বিহঙ্গম দৃষ্টিৰে আমেৰিকাৰ অৰ্থনৈতিক মন্দাৱস্থা, বাণিজ্য যুদ্ধ আৰু ’হেণ্ডছ অফ’ আন্দোলন ।। সীমান্ত কোঁৱৰ
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
….Throughout human history, Authoritarians, they are never satisfied with the power they have, and so they test the bounds, they push the limits, they break the law, and they look at the public to see if they are quiet or they are loud……Maxwell Frost, Florida Senator.
প্ৰস্তাৱনাঃ
যোৱা ৫ এপ্ৰিল, ২০২৫, শনিবাৰে, হঠাতে সামাজিক মাধ্যমত ভাইৰেল হোৱা খবৰ এটাই গৰম দুপৰীয়াটোৰ উষ্ণতা আৰু অলপ যেন বৃদ্ধি কৰিলে। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ শাসনভাৰ লোৱাৰ তিনিমাহ নহওঁতেই, ৰাস্ট্ৰপতি ট্ৰাম্প চৰকাৰৰ বিৰূদ্ধে বিশ্বব্যাপী হোৱা অভূৰ্তপূৰ্ব গণআন্দোলনৰ খবৰটো বিশ্ব ইতিহাসত যদিওবা এটা উল্লেখযোগ্য খবৰ আছিল, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বন্ধুদেশ ভাৰতত কিন্তু সেই আন্দোলনৰ একো উমঘামেই নাছিল বা আন্দোলনৰ খবৰটোৱে কোনো উত্তেজনা সৃষ্টি কৰিব পৰা নাছিল। আনকি পিছদিনাৰ সংবাদপত্ৰবোৰৰ ভিতৰৰ মাত্ৰ এখন দুখন বাদ দি প্ৰায়বোৰ কাকতেই খবৰটোক গুৰুত্ব দি ডাঙৰ শিৰোনামাৰে সংবাদ প্ৰকাশ কৰা নাছিল। অৱশ্যে ভাৰতত উত্তেজনা একেবাৰে নথকাকৈ থকা নাছিল, তাৰ বহুদিনৰ আগৰে পৰাই, প্ৰায় জানুৱাৰীৰ মাজভাগৰ পৰাই শ্বেয়াৰ বজাৰে ঘুনুক-ঘানাককৈ জনাই আহিছিল যে পৰিস্থিতি আগৰ দৰে সুষম হৈ থকা নাই আৰু ডাঙৰ কিবা এটা ঘটিবলৈ গৈ আছে।
২০২৪ চনত ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংক তথা সোণ-ৰূপৰ মূল্যই আকাশলঙ্ঘী অভিলেখ চোৱাৰ পাছত জানুৱাৰী মাহত হঠাতে শ্বেয়াৰ বজাৰত স্থবিৰতা আহিবলৈ আৰম্ভ কৰিছিল আৰু দিনে-দিনে সুচকাংক নিম্নগামী হ’বলৈ ধৰিছিল। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ট্ৰাম্পে শাসনভাৰ লোৱাৰ পাছৰে পৰা গ্ৰহণ কৰা কিছুমান হঠকাৰী সিদ্ধান্তই সমগ্ৰ বিশ্বজুৰি নিৱেশকসকলৰ মনত একপ্ৰকাৰৰ সন্দেহৰ জন্ম দিছিল যাৰ বাবে নিৱেশকসকলে বজাৰৰ পৰা নিজৰ মূলধন উলিয়াই নিবলৈ আৰম্ভ কৰিছিল। তদুপৰি আভ্যন্তৰীণ কিছু অৰ্থনৈতিক সিদ্ধান্ত তথা বিদেশী পুঁজিৰ প্ৰত্যাহাৰৰ বাবে বিশ্বৰ আন-আন দেশৰ লগতে ভাৰতৰ শ্বেয়াৰ বজাৰতো বিৰূপ প্ৰভাৱ পৰিছিল। ২৮ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে, বজাৰ সূচকাংক নিম্নগামী হৈ একেদিনাই ১০০০ পইন্টৰো তললৈ নামি, যোৱা দহ বছৰৰ সৰ্বাধিক অধোগমনৰ অভিলেখ গঢ়িছিল। বিশ্বব্যাপী অৰ্থনৈতিক সংকটৰ আশংকা তথা ভাৰতীয় মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ শক্তিশালী অৱস্থানৰ বাবে বিদেশী নিৱেশক সকলে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ব্যাপক পুঁজি প্ৰত্যাহাৰ কৰাৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰৰ অধ:পতন ঘটিছিল। অন্যান্য দেশৰ লগতে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পতনৰো আটাইতকৈ উল্লেখযোগ্য কাৰণ আছিল আমেৰিকান অৰ্থনীতিৰ অধ:পতন তথা অৰ্থনৈতিক মন্দাৱস্থাৰ সংশয়, কাৰণ সমগ্ৰ বিশ্বৰ বজাৰ মূলত: নিৰ্ভৰ কৰে আমেৰিকান অৰ্থনীতিৰ ওপৰত। বজাৰৰ অৱস্থা শুধৰাবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ততাতৈয়াকৈ শুধৰণিমূলক পদক্ষেপ গ্ৰহণ কৰি ৰেপোৰেট হ্ৰাস কৰাৰ ফলত শ্বেয়াৰ বজাৰ সেউজৰঙী হয় যদিও সোণ-ৰূপৰ মূল্য এতিয়াও অধোগামী হৈয়ে আছে।
সেয়ে আজিৰ আমাৰ আলোচনাৰ বিষয় আমেৰিকাৰ অৰ্থনৈতিক দুৰাৱস্থা, বাণিজ্য যুদ্ধ তথা ‘হেণ্ডছ অফ’ আন্দোলনৰ কথা কোৱাৰ আগতে আমেৰিকাৰ অৰ্থনৈতিক ইতিহাস তথা ট্ৰাম্প চৰকাৰৰ প্ৰথম তথা দ্বিতীয় দুয়োটা কাৰ্যকালতে অলপ ভুমুকি মৰা ভাল হ’ব।
আমেৰিকাৰ আৰ্থিক মন্দাৱস্থা আৰু ইতিহাসঃ
