গল্প-কবিতা

প্ৰকৃতি (দেৱযানী বৰা)

মানুহজনীক চুলিত ধৰি মানুহটোৱে চোঁচৰাই আনিছে ঢেঁকীশাললৈ। তাইৰ হাত আৰু ভৰি দুখনত আঘাতৰ চিন সুস্পষ্ট। তাই কাবৌ কৰিছে মানুহটোক তাইক এৰি দিবলৈ। কিন্তু মানুহটোৰ ভ্ৰূক্ষেপ নাই।

কিছুসময়ৰ পিছত গোবৰেৰে মচি থোৱা বাঁহৰ বেৰখনত ছিটিকি পৰিছিল কেঁচা তেজৰ টোপালবোৰ। ৰঙচুৱা হৈ পৰিছিল খুন্দিবলৈ বুলি আনি থোৱা সোণালী ধানকেইটা।

তাই সাৰ পাই উঠিল। এই একেটা সপোনে এইকেইদিন বৰকৈ খেদি ফুৰিবলৈ ধৰিছে তাইক। একেই অনুভৱ। একেই কাহিনী। অথচ আগৰকেইবাৰৰ দৰে এইবাৰো মানুহটোৰ মুখখন ধূসৰ হৈয়ে থাকি গ’ল।

গছবোৰৰ পাতৰ জলঙাৰে পোহৰ সোমাই আহি তাইৰ ওপৰত পৰিছেহি। ৰাতিপুৱা হ’ল।

তাই থকা ঠাইডোখৰ চেঁচুকীয়া। ওখ ওখ গছবোৰ থকাৰ কাৰণে সূৰ্যৰ পোহৰ আহি কেতিয়াবাহে মাটিত পৰেহি। তাইৰো মন যায় ওপৰলৈ চাবলৈ। সূৰ্যৰ পোহৰৰ উম ল’বলৈ। হুমুনিয়াহ কাঢ়ে তাই।

এটা জন্মত তাইৰো আছিল মুক্ত আকাশ চাব পৰাৰ সুবিধা। তাইৰো শৰীৰ আছিল মসৃণ। উজ্বল সেউজ বৰণৰ। আছিল অলকাসদৃশ কোমল আকৰ্ষ। অৱশ্যে এতিয়াও আছে তাইৰ সৌন্দৰ্য। উজ্বল সেউজ বৰণৰ পৰিৱৰ্তে ডাঠ সেউজ বৰণৰ চিকমিকাই উঠা পাত, গা-গছৰ ৰূপত। আৰু এক বিশেষ সুগন্ধ।

সি প্ৰায়ে কয়, “তোৰ শৰীৰৰ এই গোন্ধ বৰ বিশেষ। এই গোন্ধই মোক বাৰে বাৰে টানি আনে তোৰ ওচৰলৈ”।

কিন্তু এতিয়া যে এই গোন্ধও অক্ষম তাক তাইৰ কাষলৈ টানি আনিবলৈ।

“… ফল এটা দে মোক…. বুজিছ…. ফল এটা দে….”

সি নহাৰ প্ৰায় এবছৰেই হ’বৰ হ’লহি। অথচ কাণত এতিয়াও বাৰে বাৰে ভাহি উঠে তাৰ মাতকেইষাৰ।

যেতিয়া প্ৰথমবাৰ শুনিছিল তেতিয়া উচপ খাই উঠিছিল তাই। ঠিক যেন আগতেও শুনিছিল তাই এই বাক্যকেইষাৰ। সেই একেই সুৰত। তাৰেই মুখত।

তেতিয়া সেইয়া সপোন যেনেই লাগিছিল। কিন্তু লাহে লাহে খোলা চকুৰ সন্মুখতো ভাহি উঠিবলৈ ধৰিছিল কাহানিও নেদেখা অচিনাকি অথচ আপোন যেন লগা পানীপোতাখন, গোবৰেৰে লিপা বেৰখন আৰু খেৰৰ চালিখন। তেতিয়া বুজি উঠিছিল তাই। সেইয়া যেন সপোনতকৈ কিছু অধিক।

বাৰীখন পাৰ হৈ জিলিকি থকা নাতিদূৰৰ পথাৰকেইখনৰ শস্যবোৰ শুকাই যোৱাকৈ আজিৰ বতৰ ফৰকাল। তথাপিও ৰিব্‌ৰিব্‌কৈ এজাক শীতল আৰ্দ্ৰ বতাহে মাজে মাজে চুই গৈছে। বৰষুণৰ আগমনৰ আগবতৰা এইয়া।

কিছু পৰিমাণে চিন্তিত হৈ পৰিল তাই। বৰষুণ-ধুমুহালৈ ভয় নকৰে তাই। সিহঁতৰ সন্মুখত সাহসেৰে থিয় হ’ব পৰাকৈ মজবুত গভীৰ শিপা আছে তাইৰ। কিন্তু বৰষুণ-ধুমুহা তাইৰ কাম্য নহয়। অন্ততঃ এই সময়ছোৱাততো কদাপি নহয়।

তেনেতে বতাহছাটিৰ লগত গছৰ শুকান পাত কিছুমান উৰি আহি তাইৰ ডালত ৰ’লহি। সি থকাহেতেন তৎক্ষণাত আঁতৰাই দিলেহেতেন। ঠিক তেনেকৈ যেনেকৈ আঁতৰাই দিছিল সেইদিনা পোনপ্ৰথমবাৰৰ বাবে। কিন্তু সি হঠাতে চিঞৰি উঠিছিল সেইদিনা। তাই চক্ খাই তালৈ চাইছিল। দেখিছিল তাৰ আঙুলিৰ পৰা ওলোৱা তেজটোপালে ছালৰ ওপৰত জমা হৈ এটা ডাঙৰ টোপালৰ আকাৰ লৈছে।

তাইৰ সমগ্ৰ শৰীৰত তীক্ষ্ণ কাঁইট বিদ্যমান। পাহৰি গৈছিল সি। আনকি তায়ো। যেতিয়া মনত পৰিছিল তেতিয়া বুকুৰ এটা কোণ বিষাই উঠিছিল তাইৰ।

“তই দিনে দিনে দুষ্ট হৈ গৈছ। কোনো কথা নাই। সহজে বশ কৰিব পাৰিলে আনন্দই বা ক’ত”?—আঙুলিটো মুখত ভৰাই চুপি উঠি লৈ আতঁৰাই আনি সি কৈছিল।

দুখী দুখী ভাবেৰে তাই তাৰ চকুলৈ চাইছিল। তাৰ মাটিবৰণীয়া চকুযোৰত জিলিকি উঠিছিল তাইৰ প্ৰতি স্নেহ আৰু ক’ৰবাত পুৰুষৰ দমনীয়তা। কিন্তু সেই একেযোৰ চকুতে জিলিকি উঠিছিল স্নেহৰ কোমল আৱৰণেৰে লুকুৱাই ৰখা তাৰ স্বাৰ্থপৰতা—যিদিনা তাইৰ নিঃস্বাৰ্থ প্ৰেমৰ প্ৰতিদান হিচাপে সি মাথো দি গৈছিল তাইক এক ক্ষত-বিক্ষত নগ্ন শৰীৰ।

সময়ত ভগা অংশৰ পৰা নতুনকৈ ডাল-পাত ওলাইছিল। শৰীৰৰ ঘাবোৰ শুকাই গৈছিল যদিও মনৰ ঘা টুকুৰা একেদৰেই থাকি গৈছিল। তথাপি তাই পাহৰিবলৈ চেষ্টা কৰিছিল সেইয়া। এসময়ত পাহৰিও গৈছিল তাৰ মৰম-স্নেহবোৰৰ আগত। কিন্তু তাৰেই পৰিণতিত খালী হৈ পৰিছিল ফল ভৰি থকা ডালবোৰ ঠিক এবছৰৰ আগৰ দৰেই তাইৰ প্ৰেমৰ প্ৰতিদান স্বৰূপে।

পাহৰণিৰ গৰ্ভত থকা ঘাটুকুৰা উন্মুক্ত হৈ পৰিছিল। তাৰ স্বাৰ্থযুক্ত মৰম-স্নেহবোৰে ক্ৰমে বহলাই পেলাইছিল সেই ঘাটুকুৰা।

বিদ্ৰোহী হৈ পৰিছিল তাই।

সেইবছৰ ফুল ফুলাৰ সময় উকলি গৈছিল। তাৰ অশেষ যত্নৰ পাছতো তাই ফুলা নাছিল। অসন্তুষ্ট হৈছিল সি। মুখৰ হাঁহি লাহে লাহে নোহোৱা হৈছিল।

আনহাতে তাই মিচিয়াই উঠিছিল। সেইয়া আছিল তাইৰ প্ৰতিবাদ। তাইৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে।

তাৰ পিছৰে পৰা সি নাই অহা তাইৰ ওচৰলৈ।

তাই জানে সি নহাৰ কাৰণ। কিন্তু নাজানে সি বেয়া পাইছে নে ঘৃণা কৰিবলৈ ধৰিছে তাইক ?

আৰ্তনাদ কৰি উঠিল তাইৰ হৃদয়খনে। তাৰ পৰা ঘৃণা নিবিচাৰে তাই। নিবিচাৰে সি তাইক বেয়া পোৱাটোও। বিচাৰে মাত্ৰ এটা ক্ষমাপ্ৰাৰ্থনা। যিজন ব্যক্তিক  তাই আজীৱন মাথো ভাল পাই আহিছে সেই ব্যক্তিজনৰ ওচৰত তাইৰ এইকণো অধিকাৰ নাইনে ?

লাহে লাহে আন্ধাৰ নামি আহিল। দূৰৈত ডবা-শংখৰ ধ্বনিও বাজি উঠিল।

তাৰ ঠিক কিছু সময়ৰ পিছতে আৰম্ভ হ’ল প্ৰত্যাশিত বৰষুণজাক। লগত ধুমুহা, বিজুলীৰ নৃত্য আৰু গাৰ্জনিৰ মৃদংগ। মাটিখিনিক অধিক জোৰেৰে খামুচি ধৰিলে তাই।

তাইৰ প্ৰচণ্ড বেগে সন্মুখৰ গছকেইজোপাক বৰকৈ কোবাই গৈছে। হঠাৎ সিহঁতৰ নিয়মিত স্থানৰ আগে-পিছে অগা-দেৱা কৰিবলৈ ধৰা ডাল-পাতবোৰৰ মাজেৰে জিলিকি উঠিল কিছু দূৰত থকা ঘৰটোৰ পানীপোতা, বেৰখন আৰু খেৰৰ চালিখন। সেই সকলোবোৰ একেই; ঠিক তাই সপোনত দেখাৰ দৰেই।

তেনেতে ঘৰটোৰ ওচৰত এটা মানুহৰ প্ৰতিমূৰ্তি জিলিকি উঠিল। দুয়োখন হাতেৰে ধৰি সি কিবা এটা চোঁচৰাই আনি আছে পানীপোতাৰ দিশত। ঠিক তেনেতে বিজুলী চমকি উঠিল আৰু লগে লগে জিলিকি উঠিল সি চোঁচৰাই আনি থকা বস্তুটো।

শিয়ৰি উঠিল তাই। সেইটো এজনী মানুহৰ মৃতদেহ। ফাটি পৰা মূৰটোৰ পৰা বৈ অহা তেজে ক’লা হৈ মুখখনত কেতিয়াবাই চামনি বান্ধি উঠিছে। তথাপি মুখৰ গঢ়ে কৈ উঠে সেইজনী তাই সপোনত দেখা মানুহজনীয়েই।

বুকুখন বিষাই উঠিল তাইৰ। ঠিক তীক্ষ্ণ কাঁড়ে বিদাৰি যোৱা মানুহৰ শৰীৰৰ দৰেই।

তেনেতে মানুহটো আহি ৰ’লহি আৰু ঠেলা মাৰি দিলে মৃতদেহটো পানীপোতাটোত খান্দি থোৱা ডাঙৰ গাঁতটোলৈ।

তাইৰ চকুযোৰ আপোনা-আপুনি জাপ খাই পৰিল। বুকুখনে অধিক জোৰেৰে উঠা-নমা কৰিবলৈ ধৰিছিল। পিছত যেতিয়ালৈ চকু মেলিছিল তেতিয়ালৈ অন্তৰ্ধান হৈ গৈছিল মানুহটো, মানুহজনীৰ মৃতদেহটো আৰু পানীপোতাত খান্দি থোৱা গাঁতটো। কিন্তু বিজুলীৰ চমকনিত তেতিয়াও জিলিকি আছিল পানীপোতা, বেৰখন আৰু চালখন।

ৰাতিৰ প্ৰথম প্ৰহৰৰ ভিতৰত প্ৰকৃতি শান্ত হ’ল। ভাগৰত তাইৰ চকুযোৰ জাপ খাই আহিল।

তাই যেন লাহে লাহে বগাই গৈছে খেৰৰ চালিখনত। তেনেতে পাতৰ ঠাৰি আৰু গা-গছৰ সংযোগস্থলেদি এটা তেনেই কণমানি কলি লাগি থকা অন্য এডাল ঠাৰি ওলাই আহিছে। তৎমুহূৰ্ত্ততে কলিটো এপাহ ফুল হ’ল আৰু তাৰপাছত এটা ফল। তাই আনন্দিত হৈ উঠিল। পাতখিলাৰে ফলটো মৰমেৰে চুই আঁতৰাই আনিলে সেইখিলা। কিন্তু তেতিয়ালৈ ফলটো ঠাৰিৰ পৰা এৰা খাই মাটিত সৰি পৰিছিল।

খকা-মকাকৈ সাৰ পাই উঠিল তাই। ডালটোৰ আগত লাগি থকা কলি কেইটালৈ চালে। ঠাৰিৰে সৈতে ডালত লাগি আছে সেইকেইটা। তাৰে ডাঙৰটো ফুলিও উঠিছে আংশিকভাৱে।

স্বস্তিৰ নিশ্বাস এৰিলে তাই। ঠিক প্ৰথমবাৰ ফুলিবলৈ ওলোৱাৰ সময়ৰ দৰেই।

সেইসময়ত ভয় লাগিছিল তাইৰ। উৎকণ্ঠিত কৰিছিল তাইক এই সপোনটোৱে আৰু মনত ভাহি থকা ডোখৰ ডোখৰ স্মৃতিবোৰে।

সেই স্মৃতিবোৰত যেতিয়া তাই বগাই গৈ পানীপোতা পাৰ হৈ কেঁচা গোবৰেৰে মচা বেৰখন পাইছিলগৈ তেতিয়া সি তাইলৈ চাই মিচিকিয়াই উঠিছিল। তাই বগাই যাবলৈ তাইৰ ওচৰত গুজি দিছিল বাঁহৰ মাৰি এডাল। নিৰাই দিছিল ওচৰৰ বন-বাতবিলাক। কিন্তু পিছলৈ নোহোৱা হৈছিল তাৰ এনে আদৰ, তাই ফল দিবলৈ অক্ষম হোৱাৰ কাৰণে।

দিঠকতো ভয়-আশংকাত সময় পাৰ হৈ গৈছিল প্ৰথমবাৰ ফুলিবলৈ ওলোৱাৰ আগছোৱাত। ফুল গুচি যেতিয়া ফল হৈছিল, ফলো পকি চাৰিওদিশ গোন্ধাই উঠিছিল তেতিয়া সি মিচিকিয়াই উঠিছিল।

তাই আশ্বস্ত হৈছিল। তাই বাঁজী নহয়। তাইৰ প্ৰতি তাৰ আদৰলৈ কোনো ভাবুকি নাই।

পিছদিনা প্ৰায় এবছৰৰ মূৰত হঠাৎ মাটিত মৃদুভাৱে কম্পন অনুভৱ হ’ল। তাইৰ হৃদয়ৰ কম্পন বাঢ়ি উঠিল। সি আহিছে। বুজি উঠিল তাই।

কেনেকৈ সন্মুখীন হ’ব তাই? কেনেকৈ সজাব নিজকে?

কিন্তু সি নহাৰ সুযোগ লৈ লতাবোৰে বেৰি ধৰি তাইক যে দোঁ খোৱাই আনিলে। শুকান ডাল-পাতবোৰো শৰীৰতে লাগি থাকি তাইক তেনেই কুৎচিত কৰি তুলিলে। তাইৰ ওচৰৰ মাটিবোৰো বন-বাতে জংঘল কৰি তুলিলে। আৰু এতিয়া কালিৰ ধুমুহাজাকে আনৰ মৃত ডাল-পাতবোৰ তাইৰ ওপৰত জাপি দিলেহি।

কিছু মুহূৰ্ত্তৰ পিছতে সি দৃশ্যমান হ’লহি চিকমিকাই থকা এখন কুঠাৰৰ সৈতে।

মিচিকিয়াই উঠিল তাই। সি এতিয়াও তাইৰ কথা চিন্তা কৰে। বেয়া পোৱা নাই তাইক। ঘৃণাও কৰা নাই সি তাইক। সেই কাৰণেইতো লৈ আহিছে কুঠাৰখন ওচৰৰ হাবি-জংঘলবোৰ চাফা কৰিবলৈ। এতিয়া সি আহিব তাইৰ ওচৰলৈ আৰু ক্ষমা খুজিব তাইৰ ওচৰত সি কৰা ব্যৱহাৰৰ বাবে।

ইতিমধ্যে সি আহি তাইৰ ওচৰ পাইছিলহি আৰু ৰ’দৰ পোহৰত চিক্‌মিকাই উঠিছিল দুয়োহাতেৰে দাঙি লোৱা কুঠাৰখন।

তাৰ এই অতৰ্কিত প্ৰহাৰে এৰুৱাই পেলাইছিল তাইৰ গা-গছৰ এটা ফাল। তাই অসহনীয় বিষত ছটফটাই উঠিছিল। ক’ব বিচাৰিছিল,“তুমি মোক এতিয়াও বেয়া পাই আছা? এতিয়াও ইমান খং মোৰ ওপৰত? চোৱাচোন মোৰ ডাললৈ চোৱা। পাতখিলাৰ আঁৰত লুকাই থকা এই ফুলৰ কলিবোৰ চোৱাচোন। কিছুদিনৰ পিছত ইহঁত ফুলিব আৰু তাৰ পাছত মই তোমাৰ হাতত তুলি দিম সেই ফলবোৰ। এতিয়াতো খং সামৰা”!

কিন্তু সি খং সামৰা নাছিল। বৰঞ্চ এটাৰ পিছত এটাকৈ প্ৰহাৰ কৰি গৈছিল তাইৰ ওপৰত। যেতিয়া তাইৰ অৰ্ধমৃত শৰীৰ মাটিৰ ওপৰত আহি পৰি ৰৈছিলহি তেতিয়াহে ৰৈ গৈছিল।

তেতিয়ালৈ চৌপাশত বিয়পি পৰিছিল তাইৰ শৰীৰৰ গোন্ধ। যি গোন্ধৰ মাদকতাত কোন কাহানিবা সি তাইৰ কাষলৈ ওচৰ চাপি গৈছিল মন্ত্ৰমুগ্ধ মানুহৰ দৰেই।

ইফালে মাটিত পৰি ৰোৱাৰ আগতে ভগ্ন স্মৃতিবোৰ সংযোজিত হৈ উঠিছিল তাইৰ মনত। স্পষ্ট হৈ উঠিছিল সপোনত দেখা মানুহটোৰ ধূসৰ মুখখনৰ প্ৰতিচ্ছবি। বুজি উঠিছিল যে সপোনত দেখা সেই মানুহজনী তাইৰে এটা জন্মৰ মানৱী ৰূপ।

সি পুতি দিয়া বাঁহৰ মাৰিডালৰ পৰিৱৰ্তে আকৰ্ষৰে বেলেগ দিশত বগাই যাব লাগিছিল তাই। জোঙা কাঁইটেৰে বাধা দিব লাগিছিল সি ওচৰ চাপি নাহিবলৈ। কিন্তু ভুল হৈ গ’ল তাইৰ; প্ৰতিটো জন্মত তাক ভাল পাই, বিশ্বাস কৰি।

কাটি সম্পূৰ্ণ হোৱাৰ পাছত তাইৰ মৃতদেহটো সি নৈত দলিয়াই পেলাই দিলেগৈ। ঠিক তেনেকৈ—, যেনেকৈ কাটি দলিয়াই পেলাইছিল সি পানীপোতাৰ লাওজোপা বাৰীৰ সেই চুকটোত যিটো চুকত আপোনা-আপুনিকৈ গজি উঠিছিল তাই।

জৰা জোপা কাটি নৈত উটুৱাই দিয়াৰ পাছত এটা ঘূলিত আহি ৰৈছিলহি। তাতে সেই মৃত শৰীৰৰ পৰা পুনৰ জন্ম ল’লে তাই এজোপা পদুম হিচাপে। ঠিক তেনেকৈ যেনেকৈ জন্ম লৈছিল তাই পানীপোতাত এজোপা লাও হিচাপে তাইৰ মৃত মানৱী শৰীৰটোৰ পৰা আৰু তাৰপাছত সেই একেজোপা লাওৰ মৃত শৰীৰৰ পৰা এজোপা জৰা হিচাপে।

এই জন্মত তাই আৰু ভুল নকৰে। সুবিধা নিদিয়ে তাক ওচৰ চাপি অহাৰ; কাহানিবা হাতেৰে তাইক স্পৰ্শ কৰাৰ।

কিন্তু পানীৰ বৰ্ম ফালি এদিন এখন নাও আগুৱাই আহিছিল। আৰু যেতিয়া ওচৰ পাইছিলহি তেতিয়া এখন হাত আগবাঢ়ি আহিছিল তাইৰ ওচৰলৈ তাইক ছিঙিবলৈ বুলি।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *