কেন্দ্ৰীয় নিবন্ধনিবন্ধ

আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় (পূৰৱী দেৱী)

“It is not too much to say that the gratifying development of chemistry in India in the last forty years is due directly and indirectly to Ray. This would be a marvellous thing for anybody to have done, but it is more remarkable when one considers that Ray has been what most would call an invalid all his life………………. All this however, was only half of Ray’s life. To him political was equally important. As a boy he had been attracted to Brahmo Samaj movement which aimed at the abolition of Caste System, the removal of social inequalities (including the social relationship between Englishmen and Indians) and uplifting of women by the spread of education among them” ~ W. D. Bancroft : J of Chemical Education, Vol II, 1934.

“And it took my breath away when I heard that out of his princely salary he kept only a few rupees for himself and the rest he devoted to public uses and particularly for helping poor students” ~ M. K. Gandhi

ভাৰতীয় ৰসায়ন বিজ্ঞানৰ পিতৃ ৰূপে জনাজাত স্বনামধন্য আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ বিষয়ে লিখা প্ৰকৃততে নিষ্প্ৰয়োজন। তথাপি দুটা ব্যক্তিগত কাৰণে আমি লিখনি হাতত লৈছোঁ।

১৯১৮ চনত (বঙালী ১৩২৫ চন) ৰায়ে লিখা ‘অধ্যয়ন আৰু জ্ঞান লাভ’  নামৰ এটা প্ৰৱন্ধ আমাৰ যুৱতী কালত পঢ়া মনত আছে। তাৰে দুশাৰী মানৰ উদ্ধৃতি দিছোঁ  ‘সকলো সময়ত ফাঁকি দি পৰীক্ষাৰ কাষ চাপিলেই টপাটপ মুখস্থ আৰু উদৰস্থ কৰাৰ প্ৰয়াস। তাৰ পিচত পৰীক্ষা মন্দিৰলৈ গৈ একেবাৰে বমি। পৰীক্ষাৰ পিচতেই সৰস্বতীৰ লগত ‘চালাম আলেকম’, সকলো সম্বন্ধ লোপ’। এই বাক্য কেই শাৰীয়ে মূৰৰ ওপৰত হাঁতুৰীৰ কোব পেলাইছিল। সেই দিন ধৰি নুবুজা নেমেলাকৈ একো পঢ়া নাই। তদুপৰি শিক্ষকতা কৰিবলৈ গৈ এইখিনি কথাকে ছাত্ৰ-ছাত্ৰীৰ আগত বাৰে-বাৰে দোহাৰি আহিছোঁ।

A History of Hindu Chemistry”,  ৰায়ে লিখা এখন প্ৰসিদ্ধ গ্ৰন্থ। অসমত কিতাপখনৰ নামহে শুনিছিলোঁ । আমি গৱেষণা কৰা ইংলেণ্ডৰ বিশ্ববিদ্যালয়ৰ (University of East Anglia) গ্ৰন্থাগাৰৰ ৰসায়ন বিজ্ঞানৰ বিভাগত কিতাপখন আছে আৰু তেতিয়াহে কিতাপখন পঢ়াৰ সৌভাগ্য ঘটিল।

আচাৰ্য ৰায়ৰ দৰে এজন ব্যতিক্ৰমী ব্যক্তিক গঢ়ি তোলাৰ অন্তৰালত সমাজৰ কেনেবোৰ কাৰকে ক্ৰিয়া কৰিছিল ? এয়া হ’ল আমাৰ প্ৰথম প্ৰশ্ন।

দ্বিতীয়তে “A History of Hindu Chemistry”, প্ৰকাশৰ লগে লগে সেই যুগৰ বিজ্ঞানজগতৰ পণ্ডিতমহলে আৰু আজিৰ পণ্ডিতমহলে কিতাপখন বিজ্ঞান জগতৰ আপুৰুগীয়া সম্পত্তি ৰূপে গণ্য কৰে কিয়?

প্ৰথম প্ৰশ্নৰ উত্তৰ পোৱা যায় তেখেতৰ আত্মজীৱনীত “Life and Experiences of A Bengali Chemist”। প্ৰকৃততে কিতাপখন সেই যুগৰ পৰাধীন ভাৰতৰ এক সামাজিক ইতিহাস। আমাৰ লিখনি এই কিতাপ দুখনৰ এক চমু বিৱৰণ।

ভাৰতীয় ইতিহাসৰ স্মৰণীয় বৰ্ষ ১৮৬১ চনত জন্ম হয় ভাৰতীয় আকাশৰ ভোটাতৰা ৰবীন্দ্ৰ নাথ ঠাকুৰ, নীলৰতন চৰকাৰ, মতিলাল নেহেৰু আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। আত্মজীৱনীৰ প্ৰথম পাতত তেখেতে লিখিছে—“১৮৬১ চনৰ ২ আগষ্টত মই জন্ম গ্ৰহণ কৰো। এই চন ৰসায়ন বিজ্ঞানৰ ইতিহাসত অমৰ হৈ ৰ’ব। কাৰণ এই চনতেই ক্ৰুকচে থেলিয়াম আৱিষ্কাৰ কৰে। যশোৰ (বৰ্তমান খুলনা ) জিলাত মোৰ জন্ম হৈছিল। এই  জিলাৰ চল্লিছ মাইল দূৰতেই হ’ল আমাৰ বিখ্যাত কবি মাইকেল মধুসূদন দত্তৰ জন্মস্থান সাগৰদৰী”। এই বাক্য শাৰীৰ মাজতেই তেখেতৰ পৰিচয় পোৱা যায়, এহাতে ৰসায়ন বিজ্ঞানৰ আজীৱন সাধক আৰু আন হাতে দেশপ্ৰেমিক ৰায়ৰ দেশৰ প্ৰতি থকা গৰ্ববোধ।

ছাত্ৰ প্ৰফুল্ল চন্দ্ৰ

প্ৰফুল্ল চন্দ্ৰৰ “জীৱনৰ পঢ়াশালি”ৰ শিক্ষাগুৰু আছিল পিতৃ হৰিশ চন্দ্ৰ। হৰিশ চন্দ্ৰই কৃষ্ণনগৰ কলেজৰ শিক্ষক ডি, এল, ৰিচাৰ্ডচনৰ পৰা ইংৰাজী, মৌলবী মখমলৰ পৰা আৰবী আৰু পাৰ্চী, ৰামতনু লাহিড়ীৰ পৰা সংস্কৃত আৰু বঙালী আৰু শেখ মাদাৰবক্স আখুঞ্জীৰ পৰা পাৰ্চী শিকিছিল। তদুপৰি ভায়োলিন বাদক হৰিশ চন্দ্ৰই প্ৰায়ে সংগীতৰ আচৰত ভাগ লৈছিল।

Indian Association” ৰ সভ্য হৰিশ চন্দ্ৰৰ বন্ধু আছিল ৰজা দিগম্বৰ মিত্ৰ, কৃষ্ণদাস পাল, শিশিৰ কুমাৰ ঘোষ, যতীন্দ্ৰ ঠাকুৰ আৰু ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। এনেবোৰ ঘটনাৰ পৰা বুজিব পাৰি যে ঊনৈশ শতিকাত সংঘটিত ভাৰতীয় নৱজাগৰণৰ আলোকেৰে আলোকিত হৰিশ আছিল এজন ব্যতিক্ৰমী, অগ্ৰগামী পুৰুষ। সমাজত প্ৰচলিত কুসংস্কাৰ, জাতিভেদ প্ৰথা আদিৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি অহা বিদ্যাসাগৰৰ প্ৰচেষ্টাত সমাজৰ এচাম যুৱকে বিধৱা বিবাহৰ পক্ষে ওকালতি কৰে। খ্ৰীষ্ট ধৰ্মৰে দীক্ষিত মোহন লাল বিদ্যাবাগীশে এগৰাকী বিধৱাক পত্নী গ্ৰহণ কৰাত হৰিশ চন্দ্ৰই এই ধাৰণাৰ ব্যৱহাৰিক প্ৰয়োগ কৰি এগৰাকী বিধৱাক বিয়া কৰাবলৈ যো-জা কৰিছিল। পিচে পিতৃ আনন্দলালে আশাৰ মূৰত চেঁচা পানী ঢালে।

বিদ্যোৎসাহী হৰিশ চন্দ্ৰৰ পত্নী ভুবনমোহিনীক বিদ্যাসাগৰে পাঠ দান কৰিছিল। বিলাতী মেম আৰু দেশীয় মিছনেৰী মহিলাই লিখা পঢ়া শিকোৱাৰ লগতে শিকাই হাতৰ কাম। হৰিশ চন্দ্ৰৰ প্ৰচেষ্টাতে খুলনা জিলাত প্ৰথম চৰকাৰী সাহাৰ্য প্ৰাপ্ত  বিদ্যালয় স্থাপন হয়। এই স্কুলত বালক-বালিকাই শিক্ষা গ্ৰহণ কৰে। অৰ্থাৎ এইখন আছিল খুলনাৰ প্ৰথম বালিকা বিদ্যালয়।

সভ্ৰান্ত  বংশৰ সন্তান হৰিশচন্দ্ৰই কিছু দিন চৰকাৰী চাকৰি কৰিছিল। কিন্তু পিতৃৰ মৃত্যুৰ পিচত তেখেতে খুলনাত নিগাজীকৈ বহি মাটি বাৰীৰ তদাৰক কৰিবলৈ ধৰে। সেয়েহে প্ৰফুল্ল চন্দ্ৰৰ শিক্ষা জীৱন আৰম্ভ হয় গাওঁৰ পঢ়াশালিত। অৱশ্যে প্ৰফুল্ল চন্দ্ৰই অগ্ৰগামী পিতৃৰ পৰা লাভ কৰে জীৱনৰ প্ৰথম পাঠ। প্ৰায় আঠ- ন বছৰৰ পৰায়েই পিতৃৰ লগত হোৱা কথোপকথনৰ মাধ্যমেৰে আহৰণ কৰা শিক্ষাই তেখেতক আজীৱন সহায় কৰে। পিতৃৰ মুখত তেখেতে শুনিছিল যে প্ৰাচীন ভাৰতত গো-মাংস ভক্ষণ কৰা আছিল এক ধুন। আলহী শব্দৰ সংস্কৃত প্ৰতিশব্দ গোঘনৰ (“Goghana”) অৰ্থ “যিজনৰ সন্মানৰ উদ্দেশ্যে গো-বধ কৰা হয়”। তেখেতে লিখিছে “মোৰ দেউতাৰ পৰা মই উত্তৰাধিকাৰী সূত্ৰে লাভ কৰো এক অমূল্য সম্পদ Lives of British Poets। এই কিতাপখন মই বাৰে বাৰে পঢ়িছোঁ। মোৰ লৰালি কালতে মই দেউতাৰ মুখত Night Thoughts, Novum Organum আদি কিতাপৰ নাম শুনিছিলো।  “তত্ত্ববোধিনী পত্ৰিকা”, “হিন্দু পত্ৰিকা”, “অমৃত প্ৰভাৱিনী”, (পিচলৈ অমৃত বাজাৰ পত্ৰিকা) আদিৰ মোৰ দেউতা আছিল নিয়মীয়া গ্ৰাহক। আমাৰ ঘৰত আছিল কেৰীয়ে অনুবাদ কৰা Holy Bible, বিদ্যালংকাৰৰ “প্ৰবোধ চন্দ্ৰিকা”। দেখা যায়, দেশ বিদেশৰ গল্প, উপন্যাস, পৃথিৱীৰ বা-বাতৰিৰ লগত লৰালি কালতে প্ৰফুল্ল চন্দ্ৰৰ পৰিচয় ঘটিছিল।

প্ৰফুল্ল চন্দ্ৰৰ ককায়েক দুজনে জলপানি লাভ কৰি নিম্ন পৰীক্ষাত উৰ্ত্তীণ হোৱাত পুত্ৰৰ শিক্ষাৰ সুবিধাৰ্থে হৰিশ চন্দ্ৰ সপৰিবাৰে কলিকতালৈ আহে। প্ৰফুল্ল চন্দ্ৰ প্ৰথমে হেয়াৰ স্কুলত ভৰ্ত্তি হয়। কিতাপৰ পোক প্ৰফুল্ল চন্দ্ৰই মাথো স্কুলীয়া পাঠ্যক্ৰমৰ মাজত আৱদ্ধ নাথাকি ভূগোল, ইতিহাস, নিউটনৰ দৰে বিজ্ঞানীৰ জীৱনী গো-গ্ৰাসে গিলিবলৈ ধৰে (তেখেতৰ নিজ ভাষা)।

আচৰিত যেন বোধ হ’লেও সেই সময়তে তেখেত ব্ৰাক্ষ্মসমাজৰ প্ৰতি আকৃষ্ট হয়। দেবেন্দ্ৰ নাথ ঠাকুৰ, কেশৱ চন্দ্ৰ সেন, অক্ষয় কুমাৰ দত্ত আদি লিখকৰ লিখনিয়ে তেখেতৰ ধৰ্মীয় দৃষ্টিভংগী সলনি কৰে। এই ক্ষেত্ৰত পঢ়া কিতাপৰ মাজত আছিল “Life of Christ the Man”, “Life of Jesus” ইত্যাদি। কেশৱ চন্দ্ৰ সম্পাদিত “সুলভ সমাচাৰ” পত্ৰিকাৰ তেখেত আছিল নিয়মীয়া পাঠক। তদুপৰি কেশৱ চন্দ্ৰই স্থাপন কৰা “ভাৰতবৰ্ষীয় ব্ৰাক্ষ্ম সমাজ”ৰ দেওবৰীয়া প্ৰাৰ্থনা সভাত তেখেত প্ৰায়ে উপস্থিত আছিল। তেখেতৰ জীৱনত কেশৱ চন্দ্ৰই গভীৰ প্ৰভাৱ পেলোৱা যেন তেখেতৰ লিখনিৰ পৰা মনে ধৰে।

১৮৭৮ চনত তেখেত গ্ৰহণী ৰোগত আক্ৰান্ত হয় (এই ৰোগ হৈ পৰে তেওঁৰ চিৰসংগী)। ৰোগৰ পৰা সুস্থ হ’বলৈ প্ৰায় দুবছৰ সময়ৰ আৱশ্যক হোৱাত স্কুলীয়া শিক্ষাত বাধা পৰে। কিন্তু তেখেতৰ মতে গ্ৰহণীয়ে তেখেতক গোৰ মাৰি গংগাতহে পেলায়। কাৰণ এক বিদেশী ভাষাত সকলো ছাত্ৰকে ধৰা-বন্ধা পাঠ্যক্ৰমৰ মাজত দিয়া শিক্ষা আছিল নিৰস আৰু আমনি দায়ক। এই সময়ত তেখেতে পঢ়া আচাৰ্যজনক কিতাপৰ তালিকাৰ মাজত আছিল “Julius Caesar”, “Merchant of Venice”, “Hamlet”, “Vicar of Wakefield”, “Selections from Modern English Literature”, “Lectures on Roman History”, “Ancient History”

সোমপ্ৰকাশ”, “অমৃত বাজাৰ পত্ৰিকা”ৰ নিয়মীয়া পাঠকে পঢ়িছিল নিয়মীয়া আলোচনী “বংগ দৰ্শন”ত প্ৰকাশিত বংকিম চন্দ্ৰ লিখিত “বিষ বৃক্ষ”। প্ৰফুল্ল চন্দ্ৰ বেনাৰ্জী লিখিত “Valmiki and his Age” আৰু ৰামদাস সেনৰ “Age of Kalidas” আদি কিতাপে তেখেতক প্ৰাচীন ভাৰতীয় ইতিহাসৰ প্ৰতি আকৃষ্ট কৰে।

ককায়েকৰ কিতাপৰ মাজত থকা স্মিথ লিখিত “Principia Latina” নামৰ কিতাপখনৰ সহায়ত নিজ প্ৰচেষ্টাৰে লেটিন আয়ত্ব কৰিবলৈ তেখেতৰ সৰহ সময়ৰ প্ৰয়োজন নহয়, কাৰণ ইতিমধ্যে তেখেতৰ সংস্কৃত ব্যাকৰণৰ সম্পূৰ্ণ জ্ঞান আছিল। এইদৰে নিজ ঘৰৰ গ্ৰন্থাগাৰৰ মাজত আহৰণ কৰা শিক্ষাই প্ৰফুল্ল চন্দ্ৰক এজন অগ্ৰগামী, ব্যতিক্ৰমী ব্যক্তিলৈ পৰিণত কৰে।

তেখেতৰ মতে গ্ৰহণী ৰোগে তেখেতক স্বাস্থ্যৰ প্ৰতি যত্ন ল’বলৈ শিকায় । গ্ৰহণীয়ে তেওঁক দিয়া আন এক অভিশাপ আছিল অনিদ্ৰা ৰোগ। কিন্তু যথাযথ খাদ্য আৰু ব্যায়ামে তেখেতক সহায় কৰিছিল।

দুবছৰ ক্ষতি হোৱা হকে হেয়াৰ স্কুললৈ ঘূৰি নগৈ তেখেত কেশৱ চন্দ্ৰ সেনে স্থাপন কৰা এলবাৰ্ট স্কুলত ভৰ্ত্তি হয়। স্কুলৰ আনন্দদায়ক বাতাবৰণৰ লগত প্ৰফুল্ল চন্দ্ৰ খাপ খাই পৰে। জাতিভেদ প্ৰথাৰ বিৰোধী, স্ত্ৰী-শিক্ষাৰ পক্ষপাতী, ব্ৰাক্ষ্মসমাজৰ সভ্য শিক্ষকসকলে মাথো পাঠ্যক্ৰমৰ মাজত আৱদ্ধ নাৰাখি জ্ঞানৰ এখন বিশাল পৃথিৱীৰ লগত পৰিচয় কৰাই বহল মন আৰু উদাৰ মানসিকতাৰ ছাত্ৰ গঢ়ি তুলিবলৈ যথাসাধ্যে চেষ্টা কৰিছিল। সেয়েহে প্ৰফুল্ল চন্দ্ৰৰ জ্ঞানৰ পৰিসৰৰ চিনাকি পাবলৈ শিক্ষকৰ সৰহ সময়ৰ প্ৰয়োজন নহয়। তেখেতে পুৰস্কাৰ পোৱা কিতাপেই স্কুলৰ উচ্চ স্তৰৰ শিক্ষাৰ নমুনা। মাথো দুখনমানৰ উদাহৰণ যথেষ্ট—“Complete Set of Shakespeare’s Work” by Hazlitt, “Night Thoughts” by Young, “English Humorists” by Thackeray।

১৮৭৮-৭৯ চনত প্ৰথম বিভাগত এণ্ট্ৰান্স পৰীক্ষাত (আমাৰ মেট্ৰিক পৰীক্ষা) উৰ্ত্তীণ হৈ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ Metropolitan Institution তেখেত ভৰ্ত্তি হয়। দুটা কাৰণত এই প্ৰতিষ্ঠানত ভৰ্ত্তি হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, প্ৰথম ই এক জাতীয় প্ৰতিষ্ঠান, দ্বিতীয়তে যুৱ চামৰ আদৰ্শ পুৰুষ সুৰেন্দ্ৰ নাথ বেনাৰ্জী আছিল ইংৰাজী বিভাগৰ প্ৰফেচাৰ।

হৰিশ চন্দ্ৰৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হোৱাত মাটি বাৰী বেচি গাওঁলৈ ঘূৰি আহিবলৈ তেওঁ বাধ্য হয় আৰু পুত্ৰ দুজনে কলিকতাৰ ভাৰাতীয়া ঘৰত থাকি শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

ইতিমধ্যে ইংলেণ্ডত সংঘটিত হোৱা শিল্প বিপ্লৱ লাহে ধীৰে আহি ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ৰে’লপথ, জাহাজ পথ, টেলিগ্ৰাফৰ লাইন আদি স্থাপন হ’বলৈ ধৰা হেতুকে বিজ্ঞান শিক্ষাৰে শিক্ষিত এচাম যুৱকৰ প্ৰয়োজনীয়তা শাসক শ্ৰেণীয়ে উপলব্ধি কৰা হেতুকেই সম্ভৱতঃ প্ৰফুল্ল চন্দ্ৰৰ কলেজত ৰসায়ন বিজ্ঞান আছিল বাধ্যতামূলক বিষয়। প্ৰফুল্ল চন্দ্ৰক ৰসায়ন বিজ্ঞানে আকৃষ্ট কৰে আৰু প্ৰেছিডেন্সি কলেজত তেখেতে পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানৰ পাঠ গ্ৰহণ কৰিবলৈ ধৰে। কিন্তু সকলো শিক্ষকক হতাশ কৰি তেওঁ বিশ্ববিদ্যালয়ৰ পৰীক্ষাত আশানুৰূপ ফলেৰে উৰ্ত্তীণ নহ’ল। অৱশ্যে স্ব-শিক্ষাৰে লেটিন আৰু ফৰাচী ভাষা আয়ত্ব কৰি গোপনে তেখেতে গিলখ্ৰাইষ্ট জলপানিৰ বাবে প্ৰস্তুতি চলায়। জলপানিৰ আশা তেখেতে কৰা নাছিল। দুজন ভাৰতীয়ৰ ভাগ্যত এই সন্মান জোঁটে, বাহাদুৰজী আৰু প্ৰফুল্ল চন্দ্ৰ। সেই যুগত সাগৰ পাৰ দিয়া লোকক জাতিচ্যুত কৰা হৈছিল যদিও পিতৃ-মাতৃয়ে হেলাৰঙে অনুমতি দিয়ে। তেখেতে লিখিছে,“মায়ে অলপ কন্দা–কটা কৰিছিল। লগতে ময়ো কান্দিছিলোঁ। নিজৰ হাতৰ কাণৰ অলংকাৰ বিক্ৰী কৰি কিনা মাটি হেৰুৱাই মা দুখত ভাঙি পৰিছিল। সেয়েহে বিলাতলৈ যোৱাৰ আগতে সেই মাটি পুনৰ কিনি ঘূৰাই দিম বুলি মই মাক আশ্বাস দিছিলোঁ। অৱশ্যে মাটি কিনি ধন মাটিৰ তলত পুতি থোৱা অৰ্থহীন বুলি মই পিচলৈ অনুভৱ কৰো”। এই ঘটনাৰ পৰা এই যুৱক জনৰ গভীৰ আত্মবিশ্বাসৰ উমান পাব পাৰি।

সাগৰ পাৰ হৈ প্ৰথমে লণ্ডনত থিয় দি তেখেত সেই যুগৰ শিক্ষাৰ এক প্ৰধান কেন্দ্ৰ স্কটলেণ্ডৰ এডিনবাৰাত উপস্থিত হয়। দেশ-বিদেশৰ ছাত্ৰ চিকিৎসা আৰু প্ৰাকৃতিক বিজ্ঞান অধ্যয়ন কৰিবলৈ অহা বিশ্ববিদ্যালয়ত প্ৰফুল্ল চন্দ্ৰই স্নাতক শ্ৰেণীত ৰসায়ন, পদাৰ্থ, উদ্ভিদ আৰু জীৱ বিজ্ঞানৰ পাঠ গ্ৰহণ কৰে। ৰসায়ন বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ তেখেতে ৰসায়নত ডিগ্ৰী লোৱাৰ সিদ্ধান্ত লয়। বিশ্ববিদ্যালয়ৰ পৰিৱেশৰ লগত খাপ খাবলৈ তেখেতৰ বৰ সৰহ সময়ৰ প্ৰয়োজন হয় যেন মনে নধৰে।

শিক্ষকসকলৰ মাজৰ এজন আছিল আলেকজেণ্ডাৰ ব্ৰাউন। স্ফটিক বিজ্ঞান, ঔষধ-বিজ্ঞানৰ ওপৰত গভীৰ জ্ঞান থকা এই শিক্ষকজন আছিল এজন ভাষাবিদ। এনেকি তেখেতে চীন ভাষাও জানিছিল। অৱশ্যে জৈৱ ৰসায়নত প্ৰবৰ্তন কৰা graphic formula-ৰ বাবেহে তেওঁ জৈৱ ৰসায়নবিদৰ নিচেই চিনাকি পুৰুষ। জাৰ্মানীৰ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰা ড০ জ’ন গিবচন আৰু ড০ লিও নাৰ্ড ড’বিনৰ পৰা তেখেতে মাথো ৰসায়ন নহয়, লগতে শিকিছিল জাৰ্মান ভাষা। এই সময়ছোৱাৰ কথা তেওঁ অতি আনন্দৰে সুঁৱৰিছে। ডক্টৰেট উপাধি লাভ কৰাৰ উদ্দেশ্যৰে তেখেতে ধাতুৰ জটিল আঁকৰ বিশ্লেষণৰ ওপৰত গৱেষণা কৰি কৃতকাৰ্য হয়। তেখেতৰ মতে যিহেতুকে সেই সময়ত ডক্টৰেট ডিগ্ৰীধাৰী লোক বগৰীগুটিৰ দৰে সুলভ নাছিল সেই হেতুকে বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ তেওঁ সক্ষম হয় । তেখেত বিশ্ববিদ্যালয়ৰ Chemical Society-ৰ উপ-সভাপতি নিৰ্বাচিত হয়। Hope Prize বৃত্তি আৰু Gilchrist Endowment-ৰ পৰা ৫০ পাউণ্ড লাভ কৰি এবছৰ গৱেষণা কৰি তেওঁ দেশলৈ উভতি আহে।

বিশ্ববিদ্যালয়ত তেখেতে লিখা এখন ৰচনা তেওঁৰ জীৱনৰ এক অবিস্মৰণীয় ঘটনা। ১৮৮৫ চনত বিশ্ববিদ্যালয়ৰ ৰেক্টৰ  Lord Iddesleigh-এ India before and after the Mutiny বিষয়ত ৰচনা প্ৰতিযোগিতা পাতি পুৰস্কাৰ ঘোষণা কৰাত প্ৰফুল্ল চন্দ্ৰই যোগদান দিবলৈ সিদ্ধান্ত লৈ তথ্য গোটাবলৈ আৰম্ভ কৰে। তেখেতে অধ্যয়ন কৰা কিতাপৰ তালিকাখন বিস্ময়কৰ। মাথো দুখন মানৰহে উদ্ধৃতি দিছোঁ—“L’ Inde des Rajas”, by Rousselet, “L Inde contemporaine” by Lanoye , “Political Economy” , “Essays on Indian Finance” by Fawcett আদি। তদুপৰি Fortnightly and Contemporary Reviews, Nineteenth Century আদিৰ পৰা ও তেখেতে তথ্য সংগ্ৰহ কৰিছিল।

পুৰস্কাৰ তেখেতে লাভ কৰিব নোৱাৰিলে। কিন্তু দুখন শ্ৰেষ্ঠ মাজৰ এখন বুলি ৰচনাখন বিবেচিত হয়। ৰচনাৰ ওপৰত পৰীক্ষকে মন্তব্য দিছিল– “ব্ৰিটিছ শাসনৰ প্ৰতি লিখকে তীব্ৰ দ্বেষ প্ৰকাশ কৰিছে”। সমগ্ৰ ৰচনা আমি এই চমু পৰিসৰত আলোচনা কৰিব নোৱাৰোঁ। লিখকৰ নিজস্ব ভাষাত মাথো দুশাৰী মানৰ উদ্ধৃতি দিলোঁ – “The lamentable condition of India at present is due to England’s capable neglect of, and gross apathy to, the affairs of that Empire. England has hitherto failed- grievously failed- in the discharge of her sacred duties to India”। ছপা ৰচনাখন ব্যক্তিগতভাৱে বিতৰণ কৰি উচ্চ প্ৰশংসা লাভ কৰাত এখন চিঠি সহ জ’ন ব্ৰাইটলৈ সেইখন তেওঁ পঠিয়াই দিয়ে।  ব্ৰাইটৰ মতামত উল্লেখযোগ্য, “I regret with you and condemn the course of Lord Dufferin in Burma. …..There is an ignorance on the part of the public in this country and great selfishness here and in India as to our true interest in India. The departures from morality and true statesmanship will bring about calamity and perhaps ruin, which our children may witness and deplore”।

প্ৰকৃততে ৰচনাখন সেই যুগৰ নৱ যুৱকৰ জাতীয় চেতনাৰ প্ৰকাশ। আত্মজীৱনীত তেখেতে স্বীকাৰ কৰিছে যে সত্য ঘটনা উদঙাই দি অভিযোগ, অনুৰোধৰ যোগে ভাৰতে সুবিচাৰ লাভ কৰিব বুলি সেই সময়ত তেওঁ বিশ্বাস কৰিছিল। মোহ ভংগ হ’বলৈ সৰহ পৰ নালাগিল। সি যি নহওক ব্ৰাইটৰ চিঠিৰ কপি “London Times” কাকতলৈ পঠিয়াই সফল হৈ তেখেত প্ৰায় বিখ্যাত হৈ পৰে। কাৰণ কাকতৰ প্ৰথম পৃষ্ঠাতে ডাঙৰ আখৰৰে তেওঁৰ নাম ছপা হৈছিল। ৰয়টাৰৰ  যোগে চিঠি আহি ভাৰতবৰ্ষত প্ৰৱেশ কৰে।

বিজ্ঞানী প্ৰফুল্ল চন্দ্ৰ

ডিগ্ৰী লাভ কৰাৰ পিচত চাৰ্লচ ব্ৰাউনে তেখেতক “Educational Service in India” নিয়োগ কৰিবলৈ যথাসাধ্যে চেষ্টা কৰি বিফল হয়। কাৰণ শিক্ষা বিভাগত উচ্চ স্থান লাভ কৰাৰ পৰা ভাৰতীয় আছিল বঞ্চিত। শাসক শ্ৰেণীৰ অবিচাৰৰ তিতা সোৱাদ তেতিয়াই লাভ কৰি প্ৰফুল্ল চন্দ্ৰ দেশলৈ ঘূৰি আহে।

ভাৰতবৰ্ষত ৰসায়ন বিজ্ঞানে লাহে-ধীৰে স্বীকৃতি লাভ কৰিছিল, কিন্তু মাথো প্ৰেছিডেন্সি  কলেজতহে ৰসায়নৰ পাঠ দান কৰা হৈছিল। গৱেষণাৰ স্থল প্ৰায় নাছিল বুলিব পাৰি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৰে শিক্ষা বিভাগৰ উচ্চ পদত ভাৰতীয়ৰ প্ৰৱেশ আছিল নিষেধ। ১৮৮৫ চনত জগদীশ চন্দ্ৰ বোসে সুখ্যাতিৰে কেমব্ৰিজৰ পৰা ডিগ্ৰী লাভ কৰি আহি বহু যুদ্ধৰ পিচতহে শিক্ষা বিভাগৰ উচ্চ পদত চাকৰি লাভ কৰিছিল ইংৰাজ সহকৰ্মীৰ তিনি ভাগৰ দুভাগ দৰমহাসহ। লৰ্ড ডাফৰিণৰ তত্ত্বাৱধানত স্থাপিত হোৱা Public Service Commission-এ শিক্ষা বিভাগত ভাৰতীয়ক নিয়োগ কৰাৰ এক ব্যৱস্থা হাতত লয়। ব্যৱস্থা অনুসৰি সেৱা বিভাগত দুটা শাখা থাকিব, ইংৰাজৰ হকে  Imperial Service আৰু  ভাৰতীয়ৰ হকে Provincial Service । ইংৰাজী লোকৰ আধা দৰমহা সহ ভাৰতীয়ক নিয়োগ কৰা হ’ব।

এটা বছৰ ধৰি অপেক্ষা কৰাৰ পিচত কম দৰমহাত প্ৰফুল্ল চন্দ্ৰ প্ৰেছিডেন্সি কলেজত শিক্ষকৰ পদ লাভ কৰে। ক্ষুণ্ণ, হতাশ প্ৰফুল্ল চন্দ্ৰই সুবিচাৰৰ হকে যুঁজ কৰি বিফল হয়। ভাল শিক্ষক হ’বলৈ তেখেতে দেহে-কেহে , মনে- প্ৰাণে চেষ্টা কৰে। চন্দ্ৰভূষণ ভাদুৰী আছিল সহায়কাৰী শিক্ষক। প্ৰফুল্ল চন্দ্ৰই লিখিছে যে বিলাতৰ পৰা ডিগ্ৰী লৈ অহা লোকে সন্মান হানি হোৱাৰ ভয়ত তলতীয়া কৰ্মচাৰীৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। কিন্তু তেখেতৰ তেনে কোনো অহংকাৰ নথকা হেতুকে ভাদুৰীৰ পৰা শ্ৰেণীত পৰীক্ষা সহ পাঠ দিবলৈ শিকি ছাত্ৰৰ মাজত প্ৰিয় হয়। অতি যত্ন আৰু ধৈৰ্য সহকাৰে তেখেতে বক্তৃতা প্ৰস্তুত কৰিছিল। অৱশ্যে গৱেষণাৰ কোনো সুবিধা তেওঁ প্ৰথমে পোৱা নাছিল।

১৮৮৯ চনত বিভাগৰ মুৰব্বী পেডলাৰ কিছু দিনৰ ছুটি লৈ বিলাতলৈ যোৱাত বিভাগৰ ভাৰ প্ৰফুল্ল চন্দ্ৰৰ ওপৰত পৰে। এই সময়ত গৱেষণা কৰিবলৈ ধৰি ৰাসায়নিক জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰিবলৈ তেখেতে ভেজাল মিঠা তেল আৰু ঘিউ বিশ্লেষণ কৰা কাম হাতত লয়। সেই যুগত এক সাধাৰণ গৱেষণাগাৰত এনে কাম কিমান কষ্টসাধ্য আছিল আমাৰ অনুভৱ কৰিবলৈ অকণো কঠিন নহয়। তিনি বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ পিচত কাম প্ৰকাশ কৰে ১৮৯৪ চনত Journal of the Asiatic Society of Bengal-ত।

কলেজৰ ছাত্ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হোৱাত গৱেষণাগাৰৰ পৰিৱেশ অত্যন্ত দূষিত হ’বলৈ ধৰাত এদিন Principal Tawny-ক ছাত্ৰসকলে কাম কৰি থকা অৱস্থাত গৱেষণাগাৰ দৰ্শন কৰিবলৈ মাতি অনা হয়। দুই মিনিট সময় থাকিব নোৱাৰি অধ্যক্ষই নতুন স্বাস্থ্যসন্মত গৱেষণাগাৰৰ আৱশ্যকতা অনুভৱ কৰি এই দিশলৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। চৰকাৰে সন্মতি প্ৰদান কৰাত প্ৰফুল্ল চন্দ্ৰই এডিনবাৰা বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰৰ আৰ্হিত এক পৰিকল্পনা দাখিল কৰে। ১৮৯৪ চনত প্ৰতিষ্ঠা হোৱা গৱেষণাগাৰ আছিল এক আদৰ্শ গৱেষণাগাৰ।

দুগুণ উৎসাহেৰে গৱেষণা কৰিবলৈ ধৰি পাৰাৰ ওপৰত শীতল অৱস্থাত তৰল নাইট্ৰিক এচিডৰ বিক্ৰিয়া ঘটাই প্ৰস্তুত কৰা মাৰকিউৰাচ নাইট্ৰাইট নামৰ যৌগিক পদাৰ্থই সেই যুগৰ ৰসায়ন বিজ্ঞানৰ জগতত খলক তোলা একো আচৰিত নহয়। ৰসায়ন বিজ্ঞানৰ সেই চালুকীয়া অৱস্থাত পৰমাণুৰ গঠন, পদাৰ্থৰ, বিশেষকৈ নাইট্ৰ’জেনৰ পৰিৱৰ্তনশীল যোজ্যতাৰ ওপৰত মানুহৰ জ্ঞান আছিল সামান্য। এই আৱিষ্কাৰে এখন বহল দুৱাৰ মুকলি কৰে আৰু ক্ৰমান্বয়ে এমাইন নাইট্ৰাইট, হাইপ’নাইট্ৰাইট আদিৰ ওপৰত প্ৰৱন্ধ প্ৰকাশ হয়। Roscoe, Divers, Berthelot, Victor Meyer আদি বিশিষ্ট বিজ্ঞানীয়ে তেখেতক অভিনন্দন জনায়। বিশ্বৰ আগশাৰীৰ ৰসায়ন বিজ্ঞানী ৰূপে তেখেতে স্বীকৃতি লাভ কৰে। গৱেষণা কৰিবলৈ অহা ছাত্ৰ সংখ্যা বৃদ্ধি হয় আৰু অৱশেষত তেখেতৰ তলত গৱেষণা কৰিবলৈ অহা উপযুক্ত ছাত্ৰক বৃত্তি দিবলৈ চৰকাৰ সন্মত হয়। দীঘল শিকলিৰ চালফাৰৰ যৌগ, সোণ আৰু প্লেটিনামৰ ওপৰত তেখেতে গৱেষণা কৰিছিল। তেখেতৰ তলত কাম কৰা ছাত্ৰসকলে লগত কঢ়িয়াই নিছিল তেখেতৰ জ্ঞান আৰু কৰ্মস্পৃহা। সৰহ সংখ্যক ছাত্ৰই বিভিন্ন ক্ষেত্ৰত বিশিষ্ট আসন অধিকাৰ কৰি বৰঙণি আগবঢ়াই থৈ গৈছে।

সেই সময়ৰ ৰসায়ন বিজ্ঞানৰ বিভিন্ন শাখাত হোৱা বিকাশৰ প্ৰতি থকা তেখেতৰ দৃষ্টি আৰু ৰাপ প্ৰতিজন বিজ্ঞানীৰ বাবে জ্ঞানস্পৃহাৰ এক উজ্জল উদাহৰণ। ১৮৮৪ চনত হোৱা ফ্লৰিণৰ আৱিষ্কাৰ আৰু জৈৱ ৰসায়নৰ ওপৰত ইয়াৰ সাম্ভাৱ্য প্ৰভাৱ তেখেতে সুন্দৰকৈ আলোচনা কৰিছে। কিউৰী দম্পতিৰ ৰেডিয়ামৰ আৱিষ্কাৰ, ৰাদাৰফ’ৰ্ডৰ গৱেষণাৰ বিষয়ে তেখেতে দিয়া মন্তব্য পঢ়ি তেখেতৰ জ্ঞানৰ গভীৰতাই আমাক মুগ্ধ কৰিছে।

উদ্যোগপতি প্ৰফুল্ল চন্দ্ৰ

Bengal Chemical and Pharmaceutical– ৰ প্ৰতিষ্ঠাপক প্ৰফুল্ল চন্দ্ৰ উদ্যোগপতি ৰূপে আমাৰ সকলোৰে চিনাকি। তেনেই সামান্য মূলধন হাতত লৈ এনে উদ্যোগ গঢ়ি তুলিবলৈ তেখেতে প্ৰেৰণা আৰু সাহস গোটালে কৰ পৰা? প্ৰথমে প্ৰেৰণাৰ ওপৰতে ৰেখাপাত কৰা যাওক। কাৰণ স্পষ্ট ৰূপত ইয়াৰ ব্যাখ্যা তেখেতৰ আত্মজীৱনীত পোৱা যায়।

তেখেত আছিল এডিনবাৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ। বিদেশত, বিশেষ কৈ ইংলেণ্ড, স্কটলেণ্ড আদি দেশত ৰসায়ন বিজ্ঞানৰ পাঠ গ্ৰহণ কৰা লোকে বিজ্ঞানৰ গৱেষণা আৰু উদ্যোগৰ মাজৰ সম্বন্ধ অতি সুন্দৰ কৈ প্ৰত্যক্ষ কৰিব পাৰে। ৰসায়ন আদিৰে পৰা আছিল এক ব্যৱহাৰিক বিজ্ঞান। ধাতু নিষ্কাশন, কাঁচ, পানীয়, ৰং, চাবোন, বহুধৰণৰ ঔষধ, আদি প্ৰায় দুহাজাৰ বছৰৰ আগৰে পৰা মানুহে প্ৰস্তুত কৰিব জানিছিল। পৰম্পৰাগতভাৱে এই জ্ঞান পিতাৰ পৰা পুত্ৰ লৈ, গুৰৰ পৰা শিষ্য লৈ বাগৰি আহিছিল। ইতিহাসৰ ওপৰত গভীৰ অধ্যয়ন কৰা প্ৰফুল্ল চন্দ্ৰ এই সম্বন্ধে আছিল সজাগ। তেখেতৰ মতে বিজ্ঞানে শিল্প উদ্যোগক সহায় কৰিছিল সঁচা, কিন্তু শিল্প উদ্যোগৰ ওপৰতহে ৰসায়ন বিজ্ঞান ঋণী।

প্ৰেছিডেন্সি কলেজত পাঠ দান দিয়া প্ৰফুল্ল চন্দ্ৰৰ মতে কলেজত ইংৰাজী শিক্ষাৰে শিক্ষিত যুৱ চামৰ এক মাত্ৰ উদ্দেশ্য  যেনে-তেনে এটা চাকৰি গোটাই জীৱন নিৰ্বাহ কৰা। এওঁ লোকৰ জ্ঞান সামান্য, চিন্তা শক্তি প্ৰায় শূন্য। কেৰাণী হ’বলৈকে তেওঁলোকক শিক্ষা দিয়া হৈছে আৰু বাস্তৱত সেয়ে হৈছে। মধ্যবিত্ত যুৱক থাকে আধা পেটে, ভোগে বিভিন্ন ধৰণৰ ৰোগত, চিন্তা শক্তি হয় কৰ পৰা? লাহে ধীৰে বৃদ্ধি হৈছে নিবনুৱা শিক্ষিত যুৱকৰ সংখ্যা। উদ্যোগ গঢ়িব পাৰিলেহে এই চামক উপযুক্ত চাকৰি দিব পৰা যাব  শস্য-শ্যামলা বংগ দেশত কেঁচা মালৰ অভাৱ নাই। অথচ এটুকুৰা চাবোনৰ হকে ভাৰতে ইংলেণ্ডৰ ওচৰত হাত পাতে। এনে দৃষ্টি ভংগী আগত ৰাখি তেখেতে উদ্যোগ গঢ়াৰ সিদ্ধান্ত লয়। প্ৰেৰণা যোগাইছিল সমাজ সচেতন প্ৰফুল্ল চন্দ্ৰক নিজস্ব চিন্তা শক্তি আৰু বিবেকে। আৰু সাহস ? নিজৰ ওপৰত থকা অগাধ আত্ম বিশ্বাস, অফুৰন্ত কৰ্ম শক্তি আৰু গভীৰ ব্যৱসায়িক জ্ঞানে।

এইবাৰ তেখেতৰ ব্যৱসায়িক দৃষ্টি ভংগীৰ প্ৰতি মন কৰক। সামান্য মূলধন হাতত লৈ তেখেতে সহজতে প্ৰস্তুত কৰিব পৰা ৰাসায়নিক দ্ৰৱ্য প্ৰস্তুত কৰিবলৈ ধৰে। প্ৰথম দ্ৰৱ্য আছিল নেমু-টেঙাৰ পৰা প্ৰস্তুত কৰা চাইট্ৰিক এচিড। চাইট্ৰিক এচিডৰ এখন বজাৰ আছিল, কিন্তু তেখেত উপলব্ধি কৰে যে সস্তাত তেখেতে ইয়াক বিক্ৰী কৰিব নোৱাৰে। সেয়েহে ঔষধ প্ৰস্তুত কৰিবলৈ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰে। এডিনবাৰা বিশ্ববিদ্যালয়ৰ Chemical Society-ৰ সভ্য হিচাপে তেখেতে বহু উদ্যোগ, যেনে, “Puller’s Dye Works”, “Perth”, “Mac Ewen’s Brewery” “Distillation of Shales” আদি দৰ্শন কৰাৰ সুবিধা পাইছিল। কিন্তু কোনো দিনেই তেখেতক ঔষধ নিৰ্মাণ কাৰখানাত প্ৰৱেশৰ সুবিধা দিয়া হোৱা নাছিল। সকলো তথ্য গোপনে ৰখাৰ হেতুকে ঔষধ প্ৰস্তুত সম্বন্ধে তেখেতৰ জ্ঞান আছিল সামান্য। প্ৰথমে তেখেতে বজাৰত বিক্ৰী হোৱা দৰৱৰ সংখ্যা আৰু মাত্ৰাৰ ওপৰত অনুসন্ধান কৰিবলৈ ধৰি সেই সময়ৰ সফল ব্যৱসায়ী ভূতনাথ পালৰ পৰা সহায় আৰু উৎসাাহ লাভ কৰে। অনুসন্ধানৰ পিচত পেলনীয়া লোহা আৰু চালফিউৰিক এচিডৰ সংযোগত প্ৰস্তুত কৰিব পৰা বজাৰত চাহিদা থকা আইৰণ চালফেট প্ৰস্তত কৰাৰ সিদ্ধান্ত লৈ গম ধৰিব পাৰে যে স্থানীয় লোক কাৰ্তিক চন্দ্ৰ সিং আৰু মাধৱ চন্দ্ৰ দত্তৰ চালফিউৰিক এচিডৰ কাৰখানা আছে। এচিডৰ দৰে বিপদজনক দ্ৰৱ্যৰ আমদানি-ৰপ্তানি কৰাৰ অসুবিধা বহুত। সেয়েহে স্থানীয় লোকে এচিড বেচাৰ সুবিধা পাইছিল। কাৰখানা দৰ্শন কৰিবলৈ গৈ তেওঁ দুখত ভাগি পৰে। কাৰণ আদিম পদ্ধতিৰে ৰসায়ন বিজ্ঞানৰ বিশেষ একো জ্ঞান নোহোৱাকৈ অত্যন্ত অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে এচিড প্ৰস্তুত কৰিছিল। এটা কাৰখানাৰ মালিক আছিল একেখন গাওঁবাসী যাদৱ চন্দ্ৰ মিত্ৰ। যাদৱ চন্দ্ৰ পৰামৰ্শ বিচাৰি প্ৰফুল্ল চন্দ্ৰৰ ওচৰ চপাৰ লগে লগে তেওঁ এই কাম হাতত লৈ বহু দূৰ পৰ্যন্ত সফল হয়। সেয়েহে ক’ব পাৰি যে আক্ষৰিক অৰ্থত এক জাতীয় উদ্যোগৰ তেখেতে পাতনি মেলে। ইয়াৰ পিচত জন্তুৰ হাড়ৰ লগত প্ৰথমে চালফিউৰিক এচিড আৰু তাৰ পিচত চ’ডা খাৰৰ মাজত ক্ৰিয়া ঘটাই তেখেতে প্ৰস্তুত কৰে Phosphate of Soda (এই খিনিতে তেখেতে উল্লেখ কৰা এটা ঘটনাৰ লোভ সামৰিব নোৱাৰিলো। শ্ৰেণী কোঠালৈ ভস্মীভূত হাড়ৰ গুৰি লৈ গৈছিল আৰু কৈছিল, “এইবোৰ কি জন্তুৰ হাড়ৰ গুৰি ক’ব নোৱাৰো, গৰু, ঘোঁৰা, কুকুৰ, মেকুৰী বা মানুহৰ লাওখোলা হ’ব পাৰে। কিন্তু ই এক ৰাসায়নিক যৌগ, কেলচিয়াম ফচফেট আৰু বজাৰত ঔষধ হিচাপে বিক্ৰী হয়। মুখত কিছু গুৰি ভৰাই ছাত্ৰ সকলক ইয়াৰ সোৱাদ ল’বলৈ কৈছিলোঁ। কেইজনমান আগবাঢ়ি আহিছিল। কিন্তু সৰহ সংখ্যক বিৰত আছিল”)। এইদৰে ভাৰতে আমদানি কৰা কিছুমান দ্ৰৱ্য বিক্ৰী কৰিবলৈ তেওঁ সমৰ্থ হয়।

চালে-বেৰে কোবাই তেওঁ ঔষধ প্ৰস্তুত কৰাৰ কাম হাতত লৈ বহু বাধাৰ সন্মুখীন হয়। প্ৰথম সমস্যা প্ৰতিযোগিতা। স্থানীয় লোকে কিনে বিলাতী দৰৱ, দেশী নহয়, British Pharmacopoeia-ই স্থানীয় উৎপাদিত ঔষধক বজাৰত বিক্ৰী কৰাত বাধা দিয়ে। হতাশত ভাগি পৰা ভকত তেখেত নাছিল। দেশপ্ৰেমিক চিকিৎসক অমূল্য চৰণ বোস, চন্দ্ৰ ভূষণ ভাদুৰী, কূলভূষণ ভাদুৰীৰ দৰে মানুহে তেখেতক সহায়  কৰিবলৈ আগবাঢ়ি আহে। প্ৰফুল্ল চন্দ্ৰই দিনে ৰাতিয়ে Pharmaceutical Journal, Chemist and Druggist, Companion to British Pharmacopoeia আদিৰ পৰা তথ্য সংগ্ৰহ কৰে, স্থানীয় কবিৰাজৰ পৰা অমূল্য চৰণে সংগ্ৰহ কৰে আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতি প্ৰণালী। লাহে-ধীৰে তেওঁলোকৰ দৰৱে স্থানীয় দোকানত দৰ্শন দিবলৈ আৰম্ভ কৰে। আনহাতে অমূল্য চৰণে সজোৰে প্ৰচাৰ কাৰ্য চলায়, দেশ প্ৰেমিক চিকিৎসক নীল ৰতন চৰকাৰ, সুৰেশ প্ৰকাশ সৰ্বাধিকাৰীয়ে তেওঁলোকে প্ৰস্তুত কৰা ঔষধ, নিদানত স্থান দিয়ে। তথাপি বিলাতী দৰৱৰ লগত ফেৰ মৰা আছিল অত্যন্ত কঠিন। অৱশেষত Indian Medical Congress ঔষধৰ এখন সৰু দোকান দিয়াত তেওঁলোকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু British Pharmacopoeia-ই স্বীকৃতি দিবলৈ বাধ্য হয়।

বহু বাধা বিঘিনি তেখেতে অতিক্ৰম কৰিব লগাত পৰিছিল। গৱেষণাগাৰৰ এটা দুৰ্ঘটনাত মৃত্যু মুখত পৰে উৎসাহী কৰ্মী সতীশ চন্দ্ৰ। প্ৰফুল্ল চন্দ্ৰ দুখত ভাগি পৰিছিল। অমূল্য চৰণকো অকালতে তেখেতে হেৰুৱাব লগাত পৰিছিল (আমাৰ চমু পৰিসৰত আমি ইয়াৰ বিতং বিৱৰণ দিব নোৱাৰো। ই অত্যন্ত মনোগ্ৰাহী কাহিনী)। ব্ৰিটিছ চৰকাৰে বাৰে-বাৰে বাধা দিছিল। তথাপি ১৯০১ চনৰ ১২ এপ্ৰিলৰ দিনা প্ৰফুল্ল চন্দ্ৰ ৰায়, চন্দ্ৰ ভূষণ ভাদুৰী, ভূত নাথ পাল, কাৰ্তিক চন্দ্ৰ বোস, চাৰু চন্দ্ৰ বোস, অমূল্য চৰণ বোসৰ বিধৱা পত্নী  আৰু সতীশ চন্দ্ৰ সিংহাই গঠন কৰে The Bengal Chemical and Pharmaceutical Co, Ltd । নিজ জেপৰ মাথো ৫০০ টকাৰে আৰম্ভ কৰা কোম্পানী গঠনৰ এবছৰৰ পিচত মূল্য হয় ২৩,০০০, ১৯১০ চনত তিনি লাখ, ১৯২৬ চনত কৰ্মী সংখ্যা আছিল ১৪০০ আৰু কোম্পানী মূল্য আছিল তেইশ লাখ টকা।

সমাজ সচেতন সমাজ সেৱক প্ৰফুল্ল চন্দ্ৰ

আগতেই প্ৰফুল্ল চন্দ্ৰৰ ওপৰত ব্ৰাহ্ম সমাজৰ প্ৰভাৱ উল্লেখ কৰা হৈছে। এই সমাজত তেখেতে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। তেখেতৰ ভাষাত, “The Brahmo Samaj movement aimed at the abolition of caste system, removal of social inequalities, uplifting of women by the spread of education among them, ………… Work in connection with social service has also been my hobby, as a member of Brahmo Samaj I threw myself heart and soul into it’s activities………”। এই বাক্য আজীৱন তেখেতে আখৰে আখৰে পালন কৰিছিল। নাৰী শিক্ষাৰ পক্ষে, কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিপক্ষে যুঁজ দিছিল আজীৱন। গৰমৰ বন্ধ কটাবলৈ গাওঁ লৈ যোৱা প্ৰফুল্ল চন্দ্ৰই ৰাইজৰ সুখ-দুখ, আশা আকাংখাৰ স্বৰূপ ভালদৰে বুজি পাইছিল। ১৯২১ চনত খুলনাত হোৱা দুৰ্ভিক্ষত সাহায্য কমিটী গঠন কৰিবলৈ গাওঁবাসীয়ে অনুৰোধ কৰাত তেখেত উঠিপৰি লাগে। তেখেতৰ সংগঠন ক্ষমতাৰ পৰিচয় এইখিনিতে পোৱা যায়। সাহায্য বিচৰাৰ লগে-লগে মানুহে মুক্তহস্তে দান কৰে। সকলো ধৰণৰ কাম কৰিবলৈ স্থানীয় যুৱক স্বইচ্ছাই আগবাঢ়ে। তেখেতৰ লগতে তেওঁলোকে কাম কৰিছিল দিনে ৰাতিয়ে।

ইয়াৰ এবছৰৰ পিচত ১৯২২ চনত উত্তৰ বংগত হয় প্ৰলয়ংকৰ বানপানী। ইয়াৰ খবৰ লাহে-ধীৰে আহি কলিকতা পাইছিল। সুভাষ চন্দ্ৰ বোস বান বিধস্ত অঞ্চল  দৰ্শন কৰিবলৈ গৈ এখন সাহায্য-কমিটী গঠন কৰিবলৈ কলিকতাবাসীক অনুৰোধ কৰাত The Bengal Relief Committee গঠন কৰি প্ৰফুল্ল চন্দ্ৰক ৰাইজে সভাপতিৰ পদ গ্ৰহণ কৰিবলৈ বাধ্য কৰে। এই কাম কেনে সুচাৰূপে সমাধা কৰি সফল হৈছিল ইয়াৰ প্ৰমাণ পোৱা যায় Manchester Guardian-ত প্ৰকাশিত খবৰত। সংবাদদাতাৰ মতে পি, চি, ৰায় নামৰ এজন ৰসায়ন বিজ্ঞানীয়ে চৰকাৰে কৰ্ণপাত নকৰা বিপদৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে আৰু এমাহৰ ভিতৰত সংগ্ৰহ কৰিছে তিনি লাখ টকা। ধনী মহিলাই দান কৰিছে হাতৰ কাণৰ অলংকাৰ, দেহে কেহে খাটিবলৈ হাজাৰ যুৱক স্বইচ্ছাই আগবাঢ়ি আহিছে। মানুহজনৰ ওপৰত ৰাইজৰ অগাধ বিশ্বাস, তেখেতৰ হাতত পৰা এটা পইচাৰো ইফাল সিফাল নহয় বুলি ৰাইজৰ দৃঢ় বিশ্বাস। বহু ইউৰোপীয় মিছনেৰীয়ে বিভিন্ন ধৰণে সহায় কৰিছে (এই সম্বন্ধে পিচলৈ আমি পুনৰ আলোচনা কৰিছোঁ)। ৰাইজৰ হকে দেহে কেহে খাটিব পৰা প্ৰফুল্ল চন্দ্ৰক ৰাইজে কৰা শ্ৰদ্ধা ভক্তিৰ উমান এই সময়ত পোৱা গৈছিল।

শিক্ষক প্ৰফুল্ল চন্দ্ৰ  

শিক্ষক ৰূপে  চন্দ্ৰৰ তুলনা পাবলৈ টান।  ছাত্ৰক “মানুহ” ৰূপে গঢ় দিবলৈ আজীৱন শিক্ষকতা কৰা এইজন পুৰুষে তেখেতৰ লিখনিৰ যোগে আমালৈ দান কৰি থৈ গৈছে অমূল্য শিক্ষা। তেখেতৰ মতে সমাজত সুশিক্ষক এক আপুৰুগীয়া সম্পত্তি। শিক্ষাৰ চাবি-কাঠী থাকে শিক্ষকৰ হাতৰ মুঠিত, পাঠ্যপুথি বা পাঠ্যক্ৰমৰ মাজত নহয়। সুশিক্ষকে ছাত্ৰক ধৰা-বন্ধা পাঠ্যক্ৰমৰ মাজত আৱদ্ধ ৰাখি পাঠ্যক্ৰম মুখস্থ কৰি ডিগ্ৰী লাভ কৰিবলৈ শিক্ষা নিদিয়ে, শিক্ষা দিয়ে আজীৱন জ্ঞান সাধনা কৰিবলৈ।

ইংৰাজী মাধ্যমেৰে দিয়া শিক্ষাৰ তেখেত আছিল দুৰ্ঘোৰ বিৰোধী। কিশোৰ-কিশোৰীক এপতীয়া কালতে এক বিদেশী ভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰি প্ৰকৃততে বৌদ্ধিক পংগুলৈ পৰিণত কৰা হয়। ইংৰাজক চীন ভাষাত শিক্ষা দিবলৈ চেষ্টা কৰিলে সেই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিবনে? শিক্ষাৰ মাধ্যম হোৱা উচিত মাতৃ ভাষা। বিদেশী ভাষা, সাহিত্যৰ জ্ঞানৰ নিশ্চয় আৱশ্যক। কিন্তু মাথো ইংৰাজী সাহিত্য কিয়? গ্ৰীক, লেটিন, ফৰাচী, জাৰ্মান সাহিত্যও সমানেই চহকী।

ভাৰতীয় শিক্ষা ব্যৱস্থাৰ দোষ উদঙাই দিয়া ভাষণসমূহত বিশ্ববিদ্যালয়ৰ শিক্ষা-পদ্ধতি আৰু প্ৰশাসনৰ প্ৰতি তেখেতৰ বিদ্বেষ দেখিলে আশ্চৰ্যবোধ কৰিব লাগে। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ স্তৰ এনে নিম্ন যে ই মাধ্যমিক স্তৰৰ স্কুলৰো কাম্য নহয়। শিক্ষকে যোগান ধৰে মাথো কিছুমান তথ্য, জ্ঞান বা চিন্তা নহয়। পাঠ্যক্ৰমৰ মাজত আৱদ্ধ থকা ছাত্ৰই ডিগ্ৰীৰ পোছাকৰ তলত অজ্ঞতা ঢাকি ৰাখে। বংগ দেশৰ কায়িক আৰু মানসিক পৰিশ্ৰম বিমুখী, অলস, উদ্যমহীন ডিগ্ৰীধাৰীসকলে শ্ৰমৰ মৰ্যদা চিনি নাপায়। উদ্যমী মাৰোৱাৰী আৰু গুজৰাটীসকলে ব্যৱসায়, কঠোৰ পৰিশ্ৰমী বিহাৰী লোকে কায়িক শ্ৰম কৰি বংগ দেশত লাখ-লাখ টকা অৰ্জন কৰে। দেশী-বিদেশী উদ্যোগপতিয়ে লুটিপুতি নিয়া টকাৰ পৰিমাণ অভাৱনীয়। বঙালী যুৱকে হাতত ডিগ্ৰীৰ এখন প্ৰমাণ পত্ৰ লৈ দুৱাৰে-দুৱাৰে চাকৰি বিচাৰি ঘূৰি ফুৰে। ই কেনে ধৰণৰ শিক্ষা ?

তেখেতৰ মতে ধনী, দুখীয়া নিৰ্বিশেষে প্ৰতিজন শিশুৰ বাবে শিক্ষাৰ দুৱাৰ হ’ব লাগে মুক্ত। মাধ্যমিক স্তৰত প্ৰতিটো বিষয়ৰ ওপৰত সম্যক জ্ঞান থকা শিক্ষা দিয়া উচিত। পৃথিৱীৰ বহু দেশৰ গুণী, জ্ঞানীৰ উদাহৰণ দাঙি ধৰি তেওঁ প্ৰমাণ কৰিব খুজিছে যে পৰিয়ালৰ, সমাজৰ, দেশৰ গুৰি ধৰিব পৰা দায়িত্বজ্ঞান সম্পন্ন মানুহ হ’বলৈ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ আৱশ্যক নাই। আৱশ্যক  উদ্যম, যি-কোনো বিপদৰ সন্মুখীন হ’ব পৰা সাহস, স্ব-নিৰ্ভৰশীল হোৱাৰ প্ৰৱণতা, বাস্তৱ জ্ঞান আৰু বাস্তৱ অভিজ্ঞতা। অৱশ্যে বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ বিৰোধী তেওঁ নহয়। বিশ্ববিদ্যালয় হোৱা উচিত জ্ঞান আৰু শিক্ষাৰ কেন্দ্ৰবিন্দু, ডিগ্ৰীধাৰী যুৱক বৃহৎ হাৰত উৎপাদন কৰা কাৰখানা নহয়। এমুঠি মৌলিক চিন্তাৰ অধিকাৰী চিন্তাশীল ছাত্ৰক প্ৰৱেশৰ অধিকাৰ দিব লাগে। এইসকলে নিজ বিষয়ৰ ওপৰত যোগ কৰিব ওপৰঞ্চি জ্ঞান।

প্ৰফুল্ল চন্দ্ৰৰ নিজ জীৱনৰ এক কাহিনী উল্লেখযোগ্য। স্নাতক পৰীক্ষাত উৰ্ত্তীণ হ’ব নোৱাৰি পি. এন. ৰক্ষিত তেখেতৰ ওচৰ চাপিছিল। কথা পাতিয়েই ছাত্ৰৰ মৌলিক প্ৰতিভাৰ উমান পাই তেখেতে ছাত্ৰক নিজৰ লগত কাম কৰিবলৈ দিয়ে। বহু গৱেষণা পত্ৰ ৰক্ষিতে প্ৰকাশ কৰিছিল। ছাত্ৰ চিনাক্তকৰণত তেওঁৰ অকণো সময়ৰ প্ৰয়োজন হোৱা নাছিল। আত্মজীৱনীত তেখেতে লিখিছে, “১৯০৯ চনত প্ৰছিডেন্সি কলেজত এক নতুন অধ্যায়ৰ সূচনা হয়। ভৱিষ্যত বিজ্ঞানলৈ অমূল্য অৱদান আগবঢ়োৱা এমুঠি উজ্জ্বল মেধাবী ডেকা কলেজলৈ আহে”। এওঁলোকৰ মাজত আছিল জ্ঞানচন্দ্ৰ ঘোষ, জ্ঞানেন্দ্ৰনাথ মুখাৰ্জী, মাণিক লাল দে, সত্যেন্দ্ৰনাথ বসু, পুলিন বিহাৰী সৰকাৰ আৰু মেঘনাদ সাহা। এডিনবাৰা বিশ্ববিদ্যালয়ত তেখেতে এদিন ভাৰতে বিজ্ঞানৰ জগতত নিজ স্থান দখল কৰাৰ সপোন দেখিছিল। তেখেতৰ দৃঢ় বিশ্বাস আছিল যে এইচাম যুৱকে এই সপোন দিঠকত পৰিণত কৰিব। এই ছাত্ৰসকলৰ মাজত গঢ়ি উঠা বন্ধুত্বই প্ৰফুল্ল চন্দ্ৰক মুগ্ধ কৰিছিল, প্ৰায়ে তেখেতে তেওঁলোকক দেখা কৰিবলৈ আৰু তেওঁলোকৰ লগত ময়দানত খোজ কাঢ়িবলৈ গৈছিল। নিজ পুত্ৰৰ দৰে তেখেতে ছাত্ৰক মৰম আৰু শাসন কৰিছিল। তেখেতে প্ৰায়ে কৈছিল, “নিজ পুত্ৰ আৰু শিষ্যৰ বাদে কাৰো ওচৰত পৰাজয় স্বীকাৰ নকৰিবা”।

ভাৰতৰ বিভিন্ন স্থানৰ ছাত্ৰ সন্মিলন, বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সভাত তেখেতে দিয়া ভাষণৰ পৰা শিকিবলগীয়া আছে বহু দিশ। ১৯১৯ চনত অসম ছাত্ৰ সংস্থাৰ বাৰ্ষিক অধিৱেশনত তেখেত আছিল মুখ্য অতিথি। উল্লেখযোগ্য যে অসমৰ এগৰাকী গৱেষক হৰিশ চন্দ্ৰ গোস্বামীয়ে তেখেতৰ লগত গৱেষণা কৰিছিল। কিন্তু ঘৰুৱা অসুবিধাত পৰি ঘৰলৈ ঘূৰি আহিবলগীয়াত পৰে।

ৰাজনীতি, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু প্ৰফুল্ল চন্দ্ৰ

সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ নকৰা প্ৰফুল্ল চন্দ্ৰৰ ভাৰতীয় স্বাধীনতা আন্দোলনত পৰোক্ষ প্ৰভাৱ আলোচনাযোগ্য।

১৮৯৫ চনত ভাৰতীয় কংগ্ৰেছৰ অধিৱেশনত আনন্দ মোহন বোসে শিক্ষক নিযুক্তিৰ দ্বিমুখী পদ্ধতিৰ তীব্ৰ প্ৰতিবাদ কৰি কৈছিল যে দেশৰ এজন ৰসায়ন বিজ্ঞানীৰ গৱেষণাক সকলো উন্নত দেশে স্বীকৃতি দিছে। তেওঁক প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত কৰা হৈছে কিয়? ইংলেণ্ডৰ লোকেও চৰকাৰক গৰিহণা দিছিল। সমাধানৰ উপায় বিচাৰি প্ৰফুল্ল চন্দ্ৰক ইংৰাজী শিক্ষকৰ সমান দৰমহা সহ ৰাজচাহী কলেজত নিযুক্তি দিয়া হৈছিল। কিন্তু  বহু কাৰণত এই চাকৰি তেওঁ প্ৰত্যাখ্যান কৰিছিল।

আনন্দ মোহন বোস, সুৰেন্দ্ৰ নাথ বেনাৰ্জী, শিৱনাথ শাস্ত্ৰী আদি ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ আগশাৰীৰ নেতাৰ লগত তেখেতৰ পৰিচয় আছিল। ১৯০১ চনত গোপাল কৃষ্ণ গোখলে কলিকতালৈ আহোঁতে নীলৰতন সৰকাৰে তেখেতক আদৰি আনিবলৈ প্ৰফুল্ল চন্দ্ৰক লগত নিয়ে। কিছু দিনৰ ভিতৰতে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে। প্ৰফুল্ল চন্দ্ৰৰ মতে সেই সময়ত সুৰেন্দ্ৰ নাথকে আদি কৰি প্ৰতিজন ৰাজনীতিবিদৰ ৰাজনীতি আছিল আজৰি সময়ৰ কাম। “ভাৰতীয় জাতীয় কংগ্ৰেছ”ৰ অধিৱেশনক বৰদিনৰ বন্ধৰ “তিনি দিনীয়া বনভোজ” বুলি মানুহে উপলুঙা কৰিছিল। প্ৰফুল্ল চন্দ্ৰৰ মতে কৰ্ম জীৱনৰ শেষ দিশলৈ মাথো ৰাজনীতিৰ সমস্যা অধ্যয়ন কৰিবলৈ সমগ্ৰ সময় আৰু শক্তি খৰচ কৰা গোখলেই প্ৰথম ৰাজনীতিবিদ।

১৯০১ চনৰ শেষৰ দিশত কলিকতালৈ আহে মহাত্মা গান্ধী। প্ৰফুল্ল চন্দ্ৰক চুম্বকে আকৰ্ষণ কৰা দৰে গান্ধীয়ে আকৰ্ষণ কৰে। সেই সময়ত মাহে হাজাৰ টকা উপাৰ্জন কৰা মানুহজনে সাধাৰণ লোকৰ সুখ দুখৰ ভাগ ল’বলৈ ৰে’লৰ তৃতীয় শ্ৰেণীত ভ্ৰমণ কৰিছিল। প্ৰফুল্ল চন্দ্ৰই এখন ৰাজহুৱা সভা পাতি গান্ধীক মুখ্য বক্তা ৰূপে ভাষণ দিবলৈ অনুৰোধ কৰাৰ কথা চিন্তা কৰাত গোখলে সন্মত হয়। সভাখনৰ এটা চমু টোকা “Englishman”, January 20, 1902 ত প্ৰকাশ হৈছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম পদক্ষেপত এই সভা আছিল তেখেতৰ বৰঙণি।

১৯০৫ চনত লৰ্ড কাৰ্জনে বংগ ভংগৰ সিদ্ধান্ত হাতত লোৱাৰ ফলস্বৰূপে বঙালী সমাজৰ প্ৰতিটো স্তৰতে দেখা দিয়ে বিক্ষোভ। মূৰ দাঙি উঠা জাতীয়তাবাদী আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰি তেখেতে আক্ষেপ কৰিছে, “However, as a Government servant I was precluded from taking any active part in the movement…………… my heart went out to it”। তেখেতে মন্তব্য দিছে যে বংগ দেশৰ সন্মিলিত শক্তিক মষিমূৰ কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰায়েই এই সিদ্ধান্তৰ উদ্দেশ্য। প্ৰতিক্ৰিয়াই জন্ম দিছে জাতীয় চেতনা, জাগি উঠিছে এক সুপ্ত জাতি। এই সময়ত অসম, বংগদেশ আৰু উৰিষ্যাৰ সাহিত্য, সংস্কৃতিৰ এক তুলনামূলক অধ্যয়ন কৰিছিল যেন আমাৰ মনে ধৰে। তেখেতৰ মতে এই তিনি ভাষাৰ মাজত থকা সাদৃশ্য আশ্চৰ্যজনক, কাৰণ পূব আৰু পশ্চিম বংগৰ মাজত আছে দুখন ডাঙৰ নদী, পদ্মা আৰু ব্ৰক্ষ্মপুত্ৰ। এই তিনি সুকীয়া ভাষাৰ মূল একে। প্ৰতিটোৰে নিজস্ব চহকী সাহিত্য আৰু সংস্কৃতি আছে। অলপ চেষ্টা কৰিলেই অসমীয়া ভাষা শিকিব পাৰি।

ভয়ংকৰ বানপানীৰ সময়ত ভাৰতীয় আন্দোলনত প্ৰফুল্ল চন্দ্ৰৰ পৰোক্ষ প্ৰভাৱ আগতে উল্লেখ কৰা হৈছে। সংবাদদাতাজনে লিখিছে যে এই মানুহজন অসহযোগ আন্দোলনকাৰী নহয়, কিন্তু চৰকাৰৰ সমালোচকজনে জাতীয়তাবাদীসকলক দুগুণ উৎসাহ প্ৰদান কৰিছে। এজন ইউৰোপীয় লোকে কৈছিল (মানুহজনৰ নাম সংবাদ দাতা জনে উল্লেখ কৰা নাই), “মিষ্টাৰ গান্ধীয়ে চাৰ পি, চি, ৰায়ৰ দৰে আৰু দুজন ব্যক্তি যদি সৃষ্টি কৰিব পাৰিলেহেঁতেন, তেখেতে এই বছৰৰ ভিতৰতে স্বৰাজ লাভ কৰিলেহেঁতেন”। হিন্দু মুছলমানৰ একত্ৰিত শক্তিয়ে প্ৰফুল্ল চন্দ্ৰক আনন্দ দিছিল। সাহায্যপ্ৰাৰ্থীৰ আশী শতাংশ আছিল মুছলমান আৰু সাহায্যদাতাৰ নব্বৈ শতাংশ আছিল হিন্দু। একত্ৰিত কৰিব পৰা ক্ষমতা তেওঁৰ আছিল।

শিল্প-উদ্যোগ স্থাপন কৰা প্ৰফুল্ল চন্দ্ৰই গান্ধীৰ খাদী আন্দোলনক সমৰ্থন জনাই গাৱেঁ-ভূঞে প্ৰচাৰ চলাইছিল। হস্তশিল্পই গাঁৱৰ দুখীয়া তিৰোতাক ভাত মুঠি যোগাবলৈ সহায় কৰে। কুটীৰ শিল্পই ভাৰতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

গান্ধীৰ কিছুমান মতৰ সমালোচনা তেখেতে কৰিছে, তথাপি তেখেতে বিশ্বাস কৰিছিল যে গান্ধীয়ে কল্পনা কৰা স্বাধীন ভাৰতত দৰিদ্ৰতা দূৰ হ’ব, শিক্ষাৰ প্ৰসাৰ ঘটিব, জ্ঞান-বিজ্ঞানৰ জগতে গাব ভাৰতৰ জয়গান। সেয়েহে তেখেতে কৈছিল “বিজ্ঞান পলম কৈ হ’ব পাৰে, কিন্তু স্বৰাজ নোৱাৰে”।

সাহিত্য ৰসিক, সাহিত্যিক, ইতিহাসবিদ প্ৰফুল্ল চন্দ্ৰ

“A History of Hindu Chemistry

সাহিত্য আৰু ইতিহাস আছিল ছাত্ৰ প্ৰফুল্ল চন্দ্ৰৰ প্ৰিয় বিষয়। সমগ্ৰ জীৱন ধৰি তেওঁ এই অধ্যয়ন অব্যাহত ৰাখে। শ্ৰেণী কোঠাত মাইকেল মধুসূদন দত্তৰ তলৰ কবিতা ফাঁকি তেওঁ প্ৰায়ে গাই শুনাইছিল –

“হে মোৰ সন্তান, মাতৃকোষ ৰত্নৰে ভৰপূৰ,
হাতত তোৰ ভিক্ষাৰীৰ জোলোঙা কিয় ?”

আন এটা প্ৰিয় উদ্ধৃতি আছিল দেৱীৰ পৰা ঔষধৰ গুপ্ত ৰহস্য লাভ কৰিবলৈ নাৰ্গাজুনে কৰা কঠোৰ তপস্যা। তেখেতৰ সাহিত্য, ইতিহাস, সংস্কৃত, ফৰাচী আৰু জাৰ্মান ভাষাৰ ওপৰত থকা দখলৰ পৰিচয় পোৱা যায় বিজ্ঞান সাহিত্যৰ অমূল্য ৰত্ন “A History of Hindu Chemistry” কিতাপখনৰ মাজত। কিতাপৰ এক চমু আভাষ দিবলৈ আমি চেষ্টা কৰিছোঁ, বহল আলোচনাৰ বাবে আন এক লিখনিৰ প্ৰয়োজন।

আজৰি সময়ত তেখেতে পঢ়িছিল অত্যন্ত জটিল কিতাপ, ক’পৰ Geschichte আৰু Materia Medica Of Hindus (উদয়চান্দ  দত্ত)। প্ৰেছিডেন্সি কলেজৰ গ্ৰন্থাগাৰত তেখেতৰ লগত পৰিচয় ঘটে সেই যুগৰ বিশিষ্ট বিজ্ঞানী বাৰ্থোলো লিখিত L’ Alchimistes Grecs । এনে সময়তে বাৰ্থোলোৰ লগত তেওঁৰ যোগাযোগ ঘটে। বিজ্ঞানীজনলৈ লিখা এখন চিঠিত তেখেতে উল্লেখ কৰে যে প্ৰাচীন ভাৰতীয় ‘এলকেমি’ সম্বন্ধে বাৰ্থোলো অৱগত নহয়। প্ৰাচীন ভাৰতত এই বিদ্যা চৰ্চ্চা কৰা হৈছিল। প্ৰত্যুত্তৰত ফৰাচী বিজ্ঞানীজনে স্বীকাৰ কৰে যে ভাৰতীয় বিজ্ঞানৰ বিষয়ে তেখেতে বিশেষ তথ্য সংগ্ৰহ কৰিব পৰা নাই।  Treaties of Ostanes আৰু Book of Crate’s-ৰ মতে খ্ৰীষ্টাব্দ ছয় আৰু আঠ শতিকাত খ্ৰীষ্ট ধৰ্মীয় নেষ্টোৰিয়ানসকলৰ যোগে এলকেমি ভাৰতলৈ আহিছিল। তেখেতে প্ৰফুল্ল চন্দ্ৰক সঠিক তথ্যৰ যোগান ধৰিবলৈ অনুৰোধ কৰে। কিতাপখন লিখাৰ অনুপ্ৰেৰণা আহে বাৰ্থোলোৰ পৰা। বছৰ ধৰি কৰা গভীৰ অধ্যয়নৰ ফলস্বৰূপে প্ৰকাশ হয় ১৯০২ চনত এখন মূল্যবান কিতাপৰ প্ৰথম খণ্ড। প্ৰকাশৰ লগে-লগে কিতাপে অৰ্জন কৰে ভূয়সী প্ৰশংসা। The Englishman, The Pioneer, The Times of India আদিত মন্তব্য, Nature, American Chemical Journal-ত সমীক্ষা প্ৰকাশ হয়। প্ৰায় পোন্ধৰ পৃষ্ঠা ধৰি বাৰ্থোলই প্ৰৱন্ধ লিখে Journal des Savants-ত।

কিতাপখনত ভাৰতীয় সভ্যতাৰ ওপৰত থকা তেখেতৰ শ্ৰদ্ধা প্ৰকাশ হৈছে। তেখেতে প্ৰমাণ কৰিব খুজিছে যে ভাৰতীয় এলকেমিৰ শিপাডাল ভাৰতত। গ্ৰীচৰ পৰা বুটলি অনা গছ ই নহয়। প্ৰাচীন ঋক বেদত শৰীৰৰ ওপৰত ক্ৰিয়া কৰিব পৰা বহু ঔষধজাত উদ্ভিদৰ উল্লেখ আছে, উত্তম উদাহৰণ হ’ল সোমৰস। অথৰ্ব বেদত চিকিৎসাবিদ্যা আৰু এই বিদ্যাৰ আনুষংগিক উদ্ভিদ আৰু প্ৰাণীবিদ্যাৰ বিশদ বিৱৰণ দেখিবলৈ পোৱা যায়। সোণ, সীহ আদি ধাতুৰ উল্লেখ অথৰ্ব বেদতে আছে। গতিকে প্ৰাচীন বেদৰ মাজত ৰসায়ন বিজ্ঞানৰ বীজ স্পষ্ট ৰূপত দেখা যায়। বিপদ এইখিনিতে যে ইয়াৰ লগত সাঙোৰ খাই আছে যাদু বিদ্যা। ঔষধ জাতীয় উদ্ভিদৰ ওপৰত আৰোপ  কৰা হৈছে দেৱত্ব। চিকিৎসাবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱতা অশ্বিনীৰ ওপৰত লিখা প্ৰশংসা যথেষ্ট। কিন্তু সেই যুগত ইয়াত কৈ অধিক আশা কৰা বৃথা।

অথৰ্ব বেদ আৰু আয়ুৰ্বেদিক যুগৰ মাজৰ ব্যৱধান প্ৰায় এক হাজাৰ বছৰ। বিশদ আলোচনা আৰু বহু ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত তেখেতে এই যুগৰ দুজন বিশিষ্ট ব্যক্তি, চৰক আৰু সুশ্ৰুত, প্ৰাক্‌বুদ্ধ যুগৰ লোক বুলি দাবী কৰিছে। খ্ৰীষ্টপূৰ্ব ৫০০–৩০০ ৰ পৰা খ্ৰীষ্টাব্দ ৮০০ শতিকালৈকে আয়ুৰ্বেদিক যুগ। এই যুগৰ সাংখ্য আৰু বৈশেষিক দৰ্শনৰ মাজত দেখা পোৱা যায় পঞ্চভূত (আকাশ, জল, অগ্নি, বায়ু আৰু পৃথিৱী), মাধ্যাকৰ্ষণ, আৰু সৰ্বোপৰি ডেমোক্ৰিটাচৰ পৰমাণুৰ ধাৰণাৰ লগত তুলনা কৰিব পৰা ক’ণাডৰ পৰমাণুৰ ধাৰণা। আশ্চৰ্যজনক এয়ে যে ক’ণাডে কৈছিল,“Light and heat are only different forms of the same essential substance”।

প্ৰফুল্ল চন্দ্ৰৰ মতে ইংৰাজী এলকেমি শব্দৰ সংস্কৃত প্ৰতিশব্দ ৰসায়ন। চৰক সংহিতাৰ উদ্ধৃতি তেওঁ তুলি দিছে, “Medicines are of two kinds : one promotes the strength and vitality of the healthy, the other cures diseases. Whatever promotes longevity, retentive memory, health, virility &c is called Rasayana”।

ভাৰতীয় ৰসায়ন আৰু চিকিৎসাবিদ্যাৰ এই যুগত প্ৰভূত উন্নতি সাধন হয়। সুশ্ৰুত সংহিতা অধিক বিজ্ঞানসন্মত। শল্য চিকিৎসাৰ বিৱৰণ ইয়াত দেখা যায়। এই সময়ত ৰসৰ (humoral pathology), ৰোগৰ পূৰ্বলক্ষণ আৰু চিনাক্তকৰণৰ বিষয়ে গভীৰ অধ্যয়ন কৰা হৈছিল। উদ্ভিদ, খনিজ আৰু প্ৰাণীৰ শ্ৰেণীভুক্ত কৰণৰ বিশদ বিৱৰণ চৰক সংহিতাত আছে। এই সংহিতা দুখনত খাৰ, লোহা, সোণ আৰু ৰূপৰ পৰা প্ৰস্তুত কৰা লৱণ, সীহ আৰু টিনৰ পৰা প্ৰস্তুত কৰা ঔষধ, এনেকি এণ্টিমনি চালফাইডৰ উল্লেখ আছে। পাৰদ (Mercury) উল্লেখ আছে যদিও প্ৰয়োগৰ উল্লেখ নাই।

খ্ৰীষ্টাব্দ ৮০০ ৰ পৰা ১১০০, এই সময়ছোৱাক তেখেতে বুলিছে  “The Transitional Period” । এই যুগত তাম আৰু লোহাৰ আকৰ, পাৰা, বিশেষকৈ চালফাৰ আৰু পাৰাৰ মাজত হোৱা ক্ৰিয়া সম্বন্ধে বহু তথ্য সংগ্ৰহ কৰা হৈছিল। তান্ত্ৰিক যুগত (খ্ৰীষ্টাব্দ ১০০০–১৩০০) ব্যৱহাৰ কৰা যন্ত্ৰ চিত্ৰসহ কিতাপখনত বৰ্ণনা কৰা হৈছে। ধাতু নিষ্কাশনৰ বিশদ বিৱৰণ এই যুগত দেখা যায়। ব্যৱহাৰ কৰা পাত্ৰৰ পৰা গম ধৰিব পাৰি যে পাতন, উৰ্দ্ধপাতন, অধঃক্ষেপন, স্ফটিকীকৰণ আদি ৰসায়নবিজ্ঞানত ব্যৱহাৰ কৰা পদ্ধতি সেই যুগত আছিল যথেষ্ট উন্নত। ১৩০০–১৫০০ (“Iatro-Chemical Period”)ৰ “ৰসৰত্ন সমুচয়”-ত ভাৰতীয় ৰসায়নবিজ্ঞানৰ সুন্দৰ আভাষ পোৱা যায়।

ভাৰতীয় বিজ্ঞানৰ অৱনতিৰ কাৰণ কিতাপৰ শেষত তেওঁ আলোচনা কৰিছে। আয়ুৰ্বেদিক যুগতেই চিকিৎসকৰ সামাজিক স্থান নিম্নগামী হয়। কটকটীয়া জাতিভেদ প্ৰথা আছিল ইয়াৰ প্ৰধান কাৰণ। বৈদিক যুগত প্ৰয়োজনৰ খাতিৰতে শ্ৰেণী নিৰ্বিশেষে নিজ সাধ্য অনুসাৰে মানুহে ব্যৱহাৰিক বিজ্ঞান চৰ্চ্চা কৰিছিল। সেয়েহে ব্যৱহাৰিক জ্ঞানৰ কাষে-কাষে আগবাঢ়িছিল বৌদ্ধিক জ্ঞান। ব্ৰাক্ষ্মণ সমাজে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈকে কায়িক শ্ৰমক হেয় জ্ঞান কৰিবলৈ ধৰাত বিজ্ঞান, বিশেষকৈ ৰসায়নবিজ্ঞান হাতে-কামে কৰি খোৱা নিম্ন শ্ৰেণীৰ মাজত আৱদ্ধ হৈ পৰে। পৰম্পৰাগত, পিতৃৰ পৰা পুত্ৰলৈ বা গুৰুৰ পৰা শিষ্যলৈ বাগৰি অহা জ্ঞানক লিপিবদ্ধ কৰিবলৈ এই শ্ৰেণী আছিল অক্ষম। বহু জ্ঞান পাহৰণিৰ গৰ্ভত ডুব গ’ল। বৌদ্ধিক অগ্ৰগতিৰ পৰাও ৰসায়ন বিজ্ঞান বঞ্চিত হয়। ফলত ভাৰতত বিজ্ঞানৰ অৱক্ষয় হয়।

তথ্য সম্বলিত এই কিতাপখন আমাৰ বোধেৰে বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া উচিত।

প্ৰফুল্ল চন্দ্ৰ মানুহজন

প্ৰফুল্ল চন্দ্ৰ মানুহজনৰ সম্পৰ্কে জানিব পাৰি তেখেতৰ জন্ম শতবাৰ্ষিকীত কলিকতা বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা গ্ৰন্থৰ পৰা। তেখেতৰ সান্নিধ্য লৈ অহা বহু লোকৰ মন্তব্য কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে। তেওঁলোকৰ ভাষাত অত্যন্ত সহজ সৰল, অনাড়ম্বৰ জীৱন কটোৱা অমায়িক মানুহজনে অতি সহজে মানুহক আপোন কৰি ল’ব পাৰিছিল। তেখেতে আঞ্চলিকতাবাদ বিশ্বাসী নাছিল, বঙালী লোকক উৎসাহ, উদ্যম যোগাবলৈ তেওঁ ভাৰতৰ আন প্ৰদেশৰ মানুহে বংগদেশক লুট-পাত কৰাৰ উদাহৰণ দিছিল। “উপদেশত কৈ আৰ্হি শ্ৰেয়” কথা শাৰী তেখেতে আখৰে-আখৰে পালন কৰিছিল। প্ৰফুল্ল চন্দ্ৰ লালিত-পালিত হৈছিল প্ৰভূত ঐশ্বৰ্যৰ মাজত, অৰ্জন কৰিছিল লাখ-লাখ টকা, কিন্তু আছিল মিতব্যয়ী, দান কৰিছিল মুক্তহস্তে।

সমাজসচেতন এই মানুহজনে শিক্ষা ব্যৱস্থা, অৰ্থনীতি, সামাজিক সমস্যা আদিৰ ওপৰত লিখা বহু প্ৰৱন্ধ আত্মজীৱনীত যোগ কৰিছে। ধনতন্ত্ৰই কঢ়িয়াই অনা বিপদ আৰু  ভাৰতত হিন্দু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি কৰি কৰা ৰাজনীতিৰ পৰা আহিব পৰা বিপদৰ আগজাননী তেখেতে আমাক সেই যুগতে দি থৈ গৈছে।

I commit myself to Thee, O Lord! Make me Thy agent”। এই শাৰী প্ৰফুল্ল চন্দ্ৰৰ বাক্য। ভগৱানৰ ওপৰত তেখেতৰ আছিল অগাধ বিশ্বাস। কিন্তু হিন্দু ধৰ্মৰ জাতিভেদ প্ৰথা, অনৰ্থক আচাৰ-নীতি, কু-সংস্কাৰ, অন্ধবিশ্বাসৰ আছিল তীব্ৰ সমালোচক। এজন পুত্ৰক গো-মাংস, এজনক গাহৰি মাংস ভক্ষণ কৰিবলৈ নিষেধ কৰি আনজনক সোপাকে ভক্ষণ কৰিবলৈ অনুমতি দিয়া পিতাক তেখেতে পূজা কৰা নাছিল। তেখেতে উপাসনা কৰিছিল সমগ্ৰ বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ সৃষ্টি কৰ্তা, সমগ্ৰ মানৱ জাতিৰ পৰম পিতা পৰম ব্ৰক্ষ্মক।

১৯৩২ চনত ৰাইজে উলহ-মালহৰে উদযাপন কৰিছিল তেখেতৰ ৭০ বছৰীয়া জন্মোৎসৱ। কমিটীৰ সভাপতি আছিল নীল ৰতন চৰকাৰ। স্বেচ্ছাসেৱকৰ যিদৰে সীমা সংখ্যা নাছিল, সেইদৰে বৰঙণি দাতাৰ  সীমা সংখ্যা নাছিল। চান্দা উঠিছিল প্ৰায় সোতৰ হাজাৰ টকা, খৰচ হৈছিল ১৪৭ টকা, কিন্তু তিনিজন উদ্যোক্তাই এই খৰচ বহন কৰিছিল। কাগজ বিক্ৰেতাই দান কৰা কাগজত চিঠি, পোষ্টাৰ আদি ছপা কৰাৰ খৰচ বহন কৰিছিল ছপাশালে। ফুল বিক্ৰেতাই বিনামূলীয়া ফুলেৰে সভা ঘৰ জকমকাই তুলিছিল। সমগ্ৰ টকা ছাত্ৰ বৃত্তিৰ হকে জমা কৰি থোৱা হৈছিল। সভাপতিৰ আসনৰ পৰা ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈছিল, “বস্তুজগতে প্ৰচ্ছন্ন শক্তিকে উদঘাটিত কৰে বৈজ্ঞানিক, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ তাৰ চেয়ে গভীৰে প্ৰবেশ কৰেছেন । কত যুবকেৰ মনোলোকে ব্যক্ত কব়েছেন তাৰ গুহাহিত অনভিব্যক্ত দৃষ্টিশক্তি, বিচাৰ শক্তি, বোধশক্তি। সংসাৰে জ্ঞান তপস্বী দুৰ্লভ নয়, কিন্তু মানুষেৰ মনেৰ মধ্যে চৰিত্ৰেৰ ক্ৰিয়া প্ৰভাবে তাকে ক্ৰিয়াবান কৰেতে পাৰেন এমন মনীষী সংসাৰে কদাচ দেখতে পাওয়া যায়”।

এইজন আছিল আমাক আজীৱন অনুপ্ৰাণিত কৰা আমাৰ পৰম শ্ৰদ্ধাভাজন আচাৰ্য – আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।

আমাৰ লিখনিৰ মোখনি মাৰিব খুজিছোঁ নিজস্ব কেইশাৰীমান বাক্যৰে। আমি প্ৰায় দুবছৰৰ মূৰে-মূৰে অসমলৈ গৈছিলোঁ । অসমৰ  এচাম (আমি সকলোকে সাঙোৰা নাই) যুৱক-যুৱতীক দেখিলে চকুৰ পানী পৰে। আচাৰ্যৰ ভাষাত এওঁলোকৰ জ্ঞান সামান্য, চিন্তা শক্তি শূন্য। ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা এচামে অসমীয়া শুদ্ধকৈ পঢ়িব-লিখিব নাজানে। অথচ কৰে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। তাকে কৰিবলৈ গৈ হৈ পৰে জাতি, ধৰ্ম আৰু বৰ্ণ বিদ্বেষৰ ধাৰক আৰু বাহক।  নিজৰ ভাষা সংস্কৃতিৰ ওপৰত জ্ঞান নথকা জনৰ পৰিচয় পত্ৰ ক’ত? ইংলেণ্ড, আমেৰিকাৰ বজৰুৱা গীত, মাত, ঢং, শৈলী সকলো অনুকৰণ কৰে, গ্ৰহণীয় একো গ্ৰহণ নকৰে। নিচা সেৱকৰ বৃদ্ধিৰ হাৰ দেখিলে পেটত হাত-ভৰি লুকায়। আমাৰ বোধেৰে এই চামৰ ধৰ্মভীৰুসকলে আন একো নকৰি আচাৰ্যৰ দৰে সমগ্ৰ মানৱ জাতিৰ পৰম পিতাক উপাসনা কৰিবলৈ শিকিলে অন্ততঃ চতুৰ ৰাজনীতিবিদে ধৰ্মৰ নামত পেলোৱা জালখনৰ পৰা মুক্তি পাব। আমি অন্তৰৰে কামনা কৰো এদিন অসমত হাজাৰজনে আচাৰ্যৰ পথৰ পথিক হৈ অসমক ধন্য কৰিব। সেইদিনা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম হ’ব ইতিহাস, কাৰণ বিশ্বই গাব অসমৰ জয়গান।

Leave a Reply

Your email address will not be published. Required fields are marked *