“আঘোণ”।। অচ্যুৎ মাধৱ দাস
কুঁৱলীৰ কোমল আবেশেৰে আৱৰি ৰখা
কৃষকৰ ৰং ভৰা সপোনৰ নাম আঘোণ।
কাঁচিৰ কেছ কেছ নাচেৰে দাৱনীৰ মুঠিত
বান্ধ খোৱা কৃষকৰ সাহৰ নাম আঘোণ।
কৃষকৰ উশাহ সলাবলৈ সময় নোহোৱা ব্যস্ততাৰ মাজত
পকা ধাননিৰ ওপৰেৰে ওফৰি ফুৰা এটি বিহুৰ নাম আঘোণ।
মহাজনে চুচি উদং কৰা ভঁৰালত
পুনৰ জাপ জাপ ধানে ভৰাই তোলা এটি সুগন্ধিৰ নাম আঘোণ।
ফটোগ্ৰাফিৰে সৰুৰে পৰা দেখি অহা “আঘোণ”ৰ উপলব্ধিবোৰক সাকাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিলোঁ। পিছে ফটোগ্ৰাফিৰে প্ৰকৃততে দৃশ্যৰ নিৰ্মাণ নহয় অথবা নকৰে, বাস্তৱৰ অবিকল দৃশ্যৰ বিশেষ মুহূৰ্তক প্ৰকাশ(বন্দী) কৰি ফটোগ্ৰাফিৰে চেতনাৰহে নিৰ্মাণ কৰে। সেয়েহে হয়তো এই চেষ্টাৰ মাজেৰে আঘোণক নতুনকৈ উপলব্ধি কৰিলোঁ। মূলতঃ ফটোগ্ৰাফিত পূৰ্ব উপলব্ধি জৰুৰী, কিন্তু পূৰ্ব উপলব্ধিৰে ফটোগ্ৰাফিৰ নিৰ্মাণ নহয়, ফটোগ্ৰাফিৰ দ্বাৰাইহে বহুলাংশে উপলব্ধিৰ নিৰ্মাণ হয়।
আঘোণ আচলতে অসমৰ শ্ৰমশীল কৃষকৰ কঁকালত দিয়া গামোচাৰ এটা সংগ্ৰামী গাঁঠি। এই মাহটোতেই অসমৰ শ্ৰমশীল কৃষকে শ্ৰমৰ বিনিময়ত ক্ষন্তেকীয়া হ’লেও এটা হাঁহি ঘুৰাই পায় বছৰটো যুঁজিবলৈ। ঠিক এনে কিছু চিন্তাৰেই “আঘোণ”ক ফটোগ্ৰাফিৰে ধৰি ৰখাৰ এটা চেষ্টা চলাইছিলোঁ। তাৰেই কেইখনমান আলোকচিত্ৰ—





