সম্পাদকৰ টোকা :: তালিবানৰ প্ৰসংগত এটি টোকা-(কৌশিক দাস)
(১)
২০২১ চনৰ আগষ্ট মাহৰ মাজভাগৰ কথা। ধুমুহাৰ গতিৰে দুৰ্মদ সশস্ত্ৰ তালিবান বাহিনীয়ে আফগানিস্তানত প্ৰায় নিৰংকুশ ক্ষমতা দখল কৰিলে। কোনো সন্দেহ নাই, আফগানিস্তানৰ কথা বাদেই, তালিবানৰ এই চমকপ্ৰদ বিজয় সামগ্ৰিক বৈশ্বিক পটভূমিতেই এটা অতি গুৰুত্বপূৰ্ণ ঘটনা বুলি পৰিগণিত হৈ ৰ’ব, বহুতো দিশত ইয়াৰ প্ৰভাৱ হ’বগৈ সুদূৰপ্ৰসাৰী।
তালিবানৰ জন্ম, উত্থান আৰু তালিবানী কৰ্মকাণ্ডৰ বিপুল বিস্তাৰণৰ প্ৰসংগত বিগত পঁচিছটা বছৰে বহুতো আলোচনা-বিলোচনা হৈছে, তেনে বিচাৰ-বিশ্লেষণ হাততে পোৱাকৈ গ্ৰন্থ-প্ৰবন্ধ-ইণ্টাৰনেট আদিত অতি সুলভ। হ’লেও, তালিবানৰ সাম্প্ৰতিক বিজয়ৰ সৈতে সম্পৰ্কিত কিছুমান কথাৰ আঁতিগুৰি জানিবলৈ আফগানিস্তানৰ ঐতিহাসিক ঘটনাক্ৰমৰ মোটামোটি ৰূপৰেখাটি—আমনিদায়ক পুনৰাবৃত্তি যেন লাগিলেও—আমি স্মৰণ কৰি ল’লে কিছু সুবিধা হ’ব। তালিবানৰ আদৰ্শ যে অতি স্পষ্টভাৱে ধৰ্মীয় মৌলবাদী আৰু পশ্চাৎমুখী—এই কথাটোত বিতৰ্কৰ কোনো অৱকাশেই নাই। লগতে কোনো দ্বিধা নোহোৱাকৈ ক’ব পাৰি, তেনে মৌলবাদী আদৰ্শ প্ৰয়োগিক ক্ষেত্ৰত বল প্ৰয়োগ কৰি, সশস্ত্ৰ-হিংসাত্মক আৰু নৃশংস পন্থাৰে কাৰ্যকৰী কৰাত সংগঠনটো অতিকৈ তৎপৰ। তালিবানৰ তেনে অপকৰ্মবোৰৰ ভিতৰত নাৰীৰ স্বাধীনতা মষিমূৰ কৰাটো দেখ্দেখকৈ প্ৰথমতেই চকুত পৰে। সেয়েহে এই নিবন্ধৰ প্ৰথমতে আমি নাৰী-স্বাধীনতাৰ প্ৰসংগত আফগানিস্তানৰ ঐতিহাসিক পটভূমিটোৰ কেইটিমান তথ্যৰ উল্লেখ কৰি, পাছৰ ফালে আনুষংগিক দুটিমান কথা অতি চমুকৈ আলোচনালৈ আনিবলৈ প্ৰয়াস কৰিম।

প্ৰায় এশ বছৰ আগতে, ১৯১৯ চনত তৃতীয় এংল’-আফগান যুদ্ধৰ পৰিণতি স্বৰূপে স্বাক্ষৰিত হৈছিল ৰাউলপিণ্ডি চুক্তি। এই চুক্তি অনুসৰি আফগানিস্তান “স্বাধীন” হ’ল, শাসনৰ ক্ষমতা কেন্দ্ৰীভূত হ’ল আমানউল্লাহ খানৰ হাতত। আমানউল্লাহ খানে প্ৰথমতে আমিৰ আৰু পাছলৈ বাদছাহ হিচাপে দেশখন শাসন কৰিছিল। তেওঁ শাসনলৈ আহিয়েই আফগানিস্তানৰ শাসন-ব্যৱস্থাত বহুতো গুৰুত্ত্বপূৰ্ণ আৰু আমূল পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰিলে। সেই সময়ত আফগানিস্তানৰ শিক্ষা ব্যৱস্থাটো আছিল অতি পুৰণিকলীয়া, প্ৰধানতঃ মাদ্ৰাছাসমূহত ইছলাম ধৰ্মীয় শিক্ষা প্ৰদান কৰা হৈছিল। মন কৰিবলগীয় কথা, সেই ভূখণ্ডলৈ ইছলামৰ বৃহৎ আগমন ঘটিছিল বহু শতকৰ আগতে, খ্ৰীষ্টীয় সপ্তম শতিকাত (৬৪২ চনত)। তাৰ পাছৰ কেইবাশবছৰৰলৈকে দেশখনৰ শিক্ষাব্যৱস্থাটোত ধৰ্মীয় উপাদান থাকিলেও, তদানীন্তন যুগৰ বিজ্ঞানৰ চৰ্চাতো যথোচিত গুৰুত্ত্ব প্ৰদান কৰা হৈছিল। উল্লেখ কৰিব পাৰি, এই অঞ্চলটোতেই সেই সময়ত শিক্ষা লাভ কৰিছিল বহুকেইগৰাকী বিশ্ববন্দিত যশোধৰ বিদ্বানে। দিন যোৱাৰ লগে লগে কিন্তু শিক্ষাৰ ক্ষেত্ৰত তেনে সজীৱ পৰিৱেশটো ক্ৰমাৎ অন্তৰ্হিত হৈ পৰিল। লাহে লাহে শিক্ষা প্ৰদান কৰাৰ পদ্ধতি আৰু তেনে শিক্ষাৰ উপাদানবোৰ আধুনিক সময়ৰ সৈতে বিসংগতিপূৰ্ণ হৈ পৰিল। ১৮৮৫ চনতহে আফগানিস্তানত দুখন আধুনিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ১৯১৯ চনত আমানউল্লাহ খান শাসনলৈ অহাৰ সময়ত দেশখনত তেনে বিদ্যালয় আছিল মাত্ৰ চাৰিখন। জ্ঞান-বিদ্যাৰ চৰ্চাৰ ক্ষেত্ৰত আফগানিস্তানৰ তেনে পিছপৰা অৱস্থাটো স্পষ্ট কৰিবলৈ উল্লেখ কৰিছোঁ, সেইটো বছৰতেই চাৰ আৰ্থাৰ এডিংটনে সূৰ্য গ্ৰহণ এটা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আইনষ্টাইনৰ অতি জটিল আপেক্ষিকতাৰ তত্ত্বৰ শুদ্ধতা প্ৰায়োগিকভাৱে প্ৰমাণ কৰিছিল।
আমানউল্লাহ খানে শাসনলৈ আহিয়েই শিক্ষাব্যৱস্থাটোৰ সংস্কাৰত হাত দিলে। তেওঁৰ তৎপৰতাত আফগানিস্তানৰ বিভিন্ন স্থানত নতুন নতুন বিদ্যালয় প্ৰতিষ্ঠা হ’বলৈ ধৰিলে। আজিৰ পৰা ঠিক এশ বছৰ আগতে, ১৯২১ চনত আফগানিস্তানত প্ৰথমবাৰৰ বাবে বালিকা-বিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ল। এই কথাটোত কিন্তু পুৰুষতান্ত্ৰিক সংকীৰ্ণ মানসিকতাৰ মুছলিম ধৰ্মীয় নেতা কিছুমান অতি অসন্তুষ্ট হৈ পৰিল। নাৰীক তেনেদৰে শিক্ষা দিয়াটো ইছলামবিৰোধী কাৰ্য বুলি ঘোষণা কৰি তেওঁলোকে আমানউল্লাহ খানক বালিকা-বিদ্যালয়সমূহ বন্ধ কৰি দিবলৈ দাবী জনালে। আমানউল্লাহ খানে ধৰ্মবেত্তাসকলক বুজাবলৈ চেষ্টা কৰিলে যে প্ৰকৃততে নাৰীক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰাটো ইছলামবিৰোধী কথা নহয়। কিন্তু গোড়া আৰু ধৰ্মান্ধ মোল্লাসকলক বুজাবলৈ তেওঁ ব্যৰ্থ হ’ল। ধৰ্মীয় মহলটোৰ ক্ৰমবৰ্ধমান হেঁচাত ১৯২৩ চনত সাময়িকভাৱে বালিকা-বিদ্যালয়সমূহ বন্ধ কৰি দিবলৈ আমানউল্লাহ খান বাধ্য হৈ পৰিল।
আপাতঃদৃষ্টিত এইখিনিৰ পৰা নাৰী-স্বাধীনতাৰ প্ৰসংগত তেতিয়াৰ আফগানিস্তান এখন অতি পিছপৰা মধ্যযুগৰ অসভ্য দেশ আছিল যেন লাগিব পাৰে। তুলনাৰ বাবে আমি যদি নাৰীৰ ভোটাধিকাৰৰ কথাটোলৈ চাওঁ, তেনেহ’লে কিন্তু নাৰী-অৱদমনৰ ক্ষেত্ৰত আমি প্ৰায় সমসুৰীয়া কথা অন্য “আধুনিক আৰু সুসভ্য” দেশতো দেখিবলৈ পাম। উদাহৰণ স্বৰূপে ইংলেণ্ডত মহিলাই ভোটাধিকাৰ পাইছিল ১৯১৮ চনত, তাকো পুৰুষৰ সৈতে প্ৰকট বৈষম্যৰ মাজত—পুৰুষৰ বয়স ২১ বছৰ হ’লেই ভোটাধিকাৰ পাইছিল, নাৰীয়ে অপেক্ষা কৰিবলগীয়া হৈছিল ৩০ বছৰৰ বয়সলৈ। নেডাৰলেণ্ডছত নাৰীয়ে ভোটাধিকাৰ পাইছিল ১৯১৯ চনত, ফ্ৰান্সত তাৰো বহু বছৰ পাছত, ১৯৪৪ চনত। এইটো কথা অস্বীকাৰ কৰাৰ প্ৰশ্নই নুঠে যে সেই সময়ত আফগানিস্তানত নাৰীৰ সামাজিক অৱস্থান মুঠেও সুবিধাজনক নাছিল। কিন্তু সেই এশ বছৰ আগৰ সময়পৰ্বটোৰ কথা মনলৈ আনিহে আমি কথাবোৰ বিবেচনা কৰি চাব লাগিব। পশ্চিমৰ দেশসমূহত তেতিয়া নাৰীবাদী আন্দোলনে প্ৰসাৰ লাভ কৰিলেও, সেইসমূহ দেশতো নাৰীৰ সামগ্ৰিক অৱস্থাটো আছিল বৈষম্যৰে ভৰা, বহুতৰপীয়া অৱদমনৰ কবলত পৰি আছিল তেওঁলোক। তেনে এক সময়ত আফগানিস্তানৰ দৰে পিছপৰা দেশ এখনৰ নাৰীসকল সামাজিক বৈষম্যৰ পৰা মুক্ত হৈ আছিল বুলি ভাবিবই নোৱাৰি।

তেনে এটা পটভূমিত নাৰী-শিক্ষাৰ সংক্ৰান্তত আমানউল্লাহ খানৰ কামকাজ সঁচাই আছিল বিস্ময়কৰভাৱে প্ৰগতিশীল। আমানউল্লাহ খানে আফগানিস্তানৰ শাসনভাৰ লোৱাৰ আগে-পিছে বিশ্বৰ বিভিন্ন দেশত ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে জনগণৰ সংগ্ৰাম তীব্ৰতৰ হৈ আহিছিল। প্ৰথম মহাসমৰৰ পাছত সলনি হৈ পৰিছিল বিশ্বৰ ৰাজনীতি। ১৯১৭ চনৰ বলচেভিক বিপ্লৱৰ প্ৰচণ্ড বৈপ্লৱিক অভিঘাত অনুভূত হৈছিল বিশ্বৰ বিভিন্ন প্ৰান্তত। তেনে এটা প্ৰগতিশীল বাতাৱৰণত নাৰীবাদী আন্দোলনেও লাভ কৰিছিল নতুন গতি। সেই গতিশীলতাই আফগানিস্তানৰ একাংশ মানুহকো উদ্দীপিত কৰিছিল বুলি অনুমান কৰিলে নিশ্চয় ভুল নহ’ব। দেশখনৰ সপ্তম স্বাধীনতা দিৱসৰ দিনা, ১৯২৬ চনত, এগৰাকী নাৰীয়ে ৰাজহুৱা মঞ্চত বলিষ্ঠ কণ্ঠৰে ক’লে,“স্বাধীনতা আজি আমাৰ হাতত, আৰু সেইবাবে আমি তাক উদযাপন কৰিছোঁ। কিন্তু আপোনালোকে ভাবে নেকি যে দেশৰ কাম মাত্ৰ পুৰুষেহে কৰিব? আমাৰ দেশ আৰু ইছলামত আগতে কৰাৰ দৰে নাৰীয়ে আজিও, দেশৰ কামত অংশ ল’বই লাগিব। পূৰ্বৰ তেনে উদাহৰণৰ পৰা আমি শিকিবই লাগিব যে আমি সকলোৱে কাম কৰি যোৱা উচিত আমাৰ দেশৰ উন্নতিৰ বাবে। কিন্তু শিক্ষাৰ অবিহনে তেনে কৰাটো সম্ভৱ নহ’ব। সেইবাবে, সমাজক আমাৰ সেৱা আগ বঢ়াবলৈ, ইছলামৰ প্ৰথম সময়ৰ নাৰীসকলৰ দৰে আমি যিমান পাৰোঁ সিমান জ্ঞান আৰু শিক্ষা আহৰণ কৰিব লাগিব”। উদাত্ত কণ্ঠেৰে উক্ত ভাষণ দিয়া নাৰীগৰাকীৰ নাম আছিল চুৰাইয়া তাৰজি, সমন্ধত আমানউল্লাহ খানৰ পৰিবাৰ। আমানউল্লাহ খান আছিল উদাৰ, মুক্ত মনৰ মানুহ। ধৰ্মবেত্তাসকলৰ সাংঘাতিক বাধা থকা সত্ত্বেও তেওঁ ৰাজহুৱাকৈ পুৰুষৰ বহুগামিতা, নাৰীৰ ধৰ্মীয় ওৰণি বা অৱগুণ্ঠন (veil) আদিৰ প্ৰচণ্ড বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে। তাৰ লগে লগে তেওঁ—মাত্ৰ কাবুল বা অন্য নগৰতেই নহয়—গাঁও অঞ্চলতো নাৰীৰ বাবে আনুষ্ঠানিক শিক্ষাৰ পৃষ্ঠপোষকতা কৰিবলৈ ধৰিলে। ৰাজহুৱা অনুষ্ঠান এটাত প্ৰদান কৰা ভাষণত তেওঁ ক’লে যে নাৰীয়ে কোনো ধৰ্মীয় ওৰণি বা অৱগুণ্ঠনৰে নিজকে আঁৰ কৰি ৰখা কামটো ইছলামৰ বাবে প্ৰয়োজনীয় নহয়। উক্ত অনুষ্ঠানৰ শেষত সকলোৰে সন্মুখত চুৰাইয়া তাৰজিয়ে তেওঁৰ ধৰ্মীয় অৱগুণ্ঠন ফালি পেলালে। অনুষ্ঠানটিত উপস্থিত থকা অন্য চৰকাৰী বিষয়াবৰ্গৰ পৰিবাৰসকলেও চুৰাইয়া তাৰজিৰ দৰেই ফালি পেলালে নিজ নিজ ধৰ্মীয় পৰ্দা। সেই সময়ত আফগানিস্তানত তেনে কাৰ্য কৰাটো আছিল এটা অভাৱনীয় সাহসৰ কথা।

এইসমূহ তথ্যৰ পৰা নিশ্চয় স্পষ্ট যে স্বাধীনতাৰ ঠিক পাছতেই আফগানিস্তানক আধুনিকতাৰ পৰশেৰে তৰংগিত কৰি তুলিবলৈ শাসকপক্ষৰ সদিচ্ছা আৰু আগ্ৰহ আছিল অতি আন্তৰিক। আৰু দুটিমান উদাহৰণ হয়তো অপ্ৰাসংগিক নহ’ব। চুৰাইয়া তাৰজিয়ে তেওঁৰ মাতৃৰ সৈতে লগ লাগি আফগানিস্তানৰ প্ৰথমখন মহিলা-আলোচনীৰ জন্ম দিছিল। আমানউল্লাহ খানৰ এগৰাকী ভগ্নীয়ে নাৰী সুৰক্ষাৰ বাবে জন্ম দিছিল এটি নাৰী-সংগঠনৰ। তেওঁৰ অন্য এগৰাকী ভনীয়েকে প্ৰতিষ্ঠা কৰিছিল নাৰীসকলৰ বাবে এখন চিকিৎসালয়। আমানউল্লাহ খানে আফগান তৰুণীৰ দল এটা তুৰস্কলৈ পঠাইছিল উচ্চশিক্ষাৰ বাবে। সেইটো দশকৰ শেষৰ ফালে তেওঁ সপৰিয়ালে ইউৰোপ ভ্ৰমণ কৰিছিল। ইউৰোপৰ সমাজখনৰ পৰা দেখিশুনি তেওঁ কিছুমান আধুনিক ব্যৱস্থা নিজৰ দেশতো বলবৎ কৰিবলৈ গুণাগথা কৰিছিল। মুছলিম মানুহৰ সংখ্যা বেছি থকা ইজিপ্ত আৰু তুৰস্কই সেই সময়ত আধুনিক ব্যৱস্থা কিছুমান আঁকোৱালি লৈ উন্নতিৰ দিশে আগুৱাই যাবলৈ আৰম্ভ কৰিছিল। তাৰ পৰাও আমানউল্লাহ খান নিশ্চয়কৈ উৎসাহিত হৈ পৰিছিল বুলি যুক্তিসংগতভাৱে অনুমান কৰিব পাৰি।
কথাবোৰ কিন্তু বৰ এটা সহজ হৈ নাথাকিল। আমানউল্লাহ খানৰ কামকাজে যে ধৰ্মবেত্তাসকলক বিতুষ্ট কৰি তুলিছিল সেইটো উল্লেখ কৰি আহিছোঁ। মন কৰিবলগীয়া কথা, আমানউল্লাহ খান নিজে কিন্তু ধৰ্মবিৰোধী নাছিল। তেওঁ ইছলাম ধৰ্ম আৰু উন্নয়নমূলক কাৰ্যকলাপৰ মাজত সংগতি আনিবলৈ চেষ্টা কৰিছিল উদাৰ নীতি অনুসৰণ কৰি। অন্য দিশবোৰত সাংঘাতিক আহুকাল পোৱা নাছিল যদিও নাৰী-স্বাধীনতাৰ কথাটোত তেওঁৰ কামকাজে পুৰুষতান্ত্ৰিক ধৰ্মীয় সমাজখনত প্ৰচণ্ড বিৰূপ প্ৰতিক্ৰিয়াৰ জন্ম দিলে। বিশেষকৈ বিবাহৰ ক্ষেত্ৰত ছোৱালীয়ে নিজৰ দৰা নিজেই বাচি ল’বলৈ উৎসাহিত কৰা, কইনাৰ মূল্যৰ প্ৰথা ৰদ কৰা আৰু পুৰুষৰ বহুগামিতা বন্ধ কৰাৰ কথাত ধৰ্মবেক্তাসকল ভয়ংকৰভাৱে ক্ষোভিত হৈ পৰিল। নাৰী শিক্ষাক অনা-ঐশ্বামিক বুলি ঘোষণা কৰি তাৰ বিৰোধিতা কৰিবলৈ লাগি গ’ল ধৰ্মীয় ৰক্ষণশীল মহলটো। এইখিনিতে উল্লেখ কৰিবলগীয়া কথা, কাবুলৰ দৰে ডাঙৰ ডাঙৰ নগৰৰ নাৰীসকলে সেই সময়ত পোৱা মুকলি বাতাৱৰণটো প্ৰত্যন্ত অঞ্চলৰ জনজাতীয় গ্ৰাম্য ৰক্ষণশীল মুছলিম সমাজবোৰত আছিল অনুপস্থিত। আমানউল্লাহ খানৰ ঐকান্তিক প্ৰচেষ্টাৰ পাছতো ভিতৰুৱা অঞ্চলসমূহত আধুনিকতাৰ বাৰ্তা কাৰ্যকৰী হোৱা নাছিল। জনজাতীয় গ্ৰাম্য দলপতিসকলে নিজৰ দখলত থকা অঞ্চলত প্ৰভূত ক্ষমতাৰে সমাজখন নিয়ন্ত্ৰণ কৰি থকাৰ লগতে অন্য প্ৰান্তৰ নেতাসকলৰ সৈতেও ধৰ্মীয় ৰক্ষণশীলতাৰ ক্ষেত্ৰত হৈ আছিল ঐক্যবদ্ধ।
সকলোৱে জানে, বিশ্বৰ নানান দেশত উপনিৱেশ স্থাপন কৰা ইংৰাজৰ ষড়যন্ত্ৰমূলক দুষ্টবুদ্ধি আছিল সাংঘাতিক প্ৰখৰ। আফগানিস্তানৰ তদানীন্তন পৰিস্থিতিটোৰ পূৰ্ণ সুবিধা লৈ ইংৰাজে চেষ্টা কৰি গ’ল দেশখন অস্থিৰ কৰি তুলিবলৈ। ইউৰোপ ভ্ৰমণ কৰা কালত তোলা চুৰাইয়া তাৰজিৰ ফটো কিছুমান ইংৰাজ ৰিপুৱাই বিতৰণ কৰিবলৈ ধৰে আফগানিস্তানৰ জনজাতীয় অঞ্চলসমূহত। ফটোবোৰত চুৰাইয়া তাৰজিৰ ধৰ্মীয় পৰ্দাহীন মুখ, কোনো অনুষ্ঠানত ফৰাচী বিষয়াই তেওঁৰ হস্ত চুম্বন কৰা, বিদেশী লোকৰ সৈতে একেলগে খাদ্য গ্ৰহণ কৰা আদিৰ দৃশ্য আছিল। এইবোৰে গোড়া মুছলিম নেতাবোৰক উত্তেজিত কৰি তুলিলে। তেওঁলোকে ঘোষণা কৰিলে, ৰজাঘৰৰ এইবোৰ কাণ্ড চূড়ান্ত অনৈতিক আৰু ইছলামবিৰোধী। আমানউল্লাহ খানে আনিবলৈ প্ৰয়াস কৰা আধুনিকতাৰ বিৰুদ্ধে ক্ৰমাৎ ধৰ্মীয় ৰক্ষণশীল মহলটো একত্ৰিত হৈ পৰিল। এই মহলটোৰ ক্ৰমবৰ্ধমান ক্ষোভৰ পৰিণতিত আফগানিস্থানত তুমুল বিদ্ৰোহৰ উকমুকণিয়ে দেখা দিলে। দেশ এৰি পলাবলৈ বাধ্য হ’ল আমানউল্লাহ খান। নতুন চৰকাৰে বন্ধ কৰি দিলে ছোৱালীৰ সকলো শিক্ষানুষ্ঠান, ওভতাই অনা হ’ল বিদেশলৈ উচ্চ শিক্ষাৰ্থে প্ৰেৰণ কৰা তৰুণীসকলক।
আমানউল্লাহ খানৰ পাছৰ দুটা দশকত আফগানিস্তানৰ শাসনলৈ বিভিন্নজন আহিল। কোনোবাই হয়তো ধৰ্মবেত্তাসকলক সন্তুষ্ট কৰিবলৈ নাৰী-স্বাধীনতা মষিমূৰ কৰা আইন প্ৰণয়ন কৰিলে, কোনোবাই আকৌ নাৰীসকলক কিঞ্চিৎ সকাহ দিলে। তাৎপৰ্যপূৰ্ণভাৱে পৰৱৰ্তী সময়তো নাৰী-স্বাধীনতাৰ প্ৰসংগটো আফগানিস্তানৰ ৰাজনৈতিক ক্ষমতাকেন্দ্ৰী যুঁজ-বাখৰৰ অন্যতম নিৰ্ণায়ক সূচক হৈ থাকি গ’ল। কিন্তু পৰৱৰ্তী কালৰ এজনো শাসনকৰ্তাই এই ক্ষেত্ৰত আমানউল্লাহ খানৰ দৰে দ্বিধাহীন সাহস দেখুৱাব পৰা নাছিল। আপেক্ষিকভাৱে উদাৰ কোনো কোনোৱে নাৰী-স্বাধীনতাৰ প্ৰসংগত কিবা কৰিবলৈ উদ্যোগ ল’লেও সদায় আমানউল্লাহ খানৰ পৰিণতিৰ কথাটো মনত ৰাখিহে, অতি সাৱধানে অগ্ৰসৰ হৈছিল।
যোৱা শতিকাৰ মধ্যভাগৰ পৰা কিন্তু আফগানিস্তানৰ পৰিৱেশলৈ—বিশেষকৈ নাৰী-স্বাধীনতাৰ ক্ষেত্ৰত—নাটকীয় পৰিৱৰ্তন আহিল। ছোৱিয়েট য়ুনিয়নৰ পৰা দেশখনলৈ আহিবলৈ ধৰিলে বিপুল পৰিমাণৰ বিত্তীয় আৰু কাৰিকৰী সাহায্য। বিদেশী ৰাষ্ট্ৰখনে তেনেদৰে আফগানিস্তানক সহায় কৰিবলৈ আগ বাঢ়ি অহাৰ কথাটো সেই সময়ৰ “শীতল যুঁজ”-ৰ পটভূমিতেই আমি বিচাৰ কৰি চাব লাগিব। ছোৱিয়েট য়ুনিয়নৰ মূল উদ্দেশ্যৰ প্ৰসংগটো অগ্ৰাহ্য কৰিলেও এটা কথা কিন্তু স্পষ্ট যে তেনে বিত্তীয় আৰু কাৰিকৰী সাহায্যই আফগানিস্তানত নতুন দিগন্তৰ উন্মোচন কৰিছিল। ১৯৪৬ চনত কাবুলত দেশখনৰ প্ৰথম বিশ্ববিদ্যালয় স্থাপন কৰা হয়। নাৰীৰ সামাজিক অৱস্থানৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন আহিবলৈ ধৰিলে। যোৱা শতিকাৰ পঞ্চম দশকটোত দেশখনত চিকিৎসক, নাৰ্চ, শিক্ষয়িত্ৰী আদিৰ বৃত্তিত নাৰীৰ সংখ্যা বহুত বাঢ়ি আহিল। ১৯৬৪ চনত আফগানিস্তানৰ নাৰীয়ে ভোটাধিকাৰৰ লগতে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অধিকাৰ সাব্যস্ত কৰিলে। স্বাস্থ্যমন্ত্ৰী হিচপে অধিষ্ঠিতা হ’ল এগৰাকী নাৰী। সেই সময়তেই ছোৱিয়েট য়ুনিয়নৰ পৃষ্ঠপোষকতাত ডেমক্ৰেটিক পাৰ্টি অৱ আফগানিস্তান নামৰ সমাজবাদী সংগঠন এটিৰো জন্ম হ’ল আফগানিস্তানত। উল্লেখযোগ্য কথা, সেইটো বৰ্ষতেই ডেমক্ৰেটিক অৰ্গেনাইজেশ্বন অৱ আফগান ৱমেন নামৰ প্ৰগতিশীল নাৰী-সংগঠন এটিয়েও দেশখনত ভূমুকি মাৰিলে। নাৰীসকলৰ উন্নতিৰ বাবে নানান কাম কৰি যাবলৈ ধৰিলে এই সংগঠনটোৱে। ১৯৭৯ চনত সংঘটিত হোৱা সফল অভ্যুথান এটাৰ পাছত নতুন চৰকাৰ এখনৰ হাতলৈ শাসনৰ ক্ষমতা আহিল। অন্যান্য দিশৰ লগতে নাৰী-শিক্ষা আৰু নাৰী-স্বাধীনতাৰ অনুকূলে বহুতো কামকাজ, আঁচনি-পৰিকল্পনা হাতত লোৱা হ’ল। বহুকেইটি দশকৰ পাছত যেন পুনৰ এবাৰ আমানউল্লাহ খান আৰু চুৰাইয়া তাৰজিৰ আৱিৰ্ভাব হ’ল আফগানিস্তানত। তাৰ লগে লগে যেন ইতিহাসৰো পুনৰাবৃত্তি ঘটিল। আধুনিকতাবিৰোধী, পুৰুষতান্ত্ৰিক, ৰক্ষণশীল ধৰ্মীয় মহলটোৱে ভয়ংকৰ গণ্ডগোল আৰম্ভ কৰি দিলে। দেশখনত গৃহযুদ্ধ লগাৰ উপক্ৰম হ’ল। চৰকাৰৰ সমৰ্থনত আফগানিস্তানলৈ সোমাই আহিল ছোৱিয়েট য়ুনিয়নৰ সেনা। উল্লেখ কৰিব পাৰি যে বিদেশী ৰাষ্ট্ৰৰ তেনে ভূমিকাই দেশখনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ জন্ম দিছিল।
তাৰ পাছত সময়খিনিত আফগানিস্তানক নানান দুৰ্যোগপূৰ্ণ আৰ্থ-ৰাজনৈতিক ঘটনাৱলীয়ে বাৰুকৈ কোবাই যাবলৈ আৰম্ভ কৰিলে। সাম্ৰাজ্যবাদী এমেৰিকাই ছোৱিয়েট য়ুনিয়নৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মান্ধ মুছলিমসকলক লৈ গঠন কৰিলে মোজাহিদীন বাহিনী। এইদৰেই আফগানিস্তানৰ আভ্যন্তৰীণ গৃহযুদ্ধই এটা আন্তৰ্জাতিক অবয়ব ধাৰণ কৰিলে। এইটোৱেই আছিল পৰৱৰ্তী কালৰ—তালিবানকে ধৰি—বিশ্বৰ নানান মুছলিম সন্ত্ৰাসবাদী-মৌলবাদী সংগঠনৰ কৰ্মকাণ্ডৰ অন্যতম প্ৰধান উৎস। ১৯৮৯ চনলৈকে আফগানিস্তানত ছোৱিয়েট য়ুনিয়নৰ সেনাবাহিনী আছিল। মন কৰিবলগীয়া কথা, যোৱা শতিকাৰ অষ্টম দশকটোত—ছোৱিয়েট য়ুনিয়নৰ প্ৰত্যক্ষ প্ৰভাৱৰ সময়ত—আফগানিস্তানত, বিশেষকৈ কাবুলত সামাজিক কৰ্মকাণ্ডত আফগান নাৰীৰ অংশগ্ৰহণ বহুত বাঢ়ি গৈছিল। বিপৰীতপক্ষে, য’ত মোজাহিদীনসকলৰ প্ৰভাৱ আছিল বেছি, তেনে অঞ্চলত নাৰীৰ অৱস্থা আছিল অতি শোচনীয়। দেশখনৰ পৰা ছোৱিয়েট য়ুনিয়নৰ সেনাবাহিনীৰ প্ৰস্থান, এমেৰিকাৰ প্ৰত্যক্ষ সহযোগত গোড়া মুছলিম মোজাহিদীনৰ শক্তি বৃদ্ধি, গৃহযুদ্ধ আদিৰ পৰিণতিত ১৯৯৬ চনত তালিবানে দেশখনৰ সিংহভাগ অঞ্চল দখল কৰি ধৰ্মীয় শাসন প্ৰৱৰ্তন কৰিলে। ২০০১ চনত ক্ষমতাৰ পৰা অপসাৰিত হ’লেও তালিবানৰ প্ৰভাৱ দেশখনত শূন্য হৈ পৰা নাছিল। এইখিনি সময়ৰ কথা সম্প্ৰতি বহুতেই আলোচনা-বিলোচনা কৰি আছে, গতিকে আমি ইয়াত সেইখিনিৰ পুনৰাবৃত্তিৰ নকৰোঁ। মাত্ৰ এটি গুৰুত্ত্বপূৰ্ণ কথা এইখিনিতেই পুনৰ এবাৰ উনুকিয়াই যোৱা সমীচিন হ’ব। কথাটো হৈছে, তালিবান আছিল এমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এটা মুছলিম মৌলবাদী সশস্ত্ৰ সংগঠন। সংগঠনটোক মনন আৰু আদৰ্শগত দিশত সাৰ-পানী যোগান ধৰিছিল ইছলামীয় ধৰ্মবিশ্বাসে, আনহাতে বিত্তীয় আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা প্ৰদান কৰিছিল কৰিছিল এমেৰিকা যুক্তৰাষ্ট্ৰই।

১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে—প্ৰথমবাৰৰ তালিবানৰ শাসনত—নাৰীৰ শিক্ষাত যিমান পাৰি সিমান প্ৰতিবন্ধকতা আৰোপ কৰা হয়। বন্ধ কৰি দিয়া হয় সকলো বালিকা-বিদ্যালয় আৰু নাৰীৰ শিক্ষানুষ্ঠান। তাৎপৰ্যপূৰ্ণ কথা, তালিবানে কিন্তু তেতিয়াও কাবুল মেডিকেল ফেকাল্টিত নাৰী-শিক্ষা বন্ধ কৰি দিয়া নাছিল। মৌলবাদী সংগঠনটোৱে নাৰীৰ প্ৰতি সদয় হৈ তেনে কৰা বুলি ভাবিলে কিন্তু ডাঙৰ ভুল হ’ব, বৰঞ্চ তাৰ নেপথ্যতো আছিল ধৰ্মীয় সংকীৰ্ণতা। নাৰীক চিকিৎসাবিদ্যা প্ৰদান কৰা হৈছিল যাতে মহিলা ৰোগীক পুৰুষৰ দৃষ্টিত পৰা আঁতৰত ৰাখি মাত্ৰ মহিলা চিকিৎসকেহে পৰীক্ষা কৰি চাব পাৰে! সেই সময়চোৱাত চিকিৎসক আৰু নাৰ্চৰ বাদে অন্য সকলো বৃত্তিৰ পৰা নাৰীক বাহিৰ কৰি দিয়া হ’ল। সাংঘাতিকধৰণে বাঢ়ি আহিল নতুন নতুন ধৰ্মীয় মাদ্ৰাছাৰ সংখ্যা। পুৰণি বিদ্যালয়সমূহকো মাদ্ৰাছালৈ সলাই পেলোৱা হ’ল। এনে এটা চমৎকাৰ ব্যৱস্থা গঢ়ি তোলাৰ পাছত, ২০০১ চনত তালিবানৰ শিক্ষা-আইনৰ দ্বিতীয় দফাত (Second article) কোৱা হ’ল যে সকলো আফগান মানুহে সমানভাৱে লাভ কৰিব শিক্ষাৰ অধিকাৰ! তাতোতকৈও চকুত পৰা কথা, আইনখনৰ তৃতীয় দফাত কোৱা হ’ল যে নাৰী-শিক্ষাক পৰিচালিত কৰিবলৈ বিশেষ আইনৰ ব্যৱস্থা কৰা হ’ব, আৰু তেনে আইন হ’ব ঐশ্বামিক শৰীয়াৰ সৈতে সংগতিপূৰ্ণ। লক্ষ্যনীয়, তেনে “বিশেষ আইন” কেতিয়াও প্ৰস্তুত কৰা দেখা নগ’ল। অৰ্থাৎ, তালিবানী আফগানিস্তানত নাৰী-শিক্ষা বুলি একো নাথাকিলগৈ।
তালিবানৰ প্ৰথমবাৰৰ শাসনকাল ওৰ পৰাৰ কিছু বছৰৰ পাছত, ২০০৮ চনত আফগানিস্তানত শিক্ষা সকলোৰে বাবে হ’ব লাগিব বুলি আইন এখন প্ৰণয়ন কৰা হ’ল। কিন্তু কাগজৰ আইনখন আৰু বাস্তৱত তাৰ প্ৰয়োগৰ মাজত বিস্তৰ ব্যৱধান দেখা গ’ল। ২০১১ চনৰ ইউনিছেফৰ সমীক্ষা এটাত পোৱা যায় যে ২০০১ চনৰ পৰৱৰ্তী দহ বছৰত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা শিশুৰ সংখ্যা প্ৰায় আঠ গুণলৈ বৃদ্ধি পাইছিল। ওপৰে ওপৰে চালে এইটো এটা আশাব্যঞ্জক পৰিসংখ্যা—সেই সময়চোৱাত মুঠ ৮ মিলিয়ন শিশুৰ নাম ভৰ্তি কৰা হৈছিল বিদ্যালয়ত। কিন্তু তাৎপৰ্যপূৰ্ণ কথা, এই ৮ মিলিয়নৰ মাত্ৰ ২.৪ মিলিয়নহে আছিল ছোৱালী। এই বৈষম্যৰ আঁৰত আছিল তালিবানেই। ক্ষমতাৰ পৰা আঁতৰিলেও তালিবান নিষ্ক্ৰিয় হৈ পৰা নাছিল। ২০০৭ চনৰ পৰা ২০০৯ চনৰ মাজৰ এই দুটা বছৰত প্ৰায় ৬৪০-খন বিদ্যালয়ত তালিবানে বোমা ফুটুৱাইছিল, অগ্নি সংযোগ কৰিছিল আৰু ভাবুকি দি বন্ধ কৰি দিছিল। ডাঙৰ কথাটো হ’ল, এইসমূহৰ ৮০% আছিল বালিকা-বিদ্যালয়।
(২)
তালিবানৰ সাম্প্ৰতিক বিজয়ে সমগ্ৰ পৃথিৱীৰ সচেতন মানুহক অতি উদ্বিগ্ন কৰি তুলিছে। অন্যান্য দিশৰ তুলনাত আফগানিস্তানৰ নাৰীসকলৰ বাবে সংগত কাৰণতেই চিন্তা-উদ্বেগৰ মাত্ৰা বহু বেছি হোৱা পৰিলক্ষিত হৈছে। আমি ওপৰৰ দফাটোত পাই আহিছিলোঁ, নাৰী-স্বাধীনতাৰ প্ৰশ্নটো—অন্যতম নিৰ্ণায়ক কাৰক হিচাপে—আফগানিস্তানৰ ক্ষমতাকেন্দ্ৰী যুঁজ-দ্বন্দ্বৰ সৈতে অতীজৰে পৰাই সাঙোৰ খাই আছে। নাৰী-স্বাধীনতাৰ বাটত দেশখনৰ গোড়া মুছলিম ধৰ্মবেত্তাসকলে প্ৰবল বাধা হিচাপে থিয় দি আহিছে প্ৰতিটো ক্ষণতে। এই কথাটো এটা বিতৰ্কাতীত সত্য। কোনো কোনোৱে তেনে পৰ্যবেক্ষণৰ পৰা আফগানিস্তানত সংঘটিত হৈ থকা প্ৰচণ্ড আৰু ভয়াবহ তালিবানী নাৰী অৱদমনৰ বাবে পোনে পোনে আঙুলি টোৱাইছে মূল ইছলাম ধৰ্মৰ ফালেই। কথাটো অলপ জুকিয়াই চোৱা দৰকাৰ।
