অনুবাদপ্ৰবন্ধ

এগৰাকী কবিৰ জীৱনী (মূল : মাৰ্ক আইনাৰ অনুবাদ; অৰুণ কুমাৰ শৰ্মা)

চতুৰ্থ অধ্যায় (ক)
(তৰুণ কবি)

“মোৰ আগমন ঘটিছে এক অন্ধকাৰ প্ৰান্তৰ পৰা, যিখনক সুগভীৰ এক ভৌগলিক ৰূপৰেখাই অন্যান্য জগতৰ পৰা পৃথক কৰিছে। মই হ’লোঁ, কবিসকলৰ ভিতৰৰ আটাইতকৈ দুৰ্ভগীয়া কবি, আৰু মোৰ কবিতাবোৰ আছিল হোজা গাঁৱলীয়া, ক্লান্তিকৰ বৰষুণেৰে পিষ্ট”।
চমৎকাৰ এক নগৰী অভিমুখে”। নেৰুডাৰ নোবেল বক্তৃতা, ১৯৭১।

চিলিৰ দীঘলীয়া ইতিহাস কবিতাৰ প্ৰতি শ্ৰদ্ধাৰে ভৰপূৰ। ষোল্ল শতিকাৰ মহাকবি আলোঁছো দা এৰকিলাৰ মহাকাব্যীয় গাথাৰ পৰা আৰম্ভ কৰি বাৰেৰহণীয়া ৰূপ, ৰস আৰু বৰ্ণৰ সংস্কৃতিৰে সমৃদ্ধ মোপুছো অধিবাসীসকলৰ, মুখে মুখে বাগৰা কবিতাবোৰৰ মাজেৰে চিলিয়ে সাগৌৰেবেৰে নিজকে ‘কবিতাখ্যাত জাতি’ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছিল। এনে এখন দেশত কবিতাক যে অভিজাতসকলেই ভাল পাইছিল এনে নহয়, এই কবিতা উচ্চাৰিত হৈছিল, কৃষকৰ মুখে মুখে, উচ্চাৰিত হৈছিল, কল-কাৰখানাৰ শ্ৰমিক, খনিমজুৰ আৰু সাধাৰণ মানুহৰ আখলঘৰত— সমজুৱাকৈ বহ্ন্যুসৱত। এনে এক অনন্য বাতাৱৰণে, আৰম্ভণিৰে পৰা নেফটালিৰ কবিতাৰ প্ৰতি অনুৰাগক লালিত পালিত কৰিছিল। যদিও তেওঁ সাংঘাতিকভাৱে ভয়াতুৰ আৰু লাজুক আছিল, তেওঁ তেওঁৰ অঞ্চলৰ কবিতা প্ৰতিযোগিতাবোৰত সেই মন লৈয়েই যোগ দিছিল। সেই সময়ত, ক্ষুদ্ৰ ক্ষুদ্ৰ চহৰবোৰত অনুষ্ঠিত হোৱা মেলাবোৰত অনুষ্টুপীয়াকৈ হ’লেও কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ১৯১৯ চনত, পোন্ধৰ বছৰ বয়সত, নেফটালিয়ে, বোধ কৰোঁ অকলশৰে, দুশ পঞ্চাছ মাইল দূৰৰ ধূলিময় কেকিনেচ্‌ চহৰলৈ কবিতা আবৃত্তি কৰিবলৈ, ৰে’লত উঠি যাত্ৰা কৰিছিল। মলে ফ্লাৱাৰ গেমচ্‌ উপলক্ষে হোৱা সেই প্ৰতিযোগিতাত তেওঁ তৃতীয় পুৰস্কাৰ লাভ কৰিছিল।

তাৰ পাছৰ বছৰত, টেমুকোৰ প্ৰিমাভেৰা মহোৎসৱত ‘সম্ৰাজ্ঞীলৈ ওলগ’  (Salutation to the Queen) শীৰ্ষক কবিতা আবৃত্তি কৰি তেওঁ প্ৰথম পুৰস্কাৰ পাইছিল। টেৰিজা লেও বেটিয়েনছে ‘মহোৎসৱৰ ৰাণী’ উপাধি অৰ্জন কৰিছিল। আয়ত চকুযুৰি আৰু কেকোঁৰা চুলিতাৰিৰে টেৰিজাক বাইজেণ্টাইনৰ এগৰাকী পৰীৰ দৰে লাগিছিল। তাতে তেওঁৰ বুদ্ধিদীপ্ত চেহেৰা আৰু প্ৰেৰণাময়ী ভাষণে সভাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই সভাতেই পুৰস্কাৰপ্ৰাপ্ত নেফটালি আৰু যুৱৰাণী, দুয়োকে দুইধৰণে উভয়ৰ প্ৰতি মতলীয়া হৈ আকৰ্ষিত হোৱা দেখা গৈছিল আৰু অতি সোনকালেই তেওঁলোকে প্ৰেমপাশত আবদ্ধ হৈছিল।

টেৰিজাৰ পৰিয়ালটোৱে অৱসৰ বিনোদনৰ নিমিত্তে প্ৰশান্ত মহাসাগৰীয় উপকূলৰ কাষৰ থিয় পাহাৰৰ গাতে লগা, ঘন কুঁৱলীয়ে আৱৰা পুৱেৰ্তো ছেভিদ্ৰা নামেৰে এখন সৰু চহৰত আহি থাকিবলৈ লৈছিল। পুৰণি ঢঙৰ এই চহৰখন টেমুকোৰ পৰা প্ৰায় পঞ্চাছ মাইল পশ্চিমে আছিল। কাকতালীয়ভাৱে সেই বছৰতে নেফটালিৰ পৰিয়ালটোৱেও, গ্ৰীষ্মকালীন ছুটি উপভোগৰ বাবে, তাত আহি উপস্থিত হৈছিল। সিদিনা ৰাতিপুৱা কুকুৰাই ডাক দিয়াৰ আগতে, ঘৰৰ পৰা ওলাই অহাৰ বাবে প্ৰস্তুত কৰিবলৈ, নেফটালিৰ দেউতাক যোচ ডেল কাৰমেনে হুইছেল বজাই পৰিয়ালৰ সকলোকে চাৰি বজাতে কিদৰে জগাইছিল, তাক নেৰুডাই তেওঁৰ স্মৃতিকথাত বৰ সুন্দৰকৈ ফুটাই তুলিছিল। সেই প্ৰস্তুতিপৰ্ব আছিল সাংঘাতিক। পৰিয়ালৰ প্ৰতিজনে হুলস্থূল কৰি আন্ধাৰীপুৱাতে হাতে হাতে ঢিমিকঢামাককৈ জ্বলি থকা একোডাল কেন্দেল লৈ যাত্রাৰ বাবে প্ৰয়োজনীয় বয়বস্তুবোৰ ঘৰটোৰ ইকোণ সিকোণ ঘূৰি খৰখেদাকৈ গোটাইছিল। যি কি নহওঁক,  পৰিয়ালটোৱে আহি পুৱেৰ্তো ছেভিদ্রাত যোচ ডেল কাৰমেনৰ বন্ধু চেনৰ পাচেকোৰ ঘৰত থাকিবলৈ লৈছিল। ঘৰটো আছিল প্ৰকাণ্ড, কিন্তু তাত তেওঁলোকৰ প্ৰয়োজনৰ জোখাৰে বিছনা নাছিল। গতিকে, তেওঁলোকে লগত লৈ অনা তুলীবোৰ মজিয়াত পাৰি লৈছিল। সেই তুলীবোৰ তেওঁলোকে ঘৰৰ পৰা আহোঁতে পকাই প্ৰকাণ্ড একোটা লাড্ডু কৰি ৰে’লত লৈ আনিছিল।

অতীতৰ সেই স্মৃতি সুঁৱৰি নেৰুডাই আৰু লিখিছিল যে ৰে’লখনে তেওঁলোকক ইম্পেৰিয়েল বোলা সৰু চহৰ এখনলৈ লৈ আনিছিল, য’ৰ পৰা তেওঁলোকে এখন বাষ্পচালিত জাহাজেৰে ইম্পেৰিয়েল নদীৰে গতি কৰি পাচেকোৰ ঘৰ পাইছিল। পাছদিনা যেতিয়া জীৱনত প্ৰথমবাৰৰ বাবে নেফটালিয়ে সাগৰ দৰ্শন কৰিবলৈ গৈ সাগৰৰ মুখামুখি হৈছিল, তেওঁ প্ৰকাণ্ড প্ৰকাণ্ড গৰ্জনমুখৰ ঢৌবোৰ দেখি বিস্ময়াভিভূত হৈছিল। তেওঁৰ এনে লাগিছিল, সেই ঢৌবোৰ যেনিবা এই বিশ্বব্ৰহ্মাণ্ডৰ হিয়াৰ ধপধপনি। পোন্ধৰ বছৰ বয়সত লভা শৈশৱৰ এনে আপুৰুগীয়া স্মৃতিবোৰে তেওঁৰ মনৰ মণিকোঠাত এনেদৰে বাহ সাজিছিল যে পৰৱৰ্তী কালত, তেওঁৰ কবিতাত সেইবোৰ ৰূপক হিচাবে ব্যৱহৃত হৈছিল। প্ৰথম প্ৰথম তাৰ আত্মপ্ৰকাশ ঘটিছিল তেওঁৰ কুৰিটা প্ৰেমৰ কবিতাপুথিখনৰ “হতাশাৰ গান” নামৰ কবিতাটোত৷ উক্ত কবিতাটো তেওঁ এনে এটি সময়ত লিখিছিল, যেতিয়া তেওঁ উচ্চ শিক্ষাৰ নিমিত্তে ছাণ্টিয়াগো বিশ্ববিদ্যালয় পাইছিল আৰু টেৰিজাক পোৱাৰ সকলো আশা ধূলিসাৎ হৈছিল :
দূৰত্বই গিলি পেলোৱা দি, তুমি সকলো গিলি পেলাইছা।
সাগৰৰ দৰে, সময়ৰ দৰে। তোমাতেই সকলো বুৰ গৈছে!পাছত সেই একে কবিতাটোতে প্ৰেমাস্পদৰ সতে মিলিত হোৱা প্ৰথম দিনবোৰৰ কথা সুঁৱৰি তেওঁ লিখিছিল:
কি যে মনোৰম আছিল, সেই আচম্বিত আক্ৰমণ আৰু চুম্বনৰ প্ৰতিটি মুহূৰ্ত।
আলোকস্তম্ভৰ দৰে ভমককৈ জ্বলিছিল মোহময়ী সেই ক্ষণিক সময়।

তেতিয়ালৈকে, নেৰুডাৰ কবিতাত প্রকৃতিজগত বুলিলে মূৰ্ত হৈছিল এখন অৰণ্যজগত, যিখন অবিৰাম খলকনি তোলা মহাসাগৰৰ বিপৰীতে আছিল অলৰ-অচৰ আৰু অপৰিবৰ্তনীয়, প্ৰাচীন গছ-গছনিৰে ভৰা এক উদ্ভিদ জগত আৰু সেইবোৰৰ পচনশীল অলেখ কাণ্ড। তেনে এক বাতাৱৰণত নেফটালিৰ ভাবানুভূতিত তেওঁক সংগ দিবলৈ আছিল মাথোঁ চৰাইৰ কাকলি আৰু সেমেকি থকা নৃত্যৰতা গছবোৰৰ কেৰকেৰণিৰ লগতে বতাহে সোঁসোৱাই কোবোৱা পাতবোৰৰ খৰমৰণি নাইবা পাহাৰৰ পৰা নামি অহা জলপ্ৰপাতৰ প্ৰপাতিত শব্দ।

এনে স্থিতিশীলতাৰ বিপৰীতে, বিখ্যাত পণ্ডিত হেৰ্ণান লয়োলাই লক্ষ্য কৰাৰ দৰে নেফটালিয়ে অনৱৰত গৰ্জনমুখৰ মহাসাগৰত আৱিষ্কাৰ কৰিছিল পুৰুষত্বৰ নিদৰ্শন, আক্ৰমণৰ আবৰ্ত, উন্মত্ত আচৰণ আৰু পিতৃবৎ এক অবয়ৱ।

টেমুকোৰ সংকীৰ্ণ গণ্ডীৰ মাজত টনটনীয়াকৈ বান্ধ খাই থকা নেফটালিয়ে তেওঁৰ অস্থিৰতা আৰু আত্মিক অনুভূতিৰ দ্বাৰা প্রৰোচিত হৈ পোন্ধৰ কি ষোল্ল বছৰ বয়সত এইদৰে লিখিছিল :
এই সীহ বৰণীয়া নগৰীয়ে মোক ইয়াৰ বেমাৰআজাৰেৰে
মেৰিয়াই ধৰিছে, নিসংগ মোক তিতাকেঁহা লগাই
জীয়াতু ভুগাইছে, জীৱনৰ পৰা মৰম চেনেহক বিদায় দিছে
মোৰ অশান্তিৰ অন্তৰালৰ এই গোমোঠা আৰু অশান্তিজনক
নগৰীখনে মূষলধাৰ বৰষুণ ঢালি জীৱনৰ আদিম পুৱাতে মোক
এৰাপৰলীয়া কৰি প্ৰথম বাৰৰ বাবে চকুৰে লোতক বোৱাইছে।
…. এই নগৰীয়ে নীলা বেদনাৰে ভৰা বসন্তৰ গান গাই
মোৰ স’তে শত্ৰুতা আচৰি প্ৰতিদিনে মোক জুৰুলা কৰিছে
আৰু এৰি থৈ গৈছে এমখা মানুহ, যিবোৰৰ চমকবাজীয়ে মোৰ
আশাভৰা অশ্ৰুধাৰাক ৰক্তাক্ত কৰি মোক পেলাই থৈ গৈছে।
—ঘৃণা (Hate)
পুৱেৰ্তো ছেভিদ্রালৈ আগমনৰ পৰিপ্ৰেক্ষিতত টেৰিজা লেওন বেটিয়েনছৰ লগত গঢ়ি উঠা সম্পৰ্কই নেফটালিক এক ধৰণৰ মুক্তিৰ সন্ধান দিছিল। “মধুমালতীৰ সুৱাস আৰু সাগৰীয় ঢৌৰে আচ্ছন্ন আছিল পুৱেৰ্তো ছেভিদ্ৰা, “নেৰুডাই তেওঁৰ পয়ষষ্ঠিতম্‌ জন্মদিৱস উপলক্ষে এৰকিলা নামৰ আলোচনী এখনত এটি প্ৰবন্ধত এইদৰে স্মৃতি ৰোমন্থন কৰি লিখিছিল, “প্ৰতিটো ঘৰৰ পিছফালে কুঞ্জবনেৰে সৈতে একোখন বাগিচা আছিল, যিবোৰে তাহানিৰ স্বচ্ছ নিসংগ দিনবোৰত সৌৰভ বিলাইছিল”। টেৰিজাই স্পেনীয় পোছাক এযোৰ পিন্ধিছিল, আৰু তেওঁলোক দুয়ো হয় সাগৰ পাৰত, নহয়তোবা বননিত মুকলিকৈ কথা পাতি, খোজ কাঢ়ি, হাঁহি-মাতি মচগুল হৈছিল। নেফটালিয়ে প্ৰায়ে এটি ক’লা টুপী আৰু (খুড়াক অৰ্লেণ্ডোৰ দ্বাৰা প্ৰভাৱিত হৈ কবি কবি লগা) ভৰিলৈকে পৰা দীঘল সাজ এযোৰ পিন্ধিছিল। এবাৰ টেৰিজাই আদিবাসী মোপুছো তিৰোতাই পিন্ধা কাপোৰ এযোৰ বৰ বেয়াকৈ পিন্ধি আহিছিল। অন্তৰ ভাঙি চূৰমাৰ কৰি যোৱা পিয়ানোবাদক এমেলিও এলভিছোৰ দৰে টেৰিজাৰো আছিল এটি শিল্পীসুলভ মন। অতৰ্কিতে তেওঁৰ মুখৰ পৰা নিগৰিছিল গানৰ কলি আৰু সুন্দৰ সুন্দৰ কবিতাৰ লানিনিছিগা শাৰী। তাই আছিল বুদ্ধিমতী। নেফটালিয়ে অৱশেষত যেনিবা তেওঁৰ হেৰুওৱা প্ৰেমক টেৰিজাৰ বুকুত বিচাৰি পাইছিল আৰু মৰমতে তাইক মেৰিচল বুলি মাতিছিল (Mar মানে সাগৰ আৰু sol মানে বেলি) ।

এমেলিয়াৰ দৰে, টেৰিজাও নেফটালিতকৈ উচ্চ সামাজিক মৰ্যাদাসম্পন্ন ঘৰৰ ছোৱালী আছিল। টেমুকোৰ সম্ভ্ৰান্তসকলে তাইৰ মাক-দেউতাকক বৰ সন্মানৰ চকুৰে চাইছিল। গতিকে আৰম্ভণিৰে পৰা প্ৰাণোচ্ছল প্ৰেমিক-প্ৰেমিকা যুগলে বাধাৰ উপৰি বাধাৰ সম্মুখীন হৈছিল। টেৰিজাৰ মাক-দেউতাকে জীয়েকক এনে কাৰ্যৰ পৰা বিৰত থকাটো বিচাৰিছিল। শেনৰ দৰে টলকা চকুযুৰিৰে, ক’লা টুপী আৰু দীঘল চোলা পৰিহিত নেফটালিক সাক্ষাৎ শগুণ বুলি তেওঁলোকে অভিহিত কৰিছিল; তাতে এই শগুণটোৱে যদি কবি হোৱাৰ মানসেৰে একমাত্ৰ কবিতাকে সাৰথি কৰি বহি থাকে, “উভয়ে নাখাই-নবৈ থাকি মৃত্যুক সাৱটি লোৱাৰ বাহিৰে গত্যন্তৰ নাথাকিব”। গতিকে, মাক-দেউতাকে খৰ্গহস্ত হৈ জীয়েকক নেফটালিৰ স’তে সম্পৰ্ক সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সকীয়াই দিছিল।

শোকে-দুখে জৰ্জৰিত হ’লেও, ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি নেফটালিয়ে আগন্তুক দিনত নিজকে কবি হিচাবে বলিষ্ঠ ৰূপত আত্মপ্ৰকাশ কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰিছিল। অৱশ্যে ইয়াৰ পাছতো (আগৰ দৰে সাগৰ-পাৰত জোনৰ পোহৰ মূৰত লৈ নহ’লেও), কিশোৰ-কিশোৰীহালৰ মাজেমাজে দেখা-দেখিযে হোৱা নাছিল, এনে নহয়; আৰু ইজনে সিজনক নেদেখিলেও কবিতাৰ মাধ্যমেৰে যোগাযোগ অব্যাহত ৰাখিছিল।

সেই গ্ৰীষ্মতে নেফটালিৰ নতুনকৈ আন কিছু বন্ধুৰ স’তে যোগাযোগ ঘটিছিল। তাত পাৰোৰি পৰিয়ালৰ এটি কাঠফলা কল আছিল। পুৱেৰ্তো ছেভিদ্রাৰ কুমাৰী অৰণ্যৰ গছ কাটি এই কলত ফলা হৈছিল আৰু এইদৰে এই পৰিয়ালটোৱে টকাপইচা অৰ্জন কৰিছিল। সমগ্ৰ বছৰজুৰি, উক্ত ঘৰটো এই অঞ্চলৰ ধনী লোকৰ বাবে আড্ডাস্থলীত পৰিণত হোৱাৰ সুবাদত সময়ে সময়ে ইয়াত অনুষ্ঠান পতা হৈছিল, যিবোৰত যোগদানৰ নিমিত্তে কোনো অনুমতি পত্ৰৰ প্ৰয়োজন নাছিল। চহৰখন সৰু হোৱা হেতুকে সকলোৱে মুখে মুখে সকলো খবৰ পাইছিল। গ্ৰীষ্মকালত অৱসৰ বিনোদনৰ বাবে অহা আঢ্যৱন্ত পৰিয়ালৰ লোকসকলোৱেও ইয়াত যোগ দিছিল। উক্ত অনুষ্ঠানত কবিতা আবৃত্তি কৰাৰ উপৰিও শিল্পকলা আৰু সমাজ সম্পৰ্কীয় বৌদ্ধিক আলোচনায়ো স্থান পাইছিল। নেফটালিয়েও এটি চুকত বহি বিভিন্নজনে দাঙি ধৰা অভিমতবোৰ শুনিছিল।

এদিন হঠাৎ তেওঁ আচৰিতধৰণে পাৰোৰিৰ কণিষ্ঠা কন্যাৰ “ক’লা আৰু সন্মোহীনি” চকুযুৰিত চকু থৈ বিভোল হৈছিল। তেওঁলোকে, হাতত পৰিলেই পমি যোৱাকৈ ভাঁজ দিয়া সৰু সৰু কাগজৰ টুকুৰা বিনিময় কৰিছিল। নেৰুডাই এই দীপলিপ গাভৰুজনীক লৈয়েই লিখিছিল তেওঁৰ “কুৰিটা প্ৰেমৰ কবিতা“ৰ উনৈশতম্‌ কবিতাটো।
মোৰেনা মোৰ ৰাংঢালীজনী, যি সূৰুযে ফলায় ফল,
শইচক কৰে জাতিষ্কাৰ, সাগৰীয় উদ্ভিদক দিয়ে
কেকোঁৰাকেকুঁৰি ভাঁজ, সেই সূৰুযেই দিলে
তোমাৰ দেহত সুকোমল কান্তি আৰু উজ্বল এযুৰি চকু,
বোৱালে মুখত তোমাৰ ফটফটীয়া পানীৰ দৰে
এমোকোৰা মিঠা হাঁহি।
যেতিয়াই তুমি বাউলী হৈ মেলি দিয়া তোমাৰ দুবাহু
তোমাৰ বেণী গুঠাঁ ক’লা চুলিটাৰিৰ আঁহে
মেৰিয়াই ধৰি উদগ্ৰ বেলিটোক কৰে ক’লা।
বেলিটোৰ স’তে উমলি জামলি
যেন তুমি সাঁতুৰিছা এটি সৰু জুৰিত
আৰু বিদায় পৰত বেলিটোৱে এৰি থৈ গ’ল
তোমাৰ দুচকু ভৰাই দুটি ক্লান্ত ডোঙা।
পুৱেৰ্তো ছেভিদ্ৰাত, নেফটালিয়ে, আগষ্টো উইণ্টাৰৰ লগত প্ৰগাঢ় বন্ধুত্বৰ দোলেৰে আবদ্ধ হৈছিল। আগষ্টো উইণ্টাৰ আছিল পৰিৱেশৰ ওপৰত কবিতা ৰচনা কৰি বহুলভাৱে সমাদৃত হোৱা চিলিৰ প্ৰথম কবি। তেওঁৰ ঘৰৰ লাইব্ৰেৰীটো মজিয়াৰ পৰা চিলিঙলৈকে কিতাপেৰে ঠাহ খাই আছিল। নেৰুডাই জনাত এইটো এটা সৰ্বোত্তম লাইব্ৰেৰী আছিল। তেওঁ বৰ সাহিত্যনুৰাগী আছিল আৰু তেওঁৰ সেই অনুৰাগ আনৰ স’তে ভগাই লব পাৰিলে আনন্দ পাইছিল। সেই বাবে তেওঁ তেওঁৰ কিতাপবোৰ সৰল মনেৰে সকলোকে পঢ়িবলৈ দিছিল। তেওঁৰ স’তে হোৱা প্ৰথম সাক্ষাততে নেফটালিক ততালিকে জুলে ভাৰ্নেৰ কিতাপসহ, ইটালীয় দুঃসাহসিক অভিযান আৰু কল্পবিজ্ঞানবিষয়ক কিতাপ লিখি বিখ্যাত হোৱা এমিলিও ছালগাৰিৰ কিতাপবোৰে আকৃষ্ট কৰিছিল। উইণ্টাৰৰ কোঠাটোৰ এটি কোণত কাঠৰ গুড়িৰে জ্বলাই থোৱাএটি চুলা আছিল আৰু ইয়াৰ কাষতে বিছনা পাতি লৈ তেওঁ তাতেই শুইছিল। এনে লাগিছিল যেন তেওঁক তিনি মাহ জুৰি বিস্তৃত শীতকালত লিখা কিতাপবোৰ তিনিমহীয়া গ্ৰীষ্মকালছোৱাত পঢ়ি শেষ কৰিবলৈ শাস্তি বিহা হৈছিল। তেওঁ মোক ইখনৰ পাছত সিখনকৈ কিতাপ দেখুৱাই, সেইবোৰ পঢ়িছোঁনে নাই সুধি গৈছিল।

নেফটালিয়ে পুৱেৰ্তো ছেভিদ্ৰাৰ স্থানীয় নিৰ্জন অঞ্চলবোৰ উদ্ঘাটন কৰাৰ লগতে ৰাজহাঁহেৰে খকাখুন্দা খোৱা বুদি হ্ৰদৰ পাৰৰ আহলবহল মনোমোহা সেউজী ক্ষেত্ৰবোৰ পৰিদৰ্শন কৰিছিল (অৱশ্যে তেতিয়ালৈকে, যেতিয়ালৈকে কোনেও ৰাজহাঁহবোৰ চিকাৰ কৰিবলৈ অহা নাছিল)। মাজেসময়ে তেওঁ চেনৰ পাছেকোৰ ঘৰৰ পিছফালৰ পাহাৰৰ গৰাত ঘণ্টাৰ পাছত ঘণ্টা বহি লৈ নভোনীল সমুদ্ৰৰ বিশ্বজনীন হৃদয়ৰ নাড়ীস্পন্দন অনুধাৱন কৰিছিল। সেই থিয় গৰাৰ পৰাই তেওঁ, ঢৌবোৰে উপকূলক খুন্দিয়াই থকাৰ দৃশ্য আৰু অনতিদূৰৈত ইম্পেৰিয়েল নদীখনে সাগৰত মিলিত হোৱা ঠাইখিনি গভীৰ মনোযোগেৰে অৱলোকন কৰিছিল, আৰু ইয়ালৈ আহিবৰ দিনাখন দেখা নাওবোৰক অতি ক্ষুদ্ৰ পুতলাৰ দৰে দূৰৈত ভাঁহি থকা দেখিছিল। কেতিয়াবা তেওঁ দুঃসাহস বুকুত বান্ধি ঘোঁৰাৰ পিঠিত উঠি, হালি-জালি থকা নিৰ্জন শস্যক্ষেত্ৰৰ মাজেৰে গৈ দূৰৈৰ মোপুছো আদিবাসীসকলৰ বাসস্থান পাইছিলগৈ। আৰু কেতিয়াবা, চহৰৰ মাজেৰে খোজ কাঢ়ি গৈ সিটো মূৰত থকা উইণ্টাৰৰ লাইব্ৰেৰী পাৰ হৈ তাৰ পৰা নদীখনে সাগৰত মিলিত হোৱা ঠাইখিনিলৈ গৈ সৰু-ডাঙৰ বালিৰ ঢিপবোৰত বিচৰণ কৰিছিল। উপকূলে উপকূলে ঘোঁৰাৰ পিঠিত উঠি ফুৰোঁতে তেওঁ গাঢ় সেউজীয়া ৰাশি ৰাশি পাইন গছৰ মাজত নিজকে হেৰুৱাই পেলাইছিল, যিবোৰে তেওঁক বালি আৰু সাগৰৰ ৰঙৰ পৰিপূৰক হিচাবে দেখা দি আন্দোলিত কৰিছিল। নেৰুডাই এবাৰ দিয়া এটি সাক্ষাতকাৰত কৈছিল যে কুৰি বছৰ বয়সত প্ৰশান্তচিত্তে ঘৰত ৰচনা কৰিবলৈ বহি টেমুকোৰ বৰষুণৰ শব্দ আৰু পুৱেৰ্তো ছেভিদ্ৰাৰ বালিত সমুদ্ৰৰ ঢৌৱে অহৰহ খুন্দিয়াই থকা গৰ্জনৰ কথা নভবাকৈ তেওঁ কবিতা লিখিব পৰা নাছিল ।

গ্ৰীষ্মকালৰ শেষৰপিনে, পুৱেৰ্তো ছেভিদ্ৰা এৰাৰ পৰত, তেওঁৰ বৰ বেয়া লাগিছিল, কাৰণ, ইয়াৰ ফলত তেওঁ উইণ্টাৰ আৰু তেওঁৰ লাইব্ৰেৰীটোৰ পৰা আঁতৰি পৰিব; বঞ্চিত হ’ব মুকলি আকাশৰ তলত টেৰিজাৰ স’তে কটোৱা মন্ত্ৰমুগ্ধ সময়ৰ পৰা; তদুপৰি, দেখা নাপাব ইয়াত উপকূলে উপকূলে বিৰাজ কৰা অপাৰ বিস্ময়। ঘৰলৈ উভতি গ’লে, তেওঁৰ আন এটি আতংক আৰু দুশ্চিন্তাৰ কাৰণ আছিল স্কুল। যিয়েই নহওঁক, সেই ১৯২০ চনতে, নেফটালিয়ে আকৰ্ষণীয় ব্যক্তিত্বৰে সমুজ্বল এগৰাকী শিক্ষয়িত্ৰীৰ সান্নিধ্যলৈ আহিছিল, যিগৰাকী বিদূষী মহিলাই তেওঁৰ গুৰুত্বপূৰ্ণ পৰামৰ্শদাত্ৰী হিচাবে বিশ্বৰ সাহিত্যিক জগতখনৰ নতুন নতুন ক্ষেত্ৰবোৰৰ সন্ধান দিয়াৰ লগতে তেওঁৰ লেখনী আৰু বুদ্ধিমত্তাক উৎসাহজনক আখ্যা দিছিল। এইগৰাকীয়ে আছিল প্ৰসিদ্ধ কবি হিচাবে খ্যাত গেব্ৰিয়েলা মিষ্ট্ৰেল, যিগৰাকীয়ে প্ৰথম লেটিন আমেৰিকাৰ সাহিত্যিক হিচাবে পঁচিশ বছৰ পাছত সাহিত্যত নোবেল বঁটা লাভ  কৰিছিল। একত্ৰিশ বছৰ বয়সত তেওঁ যেতিয়া টেমুকোত আহি উপস্থিত হৈছিল, তেতিয়াই তেওঁ চিলিৰ এগৰাকী সৰ্বজনসমাদৃত কবি হিচাবে প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছিল। ১৯১৪ চনত ছাণ্টিয়াগোত অনুষ্ঠিত জাতীয় কবিতা প্ৰতিযোগিতাত এইগৰাকী কবিৰেই “মৃত্যুৰ ছনেট” (Sonnets of Death) নামৰ কবিতাপুথিখনে প্ৰথম পুৰস্কাৰ পাইছিল। তেনেকুৱা এগৰাকী উচ্চ পৰ্যায়ৰ কবিৰ টেমুকো আগমণে নেফটালিক ৰোমাঞ্চিত কৰি তুলিছিল।

গতিকে তেওঁ চহৰত উপস্থিত হোৱাৰ খবৰ পাইয়েই, নেফটালিয়ে ততাতৈয়াকৈ ক’লা পেণ্ট, আৰু বগা চোলাৰ ওপৰত ক’লা জহৰকোট পিন্ধি লৈ, স্বৰচিত কিছু কবিতা তেওঁক পঢ়োৱাৰ আশাৰে, তেওঁ থাকিবলৈ লোৱা ঘৰৰ দুৱাৰত টোকৰ দিয়াত মিষ্ট্ৰেলৰ সহকাৰী গাভৰু ছোৱালী এজনীয়ে ওলাই আহি কৈছিল যে গেব্ৰিয়েলা ঘৰত নাই। সেই ছোৱালীজনীৰ নাম আছিল লোৰা ৰ’দিগো পিজেৰো। একো নোকোৱাকৈ নেফটালিয়ে তিনি ঘণ্টা সময় তাতেই আমনজিমনকৈ অপেক্ষা কৰি থাকিল। অৱশেষত, তেওঁক লগ নাপাই, দুখমনেৰে তেওঁ কবিতাবোৰ হাতৰ মুঠিত লৈ ঘৰলৈ উভতি আহিছিল। কিন্তু পাছদিনা তেওঁ আকৌ গৈ তাত উপস্থিত হোৱাত ৰ’দিগোই খবৰ দিছিল যে অসম্ভৱ মূৰৰ বিষত আক্ৰান্ত হোৱা হেতুকে মিষ্ট্ৰেলে কাকো লগ কৰিব নিবিচাৰে। তেওঁৰ লাজকুৰীয়া স্বভাৱ স্বত্তেও নেৰানেপেৰাকৈ কাতৰ অনুৰোধ কৰি থকা দেখি আৰু ল’ৰাজনৰ মিজিং মাজাং আচৰণত মুগ্ধ হৈ ৰ’দিগোই শেষত তেওঁক তেওঁৰ টোকাবহীখন দি থৈ যাবলৈ কৈছিল, যাতে তেওঁ সেইখন মিষ্ট্ৰেলক দিব পাৰে। অৱশ্যে, মূৰৰ বিষ ভাল হ’লেই সাক্ষাতৰ সম্ভাৱনা থকা বুলি কৈ ৰ’দিগোই নেফটালিক পাছবেলা এবাৰ অহাৰ কথা কৈছিল।

সেইমৰ্মে আবেলি পৰত তেওঁ আহি উপস্থিত হ’লত, এইবাৰ মিষ্ট্ৰেলে নিজেই দুৱাৰ মেলি দিছিল। মিষ্ট্রেল আছিল ওখপাখ, পিন্ধনত আছিল, দীঘল এযোৰ  পোছাক। আমাৰ লাজকুৰীয়া ল’ৰাটোৱে, কবিগৰাকীৰ পিনে চাই বিনম্ৰতাৰে শিৰ নত কৰিছিল। মিষ্ট্ৰেলে কৈছিল, “মই তোমাৰ বাবেই বাট চাই আছোঁ, বেমাৰী দেহাৰেই মই তোমাৰ কবিতাবোৰ পঢ়িবলৈ লোৱাত কিছু সুস্থ অনুভৱ কৰিছোঁ, আৰু মোৰ নিশ্চিত ধাৰণা হৈছে যে কবি বুলিবলৈ সঁচাকৈয়ে ইয়াত এজন কবি আছে। জানিবা,  মই এনে ধৰণৰ মন্তব্য আগতে কেতিয়াও দিয়া নাছিলোঁ”।

এই সাক্ষাতৰ পাছতেই দুয়োজনৰ মাজত জীৱনজোৰা বন্ধুত্ব স্থাপিত হৈছিল। নেফটালিক এতিয়া পায় কোনে? তেওঁ প্ৰায়ে আবেলি স্কুল ছুটিৰ পাছত দৌৰি আহি মিষ্ট্ৰেলৰ ঘৰত সোমাইছিল। দুয়োজনে, কাঠখৰিৰে জ্বলোৱা এটি ষ্টোভৰ কাষত বহি লৈ, একেলগে চাহ খাইছিল। “এয়া, এইবোৰ পঢ়িবা”, এইবুলি কৈ মিষ্ট্রেলে তেওঁক “গভীৰ অন্তৰ্দৃষ্টিৰে ভৰপূৰ” টলষ্টয়, ডস্তভয়’স্কী আৰু ছেখোভৰ ৰচনাৱলীৰ সৈতে পৰিচয় কৰাই দিছিল।

সাহিত্যৰ ক্ষেত্ৰত নেফটালিৰ ওপৰত আন এগৰাকী ব্যক্তিৰ প্ৰভাৱ আছিল উল্লেখযোগ্য, তেওঁ আছিল আৰ্নেষ্টো ট’ৰিলবা নামেৰে, ডেকা বয়সীয়া এজন সুদৰ্শন ফৰাচী শিক্ষক। একাধাৰে এজন লিখক আৰু সমালোচক হিচাবে খ্যাত এই ব্যক্তিগৰাকীয়ে নেফটালিক কৈছিল, “যদি তুমি একান্তই লিখামেলা কৰিব বিচাৰিছা, অকল স্পেনিছ সাহিত্য আৰু ইয়াৰ বিধানবোৰ আয়ত্ব কৰিলেই নহ’ব, কাৰণ ইয়াৰ দ্বাৰা তুমি কেতিয়াও সংকীৰ্ণমনা পাণ্ডিত্যৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিবা”। ইয়াৰ পৰিৱৰ্তে তেওঁ নেফটালিক অন্যান্য সাহিত্য সম্ভাৰৰ উপৰিও আৰ্থাৰ ৰিমবড্‌, চাৰ্লছ বদ্‌লেয়াৰ আৰু পল ভাৰলেইনৰ গ্ৰন্থসমূহ পঢ়িবলৈ কৈছিল। তেওঁ আৰু কৈছিল যে ফৰাচী সাহিত্য অধ্যয়নে স্পেনিছ ভাষা ভালকৈ লিখাৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰিব। মিষ্ট্রেলৰ দৰে ট’ৰিলবায়ো তেওঁক ৰুছ সাহিত্য পঢ়িবলৈ উদ্গণি দিছিল আৰু মেক্সিম গৰ্কী প্ৰণীত কেবাখনো কিতাপ তেওঁৰ হাতত তুলি দিছিল ।

ফৰাচী ভাষাৰ পৰা স্পেনিছ ভাষালৈ ভাষান্তৰ কৰাৰ ক্ষেত্ৰত নেৰুডাৰ আছিল বিশেষ দক্ষতা, যিটো বিদ্যা তেওঁ স্কুলতো শিকি আছিল আৰু ট’ৰিলবায়ো ইয়াৰ বাবে নেৰুডাক ভূয়সী প্ৰশংসা কৰিছিল। ট’ৰিলবাৰ ব্যক্তিত্ব আৰু বৌদ্ধিক প্ৰগাঢ়তাই নেৰুডা আৰু তেওঁৰ সহপাঠীসকলক অনুপ্ৰাণিত কৰিছিল। চিলিৰ দক্ষিণ সীমান্তৰ উজ্বলৰঙী দেখনিয়াৰ এই মানুহজনে সদায় পেৰিছৰে সপোন দেখিছিল। ভৰিত দীঘল এযোৰ বুটজোতা, আঁঠুৰ তললৈকে ঢকা এটি কোমল চামৰাৰ চোলা, গলধনৰ পৰা ওলোমোৱা  সুৰুচিপূৰ্ণ এডাল টাই আৰু অলংকাৰ হিচাবে হাতত এডাল লাঠি লৈহে তেওঁ ঘৰৰ বাহিৰ হৈছিল।

সৰ্বশেষত, তেওঁ এবাৰ পেৰিছলৈ গৈ দুঃসাহসী পৰিকল্পনাৰে, কেবাখনো কিতাপৰ লগতে “পাপী আৰু কামুক পেৰিছ” (Sinful and Sensual Paris) নামৰ গ্ৰন্থখনো ছপা কৰি উলিয়াইছিল। তেওঁ পয়ত্ৰিশ বছৰ বয়সত ছাণ্টিয়াগোত অজ্ঞাত কোনো কাৰণত ঢুকাইছিল। নেৰুডাই তেওঁৰ অৰ্জিত নোবেল পুৰস্কাৰৰ এটি অংশ এই গুৰুজনাৰ নামত উচৰ্গা কৰিছিল : “মোৰ ফৰাচী গুৰুজন এতিয়া সৰগত”।

Leave a Reply

Your email address will not be published. Required fields are marked *