কেন্দ্ৰীয় নিবন্ধ

কৰ’না আৰু বিশ্বৰাজনীতি (মানস প্ৰতিম কলিতা)

২০১৯ চনৰ ডিচেম্বৰ মাহত চিনাক্ত হোৱা কৰ’না ভাইৰাছে প্ৰথমে চীনত আৰু পিছত গোটেই বিশ্বতে ধ্বংসলীলা চলোৱাৰ পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কে নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। ইতিমধ্যে ৰোগৰ লক্ষণ, সম্ভাব্য ঔষধৰ পৰীক্ষা-নিৰীক্ষাত বিশ্বৰ বিভিন্ন অণুজীৱবিদ, চিকিৎসা-গৱেষকসকল নিষ্ঠাসহকাৰে ব্ৰতী হৈছে। দেশে-বিদেশে হাজাৰ বিজাৰ স্বাস্থ্যকৰ্মী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মী, সুৰক্ষাকৰ্মীসকলে সংকটৰ এই মুহূৰ্তত নিজৰ জীৱনকো তুচ্ছ কৰি মানৱ-জাতিক এই ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অহোপুৰুষাৰ্থ কৰিছে। কৰ’না বৈশ্বিক মহামাৰীৰ সময়ত সামূহিক মানৱ-স্বাস্থ্যৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হৈছে সেয়া চিকিৎসা বিজ্ঞানৰ প্ৰতি এক নতুন প্ৰত্যাহ্বান। কিন্তু ইয়াৰ সমান্তৰালকৈ উদ্ভৱ হোৱা বিশ্বৰ ৰাজনৈতিক সংকট, ভূ-ৰাজনৈতিক শক্তিৰ কচৰৎ আৰু সাম্ৰাজ্যবাদৰ বিভিন্ন আহিলাৰ সংকটকালীন ৰূপান্তৰকো আমি সমানেই গুৰুত্ব দিব লাগিব। কৰ’নাৰ উৎপত্তি আৰু সংক্ৰমণ সম্পৰ্কে বিভিন্ন দেশৰ চৰকাৰৰ পৰস্পৰৰ প্ৰতি নিত্য নতুন অভিযোগ, প্ৰতি-অভিযোগে বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়ত এইবোৰৰ সম্ভাব্য অভিপ্ৰায়, তথ্য আৰু ইয়াৰ সমসাময়িক ৰাজনৈতিক গুৰুত্বও সমানে মনোযোগ দিবলগীয়া বিষয়। তথ্য-প্ৰযুক্তিৰ এই সোণালী যুগত মিডিয়া আৰু খবৰৰ গুপুত অভিপ্ৰায় সম্পৰ্কে সদায়ে সন্দেহৰ আঙুলি উঠি আহিছে। সেয়েহে কৰ’নাৰ সংহাৰৰৰ মাজতেই আমি নিজকে নিৰপেক্ষ স্থানত ৰাখিবলৈ হ’লে প্ৰত্যেকটো অভিযোগ চালি জাৰি চোৱা দৰকাৰ।

কৰ’নাৰ উৎপত্তিস্থল চীন দেশৰ উহান চহৰৰ এক মাংসৰ বজাৰ বুলি বহুলভাৱে কোৱা হৈছে যদিও অন্য বহুতে ই প্ৰথম বাদুলীৰ দেহৰ পৰা বনৰৌৰ মাধ্যমেৰে মানুহৰ গালৈ সংক্ৰমিত হোৱা বুলি ধাৰণা কৰিছে। অন্য একাংশৰ মতে ই হৈছে অণুজীৱ পৰীক্ষাগাৰৰ পৰা ভুলক্ৰমে (আৰু কিছুমানৰ মতে উদ্দেশ্যপ্ৰণোদিতভাৱে) হোৱা সংক্ৰমণ। মুঠতে এতিয়ালৈ কোনো এটা সুস্পষ্ট আৰু তথ্যনিৰ্ভৰ মতামত কোনেও আগ বঢ়াবলৈ সক্ষম হোৱা নাই, তেহেলৈ তেওঁলোক যিমান উচ্চ পৰ্যায়ৰ বিজ্ঞানীয়েই নহওক বা কিয়। পিছে চীন দেশত এইধৰণৰ ভাইৰাছৰ আক্ৰমণ খুব নতুন ঘটনা নহয়। এই ভাইৰাছৰ লগত বহু সাদৃশ্য থকা আন এক ভাইৰাছ গোষ্ঠীৰ সংক্ৰমণ চীনত ২০০২ চনতেই হৈছিল আৰু ইও প্ৰায় ত্ৰিশখন দেশৰ ৮০০০-মান মানুহক প্ৰত্যক্ষভাৱে আক্ৰান্ত কৰিছিল। ইয়াক SARS বুলি জনা যায়। এতিয়া কথা হ’ল, এই ভাইৰাছৰ উৎপত্তি সম্পৰ্কে যি এক ৰাজনৈতিক বিবাদ আৰম্ভ হৈছে, সিয়ে বিশ্ব-ৰাজনীতিৰ পট-পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে আৰু উদ্যোগ আৰু পুঁজিৰ বিনিয়োগ সম্পৰ্কে গভীৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছে। এমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু সহযোগী কেতবোৰ ইউৰোপীয় দেশে প্ৰত্যক্ষভাৱে চীনৰ চৰকাৰক দোষী সাব্যস্ত কৰিছে আৰু চীনৰ বৈৰী ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় স্তৰত চীনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ উদ্বাউল হৈ পৰা দেখা গৈছে। অভিযোগসমূহ এনেধৰণৰ, চীনৰ চৰকাৰে এই ভাইৰাছ পৰীক্ষাগাৰত নিৰ্মাণ কৰিছে, এই ভাইৰাছ সম্পৰ্কে বিশ্ববাসীক কোনোধৰণৰ আগতীয়া সতৰ্কীকৰণ নিদি চীন চৰকাৰে প্ৰকৃত সংক্ৰমণৰ সমস্ত তথ্য গাপ দিছে, ইয়াৰ দ্বাৰা চীনৰ চৰকাৰে বিশ্বৰ অৰ্থনীতিৰ লেকাম হাতত তুলি লোৱাৰ অভিসন্ধি কৰিছে। এই নেৰেটিভটোকেই বিভিন্ন সৰু বৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰি ফুৰিছে আৰু ইয়াৰ প্ৰতি-উত্তৰসমূহ খুব কৌশলেৰে এৰাই চলিছে। টিভি, ইণ্টাৰনেটত ট্ৰাম্পৰ ধমক, চীনৰ বিৰুদ্ধে বিভিন্ন দেশৰ প্ৰতিষ্ঠানৰ আইনী যুঁজৰ খবৰ জাউৰিয়ে জাউৰিয়ে পৰিবেশন কৰি থকা দেখা গৈছে। পিছে, প্ৰকৃততে এনে হৈছেনে? সংক্ৰমণৰ তথ্য আৰু ভাইৰাছৰ গতি প্ৰকৃতি গাপ দি ৰখা কথাটো সত্যনে? আমি ভাবোঁ, তথ্য-প্ৰযুক্তিৰ যুগত আমি নিজৰ হাতত থকা উপকৰণসমূহেৰে এই খবৰবোৰ চালি জাৰি চোৱা ভাল, নহ’লে পক্ষাৱলম্বনত আমাৰ গুৰুতৰ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে।

প্ৰথমে আমি নাম লম, বিশ্বৰ এখন মুধাফুটা বিজ্ঞান পত্ৰিকা Nature-ৰ। ব্ৰিটেইনৰ পৰা ১৮৬৯ চনৰে পৰাই প্ৰকাশিত হৈ থকা এই পত্ৰিকাত প্ৰকাশিত গৱেষণাপত্ৰ বা তথ্য বিশ্বৰ যিকোনো স্তৰৰ বিজ্ঞানীমহলত তৰ্কাতীতভাৱে সত্যনিষ্ঠ আৰু যুক্তিনিৰ্ভৰ বুলি ধৰা হয়। এই পত্ৰিকা আজিও বিশ্বৰ চিকিৎসা-গৱেষণাৰ ক্ষেত্ৰত অবিসম্বাদীৰূপত এক স্বতন্ত্ৰ প্রহৰী হিচাপে নিজৰ স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। এই পত্রিকাত ১৭ মাৰ্চ, ২০২০ চনত ক্ৰিষ্টিয়ান এণ্ডাৰ্ছন, এন্দ্ৰিউ ৰেমবাউতসহ মুঠ পাঁচগৰাকী গৱেষকৰ The proximal origin of SARS- Cov-2 নামৰ এক গৱেষণা পত্ৰ প্ৰকাশ হয় য’ত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰে এইবুলি, “since we observed all notable SARS cov 2 features including the optimized RBD and Polybasic cleavage cite in related corona viruses in nature. We don’t believe that any type of laboratory based scenario is plausible”। থুলমুলকৈ এই পাঁচগৰাকী গৱেষকে তেওঁলোকৰ বিস্তৰ অনুসন্ধানৰ অন্তত পৰীক্ষাগাৰত এই ভাইৰাছ নিৰ্মাণ কৰাটো সম্ভৱ নহয় বুলি কৈছে। অভিযোগৰ প্ৰতি-উত্তৰ হিচাপে ইউৰোপৰ মধ্যমণি ব্ৰিটেইনৰ পৰা প্ৰকাশিত জাৰ্নেলৰ এই গৱেষণাপত্ৰৰ কোনোধৰণৰ প্ৰসংগ মুখ্যশাৰীৰ নিউজ চেনেল অথবা সংবাদপত্ৰত প্ৰকাশ নাপালে। ইয়াৰ উপৰিও আন এখন আগশাৰীৰ বিজ্ঞান পত্ৰিকা Science-তো ভাইৰাছটোৰ পৰীক্ষাগাৰত কৃত্ৰিম উৎপত্তিৰ ধাৰণাক নস্যাৎ কৰা হয়। এই অভিযোগৰ আন এটা দিশ হৈছে ভাইৰাছৰ লক্ষণ আৰু সংক্ৰমণ সম্পৰ্কীয় তথ্য-পাতি  চীনৰ চৰকাৰে হেনো গাপ দিছিল আৰু যাৱতীয় সতৰ্কীকৰণৰ ক্ষেত্ৰত চীন চৰকাৰে জানি বুজি বিলম্ব কৰিছিল। এইক্ষেত্ৰত চলিত বৰ্ষৰ 8 জানুৱাৰী তাৰিখত চীনৰ সংবাদ পত্ৰ “People’s Daily“-ত নতুন ভাইৰাছৰ উপস্থিতি সম্পৰ্কে বিস্তৃত ৰূপত বাতৰি প্ৰকাশ পায়। ১৯ জানুৱাৰীৰ পৰা উহান চহৰত লকডাউন আৰম্ভ কৰা হয়। ইয়াৰ মাজতে বিশ্বৰ অন্য এখন লেখত ল’বলগীয়া, সৰ্বস্তৰতেই সমাদৃত মেডিকেল জাৰ্নেল The Lancet-ত (ব্ৰিটেইনৰ পৰা প্ৰকাশিত অন্য এখন পত্ৰিকা) চ্চেঙ ৱাং আৰু অন্য তিনিজন গৱেষকৰ এখন গৱেষণাপত্ৰ প্ৰকাশ পায় য’ত এই ভাইৰাছ আৰু তাৰ সংক্ৰমণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃত ৰূপত এক প্ৰতিবেদন পোহৰলৈ আহে। অকল এই দুখন পত্রিকাই নহয়, ইয়াৰ সমসাময়িকভাবে New England Medical Journal-তো একাধিক চীনা গৱেষকে “A Novel Corona virus from Patients with Pneumonia in China, 2019” শিৰোনামেৰে এখন গৱেষণাপত্ৰ প্ৰকাশ কৰে য’ত ভাইৰাছটোৰ গতি-বিধি, Mutation আৰু তেতিয়ালৈ হোৱা অগ্ৰগতি সম্পৰ্কে বৃহৎ পৰিসৰত প্ৰতিবেদন দাখিল কৰা হয়। চীন দেশৰ চৰকাৰে এই সংক্ৰমণ সম্পৰ্কীয় তথ্য-পাতি গাপ দি ৰখাৰ অভিযোগৰ বৰষুণৰ মাজতে ব্ৰিটেইনৰ আগশাৰীৰ সংবাদ পত্ৰ The Guardian-ত এটা কৌতূহলোদ্দীপক প্ৰবন্ধ প্ৰকাশ পায়। প্ৰবন্ধকাৰজন হৈছে The Lancet বিজ্ঞান-পত্ৰিকাৰ সম্পাদক ৰিচাৰ্ড হাৰ্টন। তেওঁ কয়, “I want to be on the record and thank my friends and colleagues who work in medicine and medical science in China for what they have done. As I have said, I think we owe them a great deal, they don’t deserve criticism, they deserve our gratitude.” থুলমুলকৈ সাৰাংশ, “আমি চীনৰ গৱেষক, চিকিৎসকক ধন্যবাদ জ্ঞাপন কৰা উচিত, তেওঁলোকৰ সময়োচিত সতৰ্কীকৰণৰ বাবে আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ।”

প্ৰশ্ন উঠে এইসমূহ গৱেষণা-পত্ৰ  বিশ্বৰ আগশাৰীৰ বিজ্ঞান-পত্ৰিকাত প্ৰকাশিত হোৱাৰ পিছতো সকলো ক্ষেত্ৰত আগবঢ়া ইউৰোপীয় দেশসমূহৰ প্ৰায়ভাগেই তৎকালীন আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকিল কিয়? আটাইতকৈ বেছি আক্ৰাম্ত হোৱা দেশসমূহৰ ব্যৱস্থাপনাৰ কেৰোণসমূহ এতিয়ালৈ কোনেও পোহৰলৈ আনিবলৈ বিশেষ চেষ্টা কৰা নাই। ভাইৰাছটোৰ প্ৰথমটো মাধমাৰ পৰা ইটালীত কোভিড-১৯ ধৰা পৰে এই বছৰৰ ৩১ জানুৱাৰীত। পৃথিৱীৰ পৰ্যটনৰ অন্যতম প্ৰাণকেন্দ্ৰ ইটালীলৈ প্ৰতিবছৰে লক্ষ লক্ষ পৰ্যটক আহে আৰু এইবেলিও খ্ৰীষ্টমাছৰ পিছৰ পৰা জানুৱাৰী মাহলৈ পৰ্যটকৰ ভিৰ হয়। তাতোকৈ ডাঙৰ কথা যে চীনৰ সৈতে ব্যৱসায়িক সম্পৰ্কত আটাইতকৈ বেছি যোগাযোগ ৰখা ইউৰোপীয় দেশখনেই হৈছে ইটালী। এনেকি, যোৱা বছৰত ইটালী আৰু চীনৰ বিমান সেৱাৰ সংযোগ তিনিগুনলৈ বৃদ্ধি পায় আৰু পৰ্যটন উদ্যোগক লাভৱান্বিত কৰাৰ স্বাৰ্থত চীন আৰু ইটালীৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। চীনৰ প্ৰায়ভাগ পৰ্যটকৰ মাজত ইটালী প্ৰথম পছন্দ হিচাপে জানুৱাৰী আৰু ডিচেম্বৰ মাহত যথেষ্ট পৰ্যটক ইটালীলৈ আহে আৰু ইয়াৰ দ্বাৰা বহুল পৰিমাণে সংক্ৰমণ হয়। জানুৱাৰীত প্ৰথমটো কোভিড ১৯ সংক্ৰমণ ধৰা পৰাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিলৰ ক্ষেত্ৰত হেমাহি আৰু পৰ্যটনস্থলীসমূহত কোনোধৰণৰ যাৱতীয় বাধ্যবাধকতাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ইটালিত ধ্বংসলীলাই সীমা চেৰাই যায়। এইক্ষেত্রত এখন ব্যতিক্ৰমী দেশৰ প্ৰসংগ উল্লেখ কৰাটো অত্যন্ত প্ৰয়োজনীয়। দেশখন হৈছে টাইৱান। চকু-কাণ খোলা ৰাখি সামান্য বুদ্ধিমত্তা প্ৰয়োগ কৰিলেই যে মহাবিপদৰ পৰা হাত সাৰি থাকিব পৰা যায়, টাইৱানেই তাৰ উত্তম উদাহৰণ। ডিচেম্বৰৰ শেষভাগত চীনৰ উহান চহৰত অচিন ভাইৰাছৰ সংক্ৰমণৰ কথা শুনাৰ লগে লগেই চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা টাইৱান চৰকাৰে দ্ৰুত হাৰত টেষ্টিং আৰম্ভ কৰে আৰু ফেব্ৰুৱাৰীৰ পৰা চীনৰ সৈতে থকা সমস্ত বিমান সেৱা বাতিল কৰে। এতিয়ালৈ টাইৱানৰ সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা মাত্ৰ ৪৪১-জন। সীমামূৰীয়া ৰাষ্ট্ৰ হিচাপে সকলো খবৰ ৰাখি সঠিক সময়ত গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে টাইৱানত কৰ’না-ধুমুহাই সামান্যতমো ক্ষতি কৰিব নোৱাৰিলে, ইফালে ১৩ মাৰ্চলৈকে গা নলৰা আন এখন চুবুৰীয়া দেশ ভাৰতত লকডাউনৰ ফলত হোৱা শ্ৰমিকৰ বিলাই-বিপত্তি আৰু তৎসত্বেও ঘটা আকাশলংঘী সংক্ৰমণৰ ফলত সমুদায় নাগৰিকে চকুৰে সৰিয়হ ফুল দেখাৰ উপক্ৰম হৈছে। ইয়াৰ পিছতেই এমেৰিকাত আৰম্ভ হয় এই মহামাৰীৰ প্ৰকোপ। ইটালিতকৈও চৰম অসাৱধান ট্ৰাম্প চৰকাৰৰ অকৰ্মণ্যতাৰ ফলস্বৰূপে এমেৰিকাত আজিকোপতি প্ৰায় একলাখ লোকৰ মৃত্যু ঘটিছে। পিছে ট্ৰাম্পে অইনক দোষী সাব্যস্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ মুহূৰ্ততে কেইটামান আচৰিতধৰণৰ ঘটনা পোহৰলৈ আহিছে। সেয়া হল, পোনপ্ৰথমে ইয়াক সাধাৰণ পানী লগা জ্বৰ বুলি তাচ্ছিল্য কৰা ট্ৰাম্পক তেওঁৰ বাণিজ্য উপদেষ্টা পিটাৰ নেৱাৰোৱে কৰ’না প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ বাৰম্বাৰ অনুৰোধ কৰিছিল। ইয়াৰ বাবে হোৱাইট হাউছে দুখন মেমো লাভ কৰে। প্ৰথমখন মেমো নেৱাৰোৱে পঠাছিল চলিত বৰ্ষৰ জানুৱাৰীত, আৰু দ্বিতীয় খন ফেব্ৰুৱাৰীত।  প্ৰথমখন মেমো প্ৰেৰণ কৰা হৈছিল এমেৰিকাৰ National Security Council-লৈ, যত তেওঁ লক্ষাধিক জীৱন আৰু ত্ৰিলিয়ন ডলাৰৰ ক্ষতিৰ শংকা ব্যক্ত কৰে (উৎস, নিউয়ৰ্ক টাইমছ)। পিছে ইমান গুৰুতৰ বিপদৰ কথাৰ আগতীয়া সাৱধানবাণী পায়ো ট্ৰাম্প চৰকাৰে একো তৎকালীন পদক্ষেপ কিয় নললে? ইয়াৰ কাৰণ কেইবাটাও। প্ৰথমটো অৰ্থনৈতিক। নেৱাৰোৱে জানুৱাৰী ফেব্ৰুৱাৰী মাহত চীনৰ পৰা সকলো বিমান বাতিলৰ এক সদুপদেশ দিয়া সত্বেও Council of Economic Advisers-এ অনুভৱ কৰে যে ইয়াৰ ফলত এমেৰিকাৰ প্ৰতি মাহত প্ৰায় ২.৯ বিলিয়ন ডলাৰৰ লোকচান হ’ব। নেৱাৰোৱে আৰু কৈছিল যে এই ভাইৰাছৰ সংক্ৰমণ প্ৰচুৰ হাৰত বিয়পিব লাগিলে প্ৰায় ৫.৯ ত্ৰিলিয়ন ডলাৰৰ লগতে প্ৰায় পাঁচ লাখ এমেৰিকান নাগৰিকৰ জীৱন বিপদাপন্ন হোৱাৰ পুৰা মাত্ৰেই সম্ভাৱনা আছে। পিছে লাভখোৰ বণিক গোষ্ঠীৰ দ্বাৰা পৰিবেষ্টিত ট্ৰাম্প প্ৰশাসনে ২.৯ বিলিয়ন ডলাৰৰ সম্ভাব্য ক্ষতিকহে গুৰুত্ব দিলে আৰু তাৰ ফলত আজিলৈ প্ৰায় একলাখ লোকৰ মৃত্যু আৰু ষোল্ল লাখ এমেৰিকান আক্ৰান্ত হ’ল। দ্বিতীয় কাৰণ হৈছে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচন। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ট্ৰাম্পৰ ভাৰত ভ্ৰমণ বিনা স্বাৰ্থৰ দেশ ভ্ৰমণ আৰু মোদী চৰকাৰৰ বন্ধুত্বসুলভ আপ্যায়ন লাভ কৰিবৰ বাবে নাছিল। এমেৰিকাক সম্ভাব্য বিপদৰ সন্মুখত পেলাই থৈ মোটেৰা ষ্টেডিয়ামত গুজৰাটীলোকক সম্ভাষণ জনোৱাৰ মূলতে আছিল আগন্তুক নিৰ্বাচনত প্ৰবাসী ভাৰতীয়ৰ (প্ৰায়ভাগেই গুজৰাটী) ভোট লাভৰ অংক। আনকি, লকডাউনৰ নিচিনা গুৰুতৰ পদক্ষেপ লোৱাৰ পৰা এমেৰিকা এইবাবেই বিৰত আছিল কাৰণ ২০০৮ চনৰ মন্দাৱস্থাৰ পৰা আজিও পৰিত্ৰাণ নোপোৱা এমেৰিকাৰ বৰ্ধিত হাৰৰ নিবনুৱা আৰু নিৰাপত্তাহীন অস্থায়ী কামত নিয়োজিত এক বিপুল পৰিমাণৰ জনসাধাৰণৰ ওপৰত ই মাধমাৰ শোধাব আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহত হ’ব লগা নিৰ্বাচনত ই একমাত্ৰ কাৰক হিচাপে পৰিগণিত হব। বেপাৰী ট্ৰাম্পে সেয়েহে পিছলৈ লকডাউন অমান্যকাৰীক প্ৰকাৰান্তৰে উৎসাহিত কৰা দেখা গল। ট্ৰাম্পৰ প্ৰশাসনযন্ত্ৰ ইমানেই বেপেৰুৱা, যে ইটালী আৰু চীনত হাজাৰ লোকৰ মৃত্যুৰ খবৰে পৃথিৱী কঁপাই যোৱাৰ পিছতো ইউৰোপীয় ভ্ৰমণকাৰী ওপৰত ট্ৰাম্প প্ৰশাসনে কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ নকৰিলে। ইমানবোৰ গৱেষণাপত্ৰৰ উপৰিও বাণিজ্য উপদেষ্টাৰ মতামত উপেক্ষা কৰাৰ ফলত ফেব্ৰুৱাৰীত প্ৰায় ৭০০০০ ভ্ৰমণকাৰী চীনৰ পৰা, ১৩৯৩০৫ জন ভ্ৰমণকাৰী ইটালীৰ পৰা আৰু ১.৭৪ মিলিয়ন লোক Schengen Country-ৰ পৰা এমেৰিকাত আহি উপস্থিত হয়। মাৰ্চ মাহলৈকে প্ৰায় ৮৬০০০০ মানুহ গোটেই ইউৰোপৰ পৰা এমেৰিকালৈ আহে।

এইখিনিতে সচেতন ব্যক্তিৰ মনত এটা কৌতুহল জাগিব পাৰে যে যদি ইমানবোৰ গবেষণাপত্ৰ প্ৰকাশ হৈছিলেই, তেন্তে এমেৰিকাৰ গুপ্তচৰ সংস্থাসমূহ শুই আছিল নেকি? পিছে উত্তৰটো ইতিবাচক বুলি মানিবলৈ টান। মধ্যপ্ৰাচ্যত একছত্ৰী শাসনৰ পৰা জনগণক মুক্ত কৰাৰ নামত তেলখাদ হস্তগত কৰা, ৯/১১-ৰ মুখ্য অভিযুক্তক বিছ বছৰ ধৰি বিচাৰি হাজাৰ মাইল দূৰলৈ গৈ অন্য দেশত সন্তৰ্পনে প্ৰৱেশ কৰি এঘণ্টাৰ ভিতৰত হত্যা কৰি নিজৰ দেশলৈ ঘূৰাই অনা গুপ্তচৰ সংস্থা ইমান বুৰ্বক হব নোৱাৰে। এটা ফালৰ পৰা চালে এনে লাগে যেন হোৱাইট হাউছে এইবোৰ ঘটিবলৈ এৰি দিছিল। যিহেতু মুখ্যতঃ ট্ৰাম্পেই চীনৰ প্ৰতি অভিযোগৰ আঙুলি টোৱাই ৰাখিছিল, সেয়েহে এনে অভিযোগৰ গভীৰ বিশ্লেষণ কৰাটো জৰুৰী। খোদ এমেৰিকাৰ স্বনামধন্য বুদ্ধিজীৱী, ভাষা বৈজ্ঞানিক, পলিটিকেল থিংকাৰ আৰু জীৱন্ত কিংবদন্তী নোৱাম চমস্কিক অলপতে হোৱা এক সাক্ষাৎকাৰত সোধা হৈছিল, যে কিয় বিশ্বৰ মহাশক্তিধৰ, ধনী দেশ এখনে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰিলে? এয়া নেতৃত্বৰ বিফলতা নে ব্যৱস্থাপনা যন্ত্ৰৰ ত্ৰুটি? ইমানৰ পিছতো ট্ৰাম্পৰ জনপ্ৰিয়তা বঢ়াৰ কাৰণ কি আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কি হব? উত্তৰত তেখেতে কয় যে কৰ’না ভাইৰাছৰ উৎপত্তি আৰু প্ৰাদুৰ্ভাৱ মুঠেও অভূতপূৰ্ব আৰু আকস্মিক নহয়, বৰঞ্চ ২০০৩ চনৰ SARS মহামাৰীৰ পিছত এই ভাইৰাছৰ অন্য এক ৰূপত সংক্ৰমণ হোৱাৰ আশংকা কেতিয়াবাই ব্যক্ত কৰা হৈছিল। বিয়াগোম ফাৰ্মা কম্পেনী আৰু নব্য উদাৰবাদী ব্যৱস্থাৰ কেৰোণৰ বাবে ই গুৰুত্বহীন হৈ থাকিল। চীন চৰকাৰে খুব সতৰ্কতাৰে এই ভাইৰাছৰ সংক্ৰমণ, লক্ষণ আৰু জিনসমূহৰ চিকুৱেনছিং পৰীক্ষা কৰি ১০ জানুৱাৰীত গোটেই পৃথিৱীক সতৰ্ক কৰি দিছিল। পিছে এমেৰিকাত ট্ৰাম্প চৰকাৰে CDC (Centre for Disease Control) লৈ দিয়া সাহায্য পুঁজি কৰ্তন কৰি গোটেই ব্যৱস্থাটো অধিক জটিল কৰি তোলে। অৱশ্যে চমস্কিয়ে ট্ৰাম্পৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কীয় পূৰ্বানুমানৰ বিষয়ে কোনো স্পষ্ট মন্তব্য দিয়াৰ পৰা বিৰত থাকে (উৎস, দা ৱায়াৰ)। খোদ এমেৰিকাৰ বুদ্ধিজীৱীগৰাকীৰ এনে বক্তব্য কোনো আগশাৰীৰ কাকত-পত্ৰ, নিউজ চেনেলে এবাৰলৈও টেলিকাষ্ট নকৰিলে অথচ আচৰিত ধৰণে ট্ৰাম্পৰ ধমকি, চীনৰ বিৰুদ্ধে আইনী প্ৰক্রিয়াৰ বিক্ষিপ্ত খবৰ দিনটো নিউজ চেনেলসমূহত জাউৰিয়ে জাউৰিয়ে পৰিবেশন কৰিয়েই থকা দেখা গ’ল।

এইখিনিতে উল্লেখনীয় যে খুব কম সময়ৰ ভিতৰতেই কৰ’নাই পুঁজিনিৰ্ভৰ সমাজ-ব্যৱস্থা একোটাৰ কেতবোৰ কেৰোণ পষ্টমৰ্টেম কৰি উদঙাই দেখুৱালে। পুঁজিকেন্দ্ৰিক অৰ্থব্যৱস্থাৰ প্ৰকৃত স্বৰূপ পুঁজিৰ উৎপত্তি আৰু বিকাশৰ স্থানতেই উদঙাই দিয়াৰ বাবে বিয়াগোম বণিক গোষ্ঠীৰ এতিয়া সৰ্বত্ৰ বিপদঘণ্টা বাজিছে। ইউৰোপীয় সংঘৰ আটাইতকৈ ভাল চিকিৎসা ব্যৱস্থা থকা বুলি দাবী কৰা ইটালীৰ প্রকৃত স্বাস্থ্যসেৱাৰ স্বৰূপ উদঙাবলৈ কৰ’নাক মাত্ৰ এমাহ সময় লাগিল। প্ৰথমে মেডিকেলৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি আৰু পিছলৈ অসহায় হৈ পৰা ব্যৱস্থাপনাক লৈ হোৱা স্বাস্থ্যকৰ্মীৰ অসন্তুষ্টিয়ে চৰম সীমা পায়গৈ। এমেৰিকাৰ কথাটো ক’বই নালাগে। বীমানিৰ্ভৰ ব্যয়বহুল চিকিৎসাসেৱাৰ দলাদলিত এমেৰিকান মধ্যবিত্ত এতিয়া সর্বস্বান্ত আৰু বিধ্বস্ত। The Lancet Oncology, 9(3),221- 231 ৰ প্ৰতিবেদন মতে বছৰি ৪৫০০০-ৰো অধিক এমেৰিকানৰ মৃত্যু এইবাবেই হয় যে তেওঁলোক কোনো ব্যক্তিগত বীমা আঁচনিৰ অন্তৰ্ভুক্ত নহয়। এনেবোৰ বিপর্যয় ঢাকিবলৈ বণিক গোষ্ঠীক প্ৰয়োজন হয় একোটা শত্ৰুৰ, একোখন ঢালৰ, যালৈ আঙুলিয়াই পুঁজিৰ বিতৰণৰ সমস্ত বিসংগতিৰ সম্ভাব্য প্ৰশ্নসমূহ ঢাকিব পৰা যায়। এমেৰিকাত এতিয়া সচেতন ব্যক্তিৰ মনত এটা প্ৰশ্ন উঠিবলৈ লৈছে, যে এবছৰত ত্ৰিলিয়ন ডলাৰ লাভ কৰিবলৈ সক্ষম হোৱা বিয়াগোম কৰ্পৰেটৰ মুখ্য বিষয়াসকলে লাভাংশৰে বিলাসী পেণ্টহাউচ, চাৰ্টাৰ্ড বিমান ক্ৰয় কৰি সঞ্চয়ৰ নামত ফুটাকড়িও নাৰাখি বিপর্যয়ৰ দিনত দুদিনতে দেউলীয়া হৈ চৰকাৰৰ পৰা বেইল আউট পেকেজ বিচাৰে, যিটো পিছলৈ জনসাধাৰণৰ কৰৰ টকাৰে নিষ্পত্তি কৰা হয়। এইক্ষেত্ৰত চৰকাৰে এই কৰ্পৰেটগোষ্ঠীক বাধ্যতামূলকভাৱে লাভৰ এক নিৰ্দিষ্ট অংশ সঞ্চয় কৰিবলৈ কিয় বাধ্য কৰিব নোৱাৰে? কোৱা বাহুল্য যে সকলো দেশতে এই ব্যৱস্থা চলমান, কি এমেৰিকা, কি ভাৰত, কি নেপাল! আচলতে সাধাৰণ জনতাৰ অৰ্থনৈতিক বিপর্যয় লাভখোৰ বণিক গোষ্ঠীৰ বাবে সুদিন, কাৰণ অৰ্থনীতিৰ পুনৰজীৱিতকৰণৰ নামত জনতাৰ কৰৰ টকা অতিৰিক্তভাৱে নিজৰ ব্যক্তিগত ব্যৱসায় যোগে উদৰস্থ কৰিবলৈ নিশ্চিত সুযোগ পোৱা যায়। গতিকে এনেধৰণৰ ব্যৱহাৰিক প্ৰশ্নৰ পৰা হাত সাৰিবলৈ ৰাতিৰ ভিতৰত সৃষ্টি কৰি লোৱা হয় শত্ৰুৰ। কৰ’নাৰ সময়ত এমেৰিকান আৰু ইউৰোপীয় বণিক গোষ্ঠীৰ বাবে চীন দেশেই হৈ পৰিল এই শত্ৰু। বিশ্ব-ৰাজনীতিৰ পট-পৰিৱৰ্তনৰ বিষয়ে আৰম্ভণিতে উল্লেখ কৰা হৈছিল আৰু এতিয়া আমি কৰ’নাৰ সংক্ৰান্তত এই কথা আলচিম। উপৰিউক্ত গৱেষণাপত্ৰ, বিভিন্ন ব্যক্তিৰ নিৰপেক্ষ সাক্ষাৎকাৰ শুনাৰ পিছত এই কথা প্ৰায় প্ৰতীয়মান যে চীনদেশৰ প্ৰতি যিবোৰ অভিযোগ দিয়া হল, তাৰ অধিকাংশই জীয়া ফাঁকি। পিছে, চীনক জগৰীয়া কৰাৰ মুখ্য কাৰণৰ প্ৰেক্ষাপট অলপ বেছিয়েই বহল আৰু ঐতিহাসিক। ইয়াৰ বাবে চীনৰ উত্থানৰ কেতবোৰ দিশত এবাৰ উভতি দৃষ্টিপাত কৰাৰ দৰকাৰ। উল্লেখ্য যে যোৱা ত্ৰিশ বছৰৰো অধিক কাল ধৰি এমেৰিকান প্ৰপাগাণ্ডা মেচিনেৰীৰ বিভিন্ন উপকৰণ যেনে বোলছবি, নিউজ চেনেল, বৌদ্ধিক তৰ্ক-বিতৰ্কৰ সহায়েৰে এমেৰিকাই চীনক সদায়েই আক্ৰমণৰ লক্ষ্য কৰি আহিছে। ইয়াৰে মূল আখেজ হল, সৌ সিদিনা স্বাধীনতা লাভ কৰা ৰঙা চীনৰ আকস্মিক আৰু অভূতপূৰ্ব উত্থান। ভাৰতৰ প্ৰায় সমসাময়িক ভাৱে স্বাধীনতা লাভ কৰা চীন সৌ সিদিনালৈ জাপানৰ বহতীয়া হৈ আছিল কিন্তু মাও ছে তুঙৰ সবল নেতৃত্বত কানি খাই মাটিত বাগৰি থকা চীনৰ জনসাধাৰণ মূৰ দাঙি থিয় হবলৈ সক্ষম হৈ উঠিল। সমাজতান্ত্ৰিক আদৰ্শক সাৰোগত কৰি আগ বঢ়া ৰঙা চীনক লৈ বিভিন্ন ৰাজনৈতিক মহলত সেই সময়ত ভিন্ন মতামতৰ সৃষ্টি হয়। মাওৰ নেতৃত্বত ঘটা কেতবোৰ সাময়িক ত্ৰুটি বিচ্যুতিৰ অতিৰঞ্জিত বৰ্ণনাৰ সহায়ত তিলটোকে তাল কৰি বিভিন্ন সাম্রাজ্যবাদী শক্তি তৎপৰ হৈ উঠিল। ইয়াৰ পিছত চীনত আৰম্ভ হ’ল ভূমি আৰু কৃষিৰ আমূল সংস্কাৰ আৰু ইয়াৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা হ’ল দ্ৰুত উদ্যোগীকৰণ। খুব কম দিনৰ ভিতৰতেই চীন আত্মনিৰ্ভৰশীল হৈ উঠিল আৰু নকলেও হ’ব যে যিকোনো আত্মনিৰ্ভৰশীল দেশ মাত্ৰেই সাম্ৰাজ্যবাদীৰ চকুৰ কূটা দাঁতৰ শাল। চীনৰ বৃহৎ জনসংখ্যাৰ এখন প্ৰচুৰ সম্ভাৱনাময় বজাৰ হেৰুৱাই ইতিমধ্যে বৃহৎ বণিক গোষ্ঠী ক্ৰোধান্বিত হৈ পৰিল। মাওৰ নেতৃত্বত ঠন ধৰি উঠা কৃষি আৰু উদ্যোগৰ আন্তঃগাঁথনিৰ ওপৰত ভিত্তি কৰি ১৯৭৮ চনৰ পৰা ডেং জিয়াও পিঙৰ নেতৃত্বত আৰম্ভ হল অৰ্থনৈতিক সংস্কাৰ। পুঁজিৰ বিকাশৰ উদ্দেশ্যে হাতত লোৱা এই সংস্কাৰে সমাজতান্ত্ৰিক লক্ষ্যৰ পৰা বিচ্যুত হৈ ক্ৰমে পুঁজিবাদী অৰ্থনীতিৰ চৰিত্ৰ আহৰণ কৰিবলৈ ললে। কিন্তু আচল বিপদ আহিবলৈ এতিয়াও বাকী আছিল। গোটেই পৃথিৱী জুৰি তেতিয়া মুক্ত বজাৰ অৰ্থনীতিৰ জয়জয়কাৰ, আৰু ইয়াৰেই আলম লৈ বিশ্বায়নৰ ধাৰণা লৈ আহিল বৃহৎ বণিকগোষ্ঠী। লক্ষ্য আছিল পৃথিৱীৰ সৰু বৰ সমস্ত বজাৰ দখলৰ। এই আপাহতে চীনেও এই প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ পৰিল। মূল খেলখন আৰম্ভ হ’ল ইয়াৰ পৰা। মুক্ত বজাৰ অৰ্থনীতিৰ নিয়ম অনুসৰি এখন দেশে নিজৰ পণ্য আন দেশত বিক্ৰী কৰিব পাৰে। গোটেই পৃথিৱীৰ সৰু বৰ দেশ আৰু ইউৰোপৰ বজাৰ চীনা সামগ্ৰীৰে ভৰি পৰিল। উন্নত দেশত শ্ৰমমূল্য বেছি। কিন্তু চীনৰ বিপুলায়তন জনসাধাৰণৰ ক্ষেত্ৰত হোৱা সস্তা শ্ৰমমূল্যৰ বাবে উক্ত পণ্যসমূহ ইউৰোপত নিৰ্মিত পণ্যসমূহতকৈ কম দৰত উপভোক্তাৰ হাতলৈ যাবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে চীনা সামগ্ৰীৰ বিক্ৰী উৰ্ধগামী হ’বলৈ ধৰিলে। সাম্ৰাজ্যবাদে নিজে পতা জালত নিজেই ভালকৈ বন্দী হৈ পৰিল। খুব কম সময়ৰ ভিতৰতে ৰপ্তানি শৃংখলৰ সিংহভাগ চীনৰ দখললৈ আহিল আৰু ই সমসাময়িক বৃহৎ পুঁজিৰ বাবে অলংঘনীয় প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে। আনহে নালাগে ইউৰোপীয় বজাৰৰ উপৰিও চীনে অন্য এখন প্ৰচুৰ সম্ভাৱনাময় বজাৰ, ভাৰতৰ বজাৰ দখল কৰিবলৈ উদ্যত হ’ল। ইউৰোপীয় পুঁজি অধিক আতংকিত হৈ পৰিল আৰু ইয়াৰ সমান্তৰালকৈ চীনৰ বিৰুদ্ধে কুৎসা ৰটনা চলি থাকিল। উপায়হীন হৈ ইউৰোপীয় পুঁজিৰ লগতে বৃহৎ এমেৰিকান পুঁজিয়ে চীনৰ শৰণাপন্ন হৈ নিৰ্মাণখণ্ডত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰি দিলে। সস্তা শ্ৰমৰ সুবিধা লাভ কৰি বণিক গোষ্ঠী কিছুদিন লাভৱান্বিত হ’ল যদিও ইউৰোপ আৰু এমেৰিকাত ই আন এক সংকটৰ সৃষ্টি কৰিলে। এই সংকট আছিল উৰ্ধগামী নিবনুৱাৰ সংখ্যাৰ। এশ এবুৰি সমস্যাত পৰা এমেৰিকাই ত্ৰাহি মধুসূদন সুঁৱৰি আগতকৈও অধিক আগ্ৰাসী মনোভাৱেৰে মনেসজা কাহিনী আৰু মিথ্যাচাৰ নিজৰ পুঁজিৰ দ্বাৰা পৰিচালিত বিয়াগোম সংবাদ গোষ্ঠীৰ দ্বাৰা বিশ্বৰ চুকে কোনে বিয়পাই দিবলৈ আৰম্ভ কৰিলে (কোৱা বাহুল্য যে আজিকোপতি ভাৰতকে ধৰি বিশ্বৰ বৃহৎ সংবাদগোষ্ঠীৰ সংবাদত এমেৰিকান নেৰেটিভ আমাৰ চকুৰ সন্মুখত সতকাই দেখি থকাৰ ইয়েই নিভৃত কাৰণ)। চীনৰ এই বৃহৎ অৰ্থনৈতিক সাফল্যৰ কেতবোৰ উদাহৰণ-

১. এমেৰিকাৰ পিছতেই ১৩.৫ ত্ৰিলিয়ন ডলাৰৰ চীনৰ অৰ্থনীতি বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি।

২. ক্ৰয় ক্ষমতা অনুযায়ী, (Purchasing Power Parity) ২০১৪ চনৰ পৰাই চীন বৃত্ততম অৰ্থনীতি।

৩. ই বিশ্বৰ বৃহত্তম ৰপ্তানি উদ্যোগ আৰু দ্বিতীয় বৃহত্তম আমদানি উদ্যোগ।

৪. এমেৰিকাক নেওচি ই হৈ পৰিল বিশ্বৰ বৃহত্তম মেনুফেকছাৰাৰ।

৫. ই কমাৰ্চৰ ক্ষেত্ৰত চীনে অকলেই পৃথিৱীৰ মুঠ বজাৰৰ ৪০% অধিকাৰ কৰি আছে।

৬. ষ্টীল, এলুমিনিয়াম আৰু অটোমোবাইলৰ উৎপাদনত চীন বিশ্বৰ ভিতৰতে প্ৰথম স্থানত।

কৰ’নাৰ যোগেদি বিশ্বৰ বজাৰৰ লেকাম চীনে নিজ হাতত তুলি লোৱাৰ অভিপ্ৰায় থকা বুলি এমেৰিকান নেৰেটিভত বাৰম্বাৰ বিভিন্ন মাধ্যম যোগে ইংগিত দি থকা হৈছে যদিও, উপৰিউক্ত তথ্যসমূহৰ পৰা আমি গম পাওঁ যে চীনৰ অৰ্থনীতিয়ে কৰ’নাৰ অত্যাচাৰ আৰম্ভ হোৱাৰ আগতেই ভালেখিনি উচ্চস্থানত আৰোহণ কৰিছে। ওলোটাকৈ চালে এনে লাগে যেন কৰ’নাৰ গইনা লৈ ইউৰোপ আৰু এমেৰিকাৰ বৃহৎ বণিক গোষ্ঠীয়ে জনমত গঠন কৰি বিশ্বত চীনক শিৰ নত কৰোৱাবলৈ বিচাৰি আছে যাতে তেওঁলোকৰ হৃত বজাৰ পুনৰাই দখল কৰিবলৈ সুবিধা হয়। নহলেনো চীনৰ আন কি উন্নতি হ’বলৈ বাকী আছিল! যোৱা দুটা দশকত সমগ্ৰ বিশ্বক তধা লগাই দিয়াকৈ চীনদেশে প্ৰত্যেক ক্ষেত্ৰতেই চমকপ্ৰদ উন্নতি লাভ কৰিবলৈ সক্ষম হৈছে। সেয়েহে মাৰ্কিন সাম্ৰাজ্যবাদ শংকিত হৈ বোকা ছটিয়ৱাত নতুনকৈ আচৰিত হ’বলগীয়া একো নাই।

বাৎসল্যসুলভ তৰ্কৰে ক’ব পাৰি যে স্পেনিছ ফ্লুৰ সময়ত স্পেইনক জানোঁ মানুহে দোষাৰোপ কৰিছিল, বা H1N1 ফ্লু এমেৰিকাৰ পৰা বিয়পি পৰাত কোনোবাই জানো এমেৰিকালৈ আঙুলি টোৱাইছিল? এইডছৰ ক্ষেত্ৰতো জানোঁ এমেৰিকাক প্ৰত্যক্ষভাৱে কোনোবাই দোষাৰোপ কৰিছিল, য’ত আজিলৈ  প্ৰায় ৩২ মিলিয়ন মানুহৰ এইডছৰ বাবে মৃত্যু হৈছে!

যোৱা কেইবা দশকৰো অধিক কাল জুৰি থকা মাৰ্কিন সাম্ৰাজ্যবাদৰ ভিত্তিহীন ঘৃণনীয় কুৎসা ৰটনা আৰু কূটকৌশলৰ বৰ্ণনা দিবলৈ কাগজৰ অভাৱ ঘটিব। কৰ’না এক বৈশ্বিক মহামাৰী, মানৱ জাতিৰ বাবে সংকট। কিন্তু পুঁজি আৰু বজাৰে যেতিয়া আমাৰ মগজু নিয়ন্ত্ৰণ কৰিবলৈ লয় তেতিয়া যিকোনো কথাৰেই (তেহেলৈ বেমাৰেই নহওক কিয়), সকলো দিশ ফঁহিয়াই চোৱা দৰকাৰ। আশাৰ সোপানত বগাই থকা এই পৃথিৱী অচিৰেই কৰ’না মুক্ত হ’ব বুলি আমি বিশ্বাসী। মাত্ৰ এই সংকটৰ মুহূৰ্তত চকু-কাণ-মগজু টিভিৰ ওচৰত বন্ধকত নথৈ সূক্ষ্ম দৃষ্টিৰে সকলো কথা পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰাটোহে যুগুত হ’ব বুলি আমি ভাবোঁ।

Print Friendly, PDF & Email

One thought on “কৰ’না আৰু বিশ্বৰাজনীতি (মানস প্ৰতিম কলিতা)

Leave a Reply

Your email address will not be published. Required fields are marked *