বিশ্বাস-অবিশ্বাস

অন্ধবিশ্বাস আৰু অপবিজ্ঞানৰ বিপৰীতে বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ গুৰুত্ব আৰু প্ৰাসংগিকতা-(বন্দিতা দেৱী)

(প্ৰেৰণা পুথিভঁৰাল, সৰুক্ষেত্ৰী শাখাৰ উদ্যোগত প্ৰয়াত যুৱ সাংবাদিক কবি অৰ্ণৱ জ্যোতি ডেকাৰ সোঁৱৰণত অসম ভিত্তিত আয়োজিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰৱন্ধটি কিছু সম্পাদিত ৰূপত এই সংখ্যাৰ  ‘মুক্ত চিন্তা’ ৰ পাঠকবৰ্গলৈ আগবঢ়োৱা হ’ল। সৌজন্য: প্ৰেৰণা পুথিভঁৰাল)

পণ্ডিত তথা দাৰ্শনিক ড• সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, ” অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।” যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ ধাৰণা অসত্য তথা অমূলক বুলি প্ৰতিপন্ন কৰে, সেয়াই অন্ধবিশ্বাস‌। অন্ধবিশ্বাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ  ‘Superstition’ শব্দটো লেটিন ‘Stare’ শব্দৰ পৰা উৎপত্তি হৈছে‌। প্ৰখ্যাত দাৰ্শনিক Edmund Burke ৰ মতে “Superstition is the religion of freeable mind. “
প্ৰচলিত ৰীতি-নীতি আৰু পৰম্পৰাৰ ওপৰত বহু পৰিমাণে এখন সমাজ নিৰ্ভৰ কৰে‌। বৰ্তমান সমাজ ব্যৱস্থাত বিশ্বাস আৰু অন্ধবিশ্বাসৰ প্ৰভাৱ অপৰিসীম‌। ইতিহাসৰ পৃষ্ঠা লুটিয়ালে দেখা যায় যে আদিম কালত মানুহৰ জীৱন ধাৰণ প্ৰণালী বৰ্তমানৰ দৰে সহজ নাছিল‌। সেই সময়ত মানুহে খাদ্য, বাসস্থান আৰু বস্ত্রৰ বাবে প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব লগীয়া হৈছিল‌। খাদ্যৰ সন্ধানত তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল‌। যিদিনাৰ পৰা এই অঘৰী জীৱন ত্যাগ কৰি মানুহে সমাজ পাতি সভ্যভাৱে বসবাস কৰিবলৈ লৈছিল সেই তেতিয়াৰ পৰাই অন্ধবিশ্বাসৰ সূচনা হৈছিল বুলি ক’ব পাৰি‌। বিশ্বাস আৰু লোকবিশ্বাস কোনো এখন সমাজত পৰম্পৰাগতভাৱে চলি থাকে‌। এই বিশ্বাস বা লোকবিশ্বাসৰ বহল পৰিসৰত অন্ধবিশ্বাসো অন্তভূৰ্ক্ত‌। আচলতে বিজ্ঞান যতেই বিফল হৈছে তাতেই অন্ধবিশ্বাসৰ জন্ম হৈছে‌। বিজ্ঞান দ্ৰুতগতিত আগুৱাই যোৱাৰ পিছতো বহু ঠাইত শিক্ষাৰ পোহৰ পৰাগৈ নাই‌। অন্ধবিশ্বাস আৰু কুসংস্কাৰ যে কেৱল অশিক্ষিত ঠাইতে শিপাইছে তেনে নহয়, শিক্ষাৰ পোহৰ পৰা উন্নতমানৰ দেশবোৰো অন্ধবিশ্বাস আৰু অপবিজ্ঞানৰ বলি হৈ আহিছে‌। এক কথাত কবলৈ গলে বিজ্ঞান যতেই বিফল হৈছে তাতেই অন্ধবিশ্বাস জড়িত হৈ আছে‌। ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে প্ৰাক্ ঐতিহাসিক কালত আৰ্যসকল ভাৰতবৰ্ষত বসবাস কৰাৰ পিছৰ পৰাই ভাৰতীয় সভ্যতাৰ আৰম্ভ হয়‌। আৰ্যসকলে ধৰ্মৰ নামত ভগৱানক পূজা পাতল আদি কৰি মানুহক একত্রিত কৰিছিল, মানুহে যাতে বেয়া কাৰ্যত জড়িত নহয় তাৰ কাৰণে ধৰ্মৰ ভয় দেখুৱাই অন্ধবিশ্বাসৰ বলি কৰিছিল‌। সেইদৰে প্ৰাক্ স্বাধীনতা কালতো অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে পৰিপূৰ্ণ আছিল‌। সেই সময়ত শিশু বধ, বাল্য বিবাহ, সতীদাহ প্ৰথা আদিৰ দৰে জঘন্য অন্ধবিশ্বাসৰ বলি হৈ নিষ্পাপ ফুলকুমলীয়া কন্যা সন্তানক নিৰ্মমভাৱে হত্যা কৰা হৈছিল‌। এতিয়াও ভাৰতবৰ্ষৰ বিভিন্ন পিছপৰা ৰাজ্যত এইবোৰ অমানবীয় কাৰ্য সংঘটিত হৈয়ে আছে‌।
সাধাৰণতে আমি কিছুমান ধৰ্মীয় আৱেগৰ লগত জড়িত কথাক সত্য প্ৰতিপন্ন কৰিবলৈ গৈ কিছুমান উদাহৰণ দাঙি ধৰো‌। বিখ্যাত মানুহে বিশ্বাস কৰা বাবেই বা গৰিষ্ঠসংখ্যকে কথাটো ভাবে বাবেই ইয়াক সত্য বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰো‌। উদাহৰণ স্বৰূপে, এৰিষ্টটল আছিল ৩৮৪-৩৩২ খ্ৰীষ্টপূৰ্বৰ অতি বিখ্যাত ব্যক্তি‌। তেওঁ কৈছিল পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু পৃথিৱীক কেন্দ্ৰ কৰি গ্ৰহ নক্ষত্রবোৰ ঘূৰে‌। প্ৰায় ১৭০০ বছৰ ধৰি এই ধাৰণা প্ৰচলিত হৈ আছিল‌। পাছত ক’পাৰনিকাছে বিজ্ঞানৰ সূৰ্যকেন্দ্ৰিক ধাৰণাটোক মিছা বুলি প্ৰমাণিত কৰিলে। সৌৰকেন্দ্ৰিক ধাৰণাৰ পক্ষত থিয় দিবলৈ গৈ কেইবাগৰাকীও বিজ্ঞানীয়ে জীৱনত অনেক  কষ্ট আৰু নিৰ্যাতন ভোগ কৰিব লগীয়া হৈছিল ‌। ধৰ্মীয় গোলামীৰ  ফলতেই বিজ্ঞানৰ সত্য সমূহক হৃদয়ংগম কৰিব নোৱাৰি আজিৰ তাৰিখতো মানুহে জ্যোতিষ, বাস্তুশাস্ত্র , তন্ত্ৰ মন্ত্ৰ আদি অন্ধবিশ্বাসক আকোৱালি লৈছে ‌।

পদাৰ্থবিজ্ঞানী মেঘনাদ সাহাই ১৯৩৯ চনতে লিখা এটা প্ৰৱন্ধত উল্লেখ কৰিছে যে ভাৰতৰ প্ৰায় শতকৰা ৯৯ জন মানুহে পঞ্জিকা আৰু প্ৰায়োগিক জ্যোতিষত বিশ্বাস কৰে‌। তথাকথিত শুভদিন বা কোষ্ঠী নিমিলিলে বিবাহ নহয়‌। এই অবৈজ্ঞানিক বিশ্বাসবোৰ এতিয়াও আমাৰ সমাজত প্ৰচলিত‌। আলোচনী,বাতৰি কাকত, টি. ভি যোগে প্ৰচাৰিত ৰাশিফল, ভাগ্য গণনা আদিবোৰ আজিও মানুহে বৰ আস্থাৰে গ্ৰহণ কৰে‌। জ্যোতিষৰ এনে কোনো ভৱিষ্যতবাণী সঁচা হোৱা নাই‌। ব্যক্তিগত জীৱনৰ দুই এটা কথা আকষ্মিক ভাৱে মিলি গ’লেও কোনো যুক্তিবাদী, বিজ্ঞানমনস্ক মানুহে জ্যোতিষক বিজ্ঞানৰ লগত ৰিজোৱাৰ চেষ্টা নকৰে‌। সেয়েহে বিজ্ঞানী Venkatraman Ramakrishnan -এ বৈজ্ঞানীক মানসিকতাৰ ওপৰত দিয়া এক বক্তৃতা অনুষ্ঠানত জ্যোতিষৰ ওপৰত দিয়া মন্তব্য এনেধৰণৰ -” There is no basis for how movements of stars and planets can influence our fate. Moreover, there is no reason why the time of birth should influence something decades later, this is completely nonsense. “
মানুহে প্ৰায়বোৰ দৈনন্দিন কাম-কাজতে জ্ঞাতে-অজ্ঞাতে কম-বেছি পৰিমাণে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰে।আমাৰ প্ৰচলিত আনুষ্ঠানিক বিজ্ঞান শিক্ষাৰ নিম্ন স্তৰত বৈজ্ঞানিক পদ্ধতিৰ প্ৰশিক্ষণ নিদিয়াৰ বাবেই বিজ্ঞান শিক্ষা যান্ত্ৰিক আৰু মূলত: তথ্যভিত্তিক হৈছে‌। মানুহৰ বৈজ্ঞানিক মানসিকতাৰ লগতে সজাগতা গঢ়ি নুঠাৰ ই এটা প্ৰধান কাৰণ‌। বিশেষকৈ শিশুসকল আজন্ম বিজ্ঞানী, অৰ্থাৎ প্ৰতিটো শিশুৱে জন্মগতভাৱেই বিজ্ঞান মনস্কতাৰ অধিকাৰী হৈ নাহে‌। পাছৰ জীৱনত উপযুক্ত বিজ্ঞান শিক্ষাদানেৰে তেওঁলোকৰ বৈজ্ঞানিক মানসিকতাৰ প্ৰতিপালন তথা বিকাশ নঘটালে ভবিষ্যত জীৱনত তেওঁলোকৰ মনত অন্ধবিশ্বাসে বাহ লব পাৰে‌। ‘কোঠাৰী শিক্ষা আয়োগ’ৰ প্ৰতিবেদনত এই কথাষাৰেই কোৱা হৈছে, “যদি বিজ্ঞান উপযুক্তভাৱে শিকোৱা নহয় আৰু বেয়াকৈ শিকে, তেন্তে ই আনকি শিকাৰুৰ মনতো নতুন অন্ধবিশ্বাসৰ জন্ম দিব পাৰে‌।”
বিজ্ঞান মনস্কতা বিষয়টো পোন প্ৰথমবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪৬ চনত তেওঁৰ ‘Discovery of India ‘ নামৰ গ্ৰন্থত ইয়াক উল্লেখ কৰিছিল‌। তাৰো আগত ১৯২৬ চনত বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ ‘On Education ‘ নামৰ ৰচনাত ইয়াক উল্লেখ কৰিছিল‌। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক পিছতে প্ৰধানমন্ত্ৰী নেহৰুৱে বিজ্ঞান প্ৰযুক্তিৰ সুপ্ৰয়োগেৰে দেশখন প্ৰগতিৰ পথত আগুৱাই নিবলৈ যে জনসাধাৰণৰ এটা অন্ধবিশ্বাস আৰু অন্ধসংস্কাৰ মুক্ত মনৰ প্ৰয়োজন, সেই কথাত গুৰুত্ব আৰোপ কৰিছিল‌।
          ১৯৭৬চনত ভাৰতবৰ্ষই বিশ্বত প্ৰথমবাৰৰ বাবে নিজৰ সংবিধানত সমাজৰ সকলো শ্ৰেণীৰ লোকেই বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হোৱাটো  এক মৌলিক কৰ্তব্য  বুলি অভিহিত কৰিছে‌। সংবিধানে ৫১(ক) দফা অনুসৰি কৈছে -It shall be the duty of every citizen of India,”To develop scientific temper, humanism and the sprit of inquiry and reform. “ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ভাৰতীয়মূলৰ বিজ্ঞানী Venkatraman Ramakrishnan -এ এটা বক্তৃতা অনুষ্ঠানত কৈছিল ,” Europe was backward for centuries and it is only when it became rational, it became advanced …..India is only country where constitution says that it should promote scientific temper. তথাপিও সংবিধান প্ৰদত্ত অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ এইখন দেশতে নৰেন্দ্ৰ ডাভোলকাৰৰ দৰে যুক্তিবাদী লেখকেও মৌলবাদী আততায়ীৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল‌।
সমাজত প্ৰচলিত অন্ধবিশ্বাস, অপবিজ্ঞান, ভ্ৰান্ত ধাৰণা আদি আতঁৰাই প্ৰতিজন ব্যক্তিকে বৈজ্ঞানিক মানসিকতাসম্পন্ন কৰি তুলিবলৈ ব্যক্তি, সংগঠন আৰু চৰকাৰে তৃণমূল পৰ্য্যায়ৰ পৰাই প্ৰচেষ্টা চলাব লাগিব‌। জনসাধাৰণৰ মাজত বৈজ্ঞানিক সাক্ষৰতাৰ বিস্তাৰৰ লগতে তেওঁলোকক বৈজ্ঞানিক পদ্ধতিৰ সৈতে চিনাকি কৰাই দিব লাগিব, যাতে তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰ প্ৰশিক্ষণ লৈ তেওঁলোকৰ মন কাৰ্য কাৰণৰ ধাৰণাৰে পৰিপুষ্ট হ’ব পাৰে ,আৰু তেওঁলোকৰ জন্মগত বৈজ্ঞানিক অনুসন্ধিৎসা আৰু মানসিকতাৰ পূৰ্ণ বিকাশ ঘটিব পাৰে‌। বিদ্যালয়ৰ পাঠ্যপুথিসমূহতো বিভিন্ন অন্ধবিশ্বাসৰ উৎস, সেইবোৰৰ পৰা হব পৰা ক্ষয়-ক্ষতি আৰু দুৰ কৰাৰ উপায় সম্পৰ্কীয় পাঠ সন্নিৱিষ্ট কৰা উচিত‌।
আমাৰ সংবাদ মাধ্যম সমূহেও অন্ধবিশ্বাস আৰু চাঞ্চল্যকৰ বা-বাতৰি প্ৰচাৰ কৰাত সাৱধানতা অৱলম্বন কৰা উচিত‌। সংবাদ সমূহ প্ৰচাৰ কৰোতে ইয়াৰ বৈজ্ঞানিক তথা যুক্তিসংগত বাখ্যা আগবঢ়োৱাটো সমাজৰ বাবে মংগলজনক‌।
পূৰ্বৰ তুলনাত অসমত বিজ্ঞানৰ মহাবিদ্যালয় আৰু বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰীৰ অভাৱ নাই‌। অভাৱ কেৱল বিজ্ঞানমনস্কতাৰ‌। বিজ্ঞানমনস্কতা গঢ় দিয়াৰ ক্ষেত্রত পাঠ্যপুথিৰ জ্ঞানৰ বাহিৰেও সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক পৰিবেশৰো বহু অৰিহণা থাকে‌। কিন্তু বিজ্ঞান মনস্কতা প্ৰচাৰৰ ক্ষেত্রত আমাৰ শাসকপক্ষৰ যি উদাসীন স্থিতি তাক শেহতীয়াকৈ আৰম্ভ হোৱা  ‘ নমামী’ ,ভূমি পূজন আদি উৎসৱেই প্ৰমাণ কৰি দিছে‌। যাগ যজ্ঞৰ দ্বাৰা মাহাত্ম্য বিস্তাৰৰ অবৈজ্ঞানিক পৰম্পৰাক জনপ্ৰিয় কৰাৰ দ্বাৰা সমাজত বৈজ্ঞানিক যুক্তি বাদী চিন্তা চৰ্চাৰ ওপৰত কুঠাৰাঘাত কৰা হৈছে।
এখন বিজ্ঞানমনস্ক সমাজ গঢ়িবলৈ এটা যুক্তিবাদী আন্দোলনৰ প্ৰয়োজন, ইয়াৰ বাবে প্ৰয়োজন স্বেচ্ছাসেৱী সংগঠনৰ‌। অসমত উনবিংশ শতিকাতে হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, যদুৰাম ডেকা প্ৰমুখ্যে অগ্ৰণী ব্যক্তিসকলে অন্ধবিশ্বাস আৰু অপবিজ্ঞানৰ বিৰুদ্ধ যুক্তিবাদী চিন্তাধাৰাৰ প্ৰৱৰ্তন কৰিবলৈ অভিযান চলাইছিল‌। প্ৰগতিশীল চিন্তাধাৰাৰ বাটকটীয়া এই মহান ব্যক্তিসকলে অসমীয়া ভাষা- সাহিত্যৰ বিকাশ সাধন কৰাৰ লগতে অসমত যুক্তিবাদী আন্দোলনৰ বীজ সিঁচি থৈ গৈছে‌। বৰ্তমান ৰাজ্যখনৰ অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি,অসম বিজ্ঞান লেখক সংস্থা আদি সংগঠনসমূহে এই ক্ষেত্ৰত কাম কৰি আছে‌।
বিজ্ঞা‌নমনস্কতা আৰু যুক্তিবাদী চিন্তাৰ অন্যতম বাৰ্তাবাহক পুষ্প. এম ভাৰ্গৱে মন্তব্য কৰিছিল, “India has had many rich traditions but not of objective, rational and scientific thinking.” অদূৰ ভৱিষ্যতে আমাৰ সভ্যতা আৰু বিজ্ঞানে হয়তো আৰু বহু নতুন নতুন উদ্ভাৱনেৰে চমক সৃষ্টি কৰিব‌। কিন্তু তাতকৈ সুখৰ খবৰ এয়ে হ’ব,যেতিয়া এখন বৈজ্ঞানিক মানসিকতা কিম্বা সজাগতা সৃষ্টিৰ শ্লোগান বিহীন পৃথিৱী আমি লাভ কৰিম য’ত সকলোৱে বিজ্ঞানৰ লাভালাভসমূহ বুজি ইয়াক অন্তৰেৰে গ্ৰহণ কৰিব‌। বিজ্ঞান যে কেৱল গৱেষণাগাৰতেই সীমাবদ্ধ নহয়, বৰং দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে বিয়পি আছে, তাক হৃদয়ংগম কৰিব ‌। আমি সকলোৱে বিচাৰো এনেকুৱা এখন পৃথিবী য’ত শিশুৰ মনত বিজ্ঞান মনস্কতাৰ বীজ মৰহিব নোৱাৰাকৈ ৰোপণ কৰা হ’ব আৰু ভবিষ্যতে সেই বীজে মানৱতাক ছায়া দিয়া জ্ঞানবৃক্ষ ৰূপে থিয় দিব‌। পৰিশেষত মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহৰ একাত্ম বান্ধোনতো সকলো ৰাসায়নিক বান্ধোনতকৈ গভীৰ আৰু ইয়াক বৈজ্ঞানিক মানসিকতাৰে জীপাল কৰি ৰখাটো আমাৰ সকলো প্ৰজন্মৰে দায়িত্ব‌।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *