নিবন্ধসম্পাদকীয়

সম্পাদকৰ টোকা :: অবিজ্ঞান, অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান (কৌশিক দাস)

(১)

অগণন ভক্তই আগুৰি থকা গুৰু এগৰাকীক শিষ্য এজনে সুধিলে, “গুৰুদেৱ, মানুহ কিয় বৃদ্ধ হয়? মানুহৰ মৃত্যুৱেই বা হয় কিয়? মানুহৰ বৃদ্ধাৱস্থা আৰু মৃত্যুৰ কাৰণ কি গুৰুদেৱ?”

ওপজাৰ পাছৰে পৰা প্ৰতিটো মুহূৰ্ত্ততে প্ৰতিজন মানুহ লাহে লাহে, কিন্তু অনিবাৰ্যভাৱে বৃদ্ধাৱস্থালৈ আগ বাঢ়ি গৈ থাকে। এই পৃথিৱীত প্ৰতিদিনে কিমান যে মানুহৰ মৃত্যু হৈ আহিছে! অকল মানুহেই নে? প্ৰতিটো পল-অনুপলত সকলো জীৱ-জন্তু বৃদ্ধ হ’বলৈ গৈ আছে অবিৰতভাৱে, সমগ্ৰ জীৱজগতত প্ৰতিদিনেই মৃত্যুৰ দেধাৰ ঘটনা ঘটি আছে। তাৰ লগে লগে কিন্তু মানুহৰ সৈতে অন্য জীৱৰ জন্মও হৈ আছে প্ৰত্যেক দিনে। কাষতে দেখি থকা তেনে জন্ম-মৃত্যুৰ ঘটনাই জীৱৰ মনত—বিশেষকৈ উন্নত মগজুৰ প্ৰাণীৰ মনত—নিশ্চয় প্ৰভাৱ পেলায়।

জন্মৰ হেতু কি, বৃদ্ধ হৈ পৰাৰ আঁৰৰ ৰহস্য কি, মৃত্যুৰেই বা কি কাৰণ—এইবোৰ হ’ল প্ৰশ্ন; এই প্ৰশ্নবোৰৰ মাজেৰে মানুহে কাৰণৰ সন্ধান কৰে। এইধৰণৰ কাৰণানুসন্ধানী প্ৰশ্ন মানুহৰ বাহিৰে অন্য প্ৰাণীৰ মনত উদ্ভৱ হোৱাৰ কথা শুনা নাযায়। অকল জন্ম-মৃত্যুৱেই নে? এই সুবিশাল বিশ্বব্ৰহ্মাণ্ডত কিমান যে কি অগণন ঘটনা বিৰামহীনভাৱে ঘটি আছে! তেনে সীমা-সংখ্যাহীন সৰু-বৰ ঘটনাৰ প্ৰতি অনুন্নত মগজুৰ জীৱসমূহৰ তেনে বিশেষ কোনো মূৰ কামোৰণি নাই, মাত্ৰ ঘটনাপ্ৰৱাহৰ সৈতে নিজকে খাপ খুৱাই জীৱনটো কটাই যাবলৈ চেষ্টা কৰি যায় তেনে জীৱবোৰে।

অন্যান্য জীৱই কৰাৰ দৰেই, চৌপাশৰ ঘটনাবোৰৰ সৈতে মিলিজুলি, সমিলমিলেৰে জীয়াই থাকিবলৈ চেষ্টা মানুহেও কৰে। কিন্তু মানুহে ওপৰঞ্চি আৰু এটা কাম কৰে— মানুহে চৌপাশৰ ঘটনাৱলীক নিজৰ নিয়ন্ত্ৰণত আনি সেইবোৰক নিজৰ অনুকুলে পৰিচালনা কৰিবলৈও প্ৰয়াস কৰি যায়। তুলনামূলক হিচাপত কিছু উন্নত প্ৰাণীয়েও তেনে প্ৰচেষ্টা সীমিত পৰিমণ্ডলত চলাবলৈ সক্ষম হ’লেও, মানুহৰ ক্ষেত্ৰত কথাটো সংঘটিত হয় বিৰাট-বিপুল পৰিসৰত, পৰিকল্পিতভাৱে। এই কামটোৰ বাবে মানুহে চৌপাশৰ পৰিৱেশ-পৰিস্থিতি, ঘটনা-পৰিঘটনা আদিৰ বিষয়ে ভালদৰে অৱগত হৈ থকাটো জৰুৰী হৈ পৰে। তাৰেই এটা অংশ হিচাপে সংঘটিত ঘটনাৱলীৰ আঁৰৰ কাৰণ উন্মোচন কৰিবলৈ মানুহে চেষ্টা চলাই যায়।

মানুহৰ এটা গুণ বা চৰিত্ৰ উপৰিউক্ত জাগতিক চাহিদা পূৰণ কৰাৰ সৈতে অতিকৈ সংগতিপূৰ্ণ। সামগ্ৰিকভাৱে মানুহ বৰ অনুসন্ধিৎসু প্ৰাণী, মানুহৰ মনত অহৰহভাৱে জন্ম হৈ থাকে অজস্ৰ প্ৰশ্নৰ। এই আলোচনাৰ প্ৰথমতেই তেনে এটা প্ৰশ্ন এগৰাকী ভক্ত-শিষ্যৰ মুখেদি আমি শুনিবলৈ পাইছোঁ। প্ৰশ্নৰ উদ্ভৱৰ লগে লগেই কথাটো শেষ হৈ নাযায়, মানুহে তেনে অন্তহীন জিজ্ঞাসাৰ সমাধানো বিচাৰে, সেইসমূহৰ সন্তোষজনক উত্তৰৰ সন্ধানত মানুহ সদায়েই হৈ থাকে উদগ্ৰীৱ আৰু উন্মুখ। এই গুণটো অনুন্নত জীৱৰ কথা বাদেই, আপেক্ষিকভাৱে উন্নত প্ৰাণীৰ মাজতো পৰিলক্ষিত নহয়। কোনো সন্দেহ নাই, মানুহৰ মনৰ অনুসন্ধিৎসা এটা ইতিবাচক গুণ। ই বিজ্ঞানভিত্তিক চিন্তা-চৰ্চাৰ বাট মসৃণ কৰে, মানৱ-জাতিৰ জ্ঞানভাণ্ডাৰৰ আয়তন বৃদ্ধি কৰে, লগতে—মানৱ প্ৰজাতিটো প্ৰকৃতিত বৰ্তি থকাৰ বাবে উক্ত গুণটো বৰ সহায়ক হয়। মূলতঃ উন্নত মগজু এটাৰ অধিকাৰী হোৱাৰ বাবেই মানুহে তেনে জিজ্ঞাসু চৰিত্ৰ এটা লাভ কৰিছে।

মানুহৰ বিচিত্ৰ জিজ্ঞাসাবোৰে প্ৰায়েই কিন্তু তাৎক্ষণিক জাগতিক চাহিদাৰ ক্ষেত্ৰখন অতিক্ৰম কৰি কিছুমান জটিল আৰু বিমূৰ্ত্ত ধ্যান-ধাৰণাৰ সৈতে সম্পৃক্ত হৈ পৰে। নিঃসন্দেহে তেনে সুগভীৰ চিন্তা-চৰ্চাই মানৱ-মনীষাৰ বৈচিত্ৰ্যময় ব্যাপ্তি, বিস্তৃতি আৰু বহুমাত্ৰিকতাৰ কথা নিৰ্দেশ কৰে। উদাহৰণ স্বৰূপে বিভিন্ন মাৰ্গৰ বহুধাবিভক্ত দৰ্শন আৰু উচ্চ স্তৰৰ বিমূৰ্ত্ত তাত্ত্বিক বৈজ্ঞানিক ধ্যান-ধাৰণালৈ আমি আঙুলিয়াই দিব পাৰোঁ। এইক্ষেত্ৰত কেতিয়াবা এটা আমোদজনক কথাও পৰিলক্ষিত হয়। জিজ্ঞাসু মনত জন্ম হোৱা প্ৰশ্নসমূহৰ উত্তৰৰ সন্ধান কৰোঁতে মানুহ কেতিয়াবা কিছুমান শক্তিশালী ছদ্মযুক্তিৰ কবলত পৰে। তেনে ছদ্মযুক্তিয়ে প্ৰশ্নবোৰৰ সঠিক উত্তৰ প্ৰদান নকৰি মানুহক অলীক মৰীচিকাৰ ছঁয়াময়া বিভ্ৰান্তিৰ দিশলৈহে লৈ যায়। বহুক্ষেত্ৰত ছদ্মযুক্তিবোৰত চিন্তাৰ গভীৰতা, বিশ্লেষণৰ চমৎকাৰিতা, চিন্তা-চৰ্চাৰ গাঢ়তা আদি সুস্পষ্টকৈ পৰিলক্ষিত হ’লেও তৎজনিত সিদ্ধান্তসমূহ অৱধাৰিতভাৱে খণ্ডিত, বিসংগতিপূৰ্ণ আৰু ভ্ৰান্ত হৈ পৰে। মানুহ ব্যতিৰেকে অন্য কোনো জীৱৰ ক্ষেত্ৰত ছদ্মযুক্তিসম্ভূত তেনে আত্মপ্ৰৱঞ্চনা দেখা নাযায়।

কোৱা বাহুল্য, উপৰিউক্ত কথাটোৰ পৰিণতি সাংঘাতিকধৰণে নেতিবাচক আৰু ক্ষতিকৰ। তেনে আত্মপ্ৰৱঞ্চনাৰ গৰাহত পৰিলে ছদ্মযুক্তিত সোমাই থকা ভ্ৰান্ত ধ্যান-ধাৰণাত বেছ শক্তিশালী বৈজ্ঞানিক যুক্তি থকা যেনো লাগিব পাৰে। আলোচনাৰ প্ৰথমতেই দিয়া উদাহৰণটোৱে এই কথাটো বুজাত আমাক সহায় কৰিব।

শিষ্যজনে গুৰুক সুধিছিল, “মানুহ কিয় বৃদ্ধ হয়? মানুহৰ মৃত্যুৱেই বা হয় কিয়? মানুহৰ বৃদ্ধাৱস্থা আৰু মৃত্যুৰ কাৰণ কি?”

প্ৰিয় শিষ্যৰ প্ৰশ্নটো শুনি গুৰুদেৱৰ চকু দুটা আনন্দত উজলি উঠিল, কিয়নো এইটো তেওঁৰ বাবে এটা “কমন” প্ৰশ্ন, বহুবাৰ বহুজন শিষ্যক তেওঁ উত্তৰটো দি আহিছে। গুৰুগম্ভীৰ কণ্ঠেৰে তেওঁ ক’লে, “জীৱনৰ এটা গুহ্য প্ৰশ্ন তুমি উত্থাপন কৰিছা বৎস। এই বিশাল বিশ্বচৰাচৰত সকলো বস্তু ভংগুৰ আৰু ক্ষণিক,—চিৰস্থায়ী বুলি একো নাই। জন্ম হোৱাৰ মুহূৰ্তৰ পৰাই সকলো জীৱৰ বয়স বৃদ্ধি হ’বলৈ ধৰে, ইয়াৰ ব্যতিক্ৰম ক’ৰবাত আছে নে? নাই, ক’তো নাই। জন্মৰ মুহূৰ্ত্তটোৰ পাছৰে পৰা প্ৰত্যেক জীৱৰ বয়স বৃদ্ধি পাবলৈ আৰম্ভ কৰে, আৰু এসময়ত জীৱবোৰ বৃদ্ধ হৈ পৰে। সকলো জীৱৰ বৃদ্ধাৱস্থাৰ শেষ পৰিণতি, শেষ বিন্দু হৈছে মৃত্যু। ই নিশ্চিত, অনিবাৰ্য, অৱশ্যাম্ভাৱী আৰু চিৰন্তন সত্য। মানুহ এবিধ জীৱ, মানুহ জানো ইয়াৰ ব্যতিক্ৰম হ’ব পাৰে? সেইবাবেই মানুহো বৃদ্ধ হয়, শেষত পৰেগৈ মৃত্যুৰ মুখত। তোমাৰ প্ৰশ্নৰ এয়াই উত্তৰ বৎস, মনত ৰাখিবা, সকলো জীৱই মৰণশীল”। গুৰুদেৱৰ সুমিষ্ট আৰু পৰিশীলিত বাককলাৰে পৰিপূৰ্ণ ভাষণত একান্ত ভক্তগৰাকী সন্তুষ্ট হ’ল।

অলপ গমি চালে আমি বাৰু কি দেখিবলৈ পাম? গুৰুদেৱৰ কথাখিনি শুদ্ধ, তাত বোধহয় কোনো দ্বিমত নাই। কিন্তু, “সকলো জীৱ মৰণশীল, গতিকে মানুহো মৰণশীল”—এইটো জানো মানুহৰ মৃত্যুৰ কাৰণ? এইটো জানো শিষ্যজনৰ প্ৰশ্নৰ যথাযথ উত্তৰ? কেতিয়াও নহয়। কিয়নো গুৰুদেৱৰ উক্তিটোৱে অতি সাধাৰণভাৱে মানুহ আৰু অন্যান্য জীৱৰ মাজত এটি দিশত থকা সাদৃশ্য কিম্বা অভিন্নতাৰ কথাহে বিবৃত কৰিছে মাত্ৰ, তাত মৃত্যুৰ কোনো কাৰণৰ উল্লেখ বা ব্যাখ্যা নাই। গতিকে শিষ্যৰ প্ৰশ্নৰ সঁহাৰিত গুৰুদেৱে প্ৰদান কৰা উত্তৰটো তেনেই অপ্ৰাসংগিক আৰু ভ্ৰান্ত। এই কথাটোৰ আৰু এটি চিন্তনীয় দিশ আছে। কৌশলী ভাষা আৰু আকৰ্ষণীয় উপস্থাপনৰ সহায়ৰে প্ৰাকৃতিক নীতি এটিক মৰণৰ কাৰণ হিচাপে প্ৰক্ষেপ কৰিছে গুৰুদেৱে। এনে কাৰ্যক যুক্তিবিদ্যাত হেত্বাভাস বা যৌক্তিক বিভ্ৰান্তি (Fallacy) বুলি গণ্য কৰা হয়। কিয়নো নীতিক কাৰণ বা হেতু বোলাটো ভুল।

(২) 

মানুহৰ মনত উদ্ভৱ হোৱা প্ৰশ্নবোৰৰ উত্তৰ পোৱাটো যে তেনেই নিৰ্বিঘ্ন আৰু নিষ্কণ্টক নহয়, সেইটো স্পষ্ট কৰিবলৈ আলোচনাৰ প্ৰথম দফাটোত উদাহৰণটিৰ উত্থাপন কৰা হৈছে। এইটো এটি সাধাৰণ উদাহৰণহে, তেনেকুৱা বাধাৰ অনেক উদাহৰণ—বেলেগ বেলেগ দিশৰো—সহজেই পোৱা যাব। তেনে উদাহৰণবোৰে আমাক সকীয়াই যায় যে অন্তহীন অনুসন্ধিৎসাৰে চৌপাশৰ বিশ্বচৰাচৰৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাটো যিমান সহজ, সেই প্ৰশ্নসমূহৰ উত্তৰৰ সন্ধান কৰাটো সিমান উজু নহয়—বৰঞ্চ সেইটো অতিশয় কঠিন কাম। প্ৰশ্নবোৰৰ যথাযথ উত্তৰ লাভ কৰাৰ বাবে এটি সুশৃংখল-সুসংজ্ঞায়িত-সুসংঘবদ্ধ, যৌক্তিক আৰু পৰ্যবেক্ষণ-পৰীক্ষাভিত্তিক পদ্ধতিৰ প্ৰয়োজন হয়। তেনে পদ্ধতিটোক আমি সাধাৰণভাৱে বিজ্ঞান বুলি অভিহিত কৰোঁ। সাক্ষ্য-প্ৰমাণ, সতৰ্ক পৰ্যবেক্ষণ, পুংখানুপুংখ পৰীক্ষা-নিৰীক্ষা—এইসমূহ হ’ল বিজ্ঞানৰ অবিচ্ছেদ্য অংগ। তাৰ লগতে আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা। পৰ্যবেক্ষণ, পৰীক্ষা-নিৰীক্ষা—এইসমূহৰ কিন্তু এটা সবল যৌক্তিক ভিত্তি থাকিব লাগিব। যুক্তিৰহিত পৰ্যবেক্ষণ যিদৰে খণ্ডিত, তেনেদৰেই ভিত্তিত যুক্তি নথকা পৰীক্ষা-নিৰীক্ষা প্ৰমাদগ্ৰস্ত।

বৈজ্ঞানিক পদ্ধতিত সাধাৰণতেই প্ৰকল্প বা হাইপ’থেচিছৰ নিৰ্মাণ অপৰিহাৰ্য হৈ পৰে। তাৰ পাছত চলে পৰ্যবেক্ষণ, পৰীক্ষা-নিৰীক্ষা আদি। সেইবোৰ বাৰে বাৰে কৰি চোৱা হয়। তেনে কৰোঁতে হয়তো নতুন ধাৰণাৰ আগমন ঘটে, লগে লগে নতুন প্ৰশ্নৰো উদ্ভৱ হয়, তেনে প্ৰশ্নৰো উত্তৰ একেই পদ্ধতিৰে সন্ধান কৰি থকা হয়। নিশ্চিত হোৱাৰ পাছতহে অহা হয় কোনো সিদ্ধান্তলৈ। এই ক্ষেত্ৰত বিজ্ঞানৰ দুটি চমৎকাৰ গুণ আছে। প্ৰথমটো হৈছে, বিজ্ঞানৰ জগতত যিকোনো ধাৰণা-তত্ত্ব-সিদ্ধান্ত পুনৰ্বিবেচনাৰ বাবে মুকলি হৈ থাকে। তেনে পুনৰ্বিবেচনাৰ প্ৰসংগত—পুৰণি কিম্বা নতুন ধ্যান-ধাৰণাৰ প্ৰতি—বিজ্ঞানীৰ ব্যক্তিগত আৱেগ বা অনুৰাগ অপ্ৰাসংগিক। দ্বিতীয়টো প্ৰথম গুণটোৰেই আনটো পিঠি; নতুন তথ্য-তত্ত্বৰ আগমনে বিজ্ঞানৰ পুৰণি সিদ্ধান্তক বাতিল কৰি আপেক্ষিকভাৱে পৰিশ্ৰুত সিদ্ধান্তক প্ৰতিষ্ঠিত কৰে। অৰ্থাৎ, বিজ্ঞানে নিজকে ভাঙি পুনৰ নিজকেই গঢ় দিয়ে—ভাঙোন-গঢ়নৰ তেনে প্ৰক্ৰিয়াই দিনে দিনে বিজ্ঞানক সমৃদ্ধ কৰি গৈ থাকে। বিজ্ঞানৰ তেনে অনন্য গুণাৱলীৰ বাবেই চৌপাশৰ জগতখনৰ সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ বিজ্ঞানপ্ৰদত্ত উত্তৰ যুক্তিগ্ৰাহ্য, পুনৰ্পৰীক্ষণীয় আৰু সত্যাভিমুখী।

পুনৰাবৃত্তিৰ দোষে চুলেও, আমি প্ৰথম দফাটোৰ উদাহৰণলৈ এখন্তেক উভতি যাওঁ। তাত আমি দেখিছিলোঁ যে বিসংগতিপূৰ্ণ যুক্তিবিন্যাস বিজ্ঞানসন্মত অনুসন্ধানৰ সৈতে সংগতিপূৰ্ণ নহয়। প্ৰকল্প বা হাইপ’থেচিছটোক যদি যৌক্তিক বিসংগতি বা বিভ্ৰান্তিয়ে ভাৰাক্ৰান্ত কৰে, তেনেহ’লে অনুসন্ধানৰ পাছৰ পৰ্যায়বোৰো আসোঁৱাহেৰে ভৰি পৰিব। কথাটো সহজকৈ বুজিবলৈ আমি অন্য এটা উদাহৰণৰ—কিছু তৰল হ’লেও—সহায় লৈছোঁ।

  • ১. মানুহ এজনৰ মনত গভীৰ বিশ্বাস যে তেওঁৰ জিভাৰ অগ্ৰঅংশত এডাল সৰু হাড় আছে। কিন্তু হাতেৰে টিপা মাৰি সেইডাল অনুভৱ কৰিব নোৱাৰি। এই কথাটো মানুহজনে সকলোকে ক’বলৈ ধৰিলে।
  • ২. সদায় কথাটো কৈ থকাৰ কাৰণে বহুতো মানুহে কথাটো বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে।
  • ৩. কথাটো চাৰিওফালে বিয়পি পৰিল। বহুতৰে মনত প্ৰশ্নৰ জন্ম হ’ল। তাৰে কেইজনমানে সবিশেষ জানিবলৈ মানুহৰ মৃতদেহ কেইটামানৰ জিভা ব্যৱচ্ছেদ কৰি চালে। কিন্তু নাই, তেনে কোনো হাড়ৰ সম্ভেদ পোৱা নগ’ল।
  • ৪. সিদ্ধান্ত লোৱা হ’ল, সেই হাড়ডাল অকল সেই মানুহজনৰ জিভাতহে আছে, সেইডাল একক আৰু অনন্য, অন্য মানুহৰ সেই হা‌ড়ডাল নাই।
  • ৫. এইবাৰ মানুহজনৰ জিভাৰ এক্স-ৰে লোৱা হ’ল। নাই, তাত কোনো বিশেষ হাড়ৰ প্রতিচ্ছবি ফুটি নুঠিল। তাৰ পাছত বহুতো অত্যাধুনিক যন্ত্রপাতিৰ সহায় লৈ হা‌ড়ডালৰ সন্ধান কৰা হ’ল। তথাপি হাড়ডালৰ কোনো সম্ভেদ পোৱা নগ’ল।
  • ৬. এইবাৰ সিদ্ধান্ত লোৱা হ’ল, সেই হাড়ডাল কোনো যন্ত্রৰ দ্বাৰা বিচাৰি পোৱাটো সম্ভৱ নহয়।
  • ৭. সকলো কথা যুকিয়াই চাই শেষত সিদ্ধান্ত দিয়া হ’ল, মানুহজনৰ জিভাৰ হাড়ডালৰ প্রকৃত স্বৰূপ চিৰকাল অজ্ঞেয় হৈ থাকি যাব। সেই হাড়ৰ গূ‌ঢ় কথা বুজাটো মানুহৰ পক্ষে অসম্ভৱ।

নক’লেও হ’ব, ঘটনাটোৰ আৰম্ভণিতেই গণ্ডগোল—কিয়নো এটা উদ্ভট, অযৌক্তিক আৰু অবাস্তৱ কথাক প্ৰায় সত্য বুলি ধৰি লৈ কামটোত অগ্ৰসৰ হোৱা গৈছে। প্রাৰম্ভিক প্রকল্পটোৰ যৌক্তিক ভিত্তি সবল নহ’লে—পাছলৈ তাত নানান তত্ত্ব যোগ দিলেও, সংবেদনশীল যন্ত্ৰপাতি ব্যৱহাৰ কৰিলেও—সিদ্ধান্তসমূহে গুৰুতৰ বিভ্রান্তি ক‌ঢ়িয়াই থকাৰ সম্ভাৱনা থাকি যায়। উপৰিউক্ত উদাহৰণটোৰ নিচিনাকৈ জিভাৰ হা‌ড় সন্ধান কৰাৰ দৰে ইমান তৰল কাৰ্য বোধকৰোঁ কোনেও নকৰে, সেইটো আছিল আলোচনাৰ সুবিধাৰ্থে নিৰ্মিত এটি উদাহৰণহে মাত্ৰ। হ’লেও, তাৰ পৰা নিশ্চয় স্পষ্ট হৈছে যে প্রাৰম্ভিক প্রকল্প বা হাইপ’থেচিছটোক গ‌ঢ় দিয়াৰ বেলিকা সতৰ্ক নহ’লে, তাত বিসংগতি থাকি গ’লে, পৰৱৰ্তী পৰ্যায়ত অধিক বিসংগতিৰ উদ্ভৱ হ’ব পাৰে। মাত্ৰ হাইপ’থেচিছৰ ক্ষেত্ৰতেই নহয়, যৌক্তিক অনুসন্ধানত প্ৰত্যেকটো পৰ্যায়েই অনিবাৰ্যভাৱে যুক্তিনিৰ্ভৰ হ’ব লাগিব। সতৰ্ক হৈ নাথাকিলে অনুসন্ধানৰ যি কোনো পৰ্যায়তেই ছদ্মযুক্তিয়ে অনুপ্ৰৱেশ কৰি সমগ্ৰ অনুসন্ধানটিক বিধ্বস্ত কৰি পেলাব। পৰৱৰ্তী পৰ্যায়সমূহত ওলাই পৰা আসোঁৱাহক যৌক্তিক বুলি প্ৰতিপন্ন কৰিবলৈ দিয়া “যুক্তি” প্ৰকৃততে ছদ্মযুক্তিহে। তেনে ছদ্মযুক্তিৰ বাবেই—সমগ্ৰ হাইপ’থেচিছটোক অযুক্তিকৰ বুলি বাতিল কৰাৰ পৰিৱৰ্তে—অধিক ভ্ৰমাত্মক ধাৰণাৰ সহায়ত কথাকাণ্ডবোৰক ব্যাখ্যা কৰাৰ চেষ্টা চলে। তেনে কৰাৰ ফলত গুৰুতৰ বিসংগতিৰে ভৰা সিদ্ধান্তৰ জন্ম হয়। জিভাৰ উদাহৰণটিত এই কথাটো নিশ্চয় স্পষ্টকৈ ওলাই পৰিছে।

নক’লেও হ’ব, ছদ্মযুক্তিৰ অনুপ্ৰৱেশ বৈজ্ঞানিক পদ্ধতিৰ পৰিপন্থী আৰু সি বিজ্ঞানৰ বিকাশক সাময়িকভাৱে হ’লেও মন্থৰ কৰি পেলায়। বিজ্ঞানৰ মাজলৈ ছদ্মযুক্তিৰ তেনে অনুপ্ৰৱেশ দুইধৰণে হ’ব পাৰে—প্ৰথম, অসৰ্তকতাৰ বাবে। কোৱা বাহুল্য, তেনে অসৰ্তকতাজনিত বিচ্যুতি তেনেই অনিচ্ছাকৃত। এই প্ৰসংগত আমি আলোচনাৰ প্ৰথমতেই দিয়া উদাহৰণটিলৈ মনত পেলাব পাৰোঁ। তাত গুৰুগৰাকীয়ে হয়তো নিজৰ অজানিতেই আত্মপ্ৰৱঞ্চনামূলক ছদ্মযুক্তিৰ আশ্ৰয় লৈছিল। এইখিনিতেই এটি স্বল্পালোচিত দিশৰ কথা উনুকিয়াই থৈ যাওঁ। সকলোৱে জানে, বিজ্ঞানে গুৰুবাদী পূৰ্বধাৰণাত আস্থা নাৰাখে। এইটো বিজ্ঞানৰ এটি মহৎ আৰু একক চৰিত্ৰ। কিন্তু কাৰ্যক্ষেত্ৰত বহুতো বিজ্ঞানীয়েই—সাময়িকভাৱে হ’লেও—নিজৰ পূৰ্বধাৰণাৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থকা দেখা নাযায়। বিজ্ঞানৰ নিৰ্মোহ-নৈৰ্ব্যক্তিক চৰিত্ৰৰ সৈতে কেতিয়াবা কোনো বিজ্ঞানীয়ে সাময়িকভাৱে তালমিল হেৰুৱাই পেলোৱাটো বিৰল ঘটনা নহয়। এই কথাটো আমি অতি প্ৰসিদ্ধ যুগন্ধৰ বিজ্ঞানীৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ। নিজৰ পূৰ্বৰ মত বা ধাৰণাৰ প্ৰতি থকা আস্থা, আনুগত্য আৰু বিশ্বাসে কোনো কোনো বিজ্ঞানীক পূৰ্বধাৰণাৰ জগতখনৰ পৰা ওলাই আহিবলৈ বাধা দিয়ে, ফলত ক’ব নোৱৰাকৈ হয়তো আলোচনা-বিলোচনাত ছদ্মযুক্তিয়ে অনুপ্ৰৱেশ কৰে। এনেধৰণৰ অনিচ্ছাকৃত বিচ্যুতি সাধাৰণতেই সাময়িক, কিয়নো বিজ্ঞানৰ জগতত নতুন তথ্য-তত্ত্ব-ব্যাখ্যাৰ আয়তন স্বাভাৱিকতেই দিনে দিনে বাঢ়ি আহে, আৰু তেনে পটভূমিত বিজ্ঞানীসকলৰ পূৰ্বৰ বিশ্বাস আৰু পূৰ্বধাৰণা সমূলঞ্চে আঁতৰি যায়।

বিজ্ঞানৰ মাজলৈ ছদ্মযুক্তিৰ অনুপ্ৰৱেশৰ দ্বিতীয় ধৰণটোৰ ৰেহৰূপ একেবাৰেই বেলেগ। এইক্ষেত্ৰত ছদ্মযুক্তিৰ অনুপ্ৰৱেশ ঘটোৱা হয় সুপৰিকল্পিতভাৱে, বিপুল পৰিসৰত। অৰ্থাৎ, বিজ্ঞানৰ গতি ব্যাহত কৰা ছদ্মযুক্তিৰ এই দ্বিতীয় ধৰণটি সম্পূৰ্ণ ইচ্ছাকৃত। এইটোৰ পৰাই জন্ম হয় ছদ্মবিজ্ঞানৰ।

ছদ্মবিজ্ঞাননো কি? এই প্ৰশ্নটোৰ উত্তৰ আমি পৰৱৰ্তী দফাসমূহত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।

(৩)

বিজ্ঞান শব্দটোৰ প্ৰতিমুখে অসমীয়া ভাষাত সততেই তিনিটা শব্দ ব্যৱহাৰ কৰা দেখা যায়—অবিজ্ঞান, অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান। সাধাৰণতেই চকুত পৰা আলোচনা-বিলোচনাসমূহত এই শব্দকেইটাৰ অৰ্থ সুসংজ্ঞায়িততো নহয়েই, বৰঞ্চ বৰ বিভ্ৰান্তিকৰ। আলোচনাৰ পৰৱৰ্তী অংশত আমি উক্ত তিনিওটা শব্দৰ অৰ্থ আৰু তৎজনিত তাৎপৰ্যৰ কথা চমুকৈ বুজিবলৈ চেষ্টা কৰিম। নিজৰ অজস্ৰ আৰু অনিবাৰ্য সীমাবদ্ধতা থকা সত্ত্বেও এই মৰসাহসটি কৰিবলৈ গৈছোঁ মূলতঃ দুটা কাৰণে। প্ৰথম, আলোচ্য প্ৰসংগত কথাটো জৰুৰী। দ্বিতীয়, আমি আশা কৰিছোঁ যে  অৰ্থ সংক্ৰান্তৰ এই প্ৰাৰম্ভিক কথাখিনিৰ ভুল-ভ্ৰান্তি বিদ্বৎ আৰু অভিজ্ঞ সুধীজনে শুধৰাই দিলে আমি সকলোৱে অধিক শুদ্ধকৈ কথাবোৰ চিন্তা কৰিবলৈ সমৰ্থ হ’ম।

প্ৰথমতেই কোৱা যাওক “অবিজ্ঞান” শব্দটোৰ কথা। সাধাৰণতে এনে মনোভাব পৰিলক্ষিত হয় যেন অবিজ্ঞান শব্দটোত এটা নেতিবাচক অৰ্থ অৱধাৰিতভাৱে সংলগ্ন হৈ আছে। এইক্ষেত্ৰত সুস্পষ্ট ধাৰণা এটা গ‌ঢ় দি নল’লে আলোচনা-বিলোচনাত আউল লগাৰ যথেষ্ট সম্ভাৱনা আছে। ওপৰৰ দফাটোত আমি বিজ্ঞানৰ অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰ কথা উনুকিয়াই আহিছিলোঁ। মন কৰিবলগীয়া কথা, বিজ্ঞানে তেনে গুণ বা চৰিত্ৰ অতীজৰে পৰা কঢ়িয়াই লৈ অহা নাই। কথাটো খোদ বিজ্ঞানৰ বিৱৰ্তন আৰু বিকাশৰ সৈতে সম্পৰ্কিত। কিন্তু তাৰ অৰ্থ এনে নহয় যে তেতিয়াৰ দিনত বিজ্ঞানৰ চৰ্চা আৰু বিকাশ হোৱা নাছিল। এসময়ত ভবা হৈছিল যে খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাৰ আগে-পিছে, গ্ৰীক্‌ সভ্যতাৰ উত্থানৰ সৈতে সংগতি ৰাখি মানুহৰ বিজ্ঞান চৰ্চাৰ অংকুৰোদ্গম হৈছিল। কিন্তু উক্ত ধাৰণা পৰৱৰ্তী সময়ৰ গৱেষণালব্ধ তথ্যই ভুল বুলি প্ৰমাণ কৰিলে। গ্ৰীক্‌সকলৰ সময়তকৈ দুহেজাৰৰো অধিক বছৰ আগত বিশ্বৰ বিভিন্ন স্থানত মানুহে যে অনেক যুগান্তকাৰী আৱিষ্কাৰ কৰিছিল, তাৰ দেখদেখ প্ৰত্নতাত্ত্বিক প্ৰমাণ পোৱা গ’ল। বিশ্বৰ বহুকেইটি নৈপৰীয়া অঞ্চলত—ইউফ্ৰেটিছ-টাইগ্ৰিছ, নীল, সিন্ধু আদিৰ অৱবাহিকাত উদ্ধাৰ কৰা হ’ল তেতিয়াৰ দিনৰ মানুহৰ বৈজ্ঞানিক তৎপৰতাৰ বিতৰ্কাতীত সাক্ষ্য-প্ৰমাণ। দেখা গ’ল যে প্ৰাচীন মেছ’পটেমিয়া, চীন, মায়া আদি সভ্যতাই বিজ্ঞানলৈ বহুতো অৱদান আগ বঢ়াইছিল। দিন-মাহ-ঋতু-বছৰ আদিৰে সময়ৰ নিখুঁত হিচাপ, সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ নিৰ্ভুল কাল নিৰূপন, গণিত, জ্যামিতি, ধাতুবিদ্যা আদিৰ অজস্ৰ উদাহৰণে উপৰিউক্ত দিশটো পৰিষ্কাৰ কৰিব। এইখিনি কথা অৱগত হোৱাৰ লগে লগে আমি কিন্তু অন্য এটা দিশলৈও সতৰ্কতাৰে লক্ষ্য কৰা যুগুত হ’ব। বহুদূৰ অতীতত বিজ্ঞানৰ চৰ্চা চলি আছিল ঠিকেই, বহুতো উদ্ভাৱন-আৱিষ্কাৰ যে হৈছিল, সেইটোও সঁচা—কিন্তু তেতিয়াৰ দিনত কোনো নিৰ্দিষ্ট বিশেষ জ্ঞানৰ শাখা হিচাপে বিজ্ঞানৰ অস্তিত্ব নাছিল। আমি আজি বিজ্ঞান বুলিলে যি বুজোঁ, সুদূৰ অতীতত মানৱ জ্ঞানৰ তেনে কোনো বিশেষ বিভাগ নাছিল। আধুনিক বিজ্ঞানৰ চৰিত্ৰকেইটিক সম্বল কৰি—বিশেষ শাখা হিচাপে—তেতিয়াৰ দিনত বিজ্ঞান চৰ্চাৰ আৰম্ভণি হোৱাই নাছিল। সেই কালত শক্তিশালী হৈ থকা, মানৱ জ্ঞানৰ অন্যান্য কিছুমান শাখাৰ অন্তৰ্ভুক্ত হৈহে বিজ্ঞানৰ চৰ্চা চলি আছিল। উদাহৰণ স্বৰূপে, আজি আচৰিত যেন লাগিলেও সঁচা, এসময়ত ধৰ্মতত্ত্বৰ বিস্তীৰ্ণ প্ৰাংগণৰ দাঁতিকাষৰীয়া চুকতো বিজ্ঞানৰ চৰ্চা চলিছিল। এই কথাটো ধৰ্মই বিজ্ঞানক উৎসাহিত-নিৰুৎসাহিত কৰাৰ প্ৰসংগটোৰ সৈতে সম্পৰ্কিত কৰিলে কিন্তু ভুল হ’ব। ঐতিহাসিক কাৰণতেই সেই সময়ত মানুহৰ জ্ঞান-মনীষা-চিন্তা-চৰ্চা বিশেষীকৰণৰ প্ৰকোষ্ঠত ভাগ ভাগ হৈ পৰা নাছিল বাবেই সেইটো সম্ভৱ হৈছিল। গতিকে তেতিয়াৰ বিজ্ঞানক আধুনিক বিজ্ঞানৰ সংজ্ঞাৰ সাপেক্ষে বিচাৰ কৰি চালে নিশ্চয় ভুল হ’ব।

ইতিহাসৰ পৰৱৰ্তী পৰ্যায়ত কথাটো কিন্তু একেবাৰেই বেলেগ হৈ পৰিল। ৰেনেছাঁৰ আগে-পিছে ইউৰোপত বিজ্ঞানে আধুনিক অৱয়ব ধাৰণ কৰিলে। বিজ্ঞান-চৰ্চাৰ নীতি, পন্থা আদি সুনিৰ্দিষ্ট হৈ পৰিল, অৱধাৰিতভাৱে বিজ্ঞানৰ বিকাশত অভাৱনীয় উলম্ফন ঘটিল। এই ঘটনাটোৰ সৈতে বিৰাট-বিশাল আৰ্থ-সামাজিক আলো‌ড়নৰ অংগাংগী সমন্ধ আছে। সি যিয়েই নহওক, আধুনিক বিজ্ঞান বুলিলে আমি যি বুজোঁ, ৰেনেছাঁৰ আগৰ যুগৰ “বিজ্ঞান”-ৰ সৈতে তাৰ চকুত পৰা প্ৰভেদ বিদ্যমান। আধুনিক বিজ্ঞানৰ এটি স্বকীয়-স্বাধীন স্বৰূপ বিদ্যমান, আধুনিক বিজ্ঞান চৰ্চাৰ সুনিৰ্দিষ্ট পদ্ধতি আছে, এতিয়াৰ বিজ্ঞানত জ্ঞান আৰু জ্ঞানৰ প্ৰয়োগৰ মননশীল বিশেষীকৰণ ঘটিছে—এইসমূহ পূৰ্বৰ “বিজ্ঞান”-ত নাছিল। ক্ৰমাৎ, বিজ্ঞান মানুহৰ জ্ঞানচৰ্চাৰ এটা সুকীয়া, বিশিষ্ট আৰু অতিশয় গুৰুত্বপূৰ্ণ শাখাতো হৈ পৰিলেই, বিজ্ঞানৰ নিজৰেই আভ্যন্তৰীণ অজস্ৰ অভিনৱ শাখা-প্ৰশাখাৰো উদ্ভৱ হ’ল। এই প্ৰক্ৰিয়া আজিও প্ৰৱহমান। ক্ৰমাৎ মানৱ সভ্যতাৰ অন্যতম প্ৰধান চালিকাশক্তিৰ অভিধা লাভ কৰিলে বিজ্ঞানে।

এতিয়া মানৱজাতিৰ বাবে বিজ্ঞান অপৰিহাৰ্য, বিজ্ঞান মানৱ সভ্যতাৰ নিৰ্ণায়ক চালিকা শক্তি—এই কথাটো ষোল অনাই সঁচা। কিন্তু মানৱ জ্ঞানৰ অন্যান্য—বিজ্ঞান বৰ্হিভূত—শাখাৰ গুৰুত্ব আৰু তাৎপৰ্য জানো শূন্য হৈ পৰিছে? বিজ্ঞানৰ প্ৰকোষ্ঠৰ বাহিৰত থকা তেনে চিন্তা-চেতনা-কৰ্মকাণ্ডৰ বিকাশ জানো বন্ধ হ’ল? নন্দনতত্ত্ব-সাহিত্য-সংগীত-শিল্পকলা আদিওতো মানৱ সভ্যতাৰ একো একোটা অতি প্ৰয়োজনীয় উপাদান। সঁচা কথা, বৈজ্ঞানিক অনুসন্ধানে তেনে বিষয়কো পৰীক্ষা-পৰ্যবেক্ষণৰ মাজলৈ লৈ আনিব পাৰে। লগতে, তেনে বিষয়সমূহৰ আভ্যন্তৰীণ চৰ্চাতো ব্যাপকভাৱে প্ৰয়োগ হ’ব পাৰে বিজ্ঞানসন্মত পদ্ধতিৰ। কিন্তু আমি পাহৰি গ’লে নহ’ব, তেনে বিষয়সমূহৰ মূল স্বকীয় স্বৰূপটো বিজ্ঞান বৰ্হিভূত। উদাহৰণ এটালৈ লক্ষ্য কৰা যাওক। মানুহৰ মগজুত সংগীতৰ শব্দ তৰংগৰ অভিঘাতৰ বৈজ্ঞানিক পৰ্যবেক্ষণ-পৰীক্ষা আদি সম্পন্ন কৰা যায়, কিন্তু গীত-সংগীত হিচাপে মূল প্ৰপঞ্চটো বিজ্ঞানৰ ভিতৰৰ বস্তু নহয়।

বিজ্ঞান বৰ্হিভূত তেনে মানৱীয় চিন্তা-চেতনা-কৰ্মকাণ্ডবোৰক আমি “অবিজ্ঞান” বুলি অভিহিত কৰিব পাৰোঁ। চিধাকৈ, খাৰাংখাছ ভাষাৰে ক’বলৈ গ’লে—যি বিজ্ঞান নহয়, সিয়েই অবিজ্ঞান। ভুলৰ উদ্ভৱ নহ’বলৈ পুনৰ উনুকিয়াইছোঁ, এইটো অৰ্থত অবিজ্ঞানে প্ৰত্যেক ক্ষেত্ৰতে নেতিবাচক দিশলৈ নিৰ্দেশ নকৰে। অলপ আগতে উল্লেখ কৰি অহা মানৱ-জ্ঞানৰ ধাৰাবোৰক জানো কোনোবাই নেতিবাচক বুলি ক’ব? হ’লেও, “বিজ্ঞান” শব্দটোৰ আগত “অ” আখৰটো সংযোগ কৰি জন্ম দিয়া “অবিজ্ঞান” শব্দটোত নেচিবাচক ধাৰণাৰ ছাঁয়া এটা লাগি থাকে। এই কথাটোকো আমি ঐতিহাসিক পটভূমিৰ পৰা বিচ্ছিন্নকৈ চাব নোৱাৰোঁ। আধুনিক সভ্যতা বিজ্ঞাননিৰ্ভৰ, অতীতত কিন্তু তেনে নাছিল। বিজ্ঞানক আজিৰ যুগত সভ্যতাৰ কেন্দ্ৰীয় স্থানত থৈ, অন্যান্য সকলো বিষয়ক বিজ্ঞানৰ সাপেক্ষেহে সেইবোৰৰ অৱস্থান স্থিৰ কৰি দিয়া হয়। যিহেতু এই পটভূমিত বিজ্ঞানেই মূল—গতিকে বাকীবোৰক বিজ্ঞানৰ সাপেক্ষে এটা নাম দিয়া যায়—“অবিজ্ঞান”। “অ” আখৰটোৰ বাবে নামটোত যে নেতিবাচক গোন্ধ সোমাই পৰিছে, সেইটো কৈ অহা হৈছে। কিন্তু লগতে উল্লেখ কৰা হৈছে যে অবিজ্ঞানৰ ভিতৰত পৰা বিষয়সমূহৰ স্বৰূপ সদায় যে নেতিবাচকেই হ’ব, তেনে নহয়। মানুহৰ বাবে, মানৱ সভ্যতাৰ বাবে অপৰিহাৰ্য অনেক দিশ এই অবিজ্ঞানৰ মাজত সোমাই আছে। লগতে আমি মন কৰিব লাগিব, উক্ত বিষয়সমূহৰ সৈতে বিজ্ঞানৰ সমন্ধটো মুঠেও বৈৰীমূলক নহয়। কিন্তু উপৰিউক্ত কথাটোৰ লগতে আমি আৰু এটা দিশলৈ লক্ষ্য ৰাখিব লাগিব। অবিজ্ঞানৰ ভিতৰত এনে কিছুমান বিষয়ও সোমাই আছে, যিসমূহৰ সৈতে বিজ্ঞানৰ সম্পৰ্ক একেবাৰেই বিৰোধিতাপূৰ্ণ, সেইসমূহ প্ৰকৃত অৰ্থতেই নেতিবাচক, অপকাৰী আৰু পৰিত্যাজ্য। অন্ধবিশ্বাস, প্ৰতিষ্ঠানিক ধৰ্ম আদি তাৰ উৎকৃষ্ট উদাহৰণ। গতিকে বিষয় এটা ইতিবাচক নে নেতিবাচক, এই প্ৰশ্নটোৰ সৈতে বিষয়টো বিজ্ঞান নে অবিজ্ঞান—এই কথাটোৰ কোনো সমন্ধই নাই। সহজ কথাত, অবিজ্ঞানৰ অৰ্থ যি বিজ্ঞান নহয়,—তাৰ মাজত ভাল আৰু বেয়া, দুয়োবিধেই থকাটো সম্ভৱ। “অবিজ্ঞান” শব্দটো তেনেকুৱা অৰ্থত অসমীয়া বা বাংলা ভাষাত ব্যৱহাৰ কৰা এতিয়ালৈকে আমাৰ চকুত পৰা নাই। ইংৰাজীত কিন্তু Non-science বুলি শব্দ এটা তেনে অৰ্থত কেতিয়াবা ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়।

(৪)

অবিজ্ঞানৰ অন্তৰ্ভুক্ত এটি ক্ষতিকাৰক, প্ৰগতিৰ পৰিপন্থী আৰু বিজ্ঞানবিৰোধী বস্তু হৈছে ছদ্মবিজ্ঞান (Pseudoscience)। অসমীয়া ভাষাত ইংৰাজী Pseudoscience শব্দটোৰ প্ৰতিশব্দ হিচাপে যথেচ্ছভাৱে ব্যৱহাৰ কৰি থকা হৈছে দুটা শব্দ—অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান। বাংলা ভাষাতো কথাটো একেই—অসমীয়াত কৰাৰ দৰেই অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান শব্দ দুটি তাতো সমাৰ্থক হিচাপেহে ব্যৱহাৰ কৰা হৈ আছে। আমাৰ বোধেৰে কিন্তু—খেলিমেলি আঁতৰাবলৈ—অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান শব্দ দুটাৰ মাজত এটা পাৰ্থক্য নিৰ্দিষ্ট কৰি দিয়া উচিত। আলোচনাৰ এই অংশত অপবিজ্ঞানৰ সন্দৰ্ভত দুটিমান কথা মাত্ৰ উনুকিয়াই থৈ, পৰৱৰ্তী শেষৰ দফাটিত ছদ্মবিজ্ঞানৰ প্ৰসংগলৈ আহিম।

অপবিজ্ঞান যে এবিধ অবিজ্ঞান, সেইটো ইতিমধ্যেই উল্লেখ কৰা হৈছে। বিজ্ঞানৰ সৈতে অপবিজ্ঞানৰ যে বিৰোধ আছে, সেইটো কথাও কৈ অহা হৈছে। স্পষ্টতঃ বিজ্ঞান শব্দটোৰ সৈতে  “অপ” অংশটি যোগ কৰি পৰিষ্কাৰ কৰি দিয়া হৈছে—ই মাত্ৰ অবিজ্ঞানেই নহয়, ইয়াৰ স্বৰূপ বিতৰ্কাতীতভাৱে ক্ষতিকাৰক, অপবিজ্ঞান এক বিশেষধৰণৰ অনিষ্টকৰ অবিজ্ঞান। এই কথাখিনিয়ে অপবিজ্ঞানৰ যে বিজ্ঞানবৈৰী হানিকাৰক স্বৰূপ আছে—সেইটোৰ ইংগিত দিলেও, সামগ্ৰিকভাৱে কথাটো বুজিবলৈ সামান্য বৰ্ণনা-ব্যাখ্যাৰ প্ৰয়োজন আছে।

অপবিজ্ঞানক আমি এনেকুৱা এটা কাণ্ড বুলি ধৰিব লাগিব য’ত বৈজ্ঞানিক পদ্ধতিটোক খণ্ডিত আৰু বিপৰ্যস্ত ৰূপত ব্যৱহাৰ কৰা হয়। বিজ্ঞানৰ তত্ত্ব কিছুমান খণ্ডিত বা ভ্ৰান্তকৈ গ্ৰহণ কৰি, সেইবোৰ তেনেকৈয়ে প্ৰয়োগ কৰাৰ প্ৰয়াস কৰা হয়। কোনো ক্ষেত্ৰত হয়তো পৰ্যবেক্ষণ-পৰীক্ষা-নিৰীক্ষা আদিও চলোৱা হয়—তাৰ ভিত্তিত সিদ্ধান্তও গ্ৰহণ কৰা হয়—কিন্তু সেইসমূহ কৰোঁতে ভ্ৰমাত্মক আৰু বিকৃত ৰূপত বৈজ্ঞানিক পদ্ধতি-পন্থাৰ প্ৰয়োগ কৰা হয়। সহজ কথা, যেতিয়াই বৈজ্ঞানিক অনুসন্ধানৰ ঢাপবোৰ বিপৰ্যস্ত হৈ পৰে, তেতিয়া আৰু সেইবোৰ বিজ্ঞান হৈ নাথাকে, গোটেই কাৰবাৰটো অবিজ্ঞানৰ পৰিসীমাৰ ভিতৰলৈ সোমাই আহে। অবিজ্ঞানৰ মৰ্মাৰ্থ আমি আগতেই আলোচনা কৰি আহিছিলোঁ। আমি দেখিছিলোঁ যে অবিজ্ঞান বুলিলেই নেতিবাচক কিম্বা ক্ষতিকাৰক নহয়। কিন্তু অপবিজ্ঞান কোনো সাধাৰণ অবিজ্ঞান নহয়, ই এবিধ বিশেষধৰণৰ অবিজ্ঞান, য’ত বিজ্ঞানৰ প্ৰমেয়সমূহক অনুচিতভাৱে ব্যৱহাৰ কৰা হয়। এইটো কথাক অপবিজ্ঞান আৰু অন্য অবিজ্ঞানৰ মাজৰ সামগ্ৰিক পাৰ্থক্য হিচাপে চিহ্নিত কৰা যায়। লগতে, অপবিজ্ঞানৰ স্বৰূপ কাৰ্যত অতিশয় অনিষ্টকৰ, যিটো সকলো অবিজ্ঞানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অবিজ্ঞান আৰু অপবিজ্ঞানৰ মাজৰ এইটোও এটা তাৎপৰ্যপূৰ্ণ প্ৰভেদ। আৰু এটা দৰকাৰী আৰু প্ৰাসংগিক কথা, অন্যান্য ক্ষতিকাৰক অবিজ্ঞানৰ সৈতেও অপবিজ্ঞানৰ পাৰ্থক্য আছে। অন্ধবিশ্বাস, প্ৰাতিষ্ঠানিক ধৰ্ম আদি হৈছে একো একোটা নেতিবাচক অবিজ্ঞান। তেনে ক্ষতিকাৰক অবিজ্ঞানৰ বেলিকা—অপবিজ্ঞানত কৰাৰ দৰে—বিজ্ঞানৰ (অপ)প্ৰয়োগ কৰা দেখা নাযায়। উদাহৰণ এটাই কথাটো অধিক স্পষ্ট কৰিব। বৰষুণৰ বতৰত ভেকুলীয়ে টোৰটোৰায়। এই কথাটোত বৰষুণ হৈছে কাৰক, টোৰটোৰোৱাটো হৈছে কাৰ্য। অন্ধবিশ্বাসৰ ক্ষেত্ৰত এই কাৰ্য-কাৰণ সমন্ধটো ওলটা হৈ পৰে;  কোৱা হয় যে ভেকুলীয়ে টোৰটোৰালেহে বৰষুণ হয়। এইটো এটা দেখ্‌দেখ্‌ কথা, গতিকে “ডাৱৰৰ ওপৰত ভেকুলীৰ মাতৰ প্ৰভাৱ” সংক্ৰান্তৰ কোনো হাইপ’থেচিছ বা প্ৰকল্প গঢ় দিলে তাত কোনো যৌক্তিক ভিক্তিয়েই নাথাকিব। তেনে ভ্ৰান্ত প্ৰকল্পক ভেটি হিচাপে লৈ কিবা “বৈজ্ঞানিক” পৰীক্ষা-নিৰীক্ষা কৰিলেও, অতি সংবেদী যন্ত্ৰপাতি তাত ব্যৱহাৰ কৰিলেও, সেইসমূহ হৈ পৰিব প্ৰমাদগ্ৰস্ত। কিয়নো গোটেই কাণ্ডটোৰ আৰম্ভণিতেই আছে অযৌক্তিক বুনিয়াদৰ হাইপ’থেচিছ এটা, যাৰ ফলত অৱধাৰিতভাৱে বৈজ্ঞানিক পদ্ধতিটো বিপৰ্যস্ত হৈ পৰিব। প্ৰসংগত আমি আলোচনাৰ আৰম্ভণিতেই দিয়া জিভাৰ হা‌ড়ৰ উদাহৰণটিলৈ মনত পেলাব পাৰোঁ। বৈজ্ঞানিক পদ্ধতিটো উলংঘা কৰাৰ লগে লগে গোটেই কথাটোৱেই বিজ্ঞানৰ পৰা অবিজ্ঞানলৈ, অধিক নিৰ্দিষ্টকৈ—অপবিজ্ঞানলৈ অৱনমিত হৈ পৰিল।

অপবিজ্ঞানৰ ক্ষেত্ৰত এইদৰে বিজ্ঞান আৰু অবিজ্ঞানৰ মাজৰ সীমাৰেখা অতিক্ৰম কৰাত নিৰ্ণায়ক ভূমিকা লয় বিপৰ্যস্ত ৰূপত ব্যৱহাৰ কৰা বৈজ্ঞানিক তত্ত্ব-পৰীক্ষা-পৰ্যবেক্ষণে। বিজ্ঞানৰ অপপ্ৰয়োগৰ ফলতেই জন্ম লয় অপবিজ্ঞানে। তেনে ক্ষেত্ৰত বৈজ্ঞানিক তত্ত্ব-পদ্ধতি-পন্থাৰ খণ্ডিত বা ভ্ৰান্ত প্ৰয়োগ ইচ্ছাকৃত নে স্বতঃস্ফূৰ্ত—সেইটো এক কথাত সাৰ্বজনীনভাৱে কৈ দিয়াটো সম্ভৱ নহয়। এই প্ৰসংগত দুটা চিত্তাকৰ্ষক দিশ চকুত পৰে। তেনে দিশ দুটাৰ বিষয়ে তেনেই চমুকৈ—তলৰ (ক) আৰু (খ) দফাত সামান্য অলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।

(ক)

প্ৰথম দিশটো এনেকুৱা—কেতিয়াবা মানুহৰ দৰ্শনগত স্থিতিৰ অনুকুলে থকা, অথচ অশুদ্ধ আৰু পৰিত্যাজ্য কোনো বৈজ্ঞানিক তত্ত্বক শুদ্ধতাৰ মৰ্যদা প্ৰদান কৰি তাক গ্ৰহণ কৰা হয়। আমি ওপৰত আলোচনা কৰি আহিছিলোঁ যে বিজ্ঞানৰ আভ্যন্তৰীণ জগতখনত ভ্ৰান্ত বুলি প্ৰতিপন্ন হোৱা ধ্যানধাৰণাক বৰ্জন কৰা হয় অতি তৎপৰতাৰে। কিন্তু কেতিয়াবা তেনে বৰ্জিত ধ্যান-ধাৰণাবোৰো কোনো মানৱ-শ্ৰেণীৰ আদৰ্শগত স্থিতিৰ সৈতে সংগতিপূৰ্ণ হৈ পৰে। এই কথাটোৰ সৈতে স্বয়ং বিজ্ঞানৰ কোনো লেনাদেনা নাথাকিলেও, সেই বৰ্জিত ধ্যান-ধাৰণাবোৰৰ ভিত্তিত “বৈজ্ঞানিক” কামকাজ চলাই নিয়াৰ প্ৰয়াস কৰা হয়। তাৰ ফলত অৱধাৰিতভাৱে জন্ম হয় অপবিজ্ঞানৰ। এইটোৰ এটা চমৎকাৰ উদাহৰণ হৈছে লাইছেংকোইজম (Lysenkoism)।

ঊনবিংশ শতিকাত বংশগত বৈশিষ্ট্যবোৰ কিদৰে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ যায়, সেইটোৰ অনুসন্ধান চলি আছিল। তেতিয়াই লেমাৰ্ক (Jean Baptiste Lamarck) নামৰ ফ্ৰান্সৰ বিজ্ঞানী এজনে মত দিছিল যে পৰিৱেশৰ সৈতে সংগতি ৰাখি প্ৰাণীয়ে কিছুমান গুণ বা চৰিত্ৰ অৰ্জন কৰে, আৰু তেনে আৰ্জিত চৰিত্ৰ পৰৱৰ্তী প্ৰজন্মলৈ বংশগতিৰ মাজেৰে প্ৰৱাহিত হয়। এই প্ৰসংগত লেমাৰ্কৰ জিৰাফৰ উদাহৰণটো অতি প্ৰসিদ্ধ। লেমাৰ্কৰ মতে, ওখ গছৰ পৰা পাত খাওঁতে খাওঁতে কিছুমান জিৰাফৰ ডিঙি দীঘল হৈ পৰিছিল। তেনে দীঘল ডিঙি হৈছে জিৰাফ এটাই জীৱন কালত অৰ্জন কৰা গুণ। লেমাৰ্কৰ মতে তেনে আৰ্জিত গুণ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বাগৰি যায়, গতিকে এসময়ত সকলো জিৰাফৰেই ডিঙিবোৰ দীঘল হৈ পৰিল। তেতিয়ালৈকে জীনৰ কথা ওলোৱাই নাছিল, লেমাৰ্কৰ মত আছিল পৰিৱেশেই হৈছে বংশগতিৰ মূল কাৰক। আজি আমি জানো যে লেমাৰ্কৰ এই তত্ত্ব আছিল ভ্ৰান্ত। নক’লেও হ’ব, ঐতিহাসিক সীমাবদ্ধতাৰ বাবেই তেনে ভ্ৰান্ত তত্ত্বৰ জন্ম হৈছিল, আৰু তাৰবাবে লেমাৰ্কক দোষাৰোপ কৰিব নোৱাৰি। পাছলৈ গ্ৰেগৰ মেণ্ডেলৰ বংশগতিৰ তত্ত্বই সমস্যাটোৰ সমাধান কৰিলে। বিজ্ঞানত লেমাৰ্কৰ তত্ত্বটোক বৰ্জন কৰা হ’ল। এইখিনি বিজ্ঞানৰ জগতৰ আভ্যন্তৰীণ স্বাভাৱিক কথা।

পৰৱৰ্তী কালৰ ছোৱিয়েট য়ুনিয়নত লেমাৰ্কৰ সেই বৰ্জিত তত্ত্বটো কিন্তু বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্ৰখনৰ পৰা বাহিৰলৈ ওলাই আহিল। লেমাৰ্কে বাহ্যিক পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়া কথাটো তদানীন্তন ছোৱিয়েট শাসকগোষ্ঠীৰ আদৰ্শগত ধ্যান-ধাৰণাৰ সৈতে মিলি পৰিল। মন কৰিবলগীয়া কথা, এই ক্ষেত্ৰত ছোৱিয়েট য়ুনিয়নৰ শাসকগোষ্ঠী মাৰ্ক্সবাদৰ পৰা বিচ্যুৎ হৈছিল, নে সেইটো মাৰ্ক্সবাদৰহে মৌলিক ভ্ৰান্তি আছিল—এইটো কথা বৰ্তমানৰ আলোচনাত প্ৰাসংগিক নহ’ব। সি যিয়েই নহওক, ঐতিহাসিক সত্যটো হ’ল যে লাইছেংকো (Trofim Denisovich Lysenko) নামৰ ব্যক্তিগৰাকীৰ নেতৃত্বত ডাৰউইনৰ তত্ত্বৰ সৈতে লেমাৰ্কৰ ভুল ধাৰণা মিহলাই এটা অদ্ভুত বস্তুৰ জন্ম দিয়া হ’ল। নক’লেও হ’ব, লাইছেংকোইজম হ’ল গৈ এক বিশুদ্ধ অপবিজ্ঞান। এই অপবিজ্ঞানৰ বিৰোধিতা কৰা মহান বিজ্ঞানী ভিভিলভক (Nikolai Ivanovich Vavilov) বিজ্ঞানজগতৰ পৰা বাহিৰ কৰি দিয়াতো হ’লেই, তেওঁক কাৰগাৰলৈ নিক্ষেপ কৰা হ’ল। লাইছেংকোৰ তত্ত্ব কৃষিক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ গৈ ছোৱিয়েট য়ুনিয়নৰ অৱস্থা কাহিল হৈ পৰিল। বলছেভিক বিপ্লৱৰ পাছত ছোৱিয়েট য়ুনিয়নত বিজ্ঞানৰ বিকাশ আছিল বিস্ময়কৰ। কিন্তু পৰিহাসৰ কথা, কিছুদিনৰ পাছতেই লাইছেংকোৰ অপবিজ্ঞানে ছোৱিয়েট য়ুনিয়নত জীৱবিজ্ঞানৰ বিকাশ স্তব্ধ কৰি দিছিল।

(খ)

এইটো দফাত চমুকৈ দ্বিতীয় দিশটোৰ কথা আলচ কৰা যাওক। কেতিয়াবা শুদ্ধ আৰু প্ৰতিষ্ঠিত বৈজ্ঞানিক তত্ত্বক কোনো আদৰ্শগত স্থিতিৰ অনুকুলে যথেচ্ছভাৱে, ভুল ব্যাখ্যাৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাৰ ফলত জন্ম হয় অপবিজ্ঞানৰ। এইটোৰ সৈতে ইতিমধ্যেই আলোচিত প্ৰথমটো দিশৰ পাৰ্থক্য আছে। দ্বিতীয় দিশটোৰ এটি ভাল উদাহৰণ হৈছে সামাজিক ডাৰউইনবাদ। ডাৰউইন জীয়াই থাকোঁতেই সামাজিক ডাৰউইনবাদৰ (Social Darwinism) জন্ম হৈছিল। কিন্তু আমি প্ৰথমতেই পৰিষ্কাৰ কৰি দিয়া ভাল যে ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ আৰু সামাজিক ডাৰউইনবাদ একেতো নহয়েই, দুয়োটাৰে মাজত বিৰাট পাৰ্থক্য বিৰাজমান। ডাৰউইনৰ আৱিষ্কাৰ আছিল বৈপ্লৱিক আৰু যুগান্তকাৰী। যুগ যুগ ধৰি বৰ্তি থকা মানুহৰ কিছুমান ভ্ৰান্ত আৰু বদ্ধমূল ধাৰণাত ডাৰউইনৰ তত্ত্বই মাধমাৰ সোধাইছিল। বিজ্ঞানৰ পৰিসৰ পাৰ হৈ তেওঁৰ তত্ত্বই বহুতো দিশত পেলাইছিল সুগভীৰ ইতিবাচক প্ৰভাৱ। কিন্তু ডাৰউইনৰ তত্ত্বৰ ভ্ৰান্ত ব্যাখ্যা কৰি এচাম মানুহে তাক সামাজিক ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰিছিল। তেনেদৰেই সামাজিক ডাৰউইনবাদ নামৰ অপবিজ্ঞানৰ আৰম্ভণি হৈছিল। সামাজিক ডাৰউইনবাদৰ বিশদ আলোচনা এই নিবন্ধত অপ্ৰাসংগিক। ইয়াত মাত্ৰ আমি সামাজিক ডাৰউইনবাদ কিয় অপবিজ্ঞান, সেইটো দিশতহে মাত্ৰ কিছু কথা উনুকিয়াই যাম।

সকলোৱে জানে, ডাৰউইনৰ তত্ত্বৰ অন্যতম কেন্দ্ৰীয় বিষয় হৈছে প্ৰাকৃতিক নিৰ্বাচন। প্ৰাকৃতিক নিৰ্বাচন চৌপাশৰ জীৱজগতত চলি থকা এটা নিৰন্তৰ বাস্তৱ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোৰ সৈতে প্ৰজাতি এটাৰ জীৱন সংগ্ৰামৰ কথাটো সম্পৰ্কিত হৈ থাকে। The Origin of Species গ্ৰন্থত ডাৰউইনে দেখুৱাইছিল যে জীৱন-সংগ্ৰামত জয়ী হোৱা প্রাণীসমূহহে পৃথিৱীত বর্তি থাকে। পাছলৈ The Descent of Man  গ্রন্থত ডাৰউইনে আৰু এটা কথা পৰিষ্কাৰ কৰি দিছিল— জীৱন-সংগ্ৰামত জীৱসমূহৰ মাজত প্ৰতিযোগিতাৰ লগে লগে সহযোগিতাও চলি থাকে, জীয়াই থাকিবলৈ সহযোগিতা অপৰিহাৰ্য। কিন্তু এচাম মানুহে (যেনে, হাবাৰ্ট স্পেনছাৰ) ডাৰউইনৰ মূল তত্ত্বটোৰ ভুল ব্যাখ্যাৰে তাক সামাজিক পৰিমণ্ডলত ব্যৱহাৰ কৰিবলৈ মত প্ৰকাশ কৰিবলৈ ধৰিলে। তেওঁলোকে ঘোষণা কৰিলে, মানৱ সমাজত যি যোগ্য, সিহে বৰ্তি থাকিব—বলবানে দুৰ্বলীৰ ওপৰত, ধনীয়ে দুখীয়াৰ ওপৰত দমন চলোৱাটো স্বাভাবিক কথা। সামাজিক ডাৰউইনবাদৰ প্ৰবক্তাসকলে জীৱন-সংগ্ৰামৰ বিষয়ে অবিৰত প্ৰচাৰ কৰি গ’ল, সহযোগিতাৰ কথা অনুচ্ছাৰিত হৈ থাকিল। সামাজিক ডাৰউইনবাদৰ দোহাই দি শ্বেতচৰ্মৰ উদ্যোগপতিয়ে কৃষ্ণাংগসকলক কৰা শোষণ-অত্যাচাৰক ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা চলোৱা হ’ল। তাৰ বাবে মূল ডাৰউইনৰ তত্ত্বটোক বিকৃত কৰি কোৱা হৈছিল, কৃষ্ণাংগসকল যিহেতু জীৱন-সংগ্ৰামত তিষ্ঠি থাকিবলৈ অনুপযুক্ত—সেইসকল যিহেতু নিশ্চিহ্ন হৈ যাবই পৃথিৱীৰ পৰা—, সেইবাবে দাস হিচাপে তেওঁলোকক জীয়াই থাকিবলৈ সুযোগ দিয়াটো হ’ল মানৱীয় স্নেহৰহে নমুনা! তেওঁলোকৰ মতে যিহেতু প্ৰকৃতিত এইবোৰ আছেই, গতিকে মানুহৰ সমাজতো তাৰ প্ৰয়োগৰ যুক্তিযুক্ততা আছে। নক’লেও হ’ব, ইয়াত ডাৰউইনৰ মূল তত্ত্বক বিকৃত কৰি এচাম মানুহে নিজৰ শ্ৰেণীগত-গোষ্ঠীগত স্বাৰ্থত তাক প্ৰয়োগ কৰিবলৈ চেষ্টা চলাইছিল। তেনে বিকৃতিৰ ফলতেই সামাজিক ডাৰউইনবাদ নামৰ অপবিজ্ঞানৰ জন্ম হৈছিল।

এটা সময়ত সামাজিক ডাৰউইনবাদ বেছ শক্তিশালী হৈ পৰিছিল। ঔপনিবেশিক আগ্ৰাসন, বৰ্ণবাদী সংকীৰ্ণতা, ফেচিবাদী জিঘাংসা আদিৰ সৈতে এইবিধ অপবিজ্ঞান অতি সংগতিপূৰ্ণ আছিল। স্বাভাবিকতেই হিটলাৰৰ আমোলত সামাজিক ডাৰউইনবাদে নাৎসীবাদৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। সামাজিক ডাৰউইনবাদৰ হাত ধৰিয়েই এসময়ত ইউজেনিক্স নামৰ এবিধ ভয়ংকৰ অপবিজ্ঞানৰ উদ্ভৱ হৈছিল। জীনবিদ্যাৰ প্ৰয়োগ কৰি কোনো জনগোষ্ঠীক উন্নত কৰাৰ তত্ত্বকেই আমি সাধাৰণভাৱে ইউজেনিক্স বুলি ক’ব পাৰোঁ। ইয়াৰ মাজেদি নিজকে “শ্ৰেষ্ঠ” বুলি ধাৰণা কৰা জনগোষ্ঠীৰ প্ৰজনন উৎসাহিত কৰা, আৰু বিপৰীত পক্ষে “নিকৃষ্ট” লোকৰ বংশবিস্তাৰত বাধা আৰোপ কৰাটোক যৌক্তিক বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলোৱা হৈছিল। অৱশ্যে, ইউজেনিক্সৰ সৈতে ডাৰউইনৰ ধ্ৰুপদী তত্ত্বতকৈ জীনবিদ্যাৰ সম্পৰ্কহে অধিক নিবি‌ড়। সি যিয়েই নহওক, আলোচনাৰ এই অংশৰ পৰা নিশ্চয় স্পষ্ট হৈছে, বৈজ্ঞানিক তত্ত্বৰ ভুল ব্যাখ্যা কৰি, কোনো আদৰ্শগত স্থিতিৰ সপক্ষে তাক প্ৰয়োগ কৰিবলৈ গ’লে সামাজিক ডাৰউইনবাদৰ দৰে অনিষ্টকৰ অপবিজ্ঞানৰ জন্ম হয়। প্ৰসংগত, আমি সতৰ্ক হৈ থকা ভাল, সামাজিক ডাৰউইনবাদ, ইউজেনিক্স আদিৰ ধ্যান-ধাৰণা আজিও লুপ্ত হৈ যোৱা নাই, উপযুক্ত পৰিৱেশ পালে এইবোৰে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিব। সাম্প্ৰতিক ভাৰতবৰ্ষৰ বৰ্ণবাদী শক্তিৰ বিৰাট উত্থানৰ কথাটোলৈ আমি এই প্ৰসংগত লক্ষ্য ৰখা যুগুত।

(৫)
(ক)

আলোচনাৰ এঠাইত উল্লেখ কৰা হৈছিল যে অসমীয়া ভাষাত ইংৰাজী Pseudoscience শব্দটোৰ দুটা প্ৰতিশব্দ সঘনাই ব্যৱহাৰ হোৱা দেখা যায়—অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান। সমাৰ্থক হিচাপে ব্যৱহৃত এই দুটাৰ মাজত পাৰ্থক্য নিৰূপন কৰাটো প্ৰয়োজনীয় বুলি ধাৰণা কৰি, ওপৰত আমি অপবিজ্ঞানৰ সন্দৰ্ভত দুটিমান কথা আলচ কৰি আহিলোঁ। তেনে পাৰ্থক্য নিৰূপনৰ ক্ষেত্ৰত আমি দুটা কথা প্ৰথমতেই উল্লেখ কৰি থ’লে ভাল হ’ব। প্ৰথম কথাটো হৈছে, বিজ্ঞান আৰু ছদ্মবিজ্ঞানৰ (Pseudoscience) মাজৰ পাৰ্থক্যৰ প্ৰসংগত, বিষয়টোৰ অতি সম্প্ৰসাৰিত দিশত, দাৰ্শনিক পৰ্যায়ত বহুতো পুংখানুপুংখ উচ্চ স্তৰৰ আলোচনা-বিলোচনা হৈছে। উদাহৰণ স্বৰূপে মাৰ্ক্সবাদ বিৰোধী প্ৰভাৱশালী চিন্তাবিদ কাৰ্ল পপাৰে বিশেষ কিছুমান সূচকৰ ওপৰত ভিত্তি কৰি বিশিষ্ট দৰ্শনটিকো ছদ্মবিজ্ঞান বুলি অভিহিত কৰিছে, পপাৰৰ তেনে ধাৰণা স্বাভাৱিকতেই তীব্ৰ বিৰোধৰো সন্মুখীন হৈছে। আমাৰ এই আলোচনাই তেনে বিস্তৃত দিশ সাঙুৰি লোৱা নাই। মাত্ৰ সীমিত পৰিসৰত—বিজ্ঞানৰ প্ৰতিমুখী প্ৰপঞ্চ হিচাপেহে—আমি কথাটো আলচ কৰিছোঁ। দ্বিতীয়টো কথা হৈছে, অপবিজ্ঞান আৰু ছদ্মবিজ্ঞানৰ মাজৰ সীমাৰেখা বহু সময়ত একেবাৰেই স্পষ্ট নহয়, প্ৰায়েই দুবিধৰ সীমাৰ উপৰ্যুপৰি সমাৰোপন ঘটে। এই দুটি কথা গুৰুত্ত্বসহকাৰে উল্লেখ কৰি আলোচনাৰ এই শেষৰ দফাত আমি ছদ্মবিজ্ঞানৰ সমন্ধে দুটিমান কথা উল্লেখ কৰিম।

প্ৰথমতেই কিন্তু প্ৰশ্ন উঠিব, বিজ্ঞানতো বিজ্ঞানেই! তাত যদি ছদ্ম শব্দটো সংলগ্ন কৰা হয়, সেইটো জানো বিজ্ঞান হৈ থাকিব? নিশ্চয় নাথাকে, কথাটো অপবিজ্ঞানৰ দৰেই। ছদ্মবিজ্ঞান হৈছে এবিধ অবিজ্ঞান, এবিধ অনিষ্টকৰ অবিজ্ঞান। কিন্তু কথাটো হ’ল, ছদ্মবিজ্ঞান বুলিলে আমি কি বুজিম? আনন্দৰাম বৰুৱাই প্ৰণয়ন কৰা English-Sanskrit Dictionary-ত (১৯৮১-ৰ সংস্কৰণ) ইংৰাজী Pseudo শব্দটোৰ অৰ্থ মিথ্যা আৰু কৃত্ৰিম বুলি প্ৰদান কৰিছে। The Oxford English Dictionary-ৰ বিয়াগোম পুথিভঁড়াল সংস্কৰণৰ অষ্টম খণ্ডটিত প্ৰায় চাৰে-পাঁচ পৃষ্ঠাত বিভিন্ন শব্দৰ সৈতে Pseudo অংশটো সংলগ্ন কৰি সেইসমূহৰ অৰ্থালোচনা আগ বঢ়ালেও তাত Pseudoscience শব্দটো নাই (১৯৬১ চনৰ সংস্কৰণ)। অভিধানখনত Pseudo শব্দাংশৰ যিকেইটি অৰ্থ দিয়া হৈছে—False, pretended, counterfeit, spurious, sham—, সেই গোটেইকেইটাই অতি স্পষ্টকৈ নেতিবাচক চৰিত্ৰ বহন কৰিছে। আধুনিক অসমীয়া শব্দকোষত “ছদ্ম” শব্দটোৰ দুটা অৰ্থ দিয়া হৈছে—নিজক লুকুৱাবলৈ লোৱা আন আকৃতি বা বেশ, আৰু, কপট ভাব। প্ৰসংগত, এইগৰাকী অভিধানপ্ৰণোতাই এসময়ত “বিজ্ঞানভিত্তিক ঈশ্বৰবাদ” নামৰ এবিধ ছদ্মবিজ্ঞান অসমলৈ আমদানি কৰাৰ চেষ্টা কৰিছিল। ছদ্মবিজ্ঞানৰ প্ৰবক্তাগৰাকীয়ে প্ৰণয়ন কৰা অভিধানখনতো (১৯৯১ চনৰ সংস্কৰণ) ছদ্মবিজ্ঞান শব্দটো নাই। এখন চমৎকাৰ অভিধান—Webster’s Third New International Dictionary-ত আমি কিন্তু Pseudoscience শব্দটোৰ অৰ্থ অতি চমু অথচ বৰ স্পষ্টভাৱে পাওঁ—A system of theories, assumptions, and  methods erroneously regarded as scientific। এইসমূহ আভিধানিক অৰ্থৰ কথা মনত ৰাখি আমি অপবিজ্ঞান আৰু ছদ্মবিজ্ঞানৰ মাজৰ পাৰ্থক্যৰ কথাটোলৈ উভতিছোঁ।

আমি সকলোৱে নিশ্চয় ভেশছন প্ৰতিযোগিতা দেখিছোঁ। তাত প্ৰতিযোগীসকলে আৱৰণ-আভৰণৰ সহায়ত প্ৰকৃত চেহেৰাটো লুকুৱাই থৈ সচেতনভাৱে ছদ্মবেশ ধাৰণ কৰে। তেনে প্ৰতিযোগিতাত বাস্তৱৰ কোটিপতি এজনক বাটৰ ভিক্ষাৰী যেন লাগিব পাৰে, বাটৰ মগনীয়া এগৰাকী ৰজা হিচাপে প্ৰতিভাত হ’ব পাৰে। ছদ্মবিজ্ঞানৰ কথাটোও প্ৰায় তেনেকুৱাই, কোনো কথাৰ প্ৰকৃত স্বৰূপটো লুকুৱাবলৈ তাত সচেতনভাৱে বিজ্ঞানৰ আৱৰণ দিয়া হয়, যাতে সেইটো বিজ্ঞান বিজ্ঞান যেন লাগে। এইটো জল্‌জল্ পট্‌পট্‌কৈ কৰা ইচ্ছাকৃত ঠগবাজী কাৰবাৰ। ছদ্ম আৰু Pseudo শব্দ দুটাৰ আভিধানিক অৰ্থত তেনে ইচ্ছাকৃত মিথ্যাচাৰৰ দিশটো সুন্দৰকৈ প্ৰতিফলিত হৈছে। অপবিজ্ঞানৰ প্ৰবক্তাসকলৰ ক্ষেত্ৰত কেতিয়াবা আত্মপ্ৰৱঞ্চনা দেখিবলৈ পালেও ছদ্মবিজ্ঞানৰ উদ্গাতাসকল তাৰ পৰা মুক্ত, কিয়নো খুব সচেতন উচ্চ স্তৰৰ দুষ্টবুদ্ধিৰে, পৰিকল্পিতভাৱে, জানি বুজি তেওঁলোক কামকাজত অগ্ৰসৰ হয়। ছদ্মবিজ্ঞান আৰু অপবিজ্ঞানৰ মাজত এইটো এটা পাৰ্থক্যৰ সূচক বুলি বিবেচনা কৰিব পাৰি।

ছদ্মবিজ্ঞান আৰু অপবিজ্ঞানৰ মাজত আৰু এটা প্ৰভেদলৈ আঙুলিয়াব পাৰি। অপবিজ্ঞানৰ প্ৰকৃষ্ট উদাহৰণ হিচাপে আমি লাইছেংকোবাদ আৰু সামাজিক ডাৰউইনবাদৰ কথা উল্লেখ কৰিছিলোঁ। তাৰ পৰা নিশ্চয় স্পষ্ট হৈছিল যে অপবিজ্ঞানৰ বেলিকা মাৰাত্মক ভ্ৰান্ত পথেৰে হ’লেও কিছু প্ৰায়োগিক কৰ্মকাণ্ড কৰাৰ প্ৰচেষ্টা চলোৱা হয়। ছদ্মবিজ্ঞানৰ বেলিকা তেনে প্ৰায়োগিক কামকাজ, পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা দেখা নাযায়। ছদ্মবিজ্ঞানত সুপ্ৰতিষ্ঠিত বৈজ্ঞানিক তত্ত্বক অতি বিসংগতিপূৰ্ণ ৰূপে উপস্থাপন কৰি, কিম্বা নতুন কোনো উদ্ভট তত্ত্ব থাওকতে নিৰ্মাণ কৰি, নতুবা বিজ্ঞানজগতত ইতিমধ্যেই প্ৰকাশ পোৱা তথ্যক নিজৰ মতে নিৰ্বাচন আৰু বিকৃত কৰি, সেইবোৰেৰে কোনো ঘটনা বা প্ৰপঞ্চৰ ব্যাখ্যা আগ বঢ়োৱা হয়। আলোচনাৰ আৰম্ভণিতে দিয়া জিভাৰ কাল্পনিক উদাহৰণটোৰ সহায়েৰে কথাটো বুজিবলৈ চেষ্টা কৰা যাওক। জিভাৰ অস্তিত্বৰ সন্ধানত যিবোৰ পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল, সেইবোৰক ওপৰৰ দফাসমূহত কৰা আলোচনাৰ ভিত্তিত নিৰ্দ্বিধাই অপবিজ্ঞান বুলি আখ্যা দিব পাৰি। কিন্তু কোনোবাই যদি কয়, জিভাৰ হা‌ড়ডাল প্ৰকৃততে ডাৰ্ক মেটাৰেৰে নিৰ্মিত, তাৰ পৰা কোনো বিকিৰণ নোলায়, অথচ সকলোধৰণৰ ৰশ্মিৰ সাপেক্ষে সেইডাল স্বচ্ছ, হা‌ড়ডালৰ বিদ্যুৎ-চুম্বকীয় আৱেশে সকলোধৰণৰ যন্ত্ৰপাতিৰ সংবেদনশীলতা বিনষ্ট কৰি পেলায়, —গতিকে হা‌ড়ডালৰ অস্তিত্ব নিৰ্ণয় কৰা নাযায়। বিজ্ঞানৰ শব্দ কিছুমানৰ বাৰে-ভচহুৱা ব্যৱহাৰেৰে কৰা তেনে ব্যাখ্যা হ’ব ছদ্মবিজ্ঞানৰ উদাহৰণ।

হাততে পোৱা অন্য এটা তেনেই সাধাৰণ উদাহৰণে কথাটো অধিক পৰিষ্কাৰ কৰিব। চন্দ্ৰ বা সূৰ্য গ্ৰহণৰ সময়ত মানুহে খাদ্য গ্ৰহণ নকৰাৰ নিয়ম এটা আছে। এইটো এটা নিৰ্ভেজাল অন্ধবিশ্বাস। গ্ৰহণৰ সময়ত কিয় খাদ্য গ্ৰহণ কৰিব নালাগে? পৰম্পৰানিৰ্ভৰ বিশ্বাস বুলি কোৱাৰ বাহিৰে প্ৰশ্নটোৰ কোনো যুক্তিগ্ৰাহ্য উত্তৰ নাই। কিন্তু যদি কোৱা হয়, গ্ৰহণৰ সময়ত অতিবেঙুনীয়া ৰশ্মিৰ তীব্ৰতা কমি যোৱাৰ বাবে খাদ্যত বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায়, গতিকে তেতিয়া খাদ্য গ্ৰহণ কৰা অনুচিত—তেনেহ’লে কিন্তু কথাটো ছদ্মবিজ্ঞান হৈ পৰিব। এইধৰণৰ অজস্ৰ অন্ধবিশ্বাসৰ উদাহৰণ দিয়া যায়। কোৱা বাহুল্য, সেইবোৰৰ মাজত কোনো বৈজ্ঞানিক যুক্তি নাই। কিন্তু প্ৰমাণ-পৰীক্ষাৰহিত ভিত্তিহীন কথা-বতৰাৰে—যধেমধে বৈজ্ঞানিক পৰিভাষা বা তত্ত্বৰ উল্লেখ কৰি—যদি সেইবোৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলোৱা হয়, তেনে সি হ’বগৈ ছদ্মবিজ্ঞান।

ছদ্মবিজ্ঞানত যে বৈজ্ঞানিক তথ্য-তত্ত্বক বিসংগতিপূৰ্ণ ৰূপে উপস্থাপন কৰা হয়, নিৰ্মাণ কৰা হয় পৰীক্ষা-প্ৰমাণহীন উদ্ভট তত্ত্বৰ, যধেমধে ব্যৱহাৰ কৰা হয় বৈজ্ঞানিক পৰিভাষাৰ—সেইকেইটি কথা আমি উল্লেখ কৰি আহিছোঁ। এইকেইটিৰ বাহিৰেও ছদ্মবিজ্ঞানৰ আৰু কেইটিমান চকুত পৰা বৈশিষ্ট্য আছে। ছদ্মবিজ্ঞানৰ এটা চমৎকাৰ উদাহৰণৰ সহায়েৰে কথাখিনি বিবৃত কৰিবলৈ সুবিধা হ’ব। এটা সময়ত জাৰ্মানিৰ এৰিখ ফন্‌ ডানিকেনৰ (Erich von Daniken) “তত্ত্ব”-ই একাংশ মানুহৰ মাজত বেছ জনপ্ৰিয়তা লাভ কৰিছিল। অতি চমুকৈ, পৃথিৱীৰ বাহিৰৰ, অতি উন্নত সভ্যতাৰ পৰা কোনো বুদ্ধিমান প্রাণী আহি অতীজত মানুহক সভ্যতাৰ কলা-কৌশল শিকাই থৈ গৈছিল—এইটোৱেই আছিল ডানিকেনৰ “তত্ত্ব”-ৰ মূল কথা। নিজৰ “তত্ত্ব”-টোক জোৰদাৰ কৰিবলৈ ডানিকেনে অজস্র সচিত্র উদাহৰণ তেওঁৰ কিতাপবোৰত সন্নিৱিষ্ট কৰিছিল। গ্ৰন্থবোৰত আছিল কেতিয়াও শুদ্ধাশুদ্ধ নিৰ্ণয় কৰিব নোৱৰা (Unfalsifiable) বহুতো উক্তি, যৌক্তিক ভিত্তিৰহিত হাইপ’থেছিচৰ নিৰ্মাণ, অভাৱনীয় অতিৰঞ্জন, নিজৰ বক্তব্যৰ প্ৰতি চূ‌ড়ান্ত পক্ষপাতদুষ্টতা, অন্য বিশেষজ্ঞৰ বিৰোধী মতামতক গুৰুত্ব নিদি পোনচাটেই অগ্ৰাহ্য কৰা, বৈজ্ঞানিক তথ্যৰ সংক্ৰান্তত মিথ্যাচাৰ আদি। ডানিকেনৰ “তত্ত্ব”ত থকা এইসমূহ চৰিত্ৰই হৈছে অন্যান্য ছদ্মবিজ্ঞানৰো কিছুমান সাধাৰণ লক্ষণ। পৰামনোবিজ্ঞান (Parapsychology), বুদ্ধিদীপ্ত নিৰ্মাণ (Intelligent Design), কিছুমান বৈকল্পিক চিকিৎসা তত্ত্ব, ৰেইকী, ফেংছুই, বাৰ্মুডা ত্ৰিভুজৰ ৰহস্য আদিৰ দৰে ছদ্মবিজ্ঞানতো এইসমূহ লক্ষণ স্পষ্টভাৱে দেখা যায়। বুদ্ধিদীপ্ত নিৰ্মাণৰ বিষয়ে আমি অন্যত্ৰ দীঘলীয়াকৈ আলোচনা কৰিছিলোঁ। ইয়াত বিশেষ কোনো ছদ্মবিজ্ঞানৰ কথা বিশদভাৱে আলোচনা কৰাৰ পৰিৱৰ্তে আমি অন্য দুটিমান দিশত আলোকপাত কৰি নিবন্ধটোৰ ইতি পেলাম।

(খ)

সাম্প্ৰতিক ভাৰতবৰ্ষত যুক্তিবুদ্ধিৰ চিন্তাচৰ্চা আৰু বিজ্ঞানমনস্কতা বৰ বেয়াকৈ সংকটত নিমজ্জিত হৈছে। দিনে দিনে তীব্ৰ হৈ পৰিছে অযুক্তিকৰ আৰু ক্ষতিকাৰক ধ্যান-ধাৰণাৰ প্ৰচণ্ড আগ্ৰাসন। ক্ষমতাশীল মহলৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা—অন্য অবৈজ্ঞানিক কৰ্মকাণ্ডৰ লগতে—হৰেক ৰকমৰ ছদ্মবিজ্ঞানৰো যে জনপ্ৰিয়তাৰ অন্যতম কাৰণ, তাত কোনো সন্দেহ নাই।

কিন্তু ছদ্মবিজ্ঞানৰ ক্ৰমবৰ্ধমান প্ৰসাৰৰ নেপথ্য কাৰণ একমাত্ৰ শাসক শ্ৰেণীৰ পৃষ্ঠপোষকতা বুলি যান্ত্ৰিকভাৱে ভাবি থাকিলে বিষয়টোৰ সন্দৰ্ভত আমাৰ ধাৰণা খণ্ডিত হৈ থাকিব। আমি আলোচনা কৰি আহিছিলোঁ কেনেকৈ মানৱ ইতিহাসৰ এটা পৰ্বত বিজ্ঞান আহি মানৱচিন্তাৰ কেন্দ্ৰত অৱস্থান লৈছিলহি। বিজ্ঞান আজি আমাৰ বাবে অপৰিহাৰ্য, বিজ্ঞান মানৱ সভ্যতাৰ নিৰ্ণায়ক চালিকা শক্তি, বিজ্ঞানক আজি আৰু মধ্যযুগত কৰাৰ দৰে অস্বীকাৰ-অগ্ৰাহ্য কৰাৰ কোনো উপায় নাই। গতিকে এতিয়াৰ সময়ত, কোনো এটা বিষয় উত্থাপন কৰোঁতে বিষয়টো বিজ্ঞানসন্মত হয় নে নহয়—সেইটো এটা মূল প্ৰাৰম্ভিক প্ৰশ্ন হৈ পৰে। সাধাৰণ মানুহেও জানিবলৈ বিচাৰে, বিষয়টো বাৰু বিজ্ঞানে অনুমোদন কৰিছেনে? সেইবাবেই চূ‌ড়ান্ত অবৈজ্ঞানিক কথা এটাকো উপস্থাপন কৰোঁতে দিনে দিনে বিজ্ঞানৰ পৰিভাষা, তত্ত্ব আদিৰ যথেচ্ছ বাঢ়ি আহিছে, ছদ্মবিজ্ঞানৰ প্ৰসাৰ তীব্ৰতৰ হৈছে।

এইখিনিতে প্ৰশ্ন এটা উঠিব। একাংশ মতলবী মানুহে সচেতনভাৱে ছদ্মবিজ্ঞানৰ সৃষ্টি আৰু প্ৰচাৰত লাগি আছে সঁচা, কিন্তু সেইসমূহ সৰ্বসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰে কিয়?  এই ক্ষেত্ৰত শাসক শ্ৰেণীৰ সপক্ষে থকা প্ৰচাৰ মাধ্যমৰ শক্তিশালী ভূমিকা আছে। যিহেতু কথাটো অতি স্পষ্ট, গতিকে দীঘল আলোচনাৰ প্ৰয়োজন নাই। কিন্তু ছদ্মবিজ্ঞানৰ জনপ্ৰিয় হোৱাৰ এই অন্যতম মুখ্য কাৰণটোৰ সৈতে আৰু কিছুমান গুৰুত্ত্বপূৰ্ণ কথা আছে। ছদ্মবিজ্ঞানৰ অস্পষ্ট, ধূসৰ ব্যাখ্যা-বিশ্লেষণৰ মাজত একধৰণৰ ৰহস্যময়তা থাকে। উদাহৰণ এটালৈ চাওঁ। কোৱা হয়, বাৰ্মুডা ত্ৰিভুজত বহুতো জাহাজ-উৰাজাহাজ মাজে মাজে নিখোজ হৈ থাকে (প্ৰকৃততে হয় নে নহয়, সেইটো বেলেগ প্ৰসংগ)। কথাটো ওলোৱাৰ লগে লগে স্বাভাবিকতেই মানুহৰ মনত প্ৰশ্নৰ উদয় হয়—সমুদ্ৰৰ সেইখিনি ঠাইতেই কিয় নিখোজ হয় জাহাজ-উৰাজাহাজবোৰ? প্ৰশ্নটোৰ উত্তৰত বৰ্হিগ্ৰহৰ জীৱ, কাল্পনিক আটলাণ্টিছ মহাদেশৰ অধিবাসী আদি কেতিয়াও প্ৰমাণ কৰিব নোৱৰা কথাৰে উত্তৰ দিয়া হয়। ৰহস্য-ৰোমাঞ্চেৰে ভৰা এইবোৰ কথাই কল্পনাৰ আৰামদায়ক জগতত বিচৰণ কৰিব খোজা বহুতো মানুহক তৃপ্ত কৰে। আলোচনাৰ আৰম্ভণিতেই আমি উল্লেখ কৰি আহিছিলোঁ, জিজ্ঞাসু মানুহে মনত জন্ম হোৱা প্ৰশ্নসমূহৰ উত্তৰ তৎক্ষণাত বিচাৰে, সেইসমূহৰ উত্তৰৰ সন্ধানত মানুহ হৈ থাকে সদা উদগ্ৰীৱ। ছদ্মবিজ্ঞানৰ ৰহস্য-ৰোমাঞ্চেৰে পৰিপূৰ্ণ কল্পকথাই মানুহৰ তেনে স্পৃহা পূৰণ কৰে।

অলপ আগতেই উল্লেখ কৰা হৈছিল, বিজ্ঞানৰ অমিত শক্তিশালী প্ৰভাৱৰ বাবে সৰ্বসাধাৰণ মানুহেও কোনো এটা বিষয় বিজ্ঞানসন্মত হয় নে নহয়, এই প্ৰশ্নটোত যথেষ্ট গুৰুত্ত্ব দিয়ে। কিন্তু সাধাৰণতেই দেখা যায়, কোনো এটি বিষয় প্ৰকৃততে বিজ্ঞানসন্মত হয় নে—এইটো নিৰ্ণয় কৰিবলৈ বহুতো লোকেই সক্ষম নহয়। তেনে একাংশ লোকে হয়তো কথা-বতৰা-ধ্যান-ধাৰণা আদিৰ প্ৰতি মুক্ত মনোভাৱ এটা ৰাখিও থয়; অযুক্তিকৰ-অবৈজ্ঞানিক বুলি নিশ্চিত হ’লে হয়তো তেনে লোকসকলে ভ্ৰান্ত ধাৰণাবোৰক অগ্ৰাহ্যই কৰিলেহেঁতেন। কিন্তু ছদ্মবিজ্ঞানত থকা বৈজ্ঞানিক শব্দ-পৰিভাষা-তত্ত্বই তেওঁলোকক বিভ্ৰান্ত কৰে, সম্পূৰ্ণ অবৈজ্ঞানিক কথা এটিকো বিজ্ঞানসন্মত বুলিয়েই তেওঁলোকে আদৰি লয়। ছদ্মবিজ্ঞানৰ সৈতে অন্য এচাম মানুহৰ সম্পৰ্কটো আৰু বেছি চিত্তাকৰ্ষক। এইসকল উচ্চশিক্ষিত লোক অন্ধবিশ্বাসী, কিন্তু নিজকে আধুনিক যুগৰ পৰিশীলিত চিন্তা-চৰ্চা কৰা মানুহ বুলি গণ্য কৰে। গতিকে ছদ্মবিজ্ঞানৰ মাজত অন্ধবিশ্বাসৰ সপক্ষে থকা “বৈজ্ঞানিক” ব্যাখ্যাবোৰে (উদাহৰণ, গ্ৰহণৰ সময়ৰ বেক্টেৰিয়াৰ বৃদ্ধি), ছদ্মবৈজ্ঞানিক কথাবতৰাসমূহে তেওঁলোকক আশ্বস্ত কৰে। ছদ্মবিজ্ঞানে সন্তুষ্ট কৰে তেওঁলোকৰ মনত থকা ভুৱা আধুনিকতাৰ অহমিকাক। আমি আগতে কৈ আহিছিলোঁ যে অপবিজ্ঞানৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা আত্মপ্ৰৱঞ্চনা ছদ্মবিজ্ঞানৰ প্ৰবক্তাসকলৰ মাজত দেখা নাযায়। কিন্তু এইমাত্ৰ উনুকিয়াই দিয়া দিশটোৰ পৰা নিশ্চয় বুজিব পাৰি, ছদ্মবিজ্ঞানৰ প্ৰবক্তাসকলৰ ফান্দত পৰা বিশ্বাসীসকলে—নিজৰ অহমিকাক সন্তুষ্ট কৰি—একধৰণৰ আত্মপ্ৰবঞ্চনাৰ কবলত পৰে। এইটোৰ পৰা ওলাই অহা তেওঁলোকৰ বাবে সহজ নহয়।

অপবিজ্ঞানেই হওক বা ছদ্মবিজ্ঞানেই হওক, সেইবোৰ বৰ ক্ষতিকাৰক। এইধৰণৰ নেতিবাচক প্ৰপঞ্চসমূহৰ আগ্ৰাসনক প্ৰতিৰোধ কৰিবলৈ সুসংগঠিত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা অতি বেছি। বিষয়টো যিহেতু বিজ্ঞানৰ সৈতে সম্পৰ্কিত—বহুতো বৈজ্ঞানিক ভাষা-পৰিভাষা-তত্ত্ব-প্ৰকল্পৰ কথা আহি পৰে—সেইবাবে তেনে আন্দোলনত বৈজ্ঞানিক তথ্য, বিশ্লেষণ, জ্ঞান আদিৰ সম্যক ব্যৱহাৰৰ কথাটো জৰুৰী। লগতে কিন্তু আমি অন্য দিশসমূহতো যথোচিত গুৰুত্ব দিব লাগিব। উদাহৰণ স্বৰূপে, ছদ্মবিজ্ঞানৰ আলম লৈ বহুতো ডাঙৰ ডাঙৰ ব্যৱসায় বিশ্বব্যাপী চলি আছে। সহজেই ধৰিব পাৰি, ছদ্মবিজ্ঞানৰ আঁৰত বৃহৎ বাণিজ্যিক শক্তিৰো পৃষ্ঠপোষকতা আছে। শাসক শ্ৰেণীয়ে স্বাভাৱিক কাৰণতেই মানুহক বিজ্ঞানমনস্কতাৰ বাটৰ পৰা আঁতৰাই ছদ্মবিজ্ঞানৰ দৰে অনিষ্টকৰ বস্তুত নিমগ্ন হৈ থকাটো বিচাৰে। সেইবাবেই ছদ্মবিজ্ঞানৰ প্ৰতিমুখি যুক্তিবাদী আন্দোলনত বিশুদ্ধ বিজ্ঞানৰ লগতে আৰ্থ-সামাজিক দিশসমূহতো সমগুৰুত্ব প্ৰদান কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *