এগৰাকী কবিৰ জীৱনী (মূল : মাৰ্ক আইনাৰ অনুবাদ; অৰুণ কুমাৰ শৰ্মা)
তৃতীয় অধ্যায় (ক)
আমনিদায়ক কৈশোৰ
মই আছিলোঁ চৈধ্য বছৰীয়া
আৰু বৰকৈয়ে নিৰানন্দ,
খীণমীন, খিটখিটিয়া আৰু চিন্তাক্লিষ্ট,
বিমৰ্ষ আৰু গহীন।
—“গুলেৰমিনা বাৰু ক’ত”?—
পদে পদে বিচ্ছিন্নতা, প্রতিদানহীন প্ৰেম, সঘনে হোৱা বেমাৰ-আজাৰ আদিৰে ভাৰাক্ৰান্ত আছিল নেফটালিৰ কৈশোৰ৷ তাতে, ঘৰত দেউতাকৰ ৰূঢ় ব্যৱহাৰ আৰু কঠোৰ শাসন আৰু দক্ষিণ সীমান্তৰ দুৰ্বিসহ জলবায়ু আৰু দৰিদ্ৰতাই ইয়াক বিষময় কৰি তুলিছিল৷ তেওঁ তেওঁৰ এই হতাশা আৰু উদ্বেগক মূৰ্ত ৰূপ দিছিল “হতাশা” নামৰ কবিতাটোৰ মাজেৰে, যিটো তেওঁ কৈশোৰ বয়সতে টোকাবহীত লিখিছিল। পৰিপক্ক বয়সত লিখা কবিতাবোৰৰ দৰে এই কবিতাটোৰ ভাষা সাৱলীল নহ’লেওঁ, ইয়াত তেওঁৰ আকুলতা স্পষ্টকৈ প্ৰতিভাত হোৱা দেখা গৈছিল, যিহেতু, স্বভাৱজাতভাবে দ্ৰষ্টা কবি হিচাবে তেওঁৰ অন্তৰ্দৃষ্টি আছিল প্ৰাণৱন্ত :
হে প্ৰভু, তেওঁলোকে মোৰ চকুযুৰি
বন্ধ কৰিছিল!
আৰু মই নাজানোঁ, কি দুখত মই
ক’ত আছোঁ৷
দুখে মোৰ আত্মাক নিৰ্দয়তাৰে
খামুচিছে
কোনফালে মই চাওঁ? হায় মোৰ চকু!
কোনে মোৰ মুখত সোপা দি মাত
বন্ধ কৰিছে?
মই অকলশৰীয়া, হায় প্ৰভু!
মই অকলশৰীয়া
আৰু মই মোৰ কলিজাৰ স্পন্দন
নুশুনা হৈছোঁ।
ছাঁৰ ভিতৰত থাকি কোনে বাৰু
মোক মাতিছে? কোনে মোৰ ক্ৰোধ
আৰু বেথাৰ গোজৰণি শুনিব?
অক্ষমতাই মোক চেপিখুন্দি
খাইছে।
সিহঁত নাহিল।
কিন্তু ক’লা হতাশাই মোক ছানি ধৰিছে।
কাকনো মাতোঁ মই, প্ৰভু কাকনো মাতোঁ?
মিছাতে, মই মোৰ আঙুলিবোৰ ভাঙিলো৷
তথাপিওচোন তুমি আহি
মোৰ আত্মাত থিতাপি নল’লা৷
বতাহে মোৰ বিননি লৈ গুচি গ’ল,
আৰু নৰকে মোক পতিত কৰিছে
দুৰ্ঘোৰ অন্ধকাৰত৷
অকলে হলেওঁ অন্ধকাৰৰ পৰাই কলম লৈ যুঁজিব খোজা কথকজন যেন হতাশ হৈ পৃথিৱীৰ অতল তলিত হেৰাই গৈছিল। যিয়েই নহওঁক, নেফটালিয়ে তেওঁৰ সেই কোমল বয়সত কেবাজনো অতি নিৰ্ভৰযোগ্য লোকক লগ পাইছিল, যিসকলে তেওঁক সহায়সমৰ্থন যোগাইছিল। দিহা পৰামৰ্শ দিব পৰা ওচৰ পাজৰৰ কেবাজনো লোকে তেওঁক প্ৰভাৱশালী সাহিত্যিকৰ স’তে পৰিচয় কৰাই দি, তেওঁ যে এজন সম্ভাৱনাপূৰ্ণ কবি তাক পতিয়ন নিয়াইছিল। তাৰ উপৰি, তেওঁৰ পৰামৰ্শদাতাসকলে তেওঁক তেওঁৰ কবিতাত সামাজিক সচেতনতা আৰু ৰাজনৈতিক অৱস্থান মূৰ্ত কৰিবলৈ উৎসাহ যোগাইছিল।
ইয়াৰ বাহিৰেও, সেই সময়ছোৱাত নেফটালিয়ে, একাধিকবাৰ গভীৰ প্ৰেমত পৰিছিল। এনে পটভূমিত, পৰিব্যাপ্ত হতাশজনক প্ৰৱণতাই সৃষ্টি কৰা চৰম বিভ্ৰান্তিৰ পৰা তেওঁক মুক্ত কৰিবলৈ কবিতাই যেন কাগজ কলমেৰে সুশৃংখল ৰূপ দিবলৈ প্ৰকাশৰ পথ বিচাৰি হাহাকাৰ কৰি আছিল। কবিতা তেওঁৰ বাবে এতিয়া দলফলীয়া ৰোমান্টিক প্ৰেম আৰু যৌন অনুভূতি প্ৰকাশৰ মাধ্যম হৈ পৰিছিল, যাৰ জৰিয়তে তেওঁ তেওঁৰ অন্তৰাত্মাত চলি থকা সংঘাতৰ উপশম ঘটাইছিল। তাতে প্রত্যাখ্যাত প্ৰেমৰ অভিজ্ঞতাই তেওঁৰ চৰিত্ৰৰ বিকাশত যিদৰে অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল, ঠিক সেইদৰে অপূৰ্ণ প্ৰেমৰ বেদনাসিক্ত আৱেগক তেওঁ গীতিময় ৰোমাণ্টিকতাৰ আৱেশেৰে তেওঁৰ কবিতাত মূৰ্ত কৰিছিল। পৰৱৰ্তী কালত ৰচিত তেওঁৰ কালজয়ী সৃষ্টি, “কুৰিটা প্ৰেমৰ কবিতা আৰু এটি হতাশাৰ গান”-ৰ বীজ এই টেমুকোতেই ৰোপণ কৰা হৈছিল।
ঠেৰেঙা লগা শীতৰ পাছত, কৈশোৰৰ ভৰপক অৱস্থা তেতিয়া, সেই সময়ত নেফটালিয়ে ভাবত বিভোৰ হৈ অকলশৰে টেমুকোৰ ধূলি-মাকতিসনা লেতেৰা ৰাস্তাৰে ঘনাই ঘূৰি ফুৰিছিল। তেওঁ ইমানেই আপোন পাহৰা হৈছিল যে এসময়ৰ অনুপ্ৰেৰণাৰ উৎস বৰফাবৃত লাইমা আগ্নেয়গিৰি আৰু চহৰৰ মাজেৰে বৈ যোৱা উদ্দাম নীলা কটিন নৈখনলৈকো বিশেষ মনোযোগ দিয়া নাছিল। তেতিয়া তেওঁৰ দৃষ্টি আছিল অন্তৰ্মুখী, কেবল নিতান্ত নৈমিত্তিকতাৰ খাটিৰতহে কিছু বস্তু তেওঁৰ চকুত ধৰা দিছিল। তেনে এটি বস্তু আছিল, এখন দোকানত দেখা মুগা বৰণীয়া কাঠৰ এটি পূৰ্ণায়ব ঘোঁৰা। এই মূল্যবান বস্তুটো চোৱাৰ বাবে তেওঁ কিছু সময় ৰৈছিল আৰু ইয়াক খিৰিকিৰে মনোযোগেৰে নিৰীক্ষণ কৰিছিল : তেওঁ পাছত লিখিছিল যে, সুখ দুখৰ প্ৰতি নিৰ্বিকাৰ এই ঘোঁৰাটো আপাতঃদৃষ্টিত—“ইয়াৰ উজ্বল ছাল আৰু দ্ৰুত গমণৰ বাবে গৰ্বিত”। কিছু সময় ভবাচিন্তা কৰি সাহস গোটাই, দোকানখনৰ ভিতৰলৈ গৈ তেওঁ তেওঁৰ কণমানি হাতখনেৰে ইয়াৰ নাকটি স্পৰ্শ কৰিছিল। সিদিনাৰে পৰা এই কাঠৰ ঘোঁৰাটোৰে, লাজকুৰীয়া ভীৰু ল’ৰাটোৰ বন্ধন লক্ষ্যনীয়ভাবে বাঢ়ি গৈছিল আৰু প্ৰতিদিনে স্কুললৈ যোৱাৰ পথত ঘোঁৰাটোক এবাৰ হলেও স্পৰ্শ কৰি যোৱাটো তেওঁৰ ৰুটিনত পৰিণত হৈছিল।
টেমুকোৰ অৰ্লেন্দো মেচনৰ, জৰাজীৰ্ণ, হেলেক পেলেক, কাঠৰ ঘৰটোৰ থকা ঠাইখিনি আছিল, তেওঁৰ বৰ প্ৰিয়। নেফটালিয়ে অৰ্লেন্দোক খুড়া বুলি মাতিছিল যদিও প্ৰকৃতাৰ্থত তেওঁ সম্বন্ধত সতীয়া ভায়েক আছিল, এই অৰ্থত যে তেওঁ ত্ৰিনিদাদৰেই পুতেক আছিল আৰু মেচন পৰিয়ালে তেওঁক নিজৰ সন্তানৰ দৰে তুলিতালি ডাঙৰ- দীঘল কৰিছিল। বিখ্যাত কবি আৰু সাংবাদিক হিচাবে প্ৰসিদ্ধি লভা, অর্লেন্দোৰ বয়স আছিল প্ৰায় কুৰি বছৰ। চিলিত তেতিয়া উগ্ৰ নৈৰাজ্যবাদী চিন্তাধাৰাৰ প্ৰসাৰ আছিল ব্যাপক। অৰ্লেন্দোও আছিল এই মতবাদৰ উগ্ৰ সমৰ্থক। তেওঁ দিনৰ দিনটো এখন সংস্কাৰকামী প্ৰগতিবাদী চিন্তাধাৰাৰ বাতৰি কাকত উলিওৱা কামত ব্যস্ত থাকিছিল। সেই বাতৰি কাকতখনৰ নাম আছিল “প্ৰভাত” (Morning)৷ এই সৰু কাকতখনে, দেশত বিৰাজ কৰা অন্যায়-অবিচাৰৰ বিৰুদ্ধে কঠোৰভাৱে মাত মতাৰ লগতে মধ্যবিত্ত শ্ৰেণীৰ দুখ দুৰ্দশা; থলুৱা মোপুচোসকলৰ মাটিবাৰী, উকীলসকলে প্ৰবঞ্চনা কৰি দখল কৰাৰ ঘটনা; পুলিচৰ আতিশয্যৰ বাতৰি বিস্তাৰিতভাৱে প্ৰকাশ কৰিছিল।
অৰ্লেন্দো, ডেকা আৰু উচ্ছৃঙ্খল স্বভাৱৰ আছিল যদিও তেওঁৰ আছিল প্ৰচুৰ প্ৰতিভা আৰু প্ৰজ্ঞা। বাতৰি কাকতখনৰ বাহিৰেও তেওঁ সুবক্তা আৰু কবি হিচাবে প্ৰতিষ্ঠিত হোৱাৰ সুবাদত তেওঁ টেমুকো অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা নিমন্ত্ৰিত হৈছিল নিৰ্দিষ্ট বক্তা হিচাবে আৰু তেওঁ সেই জনসমাবেশত নাটকীয় ভংগীমাৰে অগ্নিবৰ্ষী ভাষণ দি সকলোকে আপ্লুত কৰিছিল। নেফটালিয়েও খুড়াকৰ ভাষণ শুনি সন্মোহিত হোৱাই নহয়, আনকি তেওঁৰ উচ্ছাসপূৰ্ণ আদৰ্শবাদে তেওঁৰ হৃদয়ত ঝংকাৰ তুলিছিল। নেফটালিৰ মানত খুড়াক অৰ্লেন্দো হৈ পৰিছিল এজন বীৰোচিত নায়ক আৰু বিপ্লবী ৰোমাণ্টিক প্ৰেৰণাৰে উদ্দীপ্ত কৰিব পৰা এজন অদ্বিতীয় ব্যক্তি। নেৰুডাই পৰৱৰ্তী কালত লিখিছিল, “অৰ্লেন্দোই সকলোধৰণৰ অন্যায়ৰ প্ৰতিবাদ কৰিছিল। বাতৰি-কাকতখন সঁচাকৈয়ে আছিল পঢ়িবলগীয়া, তাত উদঙোৱা হৈছিল নিষ্ঠুৰ আৰু হিংস্ৰ মানুহৰ অমানুষিক কাণ্ড আৰু তাত তুলি ধৰা হৈছিল অন্যায় আৰু স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে, ন্যায় প্ৰতিষ্ঠাৰ হকে দুৰ্বলী জনগণৰ নিৰন্তৰ সংগ্ৰামক”।
অৰ্লেন্দোই তেওঁৰ বাতৰি কাকতৰ পৃষ্ঠা ভৰাই চিলিবাসীয়ে ভুগি থকা জীৱন্ত সমস্যাবোৰৰ সমাধানৰ দাবী তুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যি প্ৰতিবাদ ধ্বনিত কৰিছিল, সেইবোৰ নেফটালিৰ বাবে আছিল প্ৰেৰণাদায়ক। টেমুকোৰ ওচৰৰে লোতা চহৰত অৱস্থিত কয়লা খনিৰ শ্ৰমিকসকলে প্ৰতি পদে পদে সন্মুখীন হোৱা ভয়ংকৰ অত্যাচাৰৰ মুখত কাম কৰা দেখি বিশেষকৈ অৰ্লেন্দো আৰু আন কেবাজন হৃদয়বান ব্যক্তি অতিষ্ঠ হৈ পৰিছিল। এই শ্ৰমিকসকলৰ সৰহভাগেই আছিল থলুৱা মাপুচো সম্প্ৰদায়ৰ। তেওঁলোকৰ কাম কৰা দুটা খেপৰ সময় ৰাতিপুৱা ছয় বজাৰ পৰা গধূলি ছয় বজালৈ আৰু গধূলি ছয় বজাৰ পৰা পুৱা ছয় বজালৈ নকৈ নিৰ্ধাৰিত কৰা হৈছিল। এসপ্তাহৰ অন্তৰে অন্তৰে শ্ৰমিকসকলৰ খেপৰ সালসলনি ঘটোৱা হৈছিল। আনহাতে, শ্ৰমিকসকলক মজুৰি হিচাবে টকাৰ সলনি টোকেন দিয়াৰ ব্যৱস্থা কৰিছিল, যি টোকেনৰ জৰিয়তে তেওঁলোকে কেবল কোম্পানীৰ দোকানতহে বয়বস্তু কিনিব পাৰিছিল।
শ্ৰমিসকলক এনে বৰ্বৰ অৱস্থাত ৰখাৰ গুৰিতে আছিল কোনিনো পৰিয়ালৰ মেটিয়াছ কুচিনো নামৰ দেশৰ আটাইতকৈ সম্পদশালী ব্যক্তিজন। উত্তৰাঞ্চলৰ ৰূপৰ খনিৰ পৰা সীমাহীন ধন-সম্পদ লুণ্ঠন কৰি অতোৱাৰ পাছত তেওঁ দক্ষিণৰ লোতা কয়লা খনিত শোষণৰ জাল বিস্তাৰ কৰিছিল। তেওঁ মেগেলান প্ৰণালীৰে অহা বিৰাট বিৰাট জাহাজবোৰৰ পেট এই লোতাতেই কয়লাৰে পৰিপূৰ কৰি বিদেশলৈ প্ৰেৰণ কৰিছিল আৰু এইদৰে আহৰণ কৰা কোটি কোটি টকাৰ সম্পদেৰে খনি মালিকজনে ইয়াত ত্ৰিশ একৰৰ দৰে মাটি দখল কৰি নিজৰ আমোদ প্ৰমোদৰ নিমিত্তে ফ্ৰাঞ্চৰ আৰ্হিৰ এখন অত্যাধুনিক পাৰ্ক স্থাপন কৰিছিল আৰু তাক দামী দামী গ্ৰীক প্ৰতিমূৰ্তিৰে ভৰাই তোলাৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বাচকবনীয়া গছপুলি আনি তাত ৰোপণ কৰিছিল।
আটকধুনীয়া এই পাৰ্কখনৰ বিপৰীতে লোতাৰ শিশুশ্ৰমিকসকলৰ অৱস্থা আছিল তেনেই দুখ লগা : আঠৰ পৰা ষোল্ল বছৰীয়া, শুকাই-খীণাই চেৰেলা পৰা এই শিশুসকলক খনিৰ অভ্যন্তৰত দিনটোৰ বাৰ ঘণ্টাই কামত নিয়োজিত কৰা হৈছিল। আটাইতকৈ সৰুবোৰে সততে ঘিটমিটীয়া আন্ধাৰ এটি চুকত থাকি বিষাক্ত গেছ সেৱন কৰি লেম্প দঙা অথবা কুলিৰ কাম কৰিছিল।
যুগান্তকাৰী সমাজকৰ্মী আৰু লেখক বেল্ডোমেৰো লিলোৰ দেউতাকে এই লোতাখনিতে শ্ৰমিক হিচাবে কাম কৰা হেতুকে তেওঁ পোনপটীয়াকৈ জীৱন্ত ৰূপত ইয়াৰ শ্ৰমিকসকলে ভোগ কৰি থকা বিষম পৰিস্থিতিৰ কথা জানিব পাৰিছিল। তেওঁৰ স্বৰচিত কালজয়ী চুটি গল্প সংকলনখনত এই সামাজিক পৰিস্থিতিৰ বৰ্ণনা জাজ্বল্যমানকৈ বৰ্ণনা কৰিছিল এইদৰে :
“খনি শ্ৰমিকৰ চৰ্দাৰজনে তেওঁৰ তীক্ষ্ণ চকুযুৰিৰে ল’ৰাজনৰ নিশকতীয়া শৰীৰটোক চকু পোন্দাই তন্ন তন্নকৈ নিৰীক্ষণ কৰিছিল। তাৰ ক্ষীণমীন অৱয়ব আৰু ল’ৰামতীয়া অজ্ঞতা দেখি সি যে খনিৰ কামৰ উপযুক্ত হ’ব তেনে কোনো আশাৰ সঞ্চাৰ তেওঁৰ মনত হোৱা নাছিল।
তেওঁ তাক খনিৰ কামৰ লায়ক নহ’ব বুলি ভবা দেখি দেউতাকে চৰ্দাৰজনক অনুনয় বিনয় কৰি সন্তানটোক খনিৰ কামত মকৰল কৰাৰ বাবে অনুৰোধ জনাই বুজাই কৈছিল যে, তেওঁৰ ছজনীয়া ঘৰখনৰ অৱস্থা বৰ শোচনীয়, মাত্ৰ এজনহে উপাৰ্জনকাৰী। অৱশেষত, চৰ্দাৰজনে সৈমান হৈ ল’ৰাটোক নি এটি সুৰঙ্গৰ শ্লুছ্ গেইটত নিয়োগ কৰিছিল………এবাৰ এইদৰে খনিত সোমোৱাসকল আৰু কোনোকালে ঘূৰি আহিব পৰা নাছিল, মামৰে ধৰা জৰাজীৰ্ণ শিকলিদাল ব্যৱহাৰৰ অনুপযোগী হ’লে নতুন শিকলিৰ ব্যৱস্থা কৰা হৈছিল, আৰু এইদৰে হেৰোৱা ল’ৰাছোৱালীবোৰৰ ঠাই চুক্তি অনুযায়ী মাকদেউতাকে পূৰ কৰিছিল”।
নেফটালিৰ জন্মবছৰ ১৯০৪ চনত সাহিত্যিক বেল্ডোমেৰো লিলোৰ উক্ত বৰ্ণনাসম্বলিত কিতাপখন প্ৰকাশিত হৈছিল। পিছে,বছৰ বছৰ অতিক্ৰান্ত হোৱাৰ পাছতো খনি শ্ৰমিকসকলৰ দুৰ্দশাৰ অন্ত নপৰিল আৰু অৰ্লেন্দোই সেই একে বাৰ্তাকেই জনসাধাৰণৰ মাজত বিয়পাই দিয়াৰ বাবে নিৰলসভাবে কাম কৰিবলগীয়া হৈছিল। টেমুকো আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ দাৰিদ্ৰ্যপীড়িত লোকসকলৰ পক্ষত থিয় হৈ তেওঁ লেখামেলা কৰিছিল। দৰিদ্ৰতাই এই লোকসকলৰ আত্মাক মুচৰি পেলোৱাৰ দৰে, প্ৰবল বৰষুণেও তেওঁলোকৰ জীৱন দূৰ্বিসহ কৰি তুলিছিল। খাবলৈ নোপোৱাৰ উপৰিও তেওঁলোকে বোকাময় কদৰ্য্য বাটপথেৰে টাপলি মৰা, ফুটাফটা জোতা পিন্ধি বাট বুলিবলগীয়া হৈছিল।
অৰ্লেন্দো আৰু আনসকলৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ফলত, নেফটালিৰ সামাজিক চেতনাও দিনক দিনে লহপহকৈ বাঢ়ি আহিছিল। অকল কবিতাৰেই নহয়, গদ্যৰ মাজেৰেও যে জনগণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব পাৰি,তাক তেওঁ অৰ্লেন্দোৰ পৰা বুজিব পাৰিছিল। অৰ্লেন্দোই বিপ্লৱী নায়ক লুই ৰিকাবেৰেনৰ কাহিনী কৈ নেফটালিক অনুপ্ৰাণিত কৰিছিল, যিজন ৰিকাবেৰেনে উত্তৰাঞ্চলৰ খনি শ্ৰমিকসকলক ট্ৰেড ইউনিয়নত সংঘবদ্ধ কৰাৰ উপৰিও, আপোন দক্ষতাৰে আত্মনিৱেশ কৰি, ১৯১২ চনত চিলিত চছিয়েলিষ্ট ৱৰ্কাৰ্চ পাৰ্টীক, প্ৰাণবন্ত ৰূপত প্ৰতিষ্ঠা কৰিছিল।
এইদৰে দেখা গৈছিল যে কবি হিচাবে নেৰুডাৰ সামাজিক দায়িত্ববোধ জাগ্ৰত কৰাৰ ক্ষেত্ৰত অৰ্লেন্দোৰ ভূমিকা আছিল অপৰিসীম।
উনৈছ শতিকাৰ প্ৰথম ভাগত চিলিৰ চিন্তাজগতৰ বুৰঞ্জীত যি গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ সূচনা হৈছিল তাৰ প্ৰভাৱো যে কিশোৰ নেফটালিৰ ৰাজনৈতিক আৰু দাৰ্শনিক মতাদৰ্শৰ ওপৰত পৰিছিল সেয়া অনস্বীকাৰ্য আৰু ইয়াতেই আংশিকভাৱে হলেও প্ৰোথিত হৈছিল তেওঁ ভৱিষ্যতে গ্ৰহণ কৰা বদ্ধমূল বিশ্বাসৰ বীজ। চিলিৰ বুৰঞ্জীৰ সেই সময়ছোৱাই, নতুন প্ৰজন্মক ৰাজনৈতিক আৰু দাৰ্শনিক ভাবধাৰাৰে অৰ্থাৎ নৈৰাজ্যবাদ, সমাজবাদ, আৰু, ধীৰে ধীৰে মাৰ্ক্সবাদলৈ গতি কৰাৰ ক্ষেত্ৰ প্ৰস্তুত কৰিছিল। মন কৰিবলগীয়া এই সময়ছোৱাৰ স্ফুৰণ ঘটিছিল ১৯১০ চনত, স্বাধীন প্ৰজাতন্ত্ৰ হিচাবে চিলিৰ প্ৰতিষ্ঠা দিৱসৰ শতবাৰ্ষিকীৰ দিনাৰ পৰাই। পিছে, শতবাৰ্ষিকী উদযাপনৰ প্ৰতি চিলিবাসীৰ কোনো অনুৰাগ নাছিল। সৰ্বত্ৰ হিচাপ-নিকাচ চলিছিল, আমি ইমান দিনে কি পালোঁ কি নাপালোঁ। মানুহৰ মুখে মুখে প্ৰশ্ন, কিয়ইবা অৰ্থনীতিৰ এই দূৰৱস্থা; দৰিদ্ৰতা আৰু বেমাৰ-আজাৰৰ অৱসান হ’ব কেতিয়া; নোহোৱা হ’ব কেতিয়া সমাজৰ পৰা অপৰাধ আৰু দুৰ্নীতি; কেতিয়া পাম আৱৰ্জনামুক্ত এখন সমাজ; কিয়ইবা ছাণ্টিয়াগো ভৰি পৰিছে লাখ লাখ গৃহহীন মানুহেৰে? এই সকলোবোৰৰ উপৰিও মাহৰ পাছত মাহ ধৰি সংগ্ৰাম কৰা শ্ৰমিকসকলৰ নায্য দাবীৰ প্ৰতি, আভিজাত্যবৰ্গৰ দ্বাৰা পৰিচালিত চৰকাৰে দেখুওৱা চৰম অৱজ্ঞাই, জনসাধাৰণৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি কৰিছিল। সেয়েহে, উক্ত সময়ছোৱা আছিল “সামাজিক প্ৰশ্ন উত্থাপনৰ” বছৰ, সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাটোৰ অচলাতয়নৰ বছৰ। গতিকে প্ৰায়ভাগ চিলিবাসীয়ে প্ৰশ্ন কৰিছিল, “আমি ক’ত”? “আমি কোন পথে”?
এই প্ৰশ্নৰ উত্তৰ বিচাৰি আলেজান্দ্ৰো ভেনিগাছ নামৰ স্কুল শিক্ষক এজনে সমগ্ৰ চিলি পৰিভ্ৰমণ কৰি উঠি শেষত তাৰ উত্তৰ অতি আবেগপ্ৰবণ ভাষাৰে ১৯১০ চনত তেওঁ লিখা “আপোনভোলা : অন্তৰংগ চিলি” (Sincerity : Intimate Chile) নামৰ কিতাপখনত বৰ্ণনা কৰিছিল এইদৰে:
“চৌদিশে মানুহৰ প্ৰতি চৰম অবহেলা প্ৰদৰ্শন কৰা হৈছে : আমাৰ সৈন্য-সামন্ত আছে; আছে যুদ্ধ জাহাজ আৰু দূৰ্গ; আছে নগৰ আৰু বন্দৰ, ৰংগশালা আৰু ঘোঁৰা দৌৰোৱা ঠাই; আছে ক্লাব, হোটেল, বিল্ডিঙ আৰু ৰাজহুৱা প্ৰমোদ ভ্ৰমণৰ স্থান আৰু কীৰ্তিস্তম্ভ (কিন্তু আমাৰ বাবে সেইবোৰৰ বেছি ভাগৰে কোনো অৰ্থ নাই)৷ যদিও, সম্ভ্ৰান্ত আৰু ক্ষমতাশালী লোক, কৰ্তৃত্বত থকা প্ৰভুসকল, যিসকলে মহিমামণ্ডিত অতীৱ ব্যয়বহুল প্ৰাসাদত থাকে………সেইবোৰৰ দূৰত্ব——ৰঙ্গমঞ্চ, বাগিচা আৰু জনসাধাৰণৰ বাসস্থানৰ পৰা বেছি দূৰৈত নহয়। ইয়াৰ অৰ্থ এয়ে যে চিলিৰ জনসংখ্যাৰ দহ ভাগৰ ন ভাগ, অতিকে নাৰকীয় অৰ্থনৈতিক, শাৰীৰিক আৰু মানসিক দৰিদ্ৰতাত পিষ্ট আৰু ইয়াৰ উপৰি অতিমাত্ৰা কাম, অৰ্ধাহাৰী জীৱন, অস্বাস্থ্যকৰ পৰিৱেশ, চূড়ান্ত অজ্ঞতা, আৰু অমাৰ্জিত আচৰণে, এইসকলৰ জীয়াই থকাৰ মানদণ্ডক প্ৰতিদিনে অতি দ্ৰুততাৰে নিম্নগামী কৰি গৈ আছে”।