আমেৰিকাৰ নিৰ্বাচন আৰু অন্য এক ভোটদান (ঋতু দত্ত আৰু পংকজ জ্যোতি মহন্ত)
যোৱা কিছু বছৰৰ পৰা আমেৰিকাৰ নাগৰিকে প্ৰচলিত ভোটদান পদ্ধতিটো সলনি কৰিবৰ বাবে জনমত গঢ়ি তুলিছে। মূলতঃ যোৱা দুটা ৰাষ্ট্ৰপতি নিৰ্বাচনত (২০০০ আৰু ২০১৬ চন) এজন আদৰ্শ প্ৰাৰ্থী নোপোৱা বাবে এই দাবী তীব্ৰতৰ হৈ উঠিছে। সেয়েহে সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি বিভিন্ন সমাজ সচেতন অনুষ্ঠানে আমেৰিকাৰ নিৰ্বাচনৰ বাবে অন্য ভোটদান পদ্ধতি ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পৰিপ্ৰেক্ষিততে আমেৰিকাৰ বিভিন্ন ৰাজ্যত ভোটদানৰ নতুন পদ্ধতি সমন্ধে চিন্তা-চৰ্চা চলিছে আৰু কিছু পৰিমাণে এইক্ষেত্ৰত সফলো হৈছে।
প্ৰচলিত ভোটদান পদ্ধতিৰ আসোঁৱাহ
প্ৰচলিত ভোটদান পদ্ধতি বুলিলে প্ৰধানকৈ ইয়াত প্লুৰেলিটি ভোটিং (FPTP) পদ্ধতিৰ বিষয়ে কোৱা হৈছে। দীৰ্ঘদিন ধৰি আমেৰিকাৰ নিৰ্বাচনত প্ৰধানকৈ এই পদ্ধতি ব্যৱহাৰ হৈ আছে। চমুকৈ ক’বলৈ গ’লে এই পদ্ধতিৰ আসোঁৱাহসমূহ হ’ল— ইয়াৰ সহায়ত ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীকহে ভোট দিব পাৰে; কিন্তু বহু সময়ত দেখা যায় যে ভোটাৰে একাধিক ব্যক্তিক সেই নিৰ্দিষ্ট পদটোৰ বাবে উপযোগী বুলি ভাবে। দ্বিতীয়তে, এই ভোটদান পদ্ধতিৰ সহায়ত সহজতে ভোট ভঙা (Vote Splitting) কাৰ্য সম্পন্ন কৰিব পাৰে; অৰ্থাৎ এই পদ্ধতিৰ সহায়ত অতি কম সংখ্যক ভোটাৰৰ সমৰ্থিত প্ৰাৰ্থী এজনো কেতিয়াবা বিজয়ী হ’ব পাৰে (বা প্ৰায়ে হয়)। উদাহৰণস্বৰূপে যোৱা পাঁচ বছৰত আমেৰিকাৰ চেণ্ট লুইচ চহৰৰ বিভিন্ন নিৰ্বাচনত ৮ জন প্ৰাৰ্থী নিৰ্বাচিত হৈছে মাত্ৰ ৩৭ শতাংশ বা তাতকৈ কম ভোট লাভ কৰি। তৃতীয়তে, এই পদ্ধতিয়ে নতুন বা স্বতন্ত্ৰ প্ৰাৰ্থীক নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ আকৰ্ষিত নকৰে বা কৰিলেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহয়।
নতুন ভোটদান পদ্ধতিৰ দাবী
আমেৰিকাৰ নাগৰিকে প্ৰধানকৈ দাবী কৰা পদ্ধতিটো হ’ল এপ্ৰুভেল ভোটিং পদ্ধতি (Approval voting rule)। এই পদ্ধতিৰ সহায়ত ভোটাৰসকলে নিজৰ ইচ্ছা অনুসৰি তেওঁৰ প্ৰিয় এজন বা একাধিক প্ৰাৰ্থীক অনুমোদন কৰিব পাৰে। আৰু মুঠতে অধিক সংখ্যক অনুমোদন লাভ কৰা প্ৰাৰ্থীজনক বিজয়ী বুলি ধৰা হয়। অৰ্থাৎ এপ্ৰুভেল ভোটিং পদ্ধতিত ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীক ভোট দিয়া ধাৰণাৰ পৰিৱৰ্তে তেওঁৰ প্ৰিয় আটাইকেইজন প্ৰাৰ্থীকে ভোট দিব পৰাৰ এটা সুবিধা দিয়ে যিটো প্লুৰেলিটি ভোটিং পদ্ধতিত সম্ভৱ নহয়।
এপ্ৰুভেল ভোটিঙৰ ধাৰণাটো অতি পুৰণি। অতীতত কোনো কোনো স্থানত এই প্ৰক্ৰিয়াৰে নিৰ্বাচন চলিছিল। কোনো কোনো সংস্থাৰ বিষয়ববীয়া নিৰ্বাচনতো এই পদ্ধতি লোৱা হৈছে। এই প্ৰক্ৰিয়াটোক এপ্ৰুভেল ভোটিং বুলি নামকৰণ কৰিছিল ৰবাৰ্ট ৱেবাৰ (Robert J. Weber) নামৰ এজন গণিতজ্ঞই ১৯৭১ চনত। তেওঁ আছিল প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। ১৯৭৮ চনত প্ৰসিদ্ধ জাৰ্নেল American Political Science Reviewত “এপ্ৰুভেল ভোটিং” নামেৰে এখন গৱেষণা-পত্ৰ প্ৰকাশ পালে (https://doi.org/10.2307/1955105)। ইয়াৰ লেখক আছিল ষ্টিভেন ব্ৰাম্ছ্ (Steven J. Brams) আৰু পিটাৰ ফিচবাৰ্ণ (Peter C. Fishburn)। ব্ৰাম্ছ্ আছিল এমআইটিৰ ছাত্ৰ, এজন খেল-তত্ত্ববিদ (game theorist) আৰু ৰাজনীতি-বিজ্ঞানী (political scientist)। ফিচবাৰ্ণ আছিল পিছলৈ বেল লেবৰেটৰিজ(Bell Laboratories)ত কৰ্মৰত এজন গণিতজ্ঞ। তেওঁলোকে বিষয়টোত এটা বিস্তৃতি প্ৰদান কৰিলে।
সুখৰ খবৰ যে শেহতীয়াকৈ (২০২০ৰ ৯ জুনত) আমেৰিকাৰ নৰ্থ ডাকোটা (North Dakota) ৰাজ্যৰ ফাৰ্গ’ (Fargo) চহৰৰ পৌৰসভা নিৰ্বাচনত (municipal election) এই এপ্ৰুভেল ভোটিং পদ্ধতি সফলভাবে সম্পন্ন কৰা হয়। লগতে ফাৰ্গ’ই আমেৰিকাত এপ্ৰুভেল ভোটিং পদ্ধতি ব্যৱহাৰ কৰি নিৰ্বাচন আয়োজন কৰা প্ৰথমখন চহৰ বুলি পৰিগণিত হৈছে। আমেৰিকাৰ নাগৰিকে বিশ্বাস কৰে যে প্ৰথমে নিম্ন পৰ্যায়ৰ নিৰ্বাচনসমূহ এপ্ৰুভেল ভোটিং পদ্ধতিৰ দ্বাৰা আয়োজন কৰি পিছলৈ আমেৰিকাত সকলো সৰু-বৰ নিৰ্বাচন এই পদ্ধতিৰ দ্বাৰা আয়োজন কৰা হ’ব। কেৱল ফাৰ্গ’ই নহয়, ইতিমধ্যে চেণ্ট লুইচত (St. Louis, Missouri) এই পদ্ধতি আংশিকভাৱে ব্যৱহাৰ কৰা হৈছে আৰু চিয়েটল (Seattle, Washington) চহৰত এই পদ্ধতিৰ সপক্ষে জনমত গঢ়ি উঠিছে। আমেৰিকাৰ আন আন ৰাজ্যসমূহতো এপ্ৰুভেল ভোটিং পদ্ধতি ব্যৱহাৰ কৰি নিৰ্বাচন আয়োজন কৰিবলৈ বিভিন্নজনে দাবী তুলিছে।
এপ্ৰুভেল ভোটিং পদ্ধতি ব্যৱহাৰৰ সুবিধাসমূহ
১) এপ্ৰুভেল ভোটিং পদ্ধতিৰ সহাJয়ত ভোটাৰে অতি সুক্ষ্মভাৱে তেওঁৰ মত প্ৰকাশ কৰিবলৈ সক্ষম হয়।
২) ভোট ভঙা (Vote Splitting) কাৰ্য (সম্পূৰ্ণভাৱে) ৰোধ কৰিব পাৰি।
৩) নতুন বা স্বতন্ত্ৰ প্ৰাৰ্থীৰ বাবে সহায়ক হয়, লগতে পুৰণি প্ৰাৰ্থীৰ বাবেও ক্ষতিকাৰক নহয়।
৪) এজন বহুতৰে প্ৰিয় (অধিক সংখ্যক ভোটাৰৰ দ্বাৰা সমৰ্থিত) প্ৰাৰ্থী লাভ কৰাত সহায় কৰে।
৫) বুজিবলৈ সহজ আৰু বেলটতো (ballot) বিশেষ সাল-সলনি নহয়।
গাণিতিকভাৱে এপ্ৰুভেল ভোটিং
ধৰাহওক ক, খ আৰু গ তিনিজন প্ৰাৰ্থী আৰু ভোটাৰৰ সংখ্যা ১০ জন (সুবিধাৰ বাবে)। প্লুৰেলিটি ভোটিং মতে ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীকে ভোট দিব পাৰে। প্ৰথমখন তালিকাত দেখুওৱা হৈছে।
কিন্তু এনেকুৱাও হ’ব পাৰে যে যি তিনিজন ভোটাৰে (তলিকাখনত প্ৰথম শাৰীত) ক নামৰ প্ৰাৰ্থীজনক ভোট দিছে, তেওঁলোকৰ বাবে গ নামৰ প্ৰাৰ্থীজনো সমানে প্ৰিয় হ’ব পাৰে! এপ্ৰুভেল ভোটিং পদ্ধতি মতে ভোটাৰে এজন বা একাধিক প্ৰাৰ্থীক অনুমোদন কৰিব পাৰে। গতিকে তেওঁলোকে দ্বিতীয় তালিকাখনত দিয়া দৰে অনুমোদন কৰিছে।
ভোটাৰ —— প্ৰাৰ্থী
৩ জনে —— ক
৪ জনে —— খ
৩ জনে —— গ
ভোটাৰ —— প্ৰাৰ্থী
৩ জনে —— ক, গ
৪ জনে —— খ
৩ জনে —— গ
এতিয়া যদি আমি প্লুৰেলিটি ভোটিং পদ্ধতিৰ সহায়ত চাওঁ তেন্তে খ নামৰ প্ৰাৰ্থীজনে আটাইতকৈ বেছি ভোট লাভ কৰিছে, আৰু সেয়েহে তেওঁ নিৰ্বাচনত জয়ী হ’ব। কিন্তু ভালদৰে চালে দেখা যায় যে খ নামৰ প্ৰাৰ্থীজন প্ৰথম স্থানলৈ আহিছে কেৱল অন্য দুজন প্ৰাৰ্থীৰ মাজত বাকী ভোটসমূহ ভাগ হৈ যোৱা বাবেহে। আনহাতে খ নামৰ প্ৰাৰ্থীজনক পচন্দ কৰিছে মাথোঁ চল্লিছ শতাংশ ভোটাৰেহে।
কিন্তু এপ্ৰুভেল ভোটিং পদ্ধতিত ক-ই লাভ কৰিলে তিনিটা ভোট, খ-ই লাভ কৰিলে চাৰিটা, গ-ই লাভ কৰিলে ছটা। ফলত গ বিজয়ী হ’ল। আৰু তেওঁ হ’ল ষাঠি শতাংশ ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী।
আমাৰ দেশৰ নিৰ্বাচন আৰু ভোটদান পদ্ধতি
আমেৰিকাৰ দৰে আমাৰ দেশৰ আটাইবোৰ নিৰ্বাচনত ব্যৱহাৰ কৰা একমাত্ৰ ভোটদান পদ্ধতিটো হ’ল প্লুৰেলিটি ভোটিং পদ্ধতি। ইয়াৰ সীমাবদ্ধতা আৰু ইয়াৰ ফলত দেখা দিয়া ত্ৰুটিসমূহ আমেৰিকাৰ প্ৰেক্ষাপটত ইতিমধ্যে আলোচনা কৰা হৈছে আৰু এই আটাইবোৰ ত্ৰুটি আমাৰ দেশৰ নিৰ্বাচনত সততে দেখা পোৱা যায়। কেৱল ভোটদান পদ্ধতিৰ দুৰ্বলতাৰ দ্বাৰাই আমাৰ দেশতো বহু সময়ত এজন আদৰ্শ প্ৰাৰ্থী লাভ কৰাৰ পৰা সমাজ বঞ্চিত হয়। আমি এতিয়াও এটা আওপুৰণি ভোটদান পদ্ধতিৰ দ্বাৰাই আমাৰ নিৰ্বাচনসমূহ আয়োজন কৰি আছোঁ। আশা কৰা যায় যে আমেৰিকাৰ ফাৰ্গ’, চেণ্ট লুইছ আদি চহৰসমূহে পৃথিৱীৰ আন দেশসমূহক এই দিশত বাট দেখুৱাবলৈ সক্ষম হ’ব!