা দুখন ফটো ৰাজহুৱা কৰিছে৷ এই দুইখন ফটো জুনো মহাকাশযানত লাগি থকা দুটা ভিন্ন কেমেৰাই তোলা৷ এখন ফটোত গেনিমেডৰ দিনৰ ভাগৰ আৰু আনখনত ৰাতিৰ ভাগৰ দৃশ্য পৰিস্ফুট হৈছে। দিনৰ ফটোখন জুনোৰ মুখ্য কেমেৰা JunuCam এ তোলা আৰু ইখন জুনোৰ Stellar Reference Unit এ৷ Stellar Reference Unit কেমেৰাই ৰাতিৰ ভাগত কম পোহৰতো ফ’টো তুলিব পাৰে৷ গেনিমেডৰ এই ফ’টোবোৰত তাত থকা দ খাৱৈ, প্লেট টেক্টনিক বিভংগন আদি দেখা পোৱা গৈছে৷ জুনোৱে পৃথিৱীলৈ প্ৰেৰণ কৰা ফ’টো সমূহ ক’লা বগা৷ এই ফ’টোবোৰক বিভিন্ন দিশৰ পৰা অতি সুক্ষ্মভাৱে নাছাৰ বৈজ্ঞানিকসকলে অধ্যয়ন কৰি আছে৷ এই ফ’টোসমূহ একত্ৰ কৰি গেনিমেডৰ ভূ-অৱয়বৰ এক বিশাল অঞ্চলৰ ৰঙীন প্ৰতিচ্ছবি প্ৰকাশ কৰাৰ বাবেও কাম কৰি আছে৷ নাছাৰ গৱেষক ড° স্কট ব’ল্টনে কয় যে, “আমাৰ ওচৰত এনে প্ৰযুক্তি আছে যাৰ সহায়ত গেনিমেডৰ বিদ্যুত চৌম্বকীয় ক্ষেত্ৰৰ ক্ষমতা আৰু বৃহস্পতিৰ লগত ইয়াৰ সম্বন্ধ আদিৰ বিষয়ে সঠিক তথ্য নিৰূপণ কৰিব পৰা যাব৷” জুনো মহাকাশ যানে পঠিওৱা তথ্যই ভৱিষ্যত সময়ত প্ৰেৰণ কৰিব লগা প্ৰধানকৈ আগন্তুক বৰ্ষ কেইটিত প্ৰক্ষেপ কৰিব লগা দুই মহাকাশ অভিযানৰ বাবে ই বিশেষ সহায়কাৰী হ’ব৷ ইয়াৰে প্ৰথম ইউৰোপীয় মহাকাশ সংস্থা ESA ৰ The Jupiter Icy Moons Explorer (JUICE) ৰ অভিযানে বৃহস্পতিৰ বৰফৰে ঢকা গেনিমেড, ইউৰোপা আৰু কেলিষ্ট্ৰ’ৰ চাৰিওদিশে পৰিভ্ৰমণ কৰি অধ্যয়ন কৰিব আৰু তথ্য সংগ্ৰহ কৰিব৷ ইয়াৰ পাছতে ২০৩২ চনত কেৱল গেনিমেডৰ কক্ষপথলৈ গৈ এই উপগ্ৰহৰ বিষয়ে অধিক অধ্যয়ন কৰিব৷

নাছাই আন এক মহাকাশ যান প্ৰেৰণ কৰিব বৃহস্পতিৰ বৰফাবৃত আন এক উপগ্ৰহ ইউৰোপাৰ বিষয়ে অধ্যয়ন কৰিবলৈ৷ এই অভিযানৰ কেতিয়া প্ৰক্ষেপণ কৰিব ইয়াৰ সময় ঠিক কৰা হোৱা নাই যদিও এই দশকৰ শেষৰ ফালে প্ৰক্ষেপণৰ সম্ভাৱনা আছে৷ এই অভিযানে ইউৰোপাৰ গভীৰ বৰফৰ তলত বিশাল জলৰাশিত জীৱনৰ অনুসন্ধান কৰিব৷ ইউৰোপাৰ কেন্দ্ৰৰ পৰা ওলোৱা উষ্ণতাই এই উপগ্ৰহৰ জলৰাশিত জীৱন সৃষ্টি আৰু বিকাশৰ এক উৎকৃষ্ট পৰিৱেশ প্ৰদান কৰে৷ ইয়াত জীৱন থকাৰ সম্ভাৱনা অতি প্ৰবল৷ নাছাই এই অভিযানক ইউৰোপা ক্লিপাৰ নামে নামাকৰণ কৰিছে। জুনো মহাকাশ যানে প্ৰথম নিৰ্ধাৰিত অভিযান শেষ কৰাৰ পাছত এই অভিযানক প্ৰথম ২০২১ চনলৈকে বিস্তাৰণ কৰা হয়৷ ২০ জুলাই ২০২১ ত প্ৰথম বিস্তাৰিত সময় শেষ হ’ব আৰু এই অভিযানক পুনৰ ২০২৫ চনৰ চেপ্তেম্বৰলৈকে আগবঢ়াই নিব৷ এই সময়ছোৱাত জুনো মহাকাশযানে বৃহস্পতিৰ কেইবাটাও উপগ্ৰহৰ কাষেৰে পাৰ হৈ যাব৷ তাৰ ভিতৰত ২০২২ চনৰ ২৯ চেপ্তেম্বৰত ইউৰোপাৰ কাষেৰে, ৩০ ডিচেম্বৰ ২০২৩ ত আয়’ৰ কাষেৰে, পুনৰ ৩ ফেব্ৰুৱাৰী ২০২৪ ত আয়’ৰ কাষেৰে পাৰ হৈ যাব আৰু এই উপগ্ৰহসমূহৰ ফ’টো তথা তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰিব৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *