আধুনিক বিশ্বতত্ত্ব : তাৰকাৰাজ্যৰ পৰা কোৱান্টাম সৃষ্টিতত্ত্বলৈ-(ডঃ সঞ্জীৱ কলিতা)
মহাবিশ্বৰ সৃষ্টি, মহাকাশ আৰু সময়ৰ বিশাল পৰিসৰত ইয়াৰ গঠন আৰু বিৱৰ্তন আৰু তাৰকাৰাজ্যসমূহৰ বিৱৰ্তনৰ বৈজ্ঞানিক অনুসন্ধানেই হ’ল বিশ্বতত্ত্ববিজ্ঞান। যোৱা প্ৰায় আধাশতিকা জোৰা জ্যোতিৰ্বৈজ্ঞানিক নিৰীক্ষণ আৰু পদাৰ্থবিজ্ঞানৰ নিয়মাৱলীৰ মিলনৰ ফলত মহাবিশ্বৰ সৃষ্টি আৰু ইয়াৰ গঠনৰ এক নিখুঁত গণিতীয় তত্ত্ব গঢ় লৈ উঠিছে। এই তত্ত্বৰ ধাৰণা আগবঢ়োৱাৰ উদ্দেশ্যেই প্ৰৱন্ধটি ৰচনা কৰা হৈছে।
মহাবিশ্বৰ সৃষ্টি, গঠন আৰু বিৱৰ্তনত মহাকৰ্ষণে এক গভীৰ ভূমিকা গ্ৰহণ কৰিছে। ১৯১৫ চনত এলবাৰ্ট আইনষ্টাইনে মহাকাশ সময়ৰ সৈতে পদাৰ্থ শক্তিক জ্যামিতীয়ভাৱে সাঙুৰি মহাকৰ্ষণৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব গঢ়ি তুলিছিল। এই তত্ত্বমতে মহাবিশ্বৰ পদাৰ্থ শক্তিয়ে মহাকাশ কালৰ অবিচ্ছিন্ন চাৰিবিমীয় গঠনত (four dimensional continuum) বক্ৰতাৰ সৃষ্টি কৰে। চাৰিবিমীয় মহাকাশৰ এই বক্ৰতায়েই মহাকৰ্ষণ বলৰূপে দেখা দিয়ে। আইনষ্টাইনৰ মহাকৰ্ষণ তত্ত্বই নিউটনীয় মহাকৰ্ষণ তত্ত্বৰ ভালেমান আসোঁৱাহ দূৰ কৰি তত্ত্বটোক মহাবিশ্বৰ বৃহৎ গঠনৰ পৰিসৰত প্ৰযোজ্য কৰি তুলিছিল। ১৯২২ চনত ৰাছিয়াৰ গণিতজ্ঞ আলেকজেণ্ডাৰ ফ্ৰিড্ মেনে সাধাৰণ আপেক্ষিকতাবাদ প্ৰয়োগ কৰি মহাবিশ্বৰ বিৱৰ্তনৰ প্ৰথম গণিতীয় তত্ত্বৰ আৱিষ্কাৰ কৰিছিল। সাধাৰণ আপেক্ষিকতাবাদৰ সমীকৰণ সমূহ সমাধান কৰি ফ্ৰিডমেনে দেখুৱালে যে বৃহৎ পৰিসৰত মহাবিশ্বখনৰ হয় প্ৰসাৰণ ঘটিছে নতুবা সংকোচন ঘটিছে। এখন প্ৰসাৰিত মহাবিশ্বত তাৰকাৰাজ্য আৰু বিশ্বৰ অন্য সকলো পদাৰ্থ ইটো সিটোৰ পৰা আতৰি যাব। অৰ্থাৎ সময়ৰ দিশত পিছুৱাই গ’লে দেখা যাব যে এটা সময়ত বিশ্বৰ সকলো পদাৰ্থ শক্তি অতিশয় ঘন হৈ থুপ খাই আছিল। সাধাৰণ আপেক্ষিকতাবাদ ৰ তত্ত্বমতে পদাৰ্থ শক্তি সংকুচিত হৈ থকা অৱস্থাত মহাকাশ সময়ৰ গাঠনিটোও সংকুচিত অৱস্থাত থাকিব। অৰ্থাৎ ফ্ৰিড্ মেনৰ প্ৰসাৰিত মহাবিশ্বৰ তত্ত্বমতে মহাকাশ সময় আৰু পদাৰ্থৰে গঠিত মহাবিশ্বখন এক আদিম অত্যুচ্চ ঘন অৱস্থাৰ প্ৰসাৰণৰ ফলতেই সৃষ্টি হৈছিল। ১৯২৫ চনত ফ্ৰিড্ মেনৰ অকাল মৃত্যু হৈছিল। ১৯২৭ চনত বেলজিয়ামৰ তাত্ত্বিক জ্যোতিৰ্বিদ জৰ্জ লেমাইট্ৰে (George Abe Lemaitre) ফ্ৰিড্ মেনৰ তত্ত্বক ভৌতিক ভাৱে অধিক সবল কৰি তোলে। ১৯২৭ ৰ পৰা ১৯৩৩ চনলৈ প্ৰকাশিত লেমাইট্ৰেৰ গৱেষণা পত্ৰসমূহত মহাবিশ্বৰ সৃষ্টি আৰু বিৱৰ্তনৰ ভৌতিক তত্ত্বটো স্পষ্টভাৱে প্ৰকাশিত হৈ উঠিছিল। লেমাইট্ৰেৰ তত্ত্বমতে পৰমাণু সদৃশ মহাকাশৰ অত্যনু (infinitesimally small) ,অসীমভাৱে উত্তপ্ত আৰু অসীমভাৱে ঘন আদিম অৱস্থা এটাৰ প্ৰসাৰণ ঘটি দৃশ্যমান প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। ১৯৩১ চনত Nature পত্ৰিকাত লেমাইট্ৰে মহাবিশ্বৰ আদিম অৱস্থাৰ ধাৰণাৰ প্ৰকাশ কৰিছিল। তাপগতিবিজ্ঞান ৰ সূত্ৰ প্ৰয়োগ কৰি তেওঁ দেখুৱাইছিল যে পৰমাণুকণিকা সদৃশ সুক্ষ্ম আৰু শূন্য বিশৃংখলতা (zero entropy) একক অৱস্থা এটাৰ প্ৰসাৰণ ঘটি দৃশ্যমান বৃহৎ বিশ্বব্ৰহ্মাণ্ডৰ গঠন হৈছিল। লেমইট্ৰেই বিশ্বৰ আদিম অৱস্থাটোক ‘আদিম পৰমাণু’ বা Primeval atom’ বুলি নামাকৰণ কৰিছিল। ১৯৮০ ৰ দশকত লেমাইট্ৰে’ৰ ধাৰণাই কোৱান্টাম সৃষ্টি তত্ত্বৰ ৰূপত দেখা দিছিল। এই বিষয়ে পাছত আলোচনা কৰা হৈছে। লেমাইট্ৰে ই গাণিতিক ভাৱে প্ৰমাণ কৰিছিল যে প্ৰসাৰিত মহাবিশ্বত তাৰকাৰাজ্যসমূহ পৰস্পৰৰ পৰা আতৰি যাব আৰু তাৰকাৰাজ্যসমূহৰ প্ৰসাৰণ বেগ( V)(recession velocity) সিহঁতৰ মাজৰ দুৰত্ব(d)ৰ সমানুপাতিক হ’ব। ১৯২০ চনত আমেৰিকাৰ জ্যোতিৰ্বিদ এডুইন হাব’লে মাউন্ট উইলছন নিৰীক্ষণাগাৰ(Mount Wilson Observatory) ত থকা ২.৫ মিটাৰ ব্যাসৰ Hooker Telescope টোৰ সহায়ত তাৰকাৰাজ্যসমূহৰ পৰা অহা পোহৰৰ ৰঙা সৰণ (red shift) ধৰা পেলাই সিহঁতৰ গতিবেগ নিৰ্ধাৰণ কৰিছিল। কুৰি শতিকাৰ বিজ্ঞানৰ চমকপ্ৰদ আৱিষ্কাৰ হিচাপে বিবেচিত হাব’লৰ নিৰীক্ষণত ধৰা পৰিছিল যে অতি দূৰৈৰ তাৰকাৰাজ্যবোৰ নিচেই ওচৰৰ তাৰকাৰাজ্যবোৰৰ তুলনাত অধিক বেগেৰে ইটো সিটোৰ পৰা আতৰি গৈছে। ফ্ৰিড্ মেন আৰু লেমাইট্ৰে ৰ তত্ত্ব প্ৰয়োগ কৰি হাব’লৰ নিৰীক্ষণৰ ব্যাখ্যা এনেদৰে দিয়া গ’ল -মহাকাশৰ প্ৰসাৰণৰ ফলত তাৰকাৰাজ্যবোৰ ইখন সিখনৰ পৰা আতৰি গৈছে। লেমাইট্ৰেৰ মহাবিশ্বৰ প্ৰসাৰণৰ গভীৰ তাত্ত্বিক ব্যাখ্যাৰ লগত হাব’লৰ নিৰীক্ষণ ভিত্তিক তথ্য সমূহ মিলি গৈছিল।তাৰকাৰাজ্যসমূহৰ অপসৰণ বেগ আৰু সিহঁতৰ দুৰত্বৰ মাজৰ ৰৈখিক সম্পৰ্কটোক হাব’লৰ সূত্ৰ বুলি জনা যায়। কিন্তু ২০১৮ চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘ (International Astronomical Union) ই ইয়াক হাব’ল -লেমাইট্ৰে সূত্ৰ বুলি নতুনকৈ নামাকৰণ কৰিলে।
১৯৪০ ৰ দশকৰ শেষৰফালে তাত্ত্বিক বিশ্বতত্ত্ববিদ জৰ্জ গেমো আৰু তেওঁৰ গৱেষক ছাত্ৰদ্বয় ৰাল্ ফ আলফাৰ আৰু ৰবাৰ্ট হাৰমানে গাণিতিকভাৱে অনুমান কৰিছিল যে আদিম উত্তপ্ত মহাবিশ্বৰ প্ৰসাৰণৰ ফলত ই ক্ৰমান্বয়ে শীতল হৈ পৰিছিল। গতিকে বৰ্তমানৰ মহাবিশ্বত এক অৱশিষ্ট তাপ বিকিৰণ থাকিব লাগে। ১৯৬৪চন বিশ্বতত্ত্ববিজ্ঞানৰ বাবে এক সোণালী বছৰ। আৰ্নো পেনজিয়াছ আৰু ৰবাৰ্ট উইলছন নামৰ পদাৰ্থবিদদ্বয়ে তেওঁলোকৰ ৰেডিও দূৰবীণত মহাকাশ ৰ সকলো দিশৰে পৰা সুষমভাৱে অহা এক তাপবিকিৰণ ধৰা পেলাইছিল। তেওঁলোকৰ জোখ মাপত ধৰা পৰিল যে এই মহাজাগতিক সুষম বিকিৰণৰ উষ্ণতা প্ৰায় ৩.৫ডিগ্ৰী কেলভিন। মহাকাশৰ তৰা বা তাৰকাৰাজ্যবোৰৰ পৰা অহা বিকিৰণ কেতিয়াও সুষম হ’ব নোৱাৰে ,কিয়নো মহাকাশত পদাৰ্থবোৰ অসুষমভাৱে বিস্তৃত। সেই বছৰতেই প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ তাত্ত্বিক বিশ্বতত্ত্ব বিদ ডিকি(Dicke) আৰু জেমছ্ পিবল্ ছে (James Peebles) এই সুষম মহাজাগতিক বিকিৰণৰ তাত্ত্বিক ব্যাখ্যা আগবঢ়ালে। ডিকি আৰু পিবলছৰ তত্ত্বত ধৰা পৰিল যে পেনজিয়াছ আৰু উইলছন ৰ দ্বাৰা আৱিষ্কৃত সুষম তাপবিকিৰণেই আদিম ঘন আৰু উত্তপ্ত মহাবিশ্বৰ প্ৰসাৰণৰ অৱশিষ্ট বা নেপথ্য বিকিৰণ। ইয়েই মহাজাগতিক নেপথ্য বিকিৰণ(Cosmic Background Radiation). জেমছ্ পিবলছে সাধাৰণ আপেক্ষিকতাবাদৰ সমীকৰণবোৰ আৰু তাপগতিবিজ্ঞানৰ সূত্ৰসমূহ প্ৰয়োগ কৰি প্ৰাৰম্ভিক মহাবিশ্বৰ পদাৰ্থৰ ঘনত্ব আৰু উষ্ণতাৰ মাজৰ এক গণিতীয় সম্পৰ্ক স্থাপন কৰিছিল। এই তত্ত্বমতে মহাবিশ্বৰ আৰম্ভণিত তৰা আৰু তাৰকাৰাজ্যসমূহ গঠন কৰা পদাৰ্থসমূহ উচ্চগতিসম্পণ্ণ পাৰমাণৱিক কণিকাৰ ৰূপত আছিল। মহাবিশ্বৰ আদিম সংকুচিত অৱস্থাত পদাৰ্থ কণিকা আৰু বিকিৰণৰ মাজত এক সাম্য অৱস্থা বিৰাজ কৰিছিল। এই সাম্য অৱস্থাৰ প্ৰসাৰণৰ ফলতেই আজিৰ বিশ্বত প্ৰায় ৩ ডিগ্ৰী কেলভিন উষ্ণতাৰ এক নেপথ্য তাপবিকিৰণ বিৰাজ কৰিছে। পিবলছে প্ৰমাণ কৰি দেখুৱালে যে পদাৰ্থবিজ্ঞানৰ নিয়মসমূহ প্ৰয়োগ কৰি আদিম মহাবিশ্বৰ ভৌতিক অৱস্থাবোৰ জানিব পাৰি। কেৱল বিশ্বতত্ত্ব বিজ্ঞানৰ বাবেই নহয়,পিবলছৰ এই অৱদান সমগ্ৰ মানৱ সভ্যতাৰ জ্ঞান অন্বেষণৰ ক্ষেত্ৰতেই এক উচ্চ আৰু মৌলিক অৱদান।
হাব’লৰ প্ৰসাৰিত বিশ্বৰ আৱিষ্কাৰ, ফ্ৰিডমেন-লেমাইট্ৰেৰ আদিম উত্তপ্ত মহাবিশ্বৰ প্ৰসাৰণৰ তত্ত্ব আৰু পিবল্ ছৰ মহাজাগতিক নেপথ্য বিকিৰণৰ তাত্ত্বিক ব্যাখ্যাই মহাবিশ্বৰ সৃষ্টি আৰু বিৱৰ্তনৰ মহানাদ তত্ত্ব(Big Bang) গঢ়ি তুলিলে। মহানাদ তত্ত্বই মহাবিশ্বৰ সৃষ্টি আৰু বিৱৰ্তনৰ এক সামগ্ৰিক ব্যাখ্যা আগবঢ়াইছিল যদিও মহাকাশৰ বৃহৎ পৰিসৰত তাৰকাৰাজ্যসমূহৰ বিতৰণৰ নিৰীক্ষণ ভিত্তিক তথ্যৰ লগত এই ব্যাখ্যা খাপ খোৱা নাছিল। বিজ্ঞান এক যাত্ৰা মাথোন।ইয়াত যেন পৰম সত্যৰ স্থান নাই।ইয়াত আছে মাথোন বিশ্বপ্ৰকৃতিক ব্যাখ্যা কৰাৰ বাবে সৃষ্টি কৰা গণিতীয় আৰ্হি সমূহক নিখুঁতৰ পৰা অধিক নিখুঁত কৰাৰ মাজৰ যাত্ৰা। এই যাত্ৰাত সন্মুখীন হোৱা যায় নতুন পৰিঘটনা আৰু নতুন প্ৰশ্নৰ। পুনৰাই আৰম্ভ হয় নতুন উত্তৰৰ অনুসন্ধানৰ যাত্ৰা। তাত্ত্বিক পদাৰ্থবিদ ৰিছাৰ্ড ফাইনমেনৰ ভাষাত এই যাত্ৰা কৰ্মযোগৰ সাধনাতকৈ কোনো গুণে কম নহয়।
১৯৬৭ চনত লিক্ নিৰীক্ষণাগাৰ (Lick observatory) ত থকা 0.5 মিটাৰ ব্যাসৰ প্ৰতিসাৰক দূৰবীণৰ ফটোগ্ৰাফিক প্লেট ব্যৱহাৰ কৰি জ্যোতিৰ্বিদ সকলে মহাকাশৰ প্ৰায় ১০ লাখ মান তাৰকাৰাজ্যৰ বিতৰণ অধ্যয়ন কৰিছিল। এই অধ্যয়নৰ ফলত মহাবিশ্বৰ এক চমকপ্ৰদ ধৰ্ম আৱিষ্কৃত হয় । প্ৰায় দহ বছৰৰ নিৰীক্ষণৰ ফলত জ্যোতিৰ্বিদ সকলে ঘোষণা কৰিলে যে মহাবিশ্বত তাৰকাৰাজ্যবোৰ সুষমভাৱে বিস্তৃত হৈ থকা নাই। মহাকাশত তাৰকাৰাজ্যসমূহে সমষ্টি(Cluster) গঠন কৰে। এই সমষ্টি সমূহ লগলাগি বৃহৎ সমষ্টি (Super Cluster) গঠন কৰে। এই বৃহৎ সমষ্টি সমূহে লগলাগি তাৰকাৰাজ্যৰ ফিটা(filament) আৰু প্ৰাচীৰ (wall) গঠন কৰে। তাৰকাৰাজ্যৰ এই ফিটা আৰু প্ৰাচীৰ সমূহ প্ৰায় ৫ কৌটি আলোকবৰ্ষ পৰ্যন্ত বিশাল হ’ব পাৰে। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থৰ ঘনত্ব সুষম নহয়। ১নং চিত্ৰত লিক্ নিৰীক্ষণাগাৰৰ দ্বাৰা আৱিষ্কৃত তাৰকাৰাজ্যবোৰৰ অসুষম বিতৰণ বা মহাবিশ্বৰ পদাৰ্থৰ ঘনত্বৰ উঠা নমা (fluctuation) দেখুওৱা হৈছে।
তাৰকাৰাজ্যসমূহৰ অসুষম বিতৰণ বা পদাৰ্থৰ ঘনত্বৰ দোলন (density fluctuation)ৰ আৱিষ্কাৰ বিশ্বতত্ত্ববিজ্ঞানৰ অগ্ৰগতিত এক বৃহৎ পদক্ষেপ। এই পদক্ষেপৰ ফলশ্ৰুতিত মহানাদ তত্ত্বৰ সংশোধন ঘটি আদিম বিশ্ব আৰু তাৰকাৰাজ্যসমূহৰ সৃষ্টিৰ নতুন আৰু আধুনিক কোৱান্টাম সৃষ্টিতত্ত্বৰ উদয় হৈছিল। সমস্যাটো হ’ল মহানাদৰ অৱশিষ্ট নেপথ্য বিকিৰণৰ উষ্ণতা সুষম হোৱাটো মহাবিশ্বৰ তাৰকাৰাজ্যসমূহৰ অসুষম বিতৰণৰ লগত খাপ নাখায়। গতিকে বিশ্বৰ সৃষ্টিৰ মহানাদ তত্ত্বৰ সংশোধনৰ প্ৰয়োজন আহি পৰিল। মহানাদ তত্ত্বমতে অসীম ঘনত্ব, অসীম উষ্ণতা আৰু মহাকাশ- সময়ৰ অস্তিত্বহীন এক একলীয়তা বিন্দু(Singularity)ৰ পৰা বিশ্বৰ উৎপত্তি হৈছিল। কিন্তু এই তত্ত্বই তাৰকাৰাজ্যৰ সৃষ্টি আৰু মহাকাশত সিহঁতে গঠন কৰা সমষ্টি বা ঘনত্বৰ উঠা নমাবোৰ ব্যাখ্যা কৰিব নোৱাৰে। ১৯৮০ ৰ দশকৰ প্ৰথমভাগত এলেন গুথ্ (Allen Guth) আৰু এন্দ্ৰে লিন্ডে(Andrei Linde) মহাবিশ্বৰ সৃষ্টি, প্ৰসাৰণ আৰু বৃহৎ পৰিসৰত নেপথ্য বিকিৰণৰ সুষম উষ্ণতাৰ এক কোৱান্টাম তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বমতে মহানাদ বা একো নথকা একলীয়তা অৱস্থা এটাৰ পৰা বিশ্বৰ সৃষ্টি হোৱা নাছিল। এই তত্ত্ব মতে মহাকাশ আৰু সময়ৰ সৃষ্টি বা অন্ত নাই। গুথ্ -লিন্ডেৰ তত্ত্বত পোৱা গ’ল যে অনন্তকাল অতীতৰ পৰা অসীম হাৰত প্ৰসাৰিত শূন্য মহাকাশ(vacuum)ৰ এক বিন্দুসম টুকুৰা এটাৰ মাজতেই আজিৰ দৃশ্যমান মহাবিশ্বখন সোমাই আছিল। শূন্য মহাকাশৰ এই টুকুৰাটো পৰমাণুতকৈও লক্ষ লক্ষ গুণে সৰু আছিল। শূন্য মহাকাশৰ কোৱান্টাম পৰিসৰত (অৰ্থাৎ পাৰমাণৱিক ভাৱে সুক্ষ্ম পৰিসৰত) হোৱা শক্তিৰ চিৰন্তন দোলনৰ ফলত অসীম মহাকাশত এনেকুৱা অসীম সংখ্যক মহাকাশৰ টুকুৰাৰ সৃষ্টি হ’ব পাৰে। এই মহাকাশৰ বিন্দুসম টুকুৰাবোৰত শূন্য(vacuum)ৰ পূৰ্বৰ প্ৰসাৰণ বন্ধ হয় ।ইয়াৰ ফলত পদাৰ্থ-শক্তি আৰু বিকিৰণ ঘণীভূত হৈ একোটা টুকুৰা যথেষ্ট ঘন আৰু উত্তপ্ত হৈ পৰে। এই ঘন আৰু উত্তপ্ত মহাকাশৰ টুকুৰা একোটা নেপথ্য শূন্য মহাকাশৰ অসীম আৰু চিৰন্তন প্ৰসাৰণৰ ফলত অসীম হাৰত প্ৰসাৰিত হয়। কিন্তু পাছলৈ পদাৰ্থৰ মহাকৰ্ষণৰ কবলত পৰি প্ৰসাৰণৰ গতি মন্থৰ হয় আৰু আমি দেখা বিশ্বৰ সেই আদিম উত্তপ্ত আৰু মন্থৰ গতিত প্ৰসাৰিত মহানাদৰ সৃষ্টি হয়। গতিকে গুথ্ -লিন্ডেৰ তত্ত্বমতে মহানাদ মহাবিশ্বৰ আৰম্ভণি নহয়;বৰং এক অনন্ত আৰু শূন্য মহাকাশৰ প্ৰসাৰণৰ অন্তিম পৰিণতিহে। এই তত্ত্বক Cosmic Inflation বা Eternal Inflation বুলি নামাকৰণ কৰা হ’ল। Inflation তত্ত্বমতে যিহেতু শূন্যৰ শক্তি (Vacuum energy)ৰ কোৱান্টাম দোলনৰ ফলত অসীমভাৱে প্ৰসাৰিত মহাকাশত অসীম সংখ্যক ঘণীভূত বিন্দু বা টুকুৰাৰ সৃষ্টি হ’ব পাৰে,সেয়েহে মহানাদো একক নহয়। অসীম সংখ্যক মহানাদৰ ফলত অসীম -অনন্ত শূন্যত অসীম সংখ্যক মহাবিশ্বৰ সৃষ্টি হোৱাটো সম্ভৱ। Inflation তত্ত্ব তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ এক চমকপ্ৰদ আৱিষ্কাৰ। ইয়েই অনাতিশয় মহাবিশ্বৰ সৃষ্টিৰ কোৱান্টাম তত্ত্ব। ১৯২০ ৰ দশকতে আৱিষ্কাৰ হোৱা পাৰমাণৱিক কণিকাৰ কোৱান্টাম তত্ত্ব সফল বৈজ্ঞানিক তত্ত্বসমূহৰ ভিতৰত আটাইতকৈ গভীৰ তত্ত্ব। এই তত্ত্বত শূন্য মহাকাশ স্থিৰ বা গতিহীন নহয়। শূন্য মহাকাশ পদাৰ্থৰ মৌলিক কণিকাবোৰৰ সৃষ্টি, ধ্বংস আৰু শক্তিৰ চিৰন্তন দোলনৰ ক্ৰিয়াভূমি। এই তত্ত্বৰ আধাৰতেই Inflation তত্ত্বই গা কৰি উঠিছিল।
বিজ্ঞানৰ তত্ত্ব এটা পৰ্যবেক্ষণৰ তুলাচনীতহে সফল বুলি বিবেচিত হয়। Inflation বা কোৱান্টাম সৃষ্টিতত্ত্বই জ্যোতিৰ্বিজ্ঞানৰ এক মৌলিক পৰ্যবেক্ষণৰ সফলভাৱে ব্যাখ্যা আগবঢ়ালে। এই তত্ত্বমতে মহানাদৰ আগত শূন্য মহাকাশত চলা শক্তিৰ কোৱান্টাম দোলনৰ ফলত মহানাদৰ পিছত সৃষ্টি হোৱা পদাৰ্থসমূহৰ ঘনত্বৰ এক দোলন বা উঠা নমা(fluctuation) থাকি গ’ল। মহাবিশ্বৰ প্ৰসাৰণৰ লগে লগে এই উঠানমাৰ বিস্তাৰ(Amplitude) বাঢ়ি গ’ল। মহাকাশৰ অধিক ঘন অঞ্চলসমূহ আৰু অধিক ঘন হৈ পৰিল। পাছলৈ মহাকৰ্ষণৰ কবলত পৰি আদিম গেছীয় পদাৰ্থ সমূহ ঘণীভূত হৈ এই অঞ্চলসমূহত তাৰকাৰাজ্যসমূহৰ সৃষ্টি কৰিলে। Inflation তত্ত্বত আদিম শূন্য শক্তিৰ এক বিশেষ গণিতীয় আৰ্হিৰ সহায়ত মহাকাশৰ তাৰকাৰাজ্যৰ অসুষম বিতৰণৰ ব্যাখ্যা দিব পৰা হ’ল। কেৱল সেয়াই নহয়,আদিম শূন্য শক্তিৰ কোৱান্টাম দোলনৰ অৱশিষ্ট হিচাপে মহাজাগতিক নেপথ্য বিকিৰণৰ উষ্ণতাতো এক উঠা নমা থকা উচিত। উল্লেখনীয় যে ১৯৯২ চনৰ পৰা ২০০২ চনলৈ COBE(Cosmic Background Explorer), ২০০৩ চনৰ পৰা ২০১৩ চনলৈ WMAP (Wilkinson Microwave Anisotropy Probe) আৰু ২০১৩ চনৰ পৰা এতিয়ালৈ Planck নামৰ উপগ্ৰহ তিনিটাই নিখুঁত পৰ্যবেক্ষণ কৰি মহাজাগতিক নেপথ্য বিকিৰণৰ উষ্ণতাৰ এই দোলন ধৰা পেলাইছে। এই আৱিষ্কাৰে দেখুৱাইছে যে আজিৰ দৃশ্যমান মহাবিশ্বৰ সৃষ্টিৰ এক কোৱান্টাম তত্ত্ব পোৱাটো সম্ভৱ।
আধুনিক বিশ্বতত্ত্ব বিজ্ঞানত অসীম মহাকাশত থকা তাৰকাৰাজ্যসমূহৰ সৃষ্টিৰ এক মৌলিক আৰু নিখুঁত গণিতীয় ব্যাখ্যা পোৱা গ’ল। এইটো সম্ভৱ হ’ল তত্ত্ব আৰু নিৰীক্ষণৰ সংযোগত। জ্যোতিৰ্বিজ্ঞানৰ এই যাত্ৰাই বিশ্বতত্ত্বৰ গৱেষক সকলৰ সন্মুখত নতুন চিন্তাৰ দিশ মোকোলাইছে। মহাবিশ্বৰ আদিম অৱস্থাৰ ধাৰণা নিৰীক্ষণ আৰু তত্ত্বৰ জৰিয়তে পোৱাটো বিজ্ঞানৰ চমকপ্ৰদ প্ৰগতি। কিন্তু এই প্ৰগতিৰ লগতে আছে প্ৰত্যাহ্বান। মুক্তচিন্তা আৰু নতুন প্ৰযুক্তিৰে নতুন নিৰীক্ষণৰ যাত্ৰা অব্যাহত আছে। সময়ে নতুন প্ৰজন্মৰ বাবে অধিক চমকপ্ৰদ বিশ্বতত্ত্ব লুকুৱাই ৰাখিছে। গৱেষণা আৰু অনুসন্ধানৰ জৰিয়তে ইয়াক আৱিষ্কাৰ কৰায়েই বিজ্ঞানৰ সাধকসকলৰ লক্ষ্য হওক।