পৃথিৱীৰ সকলো প্ৰাতিষ্ঠানিক ধৰ্মৰেই এটা অন্যতম প্ৰধান চৰিত্ৰ হৈছে নাৰী অৱদমন। ইছলামো তাৰ ব্যতিক্ৰম নহয়। বিভিন্ন প্ৰাতিষ্ঠানিক ধৰ্মত থকাৰ দৰে ইছলামতো নাৰী-স্বাধীনতাৰ পৰিপন্থী অজস্ৰ ৰীতি-নীতি-দৰ্শন-আদৰ্শ বিদ্যমান। কিন্তু এই আলোচ্য প্ৰসংগত আমি উত্থাপন কৰিছোঁ তালিবানী শাসনত আফগানিস্তানৰ নাৰীসকলে সমুখীন হোৱা ভয়ংকৰ আৰু অভাৱনীয় দুৰ্যোগপূৰ্ণ পৰিস্থিতিটোৰ কথা, যিটো পৰিস্থিতিত নাৰী-অৱদমনে এটা অতি জঘন্য অৱস্থাৰ চূড়ান্ত অধোবিন্দু স্পৰ্শ কৰিছেগৈ। নক’লেও হ’ব, নাৰী অৱদমনৰ এই মাত্ৰাটো স্বাভাবিক পৰিৱেশত ধৰ্মই প্ৰদৰ্শন কৰা স্বৰূপতকৈ হেজাৰ গুণে ভয়াবহ আৰু নৃশংস।
অৰ্থাৎ, নাৰীৰ ওপৰত তালিবানে কৰা সৰ্বগ্ৰাসী অত্যাচাৰ-নিপীড়নৰ প্ৰাবল্যৰ সৈতে সাধাৰণ অৱস্থাত ধৰ্মই চলাই থকা নাৰী-অৱদমনৰ তুলনাই কৰিব নোৱাৰি। বিগত শতিকাৰ এটা সময়ত—বিশেষকৈ সপ্তম দশকত—আফগান নাৰীসকলে মোটামোটিভাৱে মুক্ততাৰ পৰিৱেশ এটা পাইছিল। আফগান নাৰীৰ পোছাক-পৰিচ্ছদ, শিক্ষা-দীক্ষা, জীৱিকা-বৃত্তি আদিত উক্ত দিশটো চকুত পৰাকৈ ফুটি উঠিছিল। কিন্তু প্ৰথমবাৰ তালিবান ক্ষমতালৈ অহাৰ আগে-পিছে সেই পৰিৱেশটো অন্তৰ্হিত হৈ পৰিল। দেখ্দেখ্কৈ নাৰীসকল হৈ পৰিল অৱৰুদ্ধ। তালিবানৰ কামকাজৰ প্ৰধান উদ্দীপক যিহেতু আছিল ইছলাম ধৰ্ম, সেইবাবে নাৰীৰ ক্ষেত্ৰত তালিবানৰ তেনেবোৰ পৈশাচিক কৰ্মকাণ্ডৰ বাবে একমাত্ৰ ধৰ্মটোৰ ওপৰতেই একাংশ লোকে দোষাৰোপ কৰা আৰম্ভ কৰিলে। কিন্তু অলপ জুকিয়াই চালেই ধৰিব পাৰি, উপৰিউক্ত কথাটোৰ বাবে একমাত্ৰ ধৰ্মটোক দোষী বুলিলে সি হ’বগৈ এটা সৰলীকৃৎ ধাৰণা। কিয়নো, আফগানিস্তান কেতিয়াও এখন ধৰ্মমুক্ত দেশ নাছিল, অতীজৰে পৰাই সমাজৰ মজ্জাই মজ্জাই সোমাই আছিল ইছলাম ধৰ্মটো। তৎসত্ত্বেও—ইছলামৰ অতি স্পষ্ট আৰু সবল উপস্থিতিৰ পাছতো—আফগানিস্তানত এটা সময়ত নাৰীসকলে সাময়িকভাৱে হ’লেও পাইছিল কিছু মুক্ততাৰ পৰিৱেশ। তালিবানী নাৰী অৱদমনৰ ক্ষেত্ৰত ইছলাম ধৰ্মক একমাত্ৰ আৰু অদ্বিতীয় কাৰক বুলি ধৰিলে কথাটোৰ যুক্তিসংগত ব্যাখ্যা পোৱা নাযায়।
ধৰ্মবিশ্বাসৰ ওপৰত ভিত্তি কৰি মানুহৰ শ্ৰেণীবিভাজন কৰা কথাটো বহুলভাৱে প্ৰচলিত। এইটোৱে হিন্দু মানুহ, মুছলিম মানুহ, খ্ৰীষ্টান মানুহ আদি বিভাগত মানুহক বিভাজিত কৰে। ওপৰৰ দফাত উত্থাপন কৰা সমস্যাটোৰ ক্ষেত্ৰত ধৰ্মভিত্তিক তেনে বিভাজনৰ এটি দিশলৈ আমি মনোযোগ দিয়া উচিত হ’ব। কথাটো হৈছে, ধৰ্মভিত্তিক তেনে বিভাজনতেই কথাটো শেষ হৈ নাযায়। প্ৰত্যেকটো ধৰ্মৰ মানুহখিনিৰ নিজৰ মাজতো ধৰণ-কৰণ, আদৰ্শ-দৰ্শন, মতলব-মতিগতি আদিৰ ক্ষেত্ৰত বহুতো ভিন্নতা পৰিলক্ষিত হয়। আলোচ্য প্ৰসংগত আমি ক’ব পাৰোঁ যে ধৰ্মত বিশ্বাস কৰিলেও একাংশ লোক হয়তো ধৰ্মৰ বাবে সিমান উৎসাহী নহয়, নিয়মমাফিক ধৰ্মকৰ্ম কৰিহে যায় মাত্ৰ তেওঁলোকে। অন্য একাংশই হয়তো একান্ত নিষ্ঠা আৰু পৰম বিশ্বাসেৰে নিৰ্জুভাৱে ধৰ্মীয় কামকাজত মজি থাকে। অন্য এটা চাম হয়তো ধৰ্মৰ ক্ষেত্ৰত সাংঘাতিক গোড়া, অসহিষ্ণু আৰু উগ্ৰ। এই ভিন্নতা আমি প্ৰত্যেকটো ধৰ্মতেই, দেশে দেশে দেখিবলৈ পাওঁ। আমাৰ চুবুৰিয়া বাংলাদেশত মুছলিম মানুহৰ সংখ্যা বহুত বেছি। তাৰে একাংশ অতি উদাৰ, সহনশীল। কিন্তু অন্য এচাম ধৰ্মৰ ক্ষেত্ৰত মতান্ধ, উগ্ৰ আৰু হিংস্ৰ। এই চামটোৱে অভিজিৎ ৰায়ৰ দৰে বিখ্যাত মুক্ত চিন্তকক নাস্তিকতাৰ অভিযোগত হত্যা কৰিছিল। তাৰ প্ৰতিবাদত কিন্তু আগ বাঢ়ি আহিছিল সেই একেখন দেশৰেই বহুতো উদাৰমনা ইছলাম ধৰ্মৰ লোক। এমেৰিকা যুক্তৰাষ্ট্ৰত যিদৰে ব্যক্তিস্বাধীনতাক মৰ্যদা দিবলৈ সদাতৎপৰ উদাৰমনা খ্ৰীষ্টান আছে, তেনেদৰেই আছে একেটা ধৰ্মৰেই কু ক্লুছ ক্লানৰ দৰে সংকীৰ্ণমনা জাতিদম্ভী জংগী সংগঠন। ভাৰতত যিটো ধৰ্মৰ একাংশ মানুহে গ্ৰাহাম ষ্টুৱাৰ্ট ষ্টেইনক জুইত পুৰি হত্যা কৰিছিল, সেই একেটা ধৰ্মৰ অন্য একাংশ মানুহে তেনে বৰ্বৰ কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। প্ৰত্যেক ধৰ্মতেই একাংশ গোড়া, মতান্ধ আৰু ৰক্ষণশীল মানুহ থাকে। এইটো চামৰ আধুনিকতাবিৰোধী মত-মন্তব্য-ধৰণ-কৰণ নিশ্চয় প্ৰগতিৰ প্ৰতিবন্ধক আৰু ক্ষতিকাৰক। কথাটো শুভবুদ্ধিসম্পন্ন মানুহৰ বাবে অধিক উদ্বেগৰ কাৰণ হৈ পৰে যেতিয়া কোনো এটা ধৰ্মৰ উক্ত অংশৰ মানুহখিনিৰ সংখ্যা বৃদ্ধি হৈ সিহঁত জংগী আৰু উগ্ৰ হৈ উঠে। তেনে উগ্ৰতাই ৰাজনৈতিক আৰু বিত্তীয় পৃষ্ঠপোষকতা লাভ কৰিলে কথাটো হৈ পৰে অতি ভয়ংকৰ। এই কথাটো আফগানিস্তান আৰু তালিবানী কৰ্মকাণ্ডৰ ক্ষেত্ৰতো প্ৰযোজ্য। মুছলিম সমাজখনৰ একাংশ মতান্ধ আৰু জংগী লোকৰ বাবে সমগ্ৰ ইছলামধৰ্মী লোকক জগৰীয়া কৰিবলৈ যোৱাটো যুক্তিসংগত কথা নহয়। লগতে তালিবানী নৃশংস অৱদমন আৰু অত্যাচাৰৰ বাবে পোনে পোনে ইছলাম ধৰ্মটোকেই একমাত্ৰ দোষী বুলি ধাৰণা কৰা কথাটো খণ্ডিত বিচাৰৰ নিদৰ্শন। এটা ঐতিহাসিক উদাহৰণে কথাটো বুজিবলৈ আমাক সহায় কৰিব।
ইতিহাসৰ যিটো যুগত সমগ্ৰ ইউৰোপ অন্ধকাৰত ডুব গৈ আছিল, সেইখিনি সময়ত মধ্যপ্ৰাচ্যত যিসকল যুগনায়কৰ হাতত মানৱসভ্যতাৰ জ্ঞান-প্ৰজ্ঞাৰ বন্তি উজ্জ্বলি উঠিছিল—সেইসকলৰ সিংহভাগৰ ধৰ্মই আছিল ইছলাম। এইটো কথা সুপ্ৰতিষ্ঠিত যে জ্ঞানবুদ্ধিৰ চিন্তা-চৰ্চাৰ বাবে চিন্তাৰ মুক্ততা এক অত্যাৱশ্যকীয় পূৰ্বচৰ্ত। ইতিহাসৰ সেই সময়পৰ্বত ইছলামে ৰক্ষণশীলতাক উদগণি জনোৱাহেতেন আমি সেই যশোধৰ বিদ্বানসকলৰ অৱদান কেতিয়াও লাভ নকৰিলোঁহেতেন। এইখিনিতেই আমি চুৰাইয়া তাৰজি আৰু আমানউল্লাহ খানৰ নামকেইটি পুনৰ এবাৰ উল্লেখ কৰিব পাৰোঁ। আফগানিস্তানৰ আধুনিকতাৰ বাৰ্তাবাহক এই দুগৰাকী যিদৰে আছিল ইছলামধৰ্মী, তেনেদৰে তেওঁলোকক দেশৰ পৰা বিতাৰণ কৰা গোড়া, ৰক্ষণশীল মহলটোত আছিল সেই একেটা ধৰ্মৰেই মানুহ।
ধৰ্মবিশ্বাসীসকলৰ গোড়া আৰু ৰক্ষণশীল অংশৰ মানুহখিনিৰ সংখ্যা, সক্ৰিয়তা আৰু শক্তিৰ হ্ৰাস-বৃদ্ধি ঘাইকৈ নিৰ্ধাৰণ কৰি দিয়ে তদানীন্তন সমাজবাস্তৱতাই। সমাজৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত কোনো এটা ধৰ্মৰ উদাৰ অংশটোৰ মানুহো—ধৰ্মৰ প্ৰশ্নত—জংগী আৰু হিংস্ৰ হৈ উঠাৰ সম্ভাৱনা থাকে। তেনে নেতিবাচক প্ৰৱণতাই কোনো সন্দেহ নোহোৱাকৈ সাৰ-পানী সংগ্ৰহ কৰে ধৰ্মবিশ্বাসৰ পৰা। ধৰ্মৰ আৱৰ্তত হিংসা-জিঘাংসাৰ পুলি লালিত-পালিত হৈ এসময়ত সি বিষবৃক্ষৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা থাকে। মানসিকভাৱে সুস্থ আৰু স্বাভাবিক মানুহৰ দৃষ্টিত যিটো কাম অতি জঘন্য আৰু পৈশাচিক, সেই একেটা কামকেই মৌলবাদীৰ বাবে ধৰ্মই “পৰম পবিত্ৰ” কৰি পেলাবলৈ সক্ষম। এইটো কাৰণৰ বাবেই যিকোনো প্ৰাতিষ্ঠানিক ধৰ্মক শেষ বিচাৰত এটা নিশ্চল-নিৰ্দোষ প্ৰপঞ্চ বুলি ক’ব পৰা নাযায়। গতিকে উপৰিউক্ত সমস্যাটোৰ প্ৰসংগত আৰ্থ-সামাজিক কাৰকসমূহক যথোচিত গুৰুত্ত্ব প্ৰদান কৰাৰ লগতে আমি ধৰ্মৰ এই দিশটোৰ কথাও মনত ৰখা যুগুত। এইখিনি কথা গুৰুত্ত্বসহকাৰে উল্লেখ কৰিছোঁ, কাৰণ—পুনৰাবৃত্তি কৰিয়েই কৈছোঁ—একাংশ লোকে তালিবানৰ নৃশংসতাৰ বাবে একমাত্ৰ ইছলাম ধৰ্মটোক জগৰীয়া কৰি আৰ্থ-সামাজিক কাৰকসমূহক অগ্ৰাহ্য কিম্বা অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে। তালিবানী সন্ত্ৰাসবাদীবোৰ মুছলিম, সিহঁতৰ হিংসা-দ্বেষৰ সৈতে ধৰ্মবোধ সম্পৃক্ত হৈ আছে, তাত কোনো সন্দেহেই নাই। কিন্তু তাৰবাবে একমাত্ৰ ধৰ্ম নহয়, আৰু বহুত কথা সাঙোৰ খাই আছে। তালিবানে আদৰ্শগত দিশত সাৰ-পানী নিশ্চয়কৈ সংগ্ৰহ কৰিছে ইছলামীয় ধৰ্মবিশ্বাসৰ পৰা, কিন্তু আগ্ৰাসনৰ পেশীশক্তি মূলতঃ আদায় কৰি আহিছিল সাম্ৰাজ্যবাদী শক্তিৰ পৰা। এই ক্ষেত্ৰত অন্য এটা দিশৰ প্ৰতিও আমি সতৰ্ক হৈ থকা উচিত, কিয়নো একমাত্ৰ এটা ধৰ্মক দোষ দিয়াৰ আঁৰত, অন্য ধৰ্মৰ মানুহৰ মনত নিজৰ ধৰ্মকেন্দ্ৰিক সাম্প্ৰদায়িকতাই সবলভাৱে ক্ৰিয়া কৰি থাকিব পাৰে।
আলোচনাৰ প্ৰথমতেই আমি মৌলবাদী তালিবানৰ সাম্প্ৰতিক বিজয়ক এটা পশ্চাৎমুখী ঘটনা বুলি অভিহিত কৰিছিলোঁ। কিন্তু আশ্চৰ্যকৰভাৱে একাংশ লোকে তালিবানৰ আগ্ৰাসনক বিশ্বৰ অন্য প্ৰান্তত সময়ে সময়ে সংঘটিত হোৱা ঔপনিবেশিকতাবিৰোধী প্ৰতিৰোধ সংগ্ৰাম কিম্বা মুক্তিযুদ্ধৰ সৈতে সাদৃশ্য থকা বুলি ধাৰণা কৰিছে। কোনো কোনোৱে তালিবানৰ হাতত সাম্ৰাজ্যবাদী এমেৰিকাৰ এইটো এটা ডাঙৰ পৰাজয় বুলিও উৎফুল্লিত হৈ উঠিছে। তালিবানৰ সাম্প্ৰতিক আগ্ৰাসনক সাম্ৰাজ্যবাদবিৰোধী অগ্ৰগতি বোলাটো নিৰ্বুদ্ধিতাৰ বাদে অন্য একো বুলি ভাবিব নোৱাৰি। ঔপনিবেশিক কিম্বা সাম্ৰাজ্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে বিপ্লৱী জনগণৰ গৌৰৱোজ্জ্বল সংগ্ৰাম আমি কিউবা, ভিয়েটনাম আদিত দেখিবলৈ পাইছিলোঁ। সেইবোৰ আছিল নিষ্পেষণৰ বিৰুদ্ধে প্ৰগতিশীল মানুহৰ উদ্দীপনাময় সংগ্ৰাম। তেনে সংগ্ৰামত নিহিত হৈ আছিল শোষিত জনতাৰ মুক্তিৰ সপোন। তালিবানৰ ক্ষেত্ৰত এইটো কথা একেবাৰেই বিসদৃশ। তালিবানী উন্মাদনাৰ পৰিণতি স্বাধীনতা নহয়, এটা শ্বাসৰুদ্ধকৰ শৃংখলিত অৱস্থাহে—এই সহজ সত্য বুজি নোপোৱাটো সঁচাই এটা তবধ মানিবলগীয়া কথা। সম্প্ৰতি আফগানিস্তানত আমি পশ্চিমৰ সাম্ৰাজ্যবাদী অপশক্তিৰ আপাতঃবিপক্ষে দেখিছোঁ এটা অতি ৰক্ষণশীল, আধুনিকতাবিৰোধী, অসভ্য, জিঘাংসু আৰু বহুগুণে প্ৰতিক্ৰিয়াশীল অপশক্তিক। এইখিনিতে এটা তাৎপৰ্যপূৰ্ণ দিশলৈ আঙুলিয়াই যাব পাৰি। নিষ্পেষিত দেশৰ প্ৰতিৰোধ সংগ্ৰাম কিম্বা মুক্তিযুদ্ধসমূহত নাৰীশক্তিৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু বীৰত্বব্যঞ্জক অৱদান আছিল এটা চকুত পৰা ঘটনা। তালিবানৰ (বা পূৰ্বৰ মোজাহিদীনৰ) কোনো নাৰীবাহিনী আছে নে? তেওঁলোকৰ কোনো নাৰী নেতৃত্বলৈ আহিছেনে? উত্তৰ নিশ্চয়কৈ নেতিবাচক। ধৰ্মীয় মৌলবাদক সম্বল কৰি আগ্ৰাসন চলাই যোৱা পৈশাচিক উন্মাদনাক বৈপ্লৱিক কাণ্ড বোলাটো এটা সাংঘাতিক ভ্ৰান্ত ধাৰণা।
মৌলবাদী তালিবানৰ বিজয়ে নিশ্চিতভাৱে অন্য দেশৰ ৰাজনীতিতো প্ৰভাৱ পেলাব। চীনদেশে প্ৰথমতেই তালিবান শাসনক নিজৰ স্বাৰ্থৰ বাবে স্বীকৃতি প্ৰদান কৰিছে। শুভবুদ্ধিসম্পন্ন মানুহে স্পষ্টভাৱে চীনৰ এই কাৰ্যক ধিক্কাৰ জনোৱাটো বৰ জৰুৰী। ইতিহাসে চীনৰ এই গৰিহণাযোগ্য কামটোৰ কথা কেতিয়াও পাহৰি নাযাব। গভীৰ শংকাৰ কথা, তালিবানৰ উত্থান আৰু সাফল্যই বিভিন্ন দেশত ঐশ্বলামিক উগ্ৰপন্থী-সন্ত্ৰাসবাদীক উৎসাহিত কৰিব। উদ্বেগৰ কথা, অসমতো তাৰ কিছু লক্ষণ দেখা গৈছে। এই প্ৰৱণতাটো ভয়ংকৰ, তাক ৰোধ কৰিবৰ বাবে সঠিক চিন্তাচৰ্চাৰ বৰ প্ৰয়োজন। কেবল আইনী প্ৰক্ৰিয়াই মানুহৰ মনৰ পৰা ধৰ্মীয় মতান্ধতা আঁতৰাবলৈ প্ৰশস্ত হ’ব বুলি ধাৰণা নহয়। এসময়ত জংগী ধৰ্মীয় প্ৰৱণতা নথকা সমাজখনত কিহৰ বাবে এই উগ্ৰতাৰ জন্ম হৈছে, এই প্ৰশ্নটো নিশ্চয় দ’কৈ বিচাৰ কৰি চাবলগীয়া কথা। এই কথাটোৰ ঠিক বিপৰীত পিঠিত আছে অন্য এটা বিপদৰ সম্ভাৱনা। মৌলবাদী তালিবানী কাণ্ডৰ আচিলা লৈ অন্য কোনো দেশত সমগ্ৰ ইছলামধৰ্মী মানুহৰ প্ৰতি হিংসা-বিদ্বেষৰ জন্ম দিয়াৰ সম্ভাৱনা আছে। উদাহৰণ হাততে পোৱাকৈ আছে বাবে এইটো প্ৰসংগত বাহুল্য নকৰোঁ। এই দিশটোৰ প্ৰতিও আমি অতি সাৱধান হৈ থকা যুগুত।
শুভবুদ্ধিসম্পন্ন সকলো মানুহৰ দৃষ্টিত সাম্প্ৰতিক বিশ্ব আজি এক সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে। এফালে পুঁজিবাদী-সাম্ৰাজ্যবাদী শোষণে বিশ্বব্যাপী চূড়ান্ত আৰু নগ্ন ৰূপ ধাৰণ কৰিছে, অন্য ফালে উত্থান ঘটিছে পশ্চাৎমুখী ধৰ্মীয় মৌলবাদৰ। সময়ে সময়ে পুঁজিবাদৰ অনিবাৰ্য আভ্যন্তৰীণ সংকটে দেখা দি থাকিলেও, ইতিবাচক আমূল পৰিৱৰ্তনৰ বাটত লৈ যাবলৈ দিগ্নিৰ্দেশক প্ৰগতিশীল মহলটো এতিয়া সিমান সজীৱ আৰু সক্ৰিয় নহয়। দিনে দিনে বাঢ়ি অহা ধৰ্মীয় মৌলবাদৰ দপ্দপনিত ভূলুণ্ঠিত হৈ পৰিছে নাৰী-স্বাধীনতা, সুস্থ মানৱীয় মূল্যবোধ। মুক্ত চিন্তাৰ পৰিৱেশ অতি দ্ৰুত গতিত সংকুচিত হৈ আহিছে। এই পৰিস্থিতিত পুঁজিবাদী-সাম্ৰাজ্যবাদী শক্তিৰ প্ৰতিমুখে ধৰ্মীয় মৌলবাদী শক্তিটোৱে অৱস্থান লৈছে বুলি ভাবি সন্তুষ্টি লভিলে সি হ’বগৈ বুদ্ধিভ্ৰংশ হঠকাৰিতাৰ দুখজনক উদাহৰণ। ঘটনাপ্ৰবাহলৈ চাই তালিবানৰ সাম্প্ৰতিক উত্থানৰ আঁৰত মৌলবাদী শক্তিটোৰ সৈতে এমেৰিকাৰ সাম্ৰাজ্যবাদী কূটকৌশলৰ ভিতৰুৱা বুজাবুজি থকা বুলিহে ধাৰণা হয়।
অতি গুৰুত্বপূৰ্ণ প্ৰাসংগিক বিষয় উপস্থাপন কৰিছে ছাৰ।ভাল লাগিল।ধন্যবাদ।
আপুনি বহুতো যৌক্তিক কথা লিখিও সকলো কথাক নাৰী কেন্দ্রীক কৰি থৈ দিলে আৰু মৌলবাদক ঔপনিবেশিক শক্তিৰ সৃষ্টি বুলি কই থৈ দিলে। আর্থসামাজিক কাৰকৰ কথা কৈ পেলাইও নিজৰ কথাটো ঔপনিবেশিক আঁতাতৰ কথাতেই সামৰিলে। যত নেকি নিজেও দেখুৱাইছে ‘প্রগতিশীল’ সকলৰ চহৰ অঞ্চলৰহে মানুহ। প্রত্যন্ত জনজাতি অঞ্চলৰ মানুহ নহয়। তাত যে নাৰীৰ অতিৰিক্ত শ্রেণী সমাজৰ কিবা ভূমিকা থাকিব পাৰে আপুনি নেভাৱিলেই। ৪০ৰ দশকত স্তালিনে আফগাত দুতৰ লগত কথা পাতোতে কইছিল, ৰজা আমানুল্লাহ এজন নির্বোধ মানুহ আছিল। নাৰীৰ হিজাব খুলিব নেলাগিছিল, আৰু মোল্লাসকলকো শিক্ষা বিস্তাৰৰ কামত লগাব লাগিছিল। পিছত স্তালিনত্তোৰ সোভিয়েতৰ কামও খুব ভাল নাছিল। যোৱাটো বিশ বছৰৰ মোজাহিদ চৰকাৰতকৈ সোভিয়েত মদতপ্রাপ্ত চৰকাৰবোৰৰ ভূমিকাও খুব ভাল নাছিল। প্রগতিশীলতাও একেই আছিল। প্রতিদ্বন্দ্বী নেতাক হত্যা কৰা, গদিচ্যুত কৰা ইত্যাদিও তেনেই সাধাৰণ কথা আছিল। আন কি নজিবুল্লাহ চৰকাৰে মার্ক্সবাদ এৰি ইসলামী ৰাস্ট্র ঘোষণা কৰিছিল। উপৰৰ তাবেদাৰ শ্রেণী শাসন ৰক্ষাৰ বাবেই এইবোৰ কৰিব লগা হৈছিল। ‘প্রগতিশীল’ সকলৰ ব্যর্থতাৰ সমালোচনা নকৰাকে বর্তমান বাস্তৱতাক ভিয়েতনামৰ লগত ৰিজালে সাম্রায্যবাদৰ পতন বুজা নেযাব। পিছে যোৱা কালি জন বাইডেনে নিজে কলে, কেৱল আফগানিস্তান নহয়, বাকী দেশবোৰতো সেনা অভিযান চলোৱা যুগৰ শেষৰ আৰম্ভণি হল। কি নো আশ্চর্য কথা সাম্রায্যবাদে নিজে নিজৰ পতনৰ কথা ঘোষণা কৰা দিনত ‘প্রগতিশীল’ সকলে ভাৱি আছে পৃথিবীখন এতিয়াও একেই আছে। কিন্তু আমেৰিকাৰ পৰাজয় অস্বীকাৰ কৰাচামেও এতিয়া চীনৰ কথাত বৰ বেয়া পাইছে। চিনও তো সোভিয়েত পৰবর্তী বিশ্বৰ একমাত্র ‘প্রগতিশীল’ দেশ নহয় নে? চীন বেয়া সোভিয়েত কি দৰে ভাল হল বাৰু? আৰু এতিয়াতো ‘প্রগতিশীল’ ভিয়েতনাম আমেৰিকাৰ ভাল বন্ধু। ইতিমধ্যে আফগানিস্তান আৰু ভূৰাজনীতিত ভিয়েতনামৰ সমর্থন বিচাৰি কমলা হ্যাৰিচ সেই দেশ ভ্রমণ কৰি আহিছে হি। গতিকে ইমান যে গণ্ডগোলীয়া সোভিয়েত আমেৰিকাৰ শিকোৱা প্রগতিশীলতা তালেবানক নিন্দা কৰাৰ আগতে তেঁওলোকৰ আত্মনিন্দা বেচি গুৰুত্ব পূর্ণ। বস্তুবাদৰ কথা কলে আমি ভাৱজগতখন এৰি বাস্তৱ জগতখনৰ কথা আগতে ভৱা দৰকাৰ। তালিবানৰ কাৰণেই এতিয়া প্রাক্তন চিআইএ এজেন্ট বিগত চৰকাৰৰ উপৰাষ্ট্রপতি আমিৰুল্লাইও আমেৰিকাক গালি পাৰি আছে টুইটাৰত। তেঁও যিজন আহমেদ মাসুদৰ লগত বহি আছে তেঁওৰ দেউতাক আছিল জমিয়ত ইচলামৰ প্রতিষ্ঠাতা। ‘প্রগতিশীল’ শক্তিক আফগানিস্তানক ধ্বংস কৰিলে কোনে? আমেৰিকাই নে? সোভিয়েতে। মানুহে পার্থক্য কৰিব নোৱাৰা হল। কিন্তু এতিয়াও বিপ্লবী নাৰী সমিতি আছে। ভাৰতৰ প্রগতিশীল সকলে তেঁওলোকক চিনি নেপায়। তেঁওলোকে সোভিয়েতৰ বিৰুদ্ধেও সংগ্রাম কৰি মৰিছিল। আমেৰিকাৰ বিৰুদ্ধেও সংগ্রাম কৰিছিল। তালেবানকো মানি নলব বুলি কৈছে। কিন্তু তেঁওলোকে বিমানৰ পৰা বোমা নিক্ষেপ কৰা পশ্চিমা নাৰীবাদকো প্রত্যাখ্যান কৰিছে। আৰু আমেৰিকাৰ পতনক স্বাগত জনাইছে। আফগান জনতাৰ সংগ্রাম নিজে কৰাৰ অধিকাৰ নিজে বিচাৰিছে। কিবা অন্যায় কৰিলে নে?
কথাখিনি নিতান্তই যুক্তিসংগত আৰু সমৰ্থনযোগ্য হৈছে।কিন্তু আফগানিস্তানৰ ক্ষেত্ৰত ৰাচিয়াৰ ভুমিকাও এক হঠকাৰিতাৰ বাদে আন একো নাছিল।তাৰ জনসাধাৰণৰ চেতনাৰ বিকাশ ঘটাই কোনো গণসংগ্ৰামৰ জড়িয়তে ৰাইজক একত্ৰিত কৰি কোনো গণ অভ্যুত্থানৰ জড়িতে ৰাজতন্ত্ৰৰ উচ্ছেদ তথা জনগণতান্ত্ৰিক বিপ্লৱ তাত সংঘটিত হোৱা নাছিল।ৰাচিয়াৰ।ৰাজনৈতিক কুট কৌশল অনুসৰি ৰাচিয়াৰ স্থানীয় অনুচৰ হিচাপে থকা শাসক শিবিৰৰ কিছুমান মানুহে ষড়যন্ত্ৰৰ জৰিয়তে ক্ষমতা দখল কৰিছিল মাত্ৰ।তেঁওলোক আফগানিস্তানৰ জনতাৰ প্ৰতিনিধি বা নেতা নাছিল।ফলত ৰাইজৰ মাজত বিদেশী ৰাজনৈতিক আগ্ৰাসন আৰু আধিপত্যৰ বিৰুদ্ধে এক জাতীয় ক্ষোভৰ সৃষ্টি হৈছিল।ইয়াৰ সুবিধা লৈয়েই আমেৰিকা আৰু ইছলামিক উগ্ৰবাদী শক্তি বিলাকে তাত নিজৰ কৰ্মকাণ্ডৰ তথা ভেটি সম্প্ৰসাৰণ কৰিব পাৰিলে।এইখিনি কথা ইয়াৰ লগত যোগ দিয়া উচিত বুলি ভাবো।সেইসময়ত সাম্যবাদী সকলৰ একাংশইও।চোভিয়েট ইউনিয়নক সামাজিক সাম্ৰাজ্যবাদী ৰাষ্ট্ৰ হিচাপে অভিহিত কৰিছিল।এতিয়া এইটো কথাৰ উল্লেখো প্ৰাসংগিক হৈ পৰিছে।দৰাচলতে আমেৰিকাৰ লগত প্ৰতিদণ্ডিতা কৰি পৃথিৱীৰ বিভিন্ন দেশত আৰ্থিক সামৰিক হস্তক্ষেপ চলাবলৈ গৈ চোভিয়েট ইউনিয়খন নিজেও গভীৰ সংকটত নিমজ্জিত হব লগা হৈছিল।ইয়াৰ অনিবাৰ্য পৰিণতিতে ইয়াৰ পতন ঘটিছিল।বিপ্লৱৰ আমদানি ৰপ্তানি নহয়, বিপ্লব দেশৰ মানুহে দেশৰ মাটিত কৰে।অথচ কিছুমান লোকে ভাৰততো ৰাচিয়া আহি সমাজতান্ত্ৰিক চৰকাৰ গঢ়ি দিব বুলি আশা কৰি থকাৰ কথা জানিব পাৰিছিলো।এতিয়া সেইবোৰ ইতিহাস হ’ল।ৰাচিয়া আমেৰিকা দুই অতিবৃহৎ বিশ্বশক্তিৰ পতনৰ পিছত এতিয়া পান ইছলামিক উগ্ৰবাদ অন্যতম ভয়ংকৰ বিপদ হৈ পৰিছে।চীনৰ পশ্চাদসৰন বা বিশ্বাসঘাটকতাইও নতুন বিপদ মাতি আনিছে।গতিকে এতিয়া মহাসংকটৰ সময়।
লিখনিটো মনোযোগেৰে পঢ়িলোঁ । ভাল লাগিল । দুটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ।
১। বাহিৰা দেশে স্বীকৃতি দিয়ক বা নিদিয়ক ধৰ্মীয় ভাবে সাংঘাতিক গোড়া, ৰক্ষনশীল, প্ৰতিক্ৰিয়াশীল আৰু পুনৰউথ্থান বাদী চিন্তাৰ তালিবান সকলে আফগানিস্তানত ক্ষমতা দখল কৰাতোঁ এক বাস্তবতা ।
২। বাহিৰা দেশসমূহে ঐক্যবদ্ধ ভাবে তেওঁলোকক মানুহৰ মৌলিক অধিকাৰ সমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত, মহিলা আৰু সংখ্যালঘূ সম্প্ৰদায়ৰ অধিকাৰসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে হেচা প্ৰয়োগ কৰিব পাৰে আৰু কৰাটো উচিত । কিন্তু বাহিৰা দেশে তেওঁলোকক চৰকাৰ গঠন কৰি দিব নোৱাৰে । আগৰ তেনে প্ৰচেষ্টা সমূহ ভুল আছিল বুলি ইতিমধ্যে প্ৰমানিত হৈছে । আফগানিস্তানৰ চৰকাৰ আফগান নাগৰিকে কৰিব লাগিব ।
৩। বেছিভাগ মানুহৰ ধৰ্ম বিশ্বাস আছে যদিও বেছিভাগ মানুহে ধৰ্মৰ নামত এনে বৰ্বৰ চিন্তা- ধাৰণা সমূহ সদায় ভাল পাই থাকিব বুলি বিশ্বাস নহয় । আধুনিক পৃথিৱীখনৰ সা- সুবিধা সমূহ, মহৎ মানবীয় চিন্তা সমূহৰ পৰা আতৰত থাকি পশ্চাতপদ চিন্তা সমূহক ধিয়াই একাংশ মানুহ সদায় থাকি যাব- কথাটো একেবাৰে অস্বাভাবিক, একেবাৰে খাপ নোখোৱা । বৃহৎ পূজিৰ সহায় নাপালে এনে ধৰণৰ যুগৰ লগত খাপ নোখোৱা শক্তি টিকি থকাটো সম্ভবেই নহয় ।
৪। চোভিয়েট ইউনিয়নেও আফগানিস্তানলৈ অহাটো শুদ্ধ কথা নাছিল বুলিয়েই প্ৰমানিত হৈছে । কিন্তু শীতল যুদ্ধৰ সময়ত আমেৰিকান, বৃটিচ সকলে মৌলবাদী শক্তি সমূহক যিদৰে উচতাইছিল ( আপুনিও এই সম্পৰ্কে বৰ্ণনা কৰিছে), তুলনামূলক প্ৰগতিশীল চৰকাৰ খনক অস্হিৰ কৰি তুলিছিল, সেই সময়ত কি হ’লে ভাল হ’লহেতেন সেইয়া অবশ্যে এতিয়া আলোচনা কৰি বিশেষ লাভ নাই ।
চোভিয়েট ইউনিয়নে আফগানিস্তানত আহিছিল আমেৰিকাৰ ক্ৰমবৰ্দ্ধমান প্ৰভাব হ্ৰাস কৰিবলৈ । কিন্তু তেওঁলোকে উন্নয়নমূলক কাম কৰিছিল আৰু প্ৰগতিশীল, আধুনিক চিন্তাক উদগনি দিছিল বুলি আপুনি সঠিক ভাবেই উল্লেখ কৰিছে । প্ৰগতিশীল, উন্নত ধাৰণা এটাও হয়তো ওপৰৰ পৰা কৃত্ৰিম ভাবে স্হাপন কৰিব নোৱাৰি, যদিহে সেইয়া জনসাধাৰণৰ চিন্তাৰ গভীৰৰ পৰা নাহে ।
কিন্তু আফগানিস্তানলৈ আমেৰিকা আহিল তেতিয়া, যেতিয়া নিজে সৃষ্টি কৰা উগ্ৰ মৌলবাদী শক্তিসমূহ তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’ল ।
গতিকে অফগানিস্তানলৈ আমেৰিকা অহা আৰু চোভিয়েট ইউনিয়ন অহা- এই দুয়োটা কথা একেধৰণৰ বুলি কোৱাটো হয়তো অতি সৰলীকৰণ হব ।
আপোনাৰ লেখাটো ওপৰে ওপৰে পঢ়ি মন্তব্য দিব পৰা বিধৰ লেখা নহয়। বৃত্তিগত আৰু অন্য পাৰিবাৰিক ব্যস্ততাৰ বাবে লেখাটোৰ ভিতৰলৈ সোমাই যাব পৰা নাছিলোঁ। তাৰ বাবে নিশ্চয় মাৰ্জনা বিচাৰিব লাগিব। অচিনাকি বাট এটাৰে বাট বুলি মই মানসিক কিছু সংঘাতৰ লগত কিছুদিন যুঁজিব লগীয়া হোৱা বাবেও মোৰ চিন্তন প্ৰক্ৰিয়াত কিছু বিজুটি ঘটিছিল। এতিয়া কিছু সকাহ হৈছে।
আপোনাৰ লিখনিটোৱে মোক প্ৰভাৱিত কৰাৰ কাৰণ–
(১) স্থান, কাল আৰু ঘটনাৰ আন্ত:সম্পৰ্কৰ এক বস্তুনিষ্ঠ আলোচনা।
(২) আফগানিস্থানত নাৰী অধিকাৰৰ ইতিহাস আৰু তাৰ ঐতিহ্যৰ গতিশীল বাখ্যা।
(৩) আফগানিস্তানৰ সামাজিক চেতনাৰ বিকাশত সমাজতান্ত্ৰিক আন্দোলনৰ প্ৰভাৱৰ ঐতিহাসিক বাখ্যা।
(৪) আন্তৰ্জাতিক পুঁজিবাদ আৰু মৌলবাদ-সন্ত্ৰাসবাদৰ সম্পৰ্কৰ প্ৰত্যয়সিদ্ধ বাখ্যা।
(৫) ধৰ্ম আৰু ধৰ্মান্ধতাৰ মৌলিক পাৰ্থক্যৰ অকাট্য উদাহৰণ।
(৬) আপোনাৰ দুটা শব্দ ব্যৱহাৰৰ ব্যতিক্ৰমীতা। ‘প্ৰাতিষ্ঠানিক ধৰ্ম’ আৰু ‘ ৰিপুৱা’ শব্দটোৰ ব্যৱহাৰে মোক এক প্ৰকাৰে পাগল কৰিছে। ধৰ্ম আৰু প্ৰাতিষ্ঠানিক ধৰ্ম–বিষয়টো জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ যথেষ্ট প্ৰয়োজন আছে।
মোৰ এটা পৰামৰ্শ—চুৰাইয়া তাৰজিক লৈ এটা বিতং আলোচনাই নাৰী আন্দোলনক এক নতুন মাত্ৰা দিব বুলি মোৰ ধাৰণা আৰু সেই কামটো আপুনিয়েই কৰিব লাগিব।