এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ, অনুবাদ: অৰুণ কুমাৰ শৰ্মা
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
দশম অধ্যায়
অন্তৰ্ৱৰ্তী সময়
তেজৰ আছে আঙুলি আৰু ইয়ে
মুকলি কৰে সুৰংগ, মাটিৰ তলত।
~মাতৃত্ব~
অৱশেষত, নেৰুডা আৰু মাৰুকাই ফ’ৰাফিক নামৰ মালবাহী জাহাজেৰে, ১৯৩২ চনৰ ফেব্ৰুৱাৰী মাহত চিলি অভিমুখে যাত্ৰা কৰিছিল। বিয়াৰ পাছতো যে নেৰুডাৰ টকা-কড়িৰ সমস্যা সমাধান হোৱাৰ সলনি অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিছিল, তাক শামুকৰ গতিৰে চলা মালবাহী জাহাজত কৰিবলগীয়া হোৱা সাংঘাতিক অসুবিধাজনক আৰু কষ্টকৰ ভ্ৰমণেই প্ৰতিপন্ন কৰে। বাণিজ্যদূতৰ চাকৰিৰে পোৱা নগণ্য দৰমহাখিনিৰে এছিয়াত থকা কালৰ শেষৰ পিনে তেওঁলোকৰ সংসাৰৰ ৰাহিযোৰা মাৰাটো অসম্ভৱ হৈ পৰিছিল। যিয়েই নহওক, জাহাজখনত যাত্ৰীসকলৰ বাবে নিৰ্ধাৰিত কোনো কোঠা নথকাত, যাত্ৰীসকলে মুকলিকৈ ডেকত যেনিতেনি পৰি থকা পাইপ, চিমনি, কেবল আৰু মালপত্ৰৰ মাজতে বহিবলৈ বাধ্য হোৱাত, এই সমুদ্ৰযাত্ৰা হৈ পৰিছিল তেওঁলোকৰ বাবে বৰ অস্বস্তিকৰ আৰু আমনিদায়ক। ইপিনে, অতি সোনকালেই নতুন পত্নীৰ সৈতে তেওঁৰ সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰাত, তেওঁ চিলিত যি অনুৰাগ আৰু উৎসাহেৰে ন-জীৱনৰ পাতনি মেলিম বুলি ভাবিছিল, সেয়া সুদূৰ পৰাহত হৈ পৰিছিল। নিৰুত্তাপ, তেওঁ সন্দিহান হৈ ভাবিবলৈ লৈছিল যে, প্ৰকৃততে মাৰুকাৰ প্ৰতি তেওঁৰ কোনো আসক্তি কিম্বা বুজাপৰা আছিল নে নাই। এনে অন্তৰ্দ্বন্দ্বত ভুগি তেওঁ পুনৰ পূৰ্বৰ সেই ভয়ংকৰ আত্মমগ্নতাৰ জগতখনলৈ পশ্চাৎগমন কৰিবলৈ লৈছিল।
ভাৰত মহাসাগৰ হৈ আটলাণ্টিক মহাসাগৰেৰে চিলিৰ প্ৰশান্ত মহাসাগৰৰ উপকূললৈ গতি কৰা ভ্ৰমণৰ এই সমগ্ৰ কালছোৱাত লেখামেলাৰ বাহিৰে তেওঁৰ কৰিবলগীয়া একোৱেই নাছিল। তেওঁ “মালবাহী জাহাজৰ ভূত’’, নামেৰে এটি বন্য নিষ্ঠুৰতাই খেদি ফুৰা, যাদুকৰী কবিতা লিখিছিল। জাহাজত বহি থকা ভূতৰূপী একমাত্ৰ যাত্ৰীজন উক্ত কবিতাটোৰ বক্তা। এসময়ত জাহাজখন ভূতময় হৈ পৰে, আৰু ইয়াৰ ইঞ্জিনটোৱে, টেমুকোত শৈশৱতে দেখি অহা “ৰাতিৰ ৰে’লআলিৰ দাঁতিৰ ঘূৰণীয়া ঘৰবোৰৰ ৰে’লইঞ্জিনৰ উকিকেই প্রতিধ্বনিত কৰে। ইয়াত, জাহাজৰ ক্লান্ত যন্ত্ৰপাতিবোৰে গেঁঙায় আৰু ফেঁকুৰে:
জোঙা নাকটো ঠেলি ঠেলি,
দুইফালে গা জোকাৰি,
কেঁকনি-গেঁথনিৰে ভেনভেন-পেনপেন
কৰি, ক্ৰমান্বয়ে গিলি যায় ই তাৰ দূৰত্ব,
লুণীয়া পানী ঘোদালি-বিদালি
বুঢ়া জাহাজখন আগবাঢ়ে
পুৰাতন পানীৰ ওপৰেৰে।
“প্ৰচণ্ড অভিশাপস্বৰূপ হৈ পৰা সময় যেন নাযায় নুপুৱায়”। নৱবিবাহিতা পত্নী কাষত থকা স্বত্তেও, নেৰুডাই যেন একেবাৰে অকলশৰে এটি ভূতৰ দৰে গোমা মুখেৰে এঠা লগা দি বহি আছে। আমোদজনকভাৱে অতিকে তাৎপৰ্যপূৰ্ণ এয়ে যে, শ্বেতাংগ পত্নীৰ প্ৰতি সম্পূৰ্ণৰূপে মোহমুক্ত কবিয়ে, তেওঁৰ মৰতৰ আবাসৰ প্ৰথম খণ্ডৰ কবিতাবোৰ ক্ৰম অনুসৰি সজাবলৈ গৈ, “মালবাহী জাহাজৰ ভূত” নামৰ কবিতাটো, “বৰলাৰ নৃত্য” কবিতাটোৰ ঠিক আগত প্ৰতিস্থাপন কৰাৰ জৰিয়তে তেওঁ যেন পুনৰাই যোছি ব্লিছৰ লগ লগাৰ অভীপ্সাকে প্ৰকট কৰিছে। তদনুৰূপভাৱে, মৰতৰ আবাসৰ দ্বিতীয় খণ্ডটোক তেওঁ যোছি ব্লিছৰ কেন্দ্ৰ কৰি লিখা আন এটি কবিতাৰে সামৰা দেখা গৈছে।
সুদীৰ্ঘ সমুদ্ৰযাত্ৰাৰ অন্তত, সেই বছৰৰে ১৮ এপ্ৰিল তাৰিখে, নেৰুডা আৰু মাৰুকাই পুৱেৰ্তো মন্টোত (য’ৰ পৰা পাতাগনিয়া আৰম্ভ হয়) অৱতৰণ কৰিছিল। ভেলপাৰাইজোত ভ্ৰমণ শেষ কৰা হ’লে, তেওঁলোকৰ জাহাজখনে বস্তু-বাহানি উঠোৱা-নমোৱা নকৰা আৰু ক’লৈকো অহাযোৱা নকৰা কৰ্মস্তব্ধ জাহাজবোৰেৰে সৈতে এটি অচল বন্দৰ দেখিলেহেঁতেন। বিশ্বজুৰি ঘটা অৰ্থনৈতিক মন্দাৰ ফলশ্ৰুতিতে এনে অৱস্থাৰ সৃষ্টি হৈছিল। চিলিৰ যখাৰ শিল্প দেওলীয়া হৈছিল। বিশ্ব জুৰি চাহিদা থকা ’শুকুলাসোণ’খ্যাত ছ’ডিয়াম নাইট্ৰেইত নামৰ খনিজ দ্ৰব্যবিধ চিলিৰ উত্তৰে অৱস্থিত এটাকেমা মৰুভূমিত পৃথিৱীৰ ভিতৰত সৰ্বাধিক পৰিমাণে পোৱা যায়। দ্ৰব্যবিধৰ দুটা ব্যৱহাৰ্য দিশ হ’ল: ইয়াৰ পৰা প্ৰস্তুত কৰা সাৰে খেতিমাটি উৰ্বৰা কৰাত সহায় কৰে। আনহাতে, গানপাউডাৰৰ দৰে বিস্ফোৰক তৈয়াৰ কৰাৰ বাবে ই উপযোগী। প্ৰথম মহাযুদ্ধত ইয়াৰ প্ৰয়োজনীয়তা আছিল লেখতলবলগীয়া পৰিমাণৰ। এই খনিজ দ্ৰব্যবিধ ৰপ্তানি কৰাৰ জৰিয়তে দেশৰ কোষাগাৰৰ শ্ৰীবৃদ্ধি ঘটোৱাৰ লগতে নিবনুৱা সমস্যা সমাধানতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। একেদৰে, মহামন্দাৰ ফলত চিলিৰ তাম্ৰশিল্পও বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছিল।
১৯৩২-৩৩ চনৰ বিশ্ব অৰ্থনৈতিক সমীক্ষামতে মহামন্দাই সবাতোকৈ ক্ষতিগ্ৰস্ত কৰা দেশখন আছিল চিলি। স্বাভাৱিকতে, নিবনুৱা সমস্যা, আকাশচুম্বী মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিয়ে দেশত ব্যাপক ৰূপ পৰিগ্ৰহণ কৰিছিল। ইতিপূৰ্বে জুৰুলা হৈ পৰা জনসাধাৰণৰ ওপৰত জোৰপূৰ্বক অত্যধিক কৰকাটল জাপি দি ৰাজহ সংগ্ৰহ কৰাৰ বাবে চৰকাৰ আগ্ৰাসী হৈছিল। ফলত, গৃহহীন লোকৰ সংখ্যাই চৰম সীমাত উপনীত হৈছিল। প্ৰতিবাদী জনতাৰ ওপৰত নামি আহিছিল অবৰ্ণনীয় অত্যাচাৰ। চৰকাৰ ভঙা-পতাৰ অভিলেখেৰে, দেশখনে এক সামাজিক অৰাজকতাৰ পিনে গতি কৰিছিল। কাৰ্লচ ইবেনেজৰ স্বৈৰাচাৰী চৰকাৰক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল, আৰু সমাজবাদী প্ৰজাতন্ত্ৰৰ পট্টন ঘটোৱা পাছৰজন নিৰ্বাচিত ৰাষ্ট্ৰপতিক, অভ্যুত্থান মাৰফৎ আঁতৰোৱা হৈছিল। পিছে, বাৰ দিন অতিক্ৰান্ত হৈছিল নে নাই, আন এক অভ্যুত্থানে সেই চৰকাৰখনৰো পতন ঘটাইছিল। ইবেনেজৰ অনুগামীসকলে উদাৰপন্থীসকলক ইষ্টাৰ দ্বীপপুঞ্জলৈ নিৰ্বাসিত কৰিছিল। যথাৰ্থ সমৰ্থন নথকা অবৈধ চৰকাৰখনো তিনি মাহ পাছত গাদীচ্যুত হৈছিল। পৰিস্থিতিৰ এনে ধামখুমীয়াত, ১৯৩২ চনত অনুষ্ঠিত নিৰ্বাচনত এক নতুন চৰকাৰৰ উন্মেষ ঘটিছিল। উদাৰপন্থী, গণতন্ত্ৰবাদী আৰু সংস্কাৰকামীসকলৰ সমৰ্থনত, দ্বিতীয়বাৰৰ বাবে আৰ্তুৰো এলেছেন্দ্ৰিয়ে ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। লক্ষণীয় যে, নেৰুডাই চিলিলৈ প্ৰত্যাৱৰ্তন কৰা ১৯৩২ চনটোত ঘটা ঘটনাৰ প্ৰভাৱ, তেওঁৰ জীৱনত আছিল অপৰিসীম। চিলিত নতুন চৰকাৰ হোৱাৰ উপৰিও এই বছৰতে এডলফ্ হিটলাৰে জাৰ্মানীৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। জাৰ্মানীৰ ভৱিষ্যত নিৰ্বাচনত অংশ কৰিব পৰাটোৱে আছিল তেওঁৰ উদ্দেশ্য ; আৰু সেই অভিলাস পূৰণ কৰি তেওঁ ১৯৩৪ চনত সেই দেশৰে ফিউৰে (Fuhrer) পদত অধিষ্ঠিত হৈছিল।
সেই সময়ত দেশৰ অত্যাৱশ্যকীয় পৰিসেৱাসমূহ বিঘ্নিত হোৱাত, নেৰুডাই ঘৰলৈ আহি আছে বুলি টেলিগ্ৰামযোগে জনাইছিল যদিও, সেই টেলিগ্ৰাম মাকদেউতাকে পোৱা নাছিল। সেয়েহে, পুত্ৰ-বধূৰ আগমন আছিল ঘৰখনৰ বাবে আকস্মিক। ভনীয়েক লোৰাই খিৰিকীৰে ককায়েক আৰু নবৌয়েকক গাড়ীৰ পৰা ছুটকেছেসহ ঘৰৰ সম্মুখত নমা দেখিছিল। যোছ দেল কাৰমেনে তেওঁলোক দুয়োকে শান্তচিত্তে আদৰিছিল। ডোনা ত্ৰিনিদাদেও তেওঁৰ সহজাত মৰম-চেনেহেৰে আলহদুলহকৈ দুয়োজনকে আঁকোৱালি লৈছিল। কিছু সময় শান্ত হৈ থকাৰ পাছত, দেউতাকে সৌ তাহানি দিনৰ দৰে পুতেকক উদ্দেশ্য কৰি ককৰ্থনা আৰম্ভ কৰিছিল আৰু পুতেকক কবি হোৱাৰ নিঃকিন পথ অৱলম্বন কৰাৰ জগৰত উধাই-মুধাই দোষাৰোপ কৰিছিল। তেওঁৰ কথা হ’ল, এতিয়া কবিয়ে বোৱাৰীয়েক আৰু ভৱিষ্যতৰ নাতি-নাতিনীসৱৰ ভৰণপোষণৰ দায়িত্বইবা ল’ব কেনেকৈ! এপিনে টেমুকোৰ ঠেঁটুৱা জাৰ আৰু কিনকিনিয়া বৰষুণ—আৰু আহি পায়েই দেউতাকৰ ৰূঢ় ব্যৱহাৰে নেৰুডাৰ মনমেজাজ বিষাক্ত কৰি তুলিছিল। তেওঁ ভাবিছিল, ইমানদিনে সুদূৰ প্ৰাচ্যত থাকি, তেওঁ অন্ততঃ দেউতাকৰ বকনিৰ পৰা বাচি আছিল ; আৰু ক্ৰান্তীয় অঞ্চল এৰি, এখন মালবাহী জাহাজত ইমান কষ্ট কৰি ইমান হেপাঁহেৰে কিয়ইবা তেওঁ দেউতাকৰ বকবকনি শুনাৰ বাবে আহিব লাগে। গতিকে, তেওঁ মাৰুকাক লৈ এসপ্তাহৰ ভিতৰতে ছাণ্টিয়াগোলৈ গুচি গৈছিল।
ইপিনে, ছাণ্টিয়াগোৰ বোহেমিয়ান জগতৰ পুৰণি বন্ধুসকলে তেওঁৰ বাবে অপেক্ষাৰত আছিল। দম্পতীহালে কেথেড্ৰেল ষ্ট্ৰীটৰ এটি কোঠা ভাড়াত লৈছিল, আৰু তেওঁৰ বন্ধুবৰ্গই সঘনে তালৈ আহিবলৈ ধৰিছিল। ছাণ্টিয়াগো সম্পৰ্কে মাৰুকাৰ প্ৰথম অনুভৱ আছিল এনেধৰণৰ: “এই নগৰীখন যেন তেওঁলোকে থাকিবলৈ লোৱা ঘৰটোৰ ক’লা পৰা মলিয়ন বেৰবোৰৰ দৰে অনুজ্জ্বল, ইযাৰ ঠেক ৰাস্তাৰ দুয়োকাষৰ ঘৰবোৰৰ সম্মুখভাগ যেন বিষণ্ণতাৰে পৰিবৃত। জাভাৰ ফৰকাল বিনন্দীয়া সেউজী ভূদৃশ্যৰ বিপৰীতে ইয়াৰ বৰ্ণময়হীন, গোমোঠা শ্বাসৰুদ্ধকৰ পৰিৱেশে তেওঁক বিব্ৰত কৰিছিল”।
নেৰুডাই অনতিপলমে নেৰুডাৰ গেং’ বুলি জনাজাত দলটোৰ ৰজা হৈ পৰিছিল। নেৰুডাই থকা ঘৰটোলৈ গেঙৰ সভ্যসকলে সঘনে আহযাহ কৰিবলৈ লোৱাত মাৰুকাই তেওঁলোকক অশ্ৰদ্ধাৰ চকুৰে চাইছিল, ফলত, গেঙৰ সভ্যসকলে মাৰুকাক বেয়া পাবলৈ লৈছিল। এই বিষয়ে দিয়েগো মুনোজে স্মৃতিচাৰণ কৰি কৈছিল, “তেওঁৰ আমাৰ প্ৰতি কণমানো সহৃদয়তা নাছিল আৰু পাবলোৰ কোনো পুৰণি বন্ধুকে তেওঁ জানিবলৈ আগ্ৰহী নাছিল”। দিয়েগোয়ে মাৰুকাক পাবলোৰ দৰে কবিৰ বাবে আটাইতকৈ অনুপযুক্ত পত্নী বুলি ভাবিবলৈ লৈছিল। ঘটনাই এনে অৱস্থা পাইছিল যে, পাবলোৰ বন্ধুবৰ্গ অহামাত্ৰেই মাৰুকাই ঘৰৰ দুৱাৰ বন্ধ কৰি দিছিল। উপায়ন্তৰ নেৰুডাই মাৰুকাক লগত নিনিয়াকৈয়ে তেওঁলোকৰ লগত ওলাই গৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে দেখা ছাণ্টিয়াগোৰ দীঘলীয়া শীতকালটো মাৰুকাই, গভীৰ ৰাতিলৈকে পাবলো উভতি নহালৈকে, খিৰিকীমুখত অকলে বহি কটাইছিল আৰু পাবলো আহি পোৱা মাত্ৰেই (মুনোজৰ মতে) “কুকুৰে কাঁইট নোখোৱাকৈ তেওঁক ইংৰাজীতে গালিগালাজ পাৰিছিল। ”
এনে বিবাদত নেৰুডাই নিস্পৃহ নীৰৱতাকে অৱলম্বন কৰিছিল। দুখে প্ৰচণ্ড হেঁচা মাৰি কঠিন কৰা, মাৰুকাৰ অনুভূতিৰ প্ৰতি নেৰুডাই অকণো কেৰেপ কৰা নাছিল। গতিকে, তেওঁলোকৰ মাজৰ ব্যৱধান দিনে দিনে বাঢ়ি গৈ আছিল। নেৰুডাই উপলব্ধি কৰিছিল যে, যিজনীক তেওঁ ৰুচিবোধসম্পন্না, শিক্ষিতা আৰু সাংসাৰিক অভিজ্ঞতাপুষ্টা ছোৱালী বুলি ভাবিছিল, আচলতে তেওঁৰ তেনে কোনো গুণেই নাছিল। আনকি, আবেগিক অথবা দৈহিকভাৱে থাকিবলগীয়া আকৰ্ষণীয় গুণখিনিৰো অভাৱ আছিল পত্নীৰ চৰিত্ৰত।
মুনোজ আৰু আন আন বন্ধুসকলে লক্ষ্য কৰিছিল যে, প্ৰাচ্যৰ পৰা উভতি অহা নেৰুডা আৰু আগৰ নেৰুডা হৈ থকা নাই। তেওঁৰ এতিয়া সাংঘাতিক পৰিৱৰ্তন হৈছে। মুনোজে লিখামতে, “এতিয়া তেওঁ বেচ কথা ক’ব পৰা ব্যক্তিত পৰিণত হৈছে। কথাৰ ফাঁকে ফাঁকে মন খুলি হাঁহিব পৰা হৈছে। হতাশা আৰু বিষণ্ণতাৰে পূৰ্ণ, অন্যমনস্ক আৰু লাজুক লাজুক চৰিত্ৰৰ, সেই মুচাচাজন আৰু তেওঁৰ মাজত নাই। সেই সময়ত ছাণ্টিয়াগোত থকা স্পেইনৰ কবি যোছ মাৰিয়া ছোভাইৰনৰ মতে, “পাবলো দেখাত তেতিয়া লেংলেং কৰে ওখ, খীণ আৰু জধলা আছিল। মুখত ’বিষণ্ণতাৰ চাপ’ আছিল যদিও, জীৱনে যি দিছে তাক তেওঁ হাঁহিমুখে বৰণ কৰিছিল। কাৰোবাক বুজি উঠাৰ লগে লগে তেওঁ মনোৰম ৰূপত প্ৰিয়ভাজন হৈ পৰিছিল। ৰুচি বা বিৰাগৰ ক্ষেত্ৰত তেওঁ আছিল দৃঢ়। সন্দিগ্ধ যদিও শ্ৰদ্ধাশীল আছিল তেওঁ। জীৱন উপভোগ কৰিব পৰাকৈ তেওঁ আছিল এজন উত্তম সুৰাপায়ী—স্বৰূপাৰ্থত এজন ভোগবাদী। তেওঁৰ বন্ধুবৰ্গৰ মতে, শয়নেসপোনে তেওঁৰ লক্ষ্য আছিল স্পেইন।
একে সময়তে তেওঁৰ আন এটি লক্ষ্যবস্তু আছিল এলবেৰ্টিনা। এছিয়াৰ পৰা চিলিলৈ উভতি অহাৰ পাছতে তেওঁ কঞ্চেপছিয়নত থকা তাইলৈ লিখিছিল: “তুমি নিশ্চয় গম পাইছা যে, ১৯৩১ চনৰ ডিচেম্বৰত মোৰ বিয়া হৈছে। তুমি নিবাৰণ কৰিব নোখোজা মোৰ নিসংগতা দিনক দিনে বাঢ়িহে গৈছে আৰু ই অসহনীয় হৈ পৰিছে….তোমাৰ কপালত এটি কোমল চুমা আঁকি দিব পৰা হ’লে মই বৰ ভাল পালোঁহেঁতেন, ভাল পালোঁহেঁতেন তোমাৰ হাত দুখন মৰমেৰে পিহি দিব পৰা হ’লে, আৰু ভাল লাগিলহেঁতেন, যদিহে মোৰ অন্তৰখনে তোমাৰ প্ৰতি থকা অনুৰাগ আৰু চেনেহৰ ভাগ তোমাক দিব পাৰিলেহেঁতেন। এই চিঠিখন কাকো নেদেখুৱাবা। তুমি যে মোলৈ লিখা, সেই কথাও মই কাকো নকওঁ।”
ইয়াৰ পাছতে তেওঁ তাইলৈ ততাকৈয়াকৈ আন এখন চিঠি লিখিছিল, যিখনত তেওঁ যে আন এজনী ছোৱালীক বিয়া কৰিবলৈ সিদ্ধান্ত লৈছে, তাক সবিস্তাৰে বুজাই বঢ়াই লিখিছিল এইদৰে: “মোৰ টেলিগ্ৰাম আৰু চিঠিপত্ৰবোৰে তোমাক কৈছিল যে, তুমি কলম্বোলৈ আহিলেই, মই তোমাক বিয়া কৰাম। পিছে তুমি নাহিলা। মই ইতিমধ্যে বিয়াৰ লাইচেঞ্চখন লৈ ল’লোঁ। আৰু মই যে তোমাৰ পৰা টকা বিচাৰিছিলোঁ সেয়া তোমাৰ নিশ্চয় মনত আছে। মই মোৰ প্ৰতিখন চিঠিতে ধৈৰ্যসহকাৰে বিতংকৈ কথাবোৰ পুনঃ পুনঃ দোহাৰিছিলোঁ। এতিয়া মোৰ ভনীজনীয়ে মোক দোষ দি কৈ আছে যে, মই হেনো তোমাক বিয়া নকৰোৱাকৈয়ে মোৰ লগত থাকিবলৈ মাতিছিলোঁ। তুমি হেনো ভনীজনীক এইদৰেই কৈছিলা। এনে কৰিবলৈ নাপায় নহয়! তুমি কিয় মিছা মাতিলা? মই বৰ দুখ পাইছোঁ যে, তুমি মোক বুজিকে নাপালা আৰু তাতোকৈ বেছি দুখ পাইছোঁ তুমি মোক অপযশ দিয়া বাবে। এলবেৰ্টিনা, তুমি নজনা নহয় যে, মই তোমাক কিমান ভাল পাওঁ, কিন্তু তুমি মোৰ প্ৰতি অন্যায় আচৰণ কৰিলা, মই আকুলতাৰে তোমাক বিচৰাৰ সময়ত তুমি নীৰৱে থাকিলা….’’
তৃতীয়খন চিঠিতো দেখা যায় যে, তাইৰ নীৰৱতাক তেওঁ সমূলি মানি ল’ব পৰা নাছিল: “মোৰ মৰমী এলবেৰ্টিনাজনী, আজি প্ৰায় এমাহ আগতে, মই তোমাৰ চিঠিৰ উত্তৰ দিছিলোঁ, আৰু মই জানিব বিচৰামতে একোকে নক’লা…. তোমাৰ সৈতে মোৰ কথা পাতিবৰ বৰ মন যায়, মন যায় তোমাক গালি পাৰিবলৈ। তোমালৈ অনবৰত মনত পৰি থাকে। কিন্তু তুমিচোন সদায় অকৃতজ্ঞ হৈ থাকা। ইউৰোপত তোমাৰ কি হৈছিল, তাক মই আজিলৈকে নুবুজিলোঁ। এতিয়াও নুবুজিলোঁ, কিয়ইবা তুমি কলম্বোলৈ নাহিলা”।
নেৰুডাই স্বীকাৰ নকৰিলেও, নেৰুডাৰ বিয়াখন যে স্বীকৃত বিয়া, তাক এলবেৰ্টিনাই মানি লৈছিল। এই ক্ষেত্ৰত তাই দ্ব্যৰ্থক মনোভাৱ প্ৰকাশ কৰা নাছিল। পাঁচ বছৰ পাছত, নেৰুডাৰ বন্ধু এঞ্জেল ক্ৰুচাগা ছান্টা মাৰিয়াৰ লগত তাইৰ বিয়া হৈছিল যদিও, তাই নেৰুডাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলিছিল।
কবি হিচাপে নিশ্চিন্তমনে চলিব পৰাকৈ এটি আয়ৰ পথ মোকলাব নোৱাৰাটোও নেৰুডাৰ এক দুশ্চিন্তাৰ কাৰণ হৈ পৰিছিল। যিয়েই নহওক, সগোত্রীয় লেখক এজনৰ সৌজন্যত, শ্ৰম মন্ত্ৰণালয়ৰ সাংস্কৃতিক দপ্তৰত তেওঁ সংস্থাপিত হ’বলৈ সমৰ্থ হৈছিল। দৰমহা ন্যূনতম আছিল যদিও, দেশত বিৰাজ কৰা মহামন্দাৰ পৰিপ্ৰেক্ষিতত, যেনেকৈ নহওক নিয়োজিত হোৱাটোৱেই ডাঙৰ কথা আছিল। তেওঁ মন্ত্ৰণালয়ৰ অধীনস্থ লাইব্ৰেৰীসমূহৰ জনমুখী আঁচনি ৰূপায়ণৰ দায়িত্ব ল’বলগীয়া হৈছিল। ৰক্ষণশীলসকলৰ অবিৰত ভাবুকিৰ সম্মুখীন হৈ এই দপ্তৰটোৱে কাম কৰিবলগীয়া হৈছিল। ৰক্ষণশীলসকলে, অৰ্থনৈতিক সংকটৰ দোহাই দি জনমুখী প্ৰগতিবাদী আঁচনিবোৰ ৰূপায়িত হোৱাত ঘৃণাৰ চকুৰে চাইছিল।
*****
চিলিলৈ ওভতাৰ পাছৰ এই সময়ছোৱাত, ইমান দিনে প্ৰকাশৰ মুখ নেদেখা নেৰুডাৰ গ্ৰন্থবোৰে প্ৰকাশৰ মুখ দেখিছিল। ১৯৩৩ চনৰ প্ৰথম ভাগত প্ৰকাশিত হৈছিল ‘প্ৰদীপ্ত চিকাৰী’। নেৰুডাই নিজেই স্বীকাৰ কৰিছিল যে, চাবাটৰ প্ৰভাৱ থকা বাবেই, ইয়াৰ কবিতাবোৰ তেওঁ প্ৰকাশ কৰাৰ পৰা বিৰত আছিল আৰু শেষত মূল ৰচনাবোৰৰ সামান্য অংশহে প্ৰকাশ কৰিছিল। তেওঁ আৰু কৈছিল যে, এই সংকলনটোক “মোৰ যুৱা কালত লভা তীব্ৰ দহনৰ এখন দলিল বুলিব পাৰি”। কিন্তু, কবিতাবোৰে সমালোচক আৰু পাঠকৰ পৰা যৎসামান্য সঁহাৰি পাইছিল।
একে সময়তে, নেৰুডাই মৰতৰ আবাসখন প্ৰকাশ কৰিব নোৱাৰি বৰ অশান্তিত ভুগি আছিল। নেৰুডা নিশ্চিত আছিল যে, এই কিতাপখনে সমগ্ৰ স্পেনিছভাষী জগতত তুমুল আলোড়ণৰ সৃষ্টি কৰিব, আৰু তেওঁ তেওঁৰ সাহিত্যিক ভৱিষ্যতৰ পিনে লক্ষ্য ৰাখি সেইখন স্পেইনৰ বাহিৰে আন ক’তো ছপোৱাৰ পক্ষপাতী নাছিল। তেওঁ বিশ্বাস কৰিছিল যে, ইউৰোপৰ সুমহান সাহিত্যিক ঐতিহ্যৰ তুলনাত চিলি যেন তেতিয়াও সোঁতবিহীন জলাশয়ৰ দৰে নিস্পন্দ এখন দেশ হৈয়েই আছিল।
তেওঁ ইয়ান্দিলৈ লিখিছিল, “মই চিলিত এজন প্ৰকাশক পাইছোঁ, যিজনে কিতাপখন বৰ যতনেৰে ছপাব বুলি কথা দিছে, আৰু বিনিময়ত মোকো যথাযথ মাননি দিব বুলি কৈছে। কিন্তু, মই এইখন ইয়াত ছপাবলৈ বিচৰা নাই।” পিছে, কেইমাহমান অতিবাহিত হোৱাৰ পাছত স্পেইনৰ পৰাও কোনো আশানুৰূপ সঁহাৰি নহা দেখি, ইয়ান্দিয়ে কিতাপখন আৰ্জেণ্টিনাৰ পৰা সন্তোষজনক মাননিৰ বিপৰীতে ছপোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছিল যদিও, নেৰুডাই সন্মতি দিয়া নাছিল। তেওঁ স্পেইনত ছপোৱাৰ বিষয়টোতে আকোঁৰগোজ হৈ আছিল। তেওঁ কৈছিল : “কবিতাবোৰৰ ভাগ্যত যিয়েই নাথাকক কিয়, মই এই উৎকৃষ্ট কবিতাবোৰ প্ৰায় পাঁচ বছৰ ধৰি লিখি আছোঁ…. মোৰ অনুভৱ যে, এইবোৰক মই নিতান্ত প্ৰয়োজনীয় আৰকেৰে সমৃদ্ধ কৰিব পাৰিছোঁ : অনন্য শৈলীৰ কথা নকলোৱেইবা; মোৰ ধাৰণা, এই কবিতাবোৰৰ প্ৰতিটি শাৰীক, মই মোৰ সত্তাৰ পৰা টোপাটোপে নিগৰা তেজেৰে সিক্ত কৰিব পাৰিছোঁ।”
ইতিমধ্যে তেওঁ, মৰতৰ আবাসৰ পাণ্ডুলিপিৰ এটি কপি চিলিৰ উচ্চাভিলাষী লেখক এলফ্ৰেডো কন্দনৰ হাতত তুলি দিছিল, যিজনে পেৰিছৰ ৰাছিয়ান বাৰত নৈশভোজনেৰে কবি আৰু কবিবন্ধুক আপ্যায়িত কৰিবলৈ গৈ সুৰাৰ নিচাত বেহুচ হৈ পৰিছিল। সাহিত্যিক প্ৰতিভা পৰ্যাপ্ত নহ’লেও, টকা-পইছাৰে জৌজৌৱা তেওঁৰ আছিল বিভিন্ন স্তৰৰ মানুহৰ সৈতে যোগাযোগ। তেওঁ ইতিমধ্যে নেৰুডাক মাদ্ৰিদৰ চিলিৰ দূতাবাসত কৰ্মৰত কাৰ্লছ মোৰলা লিঞ্চৰ সৈতে পৰিচয় কৰাই দিছিল, যিগৰাকী ব্যক্তি কূটনীতিবিদ হোৱাৰ উপৰিও সাহিত্যিক হিচাপে পৰিচিত আছিল। তেওঁৱেই নেৰুডাক স্পেইনলৈ নোৱাৰিলেও, শ্ৰীলংকাৰ পৰা জাভালৈ বদলি কৰি আনিছিল। তেওঁৰ অফিচতে কন্দন এতিয়া সচিব পদত নিযুক্ত।
যোগাযোগৰ এনে সূত্ৰ ধৰিয়েই কন্দনে মোৰলা লিঞ্চৰ হাতত মৰতৰ আবাসৰ পাণ্ডুলিপিখন তুলি দি ভাল প্ৰকাশকৰ হতুৱাই ছপা কৰিবলৈ অনুৰোধ জনোৱাত, মোৰলাই সেইখন ৰাফেল এলবাৰ্টিক হাতত অৰ্পণ কৰিছিল। সেই সময়ত স্পেনিছ সাহিত্যত নিত্য নতুন ধাৰাৰ প্ৰৱৰ্তন ঘটাই চাঞ্চল্য উদ্ৰেককাৰী আৰু প্ৰভাৱসঞ্চাৰী সৃষ্টিৰ বীজ সিঁচা ডেকা সাহিত্যিকসকলৰ ভিতৰত ৰাফেল এলবাৰ্টি আছিল মধ্যমণি। এলবাৰ্টিয়ে পাণ্ডুলিপিখন, আদিৰ পৰা অন্তলৈকে প্ৰথমবাৰ পঢ়ি উঠিয়েই নিজৰ অভিমত ব্যক্ত কৰিছিল এইদৰে : “কবিতাকেইটাই মোক অভাৱনীয়ভাৱে আশ্চৰ্যান্বিত কৰিছিল। আমাৰ কবিতাৰ গতি-প্ৰকৃতি আৰু বাতাৱৰণৰ ফালৰ পৰা এই কবিতাবোৰৰ আকাশপাতাল পাৰ্থক্যই মোক বিমোহিত কৰিছিল”। অসাধাৰণভাৱে উদ্ভাৱনীমূলক কবিতাৰে সমৃদ্ধ কিতাপখন মাদ্ৰিদত ছপা হওক, এই আশাৰে তেওঁ পাণ্ডুলিপিটো লৈ সমগ্ৰ মাদ্ৰিদজুৰি তেওঁৰ চিনাকি সম্পাদক বন্ধুবৰ্গক লগ ধৰি ছপোৱাৰ বাবে অনুৰোধ জনাইছিল। কিন্তু কোনেও এনে দায়িত্ব ল’ব নোখোজাত তেওঁ বিমৰ্ষচিত্তে পাবলোৰ লগত যোগাযোগ কৰিছিল। তেওঁৰ উত্তৰবোৰত আছিল মানসিক পীড়াৰ চাপ।
যিয়েই নহওক, ১৯৩১ চনত এলবাৰ্টিয়ে পেৰিছত উপস্থিত হৈ এই “সাংঘাতিকভাৱে অসাধাৰণ কবিজনা’’ৰ বিষয়ে (যিজন ইউৰোপত অপৰিচিত আৰু বৰ্তমানে জাভাত বাণিজ্য দূত হিচাপে কৰ্মৰত) এলিজো কাৰ্পেন্তিয়াৰক কৈছিল আৰু কাৰ্পেন্তিয়াৰক কিতাপখন ছপাবলৈ অনুৰোধ কৰিছিল। ৰাজনৈতিকভাৱে নিপীড়িত কৰ্পেন্তিয়াৰে কিউবাৰ পৰা পলাই ফ্ৰাঞ্চলৈ আহি অধিবাস্তৱবাদ আৰু সাংবাদিকতাৰ জগতত বিচৰণ কৰি আছিল। পেৰিছত বসবাস কৰা দক্ষিণ আমেৰিকাৰ গণ্যমান্য সাহিত্যিকসকলৰ সহযোগত তেওঁ এখন নতুন পত্ৰিকাৰ সম্পাদনাৰ দায়িত্ব পালন কৰি আছিল। কাৰ্পেন্তিয়াৰে পাছত সদৰী কৰামতে, তেওঁ জাভালৈ লিখাত, আৰু নেৰুডাই মৰতৰ আবাসৰ পাণ্ডুলিপিখন পঠিওৱাত, তেওঁ কবিতাবোৰ পঢ়ি বিস্ময়াভিভূত হৈছিল। তেওঁ আৰ্জেণ্টিনাৰ তৰুণী লেখিকা এলবিৰা দা এলভিয়েৰৰ সৈতে এই সম্পৰ্কে আলোচনা কৰাৰ অন্তত তেওঁলোকে নেৰুডাৰ কিতাপখনৰ কেইটিমান কবিতা প্ৰথমে কাৰ্পেন্তিয়াৰৰ দ্বাৰা সম্পাদিত আলোচনীখনত প্ৰকাশ কৰাৰ পাছত, পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ কিতাপখন ছপোৱাৰ সিদ্ধান্ত লৈছিল (এইখিনিতে পৰিষ্কাৰ কৰাটো সমিচীন হ’ব যে এলভিয়েৰে পেৰিছত কিতাপ বা আলোচনী প্ৰকাশৰ ক্ষেত্ৰত নিজ দেশৰ পৰা পোৱা আয়ৰ এটা অংশ বিনিয়োগ কৰিছিল)। এইমৰ্মে তেওঁলোকে অগ্ৰিম মাননি হিচাপে নেৰুডাক পাঁচ হেজাৰ ফ্ৰেঙ্ক দিয়া হ’ব বুলি কেবলযোগে জনাইছিল। কিন্তু বাটত কণা বিধিৰ থকাৰ দৰে, বিশ্বজুৰি সৃষ্টি হোৱা মহামন্দাৰ পটভূমিত, আৰ্জেণ্টিনাই নগদ ধন বিদেশলৈ পঠিওৱাৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰাত টকাপইচা বিনিয়োগৰ দায়িত্বত থকা দা এলভিয়েৰে ধন বিনিয়োজনৰ কাম বাদ দি দেশলৈ উভতি যাবলৈ বাধ্য হৈছিল। ফলত, নেৰুডাই মাননি পোৱাতো দূৰৈৰ কথা, কিতাপখনেও ছপাৰ মুখ নেদেখিলে।
দুৰ্যোগে বাট এৰি নিদিয়াৰ পাছতো, তেওঁ কিতাপখন স্পেইনত ছপোৱাৰ আকোৰগোঁজ সিদ্ধান্ততে অটল থাকি তেওঁ এবছৰ দুবছৰ নহয়, সম্পূৰ্ণ তিনি বছৰ অপচয় কৰিছিল। আৰ্জেণ্টিনা আৰু চিলিতো ছপাব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেয়া কৰা নাছিল। ইতিমধ্যে, ছাণ্টিয়াগোত নেছিমেণ্টোৱে তেওঁৰ প্ৰদীপ্ত চিকাৰী আৰু আন পাঁচখন কিতাপ ছপাইছিল আৰু সেই কিতাপবোৰ ইউৰোপৰ বিভিন্ন দেশ, আনকি আমেৰিকা যুক্তৰাষ্ট্ৰতো সুলভ হৈ পৰিছিল। একমাত্ৰ মৰতৰ আবাসখনক তেওঁ ধৰি ৰাখিছিল, স্পেইনত ছপোৱাৰ আশাত বন্দী হৈ।
কিন্তু তিনি বছৰ অপেক্ষা কৰাৰ অন্তত, তেওঁ থিৰাং কৰিছিল যে, এইদৰে থকাটো আৰু সঠিক নহ’ব। তেওঁ, হলেণ্ডৰ পৰা নেছিমেণ্টোৰ হতুৱাই অত্যন্ত দামী কাগজ অনাই সীমিত পৰিমাণে মাত্ৰ এশ কপি কিতাপ প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল। কাগজৰ প্ৰতিটি পৃষ্ঠাতে থাকিব নেৰুডাৰ স্বাক্ষৰ।তেওঁ ধাৰণা কৰিছিল যে এনে ৰণকৌশলে কিতাপখন আপাতদৃষ্টিত তেওঁৰ নিয়ন্ত্ৰণত ৰখাৰ সুবিধা হ’ব। ইয়াৰ উপৰিও তেওঁ স্পেনিছ প্ৰকাশকৰ সন্ধান অব্যাহত ৰাখিছিল। তেওঁ ভাবিছিল যে, ইয়াৰ মাজত যদিহে স্পেইনত তেনে প্ৰকাশক ওলায়, তেনেহ’লে তেওঁ চিলিত প্ৰকাশিত সংস্কৰণটোক পপুলাৰ সংস্কৰণ বুলি আখ্যায়িত কৰিব। তেওঁৰ ভাবিছিল যে, নেছিমেণ্টোৱে ছপোৱা এশ কপি, তেওঁৰ বন্ধুবৰ্গ তথা সাহিত্যিক মহল আৰু পৰ্য্যালোচনাকাৰীসকলৰ চাহিদা পূৰাব পৰাকৈ পৰ্যাপ্ত হ’ব। তেওঁ লগতে আশা কৰিছিল যে, কিতাপখন প্ৰকাশ হ’লেই ইয়াৰ ওপৰত অৱধাৰিতভাৱে হোৱা আলোচনা-পৰ্যালোচনা স্পেনিছ প্ৰকাশকৰ কৰ্ণগোচৰ হ’ব আৰু তেওঁলোকেও কিতাপখন পাছত হ’লেও ছপোৱাৰ প্ৰতি আগ্ৰহী হ’ব।
কিন্তু কিতাপখন নেছিমেণ্টোৱে বজাৰত উলিয়াই দিয়াৰ পাছত দেখা গৈছিল যে, নেৰুডাই ভবা ধৰণে সমালোচনাৰ জগতখন আগবাঢ়ি অহা নাছিল। কিছু সমালোচকৰ সমালোচনা আছিল তেনেই অনুৎসাহপূৰ্ণ। তেওঁলোকৰ মাজৰ কিছু আছিল পৰশ্ৰীকাতৰ, আৰু সেই দৃষ্টিৰেই সমালোচনা কৰিছিল। কিছুৱে আকৌ নেৰুডাৰ অহমিকাই চৰম সীমা অতিক্ৰম কৰা বুলি দোষাৰোপ কৰিছিল। আৰু আন কিছুমানৰ পৰ্যালোচনাত দুয়োটা দৃষ্টিভঙ্গীৰে প্ৰতিফলন দেখা গৈছিল। এনে এজন আছিল পাবলো দা ৰোখা। কিতাপখন ওলোৱাৰ দহ দিন পাছত তেওঁ লা অপিনিয়ন কাকতত “নেৰুডালৈ সমাধিফলকৰ উক্তিৰে প্ৰত্যুত্তৰ’’ শীৰ্ষক শিৰোনামেৰে লিখিছিল : “নেৰুডাই মাষ্টৰ, নেৰুডাই মালিক, বলি তেওঁ নিজেই নিজৰ মুখাৰ—কবিৰ মুখাৰ, যিজনে মৰতৰ আবাসখনৰ সূচনা কৰাই নহয়, সূত্ৰায়িতও কৰে”। কিতাপখনৰ বচনভংগী “মাত্ৰাধিক আৰু অসঞ্জাতী’’ ; নেৰুডাৰ কথাবোৰ, “ ফটাকানিৰ দৰে ওলমি আছে ; মুখাখন ভিজা, ইয়াৰ ভিতৰখন বৰষুণে অনৱৰত তিয়াই আছে”।
পৰিষ্কাৰ যে, প্ৰাচ্যৰ পৰা উভতি আহি নেৰুডাই যিটো আবৃত্তিৰ অনুষ্ঠানত যোগ দিছিল, তাকেই কটাক্ষ কৰি ৰোখাই এইদৰে লিখিছিল। উক্ত থিয়েটাৰত চলি থকা এছিয়াৰ মুখা নৃত্যৰ মাজতে নিজৰ মুখখন এবাৰো নেদেখুওৱাকৈ তেওঁৰ “চিৰাচৰিত নাকীসুৰীয়া গেনগেনীয়া মাতটোৰে বিলাপ কৰা দি মৰতৰ আবাসৰ প্ৰথম ভাগৰ কবিতাবোৰ আবৃত্তি কৰিছিল।” ‘আমি একত্ৰ’ নামৰ কবিতাটোৰ আবৃত্তি তেওঁ আৰম্ভ কৰিছিল এইদৰে :
বেলিৰ পোহৰত কিম্বা সাঁজ লগা পৰত তুমি যে কিমান নিৰ্মল,
কিমান যে অদম্য জয়োল্লাসেৰে পূৰ্ণ
তোমাৰ শুকুলা কক্ষ,
আৰু তোমাৰ বায়ৱীয় উচ্চতাৰে ভৰা পাউৰুটিৰ দৰে বক্ষ, ক’লা বৰণীয়া
গছে শোভা কৰা তোমাৰ মুকুট,
আৰু হে প্ৰিয়ে, হঠাৎ পলোৱা ছাঁৰ সুবাসেৰে সুবাসিত বনৰীয়া ভেড়াৰ দৰে তোমাৰ জান্তৱ নাকটো।
এজন প্ৰত্যক্ষদৰ্শীয়ে কোৱাৰ দৰে, নেৰুডাই “একতাৰাৰ দৰে গভীৰ দুখৰ ৰাগেৰে’’ এঘণ্টাৰো অধিক কাল আবৃত্তি কৰিছিল। কবিতা আবৃত্তি শেষ হোৱাত, সকলোৱে আশা কৰিছিল যে নেৰুডাই মঞ্চত আহি দেখা দিব। কিন্তু, তেওঁ উচ্চৈস্বৰে প্ৰশংসা কৰাসকলকেই হওক বা অনাসক্তসকলকেই হওক, কাকোৱেই অভিনন্দন জনাবলৈ ওলাই অহা নাছিল ; তেওঁ মুখখন মুখাৰ আঁৰতে থাকি গৈছিল।
দেখা গৈছিল যে মৰতৰ আবাসৰ প্ৰথম খণ্ডটোৰ ক্ষেত্ৰত দা ৰোখাত বাহিৰে চিলিৰ অন্যান্য পৰ্যালোচনাবোৰ আছিল সন্তোষজনক। কিছু পৰিমাণে একঘেঁয়ামি আৰু আমনি লগা হ’লেও, আবেগৰ সুৰসুৰণি তোলা, উত্তেজিত কথনভংগীৰে সমৃদ্ধ, নতুন ধাৰাৰে লিখা, কিতাপখনৰ অতি ভাবপ্ৰৱণ কবিতাবোৰ পাঠকসকলে আঁকোৱালি লৈছিল। নেৰুডাই স্বপ্ৰভাৰে জিলিকি উঠিছিল। তেওঁৰ বন্ধুসকলে ইয়াক নজিৰবিহীন কৃতকাৰ্যতা বুলি বিবেচনা কৰিছিল।
১৯৩৫ চনত, মৰতৰ আবাসৰ দ্বিতীয় খণ্ডটো প্ৰকাশিত হোৱাৰ পাছত, সাহিত্য-সমালোচক হিচাপে নিৰৱচ্ছিন্নভাৱে প্ৰতিষ্ঠি লভা এলোনে কিতাপখনৰ ওপৰত এটি পূৰ্ণ আলোচনা আগবঢ়াইছিল, যিটো আছিল ইতিবাচক। থূলমূলকৈ তেওঁৰ বক্তব্য আছিল এনেধৰণৰ : নেৰুডাই যে অতি আন্তৰিকতাৰে এনে বিশ্বাসযোগ্যতা আৰু স্বচ্ছতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰিছিল, তাৰ গুৰিতে আছিল তেওঁৰ নিভাঁজ সততা আৰু প্ৰত্যয়। তেওঁৰ বিশ্বাস যে, নেৰুডাই তেওঁৰ সুবিধাজনক অৱস্থানৰ পৰা আঁতৰিবলৈ ভয় কৰা নাছিল, আৰু এই নতুন পৰ্য্যায়ত লভা আত্মবিশ্বাসৰ বলতে বলীয়ান হৈ কবিতাৰ শৈলীৰ ক্ষেত্ৰত বিৰাজ কৰা অভেদ্যতাক তেওঁ ভেদ কৰিব পাৰিছিল। নেৰুডাক বুজিবলৈ এতিয়া আৰু কোনো স্পষ্টীকৰণৰ প্ৰয়োজন নোহোৱা হৈছে। তেওঁৰ কবিতাত কাব্যিক পৰিপক্কতাৰ স্পষ্ট প্ৰকাশ ঘটিছে; জটিল আৰু বিৰোধিতাপূৰ্ণ জীৱন্ত অনুভূতিবোৰক তেওঁ সম্পূৰ্ণৰূপে উদঙাই প্ৰকাশ কৰাত সফল হৈছে।
নেৰুডাই ভবামতে সীমিত সংস্কৰণখনে সমালোচনাৰ স্তৰতেই হওক কিম্বা সামাজিক স্তৰতেই হওক যথাযোগ্য সমাদৰ লাভ কৰিব পাৰিছিল। এতিয়া পৰৱৰ্তী ঢাপত খোজ থ’বলৈ হ’লে, তেওঁ এজন স্পেইনৰ প্ৰকাশক বিচাৰি উলিয়াব লাগিব। সেইদৰে তেওঁ আন এটি ঢাপত খোজ দিয়াৰ বাবে বদ্ধপৰিকৰ হ’ব লাগিব, সেয়া হ’ল এটি চাকৰিৰ অনুসন্ধান কৰা। যদিও তেওঁৰ হেঁপাহ আছিল স্পেইনত চাকৰি কৰাৰ, মৰতৰ আবাসৰ কৃতকাৰ্যতাৰ বাবে লাগি থাকোতে বিষয়টো ইমানদিনে তল পৰি আছিল। কিন্তু, হঠাৎ বৈদেশিক মন্ত্ৰণালয়ে তেওঁক ১৯৩৩ চনৰ আগষ্ট মাহত আৰ্জেণ্টিনাত নিযুক্তি দিয়াত, কলম্বোৰ মৃত্যুসম জীৱনৰ কথা বিবৰি চাৰি বছৰ আগতে, তেওঁ শ্ৰীলংকাৰ পৰা ইয়ান্দিলৈ লিখাৰ দৰে, এতিয়া তেওঁ আকৌ সেই ইয়ান্দিকে প্ৰশ্ন কৰিছে, “বুৱেনছ্ এয়াৰছ্, এইখন আকৌ অন্য এক সৰগ নহয়তো?”
****
বুয়েনছ এয়াৰছ্ত, চিলিৰ লেখিকা মেৰিয়া লুইছা বোম্বেলে নেৰুডাৰ জীৱনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈ পৰিছিল। নেৰুডাই এছিয়াৰপৰা ওভতাৰ প্ৰায় সমসাময়িক সময়তে এইগৰাকী লেখিকাই ইউৰোপৰ পৰা চিলিলৈ প্ৰত্যাৱৰ্তন কৰিছিল। চুটি চুলিৰে মোহিনীৰূপী তেইশ বছৰীয়া লুইছাই চিলিৰ অন্যতম মহান ঔপন্যাসিকা হিচাপে প্ৰসিদ্ধি লভিব পাৰিছিল। চবন বিশ্ববিদ্যালয়ত সাহিত্য বিষয়ত অধ্যয়ন কৰি থাকোঁতে, তেওঁ নাট্যাভিনয়ৰ ওপৰতো প্ৰশিক্ষণ লৈ আছিল৷ তেওঁ মঞ্চত অভিনয় কৰিবলৈ লোৱা কথাটো যেতিয়া অহুকাণেপহুকাণে আহি পৰিয়ালৰ কাণত পৰিছিল, তেতিয়া তেনে কাণ্ডক অশালীন আখ্যা দি মাক-বাপেকে জীয়েকক চিলিলৈ ঘূৰি আহিবলৈ জোৰ দিছিল। ঘৰৰ সম্মুখত গাড়ীৰ পৰা নমাৰ পৰত, তেওঁ পাখি লগোৱা টুপী পৰিহিত মাক আৰু যমজ ভনীয়েক দুজনীৰ কাষতে আঠাইশ বছৰীয়া হৃষ্টপুষ্ট যুৱক এজনক দেখিছিল। যুৱকজনৰ নাম আছিল এওলোজিও ছেঞ্চেজ এৰযুৰিজ। চিলিৰ বিমান সেৱা সংস্থা প্রতিস্থাপনৰ বাটকটীয়া তথা ভূতপূৰ্ব ৰাষ্ট্ৰপতিৰ তেওঁ আছিল নাতিয়েক। তেওঁৰ গাম্ভীৰ্যপূৰ্ণ চালচলন আৰু কথাবতৰাত পৰিস্ফুট হৈছিল দৃঢ়তা। তেওঁ লুইছাক স্বাগত জনাইছিল আৰু তেওঁৰ টালিটোপোলাবোৰ ঘৰলৈ অনাত সহায় কৰিছিল। তেওঁ যে পৰিয়ালটোৰ সৈতে নতুনকৈ চা-চিনাকি হৈছে তাক তেওঁৰ ভনীয়েক দুজনীয়ে সদৰী কৰিছিল। প্ৰায় ক’ব নোৱাৰাকৈয়ে, আন দহজনী ছোৱালীৰ দৰে, চকুৰ পচাৰতে মেৰিয়া লুইছাই পাগলীৰ দৰে ছেঞ্চেজৰ প্ৰেমত পৰিছিল।
স্বল্পকালৰ বাবে হ’লেও দুয়োজনে তীব্ৰ প্ৰেমৰ ৰাগীত বিভোৰ হৈছিল, কিন্তু ছেঞ্চেজে শীঘ্ৰে মেৰিয়া লুইছাৰ আক্ৰমণাত্মক আগ্ৰাসনৰ পৰা আঁতৰি পৰিছিল। লুইছাই ইখনৰ পাছত সিখনকৈ কেবাখনো চিঠি লিখি সম্পৰ্ক গাঢ় কৰাৰ চেষ্টা কৰি বিফল হৈছিল। সকলোৱে বুজিলেও তেওঁ বুজা নাছিল যে, ছেঞ্চেজে নিশ্চিতকৈ আৰু চূড়ান্তভাৱে তেওঁক ভাল পোৱা নাছিল আৰু কেতিয়াও ভাল নাপায়। ছেঞ্চেজে আনকি লুইছাৰ চিঠিবোৰ ভনীয়েক দুজনীকো দেখুৱাইছিল আৰু মেৰিয়া লুইছাক বুজাই-বঢ়াই শান্ত কৰিবলৈ আবেদন জনাইছিল।
প্ৰেমবঞ্চিত মেৰিয়া লুইছা যন্ত্ৰণাৰ জ্বালাত দগ্ধ হৈছিল। সম্পৰ্ক স্বাভাৱিক কৰাৰ মানসেৰে ছেঞ্চেজে এদিনাখন ৰাতি, লুইছা আৰু তেওঁৰ ভনীয়েক দুজনীক নৈশ আহাৰৰ বাবে আমন্ত্ৰণ জনাইছিল। তেওঁ মেৰিয়া লুইছাক স্পষ্ট কৰি দিছিল যে, তেওঁ তাইৰ সৈতে কেৱল বন্ধুত্বপূৰ্ণ সম্পৰ্কহে ৰক্ষা কৰিব বিচাৰে। কথাখিনি শুনি লুইছা খোৱাটেবিলৰ পৰা উঠি গৈ ছেঞ্চেজৰ শোৱাকোঠা পাইছিল আৰু তন্ন তন্নকৈ বিচাৰি তেওঁৰ ৰিভলভাৰটো উলিয়াই নিজেই নিজৰ কান্ধত গুলিয়াইছিল। ফলস্বৰূপে, তেওঁ ছাণ্টিয়াগোৰ দেল ছালভেদো হস্পিটেলত এমাহ থাকি আৰোগ্য লাভিবলগীয়া হৈছিল।
বোম্বেল যমজ ভনী দুজনীয়ে সুদূৰ প্ৰাচ্যৰ পৰা অহাৰ পাছতে নেৰুডাক লগ ধৰিছিল আৰু ইয়াৰ পাছতে এদিনাখন সিহঁতে মেৰিয়া লুইছাকো নেৰুডাৰ ঘৰলৈ নি চিনাকি কৰাই দিছিল। নেৰুডাই লুইছাৰ স’তে কথাবতৰা পতাৰ পাছতেই অনুভৱ কৰিছিল : “এইজনীয়েইতো সেইজনী ছোৱালী যিজনীৰ লগত সাহিত্য সম্পৰ্কে গুৰুত্বসহকাৰে আলোচনা কৰিব পাৰি।” ছেঞ্চেজৰ কাৰণে লভা যন্ত্ৰণাৰ পাছতো, তেওঁৰ বুদ্ধিমত্তা, চালচলন, ৰসিকতা আৰু যুৱতীসুলভ কমনীয়তাই নেৰুডাক মুগ্ধ কৰিছিল (তেওঁ আনকি লুইছাৰ ভনীয়েক লোৰেটোৰ ব্যৱহাৰতো মোহিত হৈছিল। আৰু এই বিষয়ে বুবু-বাবা চলিছিল যে আৰ্জেণ্টিনালৈ যোৱাৰ আগলৈকে উভয়ৰ মাজত দৈহিক সম্পৰ্কও ঘটিছিল)।
পেৰিছত দীৰ্ঘদিন থকা বাবে লুইছা ছাণ্টিয়াগোৰ লেখক আৰু বুদ্ধিজীৱীসকলকৰ বিষয়ে জ্ঞাত নাছিল বুলিয়েই ক’ব পাৰি। এতিয়া তেওঁ, পাবলোক ঘেৰি ধৰা লেখক আৰু বুদ্ধিজীৱীসকলক স্বচক্ষে দেখি পৰিচয় হোৱাৰ সৌভাগ্য হৈছিল। তেওঁলোকেও তেওঁৰ ভিতৰত ৰুচিবোধসম্পন্না, দয়ালু, সপ্রতিভ আৰু সৃজনশীল মনৰ এজনী ছোৱালীক দেখিছিল।
মাৰুকাৰ সৈতেও মেৰিয়া লুইছাৰ বন্ধুত্ব গঢ়ি উঠিছিল। আৰ্জেণ্টিনাৰ বান্ধৱী জুৱানিতা ইয়ান্দিৰ বাহিৰে লুইছা হৈ পৰিছিল মাৰুকাৰ অন্যতম বান্ধৱী। এইখিনিতে উল্লেখযোগ্য যে, লুইছাৰ মানসিক অস্থিৰতা আৰু বুয়েনছ্ এয়াৰছ্ত নেৰুডাৰ বাণিজ্য দূতৰ পদত নিযুক্তিৰ মাজত ঘটা কাকতালীয় সম্পৰ্কৰ সুবাদত, নেৰুডাই তেওঁক বুৱেনছ্ এয়াৰছ্ত তেওঁলোকৰ ঘৰত থকাকৈ নিমন্ত্ৰণ কৰিছিল। তেওঁ ভাবিছিল যে, ইয়ে লুইছাক মানসিক অশান্তিৰ পৰা মুক্ত কৰিব আৰু ঘৰৰ পৰা কিছু আঁতৰত হোৱা হেতুকে সেয়া তেওঁৰ বাবে সুবিধাজনক হ’ব। আৰু ভবামতেই লুইছাৰ জীৱন আগ বাঢ়িছিল।
ইপিনে নেৰুডাই, যেতিয়া বুৱেনছ্ এয়াৰছ্ত চাকৰিত যোগ দিয়াৰ বাবে গৈ মুখ্য বাণিজ্য দূত, ছক্ৰেটিছ এগিয়েৰেৰ মুখামুখি হৈছিল, তেতিয়া তেওঁ নেৰুডাক প্ৰশংসাপূৰ্বক কৈছিল, “চিলিৰ নাম উজলোৱাৰ দায়িত্বত এতিয়া আপোনাৰ। ” “কেনেকৈ?” নেৰুডাই কিছু পৰিমাণে সন্দেহপ্ৰৱণ হৈ সুধিছিল। মুখ্য বাণিজ্য দূতগৰাকীয়ে কৈছিল, “লেখক আৰু বুদ্ধিজীৱীসকলৰ লগত আপুনি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। আপোনাৰ কামেই হ’ল সাংস্কৃতিক যোগাযোগ বৃদ্ধি কৰা। মই আৰু আন এজন কৰ্মকৰ্তাই কূটনৈতিক বিষয়বোৰ চাম।”
হয়,ঠিকেই, নেৰুডাই এই ন্যস্ত কামৰ যোগেদি শিল্পী সাহিত্যিকসকলৰ সৈতে যোগাযোগ বৃদ্ধি কৰি দেশখনক উজলোৱাৰ লগতে তেওঁৰ নিজৰ মানসিক উত্তৰণৰ পথকো আৰু অধিক পৰিমাণে প্ৰশস্ত কৰিব পাৰিছিল।
চিলিলৈ ওভতাৰ পাছত তাত থাকি ভ্ৰাতৃত্বসুলভ সম্পৰ্ক গঢ়াৰ যি বাস্তৱ অভিজ্ঞতা হৈছে, তাক এতিয়া তেওঁ আৰ্জেণ্টিনালৈ আহি অধিক প্ৰাণৱন্ত কৰাৰ সুযোগ পাইছে। প্ৰাপ্ত সুবিধাই তেওঁক বুৱেনছ্ এয়াৰছ্ৰ সামাজিক জীৱনত সক্ৰিয় হোৱাৰ বাট মুক্ত কৰাৰ লগতে তেওঁক বিশ্বৰ কৰ্মকাণ্ডৰ লগতো সম্পূৰ্ণৰূপে সংস্থিত কৰাৰ পথ মোকলাই দিয়ে।
তেওঁ হেক্টৰ ইয়ান্দিৰ পৰাই তেওঁৰ সাংস্কৃতিক কৰ্মকাণ্ডৰ সূত্ৰপাত ঘটাবলৈ মন মেলিছিল। কেৱল লেখনী আৰু কেবলৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰা আৰু কোনোদিনে দেখাসাক্ষাৎ নোহোৱা সেইজন এতিয়া নেৰুডাৰ মাথোঁ এজন সহৃদয় ব্যক্তি হৈয়েই নাথাকিল, তেওঁ হৈ পৰিছিল নিতৌ মুখামুখি হ’ব পৰাকৈ এজন উৎকৃষ্ট সহযোগী আৰু নিৰ্ভৰযোগ্য বন্ধু। তাতে, নেৰুডা এতিয়া এছিয়াত থকাকালত পদে পদে অনুভৱ কৰা বিচ্ছিন্নতাবোধৰ পৰা মুক্ত, য’ত তেওঁ আচাৰ ব্যৱহাৰ আদি কোনো ক্ষেত্ৰতে নিমিলা সমাজ এখনৰ লগত বাধ্য হৈ সামাজিক সম্পৰ্ক ৰক্ষা কৰিবলগীয়া হৈছিল।
বিয়াৰ ঠিক আগতে, অৰ্থাৎ প্ৰায় দুবছৰমান আগতে, নেৰুডা আৰু মাৰুকাই বাটাভিয়াৰ পৰা ইয়ান্দি আৰু তেওঁৰ পৰিয়াললৈ এটি উপহাৰৰ পেকেট পঠিয়াইছিল। সেই পেকেটত আছিল, ইয়ান্দিৰ গাভৰু জীয়েক ভায়োলিনাৰ বাবে পঠিওৱা এযোৰ পায়জামা আৰু তেওঁৰ পত্নীৰ নামত পঠিওৱা হাতেৰে বনোৱা এখন জাভাৰ বিচনী। তেওঁলোক পাঁচজনৰ এতিয়া একেলগ হ’ব পাই, কি যে স্ফুৰ্তি! কিমান যে আলোচনা তেওঁলোকৰ, ঘণ্টাৰ পাছত ঘণ্টা (কিন্তু কথাবতৰাই গৈ যেতিয়া, পাবলো আৰু পাবলো পত্নীৰ সন্তান জন্ম দিয়াৰ পৰিকল্পনাৰ প্ৰসংগ পাইছিল, তেতিয়া পতি-পত্নী দুয়োয়ে সেমেনাসেমেনিকৈ অস্পষ্ট হাঁহি বিৰিঙাই নিশ্চুপ থাকিছিল)!
ইয়ান্দি মনেপ্ৰাণে এজন সাহিত্য সমালোচক আছিল। নেৰুডাৰ কবিতাৰ ওপৰত প্রশংসামূলক টিপ্পনী লিখাৰ পাছতহে নেৰুডাই এই বিষয়ে অৱগত হৈছিল। এতিয়া নেৰুডাক যাতে আৰ্জেণ্টিনাৰ সাহিত্যিক মহলে বিপুলভাৱে আদৰি লয়, তাৰ বাবে তেওঁ সদাসচেষ্ট থাকিব। প্ৰতিষ্ঠিত কবি হিচাপে নেৰুডাই ইতিমধ্যে এণ্ডিজৰ পূৱফালৰ কবিতানুৰাগীসকলৰ প্ৰিয়ভাজন হৈ পৰিছিল। চিলিৰ বাহিৰত এই প্ৰথম প্ৰথমবাৰৰ বাবে “কুৰিটা প্ৰেমৰ কবিতা’’-ৰ এটি সংস্কৰণ অলপতে বুয়েনছ্ এয়াৰছ্ত উন্মোচিত হ’ব, আৰু ইয়ে তেওঁক আন্তৰ্জাতিক ক্ষেত্ৰত যশস্যাৰ শিখৰত আৰোহণ কৰাত সহায় কৰিব। ইপিনে ইয়ালৈ আহি পোৱা মাত্ৰকে আৰ্জেণ্টিনাৰ কিংবদন্তিমূলক আলোচনী পোৱেচিয়াই, তেওঁৰ মৰতৰ আবাসৰ চাৰিটা কবিতা প্ৰকাশ কৰিছিল। ইয়ান্দিয়ে এই কাৰ্য্যক উৎসাহ যোগাবলৈ গৈ, নেৰুডাই আহি পোৱাৰ দুমাহ পাছত, ১৯৩৩ চনৰ আঠ অক্টোবৰ তাৰিখে লা নেশ্বন কাকতত এইদৰে লিখিছিল : “গধূলি লগন, কুৰিটা প্ৰেমৰ কবিতা, অসীম মানুহৰ উদ্যোগ আৰু মৰতৰ আবাস, নামৰ নেৰুডাৰ এই চাৰিখন মূল কিতাপ যে, পৰিপক্কতাৰ আভাৰে প্ৰোজ্জ্বল তাক নিশ্চয় সকলোৱে একমুখে স্বীকাৰ কৰিব। গীতিধৰ্মী ইয়াৰ কবিতাবোৰ, চমকপ্ৰদ কলাকৌশলেৰে পৰিৱেশন কৰা হৈছে….মানৱীয় আবেদনপূৰ্ণ তেওঁৰ ভাষাবোৰ খুবেই গভীৰ আৰু অতি চহকী; তেওঁৰ বক্তব্যত ধ্বনিত হয় অনুৰাগৰ প্ৰাবল্য; আবেগৰ মূললৈ কেনেকৈ যাব পাৰি, তাক তেওঁ জানে; মন কৰিবলগীয়া যে, তেওঁৰ কবিতাবোৰে শক্তিশালী ৰূপত নিজৰ বাতাৱৰণ নিজেই সৃষ্টি কৰি ল’য়।”
ইয়ান্দিৰ বন্ধুত্বৰ বাহিৰেও, আৰ্জেণ্টিনাত নেৰুডাই দ্ৰুততাৰে নতুন নতুন বন্ধুৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল; মাৰুকা আৰু তেওঁৰ প্ৰকাণ্ড আধুনিক এপাৰ্টমেণ্টটো ক্ষীপ্ৰতাৰে বুৱেনছ্ এয়াৰছ্ৰ সাহিত্যিক জগতখনৰ কেন্দ্ৰস্থলী হৈ পৰিছিল। বিনিদ্ৰ ৰজনীৰে কটোৱা প্ৰাণচঞ্চল এই ঠাইখিনি বুৱেনছ্ এয়াৰছ্ নগৰীৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত আৰু ই কোৰিৱেন্তিছ ষ্ট্ৰীটত অৱস্থিত। নগৰীৰ মেৰুদণ্ডস্বৰূপে খ্যাত ইয়াৰ চকু চমকোৱা কাৰুকাৰ্য আৰু ৰঙচঙীয়া আলোকসজ্জাত অভিভূত হৈ মানুহে অৰ্থনৈতিক সংকটৰ কথা ক্ষন্তেক সময়ৰ বাবে হ’লেও পাহৰি এই সৌন্দৰ্যক মন প্ৰাণ ঢালি উপভোগ কৰে।
এপাৰ্টমেণ্টৰ কুৰি তলাৰ পৰা দৃষ্টিনন্দনকৈ দেখা ইয়াৰ প্ৰশস্ত দৃশ্য সঁচাকৈয়ে অনুপম, যাক ছাণ্টিয়াগোৰ কেথেদ্ৰেল ষ্ট্ৰীটৰ এপাৰ্টমেণ্টৰ ধূসৰ আৰু মলিয়ণ বেৰবোৰৰ স’তে কোনোক্ৰমে তুলনা কৰিব পৰা নাযায়। তথাপি এনে বাতাৱৰণৰ মাজত থাকিও আৰু তেওঁৰ নিজৰ অগ্ৰগতিৰ পথ প্ৰশস্ত হোৱা সত্ত্বেও, তেওঁক যেন বিষাদপূৰ্ণ হতাশাই লগ এৰা নাছিল৷ তেওঁক পুনৰ নিৰুদ্যম হৈ পৰিছিল। বিশ্বজনীন নগৰীখনত ন-পুৰণি বন্ধুবোৰৰ সহযোগ পালেও, এইবোৰে যেন তেওঁৰ মন আৰু মেজাজক অস্থিৰতাৰ কবলৰ পৰা উদ্ধাৰ কৰিব পৰা নাছিল।
ইয়াতেই নেৰুডা আৰু মাৰুকাই খ্যাতিমান দুগৰাকী কবিৰ সান্নিধ্য লভিছিল। তেওঁলোক আছিল নোৰাহ লেংগে আৰু অলিভেৰিও গীৰণ্ডো। আখ্যানসুলভ চৰিত্ৰৰে মহীয়ান এই দুগৰাকী প্ৰেমিক-প্ৰেমিকাই অৱশেষত বিয়াৰ মাজেৰে সুখী দাম্পত্য জীৱন উপভোগ কৰিছিল। প্ৰগতিবাদী সাহিত্য আৰু কলাসংস্কৃতিৰ অত্যুৎসাহী পৃষ্ঠপোষক লা ৰুবিয়া নামৰ তৰুণীগৰাকীও তেওঁৰ বিশ্বস্ত সহযোগী হৈ পৰিছিল। সেইদৰে, তেওঁৰ সহযোগী হৈছিল গীতিধৰ্মী কবি আৰু সাংবাদিকৰূপে জনাজাত আৰু মাৰ্টিন ফিয়েৰো নামৰ প্ৰভাৱশালী আলোচনী এখনৰ প্ৰতিষ্ঠাতা গঞ্জালেজ কাৰ্বালো। এই সময়ত বৰ্জেছো বুয়েনছ্ এয়াৰছ্ত আছিল যদিও লক্ষণীয়ভাৱে তেওঁ নেৰুডাৰ সামাজিক কৰ্মকাণ্ডৰ পৰা আঁতৰি আছিল।
বুয়েনছ্ এয়াৰছ্ত আৰম্ভ কৰা প্ৰথম মাহটো নেৰুডাৰ বাবে কঠিন আছিল। মৰতৰ আবাসখনে, তেওঁ ভবামতে প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ কৃতকাৰ্যতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাছিল। ছাণ্টিয়াগোত এই কিতাপখনৰ এশ কপি ছপোৱাৰ আজি ছমাহেই হ’ল। কিতাপখনক সাধাৰণতে মানুহে আদৰি ল’লেও, আৰু কিতাপখন কেৱল বন্ধুবৰ্গ আৰু প্ৰভাৱশালী পাঠকক উদ্দেশ্য কৰি ছপোৱা হৈছিল যদিও, ইয়াৰ বহু কপি এতিয়াও বিক্ৰী হ’বলৈ বাকী আছে; যাক প্ৰকৃততে বিক্ৰী হোৱা বুলি কোনোমতে ক’ব নোৱাৰি। ফলত, একধৰণৰ নঞৰ্থক চিন্তাই পাকেপ্ৰকাৰে পুনৰ্বাৰ তেওঁৰ মনত শিপা পুতি বহিছিল। তেওঁৰ ধাৰণা হৈছিল যে, ইমান দূৰ উধোৱাৰ পাছতো কিয় এনেকুৱা হয়। তেওঁৰ এনে মনোভাৱক তেওঁ ঢাকি ৰাখিব পৰা নাছিল। তাৰকাৰ দৰে ইমানবোৰ বন্ধুৰ অন্তৰংগ সাহচৰ্য্য পোৱা সত্ত্বেও হতাশগ্ৰস্ত তেওঁ বুয়েনছ্ এয়াৰছ্ৰ ঈর্ষণীয় এপাৰ্টমেণ্টৰ মজিয়াত ভৰিৰে আঘাত কৰি তেওঁ তেওঁৰ অসহায়তা প্ৰকাশ কৰিছিল। এনে নিৰুদ্যম অৱস্থাত প্রকটিত নিৰ্ঘাত সত্যকে তেওঁ তেওঁৰ অন্যতম কালজয়ী কবিতা “টলৌটলৌকৈ ঘূৰি’’ত মূৰ্ত কৰিছিল। বুৱেনছ্ এয়াৰছ্লৈ আহিয়েই প্ৰথম মাহটোত লিখা বিষাদগ্রস্ত তিনিটা কবিতাৰ এইটো অন্যতম, যিটোৰ এটি শাৰী আছিল এনেকুৱা : “কি যে দিন পৰিছে হায়, মানুহ হৈ মই আজি শ্ৰান্ত ক্লান্ত।”
আৰম্ভণিতে কবিতাটোৰ নাম ইংৰাজীত দিয়া হৈছিল। গৌৰৱবোধৰ মানসিকতাৰে অথবা ভাও দিয়াৰ মনোবৃত্তিৰে যে এনে কৰা হৈছিল, সেয়া নহয়। আচলতে, জেমছ্ জইছৰ ইউলিচিছৰ প্ৰধান চৰিত্ৰ লেওপল্ড ব্লুমে ডাবলিনত টলৌটলৌকৈ ঘূৰা কথাটোৰ লগত সংগতি ৰাখিয়েই এইদৰে ইংৰাজীত নামাকৰণ কৰা হৈছিল। আইৰিচ লেখকজনৰ প্ৰভাৱ, নেৰুডাৰ ওপৰত আছিল অপৰিসীম। নেৰুডাই ইউলিচিছখন শ্ৰীলংকাত পঢ়িছিল আৰু অলপতে তেওঁ তেওঁৰ কিছু কবিতা অনুবাদ কৰি আৰ্জেণ্টিনাৰ আলোচনী এখনত প্ৰকাশৰ বাবে পঠিয়াইছে।
অনস্বীকাৰ্য যে, “টলৌটলৌকৈ ঘূৰি’-’ত কবি হিচাপে নেৰুডাৰ প্ৰকাশভংগীয়ে দক্ষতাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাষাৰ গাম্ভীৰ্যপূৰ্ণ প্ৰকাশ আৰু যথাযথ প্ৰতীক প্ৰয়োগৰ অভিনৱ কৌশলে কবিতাটোক এতিয়ালৈকে উৎকৃষ্ট কবিতাৰ শাৰীত উপৱিষ্ট কৰা দেখা যায়:
কি যে দিন পৰিছে হায়, মানুহ হৈ মই
আজি শ্ৰান্ত ক্লান্ত,
কি যে দিন পৰিছে, পানী আৰু ছাইৰ উৎসত এৰি দিয়া নোমাল
ৰাজহাঁহৰ দৰে মই
কোঁচমোচ খোৱা দুৰ্বোধ্য বিজ্ঞাপন আৰু চলচিত্ৰবোৰ পৰীক্ষা কৰোঁ।
নাপিতৰ দোকানৰ পৰা অহা এছাটি
গোন্ধে মোৰ গাত গা ঘঁহাই বিননি জুৰিছে।
মই বিৰতি ল’ব বিচাৰিছোঁ খণ্ড খণ্ড শিল আৰু পচমী সূতাৰ পৰা,
মই চাব বিচৰা নাই কোনো অট্টালিকা,কিম্বা বাগিচা, দোকান-পোহাৰ, দ্বিনাভ চছমা
অথবা স্বয়ংচালিত চিৰি।
কি যে দিন পৰিছে, মই অৱশ হৈ
পৰিছোঁ, মোৰ ভৰি আৰু মোৰ নখ
আৰু মোৰ চুলি আৰু মোৰ
ছাঁবোৰক লৈ।
কি যে দিন পৰিছে,
মই ভাগৰি পৰিছোঁ মানুহ হৈ।
****
মেৰিয়া লুইছা বোম্বেলৰ উপস্থিতিয়ে নেৰুডাক কিছু স্বস্তি প্ৰদান কৰিছিল, আৰু এক অনুভৱী মনেৰে দুয়োৰে মাজৰ বন্ধুত্বক প্লেটোনিক পৰ্যায়তে সীমাবদ্ধ ৰাখিছিল। লুইছাৰ সহজসৰল, সাৱলীল আৰু আবেগময় সৃষ্টিশীলতা যিদৰে নেৰুডাৰ কামত আহিছিল, সেইদৰে নেৰুডাৰ ৰচনাবোৰেও তেওঁক সমৃদ্ধ কৰিছিল। লুইছাই একান্তমনে লেখামেলাত মনোযোগ দিছিল আৰু বিগত বছৰকেইটাত লভা নিদাৰুণ যন্ত্ৰণা আৰু কামনা-বাসনাবোৰক ‘অন্তিম কুঁৱলী’ নামৰ উপন্যাসখনত মূৰ্ত কৰিছিল। চিলিৰ সাহিত্যত মেজিকেল ৰিয়েলিজম্ৰ দৰে শৈলীৰ সূচনা কৰা এইগৰাকী সাহিত্যিকে, উল্লেখিত উপন্যাসখনৰ জৰিয়তে বিশ্বমানৰ সাহিত্যিক হিচাপে স্বীকৃতি লভিছিল। লেটিন আমেৰিকাৰ সাহিত্যত এইখনেই প্ৰথম কিতাপ য’ত এগৰাকী মহিলা সাহিত্যিকে নাৰীৰ দৃষ্টিভংগীৰে কামকলাৰ বৰ্ণনা কৰিছিল। নেৰুডাৰ এপাৰ্টমেণ্টলৈ অহাৰ দুবছৰ পাছত, অৰ্থাৎ ১৯৩৫ চনত উপন্যাসখন প্ৰকাশিত হৈছিল।
এই উপন্যাসখনৰ বেছিভাগ তেওঁ চমৎকাৰ এপাৰ্টমেণ্টটোৰ বিশাল পাকঘৰটোত লিখিছিল। মাৰ্বল খটোৱা মজিয়াৰ পাকঘৰটোৰ পাৰ্শ্বভাগ নীলা চীনামাটিৰে শোভিত আছিল। লিখামেলাৰ বাবে উপযোগী ইয়াৰ মজিয়া আৰু বেৰবোৰ উজ্বল বগা ৰঙৰ আছিল। মেৰিয়া লুইছাই তেওঁৰ উপন্যাসখনৰ পাণ্ডুলিপিৰ কেইটিমান শাৰী নেৰুডাক পঢ়ি শুনাই সুধিছিল, “কেনে লাগিছে, কওকচোন”? নেৰুডাই উপদেশ দিবলৈ ইতস্ততঃ বোধ কৰি কৈছিল যে, তেওঁ “কাৰো কথা শুনি শুধৰাবলৈ যোৱাটো ঠিক নহয়। ” বোম্বেলৰ বিৱৰণী মতে, নেৰুডা তেওঁৰ মানত আছিল এগৰাকী অনাসক্ত বন্ধু আৰু সম্পাদক।
নেৰুডাই লুইছাৰ পাকঘৰৰ লেখনিবোৰক প্ৰশংসা কৰিছিল আৰু তেওঁক এই ক্ষেত্ৰত সহযোগিতা আগ বঢ়াইছিল। সেই পাকঘৰতে ওচৰাওচৰিকৈ বহি লৈ, এজনে যদি উপন্যাস লিখিছিল, আনজনে মৰতৰ আবাসৰ নতুন কবিতাবোৰ লিখিছিল। নিজকে সদায় নিলগাই ৰখাৰ মনোবৃত্তিৰ বিপৰীতে, আন এজনৰ উপস্থিতিত লিখিব পৰা হোৱাটোৱে নেৰুডাৰ মানসিক অৱস্থাৰ পৰিবৰ্তনকে সূচাইছিল। তেওঁৰ মেজাজ এতিয়া বহু পৰিমাণে সুস্থিৰ হ’বলৈ লৈছিল।
প্ৰবল অনুৰাগৰ জুইত দহি দহি দগ্ধ হোৱা হৃদয়ৰ বেদনাক সৃষ্টিকৰ্মত মূৰ্ত কৰি উন্নতিৰ বাটত বাট বোলা মেৰিয়া লুইছাক তেওঁ “বিস্ফোৰক মৌ’’ আখ্যা দিছিল। ১৯৭৩ চনত লুইছাই, নেৰুডাৰ মৃত্যুৰ পাছত অতীত ৰোমন্থন কৰি কৈছিল, “আমি ইজনে সিজনক শ্ৰদ্ধা কৰিছিলোঁ। আমাৰ বন্ধুত্বত প্ৰজ্ঞাই ৰেখাপাত কৰিছিল যদিও, সেয়া আছিল আবেগ উদ্দীপিত। আমি তৰুণ-তৰুণীহাল অবিশ্বাস্যভাৱে অনুভূতিপ্ৰৱণ আছিলোঁ। তেওঁ মোৰ বাবে ভ্ৰাতৃতুল্য আছিল।”
মাৰুকাক তেওঁ পাবলোৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ বুলি অভিহিত কৰিছিল। লুইছাৰ জীৱনীকাৰ আগাতা গ্লিগোৰ মতে, “লুইছাক নিত্যসংগী হিচাপে নোপোৱাহেঁতেন, মাৰুকাৰ জীৱন যে কেনে হ’লহেঁতেন? তথাপি ক’বই লাগিব যে, তেওঁ শান্ত প্ৰকৃতিৰ আৰু বুদ্ধিমতী আছিল। তেওঁ কেতিয়াও জনাতকৈ বেছিকৈ দেখুওৱা প্ৰকৃতিৰ মহিলা নাছিল।” চিলিৰ উপন্যাসিকা মেৰিয়া ফ্লোৰাৰ দৃষ্টিত, “নেৰুডাৰ জাভানিজ্ পত্নীগৰাকী দেখাত দৈত্যকায় এজন পুলিচ অফিচাৰৰ দৰে লাগিছিল।” এইগৰাকী উপন্যাসিকা, নেৰুডাৰ উত্তম বন্ধু জুৱান এমৰৰ ভনীয়েক আছিল। আৰ্জেণ্টিনালৈ অলপতে অহা মেৰিয়া ফ্লোৰাক, সম্ভাষণ জনাই নেৰুডাই তেওঁক তেওঁৰ অত্যাধুনিক এপাৰ্টমেণ্টত অনুষ্ঠিত ককটেইল পাৰ্টিলৈ নিমন্ত্ৰণ কৰিছিল। সিদিনা অন্যান্য গণ্যমান্য সাহিত্যিকসকলো উপস্থিত আছিল। সেই পাৰ্টিত তেওঁ আধুনিক নাৰীবাদৰ প্ৰবক্তা আৰু চমৎকৃত কবিতা লিখি সুখ্যাতি লভা এলফঁচিয়া ষ্টৰ্নিক দেখি অভিভূত হৈছিল। ৰাতি ন বজাৰ আগে আগে সকলোৱে গুচি গৈছিল। কিন্তু নেৰুডাৰ অনুগ্ৰহত ষ্টৰ্নিৰ সৈতে মেৰিয়া ফ্লোৰা থাকি গৈছিল।
মেৰিয়া ফ্লোৰাই সদৰী কৰামতে নৈশ আহাৰৰ পাছত নেৰুডাই ৰাতিটো বিনোদনৰ মাজেৰে কটাবলৈ অৱশিষ্ট অতিথিসকলক ‘পেনা এল ছিগ্নো’ নামৰ আন্দাৰগ্ৰাউণ্ড কেফেলৈ যাবলৈ প্ৰস্তাৱ দিছিল। এনেতে মাৰুকাই পাবলোক ইংগিত দি মাতি, শোৱনি কোঠালৈ লৈ যোৱাটো মেৰিয়া ফ্লোৰাই লক্ষ্য কৰিছিল। ইংগিতমতে নেৰুডাই পত্নীৰ পাছে পাছে যোৱাৰ পাছতে দুয়োজনৰ মাজত ৰুদ্ৰৰূপ ধাৰণ কৰা উত্তপ্ত তৰ্কবিতৰ্কই এপাৰ্টমেণ্টটো মুখৰ কৰিছিল। ক্ষন্তেক পাছতে দুয়ো ওলাই আহিছিল যদিও নেৰুডাৰ অৱস্থা পাম যোৱা বেলুনৰ দৰে হৈছিল। ইপিনে মাৰুকাই তেতিয়াও খঙত থৰথৰকৈ কঁপি আছিল। শেষত মাৰুকাক তাতে এৰি থৈ, নেৰুডাৰ আহ্বানক্ৰমে সকলোৱে ছিগ্নোলৈ অগ্ৰসৰ হৈছিল। এল ছিগ্নো হ’ল শিল্পী-সাহিত্যিক আৰু কলাকুশলীসকলৰ ভাববিনিময় কেন্দ্ৰ। নেৰুডাক সম্প্ৰতি আঁকোৱালি লোৱা যোছ গঞ্জালেজ কাৰ্বালো আৰু নোৰা লেংগীয়ে প্ৰথমতে এই বৈঠকৰ শুভাৰম্ভ কৰিছিল।
বহুতেই সন্দেহ কৰিছিল যে, নোৰা লেংগীৰ স’তে পাবলোৰ সম্পৰ্ক বন্ধুত্বতে সীমাবদ্ধ নাছিল। যদিও, অধিবাস্তৱবাদৰ প্ৰবক্তা লোৰা লেংগীৰ, কবি ওলিভেৰিও গিৰোণ্ডোৰ সৈতেও যৌনসম্পৰ্ক আছিল। নেৰুডা আৰু নোৰাই পৰস্পৰে পৰস্পৰৰ সৈতে ধেমালি-ধুমুলা কৰি ভাল পাইছিল। এদিন ৰাতি তেওঁলোকে ‘লা এম্বাচাদৰ’ নামৰ অত্যাধুনিক হোটেল এখনত মাৰুকাক নিনিয়াকৈ নাচগানত মত্ত হৈছিল আৰু দুয়োৱে ঐকতান বাদকসকলে গোৱা বিয়াগীতৰ সুৰে সুৰে ভাও দি নকল বিবাহ সম্পন্ন কৰিছিল। পাছত, সকলোৱে সুৰাৰ ৰাগীত মতলীয়া হোৱাৰ পৰত, তেওঁলোক দুয়োৱে কৰিয়েন্তিছ ষ্ট্ৰীটেৰে চিঞৰবাখৰ কৰি গান গাই খোজ কাঢ়ি গৈছিল। এইদৰে গৈ থাকোঁতে নোৰাই হাঁহি হাঁহি গগন ফলা মাতেৰে নেৰুডাক কৈছিল, “পাবলো,আজি ৰাতি মই তোমাৰ লগত শুম।’’ আৰু নোৰাৰ দৰে একেই হৰ্ষোন্মাদনাৰে তেওঁ উত্তৰ দিছিল, “ঠিক আছে, অতি উত্তম।” মদৰ নিচাত বিভোৰ গিৰোণ্ডোও তাতেই আছিল আৰু মুখত পাইপ লৈ তেওঁ মাথোঁ হাঁহিছিল। সেয়া তামাছা বুলি ক’লে ভুল কৰা হ’ব, ইকাণে-সিকাণে ফুচফুচাই সকলোৱে তাকে আলোচনা কৰিছিল।
পিছে নেৰুডাৰ নাৰীজনিত ঘটনাবোৰ সম্পৰ্কে লুইছাৰ দৃষ্টিভংগী আছিল সুকীয়া। তেওঁ কৈছিল : “নেৰুডা যে নাৰীৰ ক্ষেত্ৰত অত্যধিক পৰিমাণে দুৰ্বল আছিল, সেয়া নহয়। তেওঁ বিচাৰে ছোৱালীবোৰে তেওঁক ভাল পাওঁক, ৰতিক্ৰিয়াৰ বাবে তেওঁক সৈমান কৰক, আৰু ফলস্বৰূপে, সমস্যাজৰ্জৰিত, সাংঘাতিক ৰোমাণ্টিক সম্পৰ্ক গঢ়ি উঠক, আৰু সেয়া কৰি তেওঁ ভাল পাইছিল…. তেওঁ তেনে নাৰী এগৰাকীৰ লগত থাকি ভাল পায়, যিগৰাকীয়ে তেওঁক পোহ মনাব আৰু চৰিত্ৰভ্ৰষ্ট কৰিব। দুৰ্ভগীয়া মাৰুকা নিঃসন্দেহে এগৰাকী সজ চৰিত্ৰৰ তিৰোতা, কিন্তু তেওঁ পাবলোৰ চিন্তাৰ জগতখনৰ পৰা যোজন দূৰত্বত অৱস্থান কৰিছিল, আৰু যিজনক তেওঁ বুজিয়েই পোৱা নাছিল। পাবলোৱে সদায় নাৰীৰ মাজত মাতৃ-মূৰ্তিকে বিচাৰি ফুৰিছিল, আৰু আমি নাৰীবোৰে মাতৃমূৰ্তি হ’ব নোৱাৰিলোঁ।”
যিয়েই নহওক, এদিন শুনা গ’ল যে মাৰুকা অন্তঃসত্বা। এই বাতৰিয়ে কিন্তু দম্পতিহালক ওচৰ চপোৱা নাছিল। নেৰুডাৰ উদ্বিগ্নতা বাঢ়ি গৈছিল। মাৰুকাক বিয়া কৰাই যে ভুল কৰিছিল,সেয়া তেওঁ ইতিমধ্যে অনুভৱ কৰিছিল। তেওঁ মাৰুকাৰ পৰা দূৰত্ব বজাই ৰাখি চলিছিল আৰু নিজকে অন্যান্য ঘটনাৱলীৰ সৈতে সৰ্বাত্মকভাৱে বিযুক্ত কৰিছিল।
এনেকুৱা এটি ঘটনাৰ সৈতে বিযুক্ত হ’বলৈ গৈয়ে তেওঁ ১৯৩৩ চনৰ অক্টোবৰৰ মাজভাগত ফেডেৰিকো গাৰ্ছিয়া লোৰকাৰ সৈতে চিনাকি হৈছিল। পয়ত্রিশ বছৰীয়া স্বপ্নালু চকুৰ স্পেনিছ কবিগৰাকীয়ে, পৰীক্ষামূলক নাট্যকাৰ আৰু পুতলা নাচ পৰিৱেশনকাৰী হিচাপে তেওঁৰ “অপ্ৰীতিকৰ বিবাহ’’ নামৰ স্বৰচিত নাটখন বুৱেনছ্ এয়াৰছ্ত অনুষ্ঠিত কৰিবলৈ আহিছিল। তেওঁৰ নাম, নগৰীখনৰ মানুহৰ মুখে মুখে উচ্চাৰিত হৈছিল আৰু সংবাদ মাধ্যমৰ বাবে তেওঁ এজন বহুলভাৱে চৰ্চিত ব্যক্তি হৈ পৰিছিল। নেৰুডাই লোৰকাক এখন অভ্যৰ্থনা অনুষ্ঠানত লগ পাইছিল, আৰু তেতিয়াৰে পৰা তেওঁলোকৰ মাজত প্ৰগাঢ় বন্ধুত্বই গঢ় লৈ উঠিছিল। উজ্বল কান্তিৰ লোৰকাক, নেৰুডাই লগ পোৱা সুখী মানুহৰ ভিতৰত অত্যুত্তম আখ্যা দিছিল। দুয়োৱে দুয়োৰো লেখাৰ প্ৰতি অশেষ শ্ৰদ্ধাশীল আছিল। পাবলোক লগ পোৱাৰ পাছতে লোৰকাই তেওঁৰ বেছিভাগ লেখাই পঢ়ি সাং কৰিছিল। লোৰকাই তেওঁৰ স্বৰচিত কবিতাপুথি “জিপচী বেলেডছ’’খন তেওঁৰ হাতত তুলি দিয়াৰ পৰত এইদৰে লিখিছিল : “মোৰ মৰমৰ পাবলোলৈ, মহান কবিসকলৰ মাজৰ এজন তেওঁ; মোৰ সৌভাগ্য যে, মই এনে এগৰাকী কবিৰ সান্নিধ্য লভিছোঁ আৰু তেওঁক মই ভাল পাওঁ। ” যেতিয়া নেৰুডাই তেওঁৰ নিজৰ কবিতাবোৰ লোৰকাক আবৃত্তি কৰি শুনাইছিল, তেতিয়া তেওঁ তেওঁৰ চকু দুটা ঢাকি লৈ মূৰ জোকাৰি চিঞৰি চিঞৰি নেৰুডাক আবৃত্তি বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল, “হ’ব! হ’ব! আৰু নপঢ়িব, এয়াই যথেষ্ট—আপুনিচোন মোক প্ৰভাৱিত কৰিব! ”
নেৰুডাই লোৰকাৰ নাটকৰ অন্তৰ্বস্তুৰ প্রশংসাত পঞ্চমুখ হৈ কৈছিল: তেওঁৰ বিয়োগান্ত নাটবোৰে, “চিৰায়ত স্পেনিছ নাটকক পুনৰুজ্জীৱিত কৰিছে, ফছফৰাছীয় ঔজ্জ্বল্যৰে নকৈ জিলিকাই তুলিছে— প্ৰেম আৰু মৃত্যুৱে প্ৰচণ্ড গতিৰে নৃত্যত অৱতীৰ্ণ হৈছে : প্ৰেম অথবা মৃত্যু, ছদ্মৱেশতেই হওক অথবা নগ্নৱেশতেই হওক”।
লোৰকাৰ কবিতাবোৰ, তেওঁৰ ব্যক্তিত্বৰ দৰে, চমকপ্ৰদ: প্ৰায়ে ৰহস্যময়, প্ৰায়ে প্ৰাণৱন্ত। কবি ৰবাৰ্ট ব্লীৰ মতে, লোৰকাৰ ঐন্দ্ৰজালিক কবিতাবোৰত যি শৈলীৰ প্ৰয়োগ ঘটোৱা হৈছে, তাক “ডেও দিয়া কবিতাৰ শৈলী’’ বুলি ক’ব পাৰি—তেওঁৰ কবিতাৰ চিত্ৰকল্পবোৰে মৰ্মস্থল ভেদি প্ৰচণ্ড আবেগৰ ঢৌ তোলে আৰু অপ্ৰত্যাশিতভাৱে অকস্মাতে জঁপিয়ায়।
তেওঁলোকে বিৰামহীনভাৱে কথা পাতিছিল যদিও, ইজনে সিজনৰ মতামতবোৰ গুৰুত্বসহকাৰে শুনিছিল। এইদৰে, লোৰকা নিজৰ দেশলৈ উভতি নোযোৱালৈকে, তেওঁলোকে তেওঁলোকৰ কথাবতৰা চলাই গৈছিল। নেৰুডাৰ দৃষ্টিত লোৰকাৰ আছিল, আনন্দৰ খলকনি তোলা তীব্ৰবেগী চঞ্চলিত প্ৰাণ, “এটি উজ্বল শিশু,এখন খৰস্ৰোতা নৈৰ তজবজীয়া সুঁতি….তেওঁৰ হাতৰ পৰশত ধেমালিও হৈ পৰে কলাসন্মত। এনে চুম্বকীয় গুণেৰে সমৃদ্ধ মানুহ আৰু এনে সৃজনশীল ব্যক্তি আজিলৈকে মই ক’তো দেখা নাই। ” লোৰকাৰ জীৱনৰ প্ৰতি থকা দুৰ্বাৰ মমত্ববোধে নেৰুডাক প্ৰদান কৰিছিল সঞ্জীৱনী সুধা, আৰু সম্ভৱতঃ ইয়ে তেওঁক কোনোদিনে নোহোৱানোপোজাধৰণে পুনৰুজ্জীৱিত কৰিছিল।
এইখিনিতে এটি গধূলিৰ ঘটনা উল্লেখ কৰিব পাৰি, যিদিনা নিমন্ত্ৰিত অতিথি হিচাপে নেৰুডা আৰু লোৰকাই এক বিশাল কাকতসাম্ৰাজ্যৰ স্বত্বাধিকাৰী নাতালিয়া বোতানা নামৰ মিলিয়নেয়াৰ লোক এজনৰ প্ৰকাণ্ড হাউলীত অনুষ্ঠিত ভোজসভাত যোগদান কৰিবলগীয়া হৈছিল, আৰু যাৰ উল্লেখ নেৰুডাৰ স্মৃতিকথাটো পোৱা যায়। সেই পাৰ্টিৰ ভোজন টেবিলত, নেৰুডাই (অনুমান কৰামতে) এগৰাকী “বায়ৱীয়’’ কবিৰ সম্মুখাসম্মুখীকৈ বহিবলগীয়া হৈছিল, আৰু সেই কবিগৰাকীয়ে “তাইৰ সেউজী চকুযুৰি লোৰকাতকৈ মোৰ চকু দুটিত বেছিকৈ নিবদ্ধ কৰিছিল। ” ইয়াৰ পাছত তিনিওগৰাকী কবিয়ে, ঢিমিকঢামাক পোহৰে পোহৰোৱা চুইমিং পুলটোলৈ অগ্ৰসৰ হৈছিল। নেৰুডা আৰু নৱাগত বন্ধুৰ মাজত আবেগিক সংযোগে চূড়ান্ত পৰ্য্যায়লৈ গতি কৰিছিল। পুলৰ ওপৰৰ চাদখনে যেন তেওঁলোকক হাতবাউলি মাতিছিল। ইয়াৰ চূণ তেল দিয়া বেৰবোৰক ৰাতিৰ পোহৰে জিলিকাই তুলিছিল; তেওঁলোকে ওপৰলৈ খটখটীৰে উঠি গৈছিল। অনতিদূৰৈত অনুষ্ঠিত পাৰ্টিৰ পৰা ভাঁহি আহিছিল গীটাৰৰ সুৰ আৰু গানৰ কলি। নেৰুডাই কোৱামতে, “ওখ-পাখ, সোণবৰণীয়া ছোৱালীজনীক মই দুবাহুৰে সাবটি ধৰিছিলোঁ। চুমা খোৱাৰ পৰত মই অনুভৱ কৰিছিলোঁ, ভৰযৌৱনা তাই যেন কামাতুৰা হৈ পৰিছে, তাইৰ দেহৰ ভাঁজে-ভাঁজে ঠাইবিশেষে সেয়া যেন প্ৰকট হৈ পৰিছে।” অনতিপলমে তেওঁলোকে ওপৰতলা পাইছিল, নেৰুডাই তাইক বিবস্ত্ৰা কৰিবলৈ লৈছিল, এনেতে লোৰকাই আশ্চৰ্যচকিত নেত্ৰেৰে তেওঁলোকৰ পিনে ৰ লাগি চাই থকা দেখিছিল(লোৰকা সমকামী আছিল)।
লোৰকাই স্পেইনত মৃত্যু বৰণ কৰাৰ বহু দিন পাছত, নেৰুডাই লিখিছিল যে, সিদিনাখন সেই সংযমহীন আবেগময় মুহূৰ্তত তেওঁ তেওঁৰ বন্ধুক উদ্দেশ্য কৰি ডাঙৰ ডাঙৰকৈ চিঞৰি কৈছিল, “ইয়াৰ পৰা আঁতৰি যোৱা! কোনোৱে যাতে চিৰিৰে ওপৰলৈ উঠি নাহে তাক নিশ্চিত কৰা!” এই বুলি কৈ তেওঁ “ৰাতিৰ তৰাভৰা আকাশ আৰু কামনাৰ অধিষ্ঠাত্ৰী দেৱী এফ্রোডাইতক সাক্ষী কৰি’’ মহিলা কবিগৰাকীৰ সৈতে ৰতিক্ৰিয়া সম্পন্ন কৰিছিল। ইফালে লোৰকাই তেওঁৰ ন্যস্ত কাম সমাপণ কৰিবলৈ দৌৰাদৌৰিকৈ যাওঁতে আন্ধাৰত চিৰিৰ পৰা পিছলি বাগৰি গৈ তলত পৰিছিল। “মই আৰু মোৰ বান্ধৱীয়ে বৰ কষ্ট কৰি তেওঁক উঠাবলগীয়া হৈছিল। ফলত, পোন্ধৰ দিন তেওঁ বেণ্ডেজ কৰা ভৰিৰে লেকেচিয়াই খোজ কাঢ়িবলগীয়া হৈছিল।” এই কাহিনীটো অৱশ্যে কল্পনাপ্ৰসূত নাছিল। লোৰকাৰ গৃহচহৰৰ পৰা অহা অভিবাসী ভাগিনী ছোৱালী এজনীয়ে প্ৰায়ে লোৰকাই থকা হোটেলখনলৈ মাজে মাজে তেওঁৰ খবৰ লবলৈ আহিছিল। এবাৰ এইদৰে আহোঁতে তাই লোৰকাক বেণ্ডেজ লগোৱা ভৰিৰে বিছনাত পৰি থকা দেখিছিল। ভাগিনীয়েকে এই সম্পৰ্কে সোধাত তেওঁ “পাৰ্টিত এটা দুৰ্ঘটনা হৈছিল’’ বুলি লাজ লাজকৈ ভয়ে ভয়ে কৈছিল।
লোৰকাৰ কৃপা লাভ কৰা নেৰুডাই তেওঁকো তেওঁৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ কৃপণালি কৰা নাছিল। এবাৰ তেওঁ তেওঁক এক বিপদসংকুল পৰিৱেশত নাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁ লোৰকাৰ সমকামিতা সম্পৰ্কে সন্দেহ কৰিবলৈ লৈছিল, যদিও এনে সমকামিতাই তেওঁৰ কোনো ক্ষতি কৰা নাছিল। প্ৰকৃততে, ইয়াৰ পৰা তেওঁ উপকৃতহে হৈছিল : যাক তেওঁ কেবাবছৰ পাছতহে ব্যক্ত কৰিছিল। ছোৱালী সম্পৰ্কে ক’বলৈ গৈ লোৰকাই তেওঁক কৈছিল, “কেনেকৈ নতুনকৈ পাখি গজি উৰিব পৰা হোৱা চৰাই দৰে ছোৱালী কবিকুলে’’ ঢপলিয়াই আহি তেওঁৰ বুৱেনছ্ এয়াৰছ্ৰ হোটেলকক্ষ পূৰ কৰাত তেওঁৰ এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল। লোৰকাৰ মনত সৃষ্টি হোৱা “নাৰীঘটিত আতংকৰ’’ উমান পাই, তেওঁ ততালিকে তেওঁৰ বন্ধুক বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ সন্মত হৈছিল। এইমৰ্মে সিদ্ধান্ত হৈছিল যে, বিপদৰ আভাস পোৱাৰ লগে লগে সংকেত দিলেই নেৰুডাই “দৌত্যকৰ্ম সমাপন কৰাৰ বাবে আগবাঢ়ি গৈ এজনী এজনীকৈ কবিকুলক আঁতৰাই আনিব”। নেৰুডাই এই বন্দৱস্তত বৰ সন্তোষ পাইছিল। “ইয়াৰ সুফল মই কিছু পৰিমাণে লভিবলৈ সক্ষম হৈছিলোঁ। ফেডেৰিকোৰ পোহৰত পথভ্ৰস্ত হৈ কিছু কপৌ আহি মোৰ হাতত পৰিছিল। ”
মেৰিয়া লুইছা বোম্বেলে তেওঁৰ আত্মঘাতী চিন্তাবোৰৰ কথা সমূলি পাহৰাই ৰখা বুৱেনছ্ এয়াৰছ্ৰ সেই বিস্ময়কৰ দিনবোৰৰ কথা সুঁৱৰি লিখিছিল: “আমি সুখী আৰু অনুদ্বিগ্নচিত্তেৰে আছিলোঁ। পাবলোৱে অফিচৰ পৰা আহি কৈছিল, “মোৰ বাণিজ্যদূতৰ কাম শেষ হ’ল। ” তাৰ পাছত তেওঁ মোক ফেডেৰিকোৰ ওচৰলৈ যোৱাৰ বাবে লগ ধৰিছিল “যাতে তেওঁ গান গাই নাচি নাচি আমাক হহুঁৱাব পাৰে। ” ফেডেৰিকোৰ স’তে লগ হোৱা মানেই অবিৰাম জমনি। অন্তঃকৰণেৰে সৈতে আনন্দৰ খোৰাক দিব পৰা এনে এজন দ্বিতীয় ব্যক্তি মই আজিলৈকে কেতিয়াও জীৱনত লগ পোৱা নাই। তেওঁ আছিল সম্পূৰ্ণৰূপে অপ্ৰতিৰোধ্য। তেওঁ তেওঁৰ সদাহাস্য মুখখনেৰে পাৰ্টিবোৰ জীপাল কৰি ৰাখিছিল। পাবলোৱে সকলোৰে মনোযোগৰ কেন্দ্ৰবিন্দু হ’ব বিচাৰিলেও ফেডেৰিকোৰ সম্মুখত তেওঁ নিষ্প্ৰভ হৈ পৰিছিল। ” লুইছাই আৰু লিখিছিল, “আমাক পিয়ানো বজাই শুনাবলৈ তেওঁ ভাল পাইছিল। “মেৰিয়া লুইছা নিশ্চয় এনেকুৱা”, এই বুলি কৈ তেওঁ লঘু সংগীতৰ সুৰ এটি বজাইছিল। আৰু পাবলোৰ পিনে চাই তেওঁক প্ৰতিভূ হিচাপে লৈ পিয়ানোৰ তন্ত্ৰীত গুৰুগম্ভীৰ এক মন্থৰ ৰাগৰ সৃষ্টি কৰি কৈছিল, ‘পাবলো এনেকুৱা।”
লোৰকা আৰু নেৰুডা লগালগি হোৱাৰ দুসপ্তাহ পাছত ১৯৩৩ চনৰ ২৮ অক্টোবৰ তাৰিখে বুৱেনছ্ এয়াৰছ্ৰ পেন ক্লাবে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ এখন ভোজসভাৰ আয়োজন কৰিছিল : বেনাৰত লিখা আছিল, “স্পেইন আৰু দক্ষিণ আমেৰিকা আজি একত্ৰ হৈছে। ” শোভনীয় প্লাজা হোটেলৰ ওপৰতলাত ই অনুষ্ঠিত হৈছিল। এশতকৈয়ো অধিক লেখকে তাত যোগদান কৰিছিল। সভাৰ আয়োজকক ধন্যবাদ দিয়াৰ পাল পৰিলত, লোৰকা আৰু নেৰুডাই একেলগে থিয় হৈ ৰুবেন ডেৰিওৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাঁচিছিল। তেওঁলোকে কৈছিল,আমি দুই কবিৰ জনম হোৱাৰ আগতেই তেওঁ স্পেনিছ কবিতাত ৰূপান্তৰ আনি বাটকটীয়াৰ ভূমিকা পালন কৰিছিল। নেৰুডাই তেওঁক প্ৰশংসা কৰে। আনহাতে, লোৰকাই তেওঁক ভক্তি কৰে। নিকাৰাগুৱান কবিজনৰ বিশেষ প্ৰভাৱ তেওঁৰ কবিতাত বিদ্যমান। তেওঁলোকৰ জ্ঞাত যে, ডেৰিওৱে বুৱেনছ্ এয়াৰছ্ত থকাকালত “মই আৰ্জেণ্টিনাৰ গান গাওঁ’’ শীৰ্ষক এটি দীঘল কবিতা লিখিছিল। কিন্তু আজি এই নগৰীত তেওঁৰ স্বীকৃতি ক’ত? তেওঁৰ নামত নাই স্মৃতিস্তম্ভ, নাই পাৰ্ক। এই সুমহান লেটিন আমেৰিকাৰ কবিজনৰ স্মৃতিয়েইবা ক’ত? যিগৰাকীয়ে এই দেশৰ গুণগান গাই অমৰ কবিতা লিখি দেশৰ সুনাম বৃদ্ধি কৰিছিল, তেওঁৰ বাবে আমাৰ কৰণীয় কি একো নাছিল? দুই বন্ধুৰ মতে সেয়া সঠিক নাছিল। সভাৰ সামৰণিত তেওঁলোকে তেওঁৰ ৰৈ বৈ যোৱা খ্যাতিৰ প্ৰতি সন্মান জনাই প্ৰথাগতভাৱে সুৰাৰ গিলাচত চুমুক দিয়াৰ সিদ্ধান্ত লৈছিল।
আপোন দেশৰ ষাঁড়যুঁজৰ প্ৰতি অনুৰক্ত লোৰকাই, সভাৰ সমৱেতমণ্ডলীক উদ্দেশ্য কৰি দিয়া ভাষণটো নেৰুডা আৰু নিজৰ মাজত ভগাই লোৱাৰ পৰিকল্পনাটো ব্যাখ্যা কৰিছিল এইদৰে: “ষাঁড়যুঁজ এল এলিমনত, যিদৰে দুজন ষাঁড়যুঁজাৰুৱে এটি টুপী দুয়োৰে মাজত নচুৱাই ষাঁড়গৰুটোক বিভ্ৰান্ত কৰি হৰুৱায়, ঠিক সেইদৰে, নিন্দুকসকলক চতুৰালিৰে পৰাস্ত কৰিবলৈ, আজিৰ সভাই দক্ষিণ আমেৰিকা আৰু স্পেইনৰ মহান কবিজনাৰ বিষয়ে দুইজনে লগ হৈ ভগাই বক্তব্য ৰাখিব।” পৰিকল্পনা অনুযায়ী সেইদৰে লোৰকাই ‘ৰুবেন’ বুলি কোৱাত নেৰুডাই ‘ডেৰিও’ বুলি কৈ সঁহাৰি জনাইছিল।
এইদৰে, ইজনৰ পাছত সিজনে, দ্বৈত সমন্বয়েৰে পাৰম্পৰ্য্যৰ প্ৰতি শ্ৰদ্ধা জনাই, বৰ্তমানৰ আৱশ্যকতাৰ সৈতে ইয়াৰ সমন্বয় সাধন কৰি আগুৱাই যোৱাৰ কথা দোহাৰিছিল। সেই গধূলি “সংযোজিত বৈদ্যুতিক তাঁৰৰ’’ দৰে কবি দুজনে তেওঁলোকৰ পৰস্পৰৰ চিন্তাধাৰাক স্বতঃস্ফুৰ্তভাৱে প্ৰকাশ কৰি গৈছিল :
নেৰুডা : বুয়েনছ্ এয়াৰছ্ত ৰুবেন
ডেৰিও প্লাজা ক’ত?
লোৰকা : ৰুবেন ডেৰিওৰ
প্ৰতিমূৰ্ত্তিয়েইবা ক’ত?
নেৰুডা : তেওঁ পাৰ্ক ভাল পাইছিল।
কিন্তু ৰুবেন ডেৰিওৰ নামত পাৰ্ক
ক’ত ?
লোৰকা : ৰুবেন ডেৰিওৰ নামত
গোলাপৰ দোকান ক’ত?
……
নেৰুডা : ৰুবেন ডেৰিওৰ নামত তেল, ধূনা বা ৰজন, কিম্বা ৰাজহাঁহেইবা ক’ত?
লোৰকা : ৰুবেন ডেৰিও শুই আছে তেওঁৰ জন্মভূমি নিকাৰাগুৱাত, মাৰ্বলেৰে বনোৱা ঢেলা পৰা এটি সিংহৰ মূৰ্তিৰ তলত, যি মূৰ্তি সম্ভ্ৰান্তসকলে সাজি থয় তেওঁলোকৰ প্ৰাসাদৰ প্ৰৱেশ পথত।
সুদীৰ্ঘ সময় ধৰি, দুয়োজনৰ পৰিপূৰকপূৰ্ণ অবিৰত সংলাপবোৰ জটিলৰ পৰা জটিলতৰ হৈ থাকি থাকি, অৱশেষত, স্পেনিছ ভাষাক চিৰসমুজ্জ্বল কৰা ডেৰিওৰ অৱদানৰ প্ৰতি শিৰ নত কৰি শ্ৰদ্ধা জনাই, সকলোৱে সুৰাৰ গিলাচত মুখ দিছিল।
এই অনুষ্ঠানৰ পাছত, বুৱেনছ্ এয়াৰছ্ৰ কি বাৰ, কি কেফে, কি ৰেস্তোৰাঁ, অথবা তেওঁৰ এপাৰ্টমেণ্ট কিম্বা ফুটপাথতেই হওক,ক’বলৈ গ’লে সৰ্বত্ৰ নেৰুডা এক পৰিচিত ব্যক্তি হৈ পৰিছিল আৰু এই সুবাদতেই ন ন বন্ধুৰ উষ্ম অভিনন্দনেৰে তেওঁ ধন্য হৈছিল। আক্ষৰিক অথবা মানসিকভাৱে, তেওঁ এতিয়া ৰেংগুন,কলম্বো আৰু বাটাভিয়াৰ দৰে ‘নিৰ্বাসিত’ অনুভৱ নকৰা হৈছিল। প্ৰকৃততে, চিলিৰ বাহিৰত, এয়া প্ৰথমবাৰৰ বাবে তেওঁ, লেখতলবলগীয়া বুদ্ধিজীৱী, সংস্কৃতিবান বন্ধু আৰু কলা-কৈৱল্যবাদী নতুন চিন্তাৰ উন্মেষ ঘটোৱা যুগান্তকাৰী স্ৰষ্টাৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পাইছিল।
অৱশ্যে, বুৱেনছ্ এয়াৰছ্ সম্পৰ্কে মাৰুকাৰ অভিজ্ঞতা আছিল যথেষ্ট পৰিমাণে পৃথক। এপাৰ্টমেণ্টত নেৰুডা আৰু মাৰুকাৰ মাজত হোৱা তৰ্ক-বিতৰ্কবোৰ মেৰিয়া লুইছাই শুনাত বাহিৰে একো কৰিব পৰা নাছিল। গভীৰ ৰাতিলৈকে নগৰীৰ কোনোবা কোণত কটোৱা নেৰুডাৰ ভিন্নমুখী চৰিত্ৰই মাৰুকাক ভয়ানকভাৱে বিৰক্ত কৰিছিল। নেৰুডাৰ দৰে বন্ধুবান্ধৱী গোটাব পৰা প্ৰতিভা মাৰুকাৰ নাছিল।
লোৰকাই, ১৯৩৪ চনৰ মাৰ্চ মাহত স্পেইনলৈ উভতি গৈছিল। ঘূৰি যোৱাৰ ঠিক আগতে, তেওঁ তেওঁৰ আসন্ন মৃত্যুৰ বিভীষিকাময় অৱস্থাৰ কথা পূৰ্বানুমান কৰি প্ৰকম্পিত হৈছিল। তেওঁ কৈছিল, “মেৰিয়া লুইছা, মোৰ মনটোৱেচোন মোক যাব কোৱা নাই। মই যে মৰিব ওলাইছোঁ, মোৰ বৰ আশঙ্কা হৈছে। ”
কেইমাহমান পাছত, বাণিজ্য দূত হিচাপে নেৰুডাৰ স্পেইনলৈ হোৱা বদলিয়ে, তেওঁৰ ইমান বছৰৰ হাবিয়াস যেন এতিয়া মূৰ্ত হোৱাৰ পথ প্ৰশস্ত কৰিলে। সাহিত্য চৰ্চাৰ বাবে উপযোগী সেই ঠাইখনে যে তেওঁক প্ৰভূত পৰিমানে সহায় কৰিছিল সেয়া তেওঁৰ ভৱিষ্যত কৰ্মকাণ্ডই প্ৰতিপন্ন কৰিছিল। লোৰকাৰ স’তে গঢ়া বন্ধুত্বই, এই ক্ষেত্ৰত যে অনুঘটক হিচাপে কাম কৰিছিল, তাক অৱশ্যে স্বীকাৰ কৰিবই লাগিব।

