আধিপত্যবাদ (অৰুণ কুমাৰ শৰ্মা)
যুগে যুগে মানুহে আশা কৰাৰ দৰে
আজিও ভাবিছিল
এমুঠি জোনৰ আবীৰ সানি
মন্ত্ৰমুগ্ধ হৰিণীৰ দৰে নিৰ্ভয়ে উশাহ টানি
পান কৰিব সেউজী অবাক নিশা,
ভাবিছিল চিৰতৰে হেৰাই যাব হিটলাৰ,
মুচ’লিনী, ফ্ৰেংকো, পিন’চেতৰ
ৰণধ্বনি কিম্বা উন্মাদনা,
কিন্তু তাহানিতে শিৰাই-শিৰাই শিপোৱা
কুহকিনী-মৈত্ৰীৰ কুটিল অস্তিত্বই,
কালনাগিনী ৰূপ ধৰি
অত দিনে ভেশ লৈ থকা
শান্তিদূতৰ স্বৰূপ উদঙাই
ছেগ চাই নামি পৰে স্বৰ্ণখচিত
কাৰ্পেটৰ খটখটিয়েদি
শিখণ্ডী কৰি আজলী কুকুৰাটোক,
প্ৰলুব্ধ কৰে ত্ৰিকালক—
এতিয়া ভৰি পৰিছে আকাশ, বতাহ, গ্ৰহ,
গ্ৰহান্তৰ, ৰাশি ৰাশি তৰাৰ স্তৰ,
কালকেতু, ধূমকেতু, ক’লা গহ্বৰ
জুই আৰু ছাঁই আৰু গন্ধকৰ ধোঁৱাৰে
মিছাইলৰ তৰ্জনে গৰ্জনে।
কেঁচুৱাৰ তেজৰ বিপণি
নিমাখিত জাতিসত্তাৰ হা-হুতাশ,
আতংকিত প্ৰাণ,
ৰাক্ষস আৰু নিশাচৰী পখিৰ সন্মিলিত আৰাও,
অস্ত্ৰ বেপাৰীৰ অস্ত্ৰৰ ঝন্ঝননি
আধিপত্যবাদৰ ৰণহুংকাৰ,
সাগৰ-মহাসাগৰৰ প্ৰতিখন দেশৰ মুখত
ৰণতৰী চিকাৰী ঈগলৰ,
(হেৰ’ কিয় লাগে তোক সসাগৰা পৃথিৱী,
হে সভ্যতাৰ মুখা পিন্ধা উন্মাদ!)
ডলাৰৰ সুখনিদ্ৰা, সুখৰ সপোন,
এট’মৰ, হাইড্ৰজেনৰ,
জৈৱ-ৰাসায়নিক আগ্নেয়াস্ত্ৰৰ বিশাল দূৰ্গ,
দিশে দিশে অভেদ্য ছাউনী,
গোলা বাৰুদৰ মজলিছ
নিমিষতে ছাঁই হয় প্ৰেমাস্পদৰ হাঁহি,
আলিংগনৰত চুম্বন, শিশুৰ নিষ্পাপ চাৱনি,
তাচপাতৰ দৰে খহি পৰে
সপোনৰ ঘৰ, ডেকা-গাভৰুৰ ভৰা যৌবন,
সোণালী ভবিষ্যত৷
ভূগৰ্ভ ফালি উদ্গীৰিত হয়
হতাশগ্ৰস্ত মাতৃৰ ক্ৰুদ্ধ চিয়ঁৰ৷