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত আৰ্থিক মন্দাৱস্থা কোনো নতুন কথা নহয়। প্ৰথম বিশ্বযুদ্ধৰ বহু আগৰে পৰাই বিভিন্ন কাৰণত দেশখনে এতিয়ালৈকে প্ৰায় ৪৮ বাৰ আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হৈছে, অৱশ্যে চৰকাৰী তথ্য মতে সেই সংখ্যা ১৮তে সীমিত। যি নহওক, আৰ্থিক মন্দাৱস্থা (Recession) বুলি ক’লে আচলতে আমি একেৰাহে দুটা বা তাতোধিক ত্ৰৈমাসিকত (Quarter) দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদন হ্ৰাস পোৱা বুলি বুজোঁ। দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ওপৰতে দেশখন অৰ্থনৈতিকভাৱে কিমান উন্নত বা অন্নুনত সেয়া নিৰ্ভৰ কৰে। আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হোৱা যিকোনো দেশতে দেশৰ মুঠ ঘৰুৱা উৎপাদন হ্ৰাস পোৱাৰ উপৰিও নতুন কৰ্মসংস্থাপন হ্ৰাস পায় বা বন্ধ হয় ঔদ্যোগিক উৎপাদন হ্ৰাস পায় আৰু একেলগে নাগৰিকৰ ব্যক্তিগত আয়- উৎপাদন তথা ব্যয়ৰ হাৰো হ্ৰাস পায়। তেনে মন্দাৱস্থাত কেৱল সাধাৰণ নাগৰিকেই নহয়, বৰঞ্চ বিত্তীয় ব্যৱস্থা, বেংক, কৰ্মসংস্থাপন বা দেশৰ উৎপাদন সকলো প্ৰভাৱিত হ’বলগীয়া হোৱাৰ প্ৰমাণ সকলোৰে আগত। কিন্তু আচৰিত কথা এয়াই যে আমেৰিকাৰ অৰ্থনীতিৰ লগতে বিশ্ব অৰ্থনীতিকো তুমুলভাৱে প্ৰভাৱিত কৰা প্ৰায়বোৰ মাৰ্কিন মন্দাৱস্থাৰ প্ৰকৃত কাৰণ বিশ্লেষণ কৰি চালে এটা কথা লক্ষ্য কৰি খুৱেই আচৰিত লাগে যে অধিকাংশ মন্দাৱস্থাৰ মূল কাৰক আচলতে দেশখনৰ নিজা কিছু ফিছকেল পলিচী বা দেশখনে লোৱা কিছুমান বিত্তীয় নীতি বা সিদ্ধান্তহে আছিল। সেয়া লাগিলে ১৯২৯ চনেই হওক বা ২০২৫ চনেই হওক, গণতান্ত্ৰিক দেশখনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি তথা চৰকাৰে লোৱা কিছুমান হঠকাৰী অৰ্থনৈতিক সিদ্ধান্তই কেৱল নিজৰ দেশখনকে নহয় সমগ্ৰ বিশ্বৰ অৰ্থনীতিক প্ৰভাৱিত কৰিছিল। প্ৰাসঙ্গিকতাত আমেৰিকাৰ কেইটামান উল্লেখযোগ্য মন্দাৱস্থাৰ ইতিহাস তথা কাৰণসমূহ খুচৰি চাবলৈ চেষ্টা কৰি চালে কথাটো স্পষ্ট হ’ব।
(ক) মহামন্দা- ১৯২৯-১৯৩৩ (The. Great Depression)

১৯২৯ চনৰ আগষ্ট মাহৰ পৰা ১৯৩৩ চনৰ মাৰ্চ মাহলৈকে চলা এই মহা মন্দা(The Great Depression)ৰ মূল কাৰণ আছিল সেই সময়ৰ আমেৰিকান ৰাষ্ট্ৰপতি হাবাৰ্ট হুভাৰে ঘোষণা কৰা The Tarriff Act 1930 বা Smoot Hawley Act নামৰ নতুন কৰ আইন খন, য’ত আমেৰিকাৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ অৰ্থে প্ৰায় ২০০০০ আমদানিকৃত সামগ্ৰীৰ ওপৰত অত্যাধিক কৰ আৰোপিত কৰা হৈছিল। তাৰোপৰি হঠাতে বাণিজ্যৰ মাধ্যম সোণৰ মুদ্ৰাৰ পৰা কাগজী মুদ্ৰালৈ সলনি হোৱাত বজাৰত ব্যাপক অৰ্থৰ অভাৱ ঘটিছিল যাৰ ফলত বেংকিং ব্যৱস্থাৰ পতন ঘটিছিল। মূল ঘৰুৱা উৎপাদনৰ হাৰ ২০% লৈ হ্ৰাস পাইছিল আৰু কৰ্ম সংস্থাপনৰ হাৰ একেবাৰে নিম্নগামী আছিল।
(খ) ’নিজে দি লোৱা গ’ল মন্দাৱস্থা, (The Own Goal Recession, 1937-38)
ঊনবিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী মন্দাৱস্থা বুলি জনাজাত এই ’নিজে দি লোৱা গ’ল মন্দাৱস্থাৰ মূল তিনিটা কাৰণ আছিল- মহামন্দাৰ প্ৰতিক্ৰিয়া হিচাপে সেইসময়ৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টে প্ৰস্তাৱ কৰা ’নতুন চুক্তি’ নামৰ কঠোৰ আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক সংশোধন নীতিখন, দেশখনৰ মুদ্ৰাভঁৰালৰ খৰচ সম্পৰ্কীয় এখন নতুন আইন আৰু এই দুয়োখন নীতিৰ ফলত নতুন ব্যৱসায়ৰ বাবে বজাৰত প্ৰয়োজনীয় পুঁজিৰ অভাৱ। যাৰ ফলত দেশৰ ঘৰুৱা উৎপাদন একেবাৰে হ্ৰাস পাইছিল আৰু নিবনুৱাৰ সংখ্যাই আকাশ চুইছিল।
(গ) কোৰিয়া যুদ্ধৰ পাছৰ মন্দাৱস্থা, ১৯৫৩: জুলাই ১৯৫৩ চনৰ পৰা দহ মাহ ধৰি চলা এই আৰ্থিক মন্দাৱস্থা প্ৰকৃততে কোৰিয়াৰ লগত হোৱা আমেৰিকাৰ যুদ্ধৰ ফলশ্ৰুতি বুলি ক’লেও ভুল নহ’ব। যুদ্ধৰ পাছত চৰকাৰে প্ৰতিৰক্ষাৰ বাবে বাজেট বৃদ্ধি কৰাৰ ফলত দেশখনৰ অৰ্থনীতিৰ তৎক্ষণিক স্থিতাৱস্থাৰ পৰিৱৰ্তন হৈ শোচনীয় অৱস্থালৈ পৰিৱৰ্তিত হয়।
(ঘ) মহামন্দাৱস্থা ২০০৭- ২০১০ বা ছাবপ্ৰাইম বন্ধকী সংকটঃ আমেৰিকাৰ অৰ্থনীতিৰ ইতিহাসত এইটোৱেই হয়তো একমাত্ৰ মন্দাৱস্থা যাৰ জন্ম কোনো যুদ্ধৰ লগত জড়িত নাছিল। ১৯৯০ৰ পৰা ২০০০ চনলৈকে দেশখনত অদ্ভুতপূৰ্ব বিকাশ ঘটিছিল যাৰ বাবে কৰ্ম সংস্থাপনৰ হাৰো বৃদ্ধি পাইছিল। ব্যক্তিগত আয় বৃদ্ধি হোৱাৰ লগে লগে নাগৰিকসকলে বিভিন্ন বেংকৰ পৰা ঋণ লৈ নিজৰ বা পৰিয়ালৰ বাবে ঘৰ সাজিবলৈ বা কিনিবলৈ আৰম্ভ কৰিছিল। গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ লগে লগে ঘৰৰ কিনাদাম বা বনোৱা খৰচো আকাশলঙ্ঘী হৈছিল, ফলত গ্ৰাহকসকলে নিজৰ সম্পত্তি বন্ধকত দি আদায় কৰা ঋণৰ পৰিমাণো বৃদ্ধি পাইছিল। সেই সময়তে ফেডাৰেল বেংকে হঠাতে গৃহ বা বন্ধকী লোনৰ সূত বৃদ্ধি কৰাত ঘপককৈ লোন পৰিশোধ কৰাৰ হাৰ কমি গৈছিল, সূতৰ সমান্তৰালকৈ আয় নবঢ়াত পৰিশোধ কৰিব নোৱাৰা ঋণৰ সংখ্যা বৃদ্ধি পাইছিল বা ঋণবোৰ ’এন পি এ’ হৈছিল। তাৰোপৰি বিশ্বজুৰি হোৱা আৰ্থিক মন্দাৱস্থাৰ বাবে বহু লক্ষ নাগৰিকে কৰ্ম সংস্থাপন হেৰুৱাই এন পি এ ঋণৰ সংখ্যা বৃদ্ধি কৰিছিল। এন পি এ বন্ধকী ঋণৰ ভাৰ সহিব নোৱাৰি লেহমেন ব্ৰাডাৰ্চ নামৰ বেংক এটা চেপ্তেম্বৰ ২০০৮ চনত দেউলীয়া হৈ গোটেই প্ৰক্ৰিয়াটোত ঘিউঁ আহুতি দিছিল। আন্তৰ্জাতিক মুদ্ৰা সংগঠনে অনুমান কৰা মতে এই সংকটটোত আমেৰিকাৰ নিজৰ ঘৰুৱা উৎপাদনৰ প্ৰায় ৬০% লোকচান হৈছিল। ইয়াৰ ওপৰিও দেশখনত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছিল প্ৰায় ১০%লৈ।
ইয়াৰ উপৰিও কোভিড-১৯ৰ সময়ত বা ইৰাকৰ যুদ্ধৰ সময়ত, বা আন বহু সময়ত আমেৰিকাই হ্ৰস্বকালীন মন্দাৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছিল যাৰ বাবে প্ৰধানভাৱে দায়ী আছিল দেশখনৰ ৰাজনৈতিক বা অৰ্থনৈতিক সিদ্ধান্তৰ বিফলতা। সেয়ে আমেৰিকান নাগৰিকৰ বাবে অৰ্থনৈতিক মন্দাৱস্থা কোনো নতুন কথা নহয় আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ ফলাফল সম্পৰ্কেও সম্পূৰ্ণ জ্ঞাত।
শেহতীয়াকৈ ২০২৫ চনৰ প্ৰথমটো ত্ৰিমাহীত আমেৰিকাৰ জিডিপি ০.৩% হ্ৰাস পাইছে। বিশেষজ্ঞৰ মতে বিনিয়োগকাৰীৰ মাজত উদ্বেগ আৰু গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ মাজত নিৰাশাবাদৰ সৃষ্টি কৰা ট্ৰাম্পৰ শুক্ল ব্যৱস্থাই অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰকৃত মাপকাঠীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে দেখা গৈছে এই সংকোচন। আমদানিৰ তাৎক্ষণিক উত্থান সাময়িক পৰিঘটনা হ’ব পাৰে যদিও সন্মুখত অধিক স্পষ্ট অৰ্থনৈতিক মন্দাৱস্থা আহিব পাৰে বুলি বহুতে উদ্বেগ প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ২য় শাসনকাল আৰু তাৎক্ষণিক সিদ্ধান্তসমূহঃ
১৯৪৬ চনত জন্মগ্ৰহণ কৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৫তম তথা ৪৭তম ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতিৰূপে দ্বায়িত্ব লোৱাৰ পূৰ্বে পেচাত এগৰাকী কোটিপটি ৰিয়েল এষ্টেট নিৱেশক তথা ব্যৱসায়ী আছিল। পিতৃপ্ৰদত্ত ৰিয়েল এস্টেট ব্যৱসায়টোৰ গুৰি ধৰি তেওঁ কোম্পানীৰ নামত নিৰ্মাণ কৰিছিল বিভিন্ন ৰিয়েল এষ্টেট প্ৰজেক্ট, বিয়াগোম হোটেল, বিমান বন্দৰ আৰু কেচিনো। তদুপৰি The Apprentice নামৰ এটা টিভি অনুষ্ঠানো তেঁও পৰিচালনা কৰিছিল। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ লোৱাৰ পূৰ্বে তেঁওৰ কোম্পানীটোয়ে বেংকৰ ঋণ লৈ ছবাৰকৈ দেউলীয়া হোৱা বুলি ঋণ ৰেহাই দিবলৈ অনুৰোধ কৰিছিল। যি নহওক, ২০১৭ চনত ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰ শাসনভাৰ লৈয়ে সোঁপন্থী জাতীয়তাবাদী ৰাজনীতিত বিশ্বাসী আমেৰিকাক আকৌ গৌৰৱাম্বিত কৰাৰ সপোন দেখা ৰাষ্ট্ৰপতি ট্ৰাম্পে বহু কেইটা কঠোৰ একপাক্ষিক সিদ্ধান্ত লৈছিল।
এটা কথা খুবেই আমোদজনক যে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমবাৰ শাসনভাৰ লোৱাৰ পাছদিনাই অৰ্থাৎ ২০১৭ চনৰ ২১ জানুৱাৰী তাৰিখে বিশ্বৰ বিভিন্ন দেশ তথা আমেৰিকাৰ সকলো ৰাজ্যতে প্ৰায় ২.৬ মিলিয়ন জনতা তথা মহিলাই ট্ৰাম্পৰ বিৰূদ্ধে ’মহিলা ৰেলী’ত অংশগ্ৰহণ কৰিছিল। সেই মহিলা ৰেলীত ৰাজধানী ৱাছিংটন ডিচিত অংশগ্ৰহণ কৰা ৰাইজৰে সংখ্যা আছিল প্ৰায় ৪ লক্ষাধিকৰো অধিক। নাৰীৰ সম অধিকাৰ, লৈংগিক সম অধিকাৰ তথা বৰ্ণৰ সম অধিকাৰ ইত্যাদি বিভিন্ন দাবীৰ সৈতে সেই আন্দোলন কেইবছৰমানৰ বাবে আমেৰিকাৰ ইতিহাসত এদিনীয়া সৰ্ববৃহৎ আন্দোলন ৰূপে পৰিগণিত হৈছিল।
ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্পে লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল ’অবামাকেয়াৰ’ নামৰ দৰিদ্ৰ ৰোগীৰ সেৱা তথা ৰক্ষণাবেক্ষণৰ বাবে থকা এখন আইন সংশোধন কৰি চৰকাৰী পুঁজি কৰ্তন,’ ’ট্ৰেন্স পেচিফিক অংশীদাৰিত্ব আলোচনা’ নামৰ সংগঠনটোৰ পৰা পদত্যাগ, তথা নবীকৰণযোগ্য শক্তিৰ পৰিৱৰ্তে ফচিল ফুৱেল বা ইন্ধনজাতীয় তেলৰ ওপৰত বেছি গুৰুত্ব প্ৰদানৰ বাবে পৰিৱেশ সলনিকৰণৰ বাবে থকা আন্তৰ্জাতিক সন্মিলনৰ পৰাও নাম প্ৰত্যাহাৰ কৰা। সেইসময়তে ট্ৰাম্পে হস্তাক্ষৰ কৰা এখন আইন অনুসৰি মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি এজনেও বন্দুকৰ লাইচেঞ্চ লাভ কৰিবলৈ সুবিধা পাইছিল, ট্ৰাম্পে নিজকে “জাতীয়তাবাদী” আৰু তেওঁৰ বৈদেশিক নীতিক “আমেৰিকা প্ৰথম” বুলি অভিহিত কৰিছিল। তেঁওৰ ৰাজনৈতিক আদৰ্শ আছিল জনপ্ৰিয়তাবাদী, নৱ-জাতীয়তাবাদী আৰু স্বৈৰাচাৰী শাসনত বিশ্বাসী। তেঁওৰ কাৰ্যকালত বিভিন্ন দেশৰ লগত থকা বৈদেশিক সম্পৰ্কৰ বৈশিষ্ট্য আছিল অনিশ্চয়তা আৰু অসামঞ্জস্যৰে ভৰা। ট্ৰাম্পৰ অধীনত আমেৰিকা আৰু ইউৰোপীয় মিত্ৰ দেশসমূহৰ মাজৰ সম্পৰ্ক বেয়ালৈ গতি কৰিছিল। তেওঁ ব্যক্তিগতভাৱে নাটোৰ মিত্ৰ দেশসমূহক সমালোচনা কৰিছিল আৰু আমেৰিকাক নাটোৰ পৰা আঁতৰি যাব লাগে বুলি পৰামৰ্শ দিছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বহু নীতিক ট্ৰাম্পে সমৰ্থন কৰিছিল।
আনহাতে ২০১৪ চনত ৰাছিয়াই ক্ৰিমিয়াক সংযুক্ত কৰাৰ পিছত আমেৰিকাৰ বহু কঠোৰতম নিষেধাজ্ঞা ট্ৰাম্পে দুৰ্বল কৰি তুলিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তেঁও প্ৰশংসা কৰিছিল যদিও বহুসময়ত ৰাছিয়া চৰকাৰৰ কিছুমান কাৰ্য্যৰ বিৰোধিতা কৰিছিল। ৰাছিয়াৰ অমান্যতাৰ অভিযোগ উত্থাপন কৰি মধ্যম দূৰত্বৰ পাৰমাণৱিক অস্ত্ৰ চুক্তিৰ পৰা তেঁও আমেৰিকাৰ নাম প্ৰত্যাহাৰ কৰে, আৰু ৰাছিয়াৰ সম্ভাৱ্য জি-৭লৈ ঘূৰি অহাৰ ইচ্ছাক সমৰ্থন কৰে। উত্তৰ কোৰিয়াৰ পাৰমাণৱিক অস্ত্ৰক ক্ৰমান্বয়ে গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰাৰ সমান্তৰালভাৱে, উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰা প্ৰথমজন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়, এবাৰেই নহয় তেওঁ কিম জং উনক তিনিবাৰ সাক্ষাৎ কৰে।
শাসক হিচাপে ট্ৰাম্প কিমান জনপ্ৰিয় আছিল, সেয়া তেঁওৰ কাৰ্যকালত পদত্যাগ কৰা কৰ্মচাৰীৰ সংখ্যাই প্ৰমাণিত কৰিছিল। তেঁওৰ কাৰ্যকালৰ প্ৰথম বছৰৰ শেষলৈকে মুঠ কৰ্মচাৰীৰ ৩৪ শতাংশই পদত্যাগ কৰিছিল বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল বা পুনৰ নিযুক্তি দিয়া হৈছিল। ২০১৮ চনৰ জুলাই মাহৰ আৰম্ভণিলৈকে তেওঁৰ ৬১ শতাংশ জ্যেষ্ঠ সহায়কে চাকৰি এৰি গুচি গৈছিল আৰু ১৪১ জন কৰ্মচাৰীয়ে পাছৰ বছৰত পদত্যাগ কৰিছিল। উল্লেখযোগ্য যে এই সকলোবোৰ সংখ্যাই আমেৰিকাৰ বাকী ৰাষ্ট্ৰপতিসকলৰ ক্ষেত্ৰত থকা অভিলেখ ভাঙিছিল।
এয়া মাত্ৰ এটা শাসন কালৰ কথাহে। ২০২০ চনৰ নিৰ্বাচনত জন বিডেনৰ হাতত পৰাস্ত হ’ল যদিও ২০২৫ চনত তেঁও পুনৰ ২য় বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ আগতে এখন নিৰ্বাচনী ৰেলীত কোনোবা আততায়ীয়ে তেঁওৰ ওপৰত চলোৱা প্ৰাণনাশৰ প্ৰচেষ্টাটো এতিয়াও সন্দেহৰ আৱৰ্তত। যি নহওক, ৰাষ্ট্ৰপতি হিচাপে ২য় বাৰ নিৰ্বাচিত হৈ ২০ জানুৱাৰী ২০২৫ তাৰিখে শাসনভাৰ লৈয়ে ট্ৰাম্পে পুনৰ নিজৰ পুৰণি ফেচীবাদী আদৰ্শক সাৰোগত কৰি প্ৰথম ৬৫ দিনত ১০৪ খন আদেশত হস্তাক্ষৰ কৰে, যিটো আজিও আমেৰিকাৰ যিকোনো ৰাষ্ট্ৰপতিয়ে প্ৰথম দিনত স্বাক্ষৰ কৰা আদেশৰ এটা অভিলেখ। উল্লেখযোগ্য যে এই নিৰ্বাচনত ট্ৰাম্পৰ সোঁহাত হৈ থিয় দিছিল কোটিপতি ব্যৱসায়ী, টুইটাৰ বা এক্সৰ তথা টেচলা কোম্পানীৰ মালিক এলন মাস্কে।
২য়টো কাৰ্যকালৰ প্ৰথম তিনিমাহতে ট্ৰাম্পে লোৱা বহু সিদ্ধান্ত আছিল বিতৰ্কিত আৰু অবিবেচকী। অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আমেৰিকা, মেস্কিক’ সীমান্তত ইমাৰজেন্সী ঘোষণা কৰাই নহয় তাৰ লগতে সেনাবাহিনীক সীমান্ত পাৰ হৈ যোৱা প্ৰব্ৰজনকাৰীসকলক তৎক্ষণাত বিতাড়িত কৰিবলৈ নিৰ্দেশ দিছিল, সীমান্ত পাৰ হোৱাৰ সময় নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা চিবিপি ৱান এপটো অক্ষম কৰিছিল, মেক্সিকো নীতিৰ নতুনকৈ সংশোধন কৰিছিল, ড্ৰাগছ বিক্ৰেতাবোৰক সন্ত্ৰাসবাদী গোট হিচাপে নিৰ্ধাৰণ কৰিছিল আৰু সীমান্তৰ দেৱাল নিৰ্মাণ পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল। জানুৱাৰীৰ প্ৰথমাৰ্দ্ধতে ট্ৰাম্পে আনকি ভাৰতৰ লগতে আন বিভিন্ন দেশৰ অনুপ্ৰৱেশকাৰীসকলক ধৰি বান্ধি নিজৰ বিমানেৰে আনি জন্ম দেশত গটাই দিছিলহি।
জীৱিকাৰ বাবে অহা বা জন্মগত অধিকাৰৰে দেশখনত বাস কৰা সকলো নাগৰিককে অবৈধ নাগৰিক বুলি গণ্য কৰি শৰণাৰ্থী সকলক খেদিবলৈ ট্ৰাম্পে গণ বিতাড়ন প্ৰক্ৰিয়াটোক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছিল আৰু ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (আইচিই) বিভাগক দৈনিক ১২০০ৰ পৰা ১৫০০ লোকক গ্ৰেপ্তাৰ কৰাৰ লক্ষ্য বান্ধি দিছিল। ট্ৰাম্পে প্ৰথমে উপনিৱেশ চহৰসমূহত তথা ট্ৰাম্প প্ৰশাসনৰ পূৰ্বে গঠন হোৱা অপৰাধীৰ “লক্ষ্য তালিকা”ত থকা ব্যক্তিসকলৰ বিৰুদ্ধে বিতাড়ন অভিযান কেন্দ্ৰীভূত কৰিছিল। শাসনভাৰ লোৱাৰ প্ৰথম দিনাই তেওঁ সাতখন মুছলিম সংখ্যাগৰিষ্ঠ দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশত নিষেধাজ্ঞা জাৰী কৰে। জন্মগত অধিকাৰৰ নাগৰিকত্ব বাতিলকৰণ কৰাৰ লগতে সমলৈঙ্গিক বিবাহকো অবৈধ বুলি ঘোষণা কৰে। এই বছৰৰে মাৰ্চ মাহত তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ১৭৯৮ চনৰ ’এলিয়েন এনিমিজ এক্ট’ প্ৰয়োগ কৰি এল ছালভাডৰৰ কুখ্যাত সন্ত্ৰাসবাদী আৱদ্ধ কেন্দ্ৰ (CECOT)ত বিচাৰ অবিহনে প্ৰব্ৰজনকাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰে। তেঁওৰ নীতিৰ সমালোচনা কৰা বা পেলেষ্টাইনৰ সমৰ্থক বা আইনী অনুপ্ৰৱেশকাৰী, পৰ্যটক, আনকি ভিছা থকা ছাত্ৰ-ছাত্ৰীকো তেঁও লক্ষ্য কৰি লৈছিল। শেহতীয়াকৈ পেলেষ্টাইনৰ সমৰ্থনত হাৰ্ভাদ বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে কৰা আন্দোলনৰ বাবে বিশ্ববিদ্যালয়খনলৈ চৰকাৰে প্ৰতি বছৰে দিয়া ২.২ মিলিয়ন ডলাৰৰ পুঁজি বন্ধ কৰাৰ কথা ঘোষণা কৰে।
ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ বৈদেশিক নীতি সাম্ৰাজ্যবাদী, সম্প্ৰসাৰণবাদী, বিচ্ছিন্নতাবাদী আৰু স্বৈৰাচাৰী হিচাপে স্বীকৃত হোৱাৰ কাৰণ হিচাপে তেঁওৰ “আমেৰিকা প্ৰথম” মতাদৰ্শ বুলি কব পাৰি। মিত্ৰ দেশসমূহৰ সৈতে সম্পূৰ্ণ বাণিজ্যিক সম্পৰ্ক বজাই ৰাখি আন-আন দেশৰ লগত অন্তৰ্ভুক্তিৰ ভাবুকিৰ সৈতে উদাসীন তথা শত্ৰুতাপূৰ্ণ আচৰণো কৰিছিল। সেয়ে WHOলৈ আমেৰিকাই দীৰ্ঘদিন ধৰি আগবঢ়াই অহা সাহায্য তেঁও বন্ধ কৰাৰ উপৰিও WHOৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
১৯৪৭ চনত ইজৰাইলে নিজকে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ পাছৰে পৰা ইজৰাইল-পেলেষ্টাইন সংঘাটত আমেৰিকাৰ প্ৰভাৱ তথা ভূমিকা আটাইতকৈ বেছি বুলি ক’ব পৰা যায়। ইজৰাইলৰ লগত থকা আমেৰিকাৰ সামৰিক তথা কূটনৈতিক সুসম্পৰ্কৰ বাবে আমেৰিকাই দীৰ্ঘদিন ধৰি সংঘাটটোত পৰোক্ষভাৱে ইজৰাইলৰ পক্ষ লৈ পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ মানৱীয় অধিকাৰ খণ্ডন তথা নৰসংহাৰক সমৰ্থন কৰি আহিছে। তেওঁৰ দ্বিতীয়টো কাৰ্যভাৰ গ্ৰহণৰ এদিন আগতে ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনে বাইডেন প্ৰশাসনৰ সমান্তৰালভাৱে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ দালালিত সহায় কৰিছিল। কিন্তু বিগত মাৰ্চ মাহত ট্ৰাম্প প্ৰশাসনৰ সমৰ্থনতে ইজৰাইলে যুদ্ধবিৰতি ভংগ কৰি গাজা তথা পেলেষ্টাইনৰ ওপৰত নৰসংহাৰ চলায়। উল্লেখযোগ্য যে আমেৰিকাৰ চকুৰ আগতে ইজৰাইলে গাজাৰ ওপৰত চলোৱা অমানুষিক নৰসংহাৰ তথা ধ্বংসযজ্ঞৰ বিৰোধীতা কৰি বিশ্ববিখ্যাত হাভাৰ্দ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন কৰাৰ বাবে ট্ৰাম্প চৰকাৰে যোৱা ১৬ এপ্ৰিল তাৰিখে হাভাৰ্দ বিশ্ববিদ্যালয়খনলৈ আবণ্টিত ২.২ মিলিয়ন ডলাৰৰ পুঁজি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি দেশত হ’ব পৰা যিকোনো আভ্যন্তৰীণ আন্দোলন বা বিদ্ৰোহক কঠোৰভাৱে দমন কৰিবলৈ আমাৰ আপ্সাৰ দৰে এখন বৰ্বৰ আইন প্ৰচলন কৰাৰ কথা ঘোষণা কৰে।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি ভেন্সে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে অ’ভেল অফিচত সাক্ষাৎ কৰে। লাইভ টেলিভিছনত প্ৰচাৰিত এই বৈঠকখনত ট্ৰাম্প আৰু ভ্যান্সে জেলেনস্কিক প্ৰকাশ্যে ৰাজহুৱাভাৱে গালি পাৰিছিল। সংবাদ মাধ্যমে ইয়াক আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু যিকোনো বিদেশী ৰাষ্ট্ৰপতিৰ মাজত হোৱা এখন অভূতপূৰ্ব ৰাজহুৱা সংঘৰ্ষ বুলি অভিহিত কৰিছিল।
আনহাতে ট্ৰাম্পৰ অৰ্থনৈতিক নীতিক সম্পূৰ্ণ সুৰক্ষাবাদী(Defensive) বুলি অভিহিত কৰা হৈছে কাৰণ ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ পৰিৱৰ্তে ট্ৰাম্পে নিজৰ দেশৰ বাবে আমদানি কৰা দেশসমূহৰ ওপৰত ব্যাপক শুল্ক আৰোপ কৰিছে। এটা কথা মন কৰিবলগীয়া যে কেৱল সামৰিক প্ৰযুক্তিবিদ্যা তথা সামগ্ৰীৰ বাহিৰে আন সকলো লাগতিয়াল সামগ্ৰীৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আমেৰিকা বাধ্য। কাৰণ দাবীৰ (Demand)ৰ বিপৰীতে সম্পদৰ (Supply) পৰিমাণ আমেৰিকাত যথেষ্ট কম। আনহাতে চীনকে ধৰি আন দেশসমূহৰ দাবীৰ তুলনাত সম্পদৰ হাৰ অত্যাধিক। সেয়ে সেইবোৰ দেশেও বিদেশী পুজিৰ স্বাৰ্থত আমেৰিকালৈ ৰপ্তানি কৰিবলৈ বাধ্য আৰু প্ৰযুক্তিবিদ্যাৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য। ট্ৰাম্পে এই সুযোগকে লৈ কানাডা আৰু মেক্সিকোকে ধৰি প্ৰধান বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰে তথা বিশ্ব বাণিজ্য সংস্থা (WTO)লৈ আমেৰিকাৰ আৰ্থিক অৱদান স্থগিত ৰাখে। ২০২৫ চনৰ এপ্ৰিল মাহৰ ২ তাৰিখে ট্ৰাম্পে ’মুক্তি দিৱস শুল্ক আইন’ (Liberation Day Tariff Act) নামৰ এখন নতুন শুল্ক আইনত স্বাক্ষৰ কৰে। এই নতুন আইনৰ অধীনত ১৮০ খনতকৈও অধিক দেশৰ ওপৰত ১০% আৰু তাতকৈ অধিক শুল্ক আৰোপ কৰা হয়। শেহতীয়াভাৱে অতিৰিক্ত ৫৭ খন দেশৰ ওপৰত অধিক শুল্ক সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও চীনৰ ওপৰত শুল্ক ১৪৫% লৈ বৃদ্ধি কৰা হয়। ট্ৰাম্পৰ এই অতিৰিক্ত শুক্ল ঘোষণাৰ পাছতে বিশ্বৰ সমগ্ৰ শ্বেয়াৰ বজাৰত হুৱা-দোৱাৰ সৃষ্টি হয় আৰু বজাৰে একেদিনতে ২০২০ চনৰ কোভিড -১৯ ৰ পাছত প্ৰথমবাৰৰ বাবে সৰ্বনিম্ন পৰ্যায় পায়গৈ।
চীন আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক সংঘাত, ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালৰ পৰাই আৰম্ভ হৈছিল যদিও যোৱা দুমাহত এই সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰে, বিশেষকৈ ’মুক্তি দিৱস শুল্ক’ৰ ঘোষণাৰ পাছত দুয়োখন দেশৰ মাজৰ সংঘাতে চুড়ান্ততম পৰ্যায় পাইগৈ। আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ১৪৫% শুল্ক আৰোপ কৰাৰ প্ৰতিক্ৰিয়া হিচাপে চীনেও ২০২৫ চনৰ ১২ এপ্ৰিলত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১২৫% শুল্ক আৰোপ কৰে। অৱশ্যে চীনৰ পৰা আমদানি কৰা শুল্কৰ পৰা আমেৰিকাই ইলেক্ট্ৰনিকছ সামগ্ৰীক ৰেহাই দিছে। দুয়োখন দেশৰ মাজত চলা এই শুক্ল যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ অৰ্থনীতিত পৰিলক্ষিত হয়। আমেৰিকাত ইয়াৰ ফলত উৎপাদকসকলৰ বাবে উৎপাদনৰ খৰচ বৃদ্ধি পাইছে, যাৰ মাধমাৰ গ্ৰাহকৰ ওপৰতে পৰিছে। ট্ৰাম্প চৰকাৰৰ শুল্ক বৃদ্ধিৰ বাবে প্ৰায় সকলো সামগ্ৰীৰ দাম ২০ৰ পৰা ৩০% লৈ বৃদ্ধি পাইছে যাৰ বাবে কৃষকসকলৰো আৰ্থিক অসুবিধাৰ সৃষ্টি হৈছে। একেদৰে চীনত বাণিজ্য যুদ্ধই অৰ্থনৈতিক আৰু উদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ মন্থৰ কৰাত অৰিহণা যোগাইছে, যিটো ইতিমধ্যে হ্ৰাস পাই আহিছিল। বহুতো আমেৰিকান কোম্পানীয়ে যোগান শৃংখল চীনৰ পৰা এছিয়াৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰিছে, যাৰ বাবে বহুতে আশংকা কৰিছে যে এই বাণিজ্য যুদ্ধৰ ফলত হয়তো আমেৰিকা-চীনৰ অৰ্থনৈতিক ‘বিচ্ছেদ’ হ’ব পাৰে। একেদৰে আমেৰিকা-চীনৰ বাণিজ্য যুদ্ধই আন দেশতো অৰ্থনৈতিক ক্ষতিসাধন কৰিছে যদিও কিছুমান উৎপাদন আন কেইখনমান দেশলৈ স্থানান্তৰিত হোৱাৰ বাবে সেইবোৰ দেশে লাভৱান হৈছে। শুল্ক যুদ্ধৰ আটাইতকৈ অধিক প্ৰভাৱ পৰি বিশ্বৰ শ্বেয়াৰ বজাৰত অস্থিৰতা সৃষ্টি হৈছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই ’মুক্তি দিৱস শুল্ক’ প্ৰস্তাৱৰ ফলত ১৯০৯ চনৰ পিছত চৰকাৰে আৰোপ কৰা শুল্কই সৰ্বোচ্চতম স্তৰ দখল কৰিছে। উপৰোক্ত শুক্লৰ প্ৰতিক্ৰিয়া হিচাপে ডাও জোনচ তথা বিশ্বৰ আন আন শ্বেয়াৰ বজাৰে পাছদিনা যি সৰ্বনিম্ন পৰ্যায় পালেগৈ, তাকে দেখি যোৱা ৫ এপ্ৰিল ২০২৫ তাৰিখে হোৱা ’হেণ্ডচ অফ’ আন্দোলন যেন আৰ্থিক মন্দাবস্থাৰ আগৰ এক স্বতঃস্ফূৰ্ত গণজাগৰণ, যি হয়তো ভৱিষ্যতে আহিব পৰা যিকোনো মন্দাৱস্থাক প্ৰতিৰোধ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।
হেণ্ডচ অফ আন্দোলন
….”The trumpblicans don’t know much about how to run a government, but they do know that getting elected is more important than anything else……” A common People
আন্দোলনটো নহ’লহেতেন, যদিহে ট্ৰাম্পে ২ এপ্ৰিলৰ দিনা ’মুক্তি দিৱস শুল্কৰ ঘোষণা নকৰিলেহেঁতেন। ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালৰ সোৱাদ পোৱা সকলো সজাগ নাগৰিকেই এই কথা সহজে অনুমান কৰিব পাৰিছিল যে বিশ্বৰ অন্যতম ব্যৱসায়ী এলন মাস্কৰ সৈতে মিলি ট্ৰাম্পে জানি-বুজি আমেৰিকাক আৰ্থিক মন্দাৱস্থালৈ ঠেলি দিব বিচাৰিছে। যাৰ ফলাফল অনাগত দিনত আমেৰিকাৰ বৃহৎ পুঁজিপতি সকলৰ পক্ষেই যাব। তাৰোপৰি ট্ৰাম্পৰ ২য়টো কাৰ্যকালৰ প্ৰথম তিনিটা মাহতে আমেৰিকাৰ সামাজিক তথা অৰ্থনৈতিক ক্ষেত্ৰত বিতৰ্কৰ সূচনা কৰা বিভিন্ন সিদ্ধান্ত যেনে লক্ষাধিক চাকৰিৰ বিলুপ্তিকৰণ, বৰ্ধিত নিবনুৱা সমস্যা, জনকল্যাণ তথা চিকিৎসাৰ বাবে পুঁজি কৰ্তন, সমলৈঙ্গিক বিবাহত বাধা, বিদ্বেষকামী বিদেশ নীতি, তথা শৰণাৰ্থীৰ প্ৰতি কৰা অমানবীয় আচৰণৰ দৰে নাগৰিকৰ সাধাৰণ অধিকাৰ তথা স্বাধীনতাত হস্তক্ষেপ কৰিব বিচৰা শতাধিক আইন প্ৰণয়নে সকলো নাগৰিককে এই কথা বিশ্বাস কৰিবলৈ বাধ্য কৰিছিল যে “No future with a President who has the politics of Mussolini and the economics of Herbert Hoover.”
বিশেষকৈ এলন মাস্কৰ লগত যুটীয়াভাৱে “চৰকাৰী দক্ষতা বিভাগ“ (Dept of Govt Efficiency)ৰ অধীনত দেশৰ কাৰ্মিক বিভাগটোৰ ব্যাপক সাল সলনি কৰি তিনিমাহতে প্ৰায় ১২১৩৬১ জন ব্যক্তিক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়াটোৱে যেন এই আন্দোলনৰ তুঁহজুই জ্বলোৱাত সহায় কৰিলে। সেইবাবেই আমেৰিকাৰ ৫০খন ৰাজ্যকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় ১৪০০ৰো অধিক ঠাইত ৫ এপ্ৰিলৰ পুৱা প্ৰায় ত্ৰিশ লক্ষাধিক নাগৰিকে হাতত বেনাৰ, প্লেকাৰ্ড লৈ ’হেণ্ডছ অফ’ নামৰ সেই শান্তিপূৰ্ণ আন্দোলনত অংশ গ্ৰহণ কৰিলে। নাগৰিক স্বাধীনতাত জোৰ জবৰদস্তি ট্ৰাম্প চৰকাৰে জাপিব খোজা হস্তক্ষেপ তথা ফেচীবাদী নিয়ন্ত্ৰণত অতিষ্ঠ হৈ সাধাৰণ জনগণে চলোৱা এই ’হেণ্ডছ অফ’ আন্দোলনটো প্ৰকৃততে আমেৰিকান নাগৰিকৰ সাধাৰণ অধিকাৰ আৰু স্বতন্ত্ৰতাত ট্ৰাম্প তথা মাস্কে জোৰকৈ জাপিব খোজা অদৃশ্য হাতোৰাখনক আঁতৰাবলৈ চেষ্টা কৰা এটা গৰ্জনসদৃশ গণ জাগৰণ আছিল।
আন্দোলনকাৰী সকলৰ তিনিটা মূল দাবী আছিল -(ক) ট্ৰাম্প চৰকাৰৰ অধীনত চলি থকা কোটিপতিসকলৰ অধিগ্ৰহণৰ অন্ত পেলোৱা আৰু চৰকাৰী পৰ্যবেক্ষণত চলা অবাধ দুৰ্নীতিৰ নিৰ্মূল কৰা। (খ) কৰ্মৰত লোকসকলে নিৰ্ভৰ কৰা চিকিৎসা ব্যৱস্থা, সামাজিক সুৰক্ষা আৰু অন্যান্য কাৰ্যসূচীৰ বাবে চৰকাৰী ধন কৰ্তনৰ বিৰোধ কৰা আৰু (গ) শৰণাৰ্থী, সমলৈঙ্গিক তথা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ওপৰত চলা শোষণ, আক্ৰমণ বন্ধ কৰা।
বিভিন্ন নাগৰিক অধিকাৰ সংগঠন, প্ৰবীণ সৈনিক, মহিলা অধিকাৰ সংগঠন, শ্ৰমিক সংঘ, আৰু সমলৈঙ্গিক সংগঠনে নেতৃত্ব কৰা হেণ্ডছ অফ প্ৰতিবাদত কেৱল ৰাজধানী ৱাচিংটন ডি চি টাউনতে প্ৰায় দহ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰিছিল। কেৱল মাত্ৰ আমেৰিকাতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰত একেসময়তে সেইদিনা ত্ৰিশ লক্ষাধিক জনগণে নাগৰিক অধিকাৰ তথা স্বাধীনতাৰ সপক্ষে একেলগে থিয় দিছিল আৰু আমেৰিকাৰ পুঁজিপতি ৰাষ্ট্ৰপতিৰ কাণত পৰাকৈ একেলগে গাইছিল পীট চীগাৰৰ সেই অমৰ গানটোঃ
“Which side you are on
Which side you are on….
Don’t scab for the bosses
Don’t listen to their lies
Us poor folks haven’t got a chance
Unless we organize…”
উপসংহাৰঃ
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি থিঅ’ডৰ ৰুজভেল্টে এষাৰ কথা কৈছিল – “Patriotism means to stand by the country. It does not mean to stand by the president or any other public official, save exactly to the degree in which he himself stands by the country. It is patriotic to support him insofar as he efficiently serves the country. It is unpatriotic not to oppose him to the exact extent that by inefficiency or otherwise he fails in his duty to stand by the country. In either event, it is unpatriotic not to tell the truth, whether about the president or anyone else.” ৫ এপ্ৰিলৰ দিনা আমেৰিকাৰ নাগৰিক সকলৰ লগতে সমগ্ৰ বিশ্বৰ সেই ত্ৰিশ লক্ষাধিক জনগণে পুঁজিপতি ফেচিষ্ট ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তথা তেওঁৰ বন্ধু সকলো ফেচিষ্ট ৰাজনৈতিক নেতাক এই সংবাদেই দিব বিচাৰিছিল যে ৰাজনৈতিক তথা ব্যক্তিগত স্বাৰ্থপূৰণৰ বাবে সাধাৰণ নাগৰিকক সকলো সময়তে মূৰ্খ বনোৱাটো সহজ নহয়। পুঁজিবাদৰ আগ্ৰাসনৰ সময়ত সাধাৰণ মানুহৰ এনে প্ৰতিবাদক উলাই কৰাটো একেবাৰে সমিচীন নহয় কাৰণ পুঁজিবাদৰ যি অস্থিৰ অৱস্থাৰ সমাগত হৈছে, তাৰে প্ৰতিফলন এই ধৰণৰ ঘটনাবোৰ।
অনাগত দিনত আমেৰিকাৰ ৰাজনীতি আৰু অৰ্থনীতিয়ে কি ৰূপ লয় সেয়া কোৱাটো টান যদিও আমেৰিকাৰ ইতিহাসত ৫ এপ্ৰিলৰ দিনটো স্বৈৰতান্ত্ৰিক শাসনৰ বিৰূদ্ধে সাধাৰণ নাগৰিকৰ সজাগ, শান্তিপূৰ্ণ, উমৈহতীয়া উষ্মা প্ৰদৰ্শনৰ ক্ষেত্ৰত এক মাইলৰ খুটি হৈ ৰ’ল।
উল্লেখযোগ্য যে ভাৰতৰ বিত্তীয় ব্যৱস্থাত ১৯৬৯ চনত সেইসময়ৰ চৰকাৰে গ্ৰহণ কৰা ১৪ টা বেংকৰ ৰাষ্ট্ৰীয়কৰণ ব্যৱস্থাটোৰ বাবে আজিলৈকে কোনোদিনেই আৰ্থিক মন্দাৱস্থাৰ দৰে পৰিস্থিতৰ সন্মুখীন হ’বলগীয়া হোৱা নাই। আনকি, বিমুদ্ৰাকৰণ, কোভিড-১৯-ৰ দৰে বিপৰ্যয়ৰ সময়তো ৰাষ্ট্ৰীয়কৃত বেংকৰ সুনিশ্চিত, সুপ্ৰতিৰোধ্য ব্যৱস্থাৰ বাবে দেশে প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰিছে। দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ দৰে কৃষিপ্ৰধান দেশ এখনত, য’ত সৰ্বাধিক নাগৰিকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, তেনে এখন দেশৰ সাৰ্বঙ্গীন বিকাশত অৱদান আগবঢ়াই যোৱা ৰাষ্ট্ৰীয়কৃত বেংককেইটাক কেৱল মাত্ৰ এমুঠিমান পুঁজিপতিৰ স্বাৰ্থত ব্যক্তিগতকৰণ কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টা খুবেই দুৰ্ভাগ্যজনক। বেংকৰ ব্যক্তিগতকৰণে কেৱল মাত্ৰ পুঁজিপতি শ্ৰেণীটোৰ স্বাৰ্থৰ কথাহে চিন্তা কৰিব। সেয়ে দেশৰ সাধাৰণ নাগৰিক সজাগ নহলে ভাৰতৰো অৱস্থা এদিন আমেৰিকাৰ দৰেই হ’ব!