“আমি” আৰু “সিহঁত”ৰ নিকৃষ্ট খেলখন প্রত্যাখান কৰিবৰ হ’ল (টুৱাৰাম দত্ত)
(১)
সৰৱ হৈ থকা, প্রাণৱন্ত হৈ থকা তেজ মঙহৰ মানুহ এজন হঠাতেই শৱদেহলৈ পৰিণত হৈ গ’ল। মাৰো বুলিয়েই মানুহ এজন মাৰি পেলোৱা হ’ল। ইমান নিকৰুণ! অথচ ইমান সহজ। এতিয়া যেন সকলো সম্ভৱ। হাতৰ তলুৱাৰ টিপাতে কীট-পতংগ মৰাদি জীৱন্ত তেজ-মঙহৰ মানুহ এজন মাৰি পেলোৱাটো এতিয়া আৰু অভাৱনীয়, অবিশ্বাস্য, অকল্পনীয় হৈ থকা নাই। চিনেমাৰ দৃশ্যৰ দৰে সহজ, সহনীয়, প্রতিক্রিয়াহীন দৃশ্য। খুব স্বাভাৱিকভাৱে, নিসংকোচে, মানুহ এজন হত্যা কৰি নিৰ্বিকাৰ হৈ থাকিব পৰাটো এতিয়া তেনেই সুলভ ঘটনা।
সামাজিক প্রাণী হিচাপে আমি এনে মৰ্মান্তিক নৃশংস হত্যাকাণ্ডৰ প্রতিবাদ কৰিছোঁ। গৰিহণা দিছোঁ। দোষীৰ কঠোৰতম শাস্তিৰ পোষকতা কৰিছোঁ। কিন্তু ক’ৰবাত যেন আমাৰ প্রতিবাদ, প্রতিক্রিয়াবোৰো স্বাৰ্থৰ ৰঙীন প্রলেপেৰে আচ্ছাদিত, ধূসৰিত। আমি হত্যাকাণ্ডৰ দৰে নিকৃষ্ট ঘটনাতো যেন সুযোগৰ আপেক্ষাত থাকোঁ। হত্যাকাৰী কোন ধৰ্মৰ? নিহতজন কোন ধৰ্মৰ? তেওঁলোকৰ সামাজিক স্থিতি কি? এইবিলাকৰ উত্তৰৰ মাজত নিৰ্ভৰ কৰে আমাৰ প্রতিবাদ, প্রতিক্রিয়াৰ সুৰ আৰু প্রাৱল্য।
হত্যাকাৰী হত্যাকাৰীয়েই। তাৰ এটাই মাথোঁ উত্তৰ হ’ব লাগে। কঠোৰৰ পৰা কঠোৰতম শাস্তি। তাৰ বাবে আইন আছে, ন্যায়ব্যৱস্থা আছে, আৰক্ষীবাহিনী আছে। যদি ক’ৰবাত এই ব্যৱস্থাসমূহে শিথিলতা প্রদৰ্শন কৰে, নমনীয়তা দেখুৱায়, তেতিয়া তাৰ তীব্র প্রতিবাদ হ’ব লাগে। ব্যৱস্থাতন্ত্রৰ ওপৰত কঠোৰ চাপ প্রয়োগ হ’ব লাগে।
কিন্তু কথাবিলাক আমাৰ স্বাৰ্থপৰতাৰ ৰঙীন বিতচকুযোৰেৰে চাব বিচাৰিলে আমি প্রতিটো ঘটনাই আমাৰ বিচৰা ৰংটোৰে ৰঙীন হৈ থকাই দেখিবলৈ পাম। ঘটনাবোৰ আমি বিচৰামতে সজাব বিচাৰিলে সি সেই ৰূপতেই আমাৰ দৃশ্যপটত ধৰা দিব। অলপতে সংঘটিত হাজোৰ সনাতন ডেকা বা ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডটোও আমাৰ এচামে তেওঁলোকৰ পছন্দৰ ৰঙটোৰ মাজেৰেই জুমি চাব বিচাৰিছে। আমাৰ ইয়াত আজিকালি এই প্রৱণতাটো তেনেই সাধাৰণ আৰু সহজ হৈ পৰিছে। আমাৰ সমস্যাটো হ’ল খুব সোনকালেই আমি দুটা পক্ষত বিভক্ত হৈ পৰোঁ। “আমি” আৰু “সিহঁত”। সেয়া সনাতন ডেকা বা ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডই হওক বা “নিজামুদ্দিন ফেৰত জামাতী-য়েই হওক। “আমি” আৰু “সিহঁত”-ৰ এই অপ্রয়োজনীয়, অবাঞ্ছিত, ভেদাভেদৰ খেলখন যেন ক্রমশঃ আমাৰ মজ্জাগত হৈ পৰিছে। আমাৰ আজিৰ সমাজনীতি, ৰাজনীতি অথবা অৰ্থনীতি এই খেলখনক কেন্দ্র কৰিয়েই যেন পৰিচালিত হৈছে। অনাগত ভৱিষ্যতত এই “আমি” আৰু “সিহঁত” আমাৰ বাবে এক কঠিন প্ৰত্যাহ্বানপূৰ্ণ অথচ এৰাব নোৱৰা বাস্তৱ হৈ পৰিব।
(২)
সমাজ এখন অস্থিৰ কিয় হয়? সমাজ এখন অস্থিৰ হৈ থাকিলে কাৰ লাভ হয়? নিশ্চিতভাৱে শাসকৰ, শোষকৰ। শাসকৰ অক্ষমতা, ব্যৰ্থতা যেতিয়া প্রজাৰ চকুত পৰিষ্কাৰ হৈ উঠে, পৰ্বতসম দুৰ্নীতি আৰু ক্ষমতাৰ বাঘজৰীৰে বলীয়ান শাসকৰ অহেতুক সিদ্ধান্ত, অনিয়ম-অনীতি যেতিয়া প্রজাৰ চকুত দৃষ্টিকটূভাৱে ধৰা পৰে তেতিয়া প্রজাগণক মোহাৱিষ্ট কৰি কণ্ঠহীন কৰি ৰাখিবলৈ প্রয়োজন হয় এক সুসজ্জিত কৌশলী সামাজিক অস্থিৰতাৰ। জনগণে যাতে বাস্তৱ পৃথিৱীৰ বাস্তৱ সমস্যাবিলাক পাহৰি থাকিব পাৰে, বাস্তৱ পৃথিৱীৰ যন্ত্রণাবিলাক সহজতেই আওকাণ কৰিব পাৰে, তাৰ বাবে এক সুচতুৰ কৌশলী অস্থিৰতাৰ সৰ্বদা প্রয়োজন— যি অস্থিৰতাত জনগণে প্রশ্ন কৰিবলৈ পাহৰি যায়, প্রতিবাদ কৰিবলৈ পাহৰি যায়। আৰু আমাৰ দেশত সামাজিক অস্থিৰতাৰ সৃষ্টিৰ বাবে “আমি” আৰু “সিহঁত”-ৰ খেলখন অতিশয় সহজ, সুলভ। এই খেলখনত শাসকে প্রত্যক্ষ বা পৰোক্ষভাৱে সদায়েই সাৰপানী যোগায়।
আমাৰ ভয় কৰিবলগীয়া শক্তিটো হ’ল প্রচুৰ প্রাণশক্তিৰ অধিকাৰী উন্মত্ত যুৱশক্তিটো। যদি কেতিয়াবা ক’ৰবাত প্রতিবাদ হ’ব পাৰে, শাসকৰ চকুত চকু থৈ যদি কেতিয়াবা প্রশ্ন উত্থাপন হ’ব পাৰে, তেনে সেয়া এই যুৱশক্তিটোৰ মাজৰ পৰাই হ’ব। গতিকে ক’ৰবাত তেওঁলোকৰ কায়িক বা মানসিক নিয়ন্ত্রণ যেন শাসনতন্ত্রৰ বাবে অপৰিহাৰ্য, চৰম বাধ্য-বাধকতা। তেওঁলোকৰ জ্ঞান, উৎসুকতা আৰু অন্বেষণৰ ক্ষেত্রখন যিমানেই সংকুচিত কৰিব পাৰি সিমানেই শাসক-শোষকৰ মংগল। তেওঁলোক হ’ব লাগিব চাবি দিয়া পুতলা। তেওঁলোকৰ কোনো নিজস্ব চিন্তা থাকিব নালাগিব। চিন্তাৰ পৰনিৰ্ভৰশীলতাৰ দ্বাৰা বাহ্যিকভাৱে সুঠাম হ’লেও ভিতৰি মানসিকভাৱে তেওঁলোক হ’ব লাগিব ৰুগ্ন, পংগু।
আজি আমাৰ উঠি অহা প্রজন্মটোৰ বাবে চকুৰ সন্মুখত এখন জলমলীয়া ৰঙীন পৃথিৱী। এখন ক্ষিপ্র গতিপ্রাপ্ত বিকশিত বিশাল পৃথিৱী। টিভিৰ বিজ্ঞাপনত, ইণ্টাৰনেটৰ জগতত সুযোগ আৰু সম্ভাৱনাৰ উন্নত এখন পৃথক সুন্দৰ পৃথিৱী। এই জলমলীয়া ৰঙীন পৃথিৱীত সকলো সুন্দৰ, আৰামদায়ক। আমি সকলো প্রতিনিয়ত ব্যস্ত হৈ পৰিছোঁ এই ৰংচঙীয়া পৃথিৱীৰ অন্বেষণত। এই ৰংচঙীয়া পৃথিৱীৰ ৰঙীন সপোনে আমাক প্রতিনিয়ত হাতবাউল দি মাতে। এখন সু-সজ্জিত ঘৰ, বিলাসী গাড়ী, এটা বাতানুকুল কোঠা। ইমানতেই যেন ইতি পৰে আমাৰ জ্ঞান, অন্বেষণৰ অন্তিম অধ্যায়ৰ। আমি তেনেকৈয়ে সাজু কৰিছোঁ উঠি অহা প্রজন্মটোক। আমাৰ সপোনৰ সুলভ, সহজ, ৰঙীন পৃথিৱীখন কিন্তু আমাক পূৰ্বপুৰুষে দি থৈ যোৱা কষ্ট আৰু ত্যাগৰ পৃথিৱীখন নহয়। এই পৃথিৱীখনত ঘাম আৰু তেজৰ উপস্থিতি নাই। দুখীয়া, গৃহহীন, ভোকাতুৰ, ৰুগীয়া তথা যন্ত্রণাকাতৰ বাস্তৱ মানুহৰ উপস্থিতি নাই। এই পৃথিৱীখনত আৱেগ আৰু অনুভূতিৰো স্থান নাই। ইয়াত আৱেগ আৰু অনুভূতিও আচলতে এক প্রকাৰৰ পণ্য।
আৰু আমাৰ শৈশৱবোৰ? এতিয়াৰ শৈশৱবোৰ টিভিৰ বিজ্ঞাপনৰ দৰে। হাতত বাৰ্বি ড’ল, খোৱা মেজত মেগী নুডলছ, টিফিনত ব্রিটানিয়া কে’ক, অৱসৰৰ আনন্দ মানে নৃত্য-গীতৰ প্রশিক্ষণ। ৰুটিনত দিয়া থাকে আনন্দ অৱসৰৰ নিদিৰ্ষ্ট সময়। এয়া আজিৰ পৰিয়ালৰ ভাল ল’ৰা-ছোৱালীৰ সংজ্ঞা। আমাৰ তথাকথিত পৰিৱৰ্তিত সমাজে আজিৰ শিশুক অকালপক্ব কৰি তুলিছে। প্রাকৃতিকভাৱে বা স্ব-ইচ্ছাত কোনো শিশুৱেই থাকিব পৰা নাই। সেইবাবে আমি আকাশত ৰঙীন চিলা নেদেখোঁ, দৌৰি যোৱা শিশুটোৰ হাফপেণ্টৰ জেপত বাজি উঠা মাৰ্বলগুটিৰ শব্দ নুশুনো, বৰষুণ বা বৰষুণৰ পানীত জপিওৱা ল’ৰা-ছোৱালী নেদেখোঁ, হঠাতে যেন এই পৃথিৱীৰ সবাতোকৈ সুন্দৰ চিত্রপটবোৰ হেৰাই গৈছে। হোমৱৰ্ক, টিভি, স্কুলৰ মাজত সীমাৱদ্ধ হৈ পৰিল শৈশৱ। জোতা-মোজা, ইস্ত্রী কৰা কাপোৰৰ মাজত বন্দী হৈ গ’ল শৈশৱ। শিশুবোৰ সৰুৰেপৰা অপ্রাকৃতিক হ’বলৈ আমিয়েই বাধ্য কৰি পেলাইছোঁ। আমাৰ শিশুসকলৰ পৰা কাঢ়ি লৈছোঁ তেওঁলোকে পাব লগা প্রকৃত শৈশৱ।
আমাৰ চিন্তাক এক মোহনীয় নাগপাশেৰে বন্দী কৰা হৈছে। বৰ্তমানৰ বহুচৰ্চিত বিশ্বায়ন বা গোলকীকৰণ হ’ল শাসক আৰু শোষকৰ ক্ষমতা নিয়ন্ত্রণৰ এই মোহনীয় নাগপাশ। বিশ্বায়নে অৰ্থনৈতিকভাৱে কেনেধৰণৰ লাভালাভ কঢ়িয়াই আনিছে সেয়া বিশেষজ্ঞসকলৰ হাতত বিচাৰৰ বাবে এৰি থৈ এটা কথা নিশ্চিতৰূপত ক’ব পাৰি যে ই তৃতীয়বিশ্বৰ দেশবোৰলৈ একধৰণৰ সামাজিক অস্থিৰতা কঢ়িয়াই আনিছে৷ বিশ্বায়নে কঢ়িয়াই অনা ভোগবাদী তথা বস্তুবাদী চিন্তাধাৰাক গ্রহণ কৰিবলৈ ভাৰতকে ধৰি তৃতীয় বিশ্বৰ দৰিদ্ৰ দেশবোৰ যে মুঠেও পৰিপক্ক নাছিল সি সাম্প্রতিক সময়ত বাৰে বাৰে প্রমাণিত হৈছে৷ বিশ্বায়নে আমাক এফালৰ পৰা সকলোধৰণৰ ভোগৰ সামগ্রী উপভোগ কৰিবলৈ মুখৰ আগত আনি যতনাই দিছে অথচ ভোগ কৰিবলৈ, উপভোগ কৰিবলৈ প্রয়োজনীয় মানসিক বিকাশ, সামাজিক বিকাশৰ গতিটোত হেঙাৰ হিচাপে থিয় হৈ স্থৱিৰতাৰ সৃষ্টি কৰিছে৷ বিশ্বায়নৰ সুফল উপভোগ কৰিবলৈ আমাক নিজা উৎসৰ পৰা সম্পদ সৃষ্টিৰ প্রয়োজন৷ এক সুস্থ-সবল সামাজিক শৃংখলাৰ প্রয়োজন৷ এক বলিষ্ঠ, সঠিক অৰ্থনৈতিক তথা সামাজিক চিন্তাধাৰাৰ বোৱঁতী সোঁতৰ প্রয়োজন৷ কিন্তু প্রচলিত বিশ্বায়নৰ ব্যৱস্থাই আওপকীয়াকৈ যেন এইবোৰত বাধাৰ প্রাচীৰ সৃষ্টি কৰি আমাক অস্থিৰ কৰি তুলিছে৷ আৰু আমাৰ এই সামাজিক অস্থিৰতাই প্রতিনিয়ত জন্ম দিছে অপৰাধীৰ৷ অপৰাধীক জন্ম দিয়া ক্ষেত্র আমাৰ চকুৰ আগতে প্রতিদিনে সৃষ্টি হৈ আছে৷ যেতিয়ালৈকে আমি আমাৰ এই অস্থিৰতাৰ সু-সমাধান উলিয়াব নোৱাৰোঁ তেতিয়ালৈকে প্রতিনিয়ত অপৰাধৰ বীজ অংকুৰিত হ’ব৷
(৩)
এতিয়া মানুহবোৰৰ অসন্তুষ্টি তীব্র হৈছে। খঙাল, উগ্র এজাক নতুন মানুহক আমি আজিকালি দেখা পাইছোঁ। আমাক সততে দেখুৱাই থকা ৰঙীন, কাল্পনিক জগত এখনৰ জলমল সপোনবোৰে চুব নোৱৰা অসন্তুষ্ট মানুহ। এই অসন্তুষ্ট মানুহবোৰক লৈ গঢ় লৈছে “আমি” আৰু “সিহঁত”-ৰ খেলখনৰ পৃষ্ঠভূমি। সকলো যুক্তিতে অসংখ্য প্রতিযুক্তি, প্রতিটো কথাৰে সাম্প্রদায়িকীকৰণ কৰাৰ প্রৱণতা, পক্ষ-প্রতিপক্ষ, ভক্ত-অভক্ত, ধাৰ্মিক-নাস্তিক, হিন্দু-মুছলমান….। নিজামুদ্দিন কাণ্ড আৰম্ভ হ’ল। সময়ত প্রসংগটো শেষ হ’ল। কিন্তু ই ইতিমধ্যেই বহু মানুহৰ মনত সাম্প্রদায়িক বিহ সুমুৱাই দিলে। বহু মানুহ ইজন-সিজনৰ শত্রু হৈ পৰিল।
ইয়াৰ পিছতে চৈয়দ আব্দুল মালিকৰ প্রসংগ। অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক হৈও, সাহিত্যসভাৰ সভাপতি, ভাষাৰ যাদুকৰ মালিকক বুজি নোপোৱাটো আচৰিত যেন লাগিলেও মতলবী মানুহৰ বাবে সকলো সম্ভৱ। এই ঘটনাই এচামৰ মনত সাম্প্রদায়িক বিষবাষ্প সুমুৱাই দিলে। মালিকৰ কবিতা ক’ৰবাতে থাকিল। হিন্দু-মুছলমান আহি গ’ল।
তাৰ পিছত চেলেং চাদৰ সংবাদ। মতলবী প্রচাৰ, মতলবী আক্রমণত আকৌ হিন্দু-মুছলমান আহিল। নজনা-নুশুনা বহুজনেই বহুজনৰ শত্রু হ’ল। হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডটো পুনৰ হিন্দু-মুছলমানৰ খেল। “আমি” আৰু “সিহঁত”-ৰ এই নিকৃষ্ট খেলখন আজি সকলোৱে প্রত্যাখান কৰিবৰ হ’ল। শাসক-শোষক, বহুজাতিকৰ কাৰচাজি আজি আমি উপলদ্ধি কৰিবৰ হ’ল। অজস্র কূট-কৌশল ৰচনাৰে মোহনীয় নাগপাশত বন্দীত্ব আমাৰ চিন্তাক মুক্ত কৰিবৰ হ’ল। আমাৰ ভৱিষ্যৎ আমি নিজহাতে নিৰ্ধাৰণ কৰাৰ সময় সমাগত।