বিবিধ চিন্তা

ড° অনিমা গুহলৈ শ্ৰদ্ধাঞ্জলি – (জুনু বৰা)

ড° অনিমা গুহৰ জীৱনৰ জলঙাইদি

অসমত বৈজ্ঞানিক দৃষ্টিকোণেৰে বিশ্লেষণাত্মক প্ৰবন্ধ-পাতি লেখা মহিলাৰ সংখ্যা নিচেই কম৷ সেইসকলৰ ভিতৰত ড অনিমা গুহ অন্যতম৷ ষাঠীৰ দশকৰ পৰাই তেওঁ নতুন অসমীয়া, আমাৰ প্ৰতিনিধি, অসম বাণী আদিত মাজে-সময়ে গল্প-প্ৰবন্ধ লিখি আহিছিল যদিও ১৯৯১ চনৰ পৰাহে যতি নপৰাকৈ লিখিবলৈ লয়৷ দুখনকৈ আত্মজীৱনীকে ধৰি এতিয়ালৈকে প্ৰকাশিত তেওঁৰ বহুকেইখন গ্ৰন্থ আৰু বাতৰি কাকত, আলোচনীত প্ৰকাশিত প্ৰবন্ধসমূহে অসমৰ নাৰী মুক্তি আন্দোলন, যুক্তিবাদী আন্দোলন, অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী আন্দোলন গঢ়ি তোলাত বিশেষ বৰঙণি যোগাইছে৷ তেওঁৰ প্ৰৱন্ধসমূহত ক্ৰমবৰ্দ্ধমান নাৰী নিযাৰ্তন, ধৰ্ষণ-হত্যা, ডাইনী হত্যা, ৰাষ্ট্ৰ নিৰ্যাতন, কন্যাভ্ৰূণ হত্যা, নাৰী শিক্ষা, ৰাজনীতিত নাৰীৰ অংশগ্ৰহণ, নাৰী সবলীকৰণ আদি বিস্তৃত বিষয়বোৰ সবল ৰূপত প্ৰতিফলিত হৈছে৷ পিতৃতান্ত্ৰিক অবদমনে নাৰীক কেনেকৈ যুগ-যুগ ধৰি বৈষম্যৰ বলি কৰি ৰাখিছে আৰু সাম্প্ৰতিক কালত ভোগবাদী বিশ্বায়নে নাৰী আৰু বঞ্চিত-নিষ্পেষিত ৰাইজৰ ন্যূনতম অধিকাৰকণো কেনেকৈ কাঢ়ি নিছে, নাৰীক কেনেকৈ পণ্যত পৰিণত কৰিছে, সেইকথা অনিমা গুহৰ লেখাসমূহত স্পষ্টভাৱে প্ৰাঞ্জল ভাষাত প্ৰতিফলিত হৈছে৷ আঞ্চলিক সমস্যাৰ পৰা আন্তৰ্জাতিক স্তৰৰ সমস্যালৈকে তেওঁৰ দৃষ্টিৰ পৰা কোনো গুৰুত্বপূৰ্ণ সমস্যা বাদ পৰি যোৱা নাই৷ বিশ্লেষণসমূহৰ স্থিতি যুক্তিবাদী আৰু গণতান্ত্ৰিক; এইক্ষেত্ৰত নৃতাত্ত্বিক অধ্যয়নে লেখিকাক যথেষ্ট সহায় কৰিছিল৷ অৱশ্যে সমাজতান্ত্ৰিক আৰু উদাৰ গণতান্ত্ৰিক দৃষ্টিকোণৰ প্ৰভাৱো পৰিলক্ষিত হয়৷ অনিমা গুহৰ আত্মজীৱনী পঢ়ি মানুহে উপলব্ধি কৰিব যে নাৰীৰ ওপৰত সমাজে চলাই অহা অন্যায়-অবিচাৰে বাল্যকালতে তেওঁক বিদ্ৰোহী কৰি তুলিছিল৷ অৱশ্যে প্ৰচলিত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা ইয়াৰ বাবে দায়ী বুলি মানি লৈছিল৷ তেওঁ স্পষ্টভাৱে বিশ্বাস কৰে যে, নাৰীবাদ আৰু মানৱতাবাদ পৰস্পৰ বিৰোধী মতবাদ নহয়, আচলতে নাৰীবাদী নহ’লে মানৱতাবাদীও হ’ব নোৱাৰে৷

অনিমা গুহ অত্যন্ত পৰিশ্ৰমী লেখিকা আছিল– গভীৰ অধ্যয়ন আৰু তথ্যৰ সত্যানুসন্ধান নকৰাকৈ নিলিখিছিল৷ বিষয়বোৰ খৰচি মাৰি অধ্যয়ন কৰিছিল আৰু নিজস্ব দৃষ্টিকোণেৰে পৰস্পৰৰ মাজৰ আন্তঃসম্পৰ্ক বিচাৰ কৰি যুক্তিৰ পোহৰত বিশ্লেষণ কৰিছিল৷ সেইবাবেই তেওঁৰ লেখাসমূহ যথেষ্ট জনপ্ৰিয়৷ অনিমা গুহে নাৰী বিষয়ৰ উপৰিও সমাজৰ অন্যান্য গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক, ৰাজনৈতিক বিষয়সমূহতো বিশ্লেষণ আগবঢ়াইছে৷ সমাজত আধুনিক তথা বিজ্ঞানমনস্ক বাতাবৰণ গঢ়াৰ বাবে লেখিকাগৰাকীয়ে কলমৰ যুঁজ চলাই যোৱাৰ সমান্তৰালভাৱে নাৰী আৰু শিশু নিৰ্যাতনৰ বিৰুদ্ধে সাংগঠনিক দায়িত্বও বহন কৰিছিল, সংগ্ৰামৰ কাৰ্যসূচীত অংশ লৈছিল, মহাবিদ্যালয়-বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ মহিলা কোষৰ সদস্যা হিচাপে নাৰী নিৰ্যাতনৰ বহু ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে যুক্ত হৈছিল, যাৰ বাবে তেওঁৰ বিশ্লেষণসমূহ অভিজ্ঞতাৰ তুলাচনীৰে বিচাৰ কৰাৰ সুযোগ পাইছিল৷

অনুবাদ সাহিত্যত অনিমা গুহৰ স্থিতি বেছ শক্তিশালী– বহু বছৰৰ পূৰ্বেই ভাৰতীয় ইতিহাস গৱেষণা পৰিষদে দিয়া প্ৰায় হাজাৰ পৃষ্ঠাৰ এখন বিশাল কিতাপ ‘বাঙালীৰ ইতিহাস’ অসমীয়ালৈ অনুবাদ কৰিছিল৷ নিজৰ আত্মকথাৰ দুয়োটা খণ্ড অসমীয়াৰ পৰা বাংলালৈ অনুবাদ কৰিছে৷ চৈয়দ আব্দুল মালিকৰ জনপ্ৰিয় উপন্যাস ‘সুৰুযমুখীৰ স্বপ্ন’ তেওঁৰ জীৱনসংগী অমলেন্দু গুহৰ সৈতে বাংলালৈ অনুবাদ কৰাৰ উপৰিও তছলিমা নাছৰিনৰ কেবাখনো গ্ৰন্থ, শৰৎচন্দ্ৰৰ গ্ৰন্থ বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে৷ মাৰাঠী ভাষাৰ পৰাও শ্ৰীপাদ যোশীৰ ‘পূৰ্বাঞ্চলাচি মুছাফৰী’ (পূৰ্বাঞ্চলীয় চফৰ) গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে৷ তদুপৰি বহু গুৰুত্বপূৰ্ণ গ্ৰন্থৰ তেওঁ সমালোচনা আগবঢ়াইছে, বহু গ্ৰন্থৰ পাতনি লিখিছে, বহু গ্ৰন্থৰ উন্মোচক হিচাপে সাৰুৱা ভাষণ প্ৰদান কৰি থৈ গৈছে৷

তেওঁ আধুনিক মনৰ এগৰাকী যুক্তিবাদী লেখিকা আছিল৷ বিজ্ঞানসন্মত চিন্তাৰে অন্ধবিশ্বাস, কু-সংস্কাৰ, ধৰ্মীয়, সাম্প্ৰদায়িক উষ্মা-উন্মাদনাৰ বিৰুদ্ধে অহৰহ যুঁজি আহিছিল৷ আধুনিক চিন্তা-চৰ্চাৰ বাহক হিচাপে নিজৰ স্থান শক্তিশালী কৰিছিল আৰু বেজ-বেজালিৰ ভেকোভাওনা উদঙাই দি বিজ্ঞানসন্মত চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছিল; চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ সহায়ক হোৱাকৈ তেওঁ নেত্ৰদান আৰু মৰণোত্তৰ দেহদান কৰিছিল৷

সাম্প্ৰতিক অসমৰ নাৰীবাদ চৰ্চাৰ বাটকটীয়াসকলৰ ভিতৰত অনিমা গুহ আছিল অন্যতম৷ তেওঁৰ নাৰীবাদ পশ্চিমীয়া পুৰুষ-বিদ্বেষী উশৃংখল নাৰীবাদ নহয়৷ ই মূলতঃ অসমৰ সমাজজীৱনে অসমৰ মাটিত গঢ় দিয়া অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নাৰীবাদৰ সাম্প্ৰতিক ৰূপ৷ তাৰবাবে অসমৰ পৰিধি চেৰাই তেওঁ বিভিন্ন দেশৰ নাৰী জাগৰণৰ বিশাল ক্ষেত্ৰখনত বিচৰণ কৰিছে, পশ্চিমীয়া নাৰীবাদৰ ওপৰত বিস্তৃত অধ্যয়ন কৰিছে আৰু নাৰী আন্দোলনৰ পীঠস্থান আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেনেকা ফল্‌চ ভ্ৰমণ কৰিছে, খ্যাতনামা নাৰীবাদী লেখিকা এলিজাবেথ কেডি ষ্টেনটনৰ বাসভৱনলৈ গৈ স্মৃতিৰ সন্ধান বিচাৰিছে৷ নিজ ৰাজ্যৰ গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, হলিৰাম ঢেকিয়াল ফুকন, চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰজনীকান্ত বৰদলৈ, দণ্ডিনাথ কলিতা, লক্ষীধৰ শৰ্মালৈকে বিভিন্নজনৰ চিন্তা-ধাৰা সম্পৰ্কে অধ্যয়ন কৰিছে৷ বংগৰ প্ৰখ্যাত সংস্কাৰবাদী নেতা ৰাজা ৰামমোহন ৰায়, বিদ্যাসাগৰৰ সংস্কাৰবাদী ধাৰাৰ পৰা সাবিত্ৰীবাঈ ফুলে, পণ্ডিতা ৰামাবাঈৰ দৰে সংগ্ৰামী নাৰীৰ জীৱন আৰু সংগ্ৰামৰ পৰা শিক্ষা আহৰণ কৰিছে৷ তাতে ক্ষান্ত নাথাকি তেওঁ সাম্প্ৰতিক কালৰ আশাপূৰ্ণা দেৱী, সুকুমাৰী ভট্টাচাৰ্য, মহাশ্বেতা দেৱী, নৱনীতা দেৱসেনলৈকে বিদূষী নাৰীসকলৰ প্ৰতিবাদী ধাৰাৰ লগত নিজকে যুক্ত কৰিছিল৷

বঁটা-বাহনৰ লোভে বহু লেখক-শিল্পী-সাহিত্যিকক আচ্ছন্ন কৰি ৰখা সময়ত অনিমা গুহৰ দৰে নিৰ্লোভ লেখক-লেখিকাৰ সংখ্যা নিচেই তাকৰ৷ তেওঁ স্বাভাৱিক তাড়নাত লিখি গৈছিল৷ শাৰীৰিক অসুস্থতা আৰু বাৰ্দ্ধক্যৰ ওচৰত হাৰ নমনা গুহই বাতৰিকাকতত নিয়মীয়া স্তম্ভ লিখি আছিল৷ অনুবাদ কৰিছে কেইবাখনো গ্ৰন্থ৷ তেওঁ যুগৰ লগত খোজ মিলাই আগবাঢ়ি গৈছিল, যাৰ বাবে তেওঁ ‘জেনেৰেচন গেপ’ কোনোদিনে অনুভৱ কৰা নাছিল৷ মোবাইল ফোনত মাথোঁ কথা-বাৰ্তা পতাই নহয় ফেচবুক, হোৱাটছআপ, মেছেঞ্জাৰকে ধৰি ছ’চিয়েল মিডিয়া, ইণ্টাৰনেট, ই-মেইল আদি ডিজিটেল পৃথিৱীখনৰ লগতো তেওঁৰ সুপৰিচিতি আছিল৷ প্ৰখৰ স্মৃতিশক্তি আৰু দৃঢ় মনোবল অবিহনে এইবোৰ সম্ভৱ নহ’লহেঁতেন৷

অনিমা গুহৰ জীৱনৰ বিষয়ে ‘দৃষ্টি আৰু প্ৰজ্ঞা’ নামেৰে এখনি অভিনন্দন গ্ৰন্থ আমাৰ দ্বাৰা সম্পাদনা কৰা হয়৷ লেখিকাগৰাকীৰ প্ৰায়কেইখন গ্ৰন্থৰ নিৰ্বাচিত সমালোচনা ইয়াত অন্তৰ্ভুক্ত হৈছে৷ অনিমা গুহৰ আদৰ্শ আৰু চিন্তা-চৰ্চাৰ লগত সংগতি ৰাখি এটা অধ্যায়ত নাৰীবাদ, নাৰী স্বাধীনতা, যুক্তিবাদ, বিজ্ঞানমনস্কতা আদি বিষয়সমূহ সামৰি লোৱা হৈছে৷ তদুপৰি অতিৰিক্ত সংযোজন হিচাপে ‘অনিমা গুহৰ জীৱনৰ পৰা মই কি শিকিলোঁ’ৰ দৰে প্ৰবন্ধ, এখন গুৰুত্বপূৰ্ণ অভিভাষণ, জীৱন-পঞ্জী প্ৰকাশ কৰা হৈছে৷ সুদূৰ আমেৰিকা, কলকাতা, শ্বিলং আৰু গুৱাহাটীৰ উপৰিও ধুবুৰী, বঙাইগাঁও, টংলা, গোৱালপাৰা, যোৰহাট, আমগুৰি, সোণাৰী, ডিব্ৰুগড় আদি অসমৰ বিভিন্ন অঞ্চলৰ লেখকৰ লেখা গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে৷

অনিমা গুহৰ জীৱন আৰু কৰ্ম সম্পৰ্কে:

পিতাৰ নাম: গিৰীন্দ্ৰমোহন দাস
মাতৃৰ নাম: নীহাৰিকা দাস
জন্ম: ১৯৩২ চন ২৬ মাৰ্চ, ধুবুৰী
শিক্ষা: কোকৰাঝাৰত প্ৰাথমিক শিক্ষাৰম্ভ, মেট্ৰিক ১৯৪৭ চন, যোৰহাট চৰকাৰী ছোৱালী হাইস্কুলৰ পৰা লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ৷ অসম চৰকাৰৰ মেৰিট স্কলাৰশ্বিপ লাভ৷ আই এছচি ১৯৪৯ চনত, কটন কলেজৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ৷ অসম চৰকাৰৰ মেৰিট স্কলাৰশ্বিপ লাভ৷ বি এছচি ১৯৫২ চনত কটন কলেজৰ পৰা ডিষ্টিংশ্বনসহ উত্তীৰ্ণ৷ উদ্ভিদ বিজ্ঞান [Botany] বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা বাবে Biological Society of Assam ৰ স্বৰ্ণ পদক লাভ৷ এম এছচিত ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ব বিষয়ত প্ৰথম বিভাগত প্ৰথম স্থান অধিকাৰ৷ Science Talent পুৰস্কাৰ লাভ৷ পি এইচ ডি ১৯৭৫ চনত পুণে বিশ্ববিদ্যালয়ৰ পৰা৷ বিষয় আছিল–বংশগতি [Heredity], য’ত যমজ সন্তানক সমল হিচাপে লোৱা হৈছিল৷ গৱেষণাপত্ৰখনৰ শিৰোনামটো আছিল– A Study of Inheritance of some Morphological and Behavioural Traits.
জীৱন-সংগী: ইতিহাসবিদ, সমাজ বিজ্ঞানী, কবি, অধ্যাপক অমলেন্দু গুহ৷
প্ৰকাশিত গ্ৰন্থ: তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন, তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ, মানুহ চিত্ৰশালাত, এমুঠি অভিজ্ঞতা, সোঁতৰ বিপৰীতে, পিতাল পুত্ৰিকা, মুক্ত চিন্তা, বিপন্ন প্ৰজাতি, মন মোৰ উৰণীয়া পখী, নীল আকাশৰ তলত, জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি আৰু বাকীছোৱা জীৱন (দুটা খণ্ডত স্মৃতিকথা, বাংলা আৰু অসমীয়া ভাষাত) ইত্যাদি৷ ইংৰাজী ভাষাত লিখা পুথিখন হৈছে ‘Folk Medicine of Koch-Rajbangshis of Lower Assam’৷ অনুবাদ গ্ৰন্থৰ ক্ষেত্ৰত উল্লেখযোগ্য হৈছে: চৈয়দ আব্দুল মালিকৰ ‘সূৰুযমুখীৰ স্বপ্ন অসমীয়াৰ পৰা বাংলালৈ ডঃ অমলেন্দু গুহৰ সহযোগত৷ মাৰাঠী সাহিত্যিক শ্ৰীপাদ যোশীৰ ভ্ৰমণ কাহিনী ‘পূৰ্বাঞ্চলচি মুচাফৰী’ মাৰাঠীৰ পৰা অসমীয়ালৈ ‘পূৰ্বাঞ্চল চফৰ’ নামেৰে প্ৰকাশিত৷ তছলিমা নাছৰিনৰ নিৰ্বাচিত কলাম, শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ পৰিণীতা, সুনীল গংগোপাধ্যায়ৰ ৰাধাকৃষ্ণ, পাৰ্থ চট্টোপাধ্যায়ৰ শিশুৰ বাবে লিখা ভৌতিক গল্প তিনিখন, মনোবিজ্ঞানী ড° হিৰন্ময় সাহাৰ অচেতন মন আদি ড° গুহে বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *